• news (1)
  • news (2)
  • news (3)
  • news (4)
  • news (5)
  • news (6)
  • news (7)
  • news (8)
  • news (9)
ভূপাল এ প্ৰেয়াৰ ফ’ৰ ৰেইন
  • ডিম্পল চমুৱা
  • ভাৰতৰ পটভূমিত নিৰ্মিত হলিউদৰ ছবিৰ সংখ্যা প্ৰায় নগন্য৷ তথাপিও দুই এখন ছবি ভাৰতৰ পটভূমিত নিৰ্মিত হোৱা দেখা যায়৷ ২০১৪ বৰ্ষৰ শেষৰ ফালে ভূপালৰ গেছ ট্ৰেজেদি’ৰ ওপৰত নিৰ্মিত ৯৬ মিনিট দৈৰ্ঘ্যৰ এখন ছবি মুক্তি পাইছে৷ ভূপাল গেছ ট্ৰেজিডি যিটো আজিলৈকে সংঘটিত হোৱা মানৱনিৰ্মিত কাৰখানা জনিত সৰ্ব বৃহৎ দুৰ্ঘতনা বুলি ধৰা হয়, তাৰেই আলমত উক্ত চিনেমাখন নিৰ্মিত হৈছে৷ ছিনেমাখন পৰিচালনা কৰিছে ভাৰতীয় মূলৰ ৰবি কুমাৰ নামৰ পৰিচালকজনে৷ চিনেমাখনৰ মূল কাহিনীভাগ আৰম্ভ হৈছে দিলীপ নামৰ ভূপালৰ ৰিক্সাছালক এজনৰ কাহিনীৰে৷ দিলীপ ভূপালৰ দাতি কাষৰীয়া বস্তি অঞ্চলত বাস কৰা এজন দুখীয়া লোক ১৯৮৪ চনৰ ভূপালৰ “ইউনিয়ন কাৰ্বাইদ” নামৰ সেই কাৰখানাটোত বিষাক্ত গেছ নিৰ্গমণ হোৱা দুৰ্ঘটনাটোৰ কেইমাহমান পূৰ্বে দিলীপে সেই কাৰখনাটোত বনুৱা হিচাপে কামত নিয়োজিত হৈছিল৷ ইউনিয়ন কাৰ্বাইদ আছিল আমেৰিকাৰ মালিকাধীন এটা অপটিন নাশক জাতীয় ৰাসায়নিক দ্ৰব্য নিৰ্মাণ কৰা কাৰখনা৷ কিন্তু দিন পাৰ হোৱা লগে লগে এই কাৰখানাটোত প্ৰস্তত হোৱা দ্ৰব্য বিলাকৰ চাহিদা লাহে লাহে কমি আহিবলৈ ধৰিলে আৰু কোম্পানী লোকচানৰ সন্মুখীন হবলগীয়া হ’ল৷ অৱশ্যে এই ক্ষেত্ৰত কোম্পনীটোৰ কিছু উচ্চ পদস্থ বিষয়াৰ দুৰ্নীতি প্ৰশ্নটো দেখুৱা হৈছে৷ কোম্পানীৰ লোকচানৰ সামন্তৰাল ভাৱে কোম্পানীটোৰ বিভিন্ন অংগ আৰু টেংক সমূহৰ চোৱা চিতাৰ খৰচ বহন কৰাৰ ক্ষেত্ৰত চূড়ান্ত ব্যৰ্থতাই দেখা দিব ধৰিলে৷ সেই সময়ত ইউনিয়ন কাৰ্বাইদ বন্ধ হৈ যোৱাৰ উপক্ৰমো হৈছিল৷ কিন্ত তাত কাম কৰা বনুৱা সকলৰ প্ৰতিবাদত সি হৈ নুঠিল৷ দিলীপ, সেই বস্তিৰ বনুৱা জনে কাৰখানাটোৰ পুৰণি সামগ্ৰী সমূহৰ যে অৱস্থা বেয়া অৰ্থাৎ সেই টেংক সমূহৰ পৰা কোনোবা এদিন আচম্বিতে ফুটা উলাই বিষাক্ত মিথাইল আইছছাইনাইদ নামৰ গেছ বিধ নিৰ্গমণ হব পাৰে, সেই কথা জানিছিল৷ কিন্ত সি তাৰ চাকৰিটো যোৱাৰ ভয়ত আৰু তাৰ পৰিয়ালটোৰ স্বাৰ্থত সেই কথা গোপনে ৰাখিছিল৷ ইউনিয়ন কাৰ্বাইদ উদ্যোগটো যি ঠাইত আছিল সেই অঞ্চলটো অত্যন্ত ডাঠ জনবসতি প্ৰধানকৈ বস্তি অঞ্চলেৰে পৰিবেস্তিত আছিল৷ কাৰখানাৰ ৰিয়েক্টৰত ফুটা উলাই মিথাইল আইছছাইনাইদ নামৰ বিষাক্ত গেছবিধ নিৰ্গমন হোৱাৰ প্ৰথম ৭২ ঘন্টাতেই প্ৰায় ১০ হাজাৰ লোকৰ মৃত্যু হৈছিল৷ কাৰখানাটোৰ দক্ষিণ দিশে সমগ্ৰ অঞ্চলটোৰ মাটি-পানীৰ উপৰিভাগ মৃতদেহৰ ডাঠ চামনিৰে ছানি ধৰিছিল৷ ছবিখনত দেখুওৱা ভাৰতীয় সংস্কৃতি, ভাৰতীয় সমাজ ব্যৱস্থা, বস্তি অঞ্চলৰ লোক সকলৰ জীৱন নিৰ্বাহ প্ৰণালী অতি মননশীল হৈছে৷ শব্দ সংযোজন আৰু চিনেমেট’ গ্ৰাফী এশ শতাংশই শুদ্ধ বুলিব নোৱাৰি৷ মোটামোটি ভাৱে ভূপাল এ প্ৰেয়াৰ ফ’ৰ ৰেইন এখন মনোৰঞ্জনধৰ্মী ছবি নহয় যদিও এখন গুণগত মানদণ্ডৰ চলচিত্ৰ বুলি কব পাৰি৷