• news (1)
  • news (2)
  • news (3)
  • news (4)
  • news (5)
  • news (6)
  • news (7)
  • news (8)
  • news (9)
মানুহবোৰ পুৱা দেৰীলৈকে শুই থাকে
সুযোগ বুজি ৰ’দ উঠি আহে
আকাশৰ উচ্চতালৈ
মই ৰজা মই ৰজা ভাব এটা লৈ
সকলোকে জনাই দিয়ে যে
সেইদিনা যাতে কোনেও ক’তো
ডিচেম্বৰ অথবা জানুৱাৰীৰ পদ্য নপঢ়ে।
চিনটেক্সৰ পানী গৰম হৈ পৰে
চাৱাৰেদি সৰকি আহে গা-ধোৱা কোঠালৈ
তথাপি ধুনীয়া গালবোৰে মুখ পাতি নিদিয়ে
ধুনীয়া দেহাবোৰে কাপোৰ খুলি নিদিয়ে
ৰ’দ তাত পিৰপিৰাই থাকে
অসংযত ৰ’দ, বদনামী ৰ’দ।
পিয়াহত ঘূৰি ফুৰে তৃষাতুৰ কণ্ঠ
চোলাৰ পৰা নিগৰে কেঁচা ঘামৰ গোন্ধ
পিঠিত, হাতত জটিল জীৱনৰ সৰল অংক
তাতো বহি থাকে ৰ’দ
নিমখীয়া ৰ’দ, শুকান ৰ’দ।
নাইলনৰ ফুটুকীয়া ছাতিবোৰত চানবাৰ্ণ
গুলপীয়া গালখনত সুমথিৰা নাম
উদং কলাফুলতকৈ ওপৰত
কোনে সাজে মধুচন্দ্ৰিকাৰ বাসনা
উৰি থাকে নিলাজ ৰ’দৰ ফুলাম নিচান।
চিটি বাছত ৰ’দ, ট্ৰেকাৰ ষ্টেণ্ডত ৰ’দ
ফুটপাথত ৰ’দ, খোজৰ ভৰত ৰ’দ
খিলখিল হাঁহিত ৰ’দ, হুমুনিয়াহত ৰ’দ
কেৱল ৰ’দ, ৰ’দ, ৰ’দ, ৰ’দ...
পইচা দি ৰ’দ খেদে, ৰ’দ পইচাত পৰি থাকে
ৰ’দৰ বাবে কোনেও ক’তো ঘৰ নাসাজে
ৰ’দে সকলোকে ছাঁ আঁকি দিয়ে
সকলো ভাল লগা মুহূৰ্তত ৰ’দ নাথাকে
সুখ উপভোগ কৰাৰ কাহিনী ৰ’দেই লিখে
স্পৰ্শত ৰ’দ, চাৱনিত ৰ’দ
ৰ’দ শব্দত নাথাকে
অদৃশ্য ৰ’দ।
সৰু কইনাই ৰ’দ চাব নাপায়
ৰ’দ অস্পৃশ্য
সদ্যস্নাতাই নিতৌ সূৰ্যস্নান কৰে
ৰ’দ ভগৱান
চিৰাল ফটা মাটিৰ বাবে গাঁৱত খেতি নুঠে
ৰ’দ নিৰ্দয়, নিৰ্মম
ৰ’দৰ হৃদয় নাই, অহংকাৰী।
শীত তাপ নিয়ন্ত্ৰিত কোঠালৈ
ৰ’দ সোমাই আহে খিৰিকিৰে
উশাহবোৰ বাহিৰত খুলি,
ৰ’দ ভিতৰত মৰি থাকে।

যোৱা ৰাতি সপোনত
এটা গান আঁকিলো ;
ৱাটাৰ কালাৰ ।
গানটো সপোন পুৰীৰ শোৱনি কোঠাৰ
মকৰাজাল এখনত ওলমি আছিল ।

সুৰ ;
তোমাৰ ওঁঠত লাগি ৰোৱা
নিয়ৰৰ দৰে ।
আমাৰ কাষত কোন শুই আছিল
খেপিয়াই চাইছিলো
এটা দীঘল ৰেলৰ উকি
জাকি মাৰি এজাক বগলী
বগা পাখিত কালৈনো চিঠি

খেৰ কাটি মুকলি খেৰনি
বাম মাটিত সেউজীয়া ঘাঁহনি
বুকুৰে উঠি আহিছিল কোন

আকাশ চুৱা বাঁহনি
ধান কাটি হালধীয়া নৰানি
নাম কাঢ়ি মাতে, কোন

পাহাৰ পোৱাৰ আগতেই
তোমালোকক মই চুই চাম
আন্ধাৰ হোৱাৰ আগতেই
তোমালোকক মই চুমা খাম
প্ৰাণ ভৰি ভাল পাম কাক

কুঁৱলিয়ে ঢাকি থোৱা
অ’ মোৰ দেউতাৰ হাতৰ কবিপুলিবোৰ,
দুখনকৈ ৰেল সলাই
মই তোমালোকৰ ওচৰলৈ আহিছো৷
গছজোপা মোৰ বাৰুকৈয়ে চিনাকী
আজিও তভক লাগি চাওঁ
গছজোপালৈ....
এচেৰেঙা ৰ'দ কাঁচলি আহি মুখত পৰে
সেৰেঙা পাতৰ মাজে মাজে
তাৰ প্ৰতি শিপাই শিপাই মোৰ চিনাকী মাটিৰ গোন্ধ
এটা গানৰ গুণগুণনি ভাহি আহে
কুঁৱলীৰ অকোৱা পকোৱা জখলাইদি
চিকুণ বননিডৰালৈ
গজি উঠে চিনাকি মনৰ অচিনাকি বাট
গছজোপা এতিয়াও মোৰ
বাৰুকৈয়ে চিনাকি.....।


প্ৰস্তাৱনা:
ৰেষ্টুঁৰাত তৃপ্তিৰ এসাঁজ
অনাহাৰ অৰ্দ্ধ-আকাশ ,
ভিক্ষাৰ জোলোঙাত
থমকি ৰোৱা সময়বোৰ খেদি খেদি শুনা
পীট ছীগাৰৰ এটা গান ।
উই চেল অ'ভাৰকাম.....

উপসংহাৰ:
পখিলা এটা খেদি খেদি
বহুদূৰ পালোগৈ,
এটা ক্লান্তিৰ হুমুনিয়াহেৰে
অৰ্দ্ধ-নগ্ন হাজাৰ শৈশৱৰ মাজত
ওলমি থকা এটা পলিথিনৰ কবিতা,
একাপ ৰঙা চাহ,
স্বাদ নিমখীয়া।
পাহাৰ এতিয়া এটি
সেউজীয়া কাহিনী নহয়
তাৰ বুকুৰ নিজৰাই
ফাকুঁ নেখেলে শিলৰ সৈতে
আজি সি বিবসনা , সি কাহিনীহীন
এতিয়া নদীলৈও নপঠিয়ায়
নীলা খামৰ চিঠি ।

আজি তাই
শতচ্ছিন্ন পৰিহিতা
লজ্জানত
কৰিবলৈ স্পৰ্শ আকাশ ।
এক বিশাল শূন্যৰে ভৰা
তাইৰ বুকুৰ বিষাদ গাঁথা
কালৰ বুকুত
আবুৰতাখিনি হেৰুৱায়
তৰপে তৰপে খহিছে গণতন্ত্ৰৰ বাকলি
গান্ধীৰ দেশত বাকৰুদ্ধ
নিৰ্যাতিত নাৰী আৰু যুৱতী ।
দিন হ'ল জোনৰ জোনাক নেদেখা
সেউজীয়া কলিজাটো ঘন আন্ধাৰত
বিষাদৰ ক'লা ৰঙত জুৰুলি-জুপুলিকৈ তিতিলে ৷
জীৱনৰ যে কত কথা
দুখৰ ৰ'দৰ মাজতহে পৰে সুখৰ নিতোল ছাঁ
দুগাল তিতা চকুলোতহে ভাহে হাঁহিৰ সংজ্ঞা
জোনাকীয়ে ধাৰ কৰে জোনৰ জোনাক
তিৰবিৰায় থাকে
পোহৰ দিয়াৰ অযুত আশাত
জোনাকৰ দলিচা পাৰে নিজকে বিলায় ৷
মই জোনাক চোৱা নাই
পঢ়ামেজৰ খিৰিকত বহোওঁৱা নাই জোনক
অনুভূতিয়ে নমাই অনা
শ্ৰমজীৱিৰ হিয়াভগা জীৱন যাতনাক
আবেগেৰে বহাইছো মোৰ বুকুৰ মাজত ৷
সেয়ে জোনৰ জোনাক নেদেখা কিছুদিন হল ৷
কেতিয়াবা
শেলুৱৈ ধৰা সম্পৰ্কবোৰ
জোৰা লগাই
এচমকা পোহৰৰ সপোন আঁকো,

মানৱতাৰ উৱলি যোৱা
চোলাটোৱে বাৰে বাৰে উপহাস কৰে মোক,
মোৰ অস্তিত্বক।

'এটা চোলাৰ কাহিনী'ৰ পৰা
মই যাত্ৰা কৰো
ডাস্তবিনৰ পৃথিৱীলৈ,

এখন সম্প্ৰীতিৰ আকাশ
এটা প্ৰাপ্তিৰ নিশ্বাস ।
চিনাকী বা এছাটিয়ে কঁপাই নিয়া
শীত বৰষা দিন এটাতে
তেওঁক আকৌ লগ পালো ৷
আবতৰীয়া বৰষুণ এজাক হৈ
দুপৰীয়াটো বৈ আহিল,
খিলখিলীয়া হাঁহি এটাই তিৰবিৰণি তুলি
চকুৰপৰা চকুলৈ বাট বোলালে,
কঁপনি উঠা ফুল এপাহে
উমাল চোলা এটাতে মুখ গুঁজি দুখ গুচালে ৷
বুকুৰপৰা বুকুলৈ
খুপি খুপি খোজ লোৱা সপোন এটাই
কাণে কাণে কৈ গ'ল,
"ভালপোৱাৰ জঁটলগা উশাহ এটা
এই বাটেদিয়ে আহে,
এই বাটেদিয়ে যায়…৷"
তুমি টানি লোৱা ওৰণিৰ তলত
মই দেখিছিলো
যোৱা ৰাতিৰ উৰুকা ভোজৰ
মাঘৰ ভোগ…
উশাহবোৰ উশাহ হৈ থকা নাই এতিয়া
তীব্ৰৰ পৰা তীব্ৰতৰ হুমুনিয়াহ
তুমি এজাক বৰষুণেই দিয়া
অভিমান ভাঙিব কোনে
বুকুত যে মোৰ পানীমেটেকা ফুলে !

(১)
পদূলিৰ জপনাতে
ওলমি আছে গধূলিটো
আন্ধাৰে মাতিলে
আহ, চোতাললৈ আহ
কেনেকৈ যাম
গৰকি নে সৰকি
(২)
নৈখনত ডিঙি বাই বাই
মাছুৱৈ ছোৱালীজনীয়ে
উৱলি যোৱা গানটো
বৰ ধুনীয়াকৈ গায়
এজাক ফুচফুচনি --
পানী যুৱলিত
সেয়া হেনো
যখিনীয়েহে চাপৰি বায়
(৩)
আইতাৰ সাধু শুনি
জোনটোৰ টোপনি ধৰিল
সেই যে সি চকু মুদিল
আৰু নেমেলিলে
তেতিয়াৰে পৰা
গধূলিটোত একো নেদেখা হ'ল