• news (1)
  • news (2)
  • news (3)
  • news (4)
  • news (5)
  • news (6)
  • news (7)
  • news (8)
  • news (9)

‘হনু!’

‘হনু!!’

‘নামাত কিয় হনু!’

কোমলকৈ মাতে অশ্বগ্ৰীৱই।

‘আকাশলৈ কি চাই আছ? আকাশত তোৰ বাবে এতিয়া কিবা আছে জানো? এদিন তয়েই মোক কৈছিলি, এইখন আকাশ সকলোৰে বাবে নহয়। এইখন আকাশত ঠাই আছে সাহসীসকলৰ বাবে। যাৰ বুকুত স্বপ্ন আছে। প্ৰাণৰ কন্দৰে কন্দৰে বৈ আছে সেই স্বপ্নৰ ধাৰা, তেওঁৰ বাবেহে এই আকাশ। চকু নমা হনু। তললৈ চা। ধৰাত চকু থ। এই ধৰাৰ বুকুৰ পৰাই আমি কথাবোৰ আকৌ আৰম্ভ কৰিব লাগিব।’

অশ্বগ্ৰীৱ হতাশ হয়।

নিশা ভালেমান হ’লহি। শিলচটা ক্রমশঃ চেঁচা হৈ আহিছে। চেঁচা বতাহ এজাক অনবৰতে বৈ আছে। অশ্বগ্ৰীৱই বুজিছে ভাগৰে হেঁচা মাৰি ধৰা দেহাটোৱে টোপনিৰ বাদে এতিয়া একোৱেই বিচৰা নাই। কিন্তু টোপানিৰ কথা মনলৈ আনিবৰ কোনো উপায় নাই। তুচ্ছ কথাৰ বাবে মনত ঠায়েই নাই এতিয়া।

হয়।

জীৱনত কেতিয়াবা অতি প্ৰয়োজনীয় কথাবোৰো তুচ্ছ হৈ পৰে। পানীত পৰি ডুবিবৰ বেলিকা হাতত থকা টালি-টোপোলাবোৰ, পিন্ধি থকা কাপোৰবোৰ অৰ্থহীন হৈ পৰাৰ দৰে দৈনন্দিন জীৱনৰ অতি লাগতিয়াল কামবোৰো কেতিয়াবা অৰ্থহীন হৈ পৰে। অশ্বগ্ৰীৱই এই কথাবোৰ আগতে বুজা নাছিল। বুজিবলগীয়া হোৱাও নাছিল। এইকেইদিন বুজিবলৈ আৰম্ভ কৰিছে। কিছু ভালকৈয়ে।হনুমানৰ পেশীবহুল পিচল গাটোত বতাহে কোবাইছে। কেইবাদিনৰো ভাগৰে ছালৰ উজ্জ্বলতা কিছু কমাইছে। হ’লেও বলিষ্ঠ বাহুৰে সৈতে সমগ্ৰ শৰীৰটো জালি কোমোৰাৰ দৰেই সজীৱ হৈ আছে। তাম্ৰবৰ্ণৰ এই দেহাক স্পৰ্শ কৰি ধন্য হৈছিল কিষ্কিন্ধ্যাৰ বতাহ। কিষ্কিন্ধ্যাৰ সকলো ৰমনীৰ বাবে পৰম আকাংক্ষিত আছিল এই দেহ। অশ্বগ্ৰীৱৰ বাবেও ঈৰ্ষাৰ কাৰণ আছিল এই দেহৰ সৌষ্ঠৱ। বন্ধুত্বৰ বন্ধোনেও এই ঈৰ্ষা কমাব পৰা নাছিল। এই পেশীৰ সমস্ত উদ্যম আজি লজ্জিত। কেৱল লজ্জিতইনে? ক্রমশঃ শেষ হৈ আহিছে সকলো শৌয্য।

হনুমানে কথা নকয়। পৰহিৰেপৰা কেৱল উদাস দৃষ্টিৰে আকাশলৈ চাই আছে। খোজ কাঢ়িছে, বনৰীয়া জন্তুক ভয় খোৱাই খেদিছে। অশ্বগ্ৰীৱৰ বাবে ফল-মূলো বুটলিছে। নিশাৰ আশ্ৰয়ৰ বাবে সুবিধা থকা ঠাই বাচনি কৰিছে। কিন্তু কথা নকয়। আগেয়ে এনেবোৰ সাহচৰ্যই অশ্বগ্ৰীৱক নিশ্চিন্ত কৰিছিল। প্ৰেৰণা দিছিল। এতিয়া ভীতিগ্ৰস্ত কৰিছে। এইবোৰ আয়োজনে যেন মাতি আনিব খুজিছে কোনো এক ভয়ংকৰ সত্য। সেয়ে হনুমানৰ লগে লগে জাগি আছে অশ্বগ্ৰীৱও।

যুদ্ধ এখন হৈ গৈছে। শ শ মানুহ মৰিছে। কিষ্কিন্ধ্যাৰ চৌপাশত কান্দোনৰ ৰোল। হোজা মানুহবোৰৰ জীৱনলৈ অতদিনে ইমান ডাঙৰ বিপৰ্যয় কাহানিও অহা নাছিল। পজাই পজাই বিধবা, মাউৰা। তাৰ মাজতে কেইজনমানে বুজনি দি ফুৰিছে।

‘তঁহতে ইমান দুখ কিয় কৰ? যিবোৰ মানুহ যুদ্ধত মৰিল সকলোৱে স্বৰ্গত ঠাই পাইছে। প্ৰভু ৰামচন্দ্ৰই সিঁহতৰ বাবে স্বৰ্গৰ দুৱাৰ মুকলি কৰাই ৰাখিছে। এই সকলো ঘটিছে প্ৰভুৰেই ইচ্ছাত। তঁহত অশিক্ষিত হ’লি বুলিনো ইমানকন কথাও বুজিব নালাগেনে? প্ৰভু ৰামচন্দ্ৰ হ’ল এই জগতৰ স্বামী। তেওঁৰ সেৱাত প্ৰাণ উচৰ্গা দিবলৈ সাধি আহিব লাগিব। পুণ্য হৈছে বুজিছ। কিষ্কিন্ধ্যা পুণ্যভূমিলৈ পৰিগনিত হৈছে। তঁহতেও তাৰ ভাগ পাইছ। গৰ্ব কৰিবলৈ শিক বুইছ, গৰ্ব।’

এনে বুজনিত কিছু সময়ৰ বাবে ৰামচন্দ্ৰয়ো অংশ লৈছিল। আচলতে তেঁৱেই প্ৰক্রিয়াটো আৰম্ভ কৰিলে। দুই এক শোকাকুল নাৰীৰ চকুলো মচি দিলে। তেজগোৰা হাতৰ তলুৱাৰে গালে মূৰে স্পৰ্শ কৰি প্ৰবোধ দিলে। সকলো পমি গ’ল। আত্মীয় হেৰুওৱাৰ দুখ অনেক গুণে পাতলি গ’ল।

হয় হয়। এই সম্ভ্ৰান্ত ৰাজকোঁৱৰ ইমান সাধাৰণ মানুহৰ দুখৰ ভাগী হৈছে। ই কম মহানুভৱতা? ৰামচন্দ্ৰৰ আল ধৰোঁতা দুজনমানে বুজালে, তেওঁ জগতৰ পতি। তেওঁ সাক্ষাত্ ভগৱন্ত। সুগ্ৰীৱৰ আল ধৰোঁতাসকলে পদ্ধতিটো তত্ক্ষণাত শিকি ল’লে। ৰামচন্দ্ৰই দলে বলে প্ৰত্যাৱৰ্তন কৰিলে। কান্দোনহে থাকি গ’ল। বুজনিও।

গাটো জিকাৰ খাই উঠিল অশ্বগ্ৰীৱৰ। যুদ্ধত সিও দুজন আত্মীয় হেৰুৱাইছে। এজন তাৰ খুৰাক, আনজন ককায়েক, মানে দেউতাকৰ ডাঙৰগৰাকী পত্নীৰ সন্তান। দুয়োৰে সংসাৰ আছে। খুৰাকৰ দুটি সন্তান। খুৰীয়েক আৰু বৌৱেকৰ মুখ দুখন মনত পৰিল। কেনে সাদৰী তিৰোতা তেওঁলোক। এতিয়া ইচ্ছাৰ বিৰুদ্ধে কাৰ পাটীত উঠিবগৈ লাগিব তাৰ কোনো ঠিকনা নাই। অৱশ্যে ভগা সমাজখনত পুৰুষৰ সংখ্যা যেনেকৈহে কমিল আগৰদৰে পতিহীনা নাৰীসকল সন্ত্ৰাসিত হ’ব নালাগিব চাগে’। হনুমানে এই যুদ্ধত সকলো দি দিছিল। তাৰ মন প্ৰাণ সকলো। পৰিয়ালৰ কোনো পুৰুষ যাতে যুদ্ধত ভাগ নোলোৱাকৈ নাথাকে সেয়া সি নিজে নিশ্চিত কৰিছিল।

‘এই যুঁজ সত্য ৰক্ষাৰ যুঁজ’।

‘এই যুঁজত অধৰ্মৰ পৰাজয় ঘটিবই লাগিব, ভাৰস্তৰপৰা অন্যায় অধৰ্ম গুচিবই লাগিব’।

‘এইবোৰ সকলো ভুৱা। প্ৰজাক কোনে উচটাইছে মই সকলো বুজিছোঁ। মই বেছিদিন সহ্য নকৰিম। কোনো দেশদ্ৰোহীক ৰেহাই দিয়া নহ’ব। দেশদ্ৰোহীক সহযোগ কৰাসকলকো শাস্তি দিয়া হ’ব।’

বালি গুমৰি উঠিছিল। কিষ্কিন্ধ্যাৰ ৰজা বালি। আত্ম অভিমানী এই পুৰুষে জীৱনত কাকোৱে ভয় কৰি পোৱা নাই। কাৰো ওচৰত শিৰ দোৱাই পোৱা নাই। তেওঁ সংগোপনে লক্ষ্য কৰিছিল ৰামচন্দ্ৰৰ বিচৰণ। ৰাজ্যৰ দুই এক প্ৰজাই ৰামক সংগ দিয়াটোও তেওঁৰ চকুত পৰিছিল। ভয়ৰ কোনো কাৰণ তেওঁ দেখা নাছিল। ৰামচন্দ্ৰক দেখিলে বিশেষ সাহসী পুৰুষ যেন নালাগে। লক্ষ্মণ কিছু উগ্ৰ। হ’লেও বালি শংকিত হ’বৰ কথা নাছিল। বালিয়ে অনবৰতে কপ্লনা কৰিছিল এখন সমৃদ্ধিশালী কিষ্কিন্ধ্যাৰ। প্ৰতিজন প্ৰজা য’ত ব্যস্ত থাকিব নতুন নতুন সৃষ্টিশীল কামত। ৰামচন্দ্ৰৰ দৰে ৰাজ্য শাসনৰ দায়িত্বৰপৰা পোলোকা কৰা, বিলাসী জীৱনত অভ্যস্ত, কোনো সৃষ্টিশীল কামত মতি নথকা মানুহ ৰ পিছে পিছে দৌৰিবলৈ ইয়াত কাৰো সময় নাই।

ৰামচন্দ্ৰৰ পত্নীক কোনোবাই ধৰি নিছে।

নিয়ক।

সেয়া তেওঁলোকৰ সমস্যা। তাত মূৰ ঘমাবলৈ আমাৰ প্ৰজাৰ কি দৰকাৰ আছে?গুজৰি গুমৰি থাকিলেও মুখ ফুটাই কথা কোৱা নাছিল মহাৰাজে। তাৰ একমাত্ৰ কাৰণ আছিল সুগ্ৰীৱ। হেজাৰ হওক সহোদৰ ভাই। ভুল বুজাবুজিৰ বাবে ইতিমধ্যে অঘটন এটা ঘটিয়েই গৈছে। সেয়া অৱশ্যে ৰাজ্যৰ ভিতৰুৱা কথা। কিন্তু এতিয়া কথাটো বেলেগ। ৰামচন্দ্ৰ উত্তৰৰ মানুহ। উত্তৰৰ মানুহৰ মতলব বুজা টান। ককাই ভাইৰ মনৰ দ্বদ্ব বাহিৰৰ মানুহক দেখুওৱা উচিত নহয়। সেয়ে সকলো দেখিও ভাল সময় কামনাৰে অপেক্ষা কৰিছিল বালিয়ে।

মূল্যৱান পোচাক। সুন্দৰ দেহৰ গঠন। আচাৰ ব্যৱহাৰ পৰিশীলিত। ৰামচন্দ্ৰ আৰু লক্ষ্মণক দেখি হনুমান আৰু অশ্বগ্ৰীৱ মোহিত হৈছিল। তেওঁলোকৰ কথা বতৰাই সেই মুগ্ধতা বঢ়াই তুলিছিল। মহাৰাজ বালিৰ অনুশাসন কেতিয়াবা ভাল লগা নাছিল হনুমানৰ। ইচ্ছা কৰিলে দেশত সন্ত্ৰাস চলাব পৰাকৈ শক্তিৰ অধিকাৰী এই বীৰে কিয় সকলো নিৰ্দেশ মানি চলিব? তাৰ ফলতেই বালিৰ লগত মনোমালিন্য। সেই সুযোগ ততালিকে লৈছিল সুগ্ৰীৱে। শেষত লাভ হৈছিল ৰামৰ। কাপুৰুষৰ দৰে ষড়যন্ত্ৰ কৰি এদিন অভিমানী বালিক হত্যা কৰা হৈছিল। মৰাৰ আগেয়ে বালিয়ে থুৱাই থুৱাই ৰামক গালি পাৰিছিল। নিজৰ পত্নীক ৰাখিব নোৱাৰা ৰামৰ লগত মিতিৰালি কৰি সুগ্ৰীৱ, হনুমানে যে কেৱল ৰাজ্যৰেই বিপদ মাতিছে তেনে নহয়, নিজকো ধ্বংস কৰিছে, সেয়া চিঞৰি চিঞৰি কৈছিল।সুগ্ৰীৱে নিশ্চয় আজি বালিৰ সেই ভৱিষ্যত্ বাণী মিছা আছিল বুলি ঢোল পিতি ৰাজ্যৰ কোণে কোণে কোৱাব।

সুগ্ৰীৱ আজি ৰজা। কিষ্কিন্ধ্যাৰ সিংহাসনৰ প্ৰতি তেওঁ পোহি ৰখা প্ৰৱল আকাংক্ষা পূৰ্ণ হৈছে। সেই সিংহাসন হাতৰ মুঠিলৈ ৰামচন্দ্ৰৰ পদৰ তলেদি যে আহিছে, সেয়া পৰম সৌভাগ্য বুলি তেওঁ ইতিমধ্যেই প্ৰচাৰ আৰম্ভ কৰি দিছে। সুগ্ৰীৱ এতিয়া শ শ বিধৱা আৰু মাউৰা শিশুৰ ৰজা। ঠায়ে ঠায়ে কেইজনমান বৃদ্ধ আৰু পংগুও অৱশ্যে আছে।

মহাৰাজৰ অহংকাৰ মিহলি চকুহাল মনত পৰিল অশ্বগ্ৰীৱৰ। গভীৰ প্ৰত্যয় আছিল তাত। সুবিশাল বাহু দুটাত আছিল দুৰ্জেয় শক্তি। শত্ৰুৰ লগত অকলেই যুঁজাটো আছিল মহাৰাজৰ চখ। সেই মহাৰাজ ষড়যন্ত্ৰত মৰিল। সেই আসনৰ গৰাকী এতিয়া সুগ্ৰীৱ।

দেশৰ চাৰিসীমা ভালকৈ জানেনে সুগ্ৰীৱে? ক্ষমতা আৰু ৰাণী তাৰাৰ যৌৱনৰ বাদে সুগ্ৰীৱে ৰাজমহলত দেখিছেইবা কি?

হনুমান বীৰ। কিন্তু হনুমানে সময় আৰু পৰিস্থিতিক অধিক বিশ্বাস কৰে। সেই সময় কাৰ? সেই পৰিস্থিতি কোনে নিৰ্মাণ কৰিছে সেয়া বৰকৈ ভাবি গুণি থাকি ভাল নাপায়। ভাল নাপালেতো নহ’ব? সকলো মানুহতো বালি নহয় যে হনুমানৰ সৰলতা বুজি পাব? সৰলতাক সন্মান কৰিব। দোষ ক্ষমা কৰি দিব। অবোধ আচৰণৰ বাবেই হনুমান প্ৰিয় আছিল সকলোৰে। প্ৰশংসা তেওঁ ভাল পাইছিল। কৰিম বোলাটো কৰি দেখুৱাবলৈ প্ৰণাটোকো তুচ্ছ কৰিছিল। সাগৰ সংকাশ জলৰাশি পাৰ হৈ সীতাৰ খবৰ আনি কম সাংঘাটিক কাম কৰি দেখুওৱা নাই। তাৰপৰা ঘূৰি অহাৰ পাছত কেইবাদিনলৈও মানুহটো ভাগৰি আছিল। ৰাম আৰু লক্ষ্মণে বাৰে বাৰে খবৰ লৈ প্ৰশংসা কৰিছিল। হনুমান সোনকলেই সজীৱ হৈ উঠিছিল।একেহাল ৰাম-লক্ষ্মণ। একেই মুখ একেই শৰীৰ। মাথোঁ সময়ৰ কিছু তফাত্। মাথোঁ ঠাইখন কিছু নিলগ।

আকাশলৈকে চাই আছে হনুমানে।

কৃষ্ণপক্ষৰ ৰাতি। জোনটো পশ্চিমৰ আকাশত ধীৰে ধীৰে ওলাইছে। নিশাচৰ প্ৰাণীবোৰৰ ব্যস্ততা বাঢ়িছে। নিশাটো শেষ হোৱাৰ আগতেই ভোক গুচাব লাগে। অশ্বগ্ৰীৱৰো ভোক লাগিছে। ফল-মূল কিছুমান বুটলা হৈছে যদিও বিশেষ খোৱা হোৱা নাই। একামোৰ দুকামোৰ মৰা হৈছে। হনুমানে মুখলৈকে নিয়া নাই। পেটটো শুকাই গৈছে। কমৰ বন্ধন ঢিলা হৈ গৈছে। কমৰ বন্ধনৰ পুৰণা গাঁঠিটো খুলি, টানি নতুন গাঁঠি এটা দিলে অশ্বগ্ৰীৱই। কমৰ বন্ধনৰ পিছফালে বান্ধি থোৱা জন্তুৰ ছালেৰে মেৰিওৱা লতাডাল সুলকিয়েই পৰিছিল। সেইডালো আঁতি ল’লে। সেইডালৰ বাবেই অঘটনবোৰ হৈছে। সিঁহতৰ গা মুখ শুৱনি নহয় সঁচা। কিন্তু সেইবুলি ইমান বেয়াকৈ কোৱা সম্ভৱনে? কমৰ বন্ধনত পিছফালে বান্ধি ৰখা লতাডালে সেয়া সহজ কৰি তুলিলে। সেয়া কি পুচ্ছ? এই লতা পিন্ধিটো কিষ্কিন্ধ্যাৰ পৰম্পৰা। কিষ্কিন্ধ্যাবাসীৰ পৰিচয়। কিষ্কিন্ধ্যাৰ অটব্য হাবিত সেই লতা পৰিধান নকৰিলে কেনেকৈ জানিব সেয়া শত্ৰু নে মিত্ৰ। অযোধ্যাবাসীয়ে সেয়া সঁচাকৈ বুজা নাইনে?

বান্দৰ!

বানৰ!

কপি!

মৰ্কট!

প্লবঙ্গ!

কানত এতিয়াও বাজি আছে শব্দকেইটা।

ঠহৰ ঠহৰকৈ বাজিছে।

বিন্ধিছে।

শ্ৰৱণ শক্তি যেন শেষ হৈ যাব। শেষ হৈ যোৱাই ভাল আছিল।

অযোধ্যাৰ প্ৰজাই ৰামচন্দ্ৰৰ আগমনৰ বাবে ব্যাকুল হৈ বাট চাইছিল। উত্ৰাৱল হৈ পৰিছিল ৰামক পাই। লক্ষ্মণেও সমানেই আদৰ পাইছিল। আনন্দ উত্সৱত মানুহৰ ভিৰৰ মাজত হেৰাই গৈছিল হনুমান আৰু অশ্বগ্ৰীৱ। ইমান মানুহ। ধুনীয়া ধুনীয়া ঘৰ। মসৃন আলিবাট। বিভিন্ন জন্তুৱে টনা গাড়ী। মানুহবোৰ উজ্জ্বল। ওখ-পাখ ধুনীয়া। কিন্তু সকলো ব্যস্ত। ভিৰ। ভিৰৰ মাজত যেন উশাহ বন্ধ হৈ যাব। বৰ অসহায় লাগিছিল অশ্বগ্ৰীৱৰ। হনুমানৰো। হ’লেও চিন্তাৰ কোনো কাৰণ নাছিল। স্বয়ং ৰামচন্দ্ৰ তেওঁলোকৰ পৰম সুহৃদ।

বান্দৰ! বান্দৰ!

বান্দৰ!

বান্দৰ!

প্ৰথমতে সৰু ল’ৰা এটাই চিঞৰি উঠিল। সি বান্দৰ দেখিছে। হনুমানৰ খং উঠিল। ল’ৰাটোক ধমকি এটা দিলে। এইবাৰ দেউতাক আহিল। তাৰপাছত এজুম মানুহ। বেঢ়ি ল’লে। দুটা বান্দৰৰ দৰে অদ্ভূত প্ৰাণী দেখিছে সিঁহতে। দুই এটা শিলগুটিও পৰিলহি গাত। হনুমানৰ খং বাঢ়ি আহিল। আক্রমণ আৰম্ভ কৰিলে। প্ৰতি আক্রমণো হ’ল। এফালে দুই আনফালে এজুম। বেছিপৰ যুঁজাৰ শক্তি অশ্বগ্ৰীৱ আৰু হনুমানৰ নাছিল। ৰাম-লক্ষ্মণে কিষ্কিন্ধ্যাত লাভ কৰা বিভিন্ন উপহাৰৰ টোপোলা দীঘলীয়া বাটচোৱাত দাঙি আনি অৱশ হৈ পৰিছিল। দৰকাৰ আছিল জিৰণিৰ।

হঠাত্ প্ৰস্তাৱ দিলে এজনে। ইহঁতক ৰজাৰ ওচৰলৈ লৈ যোৱা হওক। ক’বতো নোৱাৰি, এই শুভ দিনত কোনে বা কি ষড়যন্ত্ৰ কৰিছে?

হয় হয়। ইহঁতক মহাৰাজেই এশিকনি দিয়ক। হনুমান আৰু অশ্বগ্ৰীৱই সকাহ পালে। এতিয়া অন্ততঃ মানুহবোৰে দেখিবলৈ পাব, সিহঁতৰ স্থান ক’ত!

ৰাজহাউলিৰ দুৱৰীয়ে জনালে, সকলো ব্যস্ত। ৰাম-লক্ষ্মণৰ আগমনে আনন্দিত কৰা হাউলিত কাকো লগ ধৰিবলৈ কাৰো সময় নাই।

‘হনুমান অহা বুলি কওক’।

অশ্বগ্ৰীৱই চিঞৰিলে। বোধহয় কোৱা হ’ল। লক্ষ্মণ আহি ওলালহি। মানুহৰ মাজৰপৰা হনুমান আৰু অশ্বগ্ৰীৱ আগবাঢ়ি গ’ল। প্ৰহৰীয়ে বাধা দিলে। লক্ষ্মণেও আঁতৰতে ৰোৱাৰ ইংগিত দিলে। মানুহবোৰ আকৌ উগ্ৰ হৈ উঠিল।

‘ইহঁতক শেষ কৰি থওঁ, প্ৰভুৱে আদেশ দিয়ক’।

লক্ষ্মণ ৰজাৰ ল’ৰা। ধৈৰ্য আছে। গম্ভীৰ হৈ সকলোকে উদ্দেশ্যি কিছু কথা ক’লে। মানুহবোৰ শান্ত হ’ল। দুজন প্ৰহৰীয়ে হনুমান আৰু অশ্বগ্ৰীৱক এটা জিৰণি গৃহলৈ লৈ গ’ল। হয়। তাতে কেইগৰাকীমান ৰমনী আছিল। বোধহয় গণিকা। লক্ষ্মণে হনুমানক দিয়া উপহাৰ। খাবলৈ কিবাকিবি দিয়া হ’ল। জনোৱা হ’ল ৰামচন্দ্ৰই সদ্যহতে কেইদিনমান কাকো লগ নধৰে। ৰাজ্যৰ মঙ্গলৰ বাবে বহু গুৰুত্বপূৰ্ণ কাম তেওঁ আৰম্ভ কৰিছে।

হনুমানৰ খং নুঠা হ’ল।

খং উঠিল অশ্বগ্ৰীৱৰহে।অতদিনে কিষ্কিন্ধ্যাত থাকি পত্নীৰ বিৰহত কান্দি থাকোতে ৰাজ্য ক’লৈ গৈছিল? ৰাৱণৰ আক্রমণত প্ৰাণ যোৱা হ’লে ৰাজ্য কোনে চালেহেঁতেন? এই হনুমান, সুগ্ৰীৱ নথকা হ’লে ৰাজ্যত ভৰি দিবলৈ পালেহেঁতেননে?এতিয়া মুহূৰ্তৰ বাবে দেখা দিবলৈ টান হ’ল।

বালিয়ে কোৱা কথাবোৰ মনত পৰিছিল অশ্বগ্ৰীৱৰ। উত্তৰৰ মানুহক বিশ্বাস কৰাৰ ফল এদিন নহয় এদিন কিষ্কিন্ধ্যাই পাব। বোধহয় হনুমানৰো বালিৰ কথা মনত পৰিছিল। সি সুধিছিল, ‘মহাৰাজ ঢুকুৱাৰ কিমান দিন হ’ল অশ্বগ্ৰীৱ?’

‘কোন মহাৰাজ?’

‘বালি’

অশ্বগ্ৰীৱই কৈছিল।

তাৰপাছত একো সোধা নাছিল।

‘প্ৰজাসকল, কোলাহল নকৰিবা শুনা। এই শুভ দিনত তোমালোক উত্তেজিত নহ’বা। এই বান্দৰ দুটি আমাৰ যাত্ৰাপথৰ সংগী হৈছিল। তেওঁলোক দক্ষিণৰ বাসিন্দা। আমি বনবাসত থাকোতে আমাক কিছুমান কামত এওঁলোকে সহায় কৰিছিল। বান্দৰ হ’লেও ইহঁতৰ বোধ কিছু উন্নত। ইহঁত অপকাৰী নহয়। সম্প্ৰতি ইহঁতক নিশাটো কটোৱাৰ ব্যৱস্থা কৰি দিয়া হওঁক। পুৱা কোনো ব্যৱস্থা কৰা হ’ব।

’মানুহবোৰ ক্ষান্ত হ’ল। বান্দৰ, বানৰ বুলি কিছু ঠাট্টা কৰিলে। তাৰপাছত ঘৰা ঘৰি গ’ল।হনুমানে উগ্ৰ মূৰ্তি ঘৰি লক্ষ্মণক খেদি গ’ল। চোঁচোৰাই আনি ঠেকেচা মাৰি দিলে। আৰু ৰামক বিচাৰি হুংকাৰ দিলে। ৰাজহাউলি কঁপি উঠিল। সেনাই বেৰি ধৰিলে। বর্শাৰ খোঁচত হনুমান ধৰাশায়ী হ’ল। অশ্বগ্ৰীৱৰ গাতো খোঁচ পৰিল। তেজেৰে ৰাঙলী হ’ল। অযোধ্যাৰ সেনা উল্লাসত নাচি উঠিল। আৰ্তনাদ কৰি উঠিল অশ্বগ্ৰীৱ। পলাবলৈ চেষ্টা কৰিলে।

ক’তা? পলাব নোৱাৰি। ইমান চেষ্টা কৰিও ভৰি দুখন লৰাব পৰা নাই। কি হ’ব, কি হ’ব এতিয়া...? খকমকাই সাৰ পালে অশ্বগ্ৰীৱই। কেইবাদিনৰো অপূৰ্ণ টোপনিয়ে হেঁচা মাৰি নিছিল। টোপনিতে সেই সপোন। সেই কলীয়া দিনটোৰ সকলো কথা কেনে ফটফটীয়াকৈ সপোনত আহিছে। মাথোঁ পাছৰফালে কিছু নতুন কথা যোগ হৈছে।

হনুমানে কোনো আক্রমণ নকৰিলে। অধোবদনে তাৰপৰা প্ৰস্থান কৰিলে। সমগ্ৰ জীৱনত হনুমানৰ বাবে সেয়াই আছিল আটাইতকৈ ডাঙৰটো আঘাত। ৰামচন্দ্ৰক বীৰৰ দৰে সন্মান দি, জীৱন উচৰ্গা কৰি কি ইয়াকেই আশা কৰা হৈছিল? অশ্বগ্ৰীৱৰ আকৌ খং উঠিল। সি গাটো পোনাই ল’লে। হনুমানৰ ফালে এবাৰ চালে।আৰে?হনুমান দেখোন নাই।

হনু!হনু...

হনু...ক’লৈ গ’ল হনুমান? দৌৰি শিলচটাৰপৰা নামি গ’ল অশ্বগ্ৰীৱ। তলত বিচাৰিলে। কাষত। চাৰিওফালে। সম্ভাৱ্য সকলো ঠাইত। অৱশেষত অৱশ হৈ পৰিল। ভাগৰ, ভোক, টোপনি, ভয়। কিষ্কিন্ধ্যা এতিয়াও বহু দূৰ। হনুমান বিহীন কিষ্কিন্ধ্যাৰ কথা অশ্বগ্ৰীৱই কপ্লনা কৰিব নোৱাৰে। নাম নজনা জুৰি এটাৰ পাৰত বহি দুৰ্বল মাতেৰে পুনৰ চিঞৰিলে,

হনু!হনু...

হনু...

নিষ্ফল বুলি জানিও চিঞৰি থাকিল।