ফৰিং

মোৰ ঘৰটো সৰু। ঘৰ নহয় এটা ৰুম। একাষে এখন বিচনা, বিচনাখনৰ কাষতে এটা আলমাৰী। বিচনাখনত লাগি থকা বেৰখনৰ ঠিক মাজতে এটা এলান্ধুৰে ক’লা হৈ পৰা বাল্ব আৰু বিচনাখনৰ মাজতে ওপৰৰ চিলিংখনত এখন চিলিংফেন— যাৰ অহৰহ কেৰ্‌-কেৰ্ ঘেৰ-ঘেৰ শব্দ মোৰ জীৱনযাত্ৰাৰ অন্যতম অংশ। বিচনাখনৰ বিপৰীত ফালে এখন সৰু টেবুল। টেবুলখনৰ ওপৰত এটা ষ্ট’ভ। টেবুলখনৰ তলত পকাৰ মজিয়াত এখন কাঁহী। কাঁহীখনৰ ওপৰত এটা ক’লা কেৰাহী আৰু কেৰাহীটোৰ ওপৰত এটা হেলনীয়াকৈ পৰি থকা কুকাৰ। এই গোটেইখিনি মিলি এইটো মোৰ ৰুম নে ঘৰ! এটা ৰুমক ঘৰ এখন বুলি ক’ব পাৰিনে নোৱাৰি তাকে ভাবি অৱশ্যে মই কোনোদিনে মূৰ গৰম কৰা নাই।

মোৰ পৰিচয়— মই এজন কবি। দিনৰ বেছিভাগ সময় মই মোৰ ৰুমটোৰ ভিতৰত সোমাই থাকোঁ। কাম বুলিবলৈ কেৱল দুটাই, দোকানৰ পৰা বাকীকৈ অনা চাউলেৰে ভাত ৰন্ধা আৰু বিচনাত শুই শুই মনত যি ভাৱ আহে তাকে পুৰণি ফটা কাগজৰ বহী এখনত লিখি ৰখা— সেয়াই। মই প্ৰায়েই মোৰ সম্পত্তি বঢ়োৱাৰ কথা চিন্তা কৰি থাকোঁ আৰু তেতিয়াই মোৰ মনত পৰে— মোৰ চোন সম্পত্তি বাঢ়িয়েই আছে। মোৰ এই ঘৰটোত যিবোৰ বস্তু আছে সেইবোৰ নিশ্চয়কৈ মোৰ সম্পত্তি। মোৰ ঘৰত চাৰিটা মাখি আছিল। মই কবিতা এটা লিখি শেষ কৰাৰ লগে লগে যেতিয়া সৰু বিড়ি এটা জ্বলাই লওঁ তেতিয়াই সিহঁত সষ্টম হৈ পৰিছিল। বিড়িটো শেষ হোৱাৰ পিছত মোৰ দীঘলকৈ কাঁহ এটা উঠিছিল আৰু কাঁহটো শেষ হোৱাৰ লগে লগে মই ডিঙিটোত জমা হোৱা ঈষৎ হালধীয়া কফখিনি দীঘলকৈ মজিয়াত পেলাই দিয়াৰ পিছতেই সিহঁত কফখিনিৰ ওপৰত বহি গৈছিল। আধাঘন্টামান পাছত সিহঁত চাৰিওটা আহি মোৰ হাত এখনত বহি কফখিনি দান কৰা বাবে মোক নীৰৱে আগঠেং ঘঁহি কৃতজ্ঞতা জনাইছিল। মই সিহঁতৰ ওফন্দি উঠা পেটকেইটালৈ চাই দেখিছিলোঁ— সিহঁতৰ পেটৰ ভিতৰত অজস্ৰ হালধীয়া। পাঁচদিনমানৰ পৰা আৰু চাৰিটা নে পাঁচটা মাখি আহি সিহঁতৰ লগ হৈছে। মকৰাৰ সংখ্যাও বাঢ়িছে মোৰ ৰুমত— সেই অনুপাতে বাঢ়িছে মকৰাজালৰ সংখ্যা। জেঠী বাঢ়িছে, পৰুৱা বাঢ়িছে আৰু দেখিছোঁ কিছুদিনৰ পৰা এটা সেউজীয়া ফৰিং আহি ৰৈছে মোৰ চিলিঙত। ফৰিঙটো অহাৰ দুদিনমানৰ পাছৰ পৰা সি মোৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ফৰিংটোৰ বাবে মোৰ নিয়ম মাফিক কামবোৰ সলনি হৈছে— ভাত খোৱাৰ সময় সলনি হৈছে। চাহ নাখাওঁ মই— তাৰ সলনি খোৱা বিড়িটো জ্বলোৱাত পলম হৈছে। মই কেৱল চাই থাকো ফৰিংটোৰ জীৱন পদ্ধতি। কি আজৱ তাৰ জীৱন পদ্ধতি! এবাৰ সি দীঘল দীঘল একোটা জাঁপ মাৰি আহি জ্বলি থকা লাইটোৰ কাষৰ বেৰখনত পৰিছে— আগৰে পৰা চোপ লৈ থকা জেঠীটো লাহে লাহে আগুৱাইছে। ফৰিংটো কিন্তু অলৰ অচৰ। জেঠীটো আহি আহি একেবাৰে তাৰ ওচৰ পাইছে, ফৰিংটোৱে একে ঠাইতে থাকি পাখিত ঠেং ঘঁহাইছে— মুহূৰ্ততে কি ভয়ানক কাণ্ড ঘটি যাব পাৰে সি তাৰ অগোচৰ। জেঠীটোৱে ঠাইতে থাকি ডিঙিটো বেঁকা কৰি মূৰটো অলপ পাছলৈ নি শেষ আক্ৰমণৰ বাবে সাজু হৈছে। ‘খটপ’— জেঠীটোৱে তড়িৎ গতিৰে মূৰটোৰে সৈতে জিভাখন ফৰিংটোলৈ যেন মাৰি পঠিয়াইছে। কিন্তু ফৰিংটো নাই। আচৰিত! জেঠীটোৱে জিভাখন তালৈ মাৰি পঠিওৱা সময়খিনিৰ ভিতৰতে ফৰিংটো ইমান তৎক্ষণাত উৰি গ’ল যে তাকে দেখি মোৰ লগতে যেন জেঠীটোও আচৰিত হৈ গ’ল। চিকাৰৰ লগত চিকাৰীয়ে খেলা কৰা বহুবাৰ দেখিছোঁ কিন্তু চিকাৰে চিকাৰীৰ লগত খেলা কৰাটো মই প্ৰথম দেখিলোঁ। ফৰিংটো অহাৰ পাছৰে পৰা মই এনে দৃশ্য বহুবাৰ দেখিবলৈ পাইছোঁ। ক’ব নোৱাৰাকৈ মই ফৰিংটোৰ সাহস দেখি ‘চাব্বাচ’ বুলি কৈছোঁ আৰু ফৰিংটোক লৈ বহুকেইটা কবিতা লিখি পেলাইছোঁ। কিন্তু মই বুজি পাইছোঁ এই কবিতাকেইটা নিশ্চয়কৈ কোনো পাঠকে বুজি নাপায়।

আজি পুৱাৰে পৰা মই দেখিছোঁ ফৰিংটো লাহে লাহে অৱশ হৈ আহিছে। সি বহুদিন অনাহাৰে আছে। তাৰ গাৰ ৰঙেই কয় সি যে তৃণভোজী। হয়টো সি অতি সোনকালে মৰি যাব। যোৱা কালিৰে পৰা সি জেঠীকেইটাৰ লগত কোনো মৰণপণ খেল খেলা নাই, কেৱল অৱশভাবে মোৰ বিচনাখনৰ একাষে ওলমি আছে। ফৰিংটোৰ ভৱিষ্যতক লৈ মই চিন্তিত হৈ পৰিলোঁ। তেনে সময়তে মোৰ মনত পৰিল, ময়ো চাৰিদিন ধৰি একো খোৱা নাই, খাইছো যদি কেৱল পানী আৰু বিড়ি। ফৰিংটোৰ ভৱিষ্যতৰ লগতে মোৰ ভৱিষ্যতকো মই একেলগে জোৰা লগাই দিলোঁ। হয়তো এনেকৈ থাকিলে ফৰিংটো আৰু মই নিশ্চয়কৈ মৰি যাম। বাৰে বাৰে মোৰ পেটৰ পৰা মুখলৈ অতিপাত তিতা পানী এসোপা আহি আছে আৰু মই অতি কষ্ট কৰি সেইবোৰ গিলি থৈছোঁ— হয়টো ভোকতে এনেকুৱা হৈছে। ফৰিংটোৰ বা কেনে হৈছে—? এই বিষয়ে মই আৰু অলপ ভাবিম বুলি ভাবোঁতেই মোৰ ৰুমৰ দুৱাৰত কাৰোবাৰ কৰাঘাত শুনিলোঁ। এনে সময়ত অন্য মানুহ হোৱা হ’লে দুৱাৰখন ততালিকে খুলি আগন্তুকক দেখা কৰিলেহেঁতেন। কিন্তু মই বিচনাত বহি থাকিয়েই অনুমান কৰাৰ চেষ্টা কৰিলোঁ অন্য এটা কথা— মই অনুমান কৰাৰ চেষ্টা কৰিলোঁ আগন্তুকগৰাকী ল’ৰা নে ছোৱালী হ’ব পাৰে! মোক লগ কৰিবলৈ প্ৰায়েই কিছুমান স্কুলীয়া ল’ৰা-ছোৱালী আহে। সিহঁতবোৰ অহাৰ কাৰণো মই গম পাওঁ। হয়টো কোনো প্ৰতিষ্ঠিত নামী কবি-সাহিত্যিকৰ অহংকাৰৰ প্ৰকোপত তেওঁলোকক লগ কৰিব নোৱাৰি মোৰ দৰে নষ্ট কবিৰ ওচৰলৈ আহে— এটা কঁপা হাতৰ চহী অথবা অলপ কথা...। মই কাকো বিমুখ নকৰোঁ, তথাপিও যেতিয়া মোৰ চহীবোৰ সিহঁতৰ বাবে সুলভ হৈ আহে তেতিয়া তাৰপাছত হয়টো সিহঁতেই লগৰীয়াবোৰক কয়— ‘ধুৰ...সেই অমুক কবিজনক লগ পালোঁ নহয়। নামী হ’বলৈ সি আজিকালি যাকে তাকে ‘অট’গ্ৰাফ’ দিয়ে। তাৰ কি জঁট বন্ধা চুলি— কি ক’লা দাগ লগা চোলা, কবি নহয় সি, এটা মহা পাগল।’

মই আকৌ অনুমান কৰাৰ চেষ্টা চলালোঁ— আগন্তুক ল’ৰা নে ছোৱালী! আকৌ দুৱাৰত চাপৰ পৰিল। ‘দুৱাৰত লাহী হাতৰ চাপৰ, চাপৰৰ শব্দও সৰু...অৰ্থাৎ ছোৱালী।’—মোৰ মনটোৱে মোক বুজাই দিলে। তীব্ৰ অনিচ্ছা স্বত্বেও দুৱাৰখন খুলিবলৈ বুলি বিচনাখনৰ পৰা নামি থিয় দিলোঁ। পেটটো কলমলাই উঠিল— মুখলৈ আকৌ এসোপা তিতা পানী উঠি আহিল। মুখখন বিকটাই জোৰকৈ সেইসোপা গিলি আগুৱাই গৈ দুৱাৰখন খুলি দিলোঁ। অনুমান সঁচা। স্কুলীয়া নহয়, এজনী কলেজীয়া ছোৱালী ৰৈ আছে। আগন্তুকক ভিতৰলৈ মাতি আনি বিচনাতে বহিবলৈ দিলোঁ। মোৰো থিয় হৈ থকাৰ শক্তি আৰু নাই গতিকে ময়ো আগন্তুকৰ কাষতে বিচনাত বহি দিলোঁ। আগন্তুকে মোৰ কোঠাটোৰ চাৰিওফালে চাই মুখ বিকটাই দিয়া দৃশ্যটো চাই নাথাকি মই আঠুৱাখনত পৰি থকা ফৰিংটোলৈ চালোঁ। ‘বেচেৰাটোৰ শক্তি নাই আৰু....মোৰো।’—ফৰিংটোৰ পৰা চকু আঁতৰাই মই বিৰবিৰাই ক’লোঁ।

আগন্তুকে মোৰ চকুলৈ চাই মোৰ ভিতৰখন পঢ়াৰ চেষ্টা চলাই আছে। নাই—বৃথা চেষ্টা। কিছুসময়ৰ পিছত আগন্তুক মোৰ ৰুমৰ পৰিবেশৰ লগত সহজ হৈ উঠিল। ‘আপুনি...’ আগন্তুকে অস্থিৰ হৈ উঠা এন্ধাৰ যেন নীৰৱতাখিনি ৰুমটোৰ পৰা খেদি পঠিয়ালে। এটা গোলাকাৰ প্ৰশ্ন মোৰ মনত পাকঘূৰণি খাবলৈ ধৰিলে ‘আগন্তুকৰ শব্দটোত নীৰৱতাখিনি গুচি গ’ল, নে নীৰৱতাখিনি গুচি যোৱা বাবে শব্দটো আহিল?’ আগন্তুকে আগৰবোৰ মানুহৰ দৰে নিত্য গতানুগতিক কথাৰে মোৰ প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিলে—‘আপোনাৰ কবিতা ভাল লাগে...ভাববোৰ বহুত বেলেগ...আচৰিত ! ক’ৰ পৰা আহে কবিতাবোৰ ....’

মোৰ মনে মনে হাঁহি উঠিল—‘এতিয়া ইমান ৰস লগাই কথা কৈ মোক তোষামোদ কৰা আগন্তুকজনেই যে এটা সময়ত বিষধৰ সৰ্প হৈ নুখুটিব তাৰ কি মানে আছে।’ ফৰিংটোলৈ চালো। ভয়ংকৰভাৱে চক্‌ খাই উঠিলোঁ— ই চোন তৃণভোজী আছিল! দেখিলো ফৰিংটোৱে মোৰেই সম্পত্তি মাখি এটাক জপটিয়াই ধৰি খাই আছে। ভোকে যে ফৰিংটোক মাংসভোজী কৰি তুলিব পাৰে ই মোৰ কল্পনাৰো অগোচৰ আছিল। মোৰ ভৰিৰ পৰা মূৰলৈ চেঁচা তেজৰ স্ৰোত এটা বৈ আহিল। কিবা এটা ভাবিলোঁ। মোৰ কলিজাটো সাংঘাতিকভাবে জোৰেৰে ঢিপঢিপাবলৈ ধৰিলে। নাই—আৰু ভবাৰ সময় নাই। অতি ক্ষিপ্ৰতাৰে বিচনাৰ একাষে পৰি থকা পাচলি কটা চোকা চুৰীখন হাতত লৈ আগন্তুকলৈ মাৰি পঠিয়ালোঁ, ঠিক ফৰিংটো খাব খোজা জেঠীটোৰ জিভাখনৰ দৰে। চুৰীখন দকৈ সোমাই গ’ল আগন্তুকৰ পেটত....। যন্ত্ৰণাত আৰু ঘৃণাত বেকাঁ হৈ যোৱা আগন্তুকৰ মুখখন লগত ‘আৰু বাকী নাপাবি’ বুলি মোক গালি শপনি পাৰি দোকানৰ পৰা খেদি দিয়া দোকানীজনৰ মুখখনক জোৰা লগোৱাৰ চেষ্টা কৰি ভাৱলেশহীন ঘোলা চকুৰে চাই ৰ’লোঁ আগন্তুকলৈ.....।