শিতানটোৰ বিষয়ে

বোলছবি হ’ল ‘আখৰ’ৰ এটা নিয়মীয়া শিতান৷ শিতানটোত সদ্য মুক্তিপ্ৰাপ্ত বিভিন্ন চলচ্চিত্ৰ সমন্ধীয় পৰিচয়মূলক আলোচনা তথা বোলছবি জগতৰ সৈতে জড়িত বিভিন্ন খবৰ আৰু তথ্য অন্তভূক্ত কৰা হ’ব৷ আলোচনাৰ পৰিসৰে অসমীয়া বোলছবিৰ লগতে বলিউড, হলীউদ আদিৰ ছবিকো সামৰি ল’ব৷ লেখকসকলে বোলছবিৰ সৈতে জড়িত বিভিন্ন লেখা এই শিতানটোলৈ প্ৰেৰণ কৰিব পাৰিব ( লেখা পঠিয়াবলৈ ইয়াত ক্লিক কৰক )৷ প্ৰথম সংখ্যাৰ এই শিতানটোৰ পৰিকল্পনা ডিম্পল চমুৱাৰ৷

ভূপাল এ প্ৰেয়াৰ ফ’ৰ ৰেইন

ভাৰতৰ পটভূমিত নিৰ্মিত হলিউদৰ ছবিৰ সংখ্যা প্ৰায় নগন্য৷ তথাপিও দুই এখন ছবি ভাৰতৰ পটভূমিত নিৰ্মিত হোৱা দেখা যায়৷ ২০১৪ বৰ্ষৰ শেষৰ ফালে ভূপালৰ গেছ ট্ৰেজেডি’ৰ ওপৰত নিৰ্মিত ৯৬ মিনিট দৈৰ্ঘ্যৰ এখন ছবি মুক্তি পাইছে৷ ভূপাল গেছ ট্ৰেজিডি যিটো আজিলৈকে সংঘটিত হোৱা মানৱনিৰ্মিত কাৰখানাজনিত সৰ্ববৃহৎ দুৰ্ঘটনা বুলি ধৰা হয়, তাৰেই আলমত উক্ত চিনেমাখন নিৰ্মিত হৈছে৷ চিনেমাখন পৰিচালনা কৰিছে ভাৰতীয় মূলৰ ৰবি কুমাৰ নামৰ পৰিচালকজনে৷ চিনেমাখনৰ মূল কাহিনীভাগ আৰম্ভ হৈছে দিলীপ নামৰ ভূপালৰ ৰিক্সাচালক এজনৰ কাহিনীৰে৷ দিলীপ ভূপালৰ দাঁতি কাষৰীয়া বস্তি অঞ্চলত বাস কৰা এজন দুখীয়া লোক ১৯৮৪ চনৰ ভূপালৰ “ইউনিয়ন কাৰ্বাইদ” নামৰ...

হাইদ'ৰ

ভাৰতীয় ছবিৰ গুণগত দিশটো জাপানী, ফৰাচী, ইটালিয়ান ছবি আদিৰ তুলনাত অতি নিম্নমানৰ৷ ভাৰতীয় ছবিয়ে যৎকিঞ্চিৎহে অস্কাৰলৈ মনোনিত হয়৷ কিন্তু আচৰিত কথাতো হ’ল পৃথিৱীত প্ৰতি বছৰে ভাৰতবৰ্ষৰ পৰাই সৰ্বোচ্চসংখ্যক চিনেমা নিৰ্মিত হয় আৰু হলিউদৰ পিছতে ভাৰতীয় ছবি দেখুওৱা দ্বিতীয় বৃহৎসংখ্যক ছবিঘৰ আছে৷ তথাপিও মাজে সময়ে দুই এখন মননশীল ছবি ভাৰতীয় পৰিচালকে সৃষ্টি কৰি আহিছে৷ উদাহৰণস্বৰূপে ২০১৪ বৰ্ষত মুক্তি প্ৰাপ্ত বিশাল ভৰদ্বাজ পৰিচালিত ‘হাইদৰ’ ছবি খনৰ নাম ল'ব পাৰি৷ ‘হাইদৰ’ ছবিখন প্ৰসিদ্ধ নাট্যকাৰ ছেক্সপিয়েৰৰ ‘হেমলেট’ নামৰ নাটকখনৰ অভিযোজন যদিও ছবিখনত পৰিচালকে নিজস্ব প্ৰতিভা দেখুৱাইছে৷ ছবিখনৰ মূল কাহিনীভাগ আগবাঢ়িছে কাশ্মিৰৰ যুৱক হাইদৰ আৰু তেখেতৰ পৰিয়ালক কেন্দ্ৰ কৰি....

অদম্য- এক সাহসী প্ৰচেষ্টা

এগৰাকী এইডছ ৰোগীৰ জীয়াই থকাৰ দূৰ্বাৰ হেঁপাহ আৰু সমাজখনে এইডছ ৰোগীসকলৰ প্ৰতি প্ৰদৰ্শন কৰা ব্যৱহাৰ অতি সুন্দৰ ৰূপত পৰিচালিকা ববী শৰ্মাই অদম্য ছবিখনত উপস্থাপন কৰিছে। সামগ্ৰিকভাৱে নতুন পৰিচালিকা ববী শৰ্মাৰ এই ছবিখন দেশ বিদেশৰ মুঠ ১০টাকৈ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে। ১৩ সংখ্যক ঢাকা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত 'স্পিৰিচুৱেল' শিতানত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে। সমগ্ৰ অসমৰ ১৭টা চিত্ৰগৃহত ছবিখনে যোৱা ১২ ডিচেম্বৰ তাৰিখে মুক্তি লাভ কৰে। গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত বি.বি এন্টাৰটেইনমেন্ট প্ৰা: লি:ৰ বেনাৰত নিৰ্মিত ছবিখন প্ৰযোযনা কৰিছে বসন্ত কুমাৰ বৰুৱাই। ছবিখনৰ চিত্ৰ গ্ৰহণ কৰিছে মুম্বাইৰ সত্য প্ৰকাশ ৰথে। চিনেমাখনৰ মূলচৰিত্ৰ 'জুৰি',যাক অৱলম্বন কৰি চিনেমাখনৰ কাহিনীভাগ নিয়ন্ত্ৰিত হৈছে। জুৰীৰ দেহত এইচ আই ভি ভাইৰাচ, সমান্তৰালভাৱে যন্ত্ৰণাকাতৰ এক বৈধৱ্য জীৱন। সমাজখনে তাইৰ প্ৰতি দেখুওৱা হীন দৃষ্টি, অধ:পতনৰ দিশে আগবঢ়া তাইৰ কন্যা সন্তানৰ উচ্ছৃংখল জীৱন--এইবোৰক সমল হিচাপে লৈয়েই পৰিচালিকাই সৃষ্টি কৰিছে ৯৯মিনিট দৈৰ্ঘ্যৰ এই মনোৰম ছবিখন। জুৰী চৰিত্ৰত অভিনয় কৰা প্ৰণামী বৰাৰ বলিষ্ঠ অভিনয়ে ছবিখনক বাট দেখুৱাইছে। সমাজৰ জ্বলন্ত সমস্যা এটাক ভিত্তি কৰি নিৰ্মাণ কৰা অদম্য ছবিখন ববী শৰ্মাৰ এক সাহসিক প্ৰচেষ্টা ।যিহেতু ছবিখন বাস্তৱ পটভূমিৰ ওপৰত নিৰ্মিত গতিকে ই এইডচ ৰোগ সম্পৰ্কে এক সচেতনতা আৰু সজাগতা সৃষ্টিত এক অৰিহণা যোগাব পাৰিব বুলি ভবাৰ থল আছে।

পানী- water for life

বৰ্তমান সময়ত চৰকাৰী আঁচনিসমূহ কিদৰে ৰূপায়ণ নোহোৱাকৈ থাকি এচাম দালাল তথা মধ্যভোগীৰ জেপ গৰম হয় তাৰেই আলমত পৰিচালক যদুমণি দত্তই সৃ্ষ্টি কৰিছে পানী নামৰ চলচ্চিত্ৰখন৷ ‘অগ্নিসাক্ষী’ আৰু ‘জেতুকা পাতৰ দৰে’ৰ পিছত দত্তদেৱৰ এইখন তৃতীয় ছবি৷ যোৱা ১২ ছেপ্তেম্বৰত অসমৰ ১৭টা চিত্ৰগৃহত এইখন ছবি মুক্তি দিয়া হয়৷ মুক্তিৰ আগে ছবিখনে দ্বিতীয় দিল্লী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু ঢাকা চলচ্চিত্ৰ মহোৎসৱত ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল৷ চৈয়দ আব্দুল মালিকৰ গ্ৰন্থৰ আধাৰত জেতুকা পাতৰ দৰে চলচ্চিত্ৰখন নিৰ্মাণৰ পিছৰে পৰা যদুমণি দত্তদেৱ এজন সফল পৰিচালক হিচাপে বিবেচিত হৈছে৷ পানী ছবিখন প্ৰয়াত দীপক কুমাৰ গগৈৰ একেই নামৰ একাংকিকা নাটৰ চলচ্চিত্ৰ ৰূপ৷ ছবিখনৰ মূল পটভূমি হ’ল বিভিন্ন সমস্যাৰে জৰ্জৰিত ৰতনপুৰ গাওঁ৷ এই গাঁৱত বিশুদ্ধ খোৱা পানীৰ অভাৱ,....

ভৱেন্দ্ৰ নাথ শইকীয়াৰ গল্পৰ আধাৰত নিৰ্মিত ছবি শৃংখল

ড° ভবেন্দ্ৰনাথ শইকীয়াৰ গল্পৰ আধাৰত নিৰ্মিত অসমীয়া চলচ্চিত্ৰ,শৃংখল নতুন পৰিচালক প্ৰবীণ হাজৰিকাৰ এক বলিষ্ঠ পদক্ষেপ। সাহিত্যক চলচ্চিত্ৰ ৰূপ দিওঁতে পৰিচালকে বহুতো দৃশ্য আৰু কাহিনীৰ হীন-দেঢ়ি ঘটাব লাগে।কিন্তু শৃংখল চলচ্চিত্ৰখনত একে নামৰ শইকীয়াদেৱৰ গল্পটোৰ কাহিনী মূল কাহিনীৰ পৰা বিচলিত হোৱা নাই। অসম ৰাজ্যিক বিত্ত আৰু উন্নয়ন নিগম আৰু চিলভাৰলাইনৰ যৌথ প্ৰযোজনাত নিৰ্মাণ কৰা শৃংখল ছবিখন মুক্তি পায় যোৱা ১৭ অক্টোবৰত। এগৰাকী বিধৱা নাৰীৰ(অম্বিকা) অতি দূৰ্ভগীয়া বৈধৱ্য জীৱনক লৈ নিৰ্মিত হৈছে শৃংখল। অতি কম বয়সতে অকাল বৈধব্যৰ সন্মুখীন হোৱা অম্বিকাক সমাজখনে কৰা ব্যৱহাৰ, কণমাণি তাইৰ ল'ৰা ছোৱালীহঁতৰ ভোক পিয়াহত জৰ্জৰিত জীৱন,অকালতে মৰহি যোৱা তাইৰ যৌৱন, তাইৰ পূৰ্বৰ গোপন প্ৰেমিক কালিদাসৰ তাইৰ প্ৰতি দেখুৱা মহানুভৱতা আদিয়ে চিনেমাখনৰ কাহিনীভাগ আগুৱাই নিছে। ছবিখনৰ মূল চৰিত্ৰ অম্বিকাৰ ভাওত অভিনয় কৰিছে বঙালী অভিনেত্ৰী জয়াশীলে। কালিদাসৰ চৰিত্ৰত অভিনয় কৰিছে 'লাইফ্ অৱ্ পাই'ত অভিনয় কৰা অসম সন্তান আদিল হুছেইনে। চিনেমাখনৰ কাহিনীৰ বাস্তৱধৰ্মিতা অতি সময়োপযোগী হৈছে। অৱশ্যে ছবিখনত ব্যৱহিত সংগীতৰ ক্ষেত্ৰত দূৰ্বলতা পৰিলক্ষিত হৈছে। অসমীয়া গ্ৰাম্য সমাজ জীৱনৰ নিভাজ ছবিখন স্পষ্টৰূপত দাঙি ধৰাত পৰিচালক সফল হৈছে বুলি ক'ব লাগিব।