• news (1)
  • news (2)
  • news (3)
  • news (4)
  • news (5)
  • news (6)
  • news (7)
  • news (8)
  • news (9)

জুইকুৰাই যেন জোঙা জোঙা নখবোৰ মেলি দিছিল। নখবোৰে বতাহজাকক আঁকুহি পেলাইছিল আৰু গাত নগাশ্বালখন টানি টুনি মই জুইকুৰাক মেৰিয়াই মেৰিয়াই গতি লোৱা ধোঁৱাৰ ছন্দহীন গতিটোত চকু ৰাখিছিলোঁ। ঈশ্বৰ মোৰ কাষলৈ আহিছিল আৰু ঠাণ্ডা লাগিছে বুলি মোৰ নগাশ্বালখন টনা আজোৰা কৰিছিল। মোৰ নগাশ্বালখনৰ বুকুত ঈশ্বৰকো আদৰেৰে ভৰাই লওতে জুইকুৰাৰ ৰংটো হঠাতে সলনি হৈ গৈছিল। এই হালধীয়া, এই কমলা, এই নীল সেউজীয়া। হয়, জুইকুৰাৰ কোনো নিৰ্দিষ্ট ৰং নাছিল।

হোষ্টেলৰ সন্মুখৰ মুকলি চোতালখনত আমি জুই একুা ধৰি বহিছিলোঁ। শেষ ডিচেম্বৰৰ ৰাতি আছিল। প্ৰচুৰ ঠাণ্ডা পৰিছিল। দুদিন আগতে শেষ হৈছিল ইউনিভাৰ্চিটিৰ পৰীক্ষাবোৰ। কৃষ্ণচূড়াৰ পাত সৰাৰ সময় এয়া। দূৰৰ পাহাৰবোৰও গাত সানি লৈছিল মটীয়া ৰং। একো উত্তাপ নথকা, একো আবেদন-আকৰ্ষন নথকা মটীয়া ৰং।

"মই পাহাৰত জ্বলা জুই দেখিছোঁ। '- এদিন ঈশ্বৰে কৈছিল। জুইৰ মাজত জন্ম হোৱা লৰা ঈশ্বৰ। জুইৰ উত্তাপ আৰু জুইৰ সম্ভাৱনাৰ অহৰ উদ্বেলিত হৈ ৰোৱা এছোৱআ বীভৎস সময়ৰ মাজেৰে ডাঙৰ হৈ অহা লৰা ঈশ্বৰ। কথাত কথা লাগি জুই লাগে। সৰু সৰু ফিৰিঙতিবোৰত কেৰাচিন, ডিজেল, পেট্ৰল ঢলা মানুহ বহুত থাকে। জুই ভালপোৱা মানুহ। গোহালিত বান্ধি থোৱা গাভিনী গৰু এজনী জ্বলি পুৰি মৰোতে, ভৰালৰ সোণালী ধানবোৰ জুইয়ে চেলেকি ধৰোতে কিৰিলি পাৰি উঠা মানুহ।

ঈশ্বৰে ধুনীয়া বাঁহী বজাইছিল। ৰুম নং আঠসত্তৰৰ খোলা খিৰিকীয়েদি সুৰবোৰ ওলাই আহিছিল বাহিৰলৈ। বাস্কেট বল ফিল্ডৰ নিমজ ঘাঁহনিৰ ওপৰেদি বাগৰি গৈছিল সুৰৰ ঢৌবোৰ। হয়তো আৰ চি চি গাৰ্লচৰ কোনোবা এটা কোঠাৰ দুৱাৰতো সেই সুৰবোৰে টোকৰ দিছিল। জোন গলা ৰাতিবোৰ সুৰীয়া হৈ উঠিছিল। ঈশ্বৰে বাঁহী বজোৱা শুনিবলৈকে ৰুম নং আঠসত্তৰৰ দুৱাৰ হেঁচুকি মই কেইবাদিনো সোমাই আহিছিলো। খিৰিকীয়েদি ৰাতিৰ আকাশ চাই তন্ময় হৈ ৰৈছিল ল'ৰাটো। হোষ্টেলত মোতকৈ দুবছৰ জুনিয়ৰ আছিল সি।

"ৰাজপথত টায়াৰ জ্বলাদি যেতিয়া মানুহ জ্বলে, তেতিয়াও ইউনিভাৰ্ছিটীত আমাৰ ল'ৰা ছোৱালীবোৰে মেকবেথৰ সংলাপ আওৰাই থাকে। কেমেষ্ট্ৰি লেবত ৰাসায়নিক ক্ৰিয়া বিক্ৰিয়া নিৰ্মাণত ব্যস্ত থাকে। মানুহক বোবা কৰি তোলা এই শিক্ষা আমাক নালাগে। এই ব্যৱস্থা আমাক নালাগে। "

- তপোব্ৰতৰ কথাবোৰ বক্তৃতাধৰ্মী হৈ উঠিছিল।

মই চিগাৰেট জ্বলাইছিলোঁ। আধা জ্বলা চিগাৰেটতো মোৰ হাতৰ পা ঈশ্বৰৰ হাতলৈ বাগৰি গৈছিল।

মানুহ জ্বলে। এৰা, ৰাজপথতো মানুহ জ্বলে। পাহাৰতো জ্বলে মানুহ। ভৈয়ামতো।

ৰাজপথত মানুহ জ্বলাৰ দিনাও আমি শ্ৰেণীকোঠাত ব্যস্ত আছিলোঁ। পাহাৰত জুই জ্বলা সময়বোৰতো আমি কেতিয়াও পাহাৰমুখে গাড়ী দৌৰোৱা নাছিলোঁ। অথচ দুদিন পাছত আমিয়ে হয়তো এখন ইণ্টেলেকচুৱেল সমাজ গঢ়িম। বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ ডিগ্ৰী এটা লৈ কিতাপৰ থিয়ৰীয়ে পৃথিৱীখন জুমি চাম। জুই জ্বলা কাৰণবোৰ ফঁহিয়াই চাম।

বক্তৃতাধৰ্মী হৈ উঠিলেও তপোব্ৰতৰ কথাবোৰ মিছাও নাছিল।

ঈশ্বৰৰ চকুতো কেতিয়াবা জুই জ্বলি উঠিছিল।

"গোষ্ঠী সংঘৰ্ষৰ পটভূমিত অসমীয়া সাহিত্য"-ছেমিনাৰ পেপাৰখনৰ লাষ্ট প্ৰুফ চাই আছিলোঁ। ঈশ্বৰ মোৰ কোঠালৈ সোমাই আহিছিল। জুনিয়ৰ আছিল সি মোৰ।

মই ছেমিনাৰখনৰ কথা কৈছিলোঁ। সি ভালদৰে অসমীয়া লিখিব, পঢ়িব পৰা নাছিল। অৱশ্যে কব পাৰিছিল।

"অসমীয়া লিটাৰেচাৰত এথনিক কনফ্লিক্টৰ কেনেকৈ ৰিফ্লেকশ্যন হৈছে-সেয়া লিখিছোঁ পেপাৰখনত। "

"লেকচাৰ পোষ্টৰ ইণ্টাৰভিউত আপোনাৰ দুটামান নম্বৰ যোগ হ'ব। কিন্তু তেওঁলোকৰ কি হ'ব-যিসকল ভিক্টিম হৈছে?"

মোতকৈ দুবছৰ সৰু ল'ৰাটোৰ এই খাৰাংখাচ প্ৰশ্নটোত মই থতমত খাই ৰৈছিলোঁ।

তাৰ চকুত জুই একুৰাৰ সম্ভাৱনা লুকাই আছিল। জুইৰ লেলিহান শিখাই ঘৰৰ ছাল চেলেকি উঠা বীভৎস দৃশ্য দেখিছে সি। আধা পোৰা মানুহৰ গা সিঞৰি যোৱা যন্ত্ৰণা দেখিছে সি।

সেইবাবেই হয়তো সচিবালয়ৰ সন্মুখত ভূমিপুত্ৰৰ আত্মজাহক লৈ আমি যিমান সৰৱ হৈ উঠিছিলোঁ, সিমানে সৰৱ হৈ উঠা নাছিল ঈশ্বৰ। এক উত্তাপহীন দূৰত্বত সি ৰৈ গৈছিল। আত্মজাহৰ ঘটনাৰ পাছত গ্ৰেপ্তাৰ হোৱা কৃষক নেতাৰ মুক্তিৰ দাবীত বিশ্ববিদ্যালয়ৰ সন্মুখত প্ৰতিবাদী সভা চলি আছিল। নিপীড়ত আৰু অৱহেলিত মানুহৰ মুক্তিৰ বাবে চলাই থকা সংগ্ৰামৰ বিষয়ে তেজস্বী ভাষণ দি আছিল তপোব্ৰতে। নিউজ চেনেলবোৰে লাইভ কভাৰেজ কৰিছিল।

'গণ আন্দোলনৰ কণ্ঠ কোনেও ৰূদ্ধ কৰিব নোৱাৰে। '- তপোব্ৰতে কৈছিল। প্ৰতিবাদী সভাত অংশ লোৱা ছাত্ৰদলটোৱে সকলো শক্তি উজাৰি চিঞৰিছিল-'উই ৱাণ্ট জাষ্টিছ! জাষ্টিছ!'

এৰা জাষ্টিছ !!

ন্যায় বিচৰা এই সংগ্ৰাম কিমানদিনলৈকে মনত ৰাখে মানুহে? কিমান দিনলৈ? মনত ৰাখেনে ইউনিভাৰ্ছিটীৰ ইণ্টেলেকচুৱেল সমাজখনে?

এই সমাজখনত গণসংগ্ৰামৰ প্ৰাসংগিকতাক লৈ ছেমিনাৰ হয়। ভাৰ্ছিটি উইকত তৰ্ক প্ৰতিযোগিতাৰ বিষয় দিয়া হয়- 'উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাসমূহ সমাধানৰ বাবে গণ আন্দোলনে একমাত্ৰ পথ। ' অথচ কতৃপক্ষৰ ভুল নীতি-সিদ্ধান্তৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ কৰা ছাত্ৰ বিশ্ববিদ্যালয়ৰ পৰা বহিস্কৃত হয়।

"এইখন সমাজ কেতিয়াও জুই নুমুৱাব নোৱাৰে ঈশ্বৰ। এই যে টেক্সটবোৰ পঢ়িছা, দহবজাৰ পৰা পাঁচবজালৈ কিছুমান সমাজতত্ত্বৰ থিয়ৰী বুজিছা, ৰাজনীতিবিজ্ঞানৰ সূত্ৰ কিছুমান মুখস্থ কৰিছা, ইয়া কাৰোৰে জুই নুমোৱাৰ সামৰ্থ্য নাথাকে। "

-তপোব্ৰতে কৈছিল ঈশ্বৰক। মই শুনি আছিলোঁ।

কোনখন পৃথিৱীক সঁচা বুলি কম? গ্ৰেডছিটৰ উৰ্দ্ধমুখী গ্ৰাফেৰে মগজুৰ আয়তন জোখা সেই পৃথিৱীখন নে তপোব্ৰতহঁতৰ কষ্টকৰ আৰু সংগ্ৰামজৰ্জৰ পৃথিৱীখন।

"সি ইজ এ ভইচ অৱ ভইচলেছ পিপল । "- সিহঁতৰ সংগঠনৰ নেতৃত্বৰ বিষয়ে খুউব দৃঢ়তা আৰু বিশ্বাসেৰে তপোব্ৰতে কৈছিল।

তপোব্ৰতহঁতৰ সংগ্ৰামখনৰ প্ৰতি মই সহমৰ্মী আছিলোঁ। কিন্তু ইমান অন্ধমুগ্ধতাৰে মই কোনো মানুহক কেতিয়াও বিচাৰ কৰা নাছিলো। এইবোৰ প্ৰসংগক লৈ তদোব্ৰতৰ লগত মোৰ তৰ্কও হৈছিল। ফুটপাথেদি খোজকাঢ়ি খোজকাঢ়ি আমি প্ৰায়ে কুঁৱলী খেদিছিলোঁ। চাব পাৰা,কিন্তু চুব নোৱাৰা কুঁৱলী আজিও কুঁৱলীয়ে আৱৰা ৰাতি । জুইকুৰা ৰঙা হৈ জ্বলিছিল।

হোষ্টেলৰ ডাইনিং ৰুমত চলি থকা টিভিটো তপোব্ৰতে অফ্ কৰি আহিছিল। চৌপাশে মাথোঁ মানুৰ পোৰা গোন্ধ। মঙহ পোৰা গোন্ধ। ঘৰবোৰ, পথাৰবোৰ, জীৱনবোৰ দাউ দাউকৈ জ্বলি উঠা খবৰবোৰ কঢ়িয়াই আনিছিল টিভিটোৱে,বাতৰিবোৰে।

মোৰ নগাশ্বালখন আটোমটোকাৰিকৈ আৱৰি থকাৰ পাছতো ইশ্বৰ থৰথৰকৈ কঁপিছিল। ঘৰৰ পৰা ঘন্টাত দুই তিনিবাৰকৈ ফ'ন আহিছিল তাৰচৌপাশে মাথোঁ হাহাকাৰ। চৌপাশে মাথোঁ আৰ্তনাদ। মাকৰ পিয়াহ খাই থাকোতেই গাত গুলিলাগি থৰ লাগিছিল দুমহীয়া কেঁচুৱা। গাখীৰতী বুকুৰ পৰা টোপটোপকৈ তেজহে সৰিছিল।

নিজৰ জাতি আৰু মাটি ৰক্ষাৰ নামত চলা সন্ত্ৰাসৰ বিভীষিকা আছিল সেয়া ।

গধুলি ইউনিভাৰ্চিটিৰ মাইন গেটৰ সন্মুখৰ পৰা তপোব্ৰতহঁতে মমবাতি হাতত লোপি শান্তিৰ শোভাযাত্ৰা এটা উলিয়াইছিল। পৰীক্ষা শেষ হৈ যোৱা বাবে হোষ্টেলবোৰত ল'ৰা-ছোৱালী একেবাৰে নাছিল। প্ৰিফেক্টবোৰক ৰিকুৱেষ্ট কৰি কৰি ল'ৰা-ছোৱালী গোটাইছিল তপোব্ৰতে। হোষ্টেলত থকাবিলাকো আহিবলৈ ইমান ইন্টাৰেষ্টেড নাছিল।

"তাত বড়ো আদিবাসীৰ যুঁজ লাগিছে। আমি ইয়াত কি কৰিবলৈ যাম?"

"কেতিয়াবা মুছলমান মৰে,কেতিয়াবা বড়ো,কেতিয়াবা বঙালী বা আদিবাসী। মৰিয়ে থাকে এইবোৰ। মম জ্বলালেই কি শান্তি আহিব?"

তাতকৈ ভয়ঙ্কৰ কমেন্ট উফৰি আহিছিল- " বাংলাদেশীবোৰ জ্বলাব লাগে এনেকে। " আস। কোনে বুজাই এওঁলোকক- কোন গোষ্ঠীৰ,কোন ভাষীৰ মৰিছে সেয়া ডাঙৰ কথা নহয়। মানুহ মৰিছে,মানুহ জ্বলিছে,সেয়া ডাঙৰ কথা।

হোষ্টেলৰ দিনবোৰে সঁচাকৈয়ে কিছু তিক্ত বিৰক্তিকৰ অভিজ্ঞতাও আনি দিছিল। ৰাতিপুৱাৰ নিউজ পেপাৰখন হাততলৈ কোনোবা এটা ৰুমত যেতিয়া জেহাদীক লৈ আলোচনা চলি আছিল, তৌফিক সোমাই অহাৰ লগে লগে আলোচনা বন্ধ হৈ গৈছিল।

ইমান অনাস্থা। ইমান অবিশ্বাস।

ভূপেন হাজৰিকাৰ গান পাগলৰ দৰে ভালপোৱা তৌফিকটো জেহাদী নহয়। ইমান অসহিষ্ণু মানুহ। ইমান অবিশ্বাসী,সন্দেহবাদী মানুহ।

জুইবোৰৰ শিপা যে ক'ত লুকাই নাথাকে। আমাৰ তেজৰ ভিতৰে ভিতৰে কেনেকৈ জুইৰ শিখাই জিভা মেলি লকলকাই থাকে।

ৰাতি গভীৰ হৈ আহিছিল। জুইকুৰা ঘেৰি মাথোঁ আমি চাৰিটা ৰৈ গৈছিলোঁ- মই,ঈশ্বৰ,তৌফিক আৰু তপোব্ৰত। মই নজনাকৈয়ে মোৰ নগা শ্বালখনে চাৰিটা মানুহক টানি আজুৰি বুকুত সামৰি লৈছিল।

ঈশ্বৰ বড়ো,তৌফিক মুছলমান,মই কলিতা,তপোব্ৰত আহোম- এই সময়ত এই সকলো জাত-ধৰ্ম-বৰ্ণৰ পৰিচয় মোৰ অৰ্থহীন যেন লাগিল।

আমি মানুহ।

একুঁৰা জুইৰ সন্মুখত,এখন গৰম কাপোৰে গা ঢাকি একেলগে বহি ৰোৱা চাৰিওটা মানুহ।

টোপ টোপকৈ গছজোপাত নিয়ৰ সৰিছিল। সেমেকি উঠিছিল ৰাতিটো। শীতত অথবা বিষাদত।

চাৰিওটা মানুহ নিজৰ নিজৰ পৃথিৱীত ডুবি আছিল। কোনেও কথা কোৱা নাছিল। নুমাই যাবলৈ ধৰা জুইকুৰাত খৰি এডাল জাপি দিয়াৰ প্ৰয়োজনো এটাইও অনুভৱ নকৰিলে।

জাৰৰ ঠেৰেঙা লগা ৰাতিটোত চাৰিটা মানুহ একেলগে কঁপি কঁপি বহি থাকিল।

  • (লেখকৰ ঠিকনাঃ গুৱাহাটী বিশ্ববিদ্যালয়,ফোন: ৯৪০১১৫১০৪৭ )