কেকোঁৰা

(এক)

তাইৰ পেটত প্ৰচণ্ড বিষ হৈছিল আৰু এটা ডাঙৰ লাওৰ নিচিনাকৈ পেটটো বাঢ়ি আহিছিল৷ প্ৰকাণ্ড নাৰ্চিং হোমখনৰ বেডিঙত শুই ক্রমান্বয়ে বাঢ়ি অহা নিজৰ দীঘল পেটটোলৈ জানেকীয়ে এক প্ৰাচীন দৃষ্টিৰে চাই ৰ’ল৷ তাই অনুভৱ কৰিছিল এডোখৰ বিষাক্ত মঙহহে চন্দ্ৰকলাৰ দৰে বাঢ়ি আহি তাইৰ পেটটো ভৰাই পেলাইছে আৰু যেন সেই ডোখৰে তাইক গিলি নিছিল লাহে লাহে৷ অতি সংগোপনে৷ বিছনাখনত বৰ অৱশভাৱে শুই শুই নিজৰ প্ৰকাণ্ড পেটটোলৈ চাই থাকোতে কিছুমান বিশৃংখল চিন্তা জানেকীৰ মগজুলৈ আহি গ’লহি৷ তাই কেৱল আনৰ সন্তুষ্টিৰ বাবে জীয়াই আছিল নেকি? ওহো তাইটো এইবোৰ সপোনতো ভবা নাছিল৷ মুক্ত আকাশৰ তলত থাকি আন দহজনী ছোৱালীৰ দৰে তাইও আশা আৰু অসীম কপ্লনাত আনন্দ কৰিছিল৷ তাই খেলিছিল, অভাৱহীনতাত তাই ঘৰত জিঞা এটিৰ দৰে উৰি ফুৰিছিল৷ মাকৰ ওচৰত তাই ইমান আত্ম সুৰক্ষা অনুভৱ কৰিছিল যে গোটেই জীৱন হয়তো তেনেদৰেই পাৰ হৈ যাব বুলি তাই ভাবিছিল৷ আৰু এই যে অসহনীয় যন্ত্ৰণাবোৰ তাৰ কথা তাই কোনোদিনেই ভাবিবপৰা নাছিল৷ এৰা, তাইৰ মন-মগজুতেই এই বিষাক্ত যন্ত্ৰণাৰ বীজ নাছিলহ্ল অথচ কথাবোৰ তেনেকুৱা নহয়৷ নিশ্চয় তাইৰ কপ্লনাবোৰ ভুল আছিল৷ তাইৰ জীৱন সম্বন্ধে লোৱা সিদ্ধান্তবোৰো একেবাৰে সঁচা নাছিল৷ জীৱনত তাই এতিয়া বহু পৰিৱৰ্তন দেখিছে৷ হাজাৰ-বিজাৰ পৰিৱৰ্তন৷ আৰু এদিন পখিলা হৈ হৈ উৰি ফুৰা তাই সেই পৰিৱৰ্তনৰ ৰেখাডালত এতিয়া অতি কষ্টৰে দুলি ফুৰিছে ভয়ংকৰ আৰু অনিশ্চিত ভৱিষ্যতৰ অন্ধকাৰত৷ তাইৰ কেতিয়াবা এনেকুৱা লাগে যেন কেৱল পুৰুষৰ কুটিল আৰু পাশৱিক সন্তুষ্টিৰ বাবেহে তাই জীয়াই আছে৷ কিন্তু তাইৰোটো কিছুমানএকান্ত কথা থাকে৷ হয়, তাইৰো কিছুমান সেউজীয়া কথা আছিল৷ অথচ সেইবোৰ সিহঁতে শুনা নাছিল৷ বিয়া হোৱাৰ পাছৰপৰা তাই প্ৰতাৰিত হৈছিল বাৰে বাৰে৷ হেমন্তই তাইক কোনোদিনেই হয়তো বুজা নাছিল৷ সি চলিছিল মাথোন মাকৰ একান্ত তাত্বিক কথাবোৰত৷ কেৱল সম্পত্তিৰে পাপী বনোৱা হেমন্ত আৰু তাৰ মাকহঁতে জানিছিল কিদৰে তাইৰ কণ্ঠস্বৰক বধিৰ কৰি পেলাব লাগে৷ সিহঁতক কেৱল সন্তান লাগে৷ পাঁচটাকৈ সন্তানৰ মাক হোৱাৰ পাছতো সিহঁত কোনেও সুখী হ’ব পৰা নাছিল৷ শাহু মাকৰ উচতনিত হেমন্তই জানেকীক জোৰ-জবৰদস্তি পৰ্যন্ত কৰিছিল৷ এৰা, তাই বোলে সিহঁতৰ সম্পত্তিৰ লালী খাব পৰা ভাল বোৱাৰী নহয়৷ সিহঁতক এটা নিপোটল আৰু হেমন্তৰ দৰে পাশৱিক হৃদয়ৰ এটা ল’ৰা লাগে৷ একমাত্ৰ পুতেক হেমন্তৰ বংশৰ শিপা ৰাখি যাবলৈ এটা সন্তান লাগে৷ কথাবোৰ ভাবি যাওঁতে জানেকীৰ চাৰিওফালৰ পৰিবেশটো বৰ অকলশৰীয়া লাগিল৷ বিচনাত প্ৰচণ্ড পেটৰ বিষত তাই দাঁত কামুৰি জীৱনৰ কথাবোৰ ভাবিবলৈ ধৰিলে৷ চাৰিওফালে নাৰ্চ আৰু ডাক্তৰৰ আহ-যাহ এই পৰিবেশটোতো তাই নিঃসঙ্গতা অনুভৱ কৰিবলৈ ধৰিলে৷ বিয়া হোৱাৰ দহ বছৰৰ পাছত যিখন সংসাৰৰ কল্পনা তাই কৰিছিলহি সেইবোৰ সব তাইৰ মগজুতেই ভয়ানকভাৱে ধ্বংস হৈ পৰিছিল৷ আৰে, পাঁচবাৰকৈ জীয়া সন্তান প্ৰসৱ কৰা আৰু গিৰিয়েকৰ গোৰত দুটা মৰিশালী হোৱা সন্তান জন্ম দিয়া জানেকীয়ে জানে প্ৰসৱৰ যন্ত্ৰণা কিমান৷ আৰু যে হেমন্ত আৰু তাৰ মাকৰ বো-বো-বা-বা কথাসোপা, অভিসন্ধিৰ গোপন কথাবোৰ সেইবোৰৰ বিষাক্ত ভাপেৰে তাইক কোঙা কৰি পেলাইছিল৷ অথচ তাই জীয়াই আছিল৷ নিঃসঙ্গতাই আৱৰি ধৰিলেও তোলনীয়া আশাত জানেকীয়ে হেমন্তৰ বিৰাট বাংলাত জীৱিত হৈ আছিল৷ আৰু আজি এই নাৰ্চিং হোমতো সজীৱ আশাৰে তাই প্ৰসৱৰ অন্তিম পৰত খোজ দিছিলহি৷ কিন্তু জানেকীয়ে জানিছিল হেমন্তৰ দৰে পতি কাষত থাকিলেও জানেকী সদায় নিঃসঙ্গ হৈ থাকিব লাগিব৷ সন্তান জন্ম দিয়াৰ এটা কাৰখানা হৈ পৰিব লাগিব৷ কিন্তু যদি তাইৰ মৃত্যু হয়? ‘‘হওঁক মৃত্যু’’ তাত অনুশোচনা কৰিবলগা একো নাই৷ জানেকীয়ে জানিছিল তাই মৰি গ’লেও ইহঁত পোকবোৰে কেতিয়াওঁ অনুশোচনাত দগ্ধ নহয়৷ হেমন্তই অইন এগৰাকী ৰাণী বনাই লৈ আনিব৷ এইবাবেইতো জানেকীৰ জীৱনটো হৈ পৰিছিল এলান্বুময় আৰু দূষিত ৷ কিন্তু তাইতো এলান্বু নাছিল তাইৰ গাত এলান্বু আৰি দিয়া হৈছিল৷ তাইক দূষিত কৰা হৈছিল৷ তাইক হেমন্তই কেকোঁৰাৰ দৰে খুলি খুলি খাবলৈ ধৰিছিল৷ কথাবোৰে জানেকীৰ মনত ইমান উত্তাপ আৰু তীক্ষ হৈ আঘাত কৰিছিল যে নাৰ্চিং হোমৰ বিছনাত তাই ভয়লগা ধৰণেৰে অলস হৈ পৰিল৷ তাইৰ পেটৰ বিষ জোৰেৰে বাঢ়ি গ’ল৷ আচৰিতভাবে তাই শক্তিহীন হৈ পৰিল আৰু প্ৰসৱৰ যন্ত্ৰণাত চটফটাবলৈ ধৰিলে৷

(দুই)

নাৰ্চিংহোমৰ এই আধুনিক কোঠাত থকাৰ পাছতো জানেকীৰ মনৰপৰা স্মৃতিবোৰ আঁতৰি যোৱা নাছিল৷ তথাপি তাই সৰ্বশক্তিৰে জোৰ দিবলৈ ধৰিলে৷ বুকুৰ সমস্ত শক্তিবোৰ তাই শৰীৰৰ নিম্নাংশৰফালে ঠেলি দিলে৷ তাই যন্ত্ৰণাৰপৰা মুক্ত হ’ব বিচাৰিছিল৷ হেমন্তৰ এখন নতুন মুখ চাবৰ বাবে তাই উদ্ধাৱল হৈ পৰিছিল৷ এই মুখ এদিনৰ নহয়; দহ বছৰৰ আশা এই মুখৰ সৈতে জড়িত হৈ আছে৷ তাইক এটা ল’ৰা লাগে৷ হেমন্তৰ মৰি যোৱা গছজোপাত জানেকীয়ে আশা লগাই দিব লাগে৷ তাতেই আছে হেনো তাইৰ চৰম সাৰ্থকতা৷ জীৱনৰ অদ্বিতীয় সফলতা৷ তাইৰ মগজুত কথাবোৰে চিকমিক কৰি থাকিলহি৷ অশেষ কষ্টেৰে তাই পেটৰ বোজাটো এৰুৱাই পেলাবলৈ আপ্ৰাণ চেষ্টা চলালে৷ কিন্তু জানেকীৰ অদ্বিতীয় বিজয় ইমান সহজতে জানো আহে? সাতবাৰৰ প্ৰসৱ অভিজ্ঞতাৰে পুষ্ট হ’লেও তাই এইবাৰ আটাইতকৈ বেছি কষ্ট অনুভৱ কৰিলে৷ পোৱালী জগোৱাত বৰ কষ্ট পাবলৈ ধৰা এজনী বাঘিনীৰ দৰে জানেকীয়ে এই আধুনিক নাৰ্চিং হোমখনত গুজৰি উঠিল৷ তাইৰ নিজৰ শৰীৰটো বৰ গধুৰ যেন লাগিল৷ আনহাতে তাই সকলোবোৰ অন্ধকাৰ দেখিবলৈ ধৰিলে৷ নাৰ্চিং হোমত নাৰ্চ আৰু ডাক্তৰবোৰে তাইক পাৰেমানে পৰিচৰ্যা কৰিবলৈ ধৰিছিল৷ কিন্তু তাই সিহঁতৰ স্বৰবোৰো নুশুনা যেন হৈ পৰিছিল৷ প্ৰসৱৰ অন্তিম পৰত থাকোতে লাহে লাহে জানেকীয়ে অনুভৱ কৰিছিল যে তাই যেন ক্রমশঃ নিঠৰ হ’বলৈ গৈ আছিল৷ তাইৰ জীউটো গলি গলি শৰীৰৰপৰা উৰি যোৱা যেন লাগিল৷ তথাপি তাই শেষবাৰৰ বাবে প্ৰসৱ বেদনাৰপৰা মুক্ত হ’বলৈ সৰ্বশক্তি প্ৰয়োগ কৰিলে৷ তাই হঠাতে উশাহ বন্ধ হোৱা যেন অনুভৱ কৰিলে৷ আহ, তাইৰ উশাহ লোৱাত কষ্ট হৈছে৷ তাই উশাহ ল’ব পৰা নাই৷ জানেকীয়ে জোৰেৰে বিচনাখনত সাৱতি ধৰিবলৈ চেষ্টা কৰিলে৷ তাইক যেন পেটৰ গধুৰ বোজাটোৱে কোনোবা গভীৰ জলাশয়ৰ তললৈ ক্রমান্ধয়ে টানি নিছে এনে লাগিল৷ আহঃ আহঃ তাই সচাঁকৈয়ে উশাহ ল’ব পৰা নাই৷ জানেকীয়ে যন্ত্ৰণা আৰু কষ্টৰপৰা মুক্ত হোৱাৰ আশাত ভৰিৰে বিছনাখনৰপৰা ওপৰলৈ যাব বিচাৰিলে৷ তাইক এতিয়া পোহৰ লাগে; উশাহ ল’বলৈ বিশ্ৰাম লাগে৷

তাই মৰা নাছিল৷