• news (1)
  • news (2)
  • news (3)
  • news (4)
  • news (5)
  • news (6)
  • news (7)
  • news (8)
  • news (9)

উচ্চতৰ মাধ্যমিক চূড়ান্ত (কলা/বাণিজ্য/বিজ্ঞান বিভাগ) পৰীক্ষাত কৃতকাৰ্য হোৱা সকলোবোৰ ছাত্র-ছাত্রীৰে নিজৰ পচন্দৰ পাঠ্যক্রম লৈ উচ্চ শিক্ষা লাভ কৰিব বাবে পৰ্যাপ্ত সংখ্যক শিক্ষানুষ্ঠান আমাৰ ৰাজ্যখনত নাই৷ তদুপৰি ,নতুন নতুন পাঠ্যক্রমৰ সকলোবোৰ বিষয় অসমৰ শিক্ষানুষ্ঠানসমূহত নাই৷ গতিকে, অসমৰ কিছুসংখ্যক ছাত্র-ছাত্রী প্রত্যেক বছৰে অসমৰ বাহিৰৰ শিক্ষানুষ্ঠানত উচ্চ শিক্ষা লাভ কৰিবলৈ যাব বাবে বাধ্য হয়৷ কিন্তু, ৰাজ্যখনৰ বহুতো ছাত্র-ছাত্রী তথা অভিভাৱকসকলে বহুত কথা নাজানে যেনে- উচ্চতৰ মাধ্যমিক চূড়ান্ত (কলা/বাণিজ্য/বিজ্ঞান বিভাগ) পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি, অসম তথা দেশ-বিদেশৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহত কি কি বিষয়ৰ পাঠ্যক্রম পঢ়িব বাবে সুবিধা আছে ,বিভিন্ন শিক্ষানুষ্ঠানসমূহত শিক্ষা লাভ কৰিবলৈ কি কি অর্হতা লাগে, প্রতিযোগিতামূলক পৰীক্ষাবোৰৰ বাবে কেনেদৰে পঢ়া শুনা কৰিব লাগে , বিভিন্ন চাকৰি কাৰণে কি কি অহর্তা লাগে, চাকৰিবোৰৰ বিজ্ঞাপনবোৰ ক'ত পোৱা যাব, বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাবোৰৰ বিষয় কেনেকৈ গ'ম পোৱা যাব , ইন্টাৰনেটৰ জৰিয়তে কেনেকৈ শুদ্ধ তথ্য সংগ্রহ কৰিব পাৰি ইত্যাদি৷ কিন্তু ইয়াৰ বাবে ছাত্র-ছাত্রীসকলক দোষ দি লাভ নাই৷ যিহেতু এইবোৰ কথা আলোচনা কৰিবলৈ বিদ্যালয়/মহাবিদ্যালয়বোৰত সাধাৰণতে কোনো পিৰিয়দ ধাৰ্য কৰা নহয়, গতিকে ছাত্র-ছাত্রীসকলে এই কথাবোৰ জনা সুবিধা নাপায়৷ 'বিদ্যালয়/মহাবিদ্যালয় সপ্তাহ'ৰ লগত সংগতি ৰাখি বিদ্যালয় তথা মহাবিদ্যালয়বোৰে কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা আয়োজন কৰিলে ভাল হয় , তেতিয়া ছাত্র-ছাত্রীসকলে বিভিন্ন কেৰিয়াৰ বিষয়ে ধাৰণা লাভ কৰিবলৈ সক্ষম হ’ব৷ বিদ্যালয়/মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনীবোৰত কেৰিয়াৰ বিষয়ক লেখা প্রকাশ কৰিলে ছাত্র-ছাত্রীসকল উপকৃত হ'ব৷ লগতে এটা কথা ক’ব বিছাৰিছো - বিভিন্ন ছাত্র সংগঠন,বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্রতিষ্ঠানবোৰে অভিনন্দন অনুষ্ঠান আয়োজন কৰাতকৈ কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা আয়োজনত গুৰুত্ব দিলে ছাত্র-ছাত্রীসকল বেছি লাভাৱান হ'ব৷

বহুতে কয় যে ইন্টাৰনেটৰ জৰিয়তে কেৰিয়াৰ বিষয়ৰ সকলো তথ্য পাব পাৰি৷ গতিকে, ছাত্র-ছাত্রীসকলক কেৰিয়াৰ কাউন্সেলিং কৰা প্রয়োজন নাই৷ তেনেকৈ ভবা সকলক সুধিব বিছাৰিছোঁ - কিতাপত সকলো কথা থাকে , তেন্তে বিদ্যালয়/মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত শিক্ষকে কিয় পাঠ-দান কৰে ? হয়, ইন্টাৰনেটৰ পৰা কেৰিয়াৰ বিষয়ৰ তথ্য পাব পাৰি৷ কিন্তু আমাৰ ৰাজ্যখনৰ সকলো ছাত্র-ছাত্রীয়ে ইন্টাৰনেট ব্যৱহাৰ কৰা সুবিধা পোৱা নাই আৰু ইন্টাৰনেট ব্যৱহাৰ কৰা সুবিধা পোৱা সকলৰ বহুতে ইয়াৰ সুপ্রয়োগ কৰিবলৈ শিকা নাই৷ ইন্টাৰনেট কেনেকৈ ব্যৱহাৰ কৰিব লাগে,ইন্টাৰনেটৰ জৰিয়তে কেনেকৈ কেৰিয়াৰ বিষয়ৰ শুদ্ধ তথ্য পোৱা যাব ইত্যাদি বিষয়েও ছাত্র-ছাত্রীসকলক শিক্ষা দিয়া প্রয়োজন আছে৷ ইন্টাৰনেটত চাৰ্চ ইঞ্জিন (Search Engine)ৰ জৰিয়তে কেৰিয়াৰ বিষয়ৰ তথ্য পাব পাৰোঁ৷ কিন্তু কেনেকৈ শুদ্ধ আৰু শেহতীয়া তথ্য পোৱা যাব সেই বিষয়ে জানিব লাগিব৷ কোনো অনুষ্ঠান-প্রতিষ্ঠান, বিভাগ আদিৰ তথ্য জানিব বিচাৰিলে ,সেই অনুষ্ঠান-প্রতিষ্ঠান, বিভাগবোৰৰ অফিচিয়েল ৱেবছাইটবোৰ চাব লাগিব৷ অফিচিয়েল ৱেবছাইটবোৰতহে শুদ্ধ আৰু শেহতীয়া তথ্য পোৱা যায়৷ যিবোৰ অনুষ্ঠান-প্রতিষ্ঠান, বিভাগৰ নিজস্ব ৱেবছাইট নাই সেইবোৰৰ বিষয়ে জানিবলৈ বেলেগ অফিচিয়েল ৱেবছাইটবোৰৰ অধীনত থকা তথ্য গ্রহণ কৰিব লাগিব৷ ইন্টাৰনেটৰ পৰা শুদ্ধ আৰু শেহতীয়া তথ্য পাবৰ বাবে ভালদৰে শিকা উচিত, নহ’লে শুদ্ধ তথ্য পোৱা নাযাব তথা অযথা সময় খৰচ হ’ব৷

এইখিনিতে এটা কথা ক’ব বিছাৰিছোঁ - কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা যদি কোনো আগ্রহী ছাত্র-ছাত্রী তথা অভিভাৱকসকলে জানিব বিছাৰে তেন্তে প্রত্যেক শনিবাৰে বিয়লি ৬ বজাৰ পৰা ৯বজাৰ ভিতৰত আমাৰ লগত ফোনত (০৯৪৩৫১-৮৮৬৩০) যোগাযোগ কৰিব পাৰে৷ কেৰিয়াৰ বিষয়ৰ বিভিন্ন প্রশ্নৰ উত্তৰ ফোনত দি আৰু বিদ্যালয়, মহাবিদ্যালয়, বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্রতিষ্ঠানে আয়োজন কৰা কেৰিয়াৰ সজাগতা সভাবোৰত মাজে মাজে অংশ গ্রহণ কৰি ছাত্র-ছাত্রীসকলৰ লগত মুখা-মুখিকৈ কেৰিয়াৰ বিভিন্ন কথাবোৰ আলোচনা কৰি এটা কথা জানিব পাৰিছো যে ছাত্র-ছাত্রীসকলে বিভিন্ন পাঠ্যক্রম, বিভিন্ন বৃত্তি, প্রতিযোগিতামূলক পৰীক্ষা আৰু চাকৰিৰ বিজ্ঞাপন তথা প্রছপেক্টাছ(prospectus)ত লিখা কথাবোৰ ভালদৰে পঢ়ি নাচায়৷ ছাত্র-ছাত্রী তথা অভিভাৱকসকলে বিজ্ঞাপন তথা প্রছপেক্টাছত লিখা কথাবোৰ খৰচি মাৰি পঢ়ি চোৱা উচিত৷ ছাত্র-ছাত্রী তথা অভিভাৱকসকলে সততে জানিব বিচাৰে কি লাইন(বিষয়ত)ত পঢ়িলে সোনকালে চাকৰি পোৱা যাব৷ ছাত্র-ছাত্রী তথা অভিভাৱকসকলে মনত ৰখা ভাল যে যি লাইনতে নপঢ়ক, খৰচি মাৰি পঢ়ি ভালদৰে উত্তীৰ্ণ হৈ নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে সকলোতে সংস্থাপনৰ সুবিধা আছে৷

ছাত্র-ছাত্রীসকলে যি কোনো মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত নামভর্তি কৰা পূর্বে শিক্ষানুষ্ঠানবোৰৰ বৈধতা/ডিগ্রীৰ মর্যাদা/ব্যৱস্থা/স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ বিষয়ে জানি ল’ব লাগে৷ এই তথ্যবোৰৰ বিভিন্ন শিক্ষা বিষয়ক পৰিষদ/সংস্থা আদিৰ ৱেবচাইটৰ পৰা লাভ কৰিব পাৰি৷ যেনে- মানৱ সম্পদ উন্নয়ন মন্ত্রালয় (www.education.nic.in), বিশ্ববিদ্যালয় অনুদান আয়োগ (www.ugc.ac.in), ভাৰতীয় চিকিৎসা পৰিষদ (www.mciindia.org ), ভাৰতীয় ডেণ্টেল পৰিষদ (http://www.dciindia.org),ৰাষ্ট্রীয় মূল্যাঙ্কন আৰু স্বীকৃতি পৰিষদ (www.naac.gov.in ),নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ (www.aicte-india.org),ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা (www.aiuweb.org) ,দূৰ শিক্ষা পৰিষদ(www.dec.ac.in),ভাৰতীয় নাৰ্ছিং পৰিষদ (http://www.indiannursingcouncil.org), আৰ্কিটেকচাৰ পৰিষদ (http://www.coa.gov.in ),ভাৰতীয় বাৰ পৰিষদ (www.barcouncilofindia.org ) আদি৷ শিক্ষানুষ্ঠানসমূহ এই পৰিষদ বা সংস্থাবোৰৰ স্বীকৃতিপ্রাপ্ত হ’লেই নহ’ব৷ যি বিভাগত অধ্যয়ন কৰিব বিচাৰে,সেই বিভাগটিও স্বীকৃতিপ্রাপ্ত হ’ব লাগিব৷ তদুপৰি মহাবিদ্যালয়/বিশ্ববিদ্যালয়বোৰৰ শিক্ষণ ব্যৱস্থাৰ বিষয়ে বিতংভাৱে জানি লোৱা উচিত ,যেনে - পুথিভঁৰাল,ইণ্টাৰনেট আদি সা-সুবিধা আছে নে নাই, কেম্পাচ ইণ্টাৰভিউ হয় নে নহয়, উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীসকলে কেনেদৰে প্রতিষ্ঠিত হৈছে তাৰো এটা সাম্যক ধাৰণা লোৱা উচিত৷ সেইদৰে , থকা সা-সুবিধা কেনে ,পঢ়াৰ সুবিধা কেনেকুৱা সেই বিষয়েও জ্ঞান লোৱা উচিত৷

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণীৰ পিছত : কলা শাখা

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী কলা শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি :

সাধাৰণ স্নাতক পাঠ্যক্রম ,মেজৰসহ (যেনে-সমাজশাস্তৰ, অৰ্থনীতি, সাহিত্য (ইংৰাজী,অসমীয়া,হিন্দী,বঙালী ইত্যাদি), মনোবিজ্ঞান, বুৰঞ্জী,ৰাজনীতি বিজ্ঞান,শিক্ষা,পৰ্যটন ,পৰিবেশ কলা,নৃতত্ত্ব বিজ্ঞান,আইন ইত্যাদি স্নাতক পাঠ্যক্রম৷

স্নাতক পাঠ্যক্রমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হ’ল –

স্নাতকোত্তৰ (এম. এ.) আৰু পি.এইচ.ডি.৷

কলা শাখাত অধ্যয়ন কৰি মনোবিজ্ঞানী, সমাজবিজ্ঞানী, সমাজ কৰ্মী, বুৰঞ্জীবিদ, নৃতত্ত্ববিদ, লেখক, সাংবাদিক, অৰ্থনীতিবিদ, অধিবক্তা, বিদ্যালয়/মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰ শিক্ষক হিচাবে কেৰিয়াৰ গঢ়িব পাৰে৷

কলা শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ.পি.এছ.চি.)ৰ পৰীক্ষা,বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে৷

দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাঁচ বছৰীয়া সংযুক্ত আইনৰ স্নাতক পাঠ্যক্রম আৰু হোটেল পৰিচালনা (হোটেল মেনেজমেণ্ট) পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে৷

দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাঁচ বছৰীয়া সংযুক্ত ইংৰাজী/গণসংযোগ/বিদেশী ভাষাৰ স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে৷

অবিবাহিত ভাৰতীয় নাগৰিকে ৰাষ্ট্রীয় প্রতিৰক্ষা শিক্ষা প্রতিষ্ঠান (এন.ডি.এ.)ত নামভৰ্তি কৰিব পাৰে যদিহে ভাৰতীয় সেনাবাহিনীত যোগদানৰ ইচ্ছা থাকে৷ যিকোনো শাখাত দ্বাদশ শ্রেণীৰ উত্তীৰ্ণসকলে ইউ. পি. এছ. চি.ৰ অধীনত অনুষ্ঠিত এন.ডি.এ. পৰীক্ষাত বাছনি হৈ এই প্রতিৰক্ষা শিক্ষা প্রতিষ্ঠানত নামভৰ্তি কৰিব পাৰে৷

যিকোনো শাখাত দ্বাদশ শ্রেণীৰ উত্তীৰ্ণসকলে ফাইন আৰ্টছ,দৃশ্য কলা (ভিজুৱেল আৰ্টছ), আভ্যন্তৰীণ সজ্জা (ইণ্টেৰিয়’ৰ ডিজাইন), প্রায়োগিক কলা (এপ্লাইড আৰ্ট),ফেশ্বন ডিজাইন,অলংকাৰ সজ্জা (জুৱেলাৰী ডিজাইন) ইত্যাদি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে৷ যিসকল শিক্ষাৰ্থীৰ নৃত্য-গীত, নাটকৰ প্রতি আসক্তি আছে বা ইয়াক আনুষ্ঠানিক পাঠ্যক্রম হিচাপে ল’ব বিচাৰে, তেনে শিক্ষাৰ্থীয়ে পৰিৱেশ কলা স্নাতক পাঠ্যক্রম (বি.এফ.এ.)তনামভৰ্তি কৰিব পাৰে৷

দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ যিসকল শিক্ষাৰ্থীয়ে নিজকে এগৰাকী শাৰীৰিক শিক্ষাৰ শিক্ষক, ক্রীড়া প্রশিক্ষক অথবা ফিটনেছ ট্রেইনাৰ হিচাবে কেৰিয়াৰ গঢ়িব বিচাৰে, তেওঁলোকে “শাৰীৰিক শিক্ষা” বিষয়ৰ স্নাতক পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে৷

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণীৰ পিছত : বাণিজ্য শাখা

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বাণিজ্য শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি :

সাধাৰণ স্নাতক পাঠ্যক্রম ,মেজৰসহ (যেনে-ইঞ্চিউৰেন্স, কম্পিউটাৰ ,বৈদেশিক বাণিজ্য , বেংকিং আৰু ইঞ্চিউৰেন্স, একাউণ্টিং আৰু বিত্ত, ই-বাণিজ্য, অৰ্থনীতি আৰু একাউণ্টিং ইত্যাদি) স্নাতক পাঠ্যক্রম৷

স্নাতক পাঠ্যক্রমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হ’ল –

স্নাতকোত্তৰ (এম. কম.) , এম. বি.এ. আৰু পি.এইচ.ডি.৷

বাণিজ্য শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ.পি.এছ.চি.)ৰ পৰীক্ষা,বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে৷

চি.এ. (চাৰ্টাৰ্ড একাউণ্টেণ্সি) :

ভাৰতীয় চাৰ্টাৰ্ড একাউনটেণ্ট প্রতিষ্ঠানে চাৰ্টাৰ্ড একাউণ্টেণ্সিৰ শিক্ষা আগবঢ়ায়৷

কষ্ট একাউণ্টেণ্ট :

‘ইনষ্টিটিউট অৱ কষ্ট এণ্ড ৱ্কছ একাউনটেণ্টছ অৱ ইণ্ডিয়া’ই এই পাঠ্যক্রম আগবঢ়ায়৷

কোম্পানী ছেক্রেটাৰী :

‘ইনষ্টিটিউট অৱ কোম্পানী ছেক্রেটাৰিজ অৱ ইণ্ডিয়া’ই এই পাঠ্যক্রম আগবঢ়ায়৷

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণীৰ পিছত : বিজ্ঞান শাখা

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি : সাধাৰণ স্নাতক পাঠ্যক্রম ,মেজৰসহ ( যেনে- পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান ,গণিত, অৰ্থবিজ্ঞান , জীৱবিজ্ঞান, প্রাণীবিজ্ঞান, পৰিৱেশ বিজ্ঞান ইত্যাদি ) স্নাতক পাঠ্যক্রম৷

স্নাতক পাঠ্যক্রমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হ’ল –

স্নাতকোত্তৰ (এম. এচ.ছি.) আৰু পি.এইচ.ডি.৷

বিজ্ঞান শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ.পি.এছ.চি.)ৰ পৰীক্ষা, বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে৷ ষ্টাফ ছিলেকচন কমিছনৰ কম্বাইণ্ড গ্রেজুৱেট লেভেল পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে৷

উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছত বি.চি.এ., বি.বি.এ., বি.টেক./বি.ই. , বি.আৰ্ক, এম.বি.বি.এছ. ,বি.ফাৰ্ম , বি.এছ.চি. নাৰ্ছিং , আয়ুৰ্বেদিক , হোমিঅ’পেথিক, পশু পালন আৰু পশু চিকিৎসাৰ , কৃষি , মীন , গাৰ্হস্থ্যবিজ্ঞানৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে৷

পেৰামেডিকেল চায়েঞ্চ(Paramedical Sciences)ৰ বিভিন্ন বিভাগত (Cardiac Care Technology,Dialysis Technician Course, Emergency & First Aid,ICU Technology,Medical Laboratory Technology,Medical Radiographic Technology,O.T. Technology (OT + Anaesthesia + Endoscopy), Physicians Assistance Course, Physiotherapy) ডিপ্লমা শিক্ষা গ্রহণ কৰিব বাবে সুবিধা থকা অসমৰ চৰকাৰী শিক্ষানুষ্ঠান কেইখন হ’ল : ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ, ডিব্রুগড়;ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ, গুৱাহাটী; ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ, শিলচৰ; ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ, যোৰহাট৷ পেৰামেডিকেলৰ বিভিন্ন বিভাগত ডিপ্লমা শিক্ষা গ্রহণ কৰিব বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়ত ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে৷

শিক্ষাগত অৰ্হতা তথা দক্ষতা থাকিলেও বহু ক্ষেত্রত বিভিন্ন কাৰণত ৰাজ্যখনৰ বহুতো যুৱক-যুৱতীয়ে চৰকাৰী অথবা ব্যক্তিগত প্রতিষ্ঠানত আশা কৰা মতে নিযুক্তি পাবলৈ সক্ষম নহয়৷ ফলত ৰাজ্যখনত নিবনুৱা সমস্যা এটা প্রধান সমস্যা হৈ পৰিছে৷ চাকৰিৰ দ্বাৰা নিবনুৱা সমস্যা সমাধান কৰা কেতিয়াও সম্ভৱ নহয়৷ কিন্তু , চাকৰি বাহিৰেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্য কৰি নিজে জীৱিকা উপাৰ্জন কৰা লগতে আনকো নিয়োগৰ সুবিধা দিব পাৰি৷ এই বিষয়ে চৰকাৰী অনুষ্ঠান, বে-চৰকাৰী অনুষ্ঠান, স্বেচ্ছাসেৱী অনুষ্ঠান আৰু ছাত্র সংগঠনবোৰে ছাত্র-ছাত্রী তথা যুৱক-যুৱতীসকলক ৰাজ্যখনৰ সকলো অঞ্চলতে সজাগতা সভা আৰু কৰ্মশালা আয়োজন কৰি কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি আৰু সা-সুবিধাবোৰৰ বিষয়ে ভালদৰে বুজাই দিয়া লগতে বিভিন্ন ধৰণৰ ঋণ আগবঢ়োৱা বিত্তীয় অনুষ্ঠানবোৰৰ বিষয়ে বিতংকৈ জনাব লাগে৷ বাতৰি কাকত আৰু আলোচনীবোৰও সামাজিক দায়বদ্ধতাৰে সমাজ আৰু ৰাজহুৱা স্বাৰ্থ প্রতি লক্ষ্য ৰাখি ‘স্বনিয়োজন’ৰ বিভিন্ন দিশ সামৰি নিয়মীয়াকৈ লেখা প্রকাশ কৰিলে ভাল হয়৷ চৰকাৰী চাকৰি অবিহনেও সৰু-বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়-বাণিজ্য কৰিও সন্মানীয় জীৱন আৰু জীৱিকা নিৰ্বাহ যে কৰিব পাৰি সেই কথা উপলব্ধি কৰি কিছু সংখ্যক যুৱক-যুৱতীয়ে স্বনিয়োজনৰ পথ বাচি ল’লে নিবনুৱা সমস্যা অলপ হ’লেও কমিব বুলি আশা কৰিব পাৰি৷

যোগ্যতা থাকিলেও বিভিন্ন কাৰণত কিছুমান মহিলাই চাকৰি নাপায় বা বহুতো মহিলাই বিভিন্ন কাৰণত চাকৰি কৰিব নিবিচাৰে৷ সেইসকল মহিলাৰ কিছুমানে নিজৰ নিজৰ ভাল লগা বিষয়ত উদ্যোগ স্থাপন তথা ব্যৱসায় কৰা কথা ভাবি চাব পাৰে৷ অসমত মহিলাই স্থাপন কৰিব পৰা কিছুমান উদ্যোগ তথা ব্যৱসায় হ’ল- বিউটি পাৰ্লাৰ, নাৰ্চাৰী,অসমীয়া গহনা বিক্রীৰ প্রতিষ্ঠান, শাৰীৰ ফলচ ,ৰুমাল প্রস্তুত , কম্পিউটাৰৰ প্রয়োজনীয় সামগ্রী যোগান, টিভি মেৰামতি , কুকুৰা ফাৰ্ম ,ছাগলী ফাৰ্ম ,গৰু ফাৰ্ম ,কুকুৰ পোৱালী বিক্রী কেন্দ্র, কুৰিয়াৰ ছাৰ্ভিচ , কিতাপ,আলোছনী আদি বন্ধা ,মাছৰ একুৰিয়াম, কেটাৰিং ছাৰ্ভিচ ,মটৰ ড্রাইভিং স্কুল , কেৰিয়াৰ কাউন্সেলিং ,স্কুল আৰু কলেজৰ ছাত্র-ছাত্রীৰ ইউনিফৰ্ম, এম্ব্রইডাৰি বিছনা চাদৰ আৰু গাৰু,পুতলা নিৰ্মাণ,বুক বাইণ্ডিং ,ফটোষ্টেট আৰু লেমিনেচন, ডি.টি.পি., ভিডিঅ’ৰেকৰ্ডিং, ট্রেভেল এজেন্সি,পৰ্যটন সেৱা কেন্দ্র, ভাড়াত গাড়ী দিয়া, পেকেজিং উদ্যোগ, আচাৰ আৰু জাম-জেলী প্রস্তুত, কাঠফুলাৰ খেতি, ফুলৰ বাগিচা, বাঁহ-বেতৰ উদ্যোগ, গাখীৰৰ পৰা তৈয়াৰী বিভিন্ন সামগ্রী, ফাষ্ট ফুড ৰেস্তোৰাঁ, টেণ্ট হাউচ, মৰাপাটেৰে তৈয়াৰী বিভিন্ন সামগ্রী, আইচক্রীম, বেকাৰী, পিঠা আৰু লাডু প্রস্তুত, ক্রেচ, ছবি অঁকা স্কুল ,গানৰ স্কুল আদি৷

উদ্যোগী আৰু চাকৰিয়ালৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল - উদ্যোগীসকলে নিজে জীৱিকা উপাৰ্জন কৰা লগতে আনকো নিয়োগৰ সুবিধা দিব পাৰে৷ চাকৰিয়ালৰ উপাৰ্জন সীমিত কিন্তু উদ্যোগীৰ নহয়৷ উদ্যোগীসকলে যিমানে যত্ন কৰে সিমানে উপাৰ্জন বৃদ্ধি হয়৷ চাকৰিয়ালসকলে সদায় সীমাৰ মাজত কাম কৰিব লাগে কিন্তু উদ্যোগীসকলৰ কোনো সীমা নাই৷ উদ্যোগীসকলে নতুন নতুন দিশৰ পিনে কাম সম্প্রসাৰিত কৰিব পাৰে৷ চাকৰিয়াল এজন কৰ্মচাৰী মাথোন , কিন্তু উদ্যোগী এজন মালিক৷ মালিকৰ পদমৰ্যাদা সদায় ওপৰত৷ উদ্যোগী এজনে নিজে অৱসৰ নল’লে আনে তেওঁক অৱসৰ দিব নোৱাৰে৷ কাৰণ , তেওঁ উদ্যোগৰ মালিক হয়, কৰ্মচাৰী নহয়৷ সাধাৰণতে চাকৰি কৰি সৎ উপায়েৰে ধনী হোৱা সম্ভৱ নহয়, কিন্তু সৎ উপায়েৰে উদ্যোগ গঢ়ি বা ব্যৱসায় কৰি ধনী হোৱা সম্ভৱ৷ চাকৰিয়ালসকলৰ দিনটোৰ বাবে নিৰ্দিষ্ট কৰ্ম সময় থাকে কিন্তু উদ্যোগীসকলৰ ক্ষেত্রত কৰ্মৰ কোনো নিৰ্দিষ্ট সময় সীমা নাথাকে৷ এতিয়া কথা হ’ল, ছাত্র-ছাত্রী তথা শিক্ষিত যুৱক-যুৱতীয়ে চাকৰি কৰা নে উদ্যোগ গঢ়া কথা ভাবিব,সেয়া সকলোৰে ব্যক্তিগত কথা৷

বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণ জ্ঞানৰ কথা সোধে৷ এতিয়া কথা হ'ল সাধাৰণ জ্ঞান একে দিনাই গোটোৱা সম্ভৱ নহয়৷ ইয়াৰ কাৰণে দীঘলীয়া প্রস্তুতিৰ প্রয়োজন৷ সাধাৰণ জ্ঞান দুই প্রকাৰত ভাগ কৰিব পৰা যায়৷ পৰম্পৰাগত সাধাৰণ জ্ঞান (Traditional General Knowledge) আৰু সাম্প্রতিক ঘটনা প্রবাহ (Current Affairs )৷ পৰম্পৰাগত সাধাৰণ জ্ঞান আহৰণ কৰিবৰ কাৰণে বিদ্যালয়ৰ প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে পঢ়া সকলো বিষয়ৰ পাঠ্য পুথিৰ জ্ঞানবোৰ ভালদৰে আহৰণ কৰিব লাগিব৷ লগতে বিভিন্ন বিষয় যেনে-ভূগোল,বিজ্ঞান,ৰাজনীতি,সমাজ বিজ্ঞান আদি বিষয়ৰ আনুষংগিক প্রসংগ পুথি অধ্যয়ন কৰিব লাগিব৷ সাম্প্রতিক ঘটনা প্রবাহৰ জ্ঞান আহৰণ কৰিবৰ বাবে দৈনিক বাতৰি কাকত তথা আলোচনী নিয়মীয়াকৈ পঢ়িব লাগিব৷ সেইদৰে নিয়মীয়াকৈ ৰেডিঅ’বাতৰি অনুষ্ঠান শুনিব আৰু টেলিভিছনৰ বাতৰি অনুষ্ঠানবোৰ চাব লাগিব৷ এইবোৰৰ পৰা আহৰণ কৰা জ্ঞানবোৰ লিপিবদ্ধ কৰি ৰাখিব লাগে৷ ছাত্র-ছাত্রীসকলে সাধাৰণ জ্ঞান আহৰণ কৰিবৰ বাবে “ইন্টাৰনেট”(Internet)ৰ সহায় লব পাৰে৷ এইখিনিতে উল্লেখ কৰা ভাল হ'ব যে দৈনিক বাতৰি কাকত এখনৰ প্রথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈ জানিবলগীয়া বহুত কথা থাকে৷ গতিকে , অভিভাৱক তথা শিক্ষকসকলে ছাত্র-ছাত্রীসকলক এই কথাবোৰ ভালদৰে বুজাই দিলে ভাল হয়৷

ৰাজ্যিক, ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় পর্যায়ৰ বিভিন্ন বিষয়ৰ বৃত্তি বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান, বিভাগে প্রদান কৰে৷ এই বৃত্তিবোৰৰ বিষয়ে বাতৰি কাকত,আলোচনী তথা সেই অনুষ্ঠান-প্রতিষ্ঠান, বিভাগবোৰৰ নিজস্ব “ৱেবছাইট”ৰ যোগেদি প্রচাৰ কৰে৷ গতিকে, এই বৃত্তিবোৰৰ বিষয়ে সবিশেষ জানিবলৈ বাতৰি কাকত,আলোচনী, অনুষ্ঠান-প্রতিষ্ঠান তথা বিভাগবোৰৰ “ৱেবছাইট”বোৰত নিয়মীয়াকৈ চকু ফুৰাব লাগিব৷ এইদৰে মাজে মাজে বিভিন্ন বৃত্তিপ্রাপ্তসকলৰ বিষয়ে তথা তেওঁলোকৰ সাক্ষাৎকাৰ আদি বাতৰি কাকত আৰু আলোচনীত প্রকাশ প্রায়৷ ইয়াৰ জৰিয়তেও এই বৃত্তিবোৰৰ বিষয়ে আভাস পাব পাৰি৷লগতে এই বৃত্তি পোৱা লোকসকলক ব্যক্তিগতভাৱে লগ কৰিলেও লাভৱান হ’ব৷

এইখিনিতে দুটা ৱেবছাইট আৰু এটা ব্ল’গ (blog) ৰ বিষয়ে উল্লেখ কৰিব বিছাৰিছোঁ৷ এটা হ’ল কেৰিয়াৰ আনুষঙ্গিক ৱেবছাইট “সমিধান (www.xomidhan.org)”৷ এই ৱেবচাইটৰ যোগেদি ছাত্র-ছাত্রী তথা অভিভাৱকসকলে যিকোনো বিষয়ত কেৰিয়াৰ সম্পর্কীয় প্রশ্ন সুধিব পাৰে৷ এই ৱেবচাইটতোৰ জৰিয়তে বিনামূলীয়াকৈ কেৰিয়াৰ সম্পর্কীয় প্রশ্নৰ উত্তৰ লাভ কৰিব পাৰে৷ আনটি হ’ল “চাকৰি (www.sakori.org)”৷ “চাকৰি”ত বিভিন্ন ধৰণৰ চাকৰিৰ বিজ্ঞাপনবোৰ, যিবোৰ স্থানীয় সংবাদপত্র, বিভিন্ন কোম্পানীৰ নিজস্ব ৱেবছাইট আৰু নিযুক্তি সম্পর্কীয় ৱেবছাইটবোৰত প্রকাশ হয়, সেইবোৰ একত্রিত কৰি উপলব্ধ কৰা হয়৷ ব্ল’গটিৰ ঠিকনা হ’ল (careerquips.blogspot.in)৷ ইয়াত বিভিন্ন চাকৰি তথা প্রতিযোগিতামূলক পৰীক্ষাৰ বিজ্ঞাপন ,এই পৰীক্ষাৰবোৰৰ বাবে কেনেকৈ প্রস্তুতি চলাব লাগে তথা আৰ্হি প্রশ্নবোৰ উপলব্ধ কৰা হয়৷

বৰ্ত্তমান যুগত শিক্ষাগত অৰ্হতা তথা দক্ষতা থাকিলেও বিভিন্ন কাৰণত ৰাজ্যখনৰ বহুতো ছাত্র-ছাত্রী /যুৱক-যুৱতীয়ে কেতিয়াবা মনে বিচৰা বিভাগৰ বিভিন্ন বিষয়ত কেৰিয়াৰ গঢ়িব সক্ষম নহয়৷ গতিকে,ছাত্র-ছাত্রী /যুৱক-যুৱতীসকলে মাত্র এটা বিষয়তে কেৰিয়াৰ গঢ়িম বুলি ভাবি থকা উচিত নহয়৷ কোনো বিভাগৰ দুই বা ততোধিক বিষয়ত কেৰিয়াৰ গঢ়া কথা ভাবিব লাগে যাতে এই ভাবি থকা বিভাগৰ যিকোনো এটা বিষয়ত কেৰিয়াৰ গঢ়িব পাৰে৷ এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে কোনেও যিকোনো বিভাগৰ যিকোনো বিষয়ৰ কেৰিয়াৰত কেতিয়াও ১০০শতাংশ সন্তুষ্ট হ’ব নোৱাৰে৷ কোনোবাই হয়তো দৰমহাৰ লৈ সন্তুষ্ট নহ’ব পাৰে, কোনোবাই হয়তো কৰ্মস্থলীলৈ সন্তুষ্ট নহ’ব পাৰে, কোনোবাই হয়তো সহকৰ্মীলৈ সন্তুষ্ট নহ’ব পাৰে ইত্যাদি৷ গতিকে , যিকোনো বিভাগৰ যি বিষয়তে কেৰিয়াৰ গঢ়ক লাগিলে ,তাতে মন-কাণ দি কাম কৰিলে ভাল হয়৷

আমাৰ ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বহুতে কৰ্ম সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ যায়৷ ইয়াৰে কিছুমানে বহিঃৰাজ্যত গৈ এনেকুৱা কিছুমান কাম কৰি আছে যিবোৰ কাম বহিঃৰাজ্যৰ পৰা অহা সকলে আমাৰ ৰাজ্যখনত কৰি আছে৷ আমি ভাবোঁ, অসমৰ নিবনুৱা যুৱক-যুৱতীসকলে বহিঃৰাজ্যলৈ যোৱা সলনি নিজ ৰাজ্যতে কোনো লাজ-সংকোচ নকৰাকৈ সেই কামবোৰ কৰিবলৈ আগ বাঢ়ি আহিলে ভাল হয়৷ এই কামবোৰৰ কিছুমান কাম আমাৰ ৰাজ্যখনতে কৰাৰ ফলত শাৰীৰিক,মানসিক তথা আৰ্থিকভাৱেও যে লাভৱান হ’ব, এই বিষয়ে নিবনুৱা যুৱক-যুৱতীসকলক বুজাবলৈ অসমৰ ছাত্র সংগঠনবোৰ তথা স্বেচ্ছাসেৱী অনুষ্ঠান,চৰকাৰী অনুষ্ঠান, বে-চৰকাৰী অনুষ্ঠান আৰু ছ’চিয়েল নেটৱর্কিং ছাইটৰ অসমৰ হকে কাম কৰি থকা বিভিন্ন গোটবোৰ আগ বাঢ়ি আহিলে ভাল হয়৷

  • ( লেখকৰ ঠিকনাঃ যান্ত্রিক অভিযান্ত্রিক বিভাগ, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী,
    গুৱাহাটী-৭৮১০১৭, অসম৷ ফোন: ০৯৪৩৫১-৮৮৬৩০, ই-মেইল: buljit@gmail.com )