• news (1)
  • news (2)
  • news (3)
  • news (4)
  • news (5)
  • news (6)
  • news (7)
  • news (8)
  • news (9)

সাহিত্যৰ সৈতে কাগজ কলমৰ নিকট আৰু নিবিড় সম্পৰ্কক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। এখিলা শুদ্ধ বগা কাগজত কলমেৰে লিখা এজন লেখকৰ অনুভৱবোৰ যেতিয়া কোনো আলোচনীৰ পৃষ্ঠাত ছপা ৰূপ লাভ কৰে, তেতিয়া লেখকজনে সমগ্ৰ সত্ত্বাত যি পুলক লাভ কৰে সেয়া কেৱল অনুভৱহে কৰিব পাৰি। কিন্তু সময়ৰ দ্ৰুত পৰিৱৰ্তনে আমাক কিছুমান কথা নতুনকৈ ভাবিবলৈ বাধ্য কৰায়। আমি সকলো একবিংশ শতিকাৰ দ্বিতীয়াৰ্ধত সাম্প্ৰতিক সময়ছোৱাত বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত বিকাশে বিভিন্ন ক্ষেত্ৰত সূচনা কৰা আমূল পৰিৱৰ্তনৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে পৰিচিত। সম্প্ৰতি আমি প্ৰত্যেকেই ইণ্টাৰনেটৰ যুগৰ মানুহ। অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰখনতো ইণ্টাৰনেটে এক ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। অসমীয়া ভাষা সাহিত্যৰ কাগজ কলমৰ যুগৰ সৈতে সংযোজিত হৈছে ভাষা সাহিত্যৰ এক ই-বিপ্লৱৰ। অসমীয়া ভাষা সাহিত্যৰ প্ৰেক্ষাপটত পলমকৈ সূচনা হোৱা এই বিপ্লৱৰ অনুপাতে ই-বিশ্বত অসমীয়া ভাষা সাহিত্যৰ সমল মন্থৰ গতিৰে হলেও যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ অন্তৰালত অন্তৰ্নিহিত হৈ আছে কিছুসংখ্যক উৎসাহী আৰু কৰ্মঠ যুৱক যুৱতীৰ অক্লান্ত প্ৰয়াস। ছপা মাধ্যমৰ সমান্তৰালভাৱে অসমীয়া ভাষা সাহিত্যক ই-বিশ্বত সবল ৰূপত প্ৰতিষ্ঠা কৰাৰ নিমিত্তে সূচনা এই ই-বিপ্লৱক বিভিন্নজনে অসমীয়া ভাষা সাহিত্যৰ ই জোনাকী যুগ বুলি অভিহিত কৰিছে।

অসমীয়া ভাষা সাহিত্যলৈ জোনাকী যুগৰ অৱদান সম্পৰ্কে অসমীয়া ভাষা সাহিত্যৰ খবৰ ৰখাসকল অৱগত। কেইজনমান প্ৰবাসী অসমীয়া ছাত্ৰৰ কৰ্মস্পৃহা...