মালিনীথান - অৱহেলিত ঐতিহ্য অবন্দিত সৌন্দৰ্য

ভাৰতৰ পূব প্ৰান্তৰ প্ৰাকৃতিক সৌন্দৰ্য অতুলনীয়৷ আবেলিৰ সূৰুযৰ ৰেঙণিয়ে উজ্বলাই তোলা অৰুণাচলৰ পাহাৰবিলাকৰ নীলাভ শোভাই মন টানি ধৰে,প্ৰাণত আনন্দৰ হেন্দোলনি উঠে৷ কি এই অপৰূপ সৌন্দৰ্য কি এই প্ৰকৃতিৰ অনুপম কাৰুকাৰ্য৷ উত্তৰ পূব এতিয়াও ‘বৰ অসম’ আমাৰ বৰ অসম৷ এই বৰ অসমৰ বুকুতে আমি লালিত পালিত, ইয়াৰ সুৰীয়া বায়ুতে আমি পাওঁ জীয়াই থকাৰ উশাহকণ৷ সেয়ে বৰ অসম আমাৰ আই৷ বৰ পূজনীয়৷

আমি এদিন উপস্থিত হৈছিলোগৈ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত আৰু বিস্মৃতিৰ গহ্বৰত বিলীন হ’ব খোজা এখনি ঐতিহ্যমণ্ডিত তীৰ্থস্থান মালিনী থানত৷ উত্তৰ পূব ভাৰতৰ অন্যতম এক শক্তিপীঠ এই মালিনীথান৷ মালিনীথান অৰুণাচল প্ৰদেশত অৱস্থিত৷ ভৌগোলিক পৰিসীমাৰে অসমৰ ভিতৰুৱা নহ’লেও অসমৰ মানুহৰ মনে-প্ৰাণে বৈ থকা সাংস্কৃতিক চেতনাই মালিনীথানক সদায়ে অসমৰ ভিতৰুৱা কৰি ৰাখিছে৷ ধেমাজি জিলাৰ ব্যস্ততাপূৰ্ণ এখনি সৰু চহৰ চিলাপথাৰৰ পৰা মাত্ৰ সাত কিলোমিটাৰ উত্তৰে গ’লেই পোৱা যায় অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ এখনি সৰু চহৰ ‘লিকাবালি’৷ লিকাবালিৰ পৰা এক কিলোমিটাৰ পূব দিশত আৰু সমভূমিৰ পৰা প্ৰায় একৈশ মিটাৰ ওপৰত অৱস্থিত এই মালিনীথান৷ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য আৰু অনেক কিংবদন্তিৰে ভৰপূৰ শক্তিপীঠ মালিনীথান এখনি ভগ্নপ্ৰায় প্ৰাচীন সাম্ৰাজ্যৰো বাঙ্ময় প্ৰকাশ৷

মালিনীথানৰ প্ৰাকৃতিক পৰিৱেশৰ যি বিনন্দীয়া ৰূপ তাক কৈ শেষ কৰিব নোৱাৰি৷ এই সৌন্দৰ্য উপলব্ধি কৰিব পাৰি কেৱল নিজৰ দুই চকুৰেহে৷ ছিয়াং পাহাৰৰ বুকুৰে নামি আহি পূব দিশলৈ গতি কৰা ঘগৰা নদী আৰু পশ্চিম দিশলৈ গতি কৰা গাই নদীৰ কুলু কুলু ধ্বনিয়ে মালিনীথানক প্ৰাণ প্ৰাচুৰ্যৰে ভৰাই তুলিছে৷ মালিনীথানৰ পৰা প্ৰায় দুশ মিটাৰ উত্তৰ দিশত ওপৰলৈ উঠি গ’লে পোৱা যায় ৰুক্মিণী মন্দিৰ নামৰ আন এটা সৰু মন্দিৰ৷ ৰুক্মিণী মন্দিৰ অৱস্থিত এই টিলাটিৰ পৰা চৌদিশলৈ এবাৰ চকু ফুৰাই অন্তৰাত্মা শাত পেলাব পৰা এক সৌন্দৰ্য উপলব্ধি কৰিব পাৰি৷ বিভিন্ন প্ৰজাতিৰ পাহাৰীয়া বাঁহ-বেত, গছ-গছনিবিশেষকৈ বিভিন্ন প্ৰকাৰৰ কলগছ আৰু অৰুণাচলৰ বিভিন্ন গাঁওবিলাকেৰে ভৰপূৰ ওখ-চাপৰ পাহাৰবিলাকৰ সৌন্দৰ্য মালিনীথান আৰু ৰুণিীথান অৱস্থিত টিলা দুটিৰ পৰা পৰ্যবেক্ষণ কৰিব পাৰি৷ মালিনী থানৰপৰা প্ৰায় ছশ মিটাৰ আঁতৰত আকাশীগংগা নামৰ এটি সৰু জলপ্ৰপাত পোৱা যায়৷ আকাশীগংগাৰ জলধাৰাক অতি পৱিত্ৰ জ্ঞান কৰা হয়৷

মালিনীথানৰ ইতিহাস আজিও সঠিকভাৱে পোৱা নাযায়৷ বিভিন্ন খনন কাৰ্যতো কোনোধৰণৰ লিপি বা ফলক আদি উদ্ধাৰ হোৱা নাই৷ মালিনীথানত আৱিষ্কৃত স্থাপত্য আৰু ভাস্কৰ্যসমূহ ঐতিহাসিক আৰু পুৰাতাত্ত্বিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰি চালে এই কথা নিৰ্ণয় কৰিব পাৰি যে মালিনীথানৰ মঠ-মন্দিৰ আৰু মূৰ্তিসমূহ সম্ভৱতঃ প্ৰাক্ আহোম যুগৰ৷ এইবোৰ নৱমৰ পৰা দ্বাদশ শতিকামানৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল বুলি অনুমান কৰা হয়৷ পুৰাতাত্ত্বিক গৱেষকসকলৰ মতে খৃঃ দশম শতিকাৰ পৰা দ্বাদশ শতিকা পৰ্যন্ত প্ৰাচীন কামৰূপত ৰাজত্ব কৰা পালবংশীয় ৰজাসকলে এই মালিনীথান নিৰ্মাণ কৰে৷ প্ৰাচীন কামৰূপৰ সীমাৰ ভিতৰত এই থান অন্তৰ্ভুক্ত আছিল৷ সপ্তম শতিকাৰ ৰজা ভাস্কৰ বৰ্মনৰ ৰাজত্বৰ সময়ত প্ৰাচীন কামৰূপৰ পূবসীমাই মালিনীথানকে ধৰি ইয়াৰ পাৰ্শ্বৱৰ্তী সমগ্ৰ অঞ্চল অন্তৰ্ভুক্ত আছিল৷ হিউৱেন চাঙৰ টোকাত এই কথাৰ উল্লেখ পোৱা যায়৷ মন্দিৰটোৰ স্থাপত্য ভাস্কৰ্যত গুপ্তযুগৰ (৩২০-৬৫০) খৃঃ স্থাপত্যৰ নিদৰ্শন পৰিলক্ষিত হয়৷ সপ্তম শতিকাত কামৰূপত ৰাজত্ব কৰা বৰ্মন বংশৰ স্থাপত্যৰো কিছু প্ৰভাৱ লক্ষ্য কৰিব পাৰি৷ সেইদৰে পালবংশৰ আগৰ শালস্তম্ভ (৭০০-৯৫০ খৃঃ) বংশৰ স্থাপত্যৰো কিছু প্ৰভাৱ ভগ্নাৱশেষবিলাকত প্ৰত্নতাত্ত্বিকসকলে অনুমান কৰে৷ মালিনীথানৰ স্থাপত্য কলা উত্তৰ ভাৰতৰ ‘নাগৰী’ আৰ্হিৰ বুলি ধৰা হয়৷ ইয়াৰ মঠ-মন্দিৰ, মূৰ্তি আদি শিলেৰে নিৰ্মিত৷ কাৰুকাৰ্যখচিত বিভিন্ন প্ৰস্তৰ মূৰ্তিবিলাক অনন্য এক শিল্পীসুলভতাৰো পৰিচায়ক৷ মূৰ্তিবিলাকৰ উপৰিও মন্দিৰৰ ভেঁটিৰ গাঁথনি আৰু তালৈ উঠি যোৱা শিলৰ খটখটিও অতি সুন্দৰকৈ নিৰ্মিত৷ কালক্রমত মন্দিৰটো ভাগি-ছিগি পাহাৰৰ বুকুত ধ্বংসস্তুপত পৰিণত হয়৷ স্বাধীনোত্তৰ কালত পুৰাতত্ত্ব বিভাগে মূৰ্তিবিলাকৰ কিছুমান উদ্ধাৰ কৰি থানখনৰ পুনৰ নিৰ্মাণ কৰে৷ অৰুণাচল প্ৰদেশ চৰকাৰৰ পুৰাতত্ত্ব বিভাগে ২০০২ চনত এটি সংগ্ৰহালয় নিৰ্মাণ কৰি উদ্ধাৰ হোৱা বিভিন্ন সমলসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিছে৷

মালিনীথান যে এসময়ত শৈৱভক্তিৰে পীঠ আছিল তাৰ প্ৰমাণ পোৱা যায় ইয়াত উদ্ধাৰ হোৱা তিনিটা শিৱলিংগৰ যোগেদি৷ তদুপৰি পুৰাতত্ত্ব বিভাগে চলোৱা খনন কাৰ্যত (১৯৬৮-৭০ খৃঃ) উদ্ধাৰ হোৱা দশভূজা দূৰ্গা, সূৰ্য, ঐৰাৱতসহ ইন্দ্ৰ, কাৰ্তিক, নন্দী, শিৱলিংগ আৰু বিভিন্ন ভংগিমাত থকা অসংখ্য নৰ-নাৰীৰ মূৰ্তি আৰু অনেক দেৱ-দেৱীৰ মূৰ্তি৷

মালিনীথান নামটো কেনেকৈ হ’ল সেয়া সঠিককৈ কোৱা টান৷ কেইটামান জনশ্ৰুতিৰ ভিত্তিতে এই নাম প্ৰচলিত হ’ল বুলি ধৰা হয়৷

প্ৰথমতে, এটি জনশ্ৰুতি অনুসৰি ভগৱান শ্ৰীকৃষই কুণ্ডিলৰ (বৰ্তমান শদিয়া) ৰজী ভীষ্মকৰ সুন্দৰী কন্যা ৰুক্মিণীক হৰণ কৰি আনি এই ঠাইতে জিৰণি লৈছিল৷ আনহাতে শিৱ-পাৰ্বতীয়ে এই কথা গম পাই এই ঠাইতে এখন পুষ্পবন পাতি তেওঁলোকক আদৰণি জনাবৰ বাবে অপেক্ষা কৰে৷ সময়ত পাৰ্বতীয়ে বছা বছা ফুলেৰে তৈয়াৰ কৰি দিয়া মালাৰে দুয়ো বিবাহ কাৰ্য সম্পাদন কৰিছিল৷ পাৰ্বতীৰ কাৰ্যত সন্তুষ্ট হৈ ভগৱান শ্ৰীকৃষ্ণই তেওঁক মালিনী নামেৰে সম্বোধন কৰে আৰু এই স্থানতে তেওঁৰ মালিনী নামেৰে এটি মন্দিৰ হ’ব আৰু ভক্তবৃন্দই পূজা-অৰ্চনা কৰিব বুলি বৰ দিয়ে৷

আন এক জনশ্ৰুতি অনুসৰি দক্ষ ৰজাৰ যজ্ঞত অপমানিত হৈ পাৰ্বতীয়ে প্ৰাণ ত্যাগ কৰাৰ পাছত সতী শৱদেহ কান্ধত লৈ ভাৰত ভ্ৰমণ কৰে৷ ভগৱান শ্ৰীকৃষ্ণই সুদৰ্শন চক্রৰে সতীৰ দেহ খণ্ডিত কৰাত আকাশীগংগাৰ আশে পাশে সতীৰ শিৰভাগ পৰে আৰু সেই স্থানটে এটি মন্দিৰ সৃষ্টি হয় বুলি কালিকা পুৰাণত উল্লেখ আছে৷ সেইবাবেই প্ৰতি বছৰে মকৰ সংক্রান্তিত ভক্তসকলে আকাশীগংগাৰ পবিত্ৰ জলত স্নান কৰি মালিনীথানত পূজা-অৰ্চনা কৰাৰ এক পৰম্পৰা প্ৰচলিত হৈ আহিছে৷

সেইদৰে অন্য এক জনশ্ৰুতি মতে সদাশিৱৰ প্ৰেমাকাংক্ষিণী এগৰাকী মালিনীয়ে এই ঠাইতে দেৱী পাৰ্বতীৰ কোপত পৰি মস্তক হেৰুৱাব লগা হোৱাৰ বাবেই এই ঠাইৰ নাম মালিনীথান হয় বুলি কোৱা হয়৷

বিভিন্ন ধৰণৰ জনশ্ৰুতিসমূহৰ সত্যতা থাকক বা নাথাকক সত্য যে উত্তৰ পূব ভাৰতৰ এই পবিত্ৰ তীৰ্থস্থানখনি এসময়ত আৰ্যসকলৰ কলা আৰু সংস্কৃতিৰে কেন্দ্ৰ আছিল৷ বৰ্তমান মালিনীথানৰ যি স্থাপত্য ভাস্কৰ্য আৱিষ্কৃত হৈছে সেয়া মাত্ৰ ভগ্নাৱশেষহে৷

আধুনিক পৰ্যটন উদ্যোগৰ দৃষ্টিকোণেৰে বিচাৰ কৰি চালে দেখা যায় যে মালিনীথান ভাৰতবৰ্ষৰে এক গুৰুত্বপূৰ্ণ ধৰ্মীয় পৰ্যটন স্থল হোৱাৰ উপযুক্ত৷ ইয়াৰ প্ৰাচীন পুৰাতাত্ত্বিক সমলসমূহ সংৰক্ষণ আৰু পুনৰ সংবৰ্দ্ধনৰ যোগেদি এই শক্তিপীঠখনক অধিক আকৰ্ষণীয় তথা গুৰুত্বপূৰ্ণ কৰি তুলিব পাৰি৷ এই উদ্দেশ্যত অৱশ্যেই অৰিহণা যোগাইছে অৰুণাচল চৰকাৰে মালিনীথানত স্থাপন কৰা পুৰাতাত্ত্বিক সংগ্ৰহালয়টিয়ে৷ পৰ্যটকক আকৰ্ষিত কৰিব পৰা মালিনীথানৰ আন এক বিশেষত্বসম্পন্ন অনুষ্ঠান হ’ল ইয়াৰ ধৰ্মীয় পৰম্পৰাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা ‘মালিনী মেলা’৷ বাসন্তী পুজা উপলক্ষে ছদিন জুৰি অনুষ্ঠিত হোৱা মেলাখনে সম্প্ৰতি যথেষ্ট সম্প্ৰসাৰণ লাভ কৰিছে৷ শীতকালত প্ৰতিদিনে মালিনীথানত ভালেমান বনভোজৰ দল আৰু দৰ্শনাৰ্থীৰ সমাগম ঘটে৷

মালিনীথানক বিভিন্ন দৃষ্টিকোণেৰে পৰ্যবেক্ষণ কৰি ইয়াৰ গুৰুত্ব নিৰূপণ কৰিব পাৰি৷ কিন্তু সেয়ে হ’লেও প্ৰাণ প্ৰাচুৰ্যৰে এসময়ত উজ্জীৱিত মালিনী থান আজি সময় আৰু অৱহেলাৰ গ্ৰাসত পৰি বহু পৰিমাণে ম্লান, বহু পৰিমাণে নিস্তেজ৷ ভাৰতীয় প্ৰশাসনতন্ত্ৰৰ কেন্দ্ৰবিন্দুৰ পৰা বহু দূৰত অৱস্থিত হোৱাৰ বাবেই হয়তো মালিনী থানে উপযুক্ত গুৰুত্ব লাভ কৰিব পৰা নাই৷ মালিনীথানলৈ চকু দিবলৈ কেন্দ্ৰৰ সময়ৰ অভাৱ৷ সেইদৰেই আমাৰ মানুহৰ ৰাজধানীকেন্দ্ৰিক প্ৰৱণতাই আমাৰ থলুৱা সমলসমূহৰ অধ্যয়ন সদায় বাধা দি আহিছে৷ মালিনীথানৰ উপযুক্ত অধ্যয়নে ইতিহাসেও ঢুকি নোপোৱা সেই দিনবোৰৰ বহু কথাই পোহৰলৈ আনিব৷ সেই দিনবোৰৰ অধ্যয়নে আমাৰ প্ৰাচীন ঐতিহ্যপ্ৰাচীন সংস্কৃতিৰ যি উচ্চ মানবিশিষ্ট ধাৰাসেই ধাৰাক সমগ্ৰ বিশ্বতে পৰিচিত কৰাই আমি বহু ওপৰলৈ আগবাঢ়ি যাবলৈ সক্ষম হ’ব পাৰোঁ৷

(তথ্য উৎস : ১. J. C. Dutta : Malinithan, Directorate of Research, Govt. of Arunachal Pradesh, 1997, ২. তিলেন গগৈ আৰু বগেন গগৈ (সম্পা.) : ধেমাজি, আদৰণী সমিতি, অসম সাহিত্য সভাৰ সপ্ততিতম ধেমাজি অধিবেশন, ২০০৯৷)