• news (1)
  • news (2)
  • news (3)
  • news (4)
  • news (5)
  • news (6)
  • news (7)
  • news (8)
  • news (9)

বিশ্বৰ অন্যতম বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ এটা ক্ষুদ্ৰ অংগ অসমভূমিত আজিও এলাগী হৈ ৰৈছে "বিজ্ঞান বিপ্লব"এ ৷ আমাৰ শিক্ষা ব্যৱস্থাত ব্যাপক ভাবে স্বতন্ত্ৰ শিকাৰু তথা এখন অন্ধবিশ্বাস মুক্ত অসম গঢ়ি তুলিব নোৱাৰাটোৱেই ইয়াৰ প্ৰমাণ ৷ যেতিয়া কোনোবা শিক্ষানুষ্ঠানৰ বিজ্ঞান শাখাৰ শ্ৰেষ্ঠ স্নাতক এজন ছাত্ৰই পুৱা বাতৰিকাকত খন মেলিয়েই কেৱল মাত্ৰ ৰাশিফলৰ বাৰ্তা গ্ৰহণ কৰে তেতিয়াই এক প্ৰশ্ন আহি পৰে- কিমান সচেতন আমাৰ যুৱ সমাজ? দেশৰ কোটি-কোটি যুৱপ্ৰজন্মক সাৰথি হিচাপে লৈ ভাৰতবৰ্ষক 2020 চনৰ আগতে এখন বিকশিত দেশ হিচাপে গঢ়ি তুলিব বিচৰা দেশৰ স্বপ্ন দ্ৰষ্টা বিজ্ঞানী ডঃ এ.পি.জে আব্দুল কালামৰ সপোন পূৰ্ণ হ'বনে?-নে যেনেকৈ গান্ধীজীৰ সপোনৰ ৰামৰাজ্য আজিও এক প্ৰশ্ন তেনেকৈ কালামৰো বিকশিত ভাৰতবৰ্ষ সপোন হৈয়ে ৰব! ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে স্বীকৃত সংবাদ মাধ্যমে আজিকোপটি এক প্ৰবল জনমত গঠন কৰাত ব্যৰ্থ হৈ আহিছে ৷ আজিও অসম মূলুকৰ সংবাদ জগত নতুন চিন্তা-ধাৰাৰে উজ্জীৱিত হব পৰা নাই ৷ কেৱল ৰাজনীতি চৰ্চাকেন্দ্ৰিক এই সংবাদ মাধ্যমে এক বিজ্ঞান বিপ্লৱ সূচনা কৰাৰ কথা ভাবিবলৈ আহৰি পোৱা নাই যেন অনুভৱ হয় ৷ কিয়নো ছপা মাধ্যমে প্ৰকাশ কৰা ৰাশিফল, জ্যোতিষ বিদ্যাৰ বিজ্ঞাপন আজিও যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয় অথবা ইলেক্ট্ৰনিক মাধ্যমে পীৰা পাৰি বহুওৱা জ্যোতিষবিদৰ ভাষ্য এক ডাঙৰ প্ৰশ্ন ?

সংবাদ মাধ্যম হৈছে এনে এক মাধ্যম যিয়ে সমাজৰ চুকে-কোনে এক ঢৌৰ সৃষ্টি কৰিব পাৰে ৷ কঠিন তথা প্ৰত্যাহ্বানমূলক হলেও সংবাদ মাধ্যমে অন্ধবিশ্বাসৰ বিৰূদ্ধে থিয় দিব লাগিব আৰু সূচনা কৰিব লাগিব নতুনত্বৰ ধাৰা ৷যেনেকৈ পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰে বুলি কোৱাত ইউৰোপত গেলিলিঅ' ধৰ্মতত্বৰ ৰোষত পৰিছিল; কিন্তু আজি এইটোৱে সচাঁ ঠিক তেনেকৈ বিকশিত সমাজৰ স্বাৰ্থত ৰোষৰ বলি হলেও সংবাদ মাধ্যমে ভুলক ভুল আৰু সঁচাক সঁচা হিচাপে দেখুৱাই জ্যোতিষ শাস্ত্ৰ বন্ধ কৰিবই লাগিব ৷ নিশ্চয় তেতিয়া ভৱিষ্যত প্ৰজন্মই এই মাধ্যমক মনত ৰাখিব ৷ এবাৰ নিজেই নিজক প্ৰশ্ন কৰকচোঁন আপুনি কেতিয়াবা অসমৰ সংবাদ চেনেলত বিজ্ঞান ভিত্তিক আলোচনা দেখিছেনে? অথবা অসমৰ উদ্ভাবক সকলক সমাজত প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমে ভূমিকা লোৱা মনত পৰেনে?

এইবাবেই এই প্ৰশ্ন কৰিছোঁ যে লখিমপুৰ জিলাতেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উদ্ভাবক উদ্ধৱ ভৰালীক চিনি নোপোৱাৰ সংখ্যা অধিক ৷ আনফালে ৰাজনীতিক সকলৰ পৰিচয় সন্দৰ্ভত মই কোৱাৰ প্ৰয়োজন নাই ! গুৱাহাটীৰ বানপানী সমস্যা সমাধানৰ বাবে গুৱাহাটী IIT অথবা বিজ্ঞ ব্যক্তি সকলে আগবঢ়োৱা বিজ্ঞান সন্মত ধাৰণাই সংবাদ মাধ্যমত এক ঢৌৰ সৃষ্টি কৰিব বুলি আঁশা কৰিছিলো ৷ কিন্তু , কাৰ্যত সেয়া হৈ নুঠিল ৷

সংবাদ মাধ্যমে পৰম্পৰাগত পদ্ধতিক আঁতৰাই নতুনত্বক আগুৱাই নিব লাগে ৷ বাতৰি কাকতসমূহে পুৱাই জনতাক দুষ্কৃতি-অপৰাধ আদিৰ বাতৰি সমূহৰ পৰা আঁতৰাই উক্ত দিনটোত ঘটা বিশ্বৰ এক বিজ্ঞান বাতৰি প্ৰচাৰ কৰিলে নিশ্চয় উচিত হ'ব ৷ আৰম্ভনিতেই এই কাকত সমূহে এখন বিজ্ঞানৰ লগত জড়িত ছবি প্ৰকাশ কৰিলে মানুহক এখোজ আগুৱাই নিয়াব পাৰিব ৷ এই কাকত সমূহেই সমাজক মহান বিজ্ঞানী সকলৰ পৰিচয় কৰিব পাৰে বিশ্লেষণৰ মাজেৰে ৷ আনৰ নহলেও অসমৰ উদ্ভাবক সকলৰ পেটেন্ট লাভ কৰা তত্ব,যন্ত্ৰ সুন্দৰ ভাবে প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে ৷ যেতিয়াই আমাৰ বাতৰি কাকতে আমাৰ সমাজৰ বৈজ্ঞানীক সাফল্য ডাঙৰ ডাঙৰ আখৰেৰে ছপা কৰিব তেতিয়াই আমাৰ সমাজ বিকশিত হোৱাৰ ফালে ধাবমান হ'ব ৷ অসমৰ বৈদ্যুতিক মাধ্যম সমূহে সুন্দৰ ভাবে সমাজৰ আগত বৈজ্ঞানীক বিশ্লেষণ আগবঢ়াব পাৰে ৷ বিভিন্ন বৈজ্ঞানীক তত্ব,উদ্ভাবক সকলৰ কৰ্মৰাজি,বিজ্ঞান বতৰা আদিৰ বহল বিশ্লেষণ অনায়াসে কৰিব পাৰে ৷ ৰাজনীতি কেন্দ্ৰিক আলোচনা সমূহৰ পৰা কিছু বিৰত ৰাখি বৈদ্যুতিক মাধ্যমে ঘন্টাজোৰা আলোচনা আগবঢ়াব পাৰে ৷ ই আমাৰ যুৱ,শিশু তথা বয়োজেষ্ঠ্য সমাজক দিব নতুনত্বৰ বাৰ্তা ৷

সংবাদ মাধ্যম সমূহে সংবাদ সমূহৰ আলোচনাৰ সফল পৰিসমাপ্তি ঘটাব লাগে ৷ এই ক্ষেত্ৰত দেখা গৈছে পদাৰ্থ বিজ্ঞানৰ পোহৰ আৰু নিউট্ৰিন কণাৰ গতিবিষয়ক বাতৰি, বিগ বেং তত্ব ,আইছ'টন ধুমকেতুৰ যাত্ৰা বিষয়ক বাতৰি অসমৰ বাতৰি কাকত সমূহে প্ৰচাৰ কৰিছিল যদিও পৰিসমাপ্তি কৰা দেখা ন'গ'ল ৷ আমি আশা কৰোঁ অদূৰ ভৱিষ্যতে এনে নহ'ব ৷ সততেই দেখা যায় সংবাদ মাধ্যমে প্ৰচাৰ কৰা বাতৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিয়পে ৷ ৰাজনীতিৰ ক্ষেত্ৰত ই সততেই দেখা যায় ৷ গতিকে আমি আশা কৰিব পাৰোঁ অসমৰ সংবাদ মাধ্যমে বিজ্ঞানৰ ক্ষেত্ৰত এক ঢৌৰ সৃষ্টি কৰিব আৰু এইটোৱেই অসমত বিয়পিব ৷ তেতিয়া অসমৰ মানুহে বিজ্ঞানৰ সৰু-বৰ কথাৰ বাৰ্তা পাব আৰু ক্ৰমে অসমীয়া সমাজ যুক্তি বাদী হব ৷ ইয়াৰ জৰিয়তে অন্ধবিশ্বাসৰ বৈজ্ঞানীক বিশ্লেষণ হোৱাৰ আশা কৰিম ৷

এইবোৰৰ মাধ্য়মেৰে তথা আলমেৰে আমি অসম দেশ বিকশিত কৰিব লাগিব ৷ আমাৰ সংবাদ মাধ্যমে এই ধাৰণা সমূহ এতিয়াই আৰম্ভ কৰক ৷ কাৰণ ইতিমধ্যে আমাৰ পলম হৈ গৈছে ৷ আমি পিছ পৰি ৰৈছো বিশ্বৰ বিজ্ঞান সাম্ৰাজ্যৰ উন্নতিৰ যাত্ৰাত ৷ সংবাদ মাধ্যমক আমাৰ আহ্বান , আমাকো এই যাত্ৰাত সুকলমে অন্তভুৰ্ক্ত হোৱাত সহায় কৰক ৷