Free Basics,ফেচবুক আৰু ডিজিটেল স্বাধীনতা ইত্যাদি

যোৱা কিছুদিনৰ পৰা ফেচবুকত এটা বাতৰি খুব বেছিকৈ দেখিবলৈ পোৱা গৈছে। সেইটো হ’ল “অমুক বৰুৱা, তমুক তালুকদাৰ আৰু অন্যান্য ১০ জনে Free Basics ৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। আপুনিও সমৰ্থন কৰিব পাৰে।” আৰু সমৰ্থন কৰা কামটোও তেওঁলোকে এটা মাত্ৰ ক্লিকৰ জৰিয়তে কৰিব পৰাকৈ অতি সহজ কৰি পেলাইছে। তাৰ লগতে বাতৰি-কাকতকে আদি কৰি বিভিন্ন ধৰণে তেওঁলোকে Free Basics ৰ প্ৰচাৰ অভিযান চলাইছে। কিন্তু এই Free Basics নো কি?

ফেচবুকে এইদৰে দিয়া বিজ্ঞাপনবোৰৰ মূল কথা হ’ল তেওঁলোকে অনুন্নত আৰু উন্নয়নশীল দেশ কিছুমানৰ দুখীয়া জনসাধাৰণক ইন্টাৰনেটৰ সা-সুবিধাবোৰ বিনামূল্যে প্ৰদান কৰিব খুজিছে। ওপৰে ওপৰে চালে ফেচবুকৰ এই পদক্ষেপ অতি আদৰণীয় আৰু অনুকৰণীয়। কিন্তু কথাটো ইমান চিধা হয়নে? তেওঁলোকে ফেচবুক আৰু বাতৰি কাকতত দিয়া বিজ্ঞাপনবোৰৰ সত্যতা কিমান?

Free Basics ৰ সমান্তৰালকৈ আন এক বাতৰিও চাগে সকলোৰে দৃষ্টিগোচৰ হৈছে য’ত ফেচবুকৰ এই পদক্ষেপৰ বিৰোধিতা কৰা হৈছে। কিছুমানে হয়তো সেই বাতৰি মন দি পঢ়িছে, আনসকলে আওকাণ কৰিছে এই ভাবি যে সকলো কামতে সচৰাচৰ থকাৰ দৰে এয়াও এক স্বাৰ্থপৰ প্ৰতিবাদ। কিন্তু Free Basics ৰ সপক্ষে বা বিপক্ষে থকা বিভিন্ন যুক্তি-তৰ্কৰ মাজলৈ নোসোমোৱাকৈও যদি আমি এই ঘটনাৰাজি ওপৰে ওপৰে চাওঁ, তেন্তে দেখা পাম যে ফেচবুক এটা ব্যৱসায়িক প্ৰতিষ্ঠান, অন্যহাতে প্ৰতিবাদকাৰী লোকসকল এটা নিৰ্দিষ্ট গোট বা দলৰ মানুহ নহয়। এই সমস্ত প্ৰক্ৰিয়াটোত ফেচবুকৰ এটা ব্যৱসায়িক লাভালাভৰ অংক থকাটো আচৰিত হ’ব লগা কথা নহ’ব, কিন্তু ভাৰতৰ বেলেগ বেলেগ ঠাইৰ মানুহে (যি এজনে আনজনক চিনিও নাপায়) গাইগুটীয়াভাৱে চলাই থকা এই প্ৰতিবাদৰ কিবা স্বাৰ্থ থাকিব পাৰে জানো বুলি ভাবি চালেই প্ৰতিবাদৰ ছবিখন কিছু পৰিমাণে পৰিস্কাৰ হয়।

২৮ ডিচেম্বৰ, ২০১৫ সংখ্যাৰ টাইমছ অৱ ইণ্ডিয়া কাকতত প্ৰকাশিত এটা প্ৰৱন্ধত ফেচবুকৰ প্ৰতিষ্ঠাতা তথা মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জাকাৰবাৰ্গে Free Basics ৰ সপক্ষে সজোৰে মত প্ৰকাশ কৰিছে। তেওঁ কৈছে “প্ৰতিখন সমাজত এনে কিছুমান মৌলিক প্ৰয়োজন আছে যিবোৰ সেই সমাজত বাস কৰা মানুহৰ বাবে ইমান প্ৰয়োজনীয় যে আমি সেইবোৰ সকলো মানুহে বিনামূলীয়াকৈ পাব পৰা হোৱাটো বিচাৰোঁ।…… আৰু একবিংশ শতিকাত সকলো ধৰণৰ ৰাজহুৱা সেৱা পাব পৰাকৈ আৰু নিজৰ মৌলিক সামাজিক আৰু অৰ্থনৈতিক অধিকাৰ পাব পৰাকৈ সকলোৰে দৰকাৰী তথ্য আৰু সঁজুলিৰ ওপৰত অধিকাৰ থকাটো বাঞ্চনীয়। সেইবাবে সকলোৱে ‘free basic internet service’ ৰ অধিকাৰ পাব লাগে।” সেইকাৰণে ফেচবুকে Free Basics সেৱাৰ প্ৰচাৰ কৰিছে যাৰ দ্বাৰা জনসাধাৰণক স্বাস্থ্য, শিক্ষা, ক্ৰীড়া আদি ক্ষেত্ৰত বিভিন্ন ৱেবচাইটসমূহ বিনামূল্যে উপভোগ কৰিবলৈ দিয়া হ’ব। এইখিনিলৈ সকলো ঠিকেই আছে। কিন্তু ইয়াৰ পাছতেই ভাৰতৰ অসংখ্য সচেতন জনতাই সোধা প্ৰশ্নটো হ’ল “Free Basics সেৱাৰ যোগেৰে কোনবোৰ ৱেবচাইট আমি উপভোগ কৰিব পাৰিম?” ইয়াৰ উত্তৰটো হ’ল ফেচবুকে যিবোৰ ৱেবচাইটক অনুমতি প্ৰদান কৰিব কেৱল সেইবোৰহে খুলিব পৰা যাব। অৰ্থাৎ আমি যেনেকৈ এতিয়া যি মন যায় সেই ৱেবচাইট খুলি ইন্টাৰনেট সেৱা উপভোগ কৰি আছো, Free Basics অহাৰ পাছত সেয়া আৰু সম্ভৱ নহ’ব। আজি মানুহে ইন্টাৰনেট কেনেকৈ ব্যৱহাৰ কৰে? ৰাতিপুৱা শুই উঠি Gmail বা Yahoo ত আগৰাতি অহা ই-মেইল পঢ়ি উত্তৰ দিব, আজৰি সময় পালে ফেচবুক বা হোৱাটছ আপত বন্ধুৰ সৈতে বাৰ্তালাপ কৰিব, মন গ’লেই YouTube ত বিভিন্ন ভিডিঅ’ চাব, LinkedIn ত নিজৰ চাকৰিৰ প্ৰ’ফাইল ঠিক কৰিব, মনৰ ভাৱ Tweet কৰিব, দৰকাৰী বস্তু কিনিবলৈ Amazon, Flipkart আদি ৱেবচাইট খুলিব, ভ্ৰমণৰ বাবে ৰেলৰ আসন বন্দৱস্ত কৰিবলৈ IRCTC ৰ চাইটলৈ যাব আৰু বহুতো কিবাকিবি কৰিব। কিন্তু Free Basic অহাৰ পাছত আমি ইয়াৰ ভিতৰত অকল ফেচবুক টোহে কৰি থাকিব পাৰিম। পৃথিৱীৰ অন্যতম আগশাৰীৰ ডিজিটেল বিজ্ঞাপন প্ৰতিষ্ঠান Pinstorm (২০০৫ চনত ৰেড হেৰিঙ আলোচনীৰ "Asia's Top 100 Technology Companies" তালিকাত স্থানপ্ৰাপ্ত প্ৰতিষ্ঠান)ৰ প্ৰতিষ্ঠাতা মহেশ মূৰ্তিয়ে কোৱাৰ দৰে, “To make it clearer let’s tell you what the people of India will NOT find on Free Basics: no Google. No YouTube. No Amazon. No Flipkart. No Yahoo. No LinkedIn. No Twitter. No Snapdeal. No HDFC. No ICICI. No PayTM. No eBay. No IRCTC. No NDTV. No Rediff. No Quora. No Quikr. No RedBus. No BSE. No NSE. And the list goes on. It’s clear: the ‘Basics’ of the Indian internet are not on Free ‘Basics’.” কিন্তু এই কথাখিনি ফেচবুকে জনসাধাৰণক কোনোদিন জনোৱা নাই। উল্লেখযোগ্য যে Free Basics ৰ প্ৰতিবাদ কৰি জনসাধাৰণৰ আগত প্ৰকৃত সত্য উন্মোচন কৰাৰ ক্ষেত্ৰত মূৰ্তিয়ে আগভাগ লৈ আহিছে।

এই যে ফেচবুকে কিছুমান “বিশেষ চাইট চাবলৈ অনুমতি প্ৰদান” কৰিবলৈ পদক্ষেপ লৈছে, সি আমাৰ ইচ্ছামতে ইন্টাৰনেট ব্যৱহাৰ কৰাৰ স্বাধীনতা (যাক Net neutrality বুলি অভিহিত কৰা হয়) খৰ্ব কৰা নাইনে? কথাটো দুখীয়া মানুহ এজনক তেওঁ মনে বিচৰা খাদ্য খাবলৈ নিদি নিৰ্দিষ্ট কিছুমান খাদ্যহে খাবলৈ দিয়াৰ নিচিনা কথা। এজন মানুহ হিচাপে নিজৰ প্ৰয়োজন অনুসাৰে খাদ্য নিজে নিৰ্ধাৰণ কৰাৰ সম্পূৰ্ণ অধিকাৰ প্ৰতিজন মানুহৰ আছে আৰু তাক খৰ্ব কৰিবলৈ খোজাতোহে হ’ব অনধিকাৰ প্ৰৱেশ। ঠিক তেনেদৰে জাকাৰবাৰ্গে কোৱাৰ দৰে যদি ইন্টাৰনেট আজিৰ পৃথিৱীৰ অন্যতম মৌলিক অধিকাৰ হয় তেন্তে সেই ইন্টাৰনেট নিজৰ প্ৰয়োজন আৰু ৰুচি অনুসৰি ব্যৱহাৰ কৰাৰ অধিকাৰ ধনী-দুখীয়া নিৰ্বিত্তে প্ৰতিজন মানুহৰ আছে। আশ্চৰ্যজনকভাৱে নিজৰ দেশ আমেৰিকা যুক্তৰাষ্ট্ৰত ফেচবুকে ইন্টাৰনেট ব্যৱহাৰৰ এই স্বাধীনতা খৰ্ব কৰিবলৈ সাহস কৰা নাই আৰু সেই দেশৰ প্ৰায় ৫০ মিলিয়ন মানুহ এতিয়াও ইন্টাৰনেট সেৱাৰহিত হৈ থকাৰ পাছতো তাত Free Basic ৰ এই পদক্ষেপৰ কোনো উম-ঘাম নাই। ইন্টাৰনেটৰ সৰ্বাধিক ব্যৱহাৰকাৰী থকা দেশসমূহৰ ভিতৰত অন্যতম জাপান, নৰৱে, ফিনলেণ্ড, এ’ষ্ট’নিয়া আৰু নেদাৰলেণ্ডছে Free Basics ৰ দৰে ক্ষতিকাৰক পদক্ষেপবোৰক পোনছাটেই নিষিদ্ধ ঘোষণা কৰিছে। ইজিপ্তত Free Basics ক অনুমোদন জনোৱাৰ দুমাহৰ ভিতৰতে যোৱা ৩০ ডিচেম্বৰ,২০১৫ তাৰিখে নিষিদ্ধ ঘোষণা কৰা হয়। ফেচবুকে দাবী কৰা মতে ৩৬ খন দেশত Free Basics ক আদৰি লৈছে। কিন্তু সেই সকলোবোৰ আফ্ৰিকা, লেটিন আমেৰিকা আৰু মধ্য-এছিয়াৰ অনুন্নত আৰু উন্নয়নশীল দেশ (জিডিপিৰ মাপকাঠীৰে অনুন্নত বুলি কোৱা হৈছে), তাৰ ভিতৰত ঘানা, জাম্বিয়া, কেনিয়া, ইৰাক, পাকিস্তান, বাংলাদেশ, ছেনেগাল, বলিভিয়া আদি অন্যতম। প্ৰশ্ন হয়, যদি ফেচবুকে সকলোকে ইন্টাৰনেটৰ সুবিধা প্ৰদান কৰিব খুজিছে, তেন্তে ইউৰোপ, দক্ষিণ-পূৱ এছিয়া আৰু উত্তৰ আমেৰিকাৰ উন্নত দেশসমূহৰ ইন্টাৰনেটৰ সুবিধা নোপোৱা দুখীয়া মানুহ (হয়, আমেৰিকা, ইংলেণ্ডতো দুখীয়া মানুহ আছে) খিনিৰ কাৰণে Free Basics ৰ সেৱা উপলব্ধ কৰিব পৰা নাই কিয়? কাৰণ উন্নত দেশবোৰৰ চৰকাৰসমূহে এনে যিকোনো প্ৰৱঞ্চনামূলক পদক্ষেপ পোনচাটেই নিষিদ্ধ কৰি দিয়ে। ওপৰত উল্লেখ কৰা তুলনামূলকভাৱে অনুন্নত দেশবোৰত ফেচবুকে Internet.org নামেৰে এই আঁচনি লৈছিল। ভাৰততো ফেচবুকে ৰিলায়েন্স কমিউনিকেচনৰ সৈতে লগলাগি Internet.org আৰম্ভ কৰিছিল। কিন্তু বৃহৎ সংখ্যক মানুহৰ প্ৰৱল প্ৰতিবাদত ইয়াক নিষিদ্ধ কৰা হৈছিল। এতিয়া ফেচবুকে নাম সলনি কৰি Free Basics নামেৰে একেই হঠকাৰী আঁচনিক আগবঢ়াই দিছে।

এতিয়ালৈ এই কথা স্পষ্ট হৈ পৰিছে যে ফেচবুকৰ Free Basics নামৰ আঁচনিত আমাৰ কাৰণে যিবোৰ “Basic website” সেইবোৰ খুলিব পৰা নাযাব। এতিয়া চাওঁ Free Basics সঁচাকৈয়ে বিনামূলীয়া হ’ব নে? শেহতীয়াকৈ কেইবাখনো আই.আই.টি, IISc, প্ৰমুখ্যে কেইবাটাও ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ প্ৰায় ৫০ জনমান বিজ্ঞানীয়ে Free Basics ৰ বিপক্ষে সজোৰে প্ৰতিবাদ কৰিছে। তেওঁলোকৰ মতে Free Basics ত থকা “Free” শব্দটো এটা ব্যৱসায়িক চমকৰ বাহিৰে আন একো নহয়। অৰ্থাৎ যদিও ফেচবুকে এই পদক্ষেপ এক বিনামূলীয়া সমাজসেৱাৰ ৰূপত উপস্থাপন কৰিব খুজিছে, কিন্তু আওপকীয়াকৈ তেওঁলোকৰ লাভৰ পৰিমাণ হ’ব কল্পনাতীত। ফেচবুকৰ এই “ভাৰতক সংযোজিত কৰাৰ” বিশাল নাটকৰ আঁৰৰ অভিপ্ৰায় কি হ’ব পাৰে তাৰ আভাস দিবলৈ চেষ্টা কৰি মহেশ মূৰ্তিয়ে কৈছে যে যদি ফেচবুকে সচাকৈয়ে সমাজসেৱা কৰিব বিচাৰিছে তেন্তে ইচ্ছা কৰিলে সকলোকে ‘সম্পূৰ্ণ ইন্টাৰনেট’ৰ সুবিধা বিনামূলীয়াকৈ দিব পৰাৰ ক্ষমতা তেওঁলোকৰ আছে। কিন্তু তাৰ সলনি দুখীয়া মানুহ এজনক প্ৰথমে ফেচবুকত একাউন্ট এটা খুলি তাৰ পাছত কিছুমান সৰু সুৰা ৱেবচাইট চোৱাৰ সুবিধাহে প্ৰদান কৰাটোৱে ফেচবুকৰ সুবিধাবাদী চৰিত্ৰ উদঙাই দিছে। (উল্লেখ্য যে Free Basics সুবিধা পাবলৈ মানুহজনৰ প্ৰথমেই ফেচবুকত এটা একাউন্ট থকাটো প্ৰথম চৰ্ত।) মন কৰিবলগা কথা যে যিমানেই ফেচবুকত একাউন্ট খোলা মানুহৰ সংখ্যা বাঢ়িব, ফেচবুকৰ ৰাজহৰ পৰিমাণ বাঢ়িব আৰু ধনী হ’ব মাৰ্ক জাকাৰবাৰ্গ। সহজভাৱে ক’বলৈ গ’লে যিবোৰ মানুহে ভৱিষ্যতে ইন্টাৰনেটৰ সুবিধা পালেও ফেচবুক নকৰিব, সেই মানুহবোৰক প্ৰথমেই ফেচবুকত সুমুৱাই লৈ নিজৰ ৰাজহ বৃদ্ধিৰ হে উপায় এই Free Basics। কেৱল এয়াই নহয়, Google ৰ সৈতে থকা প্ৰতিযোগিতাও Free basics ৰ আঁৰত জড়িত হৈ আছে বুলি আঙুলিয়াই মহেশ মূৰ্তিয়ে কৈছে, “আজি(ফেচবুক আৰু Google) দুয়োটা প্ৰতিষ্ঠানৰ ১.৫ বিলিয়ন ব্যৱহাৰকাৰী আছে। কিন্তু ইয়াৰ ফলত Google এ ৭০,০০০ কোটি টকা লাভ কৰাৰ বিপৰীতে ফেচবুকে ইয়াৰ পাঁচভাগৰ এভাগো উপাৰ্জন নকৰে। আনকথাত, প্ৰতিজন নতুন ইন্টাৰনেট ব্যৱহাৰকাৰীৰ বাবে ফেচবুকে মাত্ৰ ৮ টকা হে পায়, য’ত নেকি Google এ পায় ৪৮ টকা।……..তেনেহ’লে জাকাৰবাৰ্গ আৰু তেওঁৰ পত্নীক এতিয়াৰ দৰে ধনী কৰি ৰাখিবৰ বাবে তেওঁলোকে কিছুমান নতুন মানুহক বিচাৰিব লাগিব, যিসকলে ফেচবুকত একাউন্ট খুলিব কিন্তু Google কোনোপধ্যে ব্যৱহাৰ কৰিব নোৱাৰিব। গতিকে নতুন পৰিকল্পনা আহিল: দুখীয়া জনসাধাৰণক Google ৰ পৰা আঁতৰত ৰাখি ফেচবুক প্ৰদান কৰাৰ। প্ৰথমৰ ১.৫ বিলিয়নৰ বাহিৰৰ মানুহ (ইন্টাৰনেট ব্যৱহাৰ নকৰা মানুহ) ক’ত আছে? প্ৰধানকৈ ভাৰত আৰু চীনদেশত। চীনত ফেচবুককেই নিষিদ্ধ ঘোষণা কৰা আছে। বাকী থাকিলো আমি ভাৰতীয়খিনি। এই মানুহখিনি হাত কৰিলে পাব পৰা ১০,০০০ ৰো অধিক কোটি টকাৰ বিশাল লাভৰ আগত ভাৰতত Free Basics ৰ বিজ্ঞাপনৰ বাবে খৰচ কৰা ১০০ কোটি টকা তেনেই নগন্য নহয়নে?” মন কৰিবলগা কথা যে ইন্টাৰনেট ব্যৱহাৰ নকৰা অনুন্নত আৰু উন্নয়নশীল দেশবোৰৰ মানুহক Google আৰু অন্যান্য ৱেবচাইটৰ পৰা বঞ্চিত কৰি ফেচবুকৰ ৰাজহ বৃদ্ধিৰ কাম ইতিমধ্যে হৈ গৈছে। এতিয়া পৃথিৱীৰ দ্বিতীয় বৃহৎ জনসংখ্যাৰ দেশখনক হাত কৰিব পাৰিলে এই “Free” সেৱাৰ পৰা ফেচবুকৰ কিমান হাজাৰ হাজাৰ কোটি টকাৰ লাভ হ’ব সেয়া সহজেই অনুমেয়।

এই সমস্ত আলোচনাৰ পৰা পোহৰলৈ অহা বহুতো কথাৰ ভিতৰত এটা কথা হৈছে ফেচবুকে দাবী কৰা ধৰণে Free Basics সেৱা Free ও নহয় আৰু Basic ও নহয়। ই আচলতে জনসাধাৰণৰ ইন্টাৰনেট ব্যৱহাৰ কৰাৰ স্বাধীনতা খৰ্ব কৰি ফেচবুকৰ ভঁৰাল চহকী কৰাৰ উপায়। Free Basics ৰ বিপক্ষে হোৱা প্ৰৱল প্ৰতিবাদৰ পৰিণতিত Telecom Regulatory Authority of India (TRAI) এ ৰিলায়েঞ্চক এই সেৱা সদ্যহতে স্থগিত কৰিবলৈ নিৰ্দেশ দিছে আৰু Free Basics লাগে নে নালাগে তাৰ ওপৰত অন্তিম মতামত জনাবলৈ ভাৰতৰ জনগণক আহ্বান জনাইছে। ফেচবুকে সেইবাবে ততাতৈয়াকৈ ব্যৱহাৰকাৰী সকললৈ বাৰ্তা পঠাই Free Basics ৰ সপক্ষে সমৰ্থন আদায় কৰিলে। আপুনি ফেচবুকত দেখা সেই ন’টিফিকেশ্বনৰ আৰঁৰ কাহিনী প্ৰকৃততে এয়াহে। মন কৰিবলগা কথা যে TRAI এ এই সেৱা স্থগিত কৰিহে ৰাখিছে, সম্পূৰ্ণভাৱে বন্ধ বা নিষিদ্ধ কৰা নাই। ফেচবুকে Free Basics পুনৰকাৰ্যকাৰী কৰিবলৈ সমস্ত শক্তি প্ৰয়োগ কৰিব, তাৰ বিপৰীতে আমি হাত সাৱটি বহি থাকিলে নহ’ব। আমি সিদ্ধান্ত ল’ব লাগিব যে নিজৰ হাত ভৰি বান্ধি জাকাৰবাৰ্গে নিৰ্ধাৰণ কৰি দিয়া নিয়মমতে ইন্টাৰনেট ব্যৱহাৰ কৰি ফেচবুকক ধনী কৰিম নে ইয়াৰ প্ৰতিবাদ কৰি TRAI লৈ www.savetheintrnet.in ৰ জৰিয়তে নিজৰ সিদ্ধান্ত অতি সোনকালে পঠাই ইন্টাৰনেট নিজৰ মতে চলোৱাৰ স্বাধীনতা অক্ষুণ্ণ ৰাখিম।