আধ্যাত্মিকতা, আধ্যাত্মিক শিক্ষা আৰু নৈতিকতাৰ বিকাশ

আধ্যাত্মিকতা হৈছে মানৱীয় চৰিত্ৰ গঠনৰ এটা ঢাপ ! অৰ্থাৎ মানৱ জীৱনৰ উত্তৰণৰ মূল পথ হ'ল আধ্যাত্মিকতা ৷ 'হেম কোষ'ত 'আধ্যাত্মিকতা' শব্দটো 'আধ্যাত্মিক গুণ' বুলি উল্লেখ আছে আৰু 'আধ্যাত্মিক' শব্দটো 'আত্মা সম্বন্ধীয়, আত্মাত আশ্ৰয় কৰা, ব্ৰক্ষ্ম বিষয়ক, মানসিক' বুলি উল্লেখ আছে ৷ অধি+আত্মা + ষ্ণিক প্ৰত্যয় লগ হৈ আধ্যাত্মিকতা শব্দটো গঠন হৈছে ৷ আধ্যাত্মিকতা বুলি ক'লেই প্ৰথমে আত্মা বিষয়ক ধাৰণা এটাই মনলৈ আহে ৷ যিটো আভ্যন্তৰিণ ৷ আধ্যাত্মবাদে আত্মাকেই প্ৰকৃত আৰু চৰম সত্য বুলি বিশ্বাস কৰে ৷ এই আত্মাৰ কোনো বিনাশ নাই ৷ এই আত্মিক শক্তিৰ দ্বাৰাই বিশ্ব-ব্ৰক্ষ্মণ্ড পৰিচালিত হয় ৷

এই আত্মিক শক্তিক উপলব্ধি কৰিব পৰাটোৱেই জীৱনৰ সৰ্বোচ্চ লক্ষ্য বুলি আদৰ্শবাদী দাৰ্শনিক সকলে বিশ্বাস কৰে ৷ আমি দৈহিক বা বাহ্যিকভাৱে যি শিক্ষা লাভ কৰোঁ সেইয়া অসম্পূৰ্ণ ই সম্পূৰ্ণ হৈ উঠে আধ্যাত্মিক দৃষ্টিৰে লাভ কৰি উঠা জ্ঞাৰ দ্বাৰাই ৷ আধ্যাত্মিকতাবাদৰ মতে যিহেতু আত্মাই প্ৰকৃত সত্য সেয়ে ইয়াৰ বিনাশ নাই ৷ আমাৰ দেহত থকা এই আত্মা তথা জীৱাত্মাই দৈহিক বান্ধোনৰ পৰা মুক্ত হৈ পৰমাত্মাৰ লগত মিলিত হয়গৈ ৷ দৰ্শন শাস্ত্ৰত আত্মাৰ ধাৰণাটো আমি বহলভাৱে পাওঁ ৷ আত্মা চিৰ আনন্দময় আৰু চিৰ চৈতন্যময় ৷ দেহৰ পৰিৱৰ্তনৰ সৈতে আত্মাৰ পৰিৱৰ্তন নহয় ৷ মৃত্যু মানে দেহৰ অন্ত, আত্মাৰ অন্ত নহয় ৷ এটা শৰীৰৰ মৃত্যু হলে আত্মাই আন এটা শৰীৰত প্ৰবেশ কৰে ৷

সাধাৰণতে শিশু অৱস্থাৰ পৰাই আধ্যাত্মিকতাৰ অনুভূতি পৰিলক্ষিত হয় ৷ এজন শিশুৰ ভাৱ আৰু কামত আধ্যাত্মিকতা প্ৰকাশ হয় ৷ জন্ম, মৃত্যু, স্বৰ্গ, নৰক, ঈশ্বৰ আদিৰ ধাৰণাবোৰ আয়ত্ব কৰিবলৈ লয় ৷ ডাঙৰক সন্মান আৰু শ্ৰদ্ধা, সৰুক মৰম, ঈশ্বৰক উপাসনা কৰাৰ পৰা আৰম্ভ কৰি বিদ্যালয়ত কৰা সামূহিক প্ৰাৰ্থনালৈকে আধ্যাত্মিকতাৰ আচৰণ পৰিলক্ষিত হয় ৷ ঈশ্বৰ ক'ত থাকে, স্বৰ্গ ঈশ্বৰৰ বাসভূমি হলে স্বৰ্গ নিশ্চয় আকাশত অৱস্থিত, মানুহ কিয় মৃত্যু হয়, মৃত্যুৰ পাছত কি হয়, স্বৰ্গলৈ কোন যায়, নৰকলৈ কোন যায় ... এনেধৰণৰ ধাৰণা তথা আধ্যাত্মিক চেতনাই সমূহে সিহঁতৰ মন বিশেষ ভাৱে প্ৰভাৱিত কৰে ৷ ডাঙৰ হৈ অহাৰ লগে লগে আমি দেহ আৰু আত্মাৰ মাজৰ পাৰ্থক্য বিবেচনা কৰি উঠিব পাৰোঁ ৷

সম্প্ৰতি যান্ত্ৰিকতা তীব্ৰ চাঞ্চলৰ দিনত দৈহিক প্ৰয়োজনমুখী আৰু ব্যক্তিকেন্দ্ৰিক শিক্ষাই ছাত্ৰ-ছাত্ৰীক আধ্যাত্মিকতাৰ দিশটোৰ পৰা যথেষ্ঠ পৰিমাণে আঁতৰাই আনিছে ৷ আধ্যাত্মিক শিক্ষাৰ মূলত আত্মা আৰু মানৱীয় চিন্তা চেতনাৰ শিক্ষা, যি শিক্ষাই আধ্যাত্মিক গুণৰ বিকাশ কৰায়, সকলোৰে আত্মা একেই বুলি জ্ঞান দিয়ে ৷ আধ্যাত্মিকতাৰ চেতনাইহে মানুহৰ আচৰণক প্ৰকৃত মানৱীয় ৰূপ প্ৰদান কৰে ৷ মানৱীয় মূল্যবোধসমূহ যথাৰ্থভাৱে বিকশাই তুলিব নোৱাৰিলে জীৱনৰ প্ৰকৃত সুখ বা আনন্দ লাভ কৰিব নোৱাৰি ৷পূৰ্বতে শিক্ষাৰ লক্ষ্য আছিল ব্যক্তিৰ আধ্যাত্মিক দিশৰ বিকাশ সাধন কৰা ৷ অজ্ঞান অন্ধকাৰ দূৰ কৰি ভগৱানক উপলব্ধিৰে জীৱনত মুক্তি লাভ কৰা বা নিৰ্বাণ প্ৰাপ্ত হোৱাৰ কামনা কৰা ৷

নিৰ্বাণৰ ধাৰণাটো ভাৰতীয় দৰ্শনৰ এটা অন্যতম বৈশিষ্ট্য ৷ নিৰ্বাণ হৈছে আত্মাৰ চিৰশান্ত অৱস্থা যি সকলো প্ৰকাৰৰ সুখ বা দুখৰ প্ৰতি নিস্পৃহ থাকে ৷ শংকৰাচাৰ্যৰ বেদান্ত দৰ্শনত মুক্তিৰ যি দুটা প্ৰকাৰ উল্লেখ আছে, তাৰে 'জীৱন মুক্তি' ৰ কথা ইয়াত উল্লেখ কৰিব পাৰি ৷ জীয়াই থকাৰ অৱস্থাত প্ৰাপ্ত মুক্তিয়ে জীৱন মুক্তি ৷ "জীৱিত অৱস্থাত যেতিয়া মানুহৰ ব্ৰহ্ম আৰু জীৱৰ অভেদ জ্ঞানপ্ৰাপ্তি হয় তাক জীৱন মুক্ত অৱস্থা বোলা হয় " ৷ ইয়াত সাধাৰণতে ব্ৰহ্ম মানে পৰমাত্মা আৰু জীৱ মানে জীৱাত্মাৰ কথা কোৱা হৈছে ৷ এনেধৰণেই আধ্যাত্মিক শিক্ষাই আধ্যাত্মিক গুণ সমূহৰ বিকাশত সহায় কৰি সামাজিক আৰু ব্যক্তিগত জীৱন অধিক সমৃদ্ধ কৰি তুলে ৷

আধ্যাত্মিকতা নৈতিকতাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত ৷ আচলতে নৈতিক শিক্ষাৰ পাছতহে আধ্যাত্মিকতাৰ শিক্ষা আহে বুলিব পাৰি ৷ নৈতিকতাৰ বিকাশ নহলে আধ্যাত্মিকতাৰ বিকাশ কোনোপধ্যেই সম্ভৱ নহয় ৷ সাম্প্ৰতিক সময়ত ব্যক্তি সমাজৰ মাজত নৈতিকতা আৰু আধ্যাত্মিকতাৰ অভাৱত ব্যক্তিৰ মাজত উশৃংখলতাৰ বৃদ্ধি হৈছে, অনৈতিক কাৰ্যবোৰ বাঢ়িছে ৷ বিভিন্ন অসামাজিক কাৰ্যবোৰ সংঘটিত হোৱাৰ পাছত আমি শুনা পাওঁ 'নৈতিকতাৰ স্খলন' ৰ কথা ৷ নৈতিক চৰিত্ৰৰ বিকাশ নহলে আধ্যাত্মিকতাৰ বিকাশ অসম্ভৱ ৷ ক'ৰবাত পঢ়িছিলোঁ, আধ্যাত্মিকতা মানে “ধৰ্ম আৰু ভগবান”ৰ ওপৰত বিশ্বাস নহয় – আধ্যাত্মিকতা হ’ল মনৰ পবিত্রতা আৰু দৃঢ়তা । ভাল কামৰ ভাল ফল আৰু বেয়া কামৰ বেয়া ফল – এই ধাৰণা জাগ্রত কৰা । সঁচাকৈ আধ্যাত্মিকতা মানে ধৰ্ম বা ঈশ্বৰৰ ধাৰণা নহয় ৷ এইখিনিতে ক'ব পাৰি যে ধৰ্মশাস্ত্ৰ সমূহৰ পৰা আমি কিন্তু আধ্যাত্মিক শিক্ষা লাভ কৰিব পাৰোঁ ৷ ধৰ্মশাস্ত্ৰ সমূহে প্ৰকৃততে নৈতিক চৰিত্ৰ তথা মানৱীয় মূল্যবোধৰ কথা কয় ৷ যাৰ দ্বাৰা আমাৰ আধ্যাত্মিক গুণৰ বিকাশ সম্ভৱপৰ হৈ উঠে ৷ কিন্তু ধৰ্মৰ নামত অৰাজকতা, বিভেদ আদিৰ সৃষ্টি কৰি ধৰ্মৰ লগতে ভগৱানৰ প্ৰতি মানুহৰ স্পৃহা কমাই অনা হৈছে ৷ এইক্ষেত্ৰত ভণ্ড ধৰ্মগুৰু আৰু ধৰ্মীয় গোড়ামীৰ প্ৰৱৰ্তক একাংশ ব্যক্তিয়ে হাত উজান দিয়ে ৷ ধৰ্ম, ঈশ্বৰ আৰু আধ্যাত্মিকতাক একাকাৰ কৰিলে আধ্যাত্মিকতাৰ প্ৰকৃত অৰ্থ শূণ্য হৈ যায় ৷ মানসিক গুণবোৰৰ বিকাশ কৰি জীৱনৰ পৰা অস্থিৰতা নাইকিয়া কৰিলে ব্যক্তি সংসাৰৰ পৰা অমংগল বা দূৰ্যোগবোৰ নাইকিয়া হয় ৷ বিভিন্ন ধৰ্ম শাস্ত্ৰবোৰে মূলত আমাক সৎ আৰু সংযত জীৱন যাপনৰ কথা কয় ৷ মানসিক তথা আধ্যাত্মিক গুনবোৰ বিকাশ কৰি জীৱনৰ প্ৰকৃত তাৎপৰ্য উপলব্ধিৰ কথা শিকাই ৷ পবিত্ৰ আৰু স্বচ্ছ জীৱন এটা যাপন কৰি জীৱনৰ অস্থিৰতা, অংযত আচৰণ পৰিত্যাগ কৰি সদায় সৎ আৰু নিষ্ঠাবান হৈ থাকাতেই আধ্যাত্মিকৰ প্ৰকৃত তাৎপৰ্য লুকাই আছে ৷ ফলত সমাজ বা ব্যক্তি জীৱনৰ সমস্যা বা দুখবোৰৰ পৰা হাত সাৰিব পাৰি ৷

বৰ্তমান সময়ত নৈতিকতাৰ স্খলনৰ বাবে মানৱীয় মূল্যবোধ লোপ হৈছে ফলত সামাজিক বিশৃংখলতাৰ বৃদ্ধি হৈছে, অমানৱীয় কাৰ্যবোৰ বাঢ়িছে ৷ মানুহৰ মাজত মৰম দয়া, পৱিত্ৰতা, অহিংসা আদি ধাৰণাবোৰ নাইকিয়া হৈ আহিছে ৷ মূলত সামাজিক আৰু মানৱীয় দায়াবদ্ধতা মানুহে পাহৰি পেলাইছে ৷ একবিংশ শতিকাৰ এই বিজ্ঞান প্ৰযুক্তিৰ যুগত প্ৰচলিত শিক্ষা ব্যৱস্থাৰ ভিতৰুৱাকৈ অন্যথা অনানুস্থানিকভাৱে হলেও আধ্যাত্মিকতাৰ শিক্ষা দিয়াৰ বা লোৱাৰ প্ৰয়োজনীয়তাই দেখা দিছে ৷ বিভিন্নধৰণৰ বিশৃংখলতাবোৰ দূৰ কৰাৰ বাবে নৈতিকতাৰ বিকাশ আৰু আধ্যাত্মিক শিক্ষাৰ বিকল্প নাই ৷ অন্যথা মানুহ জাতিক জীৱশ্ৰেষ্ঠ বুলি কোৱাৰ কোনো অৰ্থই নাথাকিব ৷