• news (1)
  • news (2)
  • news (3)
  • news (4)
  • news (5)
  • news (6)
  • news (7)
  • news (8)
  • news (9)
(১)
ইলেকচনৰ আগদিনা ড্ৰাইডে ঘোষণা
মালোৱা সন্থাৰ পিয়াহত হয় বহু যান্ত্ৰণা
মন্ত্ৰীয়ে বিলাই কম্বল
ভোটকিনাৰ সম্বল
ড্ৰাইদেত ব্লেকত বটলবেছা বেপাৰটো বহুত
পুৰণা।
(২)
বিএ পাছ কৰিলো যেতিয়া কিয় কৰিম খেতি
পিয়নৰ হলেওঁ জব কৰিম বেছিদিম মাটি-ভেটি
ত্ৰিছদিন অফিছ যাম
দৰমহা পাম আৰামত খাম
চাকৰি কৰিলে কোন শহুৰে মোক নাযাচি পাৰে নিজ
বেটি।
(৩)
প্ৰতিবাদ বন্ধ অসমৰ অলংকাৰ
এইবোৰ
যে এচেনছিয়েল কৰিবলৈ সংস্কাৰ
যদি নকৰে আন্দোলন
চৰকাৰে নুবুজে জনতাৰ
মন
কৰ্ম সোৰোপা অসমীয়াৰো এতিয়া ফেভাৰেট এই
কালচাৰ।
(৪)
মাহেকৰ মুৰৰ
টকা কেইটা লৈ ওলালো গৈ বজাৰ,
পকেটত পুৰা মাল আছে যেতিয়া
আজি খাম খানা ৰজাৰ
পিছে ইয়াত চলে দেখোন বেলেগৰ ৰাজ,
আশীটকা কিলোত কিনিলো পিয়াঁজ
ৰজাৰ খানা খাবলৈগৈ; মোৰ যে ধাৰেই ধাৰ।
(৫)
কলেজীয়া দাদা-বাহত বহুত বিজি জানা
ফেচবুক, হোৱাটচএপ কত যে কাম 3Gৰ জমানা
ক্লাচ কৰোতে দেৰি হয়
সেইয়ে বুলেট-স্কুটি লয়
আৰুতুমি কি বুজিবা কিমান মুস্কিল
বিএফ-জিএফৰ ৰিষ্টাটো নিভানা।
(৬)
দীঘল চুলিৰ ভন্টীজনীক লাগিগৈছিল ভাল,
টাইদ জিনচ আৰু টি-চাৰ্টত তাইক লাগিছিল কিছু মাল
বাইকখন কাষতে ৰখাই,
মাতিলো বোলো ভন্টী হাই
পিছে ঘুৰি লৈহে দীঘল-চুলিয়া দাদাই ফৰফৰাই।
(৭)
মহিলা সন্থাৰ প্ৰিয় কামত নিদিব যে আমনি
জিটিভি, ষ্টাৰপ্লাছৰ পিছত আহিল ৰং, ৰেঙণি
বোৱাৰী জীয়ৰী শাহুআই,
সকলোকে আৰু কোনেপাই
ৰিমট খুজি নবহাব দেহাত হেঁতাৰ কোবৰ চামনি।
  • প্ৰাণজিৎবৰুৱা
১)
অসম আমাৰ ৰুপহী গুণৰো নাই শেষ
বাংলাদেশীৰ প্ৰবজন ঘটে ধৰি বিভিধ ভেশ
চৰকাৰ আমাৰ চকুমুদা কুলি
জিলাই জিলাই ফুটে বোমা গুলি
এনেকৈয়ে থাকিলে ধ্বংস হ'ব অসম দেশ
২)
চ'তে গৈয়ে গৈয়ে ব'হাগ পালেহি ফুলিলে ভেবেলিলতা
বিহু বিহু বুলি উলাহতে নাচিছে সকলো মাইকী মতা
বিহু পাতিম আহাৰ মাহত
চান্দা তুলিবলৈ ব'ল ল'ৰাহত
চান্দাৰ পইচা বেছিকৈ ল'বি দিব লাগিব দামী বঁটা
৩)
মুখলৈ চাবকে নোৱাৰি যেন পূণিমাৰ জোনটি
পালাৰলৈ গৈ মেক আপ কৰে পুতলী আৰু ভণ্টি
স্কুটি চলাই মহাফুটনি
মূৰত সিহঁতৰ বিহা ওকণি
এক্সিডেণ্ট নহ'বলৈ মাকে জ্বলাই বন্তি
৪)
অসমৰ অলিয়ে গলিয়ে জন্ম হৈছে কবি
আধুনিক কবিতা লিখাটো তেওঁলোকৰ হ'বি
সৃষ্টি কৰে নতুন শব্দ
হেমকোষ কৰিলে সমুলি জব্দ
আলোচনীত কবিতা নোলায় তাকে থাকে ভাবি
৫)
বিহু বন্ধত গৈছিলো এবাৰ পুৰণি গাঁৱলৈ বুলি
বাইক চলাই ল'ৰাহতে উৰুৱাইছে ধূলি
দুবেলা দুসাজ খাবলৈ নাই
ঘৰত লগাই টাটাস্কাই
আল্টা মৰদান গাঁৱৰ পৰা পলাই গ'ল কুলি
৬)
বাপেকক দাবী কৰি ল'লে ল'ৰাই পালচাৰ
বাইক এখন থকাতো ডেকা ল'ৰাৰ কালচাৰ
মুখেৰে উলিয়াই ধোঁৱা
কাম হ'ল মদ খোৱা
কাষেৰে গ'লেও সিহঁতে চিনি নাপাই প্ৰফেচৰ
৭)
সৰুৰে পৰাই মোৰ পঢ়াত নাছিল মন
বিধায়েকৰ লগত লাগি ঘটিলো কিছু ধন
টাউনত ল'লো মাটি বাৰী
চলাই যাওঁ এলট' গাড়ী
ইলেকচনত টিকট ল'ম কৰি ল'লো পণ
  • ভাস্বতী বৰুৱা