• news (1)
  • news (2)
  • news (3)
  • news (4)
  • news (5)
  • news (6)
  • news (7)
  • news (8)
  • news (9)

"মই গুৰি পৰুৱা এটাকো হত্যা কৰিব নোখোজো। বিৱৰ্তনৰ ৰহস্যময় প্ৰক্ৰিয়াত গুৰি পৰুৱা এটাৰো নিশ্চয় ভূমিকা আছে। তাক হত্যা কৰিলে সেই বিৱৰ্তনৰ প্ৰক্ৰিয়া বিঘ্নিত হব।" কথাষাৰ আজিৰ পৰা বহুতবছৰ আগতে কৈছিল জৰ্জ বানাৰ্ড শ্ব'ই। তেখেতে গুৰি পৰুৱা এটাকো হত্যা কৰিব নোখোজে, আনহাতে মেগিজখাঁনৰ পৰা আৰম্ভ কৰি হিটলাৰলৈকে এনে মানুহৰো অভাৱ নাই যি চকুৰ পচাৰতে লাখ লাখ মানুহক হত্যা কৰিব পাৰে। এটা সাধাৰণ চিন্তাৰ বিষয় মাত্ৰ। এই দুটা চৰম সীমাৰ মাজত হিংসা আৰু হত্যা লীলা আৱহমান চলি আহিছে। অলিভাৰ হোমছে দ্ব্যৰ্থহীন ভাষাৰে ঘোষণা কৰিছে "every society rests on the death of man government doesn't hesitate to kill when it sees fit and can"

কিন্তু যুগ ধৰি মানুহে মানুহক হত্যা কৰাৰ প্ৰয়োজন যিমান অনুভৱ কৰিছে তাতকৈ বেছি প্ৰয়োজন অনুভৱ কৰিছে মানুহৰ কাৰ্য্য সম্পৰ্কে প্ৰশ্ন কৰাৰ। ৰাষ্ট্ৰৰ নামত চক্ৰেটিছক হত্যা কৰাসকল ধূলিৰ লগত বিলীন হৈ গল কিন্তু চক্ৰেটিছে কৰা প্ৰশ্নবোৰে পৃথিৱীৰ মানুহৰ মগজুত খুন্দিয়াই আছে-বছৰ বছ, যুগ যুগ ধৰি। ভাৰতবৰ্ষৰ প্ৰাচীন সভ্যতাই এটা অসাধাৰণ আৰু অভূতপূৰ্ব কাম কৰি দেখুৱাইছিল। সেয়া হল কুৰুক্ষেত্ৰত কৌৰৱ আৰু পাণ্ডৱবাহিনী যুদ্ধৰ বাবে প্ৰস্তুত হৈ পৰস্পৰ মুখামুখি হোৱাৰ পৰত হঠাৎ যুদ্ধৰ বিভীষিকা স্তব্ধ কৰি চিৰকালৰ বাবে মানুহৰ মনত খুন্দিয়াই থকা অৰ্জুনৰ মুখত উচ্চাৰিত হল হৃদয়ৰ সেই দুদুল্যমান অৱস্থা, বিবেকৰ হৈতে যুঁজ- "মই কিয় যুদ্ধ কৰিম? মই কিয় নিজ হাত ৰাঙলী কৰিম গুৰু, পিতামহ আৰু ভাইৰ তেজেৰে" আপোন বিবেকৰ লগত সেই বিতৰ্ক " গীতা" ৰ ৰূপত পৰিণত হৈ মানুহৰ মহত্তম অধিকাৰত। প্ৰাচীন ভাৰতীয় সভ্যতা বিকাশ আৰু উচ্চ চিন্তাৰ গুৰিত সেই বিবেকৰ সংঘাতেই নিহিত আছে।

সভ্যতাৰ দ্ৰুত বিকাশ তেতিয়া হয়, যেতিয়া মানুহে মুকলি ভাবে সকলো প্ৰশ্ন কৰিব পাৰে। সেই কাৰণে বন্দুকৰ ভয় দেখুৱাই মানুহৰ প্ৰশ্নশীলতাক স্তব্ধ কৰি দিয়াটোৱেই হল মানুহৰ বিৰুদ্ধে কৰিব পৰা আটাইতকৈ ডাঙৰ অপৰাধ।

সাম্প্ৰদায়িক বিচ্ছিন্নতাবাদ সমগ্ৰ বিশ্বতে এটা জটিল বিষয়ৰূপে চিহ্নিত হোৱাৰ পিছৰে পৰা ইয়াৰ গুৰুত্ব বাঢ়ি আহিছে। গোষ্ঠীগত দ্বন্দ্বত বিদীৰ্ণ হৈ পৰিছে ঐক্যবোধ। জনগোষ্ঠীবোৰ হৈ পৰিছে বহুধাবিভক্ত। এই দ্ৰুতিত সমাজ বিভক্ত হৈ থাকিবলৈ হলে এটা পৰিয়ালেই এখন সমাজ হোৱাৰ দৃশ্য চকুৰ আগত ভাহিবলৈ হয়তু আৰু বেছিদিন প্ৰয়োজন নহব। ক্ৰমাৎ সাম্প্ৰদায়িক বিচ্ছিন্নতাত অন্ধকাৰলৈ সোমাই গৈছে আমাৰ জাতীয় অৰ্থনীতি, সমাজ নীতি, ৰাজনীতি, সাহিত্য, দৰ্শন, বিপদাপন্ন আমাৰ অস্তিত্ব। সন্ত্ৰাসবাদ, বিপ্লৱ আদিৰ দৰে কূটাঘাটমূলক বৈষম্যই দেখা দিছে। সম্প্ৰদায়সমূহৰ মাজত চলিছে বৰ্ণবিদ্বেষৰ আন্দোলন, উচ্চ শিক্ষাই সংকটত ভূগিছে, মুক্ত বজাৰ অৰ্থনীতিৰ কৰাল গ্ৰাসত পৰি "জীয়াই থকাৰ বাবে এটা জীৱিকা" এই কথা এতিয়া বিশ্বৰ লাখ লাখ জনতাৰ মাজত ব্যৰ্থ কাৰ্যৰূপে পৰিগণিত হৈছে।

প্ৰাদেশিকতাবাদ, আঞ্চলিকতাবাদ তথা বিচ্ছিন্নতাবাদী প্ৰৱণতাৰ প্ৰধান কাৰণসমূহ হল- অৰ্থনৈতিক অনগ্ৰসৰতা তথা শোষণ, প্ৰশাসনীয় অৱজ্ঞা তথা অবিচাৰ আৰু সামাজিক বৈষম্য। অসমৰ দৰে বিভিন্ন জন গোষ্ঠীৰ ঠাইসমূহ গোষ্ঠীগত সংঘৰ্ষৰ বাবে অতিশয় স্পৰ্শকাতৰ।

আন এক বিচ্ছিন্নতাবাদী ধাৰা আৰম্ভ হৈছে ধৰ্মক কেন্দ্ৰক কৰি। ধৰ্ম নামৰ মানৱ সভ্যতাৰ আজন্ম লগ্ন পয়ালগা অংশটোৰ গাত ভেজা দিয়েই বিকাশ লাভ কৰিছে সাম্প্ৰদায়িকতাৰ ঘিণলগা ভ্ৰূণটো, যি নিতান্তই বৰ্বৰতালৈ এখনি মুকলি দ্বাৰ- যাৰ ফলত আজি এনে এক অৱস্থা যে জেঠ মাহত বৰফ পৰিলেও হিন্দু মুছলমানৰ সহাৱস্থান অসম্ভৱ। সেইবাবেই ছমাৰছেট মমে ব্যক্ত কৰিবলৈ বাধ্য হৈছিল- " মানুহে আটাইতকৈ নিষ্ঠুৰ আৰু নীচ কামবোৰ কৰে ঈশ্বৰ আৰু ধৰ্মৰ নামত"।

বিচ্ছিন্নতাবাদী ধাৰাটোৰ লগত কম বেছি পৰিমাণে জড়িত হৈ আছে অসৎ ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি কৰা স্বাৰ্থান্বেষী নাৰকীয়তা। এতিয়া কথা হল এই সমস্যাসমূহৰ উল্লেখ, বিশ্লেষণ সততে হৈ থকা দেখা যায়। কিন্তু বিশ্লেষণতে সীমাবদ্ধ নাথাকি ইয়াৰ প্ৰতিকাৰৰ বিষয়ে চিন্তা কৰাহে নৱ প্ৰজন্মৰ প্ৰকৃত উদ্দেশ্য হোৱা উচিত। সমাজসচেতন প্ৰতিজন নাগৰিকে একত্ৰিতভাৱে এইবোৰৰ প্ৰতিবাদ কৰা উচিত। ৰাষ্ট্ৰৰ শাসনৰ কৰ্তৃপক্ষইও স্পৰ্শকাতৰ বিষয়ক গুৰুত্বসহকাৰে লৈ অনৈক্যৰ মাজত ঐক্য স্থাপনৰ চিন্তা কৰিব লাগিব। অৰ্থনৈতিক ব্যৱস্থাক নিয়ন্ত্ৰণ কৰিব পৰাকৈ কোনো ৰাজনৈতিক কাথামো গঢ়ি তোলাতোত জোৰ দিব লাগিব। কোনো জাতি জনগোষ্ঠীৰ বিষয়ে পক্ষপাতিত্বমূলক লেখনি গৰিহণাযোগ্য। সংবাদ মাধ্যমসমূহ সচেতন হোৱাটো অতি প্ৰয়োজনীয়। ভুৱা বাতৰি, উৰা বাতৰি আৰু কোনো গোষ্ঠীক উত্তেজিত কৰিব পৰা বাতৰি পৰিৱেশন নকৰি স্পৰ্শকাতৰ বিষয়সমূহক সহনশীলতাৰে প্ৰকাশ কৰিব লাগিব। কিন্তু তাতোকৈও গুৰুত্বপূৰ্ণ তথা প্ৰয়োজনীয় বিষয়টো হৈছে আত্মোপলব্ধি আৰু আত্ম-সমালোচনা। কিয় আদিম বন্য জীৱন এৰি আমি সমাজ পাতি বাস কৰিবলৈ ললো।

জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে একতাৰ দোলেৰে বান্ধ খাই বিশ্ব ভাতৃত্ববোধ জগাই তুলিব লাগিব। নহলে এনেকৈ আমি নিজৰ মাজতে চুলিয়াচুলি কৰি থাকিলে প্ৰাক ঐতিহাসিক কালৰ ডাইনোছৰবিলাকৰ দৰে নিজকে বিলুপ্ত কৰি দিয়াৰ পথত ভৰি দিব লাগিব। আন সম্প্ৰদায়ৰ লোকৰ মৃতদেহৰ ওপৰত উঠি মাথো ডিঙি মেলি চাই ৰব লাগিব প্ৰতিহিংসাৰ দাবানল

(কৃতজ্ঞতা:: সাম্প্ৰদায়িক বিচ্ছিন্নতাবাদ আৰু বিশ্বায়ন প্ৰসংগ: ঈশানজ্যোতি গগৈ, সাম্প্ৰদায়িকতা- মানৱতাৰ প্ৰতি ভাবুকি: নিপন নাথ)