• news (1)
  • news (2)
  • news (3)
  • news (4)
  • news (5)
  • news (6)
  • news (7)
  • news (8)
  • news (9)
হাইদ'ৰ

ভাৰতীয় ছবিৰ গুনগত দিশটো জাপানি, ফৰাচী, ইটালিয়ান ছবি আদিৰ তুলনাত অতি নিম্নমানৰ৷ ভাৰতীয় ছবিয়ে যৎকৃঞ্চিতহে অস্কাৰ লৈ মনোনিত হয়৷ কিন্তু আচৰিত কথাতো হ’ল পৃথিৱীত প্ৰতি বছৰে ভাৰতবৰ্ষই সবোচ্চসংখ্যক চিনেমা নিৰ্মাণ কৰে আৰু হলিউদৰ পিছতে ভাৰতীয় ছবি দেখুওৱা দ্বিতীয় বৃহৎসংখ্যক ছবিঘৰ আছে৷ তথাপিও মাজে সময়ে দুই এখন মননশীল ছবি ভাৰতীয় পৰিচালকে সৃষ্টি কৰি আহিছে৷ উদাহৰণ স্বৰূপে ২০১৪ বৰ্ষত মুক্তি প্ৰাপ্ত বিশাল ভৰদ্বাজ পৰিচালিত ‘হাইদৰ’ ছবি খনৰ নাম লব পাৰি৷ ‘হাইদৰ’ ছবিখন প্ৰসিদ্ধ নাট্যকাৰ ছেক্সপিয়েৰৰ ‘হেমলেট’ নামৰ নাটকখনৰ অভিযোজন যদিও ছবিখনত পৰিচালকে নিজস্ব প্ৰতিভা দেখুৱাইছে৷ ছবিখনৰ মূল কাহিনীভাগ আগবাঢ়িছে কাশ্মিৰৰ যুৱক হাইদৰ আৰু তেখেতৰ পৰিয়ালক কেন্দ্ৰ কৰিকৰি৷ হাইদৰৰ দেউতাক কাশ্মীৰত কৰ্মৰত এজন চিকিৎসক অছিল৷ এদিন তেখেতে স্ব-গৃহতে এজন সন্ত্ৰাসবাদীক গোপনে চিকিৎসা কৰা কথা ভাৰতীয় সেনাই গম পাইছিল আৰু সেই অপৰাধত তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিল৷ দেউতাকৰ এই দুৰ্দশাৰ কথা গম পাই আলিগড়ত অধ্যয়ন কৰি থকা হাইদৰ কাশ্মীৰলৈ বুলি ৰাওনা হয়৷ কিন্তু সমগ্ৰ কাশ্মীৰ চলাথ কৰিও হাইদৰে দেউতাকৰ সূংসূত্ৰ উলিয়াবলৈ সক্ষম নহল৷ এনে অৱস্থাত মাক আৰু খুৰাকৰ প্ৰেমজনিত সম্পৰ্কৰ কথা জানিও হাইদৰ মানসিক ভাবে ভাগি পৰিছিল৷ কিন্ত কিছু দিনৰ পিছত এক বিশেষ সূত্ৰৰ পৰা হাইদৰে গম পালে যে তাৰ দেউতাকক হত্যা কৰা হৈছে আৰু হত্যাৰ মূল ষড়যন্ত্ৰকাৰী হৈছে তাৰ খুড়াকেই৷ ছবিখনৰ কাহিনীভাগ, চৰিত্ৰৰ চিত্ৰায়ন, সংগীত অতি সুন্দৰ হৈছে৷ ছবিখনৰ বেছিভাগ দৃশ্য কাশ্মীৰৰ বৰফাবৃত লোকেচনত লোৱা হৈছে৷ নিৰ্মাণৰ সময়ৰে পৰা ছবিখনে বিভিন্ন বিবাদৰ সন্মুখীন হৈছিল৷ কাশ্মীৰ চৰকাৰে ছবিখনৰ ৩০ শতাংশমান কাম সম্পূৰ্ণ হোৱাৰ পিছত ছবিখনৰ চিত্ৰগ্ৰহণ তাত বন্ধ কৰি দিয়া হৈছিল৷ ‘হাইদৰ’ ছবিখনে বিদেশতো যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ ইটালিত অনুষ্ঠিত এখন আন্তঃ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘ব্যক্তি প্ৰিয়’ শিতানত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷