প্ৰহ্লাদ কুমাৰ বৰুৱাৰ সৃষ্টি, দৃষ্টি আৰু স্মৃতি

(ড প্ৰহ্লাদ কুমাৰ বৰুৱাৰ মৃত্যু হয় ২০১১ চনত। অসমীয়া সমালোচনা সাহিত্যক বিশেষভাৱে সমৃদ্ধ কৰা এইগৰাকী ব্যক্তিয়ে সমগ্ৰ জীৱনজুৰি সাহিত্য সাধনা কৰিছিল মানৱতাৰ হকে। কোনোদিন প্ৰচাৰমুখী নোহোৱা তথা তথাকথিত যশস্যাৰ প্ৰতি প্ৰলোভিত নোহোৱা ড০ বৰুৱাই অসম সাহিত্য সভাৰ বঁটাও প্ৰত্যাখ্যান কৰিছিল। ১৯৮৩ চনত প্ৰকাশ পোৱা চিন্তাৰ আভাস তেওঁৰ প্ৰথম গ্ৰন্থ। তাৰ পৰৱৰ্তী সময়ত তেওঁ লিখা কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ’ল : উপন্যাস, জ্যোতি-মনীষা, অসমীয়া চুটিগল্পৰ অধ্যয়ন, ধৰ্ম সমীক্ষা, আধুনিক অসমীয়া কবিতাৰ গতি বৈচিত্ৰ্য, ঐশ্বৰ্যময় আহোম যুগ আদি। ইয়াৰ ভিতৰত জ্যোতি-মনীষা আৰু অসমীয়া চুটিগপ্লৰ অধ্যয়ন গ্ৰন্থ দুখন অসমীয়া সমালোচনা সাহিত্যত অদ্বিতীয়। প্ৰণালীৱদ্ধভাৱে কৰা অশেষ কষ্টৰ মূৰত এই দুখন গ্ৰন্থ লিখা সম্ভৱ হৈছে। জীৱনক সকলো সময়তে ইতিবাচক দৃষ্টিৰে চাবলৈ চেষ্টা কৰা ড০ বৰুৱা ২০০২ চনত জীৱন কলা নামৰ গ্ৰন্থখন ৰচনাৰ যোগেদি পঢ়ুৱৈ সমাজত অন্য ধৰণে খ্যাত হৈ পৰে। জীৱনৰ যন্ত্ৰণাই হতাশ কৰা অজস্ৰ মানুহক জীয়াই থকাৰ প্ৰেৰণা যোগোৱা এইখন গ্ৰন্থৰ অভূতপূৰ্ব সঁহাৰিৰ পাছত তেওঁ লিখি উলিয়ায় জীৱনে মোক কি দিলে, জীৱনতকৈ মহৎ একো নাই আদি অন্য আঠখন গ্ৰন্থ। সমান্তৰালভাৱে ড০ বৰুৱাই চুটিগল্প ৰচনাতো মনোনিৱেশ কৰে। বৰ্তমানলৈকে প্ৰকাশিত গল্পৰ সংকলন ছটা। এইগৰাকী ব্যক্তিৰ দৃষ্টি, সৃষ্টি আৰু স্মৃতিৰ কিছু আভাস ল’বৰ বাবে ২০০৭ চনত গ্ৰহণ কৰা হৈছিল এক সুদীৰ্ঘ সাক্ষাৎকাৰ। তাৰ কিয়দংশ আগবঢ়োৱা হৈছে - সাক্ষাৎগ্ৰহণকাৰী )


প্ৰ : আপোনাৰ শৈশৱটো কেনে আছিল? শৈশৱৰ কথা মনলৈ আহিলে আপুনি নষ্টালজিক হয়নে?
উত্তৰ :
মোৰ শৈশৱৰ কথা মই চমুৱাই ক’ব নোৱাৰোঁ। শৈশৱৰ কথা মনলৈ আহিলেই মই বৰ আৱেগিক হৈ পৰোঁ। মোৰ ‘জীৱনে মোক দি দিলে’ নামৰ গ্ৰন্থখনৰ ‘শিক্ষকতাই মোক কি দিলে’ আৰু ‘জীৱনে মোক কি দিলে’ শীৰ্ষক লেখা দুটাত মোৰ শৈশৱৰ বহু কথা কৈছোঁ। দ্বিতীয় প্ৰটোৰ উত্তৰত কওঁ শৈশৱ বুলিয়েই নহয়; বহু সময়ত মই নষ্টালজিয়াবোধত ভূগো। মোক মোৰ শৈশৱে এতিয়াও বৰ আমনি কৰে। কিয় নেজানো হয়তো শৈশৱৰ মায়াই মোক এতিয়ালৈকে গভীৰভাৱে আচ্ছন্ন কৰি থকা বাবেও হ’ব পাৰে। মই কিন্তু মোৰ শৈশৱটোক এতিয়াও মোৰ লগত বৰ আদৰেৰে ৰাখি থৈছোঁ। মোৰ শৈশৱৰ সৈতে এতিয়াও মই খেলোঁ, ওমলোঁ, হাঁহো, কান্দো; কিন্তু দ্বন্দ নালাগো, সি বেয়া পাব। গুচি যাব। সেয়ে।
প্ৰ : ল’ৰালি কালত লগ পোৱা কেইজনমান বিশিষ্ট ব্যক্তিৰ নাম ল’বলৈ ক’লে আপুনি শ্ৰদ্ধা সহকাৰে কাৰ কাৰ নাম ল’ব?
উত্তৰ :
তেতিয়া মোৰ বয়স খুব সম্ভৱ তিনি চাৰি বছৰ হ’ব। মোৰ জ্যেষ্ঠ ভাতৃ শ্ৰীযুত ডিম্ব বৰুৱা স্বাধীনতা সংগ্ৰামী আছিল বাবে তেখেতৰ লগত আমাৰ ঘৰলৈ সেই সময়ৰ অনেক নামজ্বলা মানুহ আহিছিল আৰু সেইসকলৰ ব্যক্তিত্বই ল’ৰালি কালতে মোক মুগ্ধ কৰাই নহয়; মোৰ শিশু মনত গভীৰ সাঁচ বহুৱাইছিল। সেইসকল ব্যক্তিৰ ভিতৰত মই শ্ৰদ্ধাৰে সোঁৱৰো হেম বৰুৱা, বিশ্ব গোস্বামী, বিপিনপাল দাস, পদ্মেশ্বৰ গগৈ, শংকৰ বৰুৱা, মহেন্দ্ৰ হাজৰিকা, লীলা কাকতিক। এইসকলৰ ভিতৰত মোৰ তেনেই ল’ৰালি কালতে গভীৰ সাঁচ বহুৱাইছিল হেম বৰুৱাই; যি সাঁচ এতিয়াও মচ খোৱা নাই।
প্ৰ : আপোনাৰ জীৱনৰ প্ৰথম সৃষ্টি কৰ্ম?
উত্তৰ :
চতুৰ্থমানতে প্ৰথম কবিতা এটা লিখি স্কুলৰ সভা এখনত পঢ়িছিলোঁ। ছাৰসকলে প্ৰশংসা কৰিছিল। সিয়ে আৰম্ভণি।
প্ৰ : এই যে সৃষ্টিৰ ধাৰাটো আজি পৰ্যন্ত আপুনি অব্যাহত ৰাখিছে তাৰ অন্তৰালত আপোনাৰ নিচা আৰু ইচ্ছাশক্তিৰ বাহিৰেও অন্য কি কি কাৰকৰ প্ৰভাৱ আছে?
উত্তৰ :
নাজানো। মুঠতে নিলিখাকৈ থাকিব নোৱাৰোঁ।
প্ৰ : সৰহ সংখ্যক সাহিত্যিকেই কোনো নিৰ্দিষ্ট দৰ্শন বা ‘ইজম’ৰ দ্বাৰা প্ৰভাৱান্বিত হয় আৰু তাৰ প্ৰভাৱ স্পষ্টকৈ দেখা নগ’লেও তাৰ অনুৰণন তেওঁলোকৰ সাহিত্য-কৰ্মত অনুভৱ হয়। আপোনাৰ সাহিত্য-কৰ্মত তেনে দেখা নাযায়। এই বিষয়ে আপুনি কি কয়?
উত্তৰ :
মইনো কি ক’ম বাৰু? মোৰ গল্পতো অস্তিত্ববাদ দৰ্শন, ফ্ৰয়েদীয় দৰ্শন, এবচাৰ্ডিটি আদিৰ প্ৰভাৱ পৰিছে বুলি কোনো কোনো সমালোচকে লিখিছে। আনকি মোৰ প্ৰথম গপ্ল সংকলন ‘জলছবি’ৰ দুটামান গপ্লত আমেৰিকান গল্পকাৰ এজনৰ প্ৰভাৱ পৰা বুলি শ্ৰীযুত বীৰেশ্বৰ বৰুৱাদেৱে ‘প্ৰকাশ’ আলোচনীত লিখিছিল। মই কিন্তু সেই আমেৰিকান গল্পকাৰজনৰ গল্প পঢ়াই নাই আৰু নামো শুনা নাই। অস্তিত্ববাদ আদি সাহিত্যৰ মতবাদবোৰৰ বিষয়ে জানো। কিন্তু মই নিজে লিখাৰ পৰত কোনো মতবাদে মোক নিয়ন্ত্ৰণ নকৰে। জীৱন জুৰি মানুহৰ অন্তৰ্জীৱনক নিৰীক্ষণ কৰিছোঁ, আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু তাকে কৰিবলৈ গৈ মানুহৰ আভ্যন্তৰ জীৱনৰ কিছুমান গোপন সত্য পোহৰলৈ আনিবলৈ চেষ্টা কৰিছোঁ। তাকে কৰোতে কোনোবা মতবাদৰ সৈতে মিলিব পাৰে। কিন্তু কেনো মতবাদৰ দ্বাৰা পৰিচালিত হোৱাটো মই পচন্দ নকৰোঁ আৰু মই নিজে প্ৰভাৱান্বিত হোৱাও নাই।
প্ৰ : ডেকা কালত সাম্যবাদী আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হোৱাটোও প্ৰায় সাহিত্যিকৰে বৈশিষ্ট্য। আপোনাৰ ক্ষেত্ৰত?
উত্তৰ :
নাই নাই মোৰ সেইবোৰ নাই। মানুহক ভাল পাওঁ। দৰিদ্ৰ মানুহৰ প্ৰতি আত্মিক অনুকম্পা আছে, এই দৰিদ্ৰ মানুহখিনিক কোনোবাই শোষণ-পীড়ন কৰা দেখিলে মৰ্মাহত হওঁ। দৰিদ্ৰ মানুহক সহায়-সাৰথিও কৰোঁ পাৰোঁমানে। তাৰ বাবে আক’ কিহৰ সাম্যবাদৰ সহায় লাগে। গতিকে মানৱতা মই মোৰ অন্তৰত অনুভৱ কৰোঁ।
প্ৰ : প্ৰথম চুটি গল্প কতিয়া লিখিছিল আৰু আপোনাৰ প্ৰথম চুটি গল্প কেতিয়া আৰু ক’ত প্ৰকাশ পাইছিল?
উত্তৰ :
প্ৰথম চুটি গল্পটো লিখিছিলোঁ শিৱসাগৰ জিলাৰ নিতাইপুখুৰী হাইস্কুলৰ অষ্টম মান শ্ৰেণীত পঢ়ি থাকোতে আৰু প্ৰকাশ পাইছিল স্কুলৰ বাৰ্ষিক মুখপত্ৰ ‘নিৰ্মালি’ত। গপ্লটোৰ নাম আছিল‘সিহঁত ডাঙৰ মানুহ।’
প্ৰ : চুটি গল্প এটা লিখি থাকোতে আপোনাক আপোনাৰ সমালোচক মনটোৱে আমনি নকৰেনে?
উত্তৰ :
ওহোঁ। মুঠেই নকৰে। গল্পটো লিখি থকা সময়ত মোৰ গল্পৰ চৰিত্ৰবোৰৰ সৈতে মই একাত্ম হৈ যাওঁ আৰু চৰিত্ৰবোৰৰ সৈতে ইমানেই সক্রিয় হৈ পৰোঁ যে, সমালোচক মনটোৰ কথা বাদ দিয়কঅন্য একো কথাই মোৰ মনৰ ওচৰ চাপিবই নোৱাৰে।
প্ৰ : ‘জ্যোতি-মনীষা’ গ্ৰন্থখন লিখোতে জ্যোতিপ্ৰসাদৰ গীতৰ বিষয়ে লিখিবলৈ বিজ্ঞজনৰ সৈতে বিভিন্ন প্ৰকাৰে আপুনি আলোচনা কৰিছিল বুলি আমি জানিব পাৰিছোঁ। লোকগীতৰ সুৰ-বৈশিষ্ট্যৰ বিষয়ে আপুনি হেনো ক্ষেত্ৰ অধ্যয়নো কৰিছিল। সেই বিষয়ে অলপ ক’বনে?
উত্তৰ :
‘জ্যোতি-মনীষা’ গ্ৰন্থখন লিখোতে দিন-ৰাতি ছেদ-ভেদ নোহোৱাকৈ মাত্ৰাধিক কষ্ট কৰিছিলোঁ। জ্যোতিপ্ৰসাদৰ নাটকৰ বৈচিত্ৰ্য তথা অভিনৱত্ব বিচাৰ-বিশ্লেষণ কৰাৰ আগতে দীৰ্ঘদিন ধৰি পাশ্চাত্য অনেক নাটক পঢ়িছিলোঁ। সেইদৰে জ্যোতি-সংগীতৰ বৈশিষ্ট্যবোৰ বাচি-বিচাৰি উলিয়াবৰ বাবে বিভিন্ন প্ৰকাৰ লোকগীতৰ সুৰ-বৈশিষ্ট্যৰ সম্যক জ্ঞান আহৰণৰ উদ্দেশ্যে ‘টেপ ৰেকৰ্ডাৰ’ লৈ ক্ষেত্ৰ অধ্যয়ন কৰিছিলোঁ। তদুপৰি জ্যোতি-সংগীতৰ বিশেষজ্ঞ, শাস্ত্ৰীয় সংগীতৰ বিশেষজ্ঞ, বিহুনাম, বিয়ানাম, আইনাম, ধাইনাম আৰু আধুনিক গীতৰ বহু কেইগৰাকী গায়ক-গায়িকক ঘৰলৈ মাতি আনি সুৰেৰে কথাৰে জ্যোতি-সংগীতৰ সুৰৰ লগত মিলাই জ্যোতি-সংগীতত লোকগীতৰ সুৰ, শাস্ত্ৰীয় সংগীতৰ সুৰ, আধুনিক গীতৰ সুৰৰ কিদৰে মিশ্ৰণ ঘটোৱা হৈছিল, সেইবিলাক পুংখানুপুংখকৈ আলোচনা কৰি জ্ঞান আহৰণ কৰি লৈছিলোঁ। তদুপৰি সংগীত বিষয়ক বিভিন্ন গ্ৰন্থ অধ্যয়ন কৰি ৰাগ মানৰ বিষয়েও জ্ঞান আহৰণৰ চেষ্টা কৰিছিলোঁ। মুঠতে ‘জ্যোতি-মনীষা’ মোৰ অশেষ শ্ৰমৰ ফল।
প্ৰ : এতিয়ালৈকে আপুনি সাহিত্য সংস্কৃতি বিষয়ক অনেক প্ৰবন্ধ আৰু গ্ৰন্থ ৰচনা কৰাৰ উপৰিও ধৰ্ম দৰ্শন বিষয়ক অনেক প্ৰবন্ধ আৰু ‘ধৰ্ম সমীক্ষা’, ‘ধৰ্ম আৰু দৰ্শন’, ‘ধৰ্ম, সাহিত্য সংস্কৃতি’, ‘ধৰ্ম দৰ্শন আৰু আধ্যাত্মিকতা’ আৰু ‘আমাক ধৰ্ম লাগেনে’ শীৰ্ষক পাঁচখন গ্ৰন্থ ৰচনা কৰিলে আৰু বৰ্তমান ধৰ্ম আৰু দৰ্শন বিষয়ক অতি গুৰুত্বপূৰ্ণ তথা বৃহৎ কলেবৰ গ্ৰন্থ এখন লিখি আছে বুলি জানিব পাৰিছোঁ। সাহিত্য সংস্কৃতিৰ উপৰিও ধৰ্ম দৰ্শনৰ তাত্ত্বিক দিশৰ চিন্তা-চৰ্চা কৰাৰ অন্তৰালত কিবা কাৰক আছেনেকি?
উত্তৰ :
হয় আছে। আমাৰ ঘৰখন পুৰুষানুক্রমে ধৰ্ম বিষয়ক চিন্তা-চৰ্চা হৈ অহা ঘৰ। মোৰ দেউতা অগাধ শাস্ত্ৰজ্ঞ পণ্ডিত আছিল। কিন্তু দেউতাৰ পৰা মই একো নাপালোঁ। কাৰণ মোৰ অতি কম বয়সতে মোৰ দেউতা ঢুকাল। মোৰ অকণো মনত নাই। কিন্তু আমাৰ বংশ পৰম্পৰা অনুসৰি মোৰ জ্যেষ্ঠ ভাতৃ শ্ৰীযুত ডিম্ব বৰুৱাও এজন অগাধ শাস্ত্ৰজ্ঞ পণ্ডিত। ভাৰতৰ স্বাধীনতা সংগ্ৰামী মোৰ জ্যেষ্ঠ ভাতৃ শ্ৰীযুত ডিম্ব বৰুৱাই আধুনিক সাহিত্যও অধ্যয়ন কৰে। এইজন ব্যক্তিৰ দ্বাৰাই মোৰ শৈশৱৰে পৰা ঘৰখনত ধৰ্ম-দৰ্শনৰ চিন্তা-চৰ্চাৰ পৰিৱেশ এটা পাইছিলোঁ আৰু সেই পৰিৱেশৰ মাজতে ডাঙৰ-দীঘল হৈছিলোঁ। ঘৰখনৰ তথা বংশগত ধৰ্মীয় পৰম্পৰাৰ প্ৰভাৱেই মোক ধৰ্ম শাস্ত্ৰ অধ্যয়নৰ প্ৰতি ল’ৰালি কালতে আগ্ৰহী কৰি তুলিছিল আৰু সিয়ে এতিয়াও মোক উদ্দীপনা যোগাই আহিছে। একমাত্ৰ ঘৰুৱা পৰিৱেশৰ বাবেই ক্লাচ ফাইভ-চিক্সত পঢ়ি থাকোঁতেই মহাভাৰত আৰু ৰামায়ণ পঢ়ি শেষ কৰিছিলোঁ আৰু তাৰ পাছতো বাংলা ভাষাত অনুদিত ব্ৰহ্মবৈৱৰ্ত পুৰাণ পঢ়িছিলোঁ। নৱম-দশম শ্ৰেণীত পঢ়ি থাকোঁতে বেদান্ত দৰ্শন আৰু সাংখ্য দৰ্শন পঢ়ি দৰ্শনৰ প্ৰতি ইমানেই মন ঢাল খালে যে, মেট্ৰিক পাছ কৰি শিৱসাগৰ কলেজত নাম লগাই প্ৰথম বছৰতে বেদান্ত, সাংখ্যকে ধৰি বাকী চাৰিখন দৰ্শন মুঠ ষড়দৰ্শন অনেকবাৰ খৰচি মাৰি পঢ়িলোঁ। এই দৰ্শনবোৰ পঢ়োতে ভাব হৈছিল যে, ভাৰতীয় দৰ্শনৰ লগতে জ্যোতিষ শাস্ত্ৰ পঢ়া ভাল আৰু এনে ধাৰণাৰে জ্যোতিষ অধ্যয়ন কৰিবলৈ ধৰিলোঁ। মুঠতে জন্মৰ পৰা পোৱা ঘৰুৱা আধ্যাত্মিক তথা বৌদ্ধিক পৰিৱেশেই ধৰ্ম, দৰ্শন আদিৰ প্ৰতি মোক আগ্ৰহী কৰি তুলিলে। এই ক্ষেত্ৰত মোৰ জ্যেষ্ঠ ভাতৃ শ্ৰীযুত ডিম্ব বৰুৱাৰ অৱদান বৰ বেছি।
প্ৰ : আপুনি শংকৰদেৱৰ বিষয়েও যথেষ্ট অধ্যয়ন কৰিছে। এই সময়ত অৰ্থাৎ একবিংশ শতিকাত শংকৰদেৱক কেনেদৰে মূল্যায়ন কৰা উচিত বুলি আপুনি ভাবে? আজিৰ বৈজ্ঞানিক যুক্তিবাদৰ যুগত শংকৰদেৱৰ ঈশ্বৰপ্ৰধান ভাববাদী আদৰ্শৰ যুক্তিযুক্ততা সম্পৰ্কে আপোনাৰ বক্তব্য কি?
উত্তৰ :
শংকৰদেৱ ধৰ্মগুৰু হয়। কিন্তু শংকৰদেৱ তথাকথিত ধৰ্মগুৰু নহয়। শংকৰদেৱ আচলতে আধ্যাত্ম-সংস্কৃতিৰ গুৰু। আইন কৰি যদি সমগ্ৰ পৃথিৱীৰ ধৰ্ম আৰু ঈশ্বৰবিশ্বাসক নিষিদ্ধ কৰি দিয়া হয়, তেনেহ’লে বহু ধৰ্মগুৰু সমাজত অচল হৈ পৰিব। কিন্তু শংকৰদেৱ অচল, অনাদৃত আৰু মূল্যহীন নহয়। কাৰণ শংকৰদেৱৰ ধৰ্মৰ আদৰ্শ অধ্যাত্ম-সাংস্কৃতিক আদৰ্শ। সাহিত্য, সংগীত (নৃত্য, গীত, বাদ্য) আৰু উদাৰনৈতিক মানৱতাবাদক বিজ্ঞানেও অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু দুখৰ কথা যে, সম্প্ৰতি শংকৰদেৱক অসমীয়া মানুহে তথাকথিত ধৰ্মগুৰু হিচাপেহে গ্ৰহণ কৰিছে। সেইটো শুদ্ধ হোৱা নাই। এই বিষয়ত মোৰ ‘চিন্তাৰ আভাস’ গ্ৰন্থৰ প্ৰথম সংস্কৰণ অথবা ‘ধৰ্ম সমীক্ষা’ গ্ৰন্থৰ ‘বৈজ্ঞানিক দৃষ্টিৰে শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম’ প্ৰবন্ধ আৰু ‘আমাক ধৰ্ম লাগেনে’ নামৰ গ্ৰন্থখনত মই বহলাই লিখিছোঁ।
প্ৰ : জীৱন বিষয়ক মৌলিক চিন্তাৰে আপুনি বহুকেইখন গ্ৰন্থ ৰচনা কৰিছে আৰু পাঠক সমাজে সেই গ্ৰন্থসমূহ ব্যাপকভাৱে আদৰিও লৈছে। এনেধৰণৰ গ্ৰন্থ লিখাৰ চিন্তা আপোনাৰ মনলৈ কেনেকৈ আহিল?
উত্তৰ :
মোৰ জীৱন বিষয়ক লেখাত কৈছোঁ মই জীৱন জুৰি জীৱন জিজ্ঞাসা কৰিছোঁ আৰু জীৱন জিজ্ঞাসাৰে জীৱনৰ গোপনতম তথা গভীৰতম সত্যৰ সন্ধান কৰি আহিছোঁ, জীৱনৰ বিপুলায়তন সৌন্দৰ্যৰ সন্ধান কৰি আহিছোঁ বুলি আৰু যোৱা ত্ৰিশ বছৰতকৈয়ো অধিক কাল কেতিয়াবা শ্ৰেণী কোঠাত, কেতিয়াবা ঘৰত ছাত্ৰ-ছাত্ৰীসকলক জীৱন-ৰহস্যৰ বিষয়ে অনেক কথা কৈ আহিছোঁ। মোৰ শিক্ষক জীৱনত যিসকল ছাত্ৰ-ছাত্ৰীক মই লগ পাইছোঁ; সেইসকলে জানে। কেৱল সিমানে নহয়; মোৰ শ্ৰীমতীয়ে কয় ‘আপুনি এই কথাবোৰ লিখকচোন’। বহু বছৰৰ আগৰ পৰা মোৰ বহু ছাত্ৰ-ছাত্ৰীয়ে কৈ আহিছে, ‘চাৰ এই কথাবোৰ আপুনি লিখকচোন’ বুলি। এইসসকলৰ হেঁচাত জীৱনৰ বিষয়ে কোৱা কথাবোৰ লিখিলোঁ প্ৰবন্ধ আকাৰত। বিভিন্ন ঠাইৰ আলোচনীয়ে লেখা বিচৰাত জীৱন বিষয়ক প্ৰৱন্ধ লিখি পঠালোঁ। পাঠকে পঢ়ি ভাল পাই চিঠি লিখি জনালে ভাল পোৱা বুলি। কোনোৱে আলোচনীৰ পৰা জেৰক্স কৰি লোৱা বুলিও জানিলোঁ। জেৰক্স কপিৰ পৰা অনেকে জেৰক্স কৰি লোৱা কথাও জানিব পাৰিলোঁ আৰু কোনোবা আলোচনীয়ে লেখা বিচাৰিলে জীৱন বিষয়ক প্ৰবন্ধ লিখি পঠাবলৈ ল’লোঁ। এনেকৈয়ে এতিয়াৰ পৰা পোন্ধৰ বছৰমান আগৰ পৰাই জীৱন বিষয়ক প্ৰবন্ধ প্ৰকাশ হৈ আহিছে। একেসময়তে কেইবাজনো প্ৰকাশকে কিতাপ বিচৰাত জীৱন বিষয়ক প্ৰকাশিত লেখাবোৰকে গোটাই দিলোঁ, আৰু নাম দিলোঁ‘জীৱন কলা’। গ্ৰন্থখন প্ৰকাশ হোৱাৰ দুই তিনি মাহৰ ভিতৰতে প্ৰথম সংস্কৰণ শেষ হোৱাত দ্বিতীয় সংস্কৰণ ওলাল। বিপুল জনপ্ৰিয়তা, অভাৱনীয় সঁহাৰি আৰু পাঠকৰ পৰা পোৱা প্ৰেৰণাতে লিখি গলোঁ অনেক প্ৰবন্ধ আৰু সেইবোৰো আদৰি লৈ নিতৌ টেলিফোন, অনেক চিঠিৰে প্ৰেৰণা যোগালে পাঠক সমাজে। এইখিনিতে কৈ থৈছোঁবহুতে ক’ব খোজে ডেল কাৰ্ণেগী, ছেমুৱেল স্মাইলছ, ভিনছেণ্ট পীল আদি লেখকসকলৰ গ্ৰন্থ পঢ়ি ময়ো জীৱন বিষয়ক গ্ৰন্থ লিখিবলৈ লোৱা বুলি। এইসকল বৰেণ্য লেখকৰ গ্ৰন্থ আমাৰ দেশত অনুদিত ৰূপত জনপ্ৰিয় হোৱা বেছি দিন হোৱা নাই। কিন্তু মোৰ ‘জীৱন কলা’ গ্ৰন্থৰ লেখাবোৰৰ সৰহভাগেই এতিয়াৰ পৰা পোন্ধৰ-ষোল্ল বছৰৰ আগতে লেখা। গতিকে জীৱন বিষয়ক লেখাত এইসকলৰ আৰ্হি লোৱা কথাষাৰ সম্ভৱেই নহয়।
প্ৰ : আপোনাৰ জীৱন বিষয়ক গ্ৰন্থসমূহত আপোনাৰ ব্যক্তিগত জীৱনৰ বহু কথা বিধৃত হৈ আছে বুলি ধাৰণা হয়। এই লেখাবোৰত কিছু যোগ-বিয়োগ কৰিলে আপোনাৰ আত্মজীৱনীখন লিখা হৈ যাব বুলি বহুতৰ মুখত শুনিছোঁ। এই বিষয়ত আপোনাৰ মন্তব্য কি?
উত্তৰ :
একো মন্তব্য নাই। এনেবোৰ প্ৰতি মই বৰ আৱেগিক হৈ পৰোঁ। বিষাদবোধ এটাই অন্তৰখন গধুৰ কৰি তোলে। তথাপি কৈ থওঁ ঠিক আত্মজীৱনী নহ’লেও আত্মকথা হয়তো হ’ব পাৰে।
প্ৰ : আপোনাৰ লেখাসমূহ যদি পাঠকে আদৰি নল’লেহেঁতেন; তেতিয়া লিখা বন্ধ কৰি দিলেহেঁতেননে কি?
উত্তৰ :
মই ভাবোঁ পাঠকে আদৰি নোলোৱা কোনো লেখাই লেখকে লিখিব নালাগে। স্কুলীয়া দিনৰ পৰা এতিয়ালৈকে লিখাৰ পৰত গভীৰ আত্মপ্ৰত্যয়েৰে লিখি আহিছোঁ আৰু যি লিখোঁ, তাক সাহিত্য বুলিয়ে লিখোঁ। সাহিত্য কলা। গতিকে পাঠকে আদৰি ল’বই। এই আত্মপ্ৰত্যয়েৰেই লিখি আহিছোঁ। গতিকে লিখা বন্ধ কৰা নকৰা কথাষাৰ মোৰ ক্ষেত্ৰত মই ভাবিব নোৱাৰোঁ।
প্ৰ : সাহিত্যিকৰ সামাজিক দায়বদ্ধতা এই বিষয়টো লৈ বহুতৰ বিতৰ্ক শুনা যায়। আপুনি ব্যক্তিগতভাৱে সামাজিক দায়বদ্ধতা কথাষাৰ কেনেদৰে লয়?
উত্তৰ :
সামাজিক দায়বদ্ধতাৰ পৰা লেখকসকলে আঁতৰত অৱস্থান কৰিব নোৱাৰে। সেইবুলি সাহিত্যত প্ৰকাশিত পোনপটীয়া বক্তব্যই লেখকৰ সামাজিক দায়বদ্ধতাৰ পৰিচায়ক বুলি মই নাভাবোঁ।
প্ৰ : আপোনাৰ সাহিত্য কৰ্মত সামাজিক দায়বদ্ধতা কেনেদৰে প্ৰোথিত হয়? আপুনি সচেতনভাৱে সেয়া টানি আনেনে ই অৱচেতন মনৰ পৰা আপোনা-আপুনি বৈ আহে?
উত্তৰ :
মই জীৱন জুৰি মানুহক অধ্যয়ন কৰিছোঁ। মানুহৰ অন্তৰ্জগতৰ কোলাহল শুনিছোঁ, হাঁহিৰ বৃথা খলকনি শুনিছোঁ, কান্দোনৰ বিননি শুনিছোঁ, প্ৰেমৰ উন্মাদনা দেখিছোঁ, বিৰহৰ যন্ত্ৰণা দেখিছোঁ, আশাৰ হেন্দোলনি দেখিছোঁ, আশা ভংগৰ বেদনা দেখিছোঁ, দাৰিদ্ৰৰ যন্ত্ৰণা দেখিছোঁ, মানুহৰ পশুত্ব দেখিছোঁ আৰু এই সকলোবোৰ নিজৰ যেন বোধ কৰোঁ আৰু তাকে লিখোঁ। মোৰ লেখাত দায়বদ্ধতা আহি ধৰা দিয়ে এনে চেতনাৰ পৰা। তত্ত্বৰ আলমত নহয়। সচেতনভাৱেও নহয়।
প্ৰ : চুটি গল্পকাৰ প্ৰহ্লাদ কুমাৰ বৰুৱা, সমালোচক প্ৰহ্লাদ কুমাৰ বৰুৱা আৰু জীৱন বিষয়ক গ্ৰন্থৰ লেখক প্ৰহ্লাদ কুমাৰ বৰুৱা এই তিনিওজন ব্যক্তিৰ ৰচনাত থকা সামাজিক দায়বদ্ধতাৰ মাজত থকা সম্পৰ্ক আৰু পাৰ্থক্য?
উত্তৰ :
সম্পৰ্ক আছে। পাৰ্থক্যও আছে। চুটি গল্প কলাকৰ্ম হিচাপে জীৱনৰ গোপনতম সত্যৰ অনুসন্ধান আৰু তাকে প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু তাকে কৰোঁতে চুটি গল্পৰ শৈপ্লিক ৰূপটোৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখোঁ। সেইদৰে জীৱন বিষয়ক ৰচনাবোৰ লেখাৰ বেলিকাও সিবোৰক ঠিক সৃষ্টিশীল সাহিত্য ৰূপেই গণ্য কৰোঁ। এই শ্ৰেণী লেখাত মানৱীয় আৰু সামাজিক এই উভয় দায়বদ্ধ চেতনা অধিক সজাগ হৈ থাকে। সমালোচনা সাহিত্য সৃষ্টিৰ বেলিকাও দায়বদ্ধ চেতনা প্ৰখৰ হৈ থাকে। সমালোচনা সাহিত্যৰ যোগেদি প্ৰকৃত সত্য উদ্ঘাটনৰ প্ৰয়াস কৰোঁ আৰু তাকে কৰোঁতে বিজ্ঞানসন্মত দৃষ্টিভংগীৰে মোৰ মৌলিক চিন্তাক প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ। মোৰ সমালোচনাৰে পাঠক সমাজক মৌলিক চিন্তা তথা মৌলিক দৃষ্টিভংগীৰ প্ৰতি আকৃষ্ট কৰিবলৈ চেষ্টা কৰোঁ। এনে প্ৰয়াসক দায়বদ্ধতা বুলিব পাৰিনে নোৱাৰি মই নেজানো।
প্ৰ : ‘জোনাকী’, ‘আৱাহন’, ‘জয়ন্তী’, ‘ৰামধেনু’ আলোচনীৰ পাছত আন এখন যুগজয়ী আলোচনীৰ নাম ল’ব নোৱাৰাৰ কাৰণ কি বুলি ভাবে?
উত্তৰ :
কাৰণ আছে। ‘জোনাকী’, ‘আৱাহন’ আদি সেই সময়ত আলোচনীবোৰৰ প্ৰকাশ হৈছিল জাতীয় ভাষা-সাহিত্য সংস্কৃতিৰ বিকাশ সাধনৰ উদ্দেশ্যে আৰু আলোচনী প্ৰকাশত উদ্যোক্তাসকলে ভূমিকা লৈছিল চৰম ত্যাগ আৰু সেৱাৰ মনোভাবেৰে। বৰ্তমান আলোচনী প্ৰকাশত উদ্যোক্তাসকলৰ সৰহসংখ্যকৰে লক্ষ্য আৰু উদ্দেশ্য গ্লেমাৰ আৰু ব্যৱসায়। জোনাকী, আৱাহন আদি আলোচনীৰ জন্ম হৈছিল উদ্যোক্তাসকলৰ ঐকান্তিক নিষ্ঠা আৰু গভীৰ দায়বদ্ধ চেতনাৰ পৰা আৰু আজিৰ আলোচনী প্ৰকাশৰ অন্তৰালত দায়বদ্ধ চেতনাৰ বিপৰীতে ধন ঘটা আৰু বহু পৰিমাণে বিলাসপ্ৰৱণতা। এনেবোৰ কাৰণতে বৰ্তমানৰ বহুল প্ৰচাৰিত আলোচনীয়েও সমকালীন সাহিত্যক দিক্দৰ্শন কৰিব পৰা নাই।
প্ৰ : সাহিত্য-কৰ্ম এটা মূল্যায়ন কৰোতে সমকালীন সমাজৰ বৌদ্ধিক পটভূমিটো সমালোচকজনে মনত ৰাখিবই লাগিব নেকি? আপোনাৰ ক্ষেত্ৰত কি কৰে?
উত্তৰ :
লাগিব। কাৰণ সমকালীন বৌদ্ধিক পৃষ্ঠভূমিতে সাহিত্য সৃষ্টি হয়। দৰাচলতে সাহিত্য সমকালীন বৌদ্ধিক পৃষ্ঠভূমিৰ সৃষ্টিশীল প্ৰতিবিম্ব। এইটো দিশত মই সতৰ্ক, সযত্ন আৰু সূক্ষ্ম দৃষ্টি ৰাখোঁ।
প্ৰ : সাহিত্যিক এজনক মূল্যায়ন কৰোতে তেওঁ নাৰী নে পুৰুষ এইটো মনত ৰাখি মূল্যায়ন কৰা উচিতনে কি? আপুনি কি কয়?
উত্তৰ :
নাই নাই এনে কৰাটো ভুল। সাহিত্যিক সাহিত্যিকেই। নাৰী-পুৰুষ বুলি কথা নাই।
প্ৰ : আপোনাৰ জীৱনৰ এনে ঘটনা কিবা আছেনেকি; যি ঘটনাই সুদীৰ্ঘদিন নতুন সৃষ্টিৰ বাবে আপোনাক প্ৰেৰণা দি আহিছে?
উত্তৰ :
উহোঁ লিখাৰ বাবে প্ৰেৰণা দিয়া একো ঘটনা নাই।
প্ৰ : এই সময়ত সাহিত্য-চৰ্চা আপোনাৰ বাবে কি? নিচা নে এৰাব নোৱাৰা অভ্যাস? নে অন্য কিবা?
উত্তৰ :
নিচা নে অভ্যাস মই নেজানোঁ। কিন্তু লিখাটো মোৰ জীৱন প্ৰেৰণা।
প্ৰ : অসমীয়া সাহিত্যৰ তৰুণ লেখকসকলৰ সৃষ্টি সম্পৰ্কে আপোনাৰ ধাৰণা কেনে ধৰণৰ?
উত্তৰ :
বহু তৰুণৰ লেখা পঢ়ি বৰ আশ্বস্ত আৰু আশাবাদী হওঁ। প্ৰতিষ্ঠিত হ’লোঁ বুলি যদি গৰ্বিত নহয়; তেনেহ’লে সংখ্যাধিক তৰুণ লেখক-লেখিকাৰ প্ৰতি মই আশাবাদী।
প্ৰ : দেখা গৈছে তৰুণ চাম লেখকৰ সৰহ ভাগেই কবিতা সৃষ্টিৰ প্ৰতিহে বেছি আগ্ৰহী। গল্প, উপন্যাস, প্ৰবন্ধাদি লিখাৰ প্ৰতি আগ্ৰহ কম। ইয়াৰ কাৰণ আপুনি কি বুলি ভাবে?
উত্তৰ :
কিছুমানৰ প্ৰকৃততে কবি প্ৰতিভা থকা বাবে কবিতা লিখে। বহুতে আক’ কবিতা লিখা তেনেই সহজ বুলি ভাবে। তেওঁলোকৰ মতে কবিতা লিখিবলৈ বেছি কষ্টও কৰিব নালাগে আৰু তেনেই কম সময়তে কবিতা লিখিব পাৰি। এই শ্ৰেণীৰ তৰুণ লেখক-লেখিকা আচলতে শ্ৰমবিমুখ। আজিকালি easy moneyযে, সেইদৰে কবিতা লিখিয়ে easy Fame বুটলিব পাৰি বুলি বহুতে ভাবে। কিন্তু কবিতা বৰ কঠিন কলা। প্ৰচুৰ অধ্যয়ন, প্ৰচুৰ শ্ৰমৰ প্ৰয়োজন কবিতাৰ বাবে। মুঠতে শ্ৰমবিমুখিতাৰ বাবেই তৰুণ চামে উপন্যাস, প্ৰবন্ধ আদি লিখিবলৈ টান পায়। এইসকলৰ বিস্তৃত অধ্যয়ন আৰু অনুশীলনৰ প্ৰতি আগ্ৰহো নাই, ধৈৰ্যও নাই।
প্ৰ : আপোনাৰ ব্যক্তিগত জীৱন, আপোনাৰ সৃষ্টি, আপোনাৰ শৈক্ষিক জীৱনএই কেইটাই সামগ্ৰিকভাৱে আপোনাক সন্তুষ্টি দিছেনে?
উত্তৰ :
দিয়া হ’লে অন্তৰ উজাৰি ক’লোহেঁতেন এই পৃথিৱীত ময়েই আটাইতকৈ সুখী বুলি। কিন্তু নোৱাৰোঁ ক’ব। মোৰ জীৱনৰ অপূৰ্ণতাৰ বিষাদ, মোৰ সৃষ্টিৰ সীমাবদ্ধতাৰ অনুশোচনা আৰু মোৰ জ্ঞানৰ মাত্ৰাধিক সংকীৰ্ণতাৰ বেদনাই মোক যন্ত্ৰণাকাতৰ কৰি তুলিছে। গতিকে মই কেনেকৈ ক’ম, কিহেৰে ক’ম মই সন্তুষ্ট বুলি? বৰং মই গভীৰ বিষাদবোধেৰে মোৰ পৰিচয় দিব খোজো বিফলতা আৰু অনুশোচনাৰ জুইৰ ধোঁৱাই মোৰ পৰিচয় বুলি।