• news (1)
  • news (2)
  • news (3)
  • news (4)
  • news (5)
  • news (6)
  • news (7)
  • news (8)
  • news (9)
শিতানটোৰ বিষয়ে

অনুবীক্ষণ শিতানটোৰ জৰিয়তে আমি কিছুমান নিৰ্দিষ্ট বিষয়ক সূক্ষ্ম দৃষ্টিৰে পৰ্যালোচনা কৰাৰ প্ৰয়াস কৰিব খুজিছো৷ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ কিছুমান বিষয়বস্তুক উন্মোচিত কৰাটো শিতানটোৰ অন্য এক প্ৰধান উদেশ্য৷ সাধাৰণ কিন্ত গুৰুত্বপূৰ্ণ বিষয়সমূহক আলোচনাই সামৰি ল’ব৷ লেখক সকলে এনেধৰণৰ বিষয়ৰ লেখা শিতানটোলৈ প্ৰেৰণ কৰিব পাৰিব (লেখা পঠিয়াবলৈ ইয়াত ক্লিক কৰক)৷ লখিমপুৰৰ শতজান নামৰ জৈৱবৈচিত্ৰৰে চহকী পক্ষী বিচৰণ ভূমিখনৰ বিষয়ে এই সংখ্যাত অসীম দত্তই সংক্ষিপ্তভাৱে আলোকপাত কৰিছে৷

অখ্যাত শতজানৰ কথাৰে

শতজান হৈছে এজাক পখীৰ কাকলিৰে সৈতে প্ৰকৃতিৰ ক্ৰীড়াভূমি৷ ই আন একো নহয়, বহুত থাকিও একো নথকা এটুকুৰা প্ৰকৃতিৰ ৰম্যভূমি৷ যি আজি লোকচক্ষুৰ পৰা বহু দূৰৈত৷ উচিত স্বীকৃতিৰ অভাৱত, অদক্ষ পৰিচালনাত, অসচেতনতাত ই নিজকে জিলিকাই তুলিব পৰা নাই৷ আজি প্ৰথম সংখ্যাত আমি কেইটামান দিশ মাত্ৰ আলোচনা কৰিম৷ পৰৰ্ৱতী সময়তো আমি আলোচনা আগবঢ়াই নিয়াৰ প্ৰচেষ্টা চলাম৷ প্ৰথমেই আমি শতজানৰ ভৌগোলিক অবস্থিতি উল্লেখ কৰিব বিচাৰিছোঁ৷ অসমৰ লখিমপুৰ জিলাৰ পহুমৰা অঞ্চলত, ১৫ নং(পূৰ্বৰ ৫২ নং) ৰাষ্ট্রীয় ঘাইপথৰ কাষত ৰঙানদীৰ পাৰত অৱস্থিত৷ শীতৰ আগমনৰ লগে লগে ন ন দেশী বিদেশী পখীৰ কলধ্বনীত মুখৰিত হয় শতজানৰ আকাশ৷ এক দৃষ্টি নন্দন মায়াময় পৰিবেশ৷ ইয়ালৈ অহা চৰাইবোৰৰ ভিতৰত শৰালী, ঘিলাহাঁহ ,পক্কেল নামৰ অ থলুৱা চৰাই, ভাতঘিলা ইত্যাদি প্ৰধান৷ এই চৰাইবোৰ পূৱা দোকমোকালিতেই আহি ইয়াত উপস্থিত হয় আৰু সন্ধিয়া উভটি যায়৷ ইয়াৰোপৰি ইয়াত বহুতো ঔষধী উদ্ভিদৰ সন্ধান পোৱা গৈছে৷ ইমান বোৰ সম্ভাৱনা থকা স্বত্বেও শতজান অৱহেলিত৷ এক পৰ্যটন স্থান হিচাপেও ইয়াক গঢ়ি তুলিব পৰা যায় যিহেতু যোগাযোগৰ এক সুচল ব্যৱস্থা আছে৷ ৰঙানদী প্ৰকৃতি সুৰক্ষা সমিতি, নেচাৰ কেয়াৰ, গ্ৰীণ হেৰিটেজ-এই অনুষ্ঠান কেইটাই কিছু পদক্ষেপ গ্ৰহন কৰিছে৷ বৰ্তমান এই অনুষ্ঠান কেইটা আৰু এখন স্থানীয় পৰিচালনা সমিতিৰ দ্বাৰা উদ্যানখন চোৱাচিতাৰ ব্যৱস্থা কৰা হৈছে৷ বন্যপ্ৰাণী আইন (wild life act 1972) অধীনত ইয়াত মাছ,কাছ আৰু চৰাই মৰাত বাধা আৰোপ কৰা হৈছে৷ দিনৰ ভাগত এজন বন ৰক্ষী বিষয়াই কামবোৰ চোৱাচিতা কৰে৷ তথাপিও উদ্যানখনৰ ভৱিষ্যতক লৈ বহুতো দিশ সন্দেহৰ আৰ্ৱতত৷ এই সমূহ এনেধৰণৰ ------

১)উপযুক্ত সুৰক্ষা ব্যৱস্থাৰ অভাৱ,

২)উদ্যান খনৰ স্পষ্ট সীমাৰেখা নাই,

৩) পৰ্যটকৰ বাবে কোনো সুবিধা নাই,

৪)উদ্যান খনৰ বিকাশত নতুনকৈ কোনো বিজ্ঞানসন্মত ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই,

৫) চৰকাৰ বা বনবিভাগৰ সচেতনতাৰ অভাৱ৷

এই পক্ষীউদ্যানখনে জৈৱ বৈচিত্ৰ ৰক্ষাত যথেষ্ট অৱদান আগবঢ়াই আহিছে৷ ইয়াক উচিত ৰক্ষণাবেক্ষণ দিয়াটো নিতান্তই প্ৰয়োজন আৰু আমি নিজেও আগবাঢ়ি যাব লাগিব৷ ইয়াত উচ্চ মানদণ্ডৰ গৱেষণাৰ থল আছে আৰু তাৰ মাধ্যমত ইয়াৰ দীৰ্ঘকালীন সমস্যাসমূহ সমাধান কৰিব পৰা যাব৷ ইয়াৰোপৰি স্থানীয় জনসাধাৰণৰ সচেতনতা, সহযোগিতাৰ বাবে সচেতনতামূলক সভা অনুষ্ঠিত কৰিব লাগিব ৷ গৱেষক আৰু সচেতন মহলৰ দৃষ্টি আকৰ্ষণৰ ব্যৱস্থা কৰিব লাগিব৷ আমি তাৰ বাবে যৎপৰোনাষ্টি প্ৰচেষ্টা হাতত লোৱাৰ প্ৰয়াস কৰিছো৷ পৰৱৰ্তী সংখ্যাত পুণৰ শতজানৰ বহুতো দিশ লৈ আকৌ লগ হ'ম৷ (আগলৈ)