• news (1)
  • news (2)
  • news (3)
  • news (4)
  • news (5)
  • news (6)
  • news (7)
  • news (8)
  • news (9)
শিতানটোৰ বিষয়ে

কিতাপৰ খবৰ হ'ব ‘আখৰ’ৰ এটা নিয়মীয়া শিতান । শিতানটোৰ জৰিয়তে আমি বিভিন্ন কিতাপৰ বিষয়ে আলোকপাত কৰাৰ প্ৰয়াস কৰিব খুজিছো। শিতানটোৱে ইয়াৰ আলোচনাৰ পৰিসীমাত অসমীয়া কিতাপৰ লগতে ভাৰতীয় সাহিত্য আৰু বিদেশী সাহিত্যৰ গুৰত্বপূ্ৰ্ণ কিতাপৰ আলোচনাকো সামৰি ল'ব। গ্ৰন্থ অনুৰাগী লেখক আৰু পাঠকসকলে তেওঁলোকে পঢ়া কিতাপসমূহৰ বিষয়ে এই শিতানলৈ প্ৰেৰণ কৰিব পাৰিব(লেখা পঠিয়াবলৈ ইয়াত ক্লিক কৰক)। আলোচনা/সমালোচনাসমূহ প্ৰকাশৰ উপযোগী হ'লে এই শিতানত প্ৰকাশ হ'ব। প্ৰস্তাৱনা সংখ্যাৰ এই শিতানটো কেইখনমান নতুন অসমীয়া কিতাপৰ সংক্ষিপ্ত আলোচনাৰে সম্পাদক জ্যোতিষ্মান দাসে সজাইছে। এই ক্ষেত্ৰত অসমৰ বৌদ্ধিক সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা কেইখনমান সদ্যপ্ৰকাশিত গ্ৰন্থক সামৰি লোৱাৰ প্র্য়াস কৰা হৈছে।

দিগন্ত ওজাৰ ‘প্ৰথম মহাসমৰ’

দিগন্ত ওজাৰ ‘প্ৰথম মহাসমৰ’ অসমৰ গ্ৰন্থজগতত এক নতুন আৰু উল্লেখযোগ্য সংযোজন। প্ৰথম মহাসমৰৰ কাৰণ, গতিবিধি আৰু পৰিণতি সম্পৰ্কত তথ্য নিৰ্ভৰ বিশ্লেষণ সম্বলিত গ্ৰন্থখনে লেখকৰ বিষয় সন্দৰ্ভত বিস্তৰ অধ্যয়ণক প্ৰতিনিধিত্ব কৰিছে। গ্ৰন্থখনৰ উপন্যাসোপম বৰ্ণনাই গ্ৰন্থখনক সুখপাঠ্য কৰি তুলিবলৈ সক্ষম হৈছে। গ্ৰন্থখন যদিও ইতিহাসনিৰ্ভৰ কিন্তু গ্ৰন্থখনৰ বিশ্লেষণ পদ্ধতিয়ে গতানুগতিক ইতিহাস চৰ্চাৰ প্ৰচলিত ৰেহ-ৰূপক অতিক্ৰম কৰি এক বিশেষ আয়তন লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰথম মহাসমৰৰ অন্তৰালৰ বহুতো কাহিনীক লেখকে গ্ৰন্থখনত উল্লেখ কৰিছে আৰু প্ৰথম বিশ্বযুদ্ধই সমসাময়িক বিশ্বৰ বিভিন্ন ক্ষেত্ৰত কেনেধৰণে এক সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল সেই সম্পৰ্কে লেখকে আলোকপাত কৰিছে। যুদ্ধৰ কাৰণ,গতিবিধি আৰু পৰিণতিক বিশ্লেষণ কৰিবলৈ যাওঁতে লেখকে আন্ধাৰৰ মাজত থকা সত্যক উন্মোচিত কৰাৰ নিৰ্মোহ প্ৰয়াস কৰিছে, যি গ্ৰন্থখনক এক বিশিষ্ট মাত্ৰা প্ৰদান কৰিছে। প্ৰথম বিশ্বযুদ্ধৰ সম্পৰ্কত এনে বিশ্লেষণযুক্ত কিতাপ অসমীয়া ভাষাতে নহয় ভাৰতীয় সাহিত্যতেই বিৰল। লেখকৰ সজীৱ, পৰিপক্ক আৰু উপাদেয় বৌদ্ধিক কচৰতৰ ফচল এই গ্ৰন্থখন প্ৰকাশ কৰিছে জ্যোতি প্ৰকাশনে। দুশ টকাৰ মুল্যৰ গ্ৰন্থখনৰ প্ৰথম সংস্কৰণৰ প্ৰকাশকাল আগষ্ট, ২০১৪।


খুশৱন্ত সিঙৰ 'ট্ৰেইন টু পাকিস্তান'

খুশৱন্ত সিঙৰ 'ট্ৰেইন টু পাকিস্তান' এখন বহুলপঠিত গ্ৰন্থ। ১৯৪৭ চনৰ ভাৰত বিভাজনে কেনেকৈ ভাৰত আৰু পাকিস্তানৰ লোকজীৱন তচনচ্ কৰি পেলাইছিল;হত্যা,লুন্ঠন,ধৰ্ষণ আদি অমানৱীয় কাৰ্যৰ মাজেৰে দেশদুখনৰ বিভিন্ন স্থানত কেনেকৈ এক বীভৎস-মৰ্মন্তুদ-কৰুণ পৰিস্থিতিৰ সূত্ৰপাত হৈছিল সেই জীৱন্ত কাহিনীৰ এক দলিল 'ট্ৰেইন টু পাকিস্তান'।ভাৰত আৰু পাকিস্তানৰ সীমান্তত অৱস্থিত মানো-মাজৰা নামৰ এখন গাঁৱক কেন্দ্ৰ কৰি এটি আৱেগিক কাহিনীৰে লেখকে গ্ৰন্থখনৰ সৃষ্টি কৰিছিল। প্ৰথম অৱস্থাত ভাৰত-পাকিস্তান বিভাজনৰ দৰে এটা গুৰুত্বপূৰ্ণ পৰিঘটনাইও মানো-মাজৰাৰ মুছলমান-শিখলোকখিনিৰ মাজত অসুয়াৰ সৃষ্টি কৰিব পৰা নাছিল। কিন্তু পৰৱৰ্তীসময়ত এদিন মানো-মাজৰা গাঁৱৰ একমাত্ৰ সুদখোৰ মহাজন লালা ৰামলামক হত্যা কৰা হ'ল, হিন্দু আৰু শিখলোকৰ মৃতদেহ ভৰ্তি এখন ৰেল হঠাৎ আহি এদিন মানো-মাজৰাৰ ষ্টেচনত ৰ'লহি-- বিয়পি পৰিল সাম্প্ৰদায়িক সংঘৰ্ষৰ বিষবাষ্প। এই পৰিস্থিতিত জগত সিং নামৰ ডকাইত হিচাপে পৰিচিত চৰিত্ৰটোৱে কেনে ভূমিকা গ্ৰহণ কৰিলে-এটা জীৱন্ত কাহিনীৰে স্পষ্টভাৱে সমসাময়িক পৰিস্থিতিক উপস্থাপন কৰা এই গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰি অনুবাদক সুৰেণ তালুকদাৰে অসমীয়া পাঠকৰ এটা ডাঙৰ অভাৱ পূৰণ কৰিলে। অনুবাদ অত্যন্ত সুখপাঠ্য হৈছে আৰু মূল কাহিনীৰ স্বাদ পাঠকক অপৰিবৰ্ত্তিতৰূপত প্ৰদান কৰিবলৈ সক্ষম হৈছে বুলি ক'ব পাৰি। আলিবাট প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ মুল্য: ১৪০ টকা, প্ৰকাশকাল: নৱেম্বৰ, ২০১৪।


ড° বুলজিৎ বুঢ়াগোঁহাইৰ 'সম্পাদকলৈ চিঠি'

ড° বুলজিৎ বুঢ়াগোঁহাই অসমৰ বৌদ্ধিক জগতৰ এটা পৰিচিত নাম। সামাজিক সমস্যাৰ পৰা আৰম্ভ কৰি বিজ্ঞান, প্ৰযুক্তিবিদ্যা, শিক্ষা, নতুনপ্ৰজন্ম ইত্যাদি বিভিন্নবিষয়ক কেন্দ্ৰ কৰি লিখা তেখেতৰ চিঠি পত্ৰসমূহে অসমৰ সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিভিন্ন কাতত আলোচনীত প্ৰকাশিত এই চিঠিসমূহত অসমৰ সমাজ জীৱনৰ বিভিন্ন গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়ে স্থান লাভ কৰিছে। বিগত সময়ছোৱাত তেওঁ লিখা বিভিন্ন চিঠিৰ মাজৰ পৰা বিষয়ৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন কৰা তেষষ্ঠিখন চিঠিৰ "সম্পাদকলৈ চিঠি" শীৰ্ষক তেওঁৰ নিৰ্বাচিত চিঠিৰ সংকলনটো নিশ্চিতভাৱে অসমীয়া পত্ৰ সাংবাদিকতাৰ ধাৰাটোত এক উল্লেখযোগ্য সংযোজন,সমান্তৰালভাৱে "সম্পাদকলৈ চিঠি" অসমীয়া সাহিত্যত এক অভিনৱ আৰু ব্যতিক্ৰমী সংযোজন। গ্ৰন্থখনত মূলতঃ ছটা অধ্যায় সন্নিৱিষ্ট হৈছে। অধ্যায়কেইটাত নিৰ্দিষ্ট বিষয়ৰ নিৰ্বাচিত চিঠিসমূহ অন্তৰ্ভূক্ত হৈছে। গণ মাধ্যম, গ্ৰন্থ, শৈক্ষিক, অৰ্থনৈতিক, সামজিক আৰু ৰাজনৈতিক--এই ছটা অধ্যায় সমৃদ্ধ গ্ৰন্থখনত এই বিষয়কেইটাক ভিত্তি হিচাপে লৈ তেখেতে লিখা চিঠিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। অসমৰ সমাজ জীৱনক অতি সূক্ষ্ম দৃষ্টিৰে আলোকপাত কৰা এই গ্ৰন্থখনৰ প্ৰতিখন পত্ৰই গুৰুত্বপুৰ্ণ যি আমাৰ মনত নতুন চিন্তাৰ উন্মেষ ঘটাব পাৰে আৰু আমাক বিভিন্ন বিষয়ৰ সমাধান দিব পাৰে। আঁক বাক প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা বুঢ়াগোহাইৰ এই গ্ৰন্থখনৰ মূল্য মাত্ৰ আশী টকা, প্ৰথম প্ৰকাশ মে', ২০১৪।

মিতালী ফুকনৰ 'লাইপম'

বুৰঞ্জীৰ ভিত্তিত অসমীয়া সাহিত্যত উপন্যাস ৰচনা কৰাটো নতুন কথা নহয়। কিন্তু অতি সাম্প্ৰতিক সময়ছোৱাত অসমীয়া উপন্যাস সাহিত্যত গভীৰ অধ্যয়ণ আৰু গৱেষণাৰ সৈতে কল্পনাৰ অভিনৱ সংযোজনেৰে বুৰঞ্জীভিত্তিক উপন্যাস ৰচনাৰ এক শক্তিশালী ধাৰাৰ সূচনা হৈছে যি অসমীয়া সাহিত্যৰ বাবে এক শুভ লক্ষণ। ৰীতা চৌধুৰীৰ, 'দেও-লাংখুই', 'মাকাম'; অনুৰাধা শৰ্মা পূজাৰীৰ 'মেৰেং'; জুৰী বৰা বৰগোহাঞিৰ 'নাং-ফা'; চন্দনা গোস্বামীৰ 'পাটকাইৰ ইপাৰে মোৰ দেশ' আদি উপন্যাসৰ পাছত সদ্য প্ৰকাশিত মিতালী ফুকনৰ 'লাইপম' এই ধাৰাটোত নি:সন্দেহে এক বলিষ্ঠ সংযোজন। উপন্যাসখনে ইতিমধ্যে পাঠক সমাজৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু বৌদ্ধিক মহলত চৰ্চা লাভ কৰিছে। আহোম স্বৰ্গদেউসকলৰ ভিতৰত স্বৰ্গদেউ চুখ্ৰাংফা অৰ্থাৎ ৰূদ্ৰ সিংহক সৰ্বশ্ৰেষ্ঠ নৃপতি বুলি কোৱা হয়। ১৬৯৬ চনত ২৯তম ৰজা হিচাপে ৰাজপাটত অধিষ্ঠিত হৈ মাত্ৰ ১৮ বছৰ শাসন কৰা ৰজাজনে অসম মুলুকলৈ এক অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। তেখেতৰ শাসনকালতে আহোমৰ শক্তি আৰু যশস্যা শীৰ্ষ বিন্দুত উপনীত হৈছিল। সেই মহান ৰজাজনৰ জীৱনক ভিত্তি হিচাপে লৈ সমসাময়িক সমাজজীৱন, ৰাজনৈতিক পৰিস্থিতি আদিক পৰিকল্পিতভাৱে ঔপন্যাসিকাগৰাকীয়ে উপন্যাসখনত উপস্থাপন কৰাত সফলতা অৰ্জন কৰিছে। ছয়ষষ্ঠিটা অধ্যায়েৰে সমৃদ্ধ উপন্যাসখন নিশ্চিতভাৱে এক বিস্তৃত অধ্যয়ণ আৰু উৰ্বৰ মস্তিষ্কৰ কল্পনাপ্ৰসূত সৃষ্টি। ই বুৰঞ্জীৰ নিৰস বৰ্ণনা নহয়, মানৱীয় অনুভূতি, কল্পনা আদিৰ উপযুক্ত চিত্ৰায়ণেৰে সমসাময়িক সময়ৰ সমাজ জীৱনৰ প্ৰতিফলন। ২৯০ টকাৰ মূল্যৰ উপন্যাসখন প্ৰকাশ কৰিছে কৌস্তুভ প্ৰকাশনে।


সৌমদ্বীপ দত্তৰ ‘অসমত বৌদ্ধধৰ্ম আৰু বৌদ্ধ সংস্কৃতি’

সৌমদ্বীপ দত্তৰ সদ্যপ্ৰকাশিত অসমত বৌদ্ধধৰ্ম আৰু বৌদ্ধ সংস্কৃতি অসমৰ সমাজ-সংস্কৃতিৰ ক্ষেত্ৰখনৰ এখন গুৰুত্বপুৰ্ণ গৱেষণালব্ধ গ্ৰন্থ। গ্ৰন্থখনে ইতিমধ্যে অসমৰ বৌদ্ধিকসমাজত এক বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। গ্ৰন্থখনৰ প্ৰথম অধ্যায় 'অসমত বৌদ্ধ সংস্কৃতিৰ প্ৰভাৱ'ৰ আৰম্ভনিতে লেখকে উল্লেখ কৰিছে- 'আমাৰ এই আলোচনা প্ৰধানত; বৌদ্ধ ধৰ্মক লৈ নহয়, অৰ্থাৎ বৌদ্ধ ধৰ্ম চৰ্চা নাইবা বৌদ্ধ ধৰ্মৰ বিশ্লেষণ আমাৰ আলোচনাৰ মূল বিষয়বস্তু নহয়। কিন্তু অসমত বৌদ্ধ ধৰ্ম কেতিয়াৰ পৰা প্ৰচলন হৈছিল? সঁচাকৈ বৌদ্ধ ধৰ্মৰ তেনেকুৱা প্ৰভাৱ অসমত বিদ্যমান নে? যদি অসমত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ নাই তেনেহ'লে কিয় নাই? সুপ্তভাৱে নাইবা গুপ্তভাৱে বৌদ্ধ ধৰ্মৰ প্ৰভাৱ বৰ্তমানেও যদি অসমত আছে তেনেহ'লে সেই প্ৰভাৱ কি? এই কথাক কেন্দ্ৰ কৰিয়ে এই আলোচনা কৰিব খোজা হৈছে। প্ৰথম অধ্যায়ৰ দৰে বাকীবোৰ অধ্যায়টো লেখকে বৌদ্ধ সংস্কৃতিৰ সৈতে অসম কেনেকৈ জড়িত সেই সম্পৰ্কীয় বিভিন্ন দিশৰ উন্মোচন কৰিছে আৰু বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ প্ৰয়াস কৰিছে। লেখকৰ এক বিস্তৃত অধ্যয়নৰ ফচল আলোচিত গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে উল্লেখিত অধ্যায়টোৰ লগতে বৌদ্ধধৰ্মৰ প্ৰসাৰত কামৰূপীয়া পণ্ডিতৰ অৱদান, অসমৰ তমসাচ্ছন্ন বৌদ্ধ পৰম্পৰা আৰু সংস্কৃতি, অসমৰ লোকদেৱতা আৰু লোকসংস্কৃতিত বৌদ্ধ প্ৰভাৱ, অসমৰ বজ্ৰজান আৰু সহজযান বৌদ্ধ ধৰ্ম,পূব অসমত থেৰবাদী বৌদ্ধ ধৰ্ম আদি গুৰুত্বপূৰ্ণ অধ্যায়, যিসমূহে নিৰ্দিষ্ট বিষয়বস্তুৰ সৈতে জড়িত বিভিন্ন দিশক প্ৰতিনিধিত্ব কৰিছে। তদুপৰি পৰিশিষ্ট হিচাপে সংযোজিত অধ্যায়কেইটাও গুৰুত্বপূৰ্ণ আৰু যুক্তিপূৰ্ণ বিতৰ্কৰ আধাৰ। য'ত সন্নিৱিষ্ট হৈছে দিগন্ত ওজাৰ 'শংকৰদেৱ বিবাদ',জনকলাল বসুমতাৰীৰ 'মহাপুৰুষৰ মহান বাণী সত্য প্ৰৱৰ্তাবনে?' আৰু লেখকৰ এই বিষয়ত নিজস্ব দৃষ্টিভংগী।- এই নিবন্ধকেইটা অত্যন্ত গুৰুত্বপূৰ্ণ,য'ত কিছুমান বিষয়ক যুক্তিৰ আধাৰত অৱলোকন কৰা হৈছে আৰু উন্মোচিত কৰা হৈছে প্ৰকৃত সত্যক। অসমৰ সমাজ আৰু সংস্কৃতিৰ এখন গুৰুত্বপূৰ্ণ দলিলস্বৰূপ এই গ্ৰন্থখন প্ৰকাশ কৰিছে বনলতাই ।২০১৪ চনত প্ৰকাশিত গ্ৰন্থখনৰ মূল্য ৩০০ টকা মাত্ৰ।



অৰবিন্দ ৰাজখো্ৱাৰ ১৯৯৯ : যুদ্ধৰ মাজতো অম্লান মানৱতাৰ কাহিনী'

অৰবিন্দ ৰাজখোৱাৰ সদ্য প্ৰকাশিত '১৯৯৯' শীৰ্ষক গ্ৰন্থখন নিসন্দেহে গ্ৰন্থ জগতত এক উল্লেখযোগ্য সংযোজন । আলিবাট প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থখন প্ৰকৃততে ছখন উপন্যাসিকাৰ সংকলন। ইয়াৰে কাৰ্গিল যুদ্ধৰ পটভূমিত ৰচিত '১৯৯৯' নামৰ উপন্যাসখনৰ নামটোকে গ্ৰন্থখনৰ নাম হিচাপে ব্যৱহাৰ কৰা হৈছে। লগতে লেখকে ব্যক্তিগত একাষাৰত নামতো আন কাৰণটো প্ৰাসংগিক বুলি কৈছে। তেওঁ লিখিছে- "১৯৯৯ নামটো এই কিতাপখনৰ কাৰণে আন কাৰণতো প্ৰাসংগিক বুলি অনুভৱ কৰো। ইয়াত সংকলিত কেউখন উপন্যাসিকাৰে জুমুঠি উক্ত বছৰতে নিৰ্মান কৰা। সেইখিনি সময়ত দুখনমান আধালেখাকৈ এৰা হৈছিল। দুখনমান মাথো জকাঁটো প্ৰস্তুত কৰিয়েই এৰা হৈছিল। তেনেৰূপতে তৎকালীন দুখন পূজা আৰু বিহু সংখ্যাত তিনিখন উপন্যাসিকা প্ৰকাশো হৈছিল।"

ভাৰতবৰ্ষৰ ইতিহাসত '১৯৯৯' চনটো যথেষ্ট তাৎপৰ্যপূৰ্ণ। এই চনতেই ভাৰত পাকিস্তানৰ মাজত সংঘতিত হৈছিল কাৰ্গিল যুদ্ধ । কাৰোবাক পিতৃহাৰা কৰি,কাৰোবাক স্বামীহাৰা কৰি শত্ৰু সৈন্যৰ হাতত নিহত হৈছিল সীমান্ত সুৰক্ষাৰ দায়িত্বত থকা বহু সৈনিক।বীৰদৰ্পে দেশমাতৃৰ বাবে জীৱণ আহুতি দিয়া সৈনিকৰ কেঁচা তেজেৰে লিখা ১৯৯৯ চনৰ প্ৰেক্ষাপটক অৱলম্বন কৰি লিখা এখন গুৰুত্বপূৰ্ণ উপন্যাস। ই মাথো যুদ্ধৰ তথ্যগত বিৱৰণ নহয় ইয়াত গ্ৰোথিত হৈছে যোদ্ধাৰ চেতনাৰে যুদ্ধৰ ভয়াৱহতা আৰু যুদ্ধৰ ৰাজনৈতিক শত্ৰুতাৰ মাজতো অম্লান মানৱতাৰ কাহিনী। লেখকৰ চেতনাত ধৰা দিয়া কাৰ্গিল যুদ্ধখনৰ বিষয়ে লেখকে লিখিছে- 'কাৰ্গিল যুদ্ধৰ সময়ত মই মহাবিদ্যালয়ৰ ছাত্ৰ। মনৰ শক্তি অদমনীয়।যুদ্ধখন যে দূৰত হৈ আছে, সেই ভাৱ মনলৈ অহাই নাছিল। বাতৰিকাকতত ছপা হোৱা যুদ্ধৰ ফটোবোৰ দেখি প্ৰায়ে পিঠিত বন্দুক ওলমাই কাৰ্গিলৰ পাহাৰত শত্ৰুৰ সন্ধানত লৱৰি ফুৰিছিলোঁ। যুদ্ধ শেষ হোৱাৰ পাছত কাশ্মীৰৰ ইতিহাস পঢ়াৰ ইচ্ছা হৈছিল। অলপ পঢ়িছিলো। তাৰপাছতে লিখিবলৈ আৰম্ভ কৰিছিলো । আচলতে লিখাৰ মাধ্যমেৰে যুদ্ধখনত নামি চাইছিলো।'

উপন্যাসখনৰ মূখ্য চৰিত্ৰ মহীশূৰ ৰয়েল ৰাইফলছৰ কেপ্তেইন অৰিন্দম ৰাজকোঁৱৰ। এই অৰিন্দমৰ চৰিত্ৰই প্ৰতিনিধিত্ব কৰিছে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা দেশমাতৃৰ বাবে উৎসৰ্গিত হেজাৰ হেজাৰ সৈনিকৰ আৱেগ, গভীৰ দেশপ্ৰেম, দূৰ্বাৰ সাহস আৰু শাসকৰ কিছুমান সিদ্ধান্তৰ প্ৰতি থকা ক্ষোভক।কাৰ্গিল যুদ্ধৰ প্ৰথম শ্বহীদ স্কোৱাড্ৰন লীডাৰ অজয় আহুজাৰ চৰিত্ৰৰ উপস্থাপনে উপন্যাসখনৰ পঢ়ুৱৈক যুদ্ধৰ ভয়াবহতাৰ মাজলৈ লৈ যায় । অৰিন্দমে বন্ধু ভাস্কৰ পেটেলৰ সৈতে পাৰ কৰা সময়বোৰৰ মাজত সংস্থাপন কৰা কথোপকথনৰ যোগেদি যুদ্ধখনৰ প্ৰত্যেক দিনৰ বিৱৰণ দাঙি ধৰা হৈছে। সমান্তৰালভাৱে কাহিনীৰ মাজত কাশ্মীৰ ইতিহাসৰ বহুতো গুৰুত্বপূৰ্ণ তথ্য সুপৰিকল্পিতভাৱে উপস্থাপনৰ জৰিয়তে উপন্যাসখনৰ কাহিনীক পুষ্ট কৰা হৈছে। কেইবাটাও উপকাহিনীৰ সংযোজনেৰে উপন্যাসখনৰ মূলকাহিনীৰ গুৰুত্ব বৃদ্ধি কৰা হৈছে। তাৰ ভিতৰত ফৰিদা নামৰ এজনী সৰ্বহাৰা কিশোৰীৰ ভাৰতীয় সেনাৰ প্ৰতি প্ৰকাশিত ক্ষোভৰ মাজেৰে যুদ্ধৰ নিৰ্মমতা প্ৰকট কৰি তুলিছে। আনহাতে ভাৰতীয় সৈনিকৰ হাতত বন্দী হোৱা পাকিস্তানী যুৱক চৰফৰোছৰ ভাষ্যৰ মাজেত তৃতীয় পক্ষৰ ন্যস্তস্বাৰ্থৰ প্ৰসংগ প্ৰকাশ পাইছে।

'এল অ' চি নামৰ যিডাল সীমাৰেখাক ৰক্ষা কৰিবলৈ আজি অৰিন্দমহঁতে দলে দলে 'ভাৰত মাতা কী জয়' ধ্বনি দি কাৰ্গিল, ড্ৰাছ, বাটালিক খণ্ডত গোট খাইছেহি, সেই এল অ' চি ডালেই আচলতে ভুৱা লক্ষ্মণ ৰেখা।' কাশ্মীৰ সীমা সমস্যাৰ অন্তৰালত নিহিত হৈ থকা বিভিন্ন কাৰকসমূহ ইতিহাসৰ বৰ্ণনাৰ মাধ্যমেৰে স্পষ্টৰূপত বিশ্লেষণ কৰাটো লেখক ৰাজখোৱাৰ অন্যতম কৃতিত্ব। উপন্যাসিকাখনৰ মূখ্য চৰিত্ৰ অৰিন্দমৰ জন্ম ঠাইখন, বিশেষকৈ গাওঁখনৰ কথা বাৰে বাৰে কোৱা হৈছে।তাৰ মাজেৰে সৈনিক হোৱা স্বত্বেও অৰিন্দমৰ মনৰ মাজত নিহিত হৈ থকা কোমল চেতনাসমূহ প্ৰকাশ পাইছে। মুঠ বিচাৰত ১৯৯৯ এখন সাৰ্থক তথা সূখপাঠ্য উপন্যাসিকা। ১৯৯৯ৰ জৰিয়তে লেখকে প্ৰত্যেকজন পঢ়ুৱৈক কাৰ্গিল যুদ্ধত নিজে সোমাই চোৱাৰ এটা সুযোগ প্ৰদান কৰিছে। সংকলনটোত এইখন উপন্যাসিকাৰ উপৰি আৰু পাচঁখন উপন্যাসিকা প্ৰকাশ পাইছে। নব্বৈৰ দশকত সমাজজীৱন এক জটিল আৰু অনাহূত সমস্যাৰ মাজত সোমাই পৰিছিল। বিশেষকৈ তাৰ পূৰ্বেই হৈ যোৱা বিদেশী খেদা আন্দোলনৰ কু-প্ৰভাৱে সমাজখনক শংকিত তথা ভয়াৰ্ত কৰি তুলিছিল। ভাৰতীয় সেনাবাহিনীৰ বিবিধ অপাৰেচনে কোঙা কৰা সেই সময়ৰ পটভূমিত লিখা হৈছে '১৯৯৯' গ্ৰন্থত সংকলিত 'সেই একেটা আলিবাট' নামৰ উপন্যাসিকাখন । 'প্ৰতাপগড়' নামৰ উপন্যাসিকাখনত অসমৰ গ্ৰাম্য জনজীৱনৰ সজীৱ চিত্ৰ প্ৰকাশ পোৱাৰ লগতে গাঁৱৰ মানুহৰ সৰলতাৰ সুযোগ লৈ এচাম অসাধু মানুহে কিদৰে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে তাৰ চিত্ৰায়ণ কৰা হৈছে। মুঠৰ ওপৰত '১৯৯৯'ৰ যোগেদি ৰাজখোৱাই সাৱলীল আৰু স্পষ্ট গদ্যৰ লেখক হিচাপে নিজৰ পৰিচয় অধিক সুদঢ় কৰিছে।( 'অসমীয়া প্ৰতিদিন' কাকতত ২৩-১১-২০১৪ তাৰিখে প্ৰকাশিত '১৯৯৯' গ্ৰন্থখনৰ সম্পৰ্কে লিখা একে নামৰ এই গ্ৰন্থ আলোচনাটো কিছু সম্পাদিতৰূপত 'আখৰ'ত পুনঃ প্ৰকাশ কৰা হ'ল।)