ভোগালীৰ স্বপ্ন দুঃস্বপ্ন

ছনি টি ভিৰ ইন্দিয়ান আইদল নামৰ ৰিয়েলিটি শ্বটোৰ ফাইনেল চলি আছিল। তাতেই আছিল অসমৰ দুগৰাকী কণ্ঠ শিল্পী। এগৰাকী প্ৰতিষ্ঠিত আৰু এগৰাকী আছিল নৱাগত। সেই অনুষ্ঠানতে প্ৰতিষ্ঠিত শিল্পী গৰাকীয়ে ধেমালিতে কৈছিল চাহ আৰু গঁড়ৰ পিছতে অসমক প্ৰতিনিধিত্ব কৰা মানুহ হৈছে তেওঁ। কথাটো তেওঁ ধেমালিতে কৈছিলে যদিও পিছত তাকে লৈ ছচিয়েল মিডিয়াত যথেষ্ট বিতৰ্ক হৈছিল যদিও সেয়াই তীব্ৰতৰ ৰূপ ধাৰণ কৰাগৈ নাছিল হয়তো তাৰ এটা অন্যতম কাৰণ আছিল একেটা অনুষ্ঠানতে সেই একে গৰাকী শিল্পীয়েই আৱেগিক অসমীয়াৰ হিয়াৰ আমঠু বিহু ক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকাই তুলিছিল যিটোক সকলো অসমীয়াই আদৰি লৈছিল। এইয়া মাত্ৰ এটা উদাহৰণহে অসমীয়া মানুহৰ বিহুৰ প্ৰতি থকা অনুৰাগ ,ভাল পোৱাৰ।

আচলতে অসমীয়া মানুহৰ প্ৰায় খিনিয়েই হৈছে উৎসৱ প্ৰিয় মানুহ সেয়ে নিজা উৎসৱ পাৰ্বন সমূহ উদযাপন কৰাৰ পিছতো বাকী থকা সময় খিনি বাহিৰৰ যিমান উৎসৱ আদি আছে তাক আদৰি অনাত কেতিয়াও কৃপনালি নকৰে। আৰু জাক জমকতাৰ ক্ষেত্ৰত সেই কৃপনালি আৰু নকৰে। উদাহৰণ হিচাপে দুৰ্গা পূজা , থাৰ্টি ফাৰ্ষ্ট আদিৰ কথা বহলাই নকলেও হব। আৰু তাতে সেই উৎসৱ যদি অসমীয়াৰ হিয়াৰ আপোন বিহুটো হয় তেনেহলে কোনে পাই। যাৰ ফলশ্ৰুতিতে ৰঙালী বিহু গছৰ তল, মানুহৰ ঘৰৰ পৰা আহি মঞ্চত প্ৰৱেশ কৰিলে। মঞ্চত প্ৰৱেশ কৰাৰ পিছতে লাহে লাহে প্ৰতিযোগিতাৰ দৌৰত নামি পৰিল। আৰু লাহে লাহে সকলো গ্লেমাৰ সৰ্বস্ব হৈ পৰিল। আৰু আমি এতিয়া দেখিবলৈ পোৱা বহাগী বিদায় "জেঠী আদৰণি " লৈ ৰূপান্তৰিত হৈ পৰিলগৈ আমাৰ উৎসৱ প্ৰীতি আৰু জাক জমকতাৰ ফলতেই। বহাগ বিহুৰ এই ৰূপান্তৰ আমি তথাপি মনে মনে আদৰি ললো। বাকী থাকিল কাতি বিহু আৰু ভোগালী বিহু। ৰঙীয়াল অসমীয়াৰ বাবে কঙালীৰ একো অৰ্থ নাই বুলি ভাবিয়েই হয়তো চৰকাৰে কঙালী বিহুক চৰকাৰী বন্ধৰ পৰা প্ৰত্যাহাৰ কৰি কাতি বিহুৰো এটা ৰূপান্তৰ কৰিলেই।

এতিয়া যি বাকী ৰল সেয়া হল ভোগৰ উৎসৱ অতি উলাহৰ আমাৰ ভোগালী বিহু। এই ভোগালী বিহুৰ ৰূপান্তৰিত ৰূপটো আমাৰ মাজত যেন এইবছৰেই বেছি জিলিকি উঠিল তেনেকুৱা লাগিল। আগতে ভোগালী বিহু আহে মেজি জ্বলোৱা হয়। নৰাৰে ভেলাঘৰ বনোৱা হয়। ভোজ ভাত খাই বিদায় জনোৱা হয়। পিছে এইবাৰ যেন ব্যতিক্ৰমী আছিল সকলো আয়োজন। বিহু টিভিত এমাহৰ আগৰে পৰাই আৰম্ভ হৈ গল। আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে কিছুমান ৰাজনৈতিক দল ,নেতাৰ পৃষ্ঠপোষকতাতে কিজানি ঠাইয়ে ঠাইয়ে মেজী মেলাৰ দৰে এটা নতুন বিলাসী উৎসৱৰ আৰম্ভ হৈ গল, আৰু আৰম্ভ হল আটক ধুনীয়া বিভিন্ন ধৰণৰ ভেলা ঘৰ নিৰ্মাণৰ প্ৰতিযোগিতা। এই খিনিলৈকে যি হল তাত আমি হয়তো বেয়া পাবলগীয়া বিশেষ একো নাই। কিয়নো পৃথিৱীত পৰিৱৰ্তনেই হৈছে একেবাৰে অপৰিৱৰ্তনীয় বস্তু। পৰিৱৰ্তনৰ এই ঢৌ ভোগালী বিহুৰ ক্ষেত্ৰতো আদৰণীয় হব, হওক আমি তাকেই আশা কৰোঁ। আকৰ্ষণীয় ভেলা ঘৰ নিৰ্মাণৰ যি কাৰিকৰী দক্ষতা অসমীয়া শিল্পীয়ে দেখুৱাইছে সেয়া ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়লৈ যাওঁক আমি আশা কৰোঁ। আমাৰ ভোগালীৰ পিঠা পনাৰ , অসমীয়া খাদ্য সম্ভাৰৰ বানিজ্যকৰণ হৈ সমগ্ৰ বিশ্বত খ্যাতি লাভ কৰক আমি সঁচাকৈয়ে আশা কৰোঁ। পিছে ভোগালীৰ নামত মেলা সদৃশ পৰিৱেশ সৃষ্টি কৰি এমাহ উৎসৱ পাতক , বিজতৰীয়া চান্দা সংস্কৃতি আহক , অথবা টি ভিত মাহ জুৰা আবতৰীয়া বিহুৰে বিহুৰ প্ৰতি মোহ ভংগ কৰোৱাটো আমি কিন্তু কেতিয়াও আশা নকৰোঁ। আমাৰ বিহুৰ গৰিমা সদায় অক্ষুন্ন থাকক। বিহুৰ বাবেই অসমেই নহয় সমগ্ৰ ভাৰত বাসী বিশ্বৰ আগত জিলিকি পৰক। ঘাই শিপা দাল নকটাকৈ অসমীয়াই সকলো উৎসৱৰ আনন্দ লওক তাকেই আমি কামনা কৰিছো। আৰু আশা কৰোঁ ভোগালীৰ এই পৰিৱৰ্তন একেবাৰেই সুন্দৰ হওঁক সু স্বপ্নৰ হওক দুঃ স্বপ্নৰ কেতিয়াও নহয়।

প্ৰাণজিৎ বৰুৱা, কাৰ্যবাহী সম্পাদক