• news (1)
  • news (2)
  • news (3)
  • news (4)
  • news (5)
  • news (6)
  • news (7)
  • news (8)
  • news (9)

'অ দেউতা বলক আক',সময় হ'লেইচোন।দীপকৰ মাতত ঠিক মই সাৰ পাওতেই দেখিলো যে, অ' হয়তো নিশা ১০ বাজিলেইচোন। এতিয়া যোৱাটো ভাল হ'ব।মানে মই নাছাৰ ৰিচাৰ্ছ চাইন্টিছট আৰু মোৰ ল'ৰাটো তথা দীপক তাৰেই মহাকাশ বিজ্ঞান বিভাগৰ গৱেষক। আজি মংগল গ্ৰহৰ পৰা কেইটামান বহি: বিশ্বৰ প্ৰানী আমাৰ মানব জাতিক লগ কৰিবলৈ অহাৰ কথা।জ্ঞানৰ বিনিময়ৰ বাবে। নিশা ঠিক ১২ বজাত নাছাৰ মূখ্য কাৰ্যালয়ৰ কাষতে এখন পীটছত তেওঁলোক পাবহি।

'দীপক ব'লা।' ঠিক তাৰ পাছতেই আমি গাড়ীৰে নাছাৰ অভিমূখে অগ্ৰসৰ হ'লো।সম্পূৰ্ নিজান পৰিৱেশ।সকলো দিশতেই নিৰৱতা বিৰাজমান। প্ৰায় আধা বাট পালোহি।বিশাল পথাৰখনৰ মাজেৰে থকা ঘাইপথটোৰে আমি আগুৱাই গ'লো।সমগ্ৰ বিশ্বৰ প্ৰা্য দহ হাজাৰতকৈ অধিক বিজ্ঞানী পীটছত উপস্থিত হৈছেগৈ।পথাৰৰ ঠিক মাজভাগ পাওঁতেই অকস্মাতে যেন আকাশৰ পৰা এটা তৰা সহি পৰিল।প্ৰায় দহ বাৰখন ট্ৰাক জাপি দিলে যেনেকুৱা এটা আকাৰ হব ঠিক তেনেকুৱা আকাৰৰ এখন ইউ এফ অ'।মই গাড়ী বন্ধ কৰি দীপকৰ সৈতে বাহিৰলৈ আহিলো।সি তাৰ কেমেৰটোৰে যানখনৰ ফটো তুলিবলৈ লওতেই নিকটৱৰ্তী সকলোবোৰ ইলেক্টনিক যন্ত্ৰ বিকল হৈ পৰিল।আনকি মই অফিচলৈ ফ'ন কৰিবলৈ বহুত চেষ্টা কৰিো বিফল হ'লো।পিছত গম পালো যে আজি আমি যোগাযোগ কৰিবলৈ ওলোৱা বহি:বিশ্বৰ 'জৰ্জ এডৱাৰ্ড চেজনিক জেনাৰ' নামৰ মহাকাশ যান খন ভুল বশত ইয়াতে অৱতৰণ হ'ল।যানখনৰ পৰা ৩০ মিটাৰমান দূৰত্বৰ নিৰাপদ স্থানৰ পৰা আমি অপলক ভাৱে যানখনৰ গতি-বিধি নীৰিক্ষণ কৰিলো।প্ৰা্য তিনিমিনিট পাছত যানখনৰ পৰা প্ৰা্য় ১৫ ফুট ওখ বিশালাকাৰ কিন্তু বাহ্যিক দৃষ্টিত খুবেই শান্তিপ্ৰিয় দু্টা জীৱ আমাৰ দিশে আগবাঢ়ি আহিল।সেই সময়ত আমি বাকৰুদ্ধ হৈ পৰিলো আৰু আমাৰ হৃদস্পন্দনৰ গতি এক মিনিটত যেন ৭২ হৈ থকা নাছিল,বহুত বেছি বাঢ়ি গৈছিল।১৫ মিনিট পাছত আমি নিজকে এখন বেলেগ পৃথিৱীত আৱিস্কাৰ কৰিলো।এই ১৫মিনিটত কি হ'ল সেয়া আমাৰ চেতনাৰ পৰিধিৰ বাহিৰত আছিল।দীপকৰ পৰা জানিব পাৰিলো এয়া মংগল গ্ৰহৰ 'জেনাৰগল্ড' নামৰ পাহাৰ এখনৰ এটা গুহাৰ পৰিৱেশ।অৰ্থাৎ আমি এতিয়া মংগল গ্ৰহত উপস্থিত হ'লোহি।আমাৰ দৰেই আৰু প্ৰায় পাচঁশৰো অধিক মানুহতকৈ উচ্চ আৰু নিম্ন শ্ৰেণীৰ প্ৰাণী তাত বন্দীৰূপত আছিল।সেই ১৫ ফুট ওখ বিশালাকাৰ জীৱ দুটাই আমাৰ সকলোকে এক নিৰ্দিষ্ট স্থানলৈ লৈ গ'ল। ৰম্বাছ আকৃতিৰ এটা বৃহৎ কোঠাত তেওলোকে আমাক কিছুমান ট্ৰান্সচিভাৰৰ সহায়ত তেওঁলোকৰ উদ্দেশ্য সম্পৰ্কে জনালে। তেওঁলোক ৪০০৫ চনৰ পৰা আমাৰ বৰ্তমানলৈ আহিছে।সময়কো প্ৰত্যাহ্বান জনাবলৈ সক্ষম হোৱা এই প্ৰাণীসমূহ যে ভৱিষ্যতৰ মানুৱ প্ৰজাতিয়েই সেইসম্পৰ্কে আমি তেওঁলোকৰ পৰা অৱগত হ'লো।আমাৰ সৈতে জেনাৰগল্ডত সহৱস্থান কৰা অন্যান্য নিম্ন আৰু উচ্চ শ্ৰেণীৰ প্ৰাণীসমূহকো তেওঁলোকে আমাক অনাৰ দৰেই ভিন্ন সময়ৰ পৰা টাইম মেচিনৰ সহায়ত বিভিন্ন গ্ৰহৰ পৰা আনিছে। Project: R:D:O:E নামৰ এটা বহুমূখী প্ৰকল্পৰ কাম তেওঁলোকে কৰি আছে যাৰ সম্পূৰ্ণ অৰ্থ Research and Development of Earth-like planet ।এই প্ৰকল্পৰ জৰিয়তে আমাৰ জ্ঞানৰ ওপৰত গৱেষণাৰ নিমিত্তে আমাক ইয়ালৈ অনা হৈছে।

পৃথিৱীৰ মুঠ মাটিকালি কিমান? মই জিঅ'গ্ৰাফীত কেচাঁ।তেওঁলোকে জনালে তেওঁলোকৰ বাবে পৃথিৱীৰ পৰিসীমা আমাৰ দৰে সংকীৰ্ণ নহয়, তেওঁলোকৰ পৃথিৱীয়ে সামৰি লয় ২০খন সৌৰজগত য'ত প্ৰায় পাঁচ হাজাৰতকৈও অধিক উন্নত মানৱে একেলগে জীৱন নিৰ্বাহ কৰি আছে।তেওঁলোকৰ চিন্তা আৰু কৰ্মসূচীৰ সম্পৰ্কে জানি আমি আচৰিত হ'লো। সমান্তৰালভাৱে জীৱশ্ৰেষ্ঠ হিচাপে নিজকে দাবী কৰাৰ বাবে লজ্জিত অনুভৱ কৰিলো।সেই মুহূৰ্তত আমাৰ পৰিচিত ব্যক্তি কেৱল এজনেই আছিল আৰু সেয়া হ'ল- দীপকৰ বাবে মই আৰু মোৰ বাবে দীপক।কথাবোৰ ভাৱি থাকোতেই এটা বিশেষ সংকেতেৰে আমাৰ সকলোকে বিশ্ৰাম কৰিবলৈ নিৰ্দেশ দিয়া হ'ল। এটা মৃদু শব্দেৰে আমাৰ আসনবোৰ নিদ্ৰাৰ উপযোগী হৈ পৰিল।

'অ দেউতা বলক আক',সময় ১১ বাজি গ'ল।' দীপকৰ চিঞৰত মই সাৰ পালো ।নিজকে আৱিস্কাৰ কৰিলো এখন বেলেগ পৃথিৱীত।মইচোন মোৰ ঘৰতে টোপনিয়াই আছো। কিছুসময়ৰ বাবে মই বিভ্ৰান্ত হ'লো- আচলতে সপোন কোনটো আৰু বাস্তৱ কোনটো।ল'ৰা লৰিকৈ গৈ গাড়ীৰ ষ্টাৰ্ট দিলো আৰু অফিচ অভিমূখে ২০০ কিমি/ঘন্টাৰ দ্ৰুতিত গাড়ীখন দৌৰালো। অফিচত উপস্থিত হৈ মই নিৰাশ হ'লো।বহি:বিশ্বৰ পৰা আহিবলগা ইউ এফ অ খন নাহিল।কিন্তু কিয়? প্ৰতিটো নিউজ চেনেলত সেই সম্পৰ্কীয় আলোচনা।মোৰ সপোনটো সপোন হৈয়ে ৰ'ল, বাস্তৱত ৰুপায়িত নহ'ল।খন্তেক পাছত 'জৰ্জ এডৱাৰ্ড চেজনিক জেনাৰ' নামৰ ইউ এফ অ খনৰ পৰা এটা বৈদ্যুতিক বাৰ্তা আহিল।বাৰ্তাটোত উন্মোচিত হ'ল মানুহৰ উন্নয়নৰ ফোপোলা স্বৰূপ। বহি:বিশ্বৰ সন্মূখত লজ্জিত হ'লো।

নাছাৰ কাৰ্যালয়ত নিশা বাৰ বজাত এখন বিশেষ সভাৰ আয়োজন কৰা হ'ল।পৃথিৱীৰ ইউ এফ অ প্ৰজেক্টৰ মূখপাত্ৰ হিচাপে মই বৰ্ণনা কৰিলো জএচেজে নামৰ যানখন নহাৰ কাৰণ। স্থিৰভাৱে মই গলো-'বিশ্বত মানুহৰ সংখ্যা যিমান তাতকৈ মানুহক ৰক্ষাৰ নিমিত্তে মানুহে নিৰ্মান কৰা মানৱ-ধ্বংসী অস্ত্ৰৰ সংখ্যা বেছি।বিজ্ঞানৰ চূড়ান্ত অপব্যৱহাৰেৰে পাৰমানৱিক অস্ত্ৰ-শস্ত্ৰ, মিচাইল আদি নিৰ্মান কৰি মানুহে নিজৰ ধ্বংস মানি আনিছে আৰু নিজৰ অদূৰদৰদৰ্শিতাৰ পৰিচয় দিছে।এনে এটা হিংসুক জাতিৰ সৈতে কোনোপ্ৰকা1ৰৰ সম্পৰ্ক বা মিত্ৰতা সম্ভৱ নহয় বুলি তেওঁলোকে জনাইছে।ইয়াতকৈ লজ্জাৰ বিষয় মানৱজাতিৰ বাবে আন একো হ'ব নোৱাৰে।' প্ৰত্যেকে নিজৰ মন্তব্য আগবঢ়ালে।আমেৰিকাৰ ৰাষ্টপতিৰ অনুভৱ এই মূহূৰ্তত কেনে আছিল সেই সম্পৰ্কে জনা নগল।হয়তো এতিয়া ভাৰত-পাক সীমান্তত যুদ্ধৰ আখৰা চলি আছে।আইছিছে নিৰ্বিচাৰেৰে চলাই আছে হত্যাকাণ্ড।কালি অসমৰ অনলাইন নিউজপেপাৰ 'আখৰ লাইভ'ৰ হেডলাইন আছিল- 'বিশ্বনাথ চাৰিআলিত এন ডি এফ বিৰ নাৰকীয় হত্যালীলা।' আমি ক'ত আৰু ক'ত তেওঁলোক।এটা শান্তিপ্ৰিয় জাতিৰ সৈতে আমাৰ দৰে এটা হিংসুক প্ৰজাতিৰ মিত্ৰতা কোনোপধ্যে সম্ভৱ নহয়। সম্ভৱ নহয় জ্ঞানৰ বিনিময়।মই উপায়হীন।

এই অসম্ভৱক সম্ভৱ কৰা উদ্দেশ্যেৰেই আমি এদিন পুনৰ মিলিত হ'লো।নাছা,চাৰ্ন,ই এচ এ, ইছৰো সকলোৰে সন্মিলিত প্ৰচেষ্টাত চন্দ্ৰত আয়োজিত হ'ল এখন সন্মিলিনৰ। পুনৰ যাতে জৰ্জ এডৱাৰ্ড চেজনিক জেনাৰৰ সৈতে জ্ঞানৰ আদান প্ৰদান কৰিব পৰা যায় তাৰ এক অনুসন্ধান আৰম্ভ হ'ল।আৰম্ভ কৰা হ'ল - প্ৰজেক্ট GASG-George Adward Shaegeneik Gener। এই প্ৰজেক্টে কিমানদূৰ সফলতা লাভ কৰিব সেয়া এক প্ৰশ্নবোধক।মই গাড়ীখন ৩০০কিমি/ঘন্টা দ্ৰুতিত দৌৰত চন্দ্ৰত অৱস্থিত অসম ভৱনলৈ দৌৰালো।