• news (1)
  • news (2)
  • news (3)
  • news (4)
  • news (5)
  • news (6)
  • news (7)
  • news (8)
  • news (9)

ৰাতি হোৱা ধাৰাসাৰ বৰষুণজাকৰ সেমেকা সেমেকা ভাব এটাই এতিয়াও চৌপাশৰ পৰিৱেশটোৰ পৰা বিদায় ল’ব পৰা নাই । পাতবোৰৰ পৰা যাওঁ নাযাওঁকৈ বৰষুণৰ কণমানি টোপালবোৰে নিজকে মাধ্যাকৰ্ষণৰ ওচৰত আত্মসমৰ্পণ কৰি পৃথিৱীত আচাৰ খাই পৰিছেগৈ । অ’ত-ত’ত ডোঙা বান্ধি থকা পানীৰ সৰু সৰু পুখুৰীবোৰৰ ঘোলা পানীত শালিকা কেইজনীমানে নিজকে তিয়াই চিঞৰ-বাখৰ কৰাত লাগিছে। বেলিটোৱেও নিজৰ ৰঙৰ পোহৰ চাৰিওফালে বিলাবলৈ সাজু হৈ উঠিছে।

বাহ্যিক ৰূপটোৰ পৰা কোনোৱে সেই ঘৰটোক মানুহ থকা ঘৰ বুলি ক’ব নোখোজে। বেৰৰ পৰা খহি পৰিব খোজা মাটিৰ চপৰা, চৌকাৰ ধোঁৱাৰে কুৎচিৎ ক’লা বৰণৰ হৈ পৰা চালি, চাৰিওকাষ কচুৱনিৰে আৱৰা, ওচৰতে থকা বাহঁৰ শৌচাগাৰৰ পৰা অনবৰতে আহি থকা ময়লাৰ সুলভ দুৰ্গন্ধ-আনকি ঘৰৰ বেৰখনেও মাটিৰ লগত পঞ্চলিছ ডিগ্ৰী কোণ কৰিহে নিজৰ অস্ত্বিত্ব ঘোষণা কৰিছে।

কিন্তু সেইটো এটা ভাড়াঘৰ। তিনিটা কোঠালিত তিনিটা পৰিয়াল থকা এটা কেঁচা উৰুখা ৰেণ্টহাউচ। প্ৰকৃতিৰ সেই শান্ত সৌমহিত পৰিৱেশৰ প্ৰতি ভ্ৰূকুটি প্ৰদৰ্শন কৰি সেইসময়তে এটা কৰ্কশ মাত ভাঁহি আহিল—‘হামিদুল, তই গলিয়েনে ওলাই!’

সেয়া হামিদুলৰ মাক। ঘৰে ঘৰে ধান-চাউল জাৰি, বিয়াই সবাহে ডেস্ক-বেঞ্চ চাফা কৰি,গিৰীয়েকবিহীন সংসাৰত বুকুৰ ধন হামিদুলক লগত লৈ এই ভাড়াঘৰটোৰ কোঠালি এটাতে দিন নিয়াইছে।

হামিদুলে কোনো উত্তৰ নিদি ওলাই আহিল। কালি পেট ভৰাই খাবলৈ নোপোৱাৰ কাৰণে সি মাকক দোষ দিব নোৱাৰে। কালি গোটেই ৰাতি মাজে মাজে সি সাৰ পাই থাকিল। পানী খাইনো কেইটা মানুহ জীয়াই আছে? গতিকে, ৰাতিপুৱাই সি বাজী খেলা জেগালৈ আহিছে। অন্ততঃ তাত পোৱা দুটামান টকাৰে সৰু বিস্কুটকে কিনি নিজেও খাব, মাকলৈও নিব পাৰিব।

হামিদুলৰ বয়স হয়তু সোতৰ বছৰ। তাৰ জন্ম কোনদিনা হৈছিল সেয়া সি মাকক সুধি পোৱা নাই। স্কুললৈ যোৱা ল’ৰা-ছোৱালীবোৰক দেখিলে তাৰ পুতৌ জন্মে। দিনৰ দিনটো সি ইমান মুকলিকৈ থাকিব পাৰে, জীৱনটো ন ন ধৰণেৰে উপভোগ কৰাৰ কথা ভাবি ভাবি সময় কটাই দিব পাৰে-সেয়া জানো স্কুললৈ গ’লে সম্ভৱ হয়? ওহোঁ, তাক ভগৱানেও জোৰ কৰিলে সি স্কুললৈ নাযায়, নাযায় বুলিলে নাযায় আৰু-তাক কোনেও বাধা দিব নোৱাৰে।

পুৱাই পুৱাই মাকক নোকোৱাকৈ আহিবলৈ তাৰ সত যোৱা নাছিল। কিন্তু মাকক সি ক’লৈ গৈছো বুলি ক’ব?বাজীত জিকা পইচাৰে সি বিস্কুট কিনি মাকক দিলে মাকে পইচা ক’ৰপৰা পাইছ’ বুলি সুধিলে সি মিছাকৈ কয় ভাড়াঘৰৰ মালিকে দিছে বুলি। মাক কিছু আচরিত হয় কিন্তু পিছমূহৰ্ততে সি মাকৰ মুখত মালিকৰ বন্দনা শুনিবলৈ পায়।কিন্তু মাকেতো নাজানে পইচাকে খেলি পইচা আৰ্জি পুতেকে ক’ত কি কৰিছেগৈ! গতিকে আজি সি ওলাই আহোতে নিজকে অলপ দেখুৱাইয়ে আহিছে, যাতে তাক মাকে দেখা পায় কিন্তু ‘ক’লৈ গৈছ’ বুলি সোধালৈকে সি এনে এক সুৰক্ষিত দূৰত্ব পায়গৈ যাতে নুশুনাৰ ভাও জুৰি সি যাবগৈ পাৰে।

সি ‘জেগা’ পায়গৈ মানে ইতিমধ্যে খেলা আৰম্ভ হৈছিলেই। ভাড়াঘৰত একেলগে থকা বিনোদ আৰু শেখৰ ইতিমধ্যে তাত উপস্থিত হ’লেই। তাক দেখি বাকী গোটেইখিনি উৰুলীকৃত হৈ পৰিল। সিহঁতে প্ৰায়ে পাৰ্টি কৰি খেলে। তেনেকুৱা হ’লে সকলোৱে সমান ভাগ পোৱা নিশ্চিত। সি যিফালে থাকে সেইফালে বিজয় নিশ্চিত। বিনোদ আৰু শেখৰে তাক আগবঢ়াই আনিলেগৈ। মূহূৰ্তৰ কাৰণে সেই ঊনৈশ বছৰীয়া ল’ৰাটোৰ নিজকে কোনোবা বীৰৰ দৰে লাগি গ’ল, যুদ্ধ জয় কৰিবলৈ অহা বীৰ-তাৰ বুকু যেন দুহাত বাঢ়ি গ’ল।

মুহূৰ্তও পলম নকৰি সিহঁতে খেল আৰম্ভ কৰিলে। তাৰ অভ্যাস, টকা পাবৰ বাবে মনৰ অদম্য বাসনা এই সকলোবোৰেই যেন সি বিজয়ী হোৱাৰ আঁৰৰ একো একোটা সম্বল। বিশেষকৈ, খেলত জিকি পইচা লৈ মাকৰ শুকাই যোৱা পেটত অলপ প্ৰাণ দিলে মাকৰ মুখত যি হাহিঁ বিৰিঙে,সেয়া সি সদায় চাই থাকিব বিছাৰে। ইমান কম বয়সতে তাৰ মাকৰ প্ৰতি উপজা দায়িত্ববোধৰ কথা ভাবি মনে মনে সি প্ৰায়ে ৰোমাঞ্চিত হৈ উঠে।

কিন্তু আজি সিহঁতৰ ভাগ্য সুপ্ৰসন্ন নাছিল। সৰু কথা এটাত লাগি হামিদুলহঁতৰ কথা কটাকটি আৰম্ভ হ’ল। গোটেইজাক ল’ৰাই সমবয়সৰ, কৈশোৰত ভৰি দিছেহে মাথোন। যিকোনো কথাতে স্বাধীন হ’ব বিচৰা প্ৰত্যেকটো ল’ৰাই নিজৰ মতৰ ওপৰতে জোৰ দি থাকিল। শৰীৰত ন তেজ প্ৰবাহিত হৈ থকা প্ৰত্যেকটোৰে আটিল মাংসপেশীবোৰৰ কোঁহে কোঁহে শাৰিৰীক শক্তিতকৈ মনৰ জোৰৰ গাঢ়তা বেছি-অসম্ভৱ যেন লগা কামটো যেন মনতে সিহঁতে সম্ভৱ কৰি পেলায়। নিজৰ যুক্তি ক’বলৈ গৈ সিহঁতে স্থান কাল পাত্ৰ সকলো পাহৰি গ’ল। গোটেইজাকে কোলাহলৰ সৃষ্টি কৰি পৰিৱেশটোৰ স্থিৰতা সমূলি নষ্ট কৰি পেলালে।

প্ৰবীন বৰুৱাই ৰাতিপুৱাৰ বাতৰি কাকতখন হাতত লৈছিলেহে মাত্ৰ। ৰাতিপুৱাৰ বাতৰি কাকতৰ খবৰ পঢ়ি তেওঁ যিমান তৃপ্তি লভে, সেয়া ঘৈণীয়েকৰ হাতৰ ৰাতিপুৱাৰ চাহকাপেও হয়তু দিব নোৱাৰে। এই সময়খিনিতে যথেষ্ট মনোযোগেৰে দেশৰ বা-বাতৰি পঢ়াতো তেওঁৰ বহুদিনীয়া অভ্যাস। কিন্তু আজি তেওঁ কাকতখন লৈছেহে, ঘৰৰ বাওঁফালৰ ৰাস্তাটোৰ পৰা ইমানকৈ যে চিঞৰ-বাখৰ ভাঁহি আহিছে, ৰাতিপুৱাই ৰাতিপুৱাই এই হুলস্থুলখন শুনাৰ বাবে তেওঁ সমূলি প্ৰস্তুত নাছিল। তাতে এইটো সময় তেওঁৰ প্ৰিয় সময়। তেওঁ বাৰাণ্ডাৰ পৰা কিনো হৈছে বুলি ভুমুকিয়ালে। লগে লগে যেন তেওঁৰ খঙে চুলিৰ আগ পালেগৈ ‘ঐ মৰাহঁত, পুৱাই পুৱাই পইচা খেলিবলৈ আহি মোৰ মূৰটো খাবলৈ আহিলি। তহঁতৰ পঢ়া-শুনা নাই বুলি বাকীবোৰকো শান্তিৰে থাকিবলৈ নিদিবি নেকি? পইচা খেলিবলৈ আহ’। ৰহ’-এইবুলি খঙৰ ভমকত তেওঁ জেউৰা এডাল লৈ আগবাঢ়ি গ’ল। ‘ঐ এইটো-হাচিনাৰ পুতেক নহয়নে? তয়ো ইয়ালৈ আহিছ? ভালেই কৰিছ। মাৰক কৈ দিবি মোৰ দুমাহৰ ভাড়া সোনকালে দি দিবলৈ। নহ’লে মাক-পুতেক দুয়োটাকে গতিয়াই উলিয়াই দিম-ৰাতিপুৱাই পইচা খেলিবলৈ জেগা নাপালি হা। গোটেইকেইটাৰ কোবাই ছাল চিঙিম…’।

ইফালে হামিদুল দৌৰি দৌৰি পলাই পলাই সাৰিল। গছ এজোপাৰ তলত ৰৈ সি ঘনাই ঘনাই উশাহ ল’বলৈ ধৰিলে। তাৰ কাৰণেই বাৰু সিহঁতক সেই ঘৰটোৰ পৰা খেদি দিব নেকি? সিহঁতক যদি উলিয়াই দিয়ে এইখন ঠাইত আৰু ক’ত কম দামৰ ভাড়াঘৰ পাব? ক’ত থাকিব সিহঁত? কথাবোৰ ভাবি ভাবি সি বৰ অসহায়বোধ কৰিলে। মাকৰ মুখখন চেৰেং চেৰেংকৈ তাৰ মনলৈ আহিবলৈ ধৰিলে। সি পইচা খেলা বুলি গম পালে যে তেওঁ কিমান বেয়া পাব। এক তীব্ৰ অনুশোচনাত সি দগ্ধ হ’বলৈ ধৰিলে। নিজে কৰা ভুলবোৰৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি ভুলবোৰৰ কথা ভাবি সি স্বেচ্ছাই পীড়িত হ’বলৈ ধৰিলে।

বৰুৱাৰ গালি তেতিয়াও যেন শেষ নহ’ব-‘আহচোন কাইলৈৰ পৰা, তহঁতৰ কি অৱস্থা কৰিম..কুকুৰহঁত-তহঁতৰ লগত লাগি মোৰ দিনটোৱে নষ্ট কৰিলোঁ। আজি তহঁতক….’