ভোগালীৰ স্বপ্ন দুঃস্বপ্ন

ছ'নি টি ভিৰ ইন্দিয়ান আইডল নামৰ ৰিয়েলিটি শ্ব'টোৰ ফাইনেল চলি আছিল । তাতেই আছিল অসমৰ দুগৰাকী কণ্ঠ শিল্পী । এগৰাকী প্ৰতিষ্ঠিত আৰু এগৰাকী আছিল নৱাগত । সেই অনুষ্ঠানতে প্ৰতিষ্ঠিত শিল্পী গৰাকীয়ে ধেমালিতে কৈছিল চাহ আৰু গঁড়ৰ পিছতে অসমক প্ৰতিনিধিত্ব কৰা মানুহ হৈছে তেওঁ । কথাটো তেওঁ ধেমালিতে কৈছিলে যদিও পিছত তাকে লৈ ছচিয়েল মিডিয়াত যথেষ্ট বিতৰ্ক হৈছিল যদিও সেয়াই তীব্ৰতৰ ৰূপ ধাৰণ কৰাগৈ নাছিল হয়তো তাৰ এটা অন্যতম কাৰণ আছিল একেটা অনুষ্ঠানতে সেই একে গৰাকী শিল্পীয়েই আৱেগিক অসমীয়াৰ হিয়াৰ আমঠু বিহুক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকাই তুলিছিল যিটোক সকলো অসমীয়াই আদৰি লৈছিল । এইয়া মাত্ৰ এটা উদাহৰণহে অসমীয়া মানুহৰ বিহুৰ প্ৰতি থকা অনুৰাগ ,ভাল পোৱাৰ ।

আচলতে অসমীয়া মানুহৰ প্ৰায় খিনিয়েই হৈছে উৎসৱ প্ৰিয় মানুহ সেয়ে নিজা উৎসৱ-পাৰ্বণসমূহ উদযাপন কৰাৰ পিছতো বাকী থকা সময় খিনি বাহিৰৰ যিমান উৎসৱ...

সম্পূৰ্ণকৈ পঢ়ক








ভাল ল’ৰা

পাঠকে ছোৱালীজনীৰ বাবে বহুদিনৰ পৰাই ভাল ল’ৰা এটা বিচাৰি আছে৷ ছোৱালী কম্পিউটাৰ ইঞ্জিনিয়াৰ৷ নাম থকা কোম্পানীত কাম কৰে৷ ভাল নাচে, গানো গায়৷ দেখিবলৈও চিনেমাৰ অভিনেত্ৰীৰ দৰেই৷ স্বভাৱে-চৰিত্ৰই সতী-সাৱিত্ৰীতকৈ কোনো গুণে কম নহ’ব যেন লাগে৷ যি ঘৰলৈকে বোৱাৰী...

সম্পূৰ্ণকৈ পঢ়ক

কেকোঁৰা

(এক)

তাইৰ পেটত প্ৰচণ্ড বিষ হৈছিল আৰু এটা ডাঙৰ লাওৰ নিচিনাকৈ পেটটো বাঢ়ি আহিছিল। প্ৰকাণ্ড নাৰ্চিং হোমখনৰ বেডিঙত শুই ক্রমান্বয়ে বাঢ়ি অহা নিজৰ দীঘল পেটটোলৈ জানেকীয়ে এক প্ৰাচীন দৃষ্টিৰে চাই ৰ’ল। তাই অনুভৱ কৰিছিল...

সম্পূৰ্ণকৈ পঢ়ক

ফৰিং

মোৰ ঘৰটো সৰু। ঘৰ নহয় এটা ৰুম। একাষে এখন বিচনা, বিচনাখনৰ কাষতে এটা আলমাৰী। বিচনাখনত লাগি থকা বেৰখনৰ ঠিক মাজতে এটা এলান্ধুৰে ক’লা হৈ পৰা বাল্ব আৰু বিচনাখনৰ মাজতে ওপৰৰ চিলিংখনত এখন চিলিংফেন— যাৰ অহৰহ কেৰ্‌-কেৰ্ ঘেৰ-ঘেৰ শব্দ মোৰ জীৱনযাত্ৰাৰ অন্যতম অংশ। বিচনাখনৰ বিপৰীত ফালে এখন সৰু টেবুল। টেবুলখনৰ ওপৰত এটা ষ্ট’ভ। টেবুলখনৰ তলত পকাৰ মজিয়াত এখন কাঁহী। কাঁহীখনৰ ওপৰত এটা ক’লা কেৰাহী আৰু কেৰাহীটোৰ ওপৰত এটা হেলনীয়াকৈ পৰি থকা কুকাৰ। এই গোটেইখিনি মিলি এইটো মোৰ ৰুম নে ঘৰ! এটা ৰুমক ঘৰ এখন বুলি ক’ব পাৰিনে নোৱাৰি তাকে ভাবি অৱশ্যে মই কোনোদিনে মূৰ গৰম কৰা নাই।

মোৰ পৰিচয়— মই এজন কবি। দিনৰ বেছিভাগ সময় মই মোৰ ৰুমটোৰ ভিতৰত সোমাই থাকোঁ। কাম বুলিবলৈ কেৱল দুটাই,...

সম্পূৰ্ণকৈ পঢ়ক

কৰ্মহীনতা নে কৰ্মবিমূখতা?

আজিকালি পঢ়া শুনা কৰিলেও চাকৰি পাবলৈ নাই৷ চাকৰি কেৱল সেইসকলে পায় যাৰ ধনৰ ফালৰ পৰাও আৰু ৰাজনৈতিক দিশৰ পৰাও বল বেছি৷ মন যিমান সবল হ’লেও, শিক্ষাগত অৰ্হতা যিমান উচ্চ হ’লেও মানুহে চাকৰি নাপায়৷ পইচা থকা জন আৰু ক্ষমতাৰ অপব্যৱহাৰ কৰা জনেহে বিনাকষ্টে চাকৰি পায়৷ - এয়া হ’ল সঘনাই শুনা কথা৷ কাৰোবাৰ বাবে এয়া নিজৰ অভিজ্ঞতাৰ পৰা হোৱা অনুভৱ৷

মানুহে পঢ়া শুনা কিয় কৰে? চাকৰি এটা পাবলৈকেনে? শিষ্যই গুৰুৰ ঘৰত থাকি পঢ়া শুনা কৰাৰ যুগত শিক্ষালাভৰ লক্ষ্য আছিল কেৱল জ্ঞান অৰ্জন৷ নিম্নজাতিৰ লোকৰ বাবে জ্ঞান অৰ্জন অসম্ভৱ আছিল৷ "হোৱাইট কলাৰ জব" ভাৰতবৰ্ষত আৰম্ভ কৰে বৃটিছে৷ এসময়ত চাকৰিৰ সংখ্যাৰ বিপৰীতে অৰ্হতাসম্পন্ন মানুহৰ সংখ্যা কম আছিল৷

সম্পূৰ্ণকৈ পঢ়ক

আধ্যাত্মিকতা, আধ্যাত্মিক শিক্ষা আৰু নৈতিকতাৰ বিকাশ

আধ্যাত্মিকতা হৈছে মানৱীয় চৰিত্ৰ গঠনৰ এটা ঢাপ ! অৰ্থাৎ মানৱ জীৱনৰ উত্তৰণৰ মূল পথ হ'ল আধ্যাত্মিকতা ৷ 'হেম কোষ'ত 'আধ্যাত্মিকতা' শব্দটো 'আধ্যাত্মিক গুণ' বুলি উল্লেখ আছে আৰু 'আধ্যাত্মিক' শব্দটো 'আত্মা সম্বন্ধীয়, আত্মাত...

সম্পূৰ্ণকৈ পঢ়ক

প্ৰহ্লাদ কুমাৰ বৰুৱাৰ সৃষ্টি, দৃষ্টি আৰু স্মৃতি

প্ৰহ্লাদ কুমাৰ বৰুৱাৰ মৃত্যু হয় ২০১১ চনত। অসমীয়া সমালোচনা সাহিত্যক বিশেষভাৱে সমৃদ্ধ কৰা এইগৰাকী ব্যক্তিয়ে সমগ্ৰ জীৱনজুৰি সাহিত্য সাধনা কৰিছিল মানৱতাৰ হকে। কোনোদিন প্ৰচাৰমুখী নোহোৱা তথা তথাকথিত ...

সম্পূৰ্ণকৈ পঢ়ক

মালিনীথান - অৱহেলিত ঐতিহ্য অবন্দিত সৌন্দৰ্য

ভাৰতৰ পূব প্ৰান্তৰ প্ৰাকৃতিক সৌন্দৰ্য অতুলনীয়। আবেলিৰ সূৰুযৰ ৰেঙণিয়ে উজ্বলাই তোলা অৰুণাচলৰ পাহাৰবিলাকৰ নীলাভ শোভাই মন টানি ধৰে,প্ৰাণত আনন্দৰ হেন্দোলনি উঠে। কি এই অপৰূপ সৌন্দৰ্য কি এই প্ৰকৃতিৰ অনুপম কাৰুকাৰ্য...

সম্পূৰ্ণকৈ পঢ়ক

Free Basics, ফেচবুক আৰু ডিজিটেল স্বাধীনতা ইত্যাদি

যোৱা কিছুদিনৰ পৰা ফেচবুকত এটা বাতৰি খুব বেছিকৈ দেখিবলৈ পোৱা গৈছে। সেইটো হ’ল “অমুক বৰুৱা, তমুক তালুকদাৰ আৰু অন্যান্য ১০ জনে Free Basics ৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। আপুনিও সমৰ্থন কৰিব পাৰে” আৰু...

সম্পূৰ্ণকৈ পঢ়ক

মেণ্ডেলাৰ দেশৰ ডায়েৰিৰ পাতৰ পৰা

সেইয়া আছিল ২০০৮ চনৰ কথা । এদিন খবৰ আহিল বোলে সাসল বুলি দক্ষিণ আফ্ৰিকাৰ কোম্পেনি এটাত চাকৰি এটা পাইছো । কি কৰিম নকৰিম চিন্তা আৰম্ভ হৈ গ’ল। গোটেই খন খেলি মেলি । ঘৰৰ কাকো কবই নোৱাৰি চবে জক জকাই উঠে ক’ৰ আফ্ৰিকা যাৱ,যাবলৈ আৰু ঠাই নাপালি ? লোকৰ মানুহ আমেৰিকা ইউৰোপ যায় তই আকৌ আফ্ৰিকাহে পালিগৈনে ? পাৰিবি জানো তাত থাকিব ? মুম্বাইতে ইমান ধুনীয়াকৈ আছ’ আকৌ ক’তনো যাব লাগে ? ইত্যাদি ইত্যাদি আদেশ, উপদেশ যিয়েই নকঁওক সেইবোৰেৰে ভৰি পৰিল ।হয়ো কথাটো, সাধাৰণতে আমি শুনি থকা দেখি থকা ঠাই এখন হ’লে ইমান অসুবিধা নহয় কাৰো ।তাতে আকৌ দক্ষিণ আফ্ৰিকা যে বেলেগ এখন দেশ ভাবি চোৱাই নহয় আফ্ৰিকা বুলিয়েই ভাবি থৈ দিঁও ।মোৰো দক্ষিন আফ্ৰিকা মানে মহাত্মা গান্ধী,মেণ্ডেলা আৰু ক্ৰিকেট টীমটোৰ বাহিৰে কিবা আছেযে বৰ এটা চিন্তাই কৰা নাছিলো । গতিকে সকলোৰে হকা বাধাৰ মাজত বোলো সেই...

সম্পূৰ্ণকৈ পঢ়ক

গৰু

মই তেতিয়া কলকাতাত । অৰ্কুটৰ যোগেৰে এগৰাকী অতি সুন্দৰী যুৱতীৰ লগত চিনাকি হৈ কথা পতা দুদিন হৈছিলহে মাথোঁ। সুন্দৰীয়ে নিজৰ মৰমলগা কুকুৰটোৰ লগত পাঁচখনমান ফটো অৰ্কুটত দিলে । অনলাইন ভাষাবিদ সকলে তেতিয়ালৈকে ছেলফি শব্দটো আৱিস্কাৰ কৰা নাছিল । বাৰু যা হওঁক, সুন্দৰীয়ে মোক ফটোকেইখন কেনেকুৱা হৈছিল সুধিলে । মইও সঁচাটো ক’লোঁ, বৰ ধুনীয়া । তুমিও কুকুৰটোও । সুন্দৰী সন্তোষিত হ’ল আৰু মোক সুধিলে – তোমাৰ ফেভ এনিমেল কি ? আকৌ মই সঁচাটো ক’লোঁ – গৰু। হুৱাট ?? গৰু?? মই বুলো ইয়েচ গৰু, মোৰ প্রিয় জন্তু গৰু । ভৱিষ্যতে ফটো দিলে মই গৰুৰ লগত দিম । চাবা । কলকাতাত থকা, ইংৰাজী গান শুনা, ইংৰাজী কিতাপ পঢ়া, বিপিঅ’ত চাকৰি কৰা ডেকাৰ পৰা সুন্দৰীয়ে এনেকুৱা উত্তৰ আশা কৰা নাছিল । সেইদিনাৰে পৰা আজিকোপতি সেই সুন্দৰীৰ ছাঁটোও নেদেখিলোঁ । ফেভ এনিমেল গৰু হোৱা ল’ৰাৰ লগত তেওঁ আৰু কথা আগনবঢ়ালে...

সম্পূৰ্ণকৈ পঢ়ক

মধুশালা : এখন মানবিশিষ্ট উপন্যাস

"বিংশ শতাব্দীৰ পৰা উপন্যাসত চেতনাৰ স্তৰ অতিক্ৰম কৰি অচেতন আৰু অৱচেতন স্তৰৰ প্ৰদমিত মনোগুহাশায়ী আশা-আকাঙ্ক্ষাক আৰু বাসনাক ৰূপ দিবলৈ চেষ্টা কৰি অহা হৈছে । আনকি চেতনা প্ৰৱাহৰ যোগেদি সজ্ঞান অৱস্থাৰ বিপৰীত , জটিল নিৰৱচ্ছিন্ন সমপ্ৰবাহী বিভিন্ন ভাবানুভূতিৰ নিয়ত অহা-যোৱাই মানসিক প্ৰক্ৰিয়াক ৰূপ দিছে । ভাৰ্জিনিয়া উলফ , জেমচ জইচ আদিৰ লেখনিত এই ধাৰা স্পষ্ট হৈ পৰিছে । ফ্ৰয়েড , ইয়ুং , এডলাৰ প্ৰভৃতি মনোবিজ্ঞানীৰ গৱেষণাৰ ফল সাহিত্যত প্ৰতিফলিত হৈছে ।" ( অসমীয়া উপন্যাসৰ গতিধাৰা ; ড° সত্যেন্দ্ৰনাথ শৰ্মা ) আধুনিক উপন্যাসত অস্বাভাৱিক মনস্তত্ত্বৰ বহল ভেটিত প্ৰতিষ্ঠিত উপন্যাস সুলভ নহয় বুলি সততে যি অভিযোগ উত্থাপিত হয় , সেই অভিযোগ খণ্ডন কৰিছে লেখক-প্ৰকাশক-ঔপন্যাসিক সৌমিত্ৰ যোগীৰ " মধুশালা " নামৰ উপন্যাসখনে । অসমীয়া সাহিত্য-সংস্কৃতি বৰ্তমান যি সংশয়ৰ মুখামুখি হৈছে , এক অপশক্তিৰ প্ৰাদুৰ্ভাৱে ভাল-সুস্থ চিন্তা সমূহক অৱদমিত কৰি ৰখাৰ যি অপচেষ্টা চলাইছে __তাৰ প্ৰাঞ্জল ছবি এখন ফুটি উঠিছে "মধুশালা "ৰ কাহিনীত, চৰিত্ৰসমূহৰ কথা-বতৰাত তথা জটিল মানসিক চিন্তা-ভাৱনাত । " মধুশালা" উপন্যাসখন পঢ়া পাঠকক উপন্যাসখনত বৰ্ণিত পৰিৱেশ-পৰিস্থিতি-চৰিত্ৰই নিশ্চয় কিছু হ'লেও জোকাৰি থৈ যাব । অসমীয়া উপন্যাসত এনে এখন উপন্যাসৰ প্ৰয়োজন বহুসময় ধৰি আছিল _যিখনে সচেতন পাঠক- চিন্তাজীৱীৰ মনত এবাৰৰ বাবে হ'লেও এটি প্ৰশ্ন তুলিব… " আমি আচলতে কিমান সচেতন ? আধুনিকতাৰ মুখা পিন্ধি আমি একোটা বৃত্তৰ মাজত সোমাই পৰিছোঁ নেকি _ য'ত সুখাকাঙ্ক্ষাৰ বাহিৰে অন্য কোনো অভিলাষ নাই । সমাজৰ বা পাৰিপাৰ্শ্বিক অৱস্থাৰ প্ৰতি দায়বদ্ধতা নাই? "

সম্পূৰ্ণকৈ পঢ়ক

প্ৰাণজিৎ বৰুৱাৰ

ফটোগ্ৰাফী

প্ৰাণজিৎ বৰুৱাৰ

ফটোগ্ৰাফী

প্ৰাণজিৎ বৰুৱাৰ

ফটোগ্ৰাফী

অমৰজিৎ গোহাঁইৰ

ফটোগ্ৰাফী

সৌৰভ কুমাৰ বৰুৱাৰ

ফটোগ্ৰাফী

সৌৰভ কুমাৰ বৰুৱাৰ

ফটোগ্ৰাফী

সৌৰভ কুমাৰ বৰুৱাৰ

ফটোগ্ৰাফী

দিব্যজ্যোতি গগৈৰ

ফটোগ্ৰাফী

দিব্যজ্যোতি গগৈৰ

ফটোগ্ৰাফী

দিব্যজ্যোতি গগৈৰ

ফটোগ্ৰাফী

অমৰজিৎ গোহাঁইৰ

ফটোগ্ৰাফী

অমৰজিৎ গোহাঁইৰ

ফটোগ্ৰাফী

অবক্ষয়

প্ৰতিটো নিশা শেতেলীত পৰিলেই
কিছুমান উঁই পোকৰ কট্ কট্ শব্দ
মোৰ মগজুত ধ্বনিত হয় ৷

শতাব্দীৰ ঘৰটোক কামুৰি কামুৰি
মোৰ অথৰ্বতাত সিহতে অট্টহাস কৰে ৷

মোৰ অনুভৱৰ সপোনবোৰ
জীৱন আঁউসীৰ প্ৰতিধ্বনি হৈ বাজে
গহীন হয় নিশাৰ গভীৰতা আৰু
সাৰে থাকো মই কট্ কট্ শব্দৰ মাজত
পোৱা নোপোৱাৰ দুৰূহ দোমোজাত ৷


খেৰৰ জুইকুৰা নুমাই থাকিল

ৰ'দে ধোৱা চুবুৰীটোৰ আকাশত লাহে লাহে বাঢ়ি আহে সংশয়ৰ এ আকাশ ডাৱৰ ।
ইকাণে সিকাণে সংক্ৰমিত হয় এটি শ্ৰৱণ ইচ্ছাহীন গতানুগতিক খবৰ ...
ছোৱালীজনী আজি তিনিদিন হ'ল না খবৰ ।
সোণপাহিৰ চোতালতে জ্বলিবলৈ আৰম্ভ হয় জুইকুৰা ।
চুবুৰিটো পাৰ হৈ সমদলটো লাহে লাহে ৰাজপ্ৰসাদলে আগবাঢ়ে ।
"hang the rapiest"
"নাৰী নিৰ্য্যাতন বন্ধ কৰক"
চিঞৰবোৰ কাক উদ্দেশ্যি সিহঁতে নাজানে ।
সমদলৰ আগত থকা ভদ্ৰ(নে ভণ্ড)মুখখন
চন্দ্ৰমুখীয়ে অৱশ্যে ঠিকেই চিনে ।
মৃত স্বামীৰ মাহিলীৰ দিনাই গাত হাত দিয়া মানুহজনক তাই কেনেকৈ পাহৰে !!
"নাৰীক সদায় সন্মান কৰিবা"
প্ৰৌঢ় ভূধৰে পণ্ডিতে উস্বচ্চৰে পঢ়াই
ল'ৰা জাকে পঢ়ে ।
সমদলটো আগবাঢ়ে ।
আৰু এদিন ৰাজভৱনলৈ গৈ
খেৰৰ জুইকুৰা নুমাই থাকে ।
ধৰ্ষিতা সোণপাহিৰ কবৰত
অপৰাধীয়ে সাম্ৰাজ্য গঢ়ে ।

ভোগালীৰ ৩ টা স্নেপশ্বট

স্নেপশ্বট (১)
মোৰ বাবে কি ভোগালী , কি কঙালী !
বৰ দুখেৰে ক'লে তাই ,
তাই কোন ?
তাই
আমাৰ ঘৰৰ কাম কৰা বাই ...!


স্নেপশ্বট (২)
বছৰৰ বিহু , হেৰা কিবা এটা কৰোঁ !
এইবাৰ বাকী কেইদিন অলপ টানকৈ চলিবা দিয়া
চালানী হলেওঁ ৰৌ এটাকে আনোঁ ,
ভোগালীৰ দিনা দৰমহা নহ'ল বুলি
কঙালীক পুনৰ
আকৌ মাতিব পাৰি জানো ...!


স্নেপ শ্বট (৩)
"মা, লোকেল মুৰ্গী খাম "
দেউতাই তেনেতে ক'লে ,
"কিয় খাহী নোখোৱা ?"
মাই ক'লে পাৰিলে ভকুৱা এটাও আনিবা !
আচলতে তিনিজন মানুহৰ বাবে
সকলোবোৰৰ নাছিলেই প্ৰয়োজন ,
কিন্তু এইয়াই বোলে
সম্ভ্ৰান্তৰ ভোগালীক আদৰাৰ ব্যাপক আয়োজন ...!


নূপুৰ (চনেট)

ইকাতি সিকাতি কৰি চঞ্চল দুভৰি
দেও দি চিন থৈ যায় নিজান বনত,
কি লয়, কি সুৰ বাজে কৰ্ণকুহৰত
আপোন পাহৰা হৈ মুকুতা সৰে পৰি।
চিফুঙটিয়ে লাজৰ আঁচল আঁজুৰি
দূৰণিতে মেৰিয়াই চপাই লৈ গাত,
জুনুকা বিলাস; বাটেৰে সলায় বাট
কোনেনো আনিলে সৰগৰ সুৰ কাঢ়ি?
যৌৱনৰ এজোলোকা মধুৰ-মাধুৰী
গোৰোহাৰে আঁকি প্ৰজাপতি আঁচলত,
পাহাৰীয়া ৰাগ সানি দুভৰি পতাত
কামনাত বুৰ যায় মনৰে চাপৰি।
ৰুনুক জুনুক বাজে ৰৈ ৰৈ ঠেও ধৰি,
বতাহত নাচে বাগে নূপুৰ সুন্দৰী।

ৰস ৰচনা

::: ইটো সিটো ফাল্টু :::

১) গল্প:-

দুই অভিন্ন হৃদয়ৰ বন্ধু। প্রেমত পৰিল একেলগে। তাতে ছোৱালীও আকৌ একেজনীৰেই সৈতে। তাইৰ খেয়ালি খোজৰ ছন্দত জিগৰি দোস্তিত বৰ ভূইকঁপ। দোস্তি গুছি নিমিষতে 'নেপাল' হ'ল। প্রায় চাৰি পাচ মাহ পাৰ হ'ল থকা ৰূম একেটা অফিছ একেটা অথচ ন' মাতবোল। যোৱা কালি ফেইচবুক খুলি দুয়োৰে চকু থৰ। ভূইকঁপ অনা গৰাকীয়ে নোদোকা একাউন্ট থকা নিপোটল এজনৰ বুকুৰ পথাৰত "Meh n my Hubby" বুলি ভূঁই ৰুই আছে গৈ। গৰমত মৰমৰ এনে খবৰ পাই দুয়োৰে খঙে দুখে ঘামি জামি অৱস্থা বেয়া। ইটোৱে সিটোলে চালে। আৰু প্রায় একেলগেই ক'লে

'অই বৰ বেয়া গৰম পৰিছে বে। আজি বোলে বিয়েৰ দে। ব'ল কে..া থিকছে আজি বিয়েৰকে খাও।"

মৰেল:

Divided By মিছা মৰম & United BY গেলা গৰম

২) গল্প:

এফালে:

চিগাৰেট এটা বধো বুলি বাছ পৰা নামিল শইকীয়া। চিগাৰেটত হোপ দিওতেই হঠাতে পুৰণি বন্ধুৰ আর্বিভাৱ। হাতত চাহলৈ পুৰণি দিনৰ সোঁৱৰণ। সময়ৰ খেয়াল কৰিবলেই নহ'ল। বন্ধুক বিদায় দি উপলব্ধি কৰিলে বাছ খনে ইতিমধ্যে latitude longitude সলনি কৰিলেই । পকেটত হাত দি মনত পৰিল ফোনটোৰ লগতে মানুহজনীও চোন বাছতেই গুচি গ'ল। সেইজনীৰো যি হে টোপনি, ভূমিকম্পই জোকাৰি উঠালেহে উঠোৱা। 'কেনে দায়িত্বজ্ঞান নাইকিয়া মানুহহে? গিৰিয়েকটো মাজ ৰাস্তাত থাকি গ'ল অথচ খবৰেই নাই।' শইকীয়াই মনতে ভোৰ ভোৰালে।

আনফালে:

শইকীয়ানী সাৰ পাই চাই দেখে মানুহটো নাই। মাথা গৰম, হেৰাল মৰম। ফোন কৰিলত ফোনটোও তেওঁৰ বেগতে বাজিল। যাত্রীৰ দায়িত্ব ল'ব নোৱাৰে যদি বাছ চলাইছে কিয় বুলি হেন্দিমেনকে এজাউৰি বকিলে। 'এচোৱা পাৰ হৈ আহিলো এতিয়াহে মানুহটো নাই বুলি গম পাইছেহি নেকি?' এই বুলি হেন্দিমেনেও ঔ-মেন গৰাকীক কাউন্টাৰ দিলে। তাক ৰিপ্লাই নিদি বেগটো খোচৰাত লাগিল। দেখিলে অলপ টকাহে আছে। আৰম্ভ হৈ গ'ল শইকীয়ানীৰ ভোৰভোৰণি 'কেনে দায়িত্বজ্ঞান নাইকিয়া মানুহহে?মই একমাত্র ঘৈণীয়েক জনীয়ে এই নামমাত্র টকাৰে শ্বপিং কৰিম কেনেকে? একলেন্ড যাম কেনেকে? আৰে কমচে কম ক্রেডিত কার্ড খনটো থৈ যাব পাৰিলে হয়।'

এঠাইত:

ৰাজপথত গাড়ীৰ এটা দীঘল লাইন। নাই নাই বুলিও প্রায় দুই কিলোমিটাৰ মান যোৰা। কোনোবা অভিমানী সংগঠনে চৰকাৰৰ ওপৰত অভিমান কৰি হেনো ৰাজপথ ভেটিছে। উইংগাৰ এখনৰ পিছফালে কোনোমতে টিকাতোক ভেটি এদোখৰ দি অহা শইকীয়াই যেন কিছু আশাৰ বতৰা পালে। কৃষ্ণ-গুৰুৰ নামলৈ নামি গৈ কৃষ্ণ-গুৰুক বিছৰাত লাগিল।(কৃষ্ণ-গুৰু বাছ খনৰ নাম)। ডেৰ কিলোমিটাৰ মান আতৰত মানুহজনীৰ সতে বাছ খন উদ্ধাৰ কৰিলে। প্রায় দুঘন্টাৰ মুৰত দু্য়ো মুখা মুখি। দেখা দেখি হৈয়ে বিৰোধীৰ ভাৱত অৱর্তীণ। ইজনে সিজনলে এৰিলে "তোমাৰ দায়িত্বজ্ঞান নাই নেকি??" বাণ পাত। ঠিক তেনেতে হেন্দিমেনে চিঞৰিলে 'ৰাস্তা খুলিলে ৰাইজ বহি লওক জাগাই জাগাই।' বাছ চলিল,খং গলিল। কাজিয়াও ৰ'ল, আমাৰ সাধুও শেষ হ'ল।

মৰেল:

Divided By লেক অফ দায়িত্ববোধ

United By পথ অৱৰোধ

(৩)

এটাৰ বাবে কাজিয়া লাগি এসপ্তাহ মাত বোল নোহোৱা বিকিয়ে ভায়েক ৰিকিক ভূইকঁপ আহোতে বোকোচাত তুলি বাহিৰলে দৌৰা দেখি মাকৰ সুখতে চকুপানী ওলাই গ'ল। বাপেকে মাকক কাণে কাণে ক'লে বোলে ইয়াকে কয় "DIVIDED BY আলুচপ UNITED BY ভুঁইকপ।"

শেষ কলম

বৰ্তমান প্ৰতিযোগিতামূলক সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট কষ্ট আৰু অধ্যৱসায়ৰ প্ৰয়োজন।সমাজ যেনেকৈ আগবাঢ়ি গৈছে, উঠি অহা প্ৰজন্মই লগতে ফেৰ মাৰি যাবলৈ সক্ষম হৈছে।

‘তোমাৰ জীৱনৰ লক্ষ্য কি?’ বিশেষকৈ স্কুলত পঢ়ি থকা সময়ত প্ৰায়েই শুনা প্ৰশ্ন, কেতিয়াবা কেতিয়াবা পৰীক্ষাত দহ নম্বৰৰ কাৰণে এই বিষয়ৰ ওপৰত ৰচনা লিখা হয়। যেতিয়া এই বিষয়টোৰ ওপৰত উত্তৰ দিয়া হয়, সৰহসংখ্যকে জীৱনৰ শৈশৱ কালৰ কল্পনা জগতখনৰ মনলৈ অহা নতুবা সদায় শুনি থকা ভাল বৃত্তি বা কিতাপত থকা সহজলভ্য উত্তৰ দিয়া হয়। গৰিষ্ঠসংখ্যক গাঁৱৰ পৰিৱেশত থকা বিদ্যালয়ৰ কোনো ছাত্ৰ বা ছাত্ৰী, যিয়ে শ্ৰেণীৰ প্ৰথম, দ্বিতীয় বা তৃতীয় হয়, তেওঁলোকৰ নিজা তথা অভিভাৱক বা শিক্ষকৰো আশাৰ বাবে লক্ষ্য দুটা হৈ পৰে- চিকিৎসক অথবা অভিযন্তা। এনে সমাজ ব্যৱস্থাৰ মতে ছাত্ৰ-ছাত্ৰী ডাঙৰ মানুহ হোৱাৰ কাৰণে দুটা সুবিধা আছে- হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত যদি বিজ্ঞান শাখাত নামভৰ্ত্তি কৰে তেন্তে প্ৰথম স্তৰটো উত্তীৰ্ণ হ’ল। অন্যথা যদিহে কলা শাখাত নামভৰ্ত্তি কৰে, তেন্তে আজিৰ সমাজ ব্যৱস্থাত এনে এক ধাৰণাই বাহ লৈছে যে ছাত্ৰ বা ছাত্ৰীগৰাকী ডাঙৰ মানুহ হ’ব নোৱাৰিব কাৰণ বিজ্ঞান শাখাত নপঢ়িল।

এতিয়া প্ৰথম স্তৰত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ বাব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পাছত চিকিৎসক অথবা অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ বাবে অনুষ্ঠিত হোৱা প্ৰৱেশিকা পৰীক্ষাত যদি উত্তীৰ্ণ হৈছে তেন্তে সমাজৰ লগতে অভিভাৱকৰ নামো ৰাখিব পাৰিছে অন্যথা ছাত্ৰ বা ছাত্ৰীগৰাকীৰ জীৱন সাৰ্থক নহ’ব। এনে কিছুমান ধাৰণাৰে আৱৰি থকা গাঁৱৰ পৰিৱেশৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ আমাৰ জীৱন আৰম্ভ হৈছিল। কলেজৰ লগতে হোষ্টেলীয়া জীৱনৰ জনা নজনা অভিজ্ঞতাৰ পৰা মনতে ঠিক কৰি লৈছিলোঁ যে ভৱিষ্যতে কোনোবা এটি বিষয়কে ভালদৰে পঢ়িম। ঘৰত এদিন উচ্চতৰ মাধ্যমিক ২য় বৰ্ষত থাকোতে ক’লো, বি এচ চিয়ে পঢ়িম, বেলেগ পৰীক্ষা নিদিওঁ। লগে লগে ঘৰৰ পৰিৱেশটো সলনি হৈ গৈছিল। এনেকৈয়ে অনিচ্ছাসত্ত্বেও মই CEE ( Combined Entrance Examination) পৰীক্ষাত অৱত্তীৰ্ণ হ’লোঁ। যথা সময়ত ফলাফল ওলাল আৰু যেনেকুৱা হ’ব লাগিছিল তেনেকুৱাই হ’ল। মই অনুত্তীৰ্ণ হ’লো তথাপি মনটো ভাল লাগিল এই কাৰণতেই যে মই পৰীক্ষাৰ বাবে বিশেষ প্ৰস্তুতো কৰা নাছিলো আৰু মনে বিছৰা বিষয়ত নামভৰ্ত্তি কৰিব পাৰিলোঁ। কিন্তু মোৰ ঘৰৰ মানুহ যে মোৰ সিদ্ধান্তক লৈ বিশেষ সুখী নহয় সেইটো মাজে মাজে ঘৰৰ দুই এষাৰ কথাৰ পৰা বুজি উঠো। যেনে, “লোকৰ ল’ৰা ডাক্তৰ ইঞ্জিনীয়াৰ হৈ ডাঙৰ মানুহ হৈছে, মোৰ ল’ৰাই কি কৰিছে, বি এচ চিহে”

এজন ছাত্ৰই ভালদৰে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ সেই বিষয়ত ভালদৰে গৱেষণা কৰি এখন সমাজৰ সৰ্বাংগীন উন্নতিত সহায় কৰিব পাৰে। বৃত্তিমুখী শিক্ষাতকৈ বৰ্তমান আমাৰ দেশত ‘বেচিক ছায়েন্স’ৰ গুৰুত্ব অধিক। গৱেষণা আদিৰ ক্ষেত্ৰত ভাৰতবৰ্ষ অন্যান্য উন্নত ৰাষ্ট্ৰবিলাকৰ তুলনাত পিছপৰি থকাৰ এক অন্যতম কাৰণো হৈছে অভিভাৱকসকলৰ বৃত্তিমুখী শিক্ষাৰ প্ৰতি থকা দুৰ্বলতা। এই দুৰ্বলতাৰ কাৰণ হিচাপে বৰ্তমান সমাজ ব্যৱস্থাকে জগৰীয়া কৰিলেও ভুল নহয়।

দৰাচলতে আমি যিয়ে অধ্যয়ন নকৰো কিয়, তাৰপৰা লাভ কৰা জ্ঞানৰ পৰা যদি সমাজৰ অকমাণো লাভ হয় তাতেই জীৱনৰ সাৰ্থকতাৰ ফচল। সকলো অভিভাৱকে সন্তানৰ মনে কি বিচাৰে এবাৰ বুজিবলৈ যত্ন কৰি সেইক্ষেত্ৰত উৎসাহ দিয়া উচিত। তেতিয়া সন্তানেও অভিভাৱকক নিজ সন্তানক লৈ গৌৰৱ কৰাৰ থল এটি উলিয়াই দিব পাৰিব।