গৰু

মই তেতিয়া কলকাতাত । অৰ্কুটৰ যোগেৰে এগৰাকী অতি সুন্দৰী যুৱতীৰ লগত চিনাকি হৈ কথা পতা দুদিন হৈছিলহে মাথোঁ। সুন্দৰীয়ে নিজৰ মৰমলগা কুকুৰটোৰ লগত পাঁচখনমান ফটো অৰ্কুটত দিলে । অনলাইন ভাষাবিদ সকলে তেতিয়ালৈকে ছেলফি শব্দটো আৱিস্কাৰ কৰা নাছিল । বাৰু যা হওঁক, সুন্দৰীয়ে মোক ফটোকেইখন কেনেকুৱা হৈছিল সুধিলে । মইও সঁচাটো ক’লোঁ, বৰ ধুনীয়া । তুমিও কুকুৰটোও । সুন্দৰী সন্তোষিত হ’ল আৰু মোক সুধিলে – তোমাৰ ফেভ এনিমেল কি ? আকৌ মই সঁচাটো ক’লোঁ – গৰু। হুৱাট ?? গৰু?? মই বুলো ইয়েচ গৰু, মোৰ প্রিয় জন্তু গৰু । ভৱিষ্যতে ফটো দিলে মই গৰুৰ লগত দিম । চাবা । কলকাতাত থকা, ইংৰাজী গান শুনা, ইংৰাজী কিতাপ পঢ়া, বিপিঅ’ত চাকৰি কৰা ডেকাৰ পৰা সুন্দৰীয়ে এনেকুৱা উত্তৰ আশা কৰা নাছিল । সেইদিনাৰে পৰা আজিকোপতি সেই সুন্দৰীৰ ছাঁটোও নেদেখিলোঁ । ফেভ এনিমেল গৰু হোৱা ল’ৰাৰ লগত তেওঁ আৰু কথা আগনবঢ়ালে ।

আচলতে কথাটো সঁচা আছিল । গৰুতকৈ প্রিয় জন্তু বেলেগ মোৰ নাই । কথাটো এনেকুৱাও নহয় যে শৈশৱত মই পথাৰে পথাৰে গৰু চৰাই জীৱন নিৰ্বাহ কৰিছিলোঁ । কিন্তু হয়, আমাৰ এগোহালি গৰু আছিল আৰু স্কুলৰ পৰা আহি ভাত খাই মই বহুত সময় গৰুৰ লগত পাৰ কৰিছিলোঁ । বিশেষকৈ গৰু পোৱালিক কঁঠাল পাত খুৱাই, সিহঁতৰ গাটো কিবা খৰিৰ সৰু টুকুৰা এটাৰে খজুৱাই দি সিহঁতে আৰামত চকু মুদি দিয়া দৃশ্য দেখি বৰ সুখ পাইছিলোঁ । কেতিয়াবা গৰু পোৱালীৰ পেটতে মূৰটো দি মই শোৱাৰ দৰে কৰোঁ, সিহঁতেও আৰাম পায় । মায়ে গাখীৰ খীৰালে মই গঁড়ালৰ ভিতৰত খপজপাই থকা পোৱালীটো ধৰি থাকি বৰ ৰং পাইছিলোঁ । গৰুৰ দৰে শান্ত আৰু মৰমিয়াল জন্তু আৰু ক’ৰবাত আছে বুলি মই মানিবলৈ টান পাওঁ । দেউতাৰো জীৱনত প্রধান কাম আছিল তিনিটাই – স্কুলত গৈ ল’ৰা ছোৱালীক পঢ়ুওৱা, ৰেডিঅ' আৰু কিতাপ আৰু গৰু কেইটাক আৰামত ৰাখা । আমাৰ ঘৰত সাধাৰণতে গৰু বেচা নহৈছিল । গৰু বুঢ়া হৈ মৰিছিল । দেউতা আছিল গৰুবোৰৰ প্রভু । স্কুলৰ পৰা তেখেত আহি দানা নিদিয়ালৈকে বেলেগে দিয়া দানাত গৰুৱে মুখ নিদিছিল । তেখেত ঢুকোৱা পিছত দুদিনলৈ গৰু কেইটাই মুখলৈ ঘাঁহ নিয়া নাছিল । কেৱল চোতালখনলৈ চাই ৰৈছিল ।

গৰুৰ বিষয়ে এই দুশ লাইন লিখিলোঁ যেতিয়া এটা অতি ব্যক্তিগত ঘটনা উল্লেখ নকৰিলে মনটোৱে শান্তি নাপাব ।

মোৰ অতি মৰমৰ গৰু পোৱালী আছিল বগী । হোষ্টেলৰ পৰা গৈ ঘৰত থাকোতেই বগীৰ জন্ম । কাজলীৰ তৃতীয় তথা অন্তিম সন্তান আছিল বগী । আৰু বগী আছিল মোৰ অতি মৰমৰ । বগীয়ে মাকৰ গাখীৰ, কুমলীয়া ঘাঁহৰ উপৰি মোৰ হাতৰ পৰা ৰুটি আৰু লালচাহো খাইছিল । মই ৰ’দত বহি পঢ়ি থাকিলে বগীয়ে আহি কাষতে বহি থাকেহি, মাজে মাজে ভৰিখন চেলেকি থাকে । বৰ আৰাম পাওঁ । পিছৰ বাৰ ঘৰলৈ গৈয়েই প্রথম মই বগীক মাত লগাওঁ, তাৰ পাছতহে ঘৰ প্রৱেশ । মুঠৰ ওপৰত আজিৰ তাৰিখত বগী থকা হ’লে অতি ক’মেও তিনিখনমান বগীৰ লগত মোৰ ছেলফি দেখিলেহেঁতেন ।

এবাৰ পৰীক্ষাৰ ফৰ্ম ফিলাপ আৰু মেচ ডিউচৰ বাবে সময়মতে পইচা আহি পোৱা নাছিল । শেষত অন্তিম তাৰিখ পাৰ হৈ যোৱাৰ উপক্রম হোৱাত এদিন ঘৰ ওলালোগৈ । ঘৰৰ চৌহদত সোমায়েই ইফালে সিফালে বাৰীখনত চাই দেখো বগী নাই । এনেতে দেউতাই পিছফালৰ পৰা মাত লগালে – বগী নাই আহ । বগী নাই ?? ক’লৈ গ’ল । বেচিলোঁ আজি । কি ?? কিয় বেচিলি গৰু ?? কিয় বেচিবি মোক নোকোৱাকে । মই খং আৰু দুখত কঁপি উঠিলোঁ । দেউতাই কৈ গ’ল – কালিৰ পৰা আন্দোলন হৈছেহে । দৰমহা অহা মাহলৈকে আশা নাই । তোৰ ফৰ্ম ফিলাপটো ৰৈ নাথাকে । কি ?? মোৰ ফৰ্ম ফিলাপৰ বাবে বগীক বেচিলি ?? নলওঁ সেই পইচা মই । কাক বেচিলি ?? দুখত মোৰ চকুপানী ওলাওঁ ওলাওঁ ।

একো এটা নোখোৱাকৈয়ে, কাপোৰ নসলোৱাকৈয়ে মই চাইকেলখন লৈ তিনিমাইল দূৰৰ হাচেন মাছবেপাৰীৰ ঘৰ পালোগৈ পইচাখিনি হাতত লৈ । নাই লাভ নহ’ল। হাচেনে সেইদিনা আগবেলাই ফুলগুৰিৰ বজাৰত বগীক বেচি থৈ আহিছে ।

মোৰ ফৰ্ম ফিলাপৰ বাবে বগীক বেচিব লগা হোৱা কথাটোত মই কিমান মনোকষ্ট পাইছিলোঁ এতিয়া লিখিবলৈ মোৰ আৱেগৰ অভাৱ । বগীক বেচি পোৱা টকা মই নানিলোঁ । বেলেগ উপায়েৰে যোগাৰ কৰিলোঁ । ডাকে এনেই কৈ যোৱা নাই – যাৰ নাই গৰু, সি সবাটোকৈ সৰু ।