• news (1)
  • news (2)
  • news (3)
  • news (4)
  • news (5)
  • news (6)
  • news (7)
  • news (8)
  • news (9)
পানী- water for life
  • ডিম্পল চমুৱা
  • বৰ্তমান সময়ত চৰকাৰী আচনি সমূহ কিদৰে ৰূপায়ন নোহোৱাকৈ থাকি এচাম দালাল তথা মধ্যভোগীৰ জেপ গৰম হয় তাৰেই আলমত পৰিচালক যদুমণি দত্তই সৃ্ষ্টি কৰিছে পানী নামৰ চলচ্চিত্ৰখন৷ ‘অগ্নিসাক্ষী’ আৰু ‘জেতুকা পাতৰ দৰে’ৰ পিছত দত্তদেৱৰ এইখন তৃতীয় ছবি৷ যোৱা ১২ ছেপ্তেম্বৰত অসমৰ ১৭টা চিত্ৰগৃহত এইখন ছবি মুক্তি দিয়া হয়৷ মুক্তিৰ আগে ছবিখনে দ্বিতীয় দিল্লী আন্তঃ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু ঢাকা চলচ্চিত্ৰ মহোৎসৱত ভূয়সী প্ৰসংসা লাভ কৰিবলৈ সক্ষম হৈছিল৷ চৈয়দ আব্দুল মালিকৰ গ্ৰন্থৰ আধাৰত জেতুকা পাতৰ দৰে চলচ্চিত্ৰখন নিৰ্মাণৰ পিছৰে পৰা যদুমণি দত্ত দেৱ এজন সফল পৰিচালক হিচাপে বিবেচিত হৈছে৷ পানী ছবিখন প্ৰয়াত দীপক কুমাৰ গগৈৰ একেই নামৰ একাংকিকা নাটৰ চলচ্চিত্ৰ ৰূপ৷ ছবিখনৰ মূল পটভূমি হ’ল বিভিন্ন সমস্যাৰে জৰ্জৰিত ৰতনপুৰ গাওঁ৷ এই গাঁৱত বিশুদ্ধ খোৱা পানীৰ অভাৱ, ৰাইজে পানী সংগ্ৰহ কৰে নদ-নদী পুখুৰী আদিৰ পৰা৷ কিন্তু এদিন সুখবৰ আহিল যে অসম ৰাজ্যিক জনস্বাস্থ্য কাৰিকৰী বিভাগে তেওঁলোকৰ গাঁৱলৈ বিশুদ্ধ খোৱা পানী যোগান ধৰিব৷ এই কথা জানি ৰতনপুৰ বাসীৰ মনত আনন্দৰ বন্যা বব্ ধৰিলে৷ প্ৰৰ্কৃতাথত এই আঁচনিখন ৰতনপুৰত ৰূপায়িত হলগৈ নে? স্থানীয় বিধায়কৰ এজন মধ্যস্থতাকাৰী মিঠাৰামৰ মিথ্যাচাৰৰ ফলত কিদৰে আঁচনিখনৰ ৯০% কাম সম্পূৰ্ণ হৈয়ো গাওঁবাসীয়ে বিশুদ্ধ পানী নাপালে তাক সাৱলীল ৰূপত চিত্ৰায়ন কৰিছে৷ ছবিখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে আইমী বৰুৱা(তৰা), বিষ্ণু খাৰঘৰীয়া(মিঠাৰাম), স্পন্দন(মন্টু), আশা বৰদলৈ আদিয়ে৷ অসম ৰাজ্যিক চলচ্চিত্ৰ নিগমে প্ৰযোজনা কৰা ছবিখনৰ সংগীত পৰিচালনা কৰিছে অনিৰুদ্ধ বৰুৱায়৷ একেই আষাৰতে পানী ছবিখনৰ সকলোবিলাক দিশ শুদ্ধভাৱে ফুটি উঠিছে বুলি কব নোৱাৰি৷ ছবিখনৰ সংলাপ নিক্ষেপনত জঠৰতা পৰিলক্ষিত হৈছে৷ গাওঁৰ পৰিৱেশ দৃশ্যায়ন অতি সুন্দৰ হৈছে যদিও কিছু ক্ষেত্ৰত শব্দৰ ব্যৱহাৰ অতিৰঞ্জিত হোৱাযেন লাগে৷ যি কি নহওক বাণিজ্যিক ভাৱে অসফল হলেও পানী এখন সময়োপযোগী ছবি৷