• news (1)
  • news (2)
  • news (3)
  • news (4)
  • news (5)
  • news (6)
  • news (7)
  • news (8)
  • news (9)

সংস্কৃতি হৈছে এটা জাতিৰ জাতীয় জীৱনৰ বোৱতী নদী স্বৰূপ৷ নৈৰ দৰেই সংস্কৃতি ধাৰাবাহিক ভাৱে বৈ থাকে৷ নৈয়ে যি দৰে গৰা খহায়, সুঁতি সলায় তেনেদৰে সংস্কৃতিৰো কিছুমান সম্পদ আতৰি যায় আৰু নতুনৰ যোগ হয়৷ মানুহ যিমানেই ধার্মিক নহলেও মানুহৰ জৈৱিক বাসনা নোহোৱাকৈ থকা নাই৷ জৈৱিক বাসনাই সৃষ্টিত প্ৰেৰণা যোগায় আৰু মানুহৰ বস্তুগত, ভাৱগত, আধ্যত্মিক সকলো সৃষ্টিকে সংস্কৃতিয়ে সামৰি লয়৷ অতীতৰ পৰা বর্তমানৰ লৈকে প্ৰচলিত পৰম্পৰা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, নৈতিকতা, পূজা-পাতল আদিয়ো সংস্কৃতিৰ অন্তর্গত৷ মূলতঃ ব্যক্তিৰ জৈৱিক আৰু সামাজিক প্ৰয়োজন সমূহ পূৰাবলৈ আৰু পাৰিপার্শ্বিক অৱস্হাৰ লগত খাপ খাবলৈ কৰা সকলো বস্তু, চিন্তা-চর্চা, জীৱন ধাৰাকে সংস্কৃতি বুলিব পাৰি৷ ই এক বিমূর্ত ধাৰণা৷ মানুহৰ পৰিৱর্তনশীল জীৱন ধাৰণাৰ ধৰণবোৰেই মানুহৰ সংস্কৃতি৷ সাহিত্য, সংগীত, নৃত্য, বাদ্য, স্হাপত্য, ভাস্কর্য, সাজ-পাৰ, লোক-বিশ্বাস আদি উপাদান সমূহৰ মাজেদি এটা জাতিৰ সংস্কৃতি প্ৰকাশ পায়৷ মানুহে বসবাস কৰা ভৌগোলিক পৰিৱেশৰ এই উপাদানেৰে মানুহে সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰি লয়৷ পৃথিৱীৰ সকলো জাতিৰে নিজস্ব সংস্কৃতি আছে; পৰিৱেশ, সমাজ আৰু কাৰিকৰী দক্ষতা অনুসৰি তেওঁলোকৰ প্ৰকাশভংগী সলনি হয় আৰু উপাদানবোৰৰ তাৰতম্য ঘটে৷

ই.বি টেইলৰ মতে,“সংস্কৃতি শব্দটোৱে জ্ঞান, বিশ্বাস, শিল্পকলা, নৈতিকতাবোধ,আইন-কানুন, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আৰু সমাজৰ এজন ব্যক্তি হিচাপে মানুহে অর্জন কৰা আন সকলো ক্ষমতা আৰু স্বভাৱ সামৰি লয়৷”

টেইলৰৰ সংজ্ঞাটোত দুটা দিশ প্ৰতীয়মান হৈছে৷ প্ৰথমটো হৈছে মানুহৰ সনগ্ৰ জীৱন ধাৰাক সংস্কৃতিয়ে আৱৰি লৈছে৷ দ্বিতীয়তে, সামাজিক প্ৰাণী হিচাপে মানুহে আহৰণ কৰা ক্ষমতা আৰু স্বভাৱবোৰহে সংস্কৃতিৰ ভিতৰত ধৰা হৈছে৷

ৰর্বাট বার্ছৰ মতে,“সংস্কৃতি এনে এক সংমিশ্ৰন, য’ত মানুহৰ চিন্তা-ভাৱনা;মানুহ হিচাপে সমাজৰ বাবে কৰিবলগীয়া সকলো কাম- কাজকে সামৰি লয়"

কাচিৰা,চৰকিন আৰু মেকলভাৰৰ মতে,“মানৱৰ নৈতিক আধ্যাত্মিক আৰু বৌদ্ধিক বিকাশেই সংস্কৃতি৷”

মেথিউ আর্ণল্ডৰ মতে,“মাধুর্য আৰু আলোকেই সংস্কৃতি৷”

মূলত সংস্কৃতি এক বিমূর্ত ধাৰণা৷ প্ৰত্যক ব্যক্তিয়ে নিজৰ জীৱন কালত আন ব্যক্তি বা পৰিৱেশৰপৰা শিকা সকলো কথা আৰু কার্যই সংস্কৃতিৰ অংগ আৰু ই কোনো এটা জাতিৰ সনগ্ৰ চিন্তা-ভাৱনাৰ শ্ৰেষ্ঠ অংশখিনিকে সামৰি লয়৷

সংস্কৃতিৰ স্বৰূপঃ

অসমীয়া তথা ভাৰতৰ বিভিন্ন প্ৰাদেশিক ভাষাত ইংৰাজী ‘কালচাৰ’ অর্থাৎ ‘culture’ পদৰ সর্মাথক ৰূপে সংস্কৃতি পদটো ব্যৱহাৰ কৰা দেখা যায়৷ ‘সংস্কৃতি’ পদটো সংস্কাৰৰ লগত বিশেষভাৱে জড়িত৷ যাৰ সংস্কাৰ হৈছে সিয়ে সংস্কৃতি৷ কোনো কোনোয়ে সেয়েহে ‘culture’পদৰ পৰিভাষা ৰূপে ‘কৃষ্টি’ পদটো প্ৰয়োগ কৰে৷ কর্ষণৰ লগত কৃষ্টিৰ সম্পর্ক ওতপ্ৰোত ভাৱে আৰু কৃষ্টিক সংস্কাৰ কৰি ল’লেই সংস্কৃতিৰ জন্ম হয়৷ একেটা ক্ৰিয়াৰ বাৰম্বাৰ আচৰণ বা আবৃত্তিক কর্ষণ বা কৃষ্টি আখ্যা দিব পাৰি; আৰু এই কৃষ্টিক সংস্কাৰ কৰি লোৱাটোৱেই সংস্কৃতি৷ কৃষিৰ বাবে পথাৰত হাল বোৱা বা কোৰ মৰা ক্ৰিয়াৰ নামেই কৃষ্টি আৰু তাৰ ফলস্বৰূপে পথাৰত শস্য উৎপন্ন হোৱাৰ বাবে উপযোগী যি সংস্কাৰ, ক্ষমতা বা যোগ্যতা সেয়ে সংস্কৃতি৷২ মানুহে সমাজপাতি বাস কৰিবলৈ লোৱাৰ ফলস্বৰূপে সামাজিক প্ৰাণী হিচাপে মানুহে বিভিন্ন পৰিস্হিতিত সেই সমাজৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, বিশ্বাস-অবিশ্বাস,ধর্ম-অধর্ম পৰম্পৰা আদি প্ৰবিত্তিগত ভাৱে শিকে৷ এই ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ পৰম্পৰা আদিৰ সামগ্ৰিক ৰূপকে সংস্কৃতি বুলিব পাৰি৷ আদিম অৱস্থাত মানুহৰ সামূহিক আচৰণৰ মূলতেআছিল সহজাত প্ৰবৃত্তিৰ প্ৰেৰণা৷ জীয়াই থকাৰ প্ৰেৰণাই মানুহক কাম কৰিবলৈ শিকাইছিল৷ এনে কাৰণতে মানুহে পেটৰ ভোক গুচাবলৈ যিহকে যেনেদৰে খাব পাৰে, তেনেকৈয়ে খাইছিল৷ আহাৰগ্ৰহণ, পিন্ধন আৰু খোৱা-বোৱাৰ ক্ষেত্ৰত আদিম অৱস্থাতে কোনো ধৰণৰ নীতি-নিয়ম, ন্যায়-অন্যায়বোধ নাছিল৷ যেতিয়াই প্ৰয়োজনবোধ কৰে, তেতিয়াই আন প্ৰবৃত্তিসমূহো চৰিতার্থ কৰিছিল৷ পুৰুষাণুক্ৰমে এই কার্যসমূহ সংশোধনৰ কার্যকলাপেই হ’ল সংস্কাৰ আৰু ইয়াৰ পৰাই সংস্কৃতিৰ সূত্ৰপাত ঘটিছে বুলি কব পাৰি৷

জন হেনিংমানে সংস্কৃতিৰ বিশাল পৰিসীমালৈ লক্ষ্য ৰাখি সংস্কৃতিৰ স্বৰূপ এনেদৰে ব্যাখ্যা কৰিছে

“মানুহৰ দ্বাৰা সৃষ্ট শিল্পবস্তু, জনসাধাৰণৰ দ্বাৰা অভিব্যঞ্জিত ক্ৰিয়া-কলাপ আৰুতেওঁলোকৰ আদর্শ আৰু অনুভূতি আদিকেই সংস্কৃতি বুলিব পাৰি৷ অর্থাৎ জনসাধাৰণৰ জীৱন পদ্ধতিয়েই সংস্কৃতি৷”

সংস্কৃতিৰ প্ৰকাৰঃ

সংস্কৃতি মূলতঃ দুই প্ৰকাৰৰ৷

১) বস্তুগত সংস্কৃতি বা অভিজাত সংস্কৃতিঃমানুহৰ জীৱন ধাৰণৰ কাৰণে নূন্যতম প্ৰয়োজনীয় তিনিটা বস্তু হ’ল – খাদ্য, বস্ত্ৰ আৰু বাসস্থান৷ ইয়াৰ উপৰিও দৈনন্দিন জীৱনৰ চাহিদা পূৰণৰ বাবে গাড়ী-মটৰ, বাচন-বর্তন, ঘৰ-দুৱাৰ,আ-অলংকাৰ ইত্যাদিৰ প্ৰয়োজন হয়৷ এই আটাইবোৰ সামগ্ৰীকে বস্তুগত সংস্কৃতি বা অভিজাত সংস্কৃতি বুলিব পাৰি৷

২) সমাজ সংস্কৃতি বা লোক-সংস্কৃতিঃ জ্ঞান, শিক্ষা পদ্ধতি, কিছুমান সু-প্ৰতিষ্ঠিত বিশ্বাস, সামাজিক মূল্যবোধ, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, নৈতিকতা, পুজা-পাতল ইত্যাদি সমাজ সংস্কৃতি বা লোক-সংস্কৃতিৰ অন্তর্গত৷উইলিয়াম বেচকমৰ মতে, “লোক-সংস্কৃতিয়ে সেই সকলোবোৰ বিদ্যাক সামৰি লয় যিবোৰ মৌখিক বচনৰদ্বাৰা সম্প্ৰসাৰিত হয়, লগতে সেই সকলোবোৰ হস্ত শিল্পক আৰু তেনে শিল্পজাত সামগ্ৰীক; যিবোৰ অনুকৰণ আৰু উদাহৰণৰ দ্বাৰা আয়ত্ব কৰি লোৱা হয়৷ ”

ইয়াৰ উপৰিওসংস্কৃতিৰ আন এটা ভাগ হৈছে জনজাতীয় সংস্কৃতি৷ জনজাতীয়সংস্কৃতি মূলতঃ জনজাতি সকলৰ মাজত প্ৰচলিত৷ জনজাতীয় সংস্কৃতি স্বয়ংসম্পর্ণ৷৪ জনজাতীয় সংস্কৃতি লোক-সংস্কৃতি বা অভিজাত সংস্কৃতিৰ পৰা পৃথক৷ এই সংস্কৃতি জনজাতীয় লোকসকলৰ মাজত অতীতৰ পৰা পুৰুষানুক্ৰমে চলি আহিছে৷ জনজাতীয় সকলৰ বিভিন্ন উৎসৱ-পার্বন, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, পৰম্পৰা ইত্যাদি এই সংস্কৃতিৰ অন্তর্গত৷

সংস্কৃতিৰবৈশিষ্ট্যঃ

(ক) সংস্কৃতি স্থবিৰ অথচ গতিশীলঃ নৈৰ দৰেই সংস্কৃতি ধাৰাবাহিক ভাৱে বৈ থাকে৷ নৈয়ে যি দৰে গৰা খহায়, সুঁতি সলায় তেনেদৰে সংস্কৃতিৰো কিছুমান সম্পদ আতৰি যায় আৰু নতুনৰ যোগ হয়৷ কেতিয়াবা কিবা কাৰণত নতুন আৰু পুৰণি সোঁত তৰাং পৰিবলৈ আৰম্ভ কৰে; কিন্তু সংস্কৃতিৰ গতি বৈ থাকে নিৰৱচ্ছিন্ন ভাৱে৷ (খ) সংস্কৃতি বিশ্বজনীনঃসংস্কৃতিয়ে বিশ্বৰ সকলো ঠাইত আৰু সমাজত বিৰাজ কৰি আছে৷ সহজ-সৰল জীৱনৰ সংস্কৃতিও সৰল; কিন্তু উন্নত জীৱনৰ সংস্কৃতিও উন্নত বা জটিল৷ বিজ্ঞানৰ উন্নতিৰ লগে লগে পৃথিৱীখন তেনেই সৰু হৈ আহিছে আৰু লগে লগে এটা বিশ্বজনীন সংস্কৃতি গঢ় লৈ উঠিছে৷৫ (গ) সংস্কৃতি সমাজভিত্তিক, ব্যক্তিভিত্তিক নহয়ঃ সমাজৰ সকলো লোককে সংস্কৃতিয়ে সামৰি লয়৷ ই কোনো এজন ব্যক্তিৰ লগতে সম্পর্কিত নহয়৷ (ঘ) সংস্কৃতি আদান-প্ৰদান ধাৰাত প্ৰৱর্তিত হয়ঃসময়ৰ গতি সলনি হোৱাৰ দৰে

সংস্কৃতিৰ বুকুত নতুনৰ সংযোগ হয় আৰু পুৰণি সম্পদৰ এৰা পৰে৷ তদুপৰি এটা জাতিৰ সাংস্কৃতিক সম্পদ কেতিয়াবা আন এটা জাতিৰ সাংস্কৃতিক সম্পদ হৈ পৰা দেখা যায়৷ (ঙ)সংস্কৃতি উপার্জিতঃসাধাৰণতে পূর্বপুৰুষ, পৰিয়াল, আত্মীয় কুটুম্ব আৰু সমাজৰ পৰা সংস্কৃতিৰ বিভিন্ন দিশ অৱগত হয়৷ মানুহৰ জন্ম হয় পৰিয়ালত৷ গতিকে প্ৰথমতে মাক-দেউতাক আৰু পৰিয়ালৰ অন্যান্য লোকৰ পৰা ল’ৰা-ছোৱালীয়ে সংস্কৃতিৰ লগত পৰিচিত হয়৷ তাৰ পিছত এইসকলৰ বয়স হোৱাৰ লগে লগে ওচৰ-চুবুৰীয়া আৰু সমাজৰ পৰা সংস্কৃতিৰ বিভিন্ন ধাৰাৰ লগত পৰিচিত হয়৷

মূলত সংস্কৃতি বুলিলে কোনো মানৱ সম্পদায়ৰ সকলো চিন্তা, কার্যকলাপ আৰু আচৰণৰ সমষ্টিকে বুজায়৷ জ্ঞান, বিশ্বাস, শিল্পকলা, নৈতিকতাবোধ, আইন-কানুন, আচাৰ-ব্যৱহাৰ আৰু সমাজৰ এজন ব্যক্তি হিচাপে অর্জন কৰা আন সকলো ক্ষমতা আৰু স্বভাৱ সংস্কৃতিৰ অন্তর্গত৷ সংস্কৃতিয়ে এটা জাতিৰ ধর্মীয় ৰীতি-নীতি, পৰম্পৰা আদিকো সামৰি লয়৷