কৰ্মহীনতা নে কৰ্মবিমূখতা?

আজিকালি পঢ়া শুনা কৰিলেও চাকৰি পাবলৈ নাই৷ চাকৰি কেৱল সেইসকলে পায় যাৰ ধনৰ ফালৰ পৰাও আৰু ৰাজনৈতিক দিশৰ পৰাও বল বেছি৷ মন যিমান সবল হ’লেও, শিক্ষাগত অৰ্হতা যিমান উচ্চ হ’লেও মানুহে চাকৰি নাপায়৷ পইচা থকা জন আৰু ক্ষমতাৰ অপব্যৱহাৰ কৰা জনেহে বিনাকষ্টে চাকৰি পায়৷ - এয়া হ’ল সঘনাই শুনা কথা৷ কাৰোবাৰ বাবে এয়া নিজৰ অভিজ্ঞতাৰ পৰা হোৱা অনুভৱ৷

মানুহে পঢ়া শুনা কিয় কৰে? চাকৰি এটা পাবলৈকেনে? শিষ্যই গুৰুৰ ঘৰত থাকি পঢ়া শুনা কৰাৰ যুগত শিক্ষালাভৰ লক্ষ্য আছিল কেৱল জ্ঞান অৰ্জন৷ নিম্নজাতিৰ লোকৰ বাবে জ্ঞান অৰ্জন অসম্ভৱ আছিল৷ "হোৱাইট কলাৰ জব" ভাৰতবৰ্ষত আৰম্ভ কৰে বৃটিছে৷ এসময়ত চাকৰিৰ সংখ্যাৰ বিপৰীতে অৰ্হতাসম্পন্ন মানুহৰ সংখ্যা কম আছিল৷ বৃত্তি অনুযায়ী খুব কম মানুহেহে মানুহক সেৱা কৰিবলৈ সুযোগ পাইছিল৷ সেয়ে চাকৰিৰ যোগেদি মানুহক কৰিব পৰা সেৱাৰ মূল্য আছিল বহুত৷ শিক্ষক, ডাক্তৰ,ইঞ্জিনিয়াৰ উকীল আদি হ’ব পৰাটো আছিল সন্মানৰ কথা৷ মানুহেও এনে মানুহক সন্মান আৰু সমীহ কৰিছিল৷ এনে বৃত্তিৰ মানুহেও হৃদয় উজাৰি মানৱ সেৱাত ব্ৰতী হৈছিল৷

এইবোৰ বেছি দিনৰ আগৰ কথা নহয়৷ লাহে লাহে মানুহৰ শিক্ষাৰ প্ৰতি আকৰ্ষণ বাঢ়িল৷ শিক্ষা ব্যৱস্থাৰ আমুল পৰিৱৰ্তনৰ লগতে সকলো মানুহেই শিক্ষা লাভ কৰিব পৰাৰ সুবিধা হোৱাৰ বাবে শিক্ষিত লোকৰ সংখ্যা বাঢ়িল৷ জনসংখ্যা অনুপাতে চাকৰিৰ সংখ্যা কমিল৷ শিক্ষিত মানুহৰ মাজত চাকৰি এটাৰ বাবে প্ৰতিযোগিতা আৰম্ভ হ’ল৷ প্ৰতিযোগিতাই দুৰ্নীতি হোৱাত অৰিহনা যোগালে৷ শিক্ষিত অথচ অযোগ্য এজনে যোগ্যজনক নেওচি কেৱল ধন আৰু ক্ষমতাৰ বলত চাকৰি এটা যোগাৰ কৰিব পৰা হ’ল৷ শিক্ষিত হতাশগ্ৰস্ত এটা নিবনুৱা শ্ৰেনীৰ জন্মত দুৰ্নীতিৰ অৰিহনা বহুত৷ নিকা হৃদয়ৰ মানুহ এজনেও ঘোচ দি চাকৰি ল’বলৈ বাধ্য হৈ পৰিল৷ চাকৰি এটাৰ প্ৰতি মানুহৰ ইমান হাবিয়াস জন্মিল কিয়?চাকৰি এটা থকা মানেই মানুহ এজন নিৰাপদ৷ নিজৰ মগজ/ধন খটুৱাই ব্যৱসায় কৰি লাভ হ’বনে নে নহয় সেই অনিশ্চয়তাতকৈ কম দৰমহাৰ চাকৰি কৰি মাহৰ শেষত দৰমহা পোৱাৰ নিশ্চয়তাই মানুহক বেছি সকাহ দিয়ে৷ কেৱল এই নিৰাপত্তাৰ বাবেই আজিৰ প্ৰজন্মৰ মাজত চাকৰি এটাৰ গুৰুত্ব বহুত বেছি৷ যি বস্তুৰ গুৰুত্ব বেছি সেই বস্তু পাবলৈ মানুহৰ হাবিয়াস সদায় থাকে৷ চাকৰি বুলি কওঁতে কম দৰমহাৰ হ’লেও সন্মানীয় বৃত্তিৰ চাকৰিলৈহে মানুহৰ হেপাহ বেছি৷ পঢ়া শুনা কৰিও এনে সন্মানীয় বৃত্তিৰ চাকৰি নোপোৱা শিক্ষিত এজনে গেলামালৰ দোকান দি ব্যৱসায় আৰম্ভ কৰিব কিন্তু চুইপাৰৰ চাকৰি কেতিয়াও নকৰে৷ শিক্ষিত খিনিৰ কথা বাৰু বাদ, অশিক্ষিত অসমীয়া মানুহৰ বাবে আনৰ ঘৰৰ বা আন ঠাইৰ টয়লেট চাফা কৰাৰ চাকৰি কৰাটো কল্পনাৰো অতীত৷

অসমৰ চৰকাৰী-বেচৰকাৰী হস্পিতেল আদিত ৰুম চাফা কৰা মানুহবোৰ এক বিশেষ সম্প্ৰদায়ৰ৷ তথাকথিত অসমীয়া মানুহক এই সাজত দেখা নাযায়৷ অসমীয়া মহিলাৰ বিউটি পাৰ্লাৰ আছে অথচ অসমীয়া ডেকাৰ চেলুন নাথাকে৷ অসমীয়া ডেকাই ঠেলা ৰিক্সা নচলাই৷ দোকানত আলুৰ বস্তা কঢ়িওৱা মানুহবোৰৰ মাজত আমাৰ অসমীয়া ডেকা এজন নাথাকে৷ অসমীয়া ডেকাই ডম্বৰু বজাই বৰফ বা চানপাপৰি বা মিচ্‌ল চানা বিক্ৰী নকৰে৷(যি সকল লোকে বহিৰাজ্যৰ পৰা আহি এনে বৃত্তিৰে অতীজৰে পৰা অসমত থাকি অসমীয়া হ’ল, তেওঁলোক অসমীয়া নহয় বুলি বুজোৱা নাই৷) পঢ়ি শুনি কি লাভ বুলি আমাৰ গাওঁবোৰত বেছিভাগ ল’ৰাই মেট্ৰিকৰ ডেওনাই পাৰ নকৰে৷ নতুন বছৰ, মাঘ বিহু, পূজা আদি বাৰ মাহৰ তেৰটা উৎসৱত এইবিলাক ডেকায়েই কিন্তু মদ খাই জীৱন উদ্‌যাপন কৰে৷ মদ হৈ পৰিল অসমীয়া সমাজৰ এৰাব নোৱাৰা পানীয়৷ কি দুখীয়া, কি ধনী, সকলো অসমীয়াকে আজি মদে খালে৷ কি কৰি খাম?

শিক্ষিত অশিক্ষিত সকলোৰে বাবে বৰ্তমান এইটোৱেই বৰ ডাঙৰ প্ৰশ্ন৷ শিক্ষা লাভ হৈ পৰিল যথেষ্ট খৰচী কাৰবাৰ৷ শিক্ষিত হ’লেই যে সংস্থাপিত হ’ব তাৰো নিশ্চয়তা নাই৷

সেয়ে উচ্চশিক্ষিত নিবনুৱা হতাশগ্ৰস্ত হৈ পৰিছে৷

কিন্তু প্ৰশ্ন হয়, এই হতাশগ্ৰস্ততা কৰ্মহীনতাৰ বাবে নে কৰ্মবিমূখতাৰ বাবে? শিক্ষাই মানুহক ইমান উচ্চ কৰে নে যে হাতত নাঙল ল’বলৈ শিক্ষিত মানুহে লাজ পোৱা হ’ল? উচ্চশিক্ষিত নিবনুৱা মানুহ এজন দোকানী হোৱাতো দুৰ্ভাগ্যজনক কথা হ’ল? শিক্ষাই মানুহৰ মাজত "কামৰ সৰু বৰ নাই" ধাৰণা সলাই পেলালে নেকি? শিক্ষা কি কেৱল চাকৰি এটা পাবলৈ অৰ্জন কৰা যোগ্যতা? শিক্ষাই দিয়া জ্ঞান, বিজ্ঞানসন্মত জীৱনশৈলী, মানৱীয় মূল্যবোধৰ ধাৰণা এইবোৰ কি আজিৰ যুগত মূল্যহীন? যেতিয়ালৈকে কৰ্মহীনতা আৰু কৰ্মবিমূখতাৰ পাৰ্থক্য আজিৰ প্ৰজন্মই অনুভৱ কৰিব নোৱাৰিব তেতিয়ালৈকে শিক্ষা কেৱল ধন অৰ্জনৰ আহিলাই হৈ থাকিব আৰু নতুন প্ৰজন্মৰ মাজত হতাশগ্ৰস্ততা কমক চাৰি বাঢ়িব৷ কঠীয়া ৰোৱাৰ পৰা ধান দোৱালৈকে এসময়ত এইবোৰ কাম অসমীয়া মানুহে নিজে কৰিছিল৷ আজিকালি বাংলাদেশী মিঞা নহ’লে অসমীয়াৰ পথাৰত খেতিয়েই নহয়৷ হাজিৰা কৰা কামতো বাংলাদেশী মিঞা নহ’লে ঘৰ নচলা হ’ল৷ এনে পৰিস্থিতিত কৰ্মহীনতাৰ কথাটো অপ্ৰাসংগিক৷

আমি নিজৰ কাম নিজে নকৰা ধোদৰ পচলা৷ কাম কৰিবলৈ এলাহ নহয়, কামটো সন্মানীয় নহয় বাবেই খেতি কৰিবলৈ আমাৰ আগ্ৰহ নাই৷ "ডাঙৰ হ’লে কি হ’বা" বুলি সৰু ল’ৰা ছোৱালীক সুধিলে কেতিয়াও খেতিয়ক হ’ম বুলি নকয়৷ কাৰণ সৰুৰে পৰাই আমি দেখি আহো যে খেতিয়ক এজনক কোনেও সন্মান নকৰে৷ ৰোৱনী, দাৱনী হ’ম বুলিও কোনেও নকয়৷ খেতিয়ক, ৰোৱনী, দাৱনী, ৰিক্সা চালক, নাপিত হ’ম বুলি সৰু ল’ৰা ছোৱালীয়ে কিয় নকয় বুলি প্ৰশ্ন কৰিলে হাঁহিয়তাৰ পাত্ৰ হ’বলগীয়া হয়৷ কাৰণ এইবোৰ বৃত্তিত শাৰীৰিক শ্ৰম বেছি, অৰ্জন কম আৰু সন্মানো নাই৷ সেয়ে কোনো মাক দেউতাকে নিজৰ সন্তান এনে হোৱাটো নিবিচাৰে৷

আমাৰ ধাৰণা আৰু সেই অনুপাতে গঢ় লৈ সামাজিক ব্যৱস্থাই কামৰ বিভাজনৰ লগতে মানুহৰ মাজতো বিভাজন আনিলে৷ যুগৰ লগত খাপ খাবলৈ গৈ আজি ঘৰে ঘৰে লেপটপ, মোবাইল ফোন, গাড়ী, বাইক হ’ল৷ বেছিভাগ মানুহেই শিক্ষিত হ’ল৷ অথচ ডাৰউইনৰ সেই "survival of the fittest" উক্তি আজিৰ অসমীয়াৰ মনত উপলব্ধ নহ’ল৷ শিক্ষাই জ্ঞানৰ লগতে চিন্তাশক্তিও বঢ়াই৷ শিক্ষাই দিয়া গুনবোৰ অৰ্জন কৰি আমাৰ কামবোৰ আমি নিজেই কৰিলেই কৰ্মহীনতা আৰু কৰ্মবিমূখতাৰ পাৰ্থক্যটো সহজে বোধগম্য হয়৷

শিক্ষাক সেয়ে কেৱল যোগ্যতা নিৰ্ণায়কৰ মাপকাঠি বুলি ভাবি চাকৰি এটাৰ আশাত হতাশ হৈ বহি থকাতকৈ, কামৰ সৰু বৰ বিচাৰ নকৰি যিকোনো বৃত্তিৰ কাম কৰিবলৈ আগবাঢ়িলেই হ’ল৷ এনে কৰিলে মানুহৰ মাজত কৰ্মসচেতনতা বৃদ্ধিৰ লগতে দোকান পোহাৰত গৈ আড্ডা মাৰি এনেই সময় কটাই থকা নিবনুৱাৰ সংখ্যাও কমিব৷