মধুশালা : এখন মানবিশিষ্ট উপন্যাস

"বিংশ শতাব্দীৰ পৰা উপন্যাসত চেতনাৰ স্তৰ অতিক্ৰম কৰি অচেতন আৰু অৱচেতন স্তৰৰ প্ৰদমিত মনোগুহাশায়ী আশা-আকাঙ্ক্ষাক আৰু বাসনাক ৰূপ দিবলৈ চেষ্টা কৰি অহা হৈছে । আনকি চেতনা প্ৰৱাহৰ যোগেদি সজ্ঞান অৱস্থাৰ বিপৰীত , জটিল নিৰৱচ্ছিন্ন সমপ্ৰবাহী বিভিন্ন ভাবানুভূতিৰ নিয়ত অহা-যোৱাই মানসিক প্ৰক্ৰিয়াক ৰূপ দিছে । ভাৰ্জিনিয়া উলফ , জেমচ জইচ আদিৰ লেখনিত এই ধাৰা স্পষ্ট হৈ পৰিছে । ফ্ৰয়েড , ইয়ুং , এডলাৰ প্ৰভৃতি মনোবিজ্ঞানীৰ গৱেষণাৰ ফল সাহিত্যত প্ৰতিফলিত হৈছে ।" ( অসমীয়া উপন্যাসৰ গতিধাৰা ; ড° সত্যেন্দ্ৰনাথ শৰ্মা ) আধুনিক উপন্যাসত অস্বাভাৱিক মনস্তত্ত্বৰ বহল ভেটিত প্ৰতিষ্ঠিত উপন্যাস সুলভ নহয় বুলি সততে যি অভিযোগ উত্থাপিত হয় , সেই অভিযোগ খণ্ডন কৰিছে লেখক-প্ৰকাশক-ঔপন্যাসিক সৌমিত্ৰ যোগীৰ " মধুশালা " নামৰ উপন্যাসখনে । অসমীয়া সাহিত্য-সংস্কৃতি বৰ্তমান যি সংশয়ৰ মুখামুখি হৈছে , এক অপশক্তিৰ প্ৰাদুৰ্ভাৱে ভাল-সুস্থ চিন্তা সমূহক অৱদমিত কৰি ৰখাৰ যি অপচেষ্টা চলাইছে __তাৰ প্ৰাঞ্জল ছবি এখন ফুটি উঠিছে "মধুশালা "ৰ কাহিনীত, চৰিত্ৰসমূহৰ কথা-বতৰাত তথা জটিল মানসিক চিন্তা-ভাৱনাত । " মধুশালা" উপন্যাসখন পঢ়া পাঠকক উপন্যাসখনত বৰ্ণিত পৰিৱেশ-পৰিস্থিতি-চৰিত্ৰই নিশ্চয় কিছু হ'লেও জোকাৰি থৈ যাব । অসমীয়া উপন্যাসত এনে এখন উপন্যাসৰ প্ৰয়োজন বহুসময় ধৰি আছিল _যিখনে সচেতন পাঠক- চিন্তাজীৱীৰ মনত এবাৰৰ বাবে হ'লেও এটি প্ৰশ্ন তুলিব… " আমি আচলতে কিমান সচেতন ? আধুনিকতাৰ মুখা পিন্ধি আমি একোটা বৃত্তৰ মাজত সোমাই পৰিছোঁ নেকি _ য'ত সুখাকাঙ্ক্ষাৰ বাহিৰে অন্য কোনো অভিলাষ নাই । সমাজৰ বা পাৰিপাৰ্শ্বিক অৱস্থাৰ প্ৰতি দায়বদ্ধতা নাই? "

আজি কিছু মাহ আগেয়ে পঢ়োঁ বুলি হাতলৈ তুলি লোৱা উপন্যাসখন হ'ল _ সৌমিত্ৰ যোগীৰ মধুশালা । ঠিক যেন উপন্যাস নহৈ কিছু ভিন্ন চিন্তাৰ সমল। প্ৰথমবাৰ পঢ়ি উঠি কিছু ভাৱিলোঁ…আকৌ পঢ়িলোঁ। মুগ্ধ হ'লোঁ। কিয় দুবাৰ পঢ়িলোঁ ; এই চিন্তা মনলৈ আহিলত তৃতীয়বাৰৰ বাবে পঢ়িলোঁ। সমসায়িক অন্য উপন্যাসতকৈ কিছু ভিন্ন , কিছু বেলেগ , সুন্দৰ উপস্থাপন শৈলীৰে 'মধুশালা' এখন ব্যতিক্ৰমী উপন্যাস ।

"সমাজত এনে কিছুমান মানুহ থাকে যাৰ কাম-কাজ সৰ্ম্পকে কাৰো ধাৰণা নাথাকে । তেওঁলোকৰ লক্ষ্য কি, উদ্দেশ্য কি, দৰ্শন কি কোনেও নাজানে ।এনেকি লগতে ছাঁৰ দৰে লাগি থকা মানুহজনেও নাজানে। হয়তো নিজেও নাজানে। এই অজ্ঞতা আৰু অজ্ঞতাবোৰৰ থাকে আৰু এটা বাট। সেই বাটেৰে যায় আন কিছুমান মানুহ। এই মানুহবোৰে কিছুমান ঘটনা দেখে , কিছুমান পৰিঘটনা দেখে-- দেখি অথবা দেখি দেখি শংকিত হয়, ভিতৰি ভিতৰি কঁপি উঠে; বিৰক্ত হয়, খং উঠে , ঘৃণাত নাক কোঁচ খাই যায়, ক্ষোভত ফাটি পৰে ; কিন্তু কি হৈছে, কিয় হৈছে, কোনে কৰিছে--সঠিককৈ নিৰ্ণয় কৰিব নোৱাৰে।"

এনে এখন ৰহস্যময় জগতৰ মায়াজাল তৰি বহিছে সৌমিত্ৰ যোগীৰ মধুশালা। বৰ সৰলভাৱে মাৰ বুকুত মূৰ গুঁজি আমি প্ৰতেক্যেই জীৱনৰ আদিপাঠ লওঁ। স্কুল যাওঁ , মাৰ হাত এৰি এদিন ডাঙৰ হওঁ আৰু কৈশোৰ পৃথিৱীত প্ৰথম ভৰি থোৱাৰে পৰা চেতনে, অৱচেতনে এখন ৰহস্যময় পৃথিৱীৰ নাগৰিক হৈ পৰোঁ… নিজৰ অজ্ঞাতেই নিজৰ ভিতৰত লালন কৰোঁ অন্য এজন মানুহ/ এগৰাকী নিজৰে অচিনাকী মানুহ। মধুশালাৰ চৰিত্ৰবোৰ বৰ আচৰিত ধৰণেৰে মোৰ পৃথিৱীৰ চৰিত্ৰ। চৰিত্ৰৰ মাজৰ চৰিত্ৰ। প্ৰতিটো চৰিত্ৰই যেন একো একোখন নাটক। প্ৰতিটো চৰিত্ৰ বিশ্লেষণ কৰিবলৈ গৈ মধুশালাৰ পাঠকে বিশ্লেষণ কৰি পেলাব নিজক, প্ৰতিটো চৰিত্ৰ ফঁহিয়াবলৈ গৈ ফঁহিয়াই পেলাব আজিৰ সময়ৰ বৈশিষ্ট্যক। তথাকথিত ধনিক শ্ৰেণী ধনৰ মহত্বৰে বৰ্তমান সমাজত ৰঘূমলাৰ দৰে শিপাই, সমাজৰ নিয়ম নীতিক জোকাৰি গৈ চৌদিশে যি বিষবাস্প এৰি দিছে সেই বিষৰ তাৎক্ষণিক ক্ৰিয়াত আমি প্ৰতিজন সংবেদনশীল মানুহেই অসুখী হৈ পৰিছোঁ। বিৱৰ্তিত সমাজৰ এই জৰাগ্ৰস্ত অৱস্থা মধুশালাত তুলি ধৰিবলৈ এশ শতাংশই সফল হৈছে ঔপন্যাসিক সৌমিত্ৰ যোগী। বহু বছৰ জুৰি সাহিত্য- সংস্কৃতিৰ ক্ষেত্ৰখনত জড়িত হৈ থকাৰ বাবেই বোধহয় সেইখন জগতৰ ভাল বেয়া সকলো দিশ লেখকৰ কলমত ধৰা দিছে আৰু লেখকে স্বকীয় শৈলীৰে, সাহসিকতাৰে সেই ভাল-বেয়া দিশসমূহ উপস্থাপন কৰিছে মধুশালাত। ঐশ্বৰিকতা প্ৰাপ্ত হ'লেহে এনে অৰ্ন্তদৃষ্টি সম্ভৱ; এই বুলি ক'লে বোধহয় বঢ়াই কোৱা নহ'ব। অৰ্ন্তদৃষ্টিৰে সূক্ষ্মাদিসূক্ষ্মকৈ প্ৰতিটো পৰিৱেশ, প্ৰতিটো চৰিত্ৰক বিশ্লেষণ কৰি অতুলনীয় ৰূপত তুলি ধৰাৰ বাবেই সাম্প্ৰতিক কালৰ এখন শ্ৰেষ্ঠ বৌদ্ধিক উপন্যাস হিচাপে মধুশালাই নিজৰ স্থিতি গজগজীয়া কৰিছে।

কি আছে মধুশালাত? আপোনাৰ মধুশালালৈ যোৱাৰ অভ্যাস আছে যদি নিশ্চয় বুজিব, প্ৰকৃততে কি কাহিনী মধুশালাৰ। মধুৰ সোৱাদত আমিবোৰ হৈ পৰোঁ ক্ষন্তেকীয়া কবি, কমসময়ৰ বাবে হ'লেও বিশ্বজয়ৰ সোৱাদ পাওঁ আৰু এই জয়ত আহ্লাদিত হৈ নিজৰ পিঠিত নিজে থপথপাই নিজকে স্বীকৃতি দিওঁ। বিজয়ী যোদ্ধাৰ সকলোবোৰ লক্ষণ ফুটি উঠে আও-ভাওত। এনে লক্ষণে তুলি ধৰা আধুনিক সময়ৰ জটিল ব্যাধিত ভোগা মধুশালাৰ সুখী চৰিত্ৰটো হৈছে হুমায়ুন চৌধৰী ওৰফে মিজানুৰ , হেমন্তৰ মিজান দা। লেখকে কৈছে, " পৃথিৱীৰ সকলো ভয়াৱহ বস্তুৱেই শান্ত আৰু সৰল।" আৰু মিজানুৰ নামৰ চৰিত্ৰটোত আৰোপ কৰা হৈছে এই সমস্ত ভয়াবহতা। মধুশালাত কিছু সুপ্ত অৱস্থাত থকা আনটো ভয়াবহ চৰিত্ৰ হৈছে নৱাবৰ চৰিত্ৰটো। এনে চৰিত্ৰৰ কেঁকোৰা চেপাত নিষ্কলুষ সমাজ এখনৰ বুকুৰ পৰাও সৰে টোপ টোপকৈ তেজ আৰু এই তেজ পি তেজপিয়াৰ ৰূপ ধৰে মিজানুৰৰ দৰে চৰিত্ৰই। মধুশালাৰ মধু হ'ল নৱাব আৰু মধুৰ স্ৰষ্টা মধুৰাণীও হ'ল নৱাবেই। নিষ্ক্ৰিয় চৰিত্ৰযেন লাগিলেও এই চৰিত্ৰৰ আঙুলিৰ ঠাৰত ঘূৰে সমগ্ৰ পুঁজিবাদী সমাজ আৰু স্ব-স্বাৰ্থ সিদ্ধিৰ বাবে এনে চৰিত্ৰই খেলা পাশাখেলৰ এটা সামান্য গুটি মাত্ৰ হেমন্ত। চালকৰ ইচ্ছা-অনিচ্ছা মতে যি উঠা-বহা কৰিব। মগজু থাকিব, কিন্তু সকলো চিন্তা ভাৱনা পৰিচালিত কৰিব এক অশুভ শক্তিয়ে। হয়, এনেকৈয়ে সহজ লাভলৈ চাই আমি ভৰি দিওঁ কোনো অচিন চিকাৰীৰ অনামী জালত। য'ত এবাৰ ভৰি সোমোৱাৰ পাছত বন্ধ হৈ পৰে ওলাই অহাৰ সকলো বাট। আমাৰ চিন্তা শক্তি লুপ্ত হয় আৰু আমি সাপ নচুওৱা তান্ত্ৰিকৰ পেঁপাৰ তালত নচা আমি সাপ নচুওৱা তান্ত্ৰিকৰ পেঁপাৰ তালত নচা সাপৰ দৰে মন্ত্ৰমুগ্ধ হৈ পৰোঁ। ইতিমধ্যে বিষদাঁত কাঢ়ি লোৱাৰ বাবে আমাৰ বিষেৰে তেওঁলোকৰ অনিষ্ট হোৱাৰ ভয় নাথাকে আৰু মোহান্ধৰ দৰে অল্পপ্ৰাপ্তিৰ আৱেশত বৃহৎ ক্ষতিশংকা পাহৰি যাওঁ।

মধুশালাত পোৱা হেমন্তৰ দৰে সাংবাদিক আজিৰ সমাজৰ সুলভ চৰিত্ৰ।

মিজানুৰ নামৰ লম্পট চৰিত্ৰটোৰ বাহ্যিক ক্ৰিয়া-কলাপত পৰোক্ষভাৱে অৰিহণা যোগোৱা স্বাভাৱিক অথচ নিজৰ অলক্ষিতে মাজে মাজে জটিল হৈ পৰা নাৰী চৰিত্ৰটি হৈছে মেঘনা। মনে বিচৰা মানুহৰ সাহচৰ্য্যনো কাক নালাগে? এই সাহচৰ্য্যৰ আশা সপোনত পৰিণত হয় , মনে বিচৰাজন যেতিয়া ব্যস্ততাৰ অজুহাতত হাতৰ মুঠিৰ পৰা হেৰাই ঢুকি নোপোৱা দূৰত্বত অৱস্থান কৰে। ৰাহুল আঁতৰি থকাৰ অজুহাতত মেঘনাই লতাৰ দৰে আশ্ৰয় বিচাৰিছে অটল বৃক্ষৰ দৰে ছাঁ দিয়া হৃদয়বান, দায়বদ্ধ পুৰুষ অৰ্ণৱৰ। নিসংগ বাবেই ইটোৱে সিটোৰ সংগ বিচৰা মেঘনা, অৰ্ণৱৰ চৰিত্ৰ দুটাক সামাজিক দায়বদ্ধতাৰ দোষমুক্ত বুলি যদি কওঁ; স্ত্ৰীৰ অনুপস্থিতিত কামনাক ৰোধিব নোৱাৰা মিজানুৰৰ চৰিত্ৰটিক লম্পট বুলি কোৱাতো যুগুত হ'বনে? এনে চিন্তাৰ বাট মুকলি কৰি আপোনাক ভাবুক কৰি তুলিব মধুশালাই । আমাৰ সমাজ পুৰুষপ্ৰধান। জনা-নজনাকৈ 'লাও পাতৰ তল' ধৰণৰ ভাৱ এটা আমি পুৰুষ-মহিলা উভয়ে পোষণ কৰোঁ। স্বামীৰ অনুপস্থিতিত এই শোষিতৰ ভাৱ দলিয়াই স্বাধীন ভাৱাবেগৰ উলাহেৰে চঞ্চল বন-হৰিণীলৈ ৰূপান্তৰিত হোৱা মেঘনাৰ আঁৰ নথকা শৰীৰৰ অংকন মুক্ত আকাশত উৰা এটি চৰাইৰ ছবিৰ দৰে অজলা আৰু নিষ্পাপ যদিও কিছু খেয়ালী। শিল্পী বাবেই হয়তো এনে খেয়ালী চিন্তাই গা কৰি উঠিছে জুলেখা চৌধুৰীৰ মাজতো। তাত অস্বাভাৱিকতা মোৰ চকুৰে মই নেদেখিলোঁ। সকলো আভূষণ, সৌন্দৰ্য্যৰ ব্যৱহাৰিক সকলো বস্তুৱেই দলিয়াই দি আমি সকলো মানুহেই এবাৰৰ বাবে স্বাধীন হ'ব খোজো আৰু বৈষয়িক সুখ-সম্পত্তি এৰি হঠাৎ এদিন মুক্ত হৈ যাওঁ এই সংসাৰ-বান্ধোনৰ পৰা। বস্ত্ৰ , আভূষণ ইত্যাদিক 'বেচিক নীড' বুলি নধৰি লোভৰ প্ৰতীক হিচাপে ধৰিলে ; মুক্তিৰ এই কল্পনা বা লোভৰ আগ্ৰাসনৰ পৰা নিজক স্বাধীন কৰাৰ উলাহ উপন্যাস খনত একপ্ৰকাৰ আশাবাদ। মেঘনা আৰু জুলেখা চৌধুৰীৰ একমাত্ৰ পাৰ্থক্য বোধহয় এটাই। সেয়া হৈছে মেঘনাৰ পাতৰ আঁৰত থকাৰ বিপৰীতে জুলেখাৰ ছাদত থিয় হোৱা। কাহিনীৰ প্ৰসাৰৰ স্বাৰ্থতেই চৰিত্ৰটিক নি হয়তো ছাদত থিয় কৰোৱা হৈছে। কাহিনীৰ স্বাৰ্থত সংযোজিত হৈছে ৰুস্তম, বিনয় মজুমদাৰ দৰে বাকীকেইটা চৰিত্ৰও।

শোষকে শোষণ কৰোঁ বুলি ভাৱিলে গোটেই সমাজখনকে কিনি ল'ব পাৰে। এই মহাসত্য মিজানুৰে আলোচনী উলিয়াবলৈ কৰা যো-জা আৰু নৱাবে এজন প্ৰতিপত্তিশীল পৰজীৱীক ৰক্ষাৰ স্বাৰ্থত হেমন্তক পাশাৰ চাল হিচাপে লৈ এখন পেপাৰ উলিয়াবলৈ কৰাৰ যো-জাত সুন্দৰকৈ প্ৰকাশ পাইছে। বিশিষ্ট বুদ্ধিজীৱী ড° হীৰেন গোঁহাইৰ মতে সাহিত্য চৰ্চাৰ যথাযোগ্য পৰিৱেশৰ বাবে যি অৰ্থৰ প্ৰয়োজন , ক্ৰমে ক্ৰমে , চৰকাৰী মহলৰ পৰাই সেই অৰ্থ আহিব ধৰিছে । ফলত অনিবাৰ্য ভাৱে অদৃশ্য চৰকাৰী হেঁচা সাহিত্যৰ বিকাশৰ ওপৰত পৰিছে । এই কথাষাৰৰো প্ৰতিফলন ঘটিছে মধুশালাত । অৰ্থৰ বলত দুষ্ট শক্তিৰ জয় হৈছে । কাকত -আলোচনীৰ দৰে সমাজৰ সংস্কাৰ সাধিব পৰা , অপশক্তিৰ বিষয়ে মাত মাতিব পৰা গণ মাধ্যমবোৰো এনে অশুভ শক্তিৰ বহতীয়া হৈ পৰিছে ।

উপন্যাসখন পঢ়ি উঠি পাঠকৰ মনলৈ প্ৰশ্ন আহিব যে ; অৰ্ণৱৰ দৰে সংবেদনশীল, সমাজৰ প্ৰতি দায়বদ্ধতা থকা চৰিত্ৰ এটাৰ পৰিচয় কিয় থূলমূলকৈ দিয়া হ'ল , নতুন সমাজৰ আধাৰ হিচাপে ধৰি এই চৰিত্ৰটিক আৰু কিছু ব্যাপকতা দি শোষণৰ, ভণ্ডামিৰ বিৰুদ্ধে অৰ্ণৱক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি প্ৰচলিত হিন্দী চিনেমাৰ কায়দাৰে তেওঁক কিয় হিৰ' সজাই অশুভ শক্তিৰ গ্ৰাসৰ পৰা সমাজখনক মুক্ত কৰা নহ'ল ! কিন্তু প্ৰতিটো কাহিনীৰে যেনেকৈ সুখময় , ইতিবাচক পৰিণতি নাথাকে ঠিক তেনেকৈ উপন্যাসত সিদ্ধান্তৰ বিষয়টোও কিছু আওপকীয়া । বহু ঔপন্যাসিকে জীৱনৰ প্ৰতিচ্ছবি তুলিবলৈ যাওঁতে উপন্যাসৰ ঘটনাৰাজি সজাই পৰাই পৰিণতি সিদ্ধান্তমুখী কৰি তোলে । কিন্তু পণ্ডিতসকলৰ মতে উপন্যাসৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত বা মীমাংসাৰ প্ৰয়োজন আছেনে নাই সেইটো ঔপন্যাসিকে নিজে বিচাৰ কৰিব । এন্ড্ৰে গাইড , কাফকা প্ৰভৃতি লেখকে উপন্যাসত সিদ্ধান্তৰ প্ৰয়োজন নাই বুলি যি যুগজয়ী সৃষ্টিৰাজি পাঠক-সমালোচকৰ হাতত তুলি দিলে সি আজিও সমাদৃত । গতিকে কেতিয়াবা ঔপন্যাসিকে নিজে একো সিদ্ধান্ত নিদি সিদ্ধান্ত গ্ৰহণৰ দায়িত্বটো পাঠকক দিব পাৰে । কিন্তু এনে উপন্যাস এখন পঢ়িবলৈ লোৱা পাঠক কিছু পৰিমানে সচেতন , বুদ্ধিমান আৰু চিন্তাশীল হোৱাটো আৱশ্যক ।মধুশালা পঢ়ি উঠি সাধাৰণ পাঠকৰ অপৰিপক্কতাৰে কিছু শংকা, কিছু অলাগতীয়াল চিন্তা মনলৈ আহিছিল যদিও মনৰ মাজতে কিছু যুক্তি তৰ্কৰ অন্তত ঠিৰাং কৰিলোঁ যে এয়া লেখকৰ দ্বাৰা পাঠকৰ প্ৰজ্ঞাৰ অগ্নিপৰীক্ষা। মধুশালা যিহেতু সাম্প্ৰতিক সময়ৰ জলন্ত ছবি গতিকে এনে পৰিৱেশত সচেতন নাগৰিক হিচাপে আমাৰ কৰণীয় কি সেয়া এজন অৰ্ণৱলৈ পেলাই নথৈ আমি প্ৰত্যেকেই নিজে বিবেচনা কৰা উচিত। যদিও নিজৰ পদক্ষেপ নিজেই ঠিৰাং কৰিলোঁ, তথাপি ভাৱো যে আমাৰ শেষকথাই লেখকৰ শেষ কথা হোৱা অনুচিত। জটিল কথাৰ মেৰপাকবোৰ খুলি সাধাৰণ পাঠকক , সমাজক শোষণ-নিষ্পেষণৰ পৰা ৰক্ষা কৰাৰ দায়িত্ব লেখকৰে। লেখক আশাৰ, পোহৰৰ, ইতিবাচক চিন্তাৰ বাহক। মধুশালাৰ দ্বিতীয় ভাগো পঢ়িবলৈ পাম বুলি আশা ৰাখিলোঁ, য'ত শুভ শক্তিৰ উন্মেষ ঘটিব আৰু সকলোবোৰ কুৰূপ চিন্তাৰ মৃত্যু হ'ব।

মোৰ দৃষ্টিত লেখক :

ইতিমধ্যে ব্যংগ লেখক হিচাপে সুনাম অৰ্জন কৰা সৌমিত্ৰ যোগীৰ কাহিনী কোৱাৰ যি বাকপটুতা তাত নিশ্চয়কৈ লেখক সফল। উপন্যাসখন লিখিবলৈ গৈ লেখকৰ কঁপালত যেন তৃতীয় নেত্ৰহে ফুটিছে, গ্ৰন্থখনিৰ পঠন সম্পূৰ্ণ হোৱাৰ পাছত এনে ভাৱে আমাক প্ৰথমবাৰ কাবু কৰিলে। লেখকৰ গদ্যশৈলী , কাহিনী কোৱাৰ ধৰণ সুকীয়া । এই স্বকীয়তাই যোগীক সমসাময়িক লেখকসকলৰ পৰা কিছু পৃথক কৰিছে। দোহাৰি থকাত সন্তুষ্টি নাই। একেবোৰ কাহিনীকে পঢ়ি থকা যেন অনুভৱ নহৈ, একেখন পৃথিৱীৰে কাহিনী যদিও মধুশালা পঢ়ি থাকোতে কিছু চিন্তাৰ কচৰৎ কৰিবলৈ সক্ষম হ'লোঁ বাবেই কওঁ যে মধুশালা পঢ়ি ভালপালোঁ। মধুশালা; এয়া মোৰ তৃতীয় পঠন। মোৰ বোধেৰে প্ৰত্যেকজন চিন্তাশীল ব্যক্তিয়েই মধুশালা এবাৰ পঢ়ি চোৱা উচিত। মধুশালা চিন্তাৰ উৎস, ভাৱনাৰ উৎস, ভাৱনাৰ থল। নিজা উপস্থাপন শৈলীৰে এনেদৰেই বাৰে বাৰে সৌমিত্ৰ যোগীয়ে আমাক ন-ন লেখাৰে সন্মোহিত কৰি থাকক; এয়ে আন্তৰিক কামনা।