• news (1)
  • news (2)
  • news (3)
  • news (4)
  • news (5)
  • news (6)
  • news (7)
  • news (8)
  • news (9)

‘হনু!’

‘হনু!!’

‘নামাত কিয় হনু!’

কোমলকৈ মাতে অশ্বগ্ৰীৱই।

‘আকাশলৈ কি চাই আছ? আকাশত তোৰ বাবে এতিয়া কিবা আছে জানো? এদিন তয়েই মোক কৈছিলি, এইখন আকাশ সকলোৰে বাবে নহয়। এইখন আকাশত ঠাই আছে সাহসীসকলৰ বাবে। যাৰ বুকুত স্বপ্ন আছে। প্ৰাণৰ কন্দৰে কন্দৰে বৈ আছে সেই স্বপ্নৰ ধাৰা, তেওঁৰ বাবেহে এই আকাশ। চকু নমা হনু। তললৈ চা। ধৰাত চকু থ। এই ধৰাৰ বুকুৰ পৰাই আমি কথাবোৰ আকৌ আৰম্ভ কৰিব লাগিব।’

অশ্বগ্ৰীৱ হতাশ হয়।

নিশা ভালেমান হ’লহি। শিলচটা ক্রমশঃ চেঁচা হৈ আহিছে...

জুইকুৰাই যেন জোঙা জোঙা নখবোৰ মেলি দিছিল। নখবোৰে বতাহজাকক আঁকুহি পেলাইছিল আৰু গাত নগাশ্বালখন টানি টুনি মই জুইকুৰাক মেৰিয়াই মেৰিয়াই গতি লোৱা ধোঁৱাৰ ছন্দহীন গতিটোত চকু ৰাখিছিলোঁ। ঈশ্বৰ মোৰ কাষলৈ আহিছিল আৰু ঠাণ্ডা লাগিছে বুলি মোৰ নগাশ্বালখন টনা আজোৰা কৰিছিল। মোৰ নগাশ্বালখনৰ বুকুত ঈশ্বৰকো আদৰেৰে ভৰাই লওতে জুইকুৰাৰ ৰংটো হঠাতে সলনি হৈ গৈছিল। এই হালধীয়া, এই কমলা, এই নীল সেউজীয়া। হয়, জুইকুৰাৰ কোনো নিৰ্দিষ্ট ৰং নাছিল।

হোষ্টেলৰ সন্মুখৰ মুকলি চোতালখনত আমি জুই একুা ধৰি বহিছিলোঁ। শেষ ডিচেম্বৰৰ ৰাতি আছিল। প্ৰচুৰ ঠাণ্ডা পৰিছিল। দুদিন আগতে শেষ হৈছিল ইউনিভাৰ্চিটিৰ পৰীক্ষাবোৰ। কৃষ্ণচূড়াৰ পাত সৰাৰ সময় এয়া। দূৰৰ পাহাৰবোৰও গাত সানি লৈছিল মটীয়া ৰং। একো উত্তাপ নথকা, একো আবেদন-আকৰ্ষন নথকা মটীয়া ৰং...

ৰাতি হোৱা ধাৰাসাৰ বৰষুণজাকৰ সেমেকা সেমেকা ভাব এটাই এতিয়াও চৌপাশৰ পৰিৱেশটোৰ পৰা বিদায় ল’ব পৰা নাই । পাতবোৰৰ পৰা যাওঁ নাযাওঁকৈ বৰষুণৰ কণমানি টোপালবোৰে নিজকে মাধ্যাকৰ্ষণৰ ওচৰত আত্মসমৰ্পণ কৰি পৃথিৱীত আচাৰ খাই পৰিছেগৈ । অ’ত-ত’ত ডোঙা বান্ধি থকা পানীৰ সৰু সৰু পুখুৰীবোৰৰ ঘোলা পানীত শালিকা কেইজনীমানে নিজকে তিয়াই চিঞৰ-বাখৰ কৰাত লাগিছে। বেলিটোৱেও নিজৰ ৰঙৰ পোহৰ চাৰিওফালে বিলাবলৈ সাজু হৈ উঠিছে।

বাহ্যিক ৰূপটোৰ পৰা কোনোৱে সেই ঘৰটোক মানুহ থকা ঘৰ বুলি ক’ব নোখোজে। বেৰৰ পৰা খহি পৰিব খোজা মাটিৰ চপৰা, চৌকাৰ ধোঁৱাৰে কুৎচিৎ ক’লা বৰণৰ হৈ পৰা চালি, চাৰিওকাষ কচুৱনিৰে আৱৰা, ওচৰতে থকা বাহঁৰ শৌচাগাৰৰ পৰা অনবৰতে আহি থকা ময়লাৰ সুলভ দুৰ্গন্ধ-আনকি ঘৰৰ বেৰখনেও মাটিৰ লগত পঞ্চলিছ ডিগ্ৰী কোণ কৰিহে নিজৰ অস্ত্বিত্ব ঘোষণা কৰিছে।

কিন্তু সেইটো এটা ভাড়াঘৰ। তিনিটা কোঠালিত তিনিটা পৰিয়াল থকা এটা কেঁচা উৰুখা ৰেণ্টহাউচ.....

'অ দেউতা বলক আক',সময় হ'লেইচোন। দীপকৰ মাতত ঠিক মই সাৰ পাওতেই দেখিলো যে, অ' হয়তো নিশা ১০ বাজিলেইচোন। এতিয়া যোৱাটো ভাল হ'ব। মানে মই নাছাৰ ৰিচাৰ্ছ চাইন্টিছট আৰু মোৰ ল'ৰাটো তথা দীপক তাৰেই মহাকাশ বিজ্ঞান বিভাগৰ গৱেষক। আজি মংগল গ্ৰহৰ পৰা কেইটামান বহি: বিশ্বৰ প্ৰানী আমাৰ মানব জাতিক লগ কৰিবলৈ অহাৰ কথা।জ্ঞানৰ বিনিময়ৰ বাবে। নিশা ঠিক ১২ বজাত নাছাৰ মূখ্য কাৰ্যালয়ৰ কাষতে এখন পীটছত তেওঁলোক পাবহি।

'দীপক ব'লা।' ঠিক তাৰ পাছতেই আমি গাড়ীৰে নাছাৰ অভিমূখে অগ্ৰসৰ হ'লো। সম্পূৰ্ নিজান পৰিৱেশ।সকলো দিশতেই নিৰৱতা বিৰাজমান। প্ৰায় আধা বাট পালোহি। বিশাল পথাৰখনৰ মাজেৰে থকা ঘাইপথটোৰে আমি আগুৱাই গ'লো। সমগ্ৰ বিশ্বৰ প্ৰা্য দহ হাজাৰতকৈ অধিক বিজ্ঞানী পীটছত উপস্থিত হৈছেগৈ। পথাৰৰ ঠিক মাজভাগ পাওঁতেই অকস্মাতে যেন আকাশৰ পৰা এটা তৰা সহি পৰিল।প্ৰায় দহ বাৰখন ট্ৰাক জাপি দিলে যেনেকুৱা এটা আকাৰ হব ঠিক তেনেকুৱা আকাৰৰ এখন ইউ এফ অ'। মই গাড়ী বন্ধ কৰি দীপকৰ সৈতে বাহিৰলৈ আহিলো। সি তাৰ কেমেৰটোৰে যানখনৰ ফটো তুলিবলৈ লওতেই...