• news (1)
  • news (2)
  • news (3)
  • news (4)
  • news (5)
  • news (6)
  • news (7)
  • news (8)
  • news (9)

অসমীয়া নাট্য সাহিত্যৰ ক্রমবিৱৰ্তন আৰু দীৰ্ঘ পৰিক্রমাৰ শ্ৰেষ্ঠ নাট্যকাৰৰ তালিকাৰ প্ৰথম তিনিজনৰ এজন নিঃসন্দেহে জ্যোতিপ্ৰসাদ আগৰৱালা। এইক্ষেত্ৰত শংকৰদেৱ আৰু বেজবৰুৱাক প্ৰথম দুটা স্থানত অধিষ্ঠিত কৰিব লাগিব। ড০ মহেন্দ্ৰ বৰাই জ্যোতিপ্ৰসাদক আধুনিক অসমীয়া নাট্য সাহিত্যৰ শ্ৰেষ্ঠতম শিপ্লী বুলি অভিহিত কৰিছিল। অসমীয়া নাট্য সাহিত্যক ছখন নাটকেৰে সমৃদ্ধ কৰি যোৱা জ্যোতিপ্ৰসাদে অসমীয়া নাট্য সাহিত্যৰ প্ৰচলিত পৰম্পৰাগত ধাৰাত এক ইতিবাচক পৰিৱৰ্তনৰ সূচনাৰে অসমীয়া নাট্য সাহিত্যত নতুন চিন্তাৰ উন্মেষ ঘটাইছিল।

জ্যোতিপ্ৰসাদ আগৰৱালাই ছখন নাটকেৰে অসমীয়া নাট্য সাহিত্যলৈ অৱদান আগবঢ়াই থৈ গৈছে। সেইকেইখন হ’ল - শোণিতকুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা, নিমাতী কইনা বা ৰূপকোঁৱৰ আৰু খনিকৰ। জ্যোতিপ্ৰসাদৰ নাটককেইখনৰ মাজেদি তেওঁৰ সৃষ্টিশীল শিপ্লীসত্ত্বা পৰিস্ফুত হৈ উঠিছে। নাটককেইখনৰ নামৰ পৰাই...

"মই গুৰি পৰুৱা এটাকো হত্যা কৰিব নোখোজো। বিৱৰ্তনৰ ৰহস্যময় প্ৰক্ৰিয়াত গুৰি পৰুৱা এটাৰো নিশ্চয় ভূমিকা আছে। তাক হত্যা কৰিলে সেই বিৱৰ্তনৰ প্ৰক্ৰিয়া বিঘ্নিত হব।" কথাষাৰ আজিৰ পৰা বহুতবছৰ আগতে কৈছিল জৰ্জ বানাৰ্ড শ্ব'ই। তেখেতে গুৰি পৰুৱা এটাকো হত্যা কৰিব নোখোজে, আনহাতে মেগিজখাঁনৰ পৰা আৰম্ভ কৰি হিটলাৰলৈকে এনে মানুহৰো অভাৱ নাই যি চকুৰ পচাৰতে লাখ লাখ মানুহক হত্যা কৰিব পাৰে। এটা সাধাৰণ চিন্তাৰ বিষয় মাত্ৰ। এই দুটা চৰম সীমাৰ মাজত হিংসা আৰু হত্যা লীলা আৱহমান চলি আহিছে। অলিভাৰ হোমছে দ্ব্যৰ্থহীন ভাষাৰে ঘোষণা কৰিছে "every society rests on the death of man government doesn't hesitate to kill when it sees fit and can"

কিন্তু যুগ ধৰি মানুহে মানুহক হত্যা কৰাৰ প্ৰয়োজন যিমান অনুভৱ কৰিছে তাতকৈ বেছি প্ৰয়োজন অনুভৱ কৰিছে মানুহৰ কাৰ্য্য সম্পৰ্কে প্ৰশ্ন কৰাৰ। ৰাষ্ট্ৰৰ নামত চক্ৰেটিছক হত্যা কৰাসকল...

সংস্কৃতি হৈছে এটা জাতিৰ জাতীয় জীৱনৰ বোৱতী নদী স্বৰূপ৷ নৈৰ দৰেই সংস্কৃতি ধাৰাবাহিক ভাৱে বৈ থাকে৷ নৈয়ে যি দৰে গৰা খহায়, সুঁতি সলায় তেনেদৰে সংস্কৃতিৰো কিছুমান সম্পদ আতৰি যায় আৰু নতুনৰ যোগ হয়৷ মানুহ যিমানেই ধার্মিক নহলেও মানুহৰ জৈৱিক বাসনা নোহোৱাকৈ থকা নাই৷ জৈৱিক বাসনাই সৃষ্টিত প্ৰেৰণা যোগায় আৰু মানুহৰ বস্তুগত, ভাৱগত, আধ্যত্মিক সকলো সৃষ্টিকে সংস্কৃতিয়ে সামৰি লয়৷ অতীতৰ পৰা বর্তমানৰ লৈকে প্ৰচলিত পৰম্পৰা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, নৈতিকতা, পূজা-পাতল আদিয়ো সংস্কৃতিৰ অন্তর্গত৷ মূলতঃ ব্যক্তিৰ জৈৱিক আৰু সামাজিক প্ৰয়োজন সমূহ পূৰাবলৈ আৰু পাৰিপার্শ্বিক অৱস্হাৰ লগত খাপ খাবলৈ কৰা সকলো বস্তু, চিন্তা-চর্চা, জীৱন ধাৰাকে সংস্কৃতি বুলিব পাৰি৷ ই এক বিমূর্ত ধাৰণা৷ মানুহৰ পৰিৱর্তনশীল জীৱন ধাৰণাৰ ধৰণবোৰেই মানুহৰ সংস্কৃতি৷ সাহিত্য, সংগীত, নৃত্য, বাদ্য, স্হাপত্য, ভাস্কর্য, সাজ-পাৰ, লোক-বিশ্বাস আদি উপাদান সমূহৰ মাজেদি এটা জাতিৰ সংস্কৃতি প্ৰকাশ পায়৷ মানুহে বসবাস কৰা ভৌগোলিক পৰিৱেশৰ...

বিশ্বৰ অন্যতম বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ এটা ক্ষুদ্ৰ অংগ অসমভূমিত আজিও এলাগী হৈ ৰৈছে "বিজ্ঞান বিপ্লব"এ ৷ আমাৰ শিক্ষা ব্যৱস্থাত ব্যাপক ভাবে স্বতন্ত্ৰ শিকাৰু তথা এখন অন্ধবিশ্বাস মুক্ত অসম গঢ়ি তুলিব নোৱাৰাটোৱেই ইয়াৰ প্ৰমাণ ৷ যেতিয়া কোনোবা শিক্ষানুষ্ঠানৰ বিজ্ঞান শাখাৰ শ্ৰেষ্ঠ স্নাতক এজন ছাত্ৰই পুৱা বাতৰিকাকত খন মেলিয়েই কেৱল মাত্ৰ ৰাশিফলৰ বাৰ্তা গ্ৰহণ কৰে তেতিয়াই এক প্ৰশ্ন আহি পৰে- কিমান সচেতন আমাৰ যুৱ সমাজ? দেশৰ কোটি-কোটি যুৱপ্ৰজন্মক সাৰথি হিচাপে লৈ ভাৰতবৰ্ষক 2020 চনৰ আগতে এখন বিকশিত দেশ হিচাপে গঢ়ি তুলিব বিচৰা দেশৰ স্বপ্ন দ্ৰষ্টা বিজ্ঞানী ডঃ এ.পি.জে আব্দুল কালামৰ সপোন পূৰ্ণ হ'বনে?-নে যেনেকৈ গান্ধীজীৰ সপোনৰ ৰামৰাজ্য আজিও এক প্ৰশ্ন তেনেকৈ কালামৰো বিকশিত ভাৰতবৰ্ষ সপোন হৈয়ে ৰব! ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে স্বীকৃত সংবাদ মাধ্যমে আজিকোপটি এক প্ৰবল জনমত গঠন কৰাত ব্যৰ্থ হৈ আহিছে ৷ আজিও অসম মূলুকৰ সংবাদ জগত নতুন চিন্তা-ধাৰাৰে উজ্জীৱিত হব পৰা নাই...