মেণ্ডেলাৰ দেশৰ ডায়েৰিৰ পাতৰ পৰা

সেইয়া আছিল ২০০৮ চনৰ কথা ৷ এদিন খবৰ আহিল বোলে সাসল বুলি দক্ষিণ আফ্ৰিকাৰ কোম্পেনি এটাত চাকৰি এটা পাইছো ৷ কি কৰিম নকৰিম চিন্তা আৰম্ভ হৈ গ’ল৷ গোটেই খন খেলি মেলি ৷ ঘৰৰ কাকো কবই নোৱাৰি চবে জক জকাই উঠে ক’ৰ আফ্ৰিকা যাৱ,যাবলৈ আৰু ঠাই নাপালি ? লোকৰ মানুহ আমেৰিকা ইউৰোপ যায় তই আকৌ আফ্ৰিকাহে পালিগৈনে ? পাৰিবি জানো তাত থাকিব ? মুম্বাইতে ইমান ধুনীয়াকৈ আছ’ আকৌ ক’তনো যাব লাগে ? ইত্যাদি ইত্যাদি আদেশ, উপদেশ যিয়েই নকঁওক সেইবোৰেৰে ভৰি পৰিল ৷হয়ো কথাটো, সাধাৰণতে আমি শুনি থকা দেখি থকা ঠাই এখন হ’লে ইমান অসুবিধা নহয় কাৰো ৷তাতে আকৌ দক্ষিণ আফ্ৰিকা যে বেলেগ এখন দেশ ভাবি চোৱাই নহয় আফ্ৰিকা বুলিয়েই ভাবি থৈ দিঁও ৷মোৰো দক্ষিন আফ্ৰিকা মানে মহাত্মা গান্ধী,মেণ্ডেলা আৰু ক্ৰিকেট টীমটোৰ বাহিৰে কিবা আছেযে বৰ এটা চিন্তাই কৰা নাছিলো ৷ গতিকে সকলোৰে হকা বাধাৰ মাজত বোলো সেই জংঘলখনতগৈ কিনো কৰিম বুলি ভাবি মুম্বাইতে থকাতোৱেই ভাল হ’ব বুলি চিন্তা কৰিলো৷

তেনেকুৱাতে এদিন কোম্পানীটোৰ পৰা খবৰ আহিল বোলে- আমাৰ চাউথ আফ্ৰিকাখনকলৈ ইমান চিন্তা কৰি থকাতকৈ এবাৰ নিজে আহিনো চাই নেযায় কিয় ? চাই মেলি ভাল পালে আপুনি আহি জইন কৰে নকৰে নিজে ঠিক কৰিব ৷ভাবি চালো হয় কথাটো ,বেয়া নহয় প্ৰপ’জেলটো চোন ,ভাল লাগিলেও লাগিব নালাগিলেও বেলেগ দেশ এখন চোৱা হ’ব ৷এইবাৰ বোলো আৰু মানুহক সোধি মেলি নাথাকো ৷ কোম্পানীটোৱেই দহ দিনৰ কাৰণে চাউথ আফ্ৰিকা দেখুৱাৰ দায়িত্ব ল’লে ৷ভালেই পালো ফ্ৰি তে চোৱা যাঁওক ঠাই খন ৷ তথাপিও চিন্তা তাতগৈ পাই বা কেনেকুৱা হয় দেশখন ৷নে গোটেই বোৰে আগুৰি মাৰ পিটেই কৰে ?? কি জানি বগা কলা মানুহৰ মাজত তয়াময়া কাজিয়াই পাঁও গৈ কাৰণ যিয়ে নঁহওক আজি মাত্ৰ পোন্ধৰ বছৰহে হৈছে বগাৰ হাতৰ পৰা সকলোকে শাসনভাৰ গতাই দিয়া ৷পোন্ধৰ বছৰতনো কি ডাল সলনি হ’ব ? আমাৰ অসম চুক্তি হোৱাই দেখুন প্ৰায় ত্ৰিছ (৩০) বছৰেই হ’ল ,ক’তনো সলনি হৈছে আমাৰ দেশখন ?? হ’ল বুলিওটো অলপ টাইম চাইম লাগেই দিয়কচোন ভাল কামৰ কাৰণে (আমাৰ ধাৰণাৰ পৰা ) এইবোৰ ভাবি গুনি এদিন গৈ ওলালোগৈ দহ দিনৰ কাৰণে দক্ষিণ আফ্ৰিকা ৷ জোহানেসবাৰ্গ এয়াৰ পৰ্টৰ পৰা ওলায়েই দেখো শ্বেতকায় উইলি আৰু কৃষ্ণাংগ বছ’মেন বুলি মানৱ সম্পদ বিভাগৰ দুজন মেনেজাৰ আমাৰ নামৰ প্লে কাৰ্ড এখন লৈ ৰৈ আছে ৷ তাকে দেখি মই আৰু পত্নীয়ে পাতিলো- বোলো এনেয়ে কিজানি কিমান কাজিয়া এই বগা কলাখিনিৰ আৰু আমাক দেখুৱাবলে চোৱা দুইটা কেনেকৈ একেলগে আহিছে নাটক কৰি ৷ মনতে ভাবিলো হু হ: আমাক ঠগিব আহিছে !! গম পাবি ৰহ বাপ্পেক্কে ৷

উইলিৰ গাড়ীত উঠি এয়াৰ পৰ্টৰ পৰা ২০০ কি:মি: দুৰত থকা অফিচৰ গেষ্ট হাউচলৈ বুলি ওলালো ৷মনতে বোলে ৰাষ্টা পদুলিৰ কিজানি কি অৱস্থা হ’ব ? ১৫ বছৰ হৈছেহে !! ৰাস্তাই পদুলিয়ে কিজানি কিমান যুদ্ধ দেখি যাঁও ৷ গাড়ীত আৰামত উঠি গৈছো যদিও এনেকুৱা অস্ংখ্য চিন্তাই মনত খেলি মেলি লগাই গৈছে ৷ কিন্তু এইয়া কি ?? কালিহে বনাই উঠা যেন লগা চিক চিকিয়া ৰাস্তা পদুলি , সুন্দৰ সুন্দৰকৈ সজোৱা নগৰ চহৰবোৰ, ২০০ কি:মি: ৰাস্তা কেতিয়ানো শেষ হ’ল গমেই নাপালো৷ তাৰ পাছৰ দহ দিনত সেই খন দেশৰ সকলো খিনিয়ে আমাক দেশখনৰ প্ৰতি আকৃষ্ট কৰিবলৈ যথেষ্ট আছিল ৷ক’তো ভেদ ভাৱ হাই কাজিয়া একো নাই ৷পোন্ধৰ বছৰতে দেশখনে যেন কেইবাদশক আগুৱাই গ’ল (সেই বিষয়ে আন এদিন লিখিম) অথচ আমাৰ দেশখনে আজি অতবছৰে আগুৱাইছে নে পিছুৱাইছে ধৰিবই দিগদাৰ হয় ৷ সকলোৱে সমচ্চৰে নিজৰ দেশ খনকলৈ গৰ্ব্ব কৰে ৷ আমাৰ সকলো আশংকাক তাতে থৈ দেশখনলৈ অহাটো ঠিক কৰিলো আৰু এদিন আহি দেশখনত থাকিবলৈ ললোহি৷

কিন্তু আকৌ এদিন আশংকাত ভুগিব লগা হ’ল কেই বছৰমানৰ পাছত ২০১৩ চনত ৷ ৰাতি পুৱা শুই উঠি বাতৰিত মাণ্ডেলাৰ মহাপ্ৰয়ানৰ বাতৰিটো পায় শোকে খুন্দা মাৰি ধৰাৰ লগতে এক অজান আশংকাইও মনটো আৱৰি ধৰিলে ৷ আজি ইয়াত থকা কেই বছৰে যদিও বুজি উঠিছিলো মেণ্ডেলাই ক’লা বগা মানুহৰ ভাতৃত্ব বোধক কিদৰে জীপাল দি উঠিছিল , তথাপিও এক অজান আশংকাইও মনটো আৱৰি ধৰিলে জানোবা কৰবাত কিবা অঘটনেই ঘটে আজি ৷ কিন্তু মোৰ আশংকা আতৰিবলে বেছি সময় নালাগিল ৷ অকন মান আলেখলেখ চাই অকন মান দেৰিকৈ লাহে ধিৰে অফিচ গৈ সোমালোগৈ ৷ অফিচ পাই অকনমান আচৰিতেই হ’লো, একো এটাই যেন হোৱা নাই –সকলোৱে নিয়ম মাফিক কামত ব্যস্ত ৷ কফি একাপলৈ অফিচৰ নিজৰ ৰুমত সোমালোগৈ ৷

মোৰ বিভাগত ৭০% বগা আফ্ৰিকান ৷ মনে মনে ভাবিলো বগা আফ্ৰিকান কেইজনেনো মাণ্ডেলাৰ মুল্য কি বুজিব ? এই বুলি মনে মনে ভাবি থাকোতেই মোৰ ৰুমলৈ খৰ খেদাকৈ ৱাৰনাৰ নামৰ বগা আফ্ৰিকান সহকৰ্মীজন সোমাই আহি মাত দিলে-অফিচিয়েলি কিদৰে শোক পালন কৰিব লাগিব তাৰ জাননী অহা নাই যদিও এই শতিকাৰ মহান নায়কজনৰ আত্মাৰ শতগতিৰ কাৰণে তোমাৰ একমিনিট এটা দিব পাৰিবানে ? আৰে কিয় নোৱাৰিম বুলি মই তেওঁৰ লগে লগে গৈ আলোচনা কক্ষটো পালোগৈ৷ তাত এক মিনিট সময় মৌন ব্ৰত ৰখাৰ পাছত ৱাৰনাৰে মাণ্ডেলাক সোৱঁৰি অনৰ্গল কৈ যাব ধৰিলে- দক্ষিণ আফ্ৰিকাৰ মানুহবোৰ সাংঘাটিক খেল প্ৰিয় ৷ সাধাৰণতে কৃশ্বাংগ মানুহবোৰ ফুটবল আৰু শ্বেতকায় মানুহবোৰ ৰাগবী খেলৰ প্ৰতি অতি আগ্ৰহী৷ ৰাগবী খেল বিধক সেই সময়ত বৰ্ণ বাদীৰ খেল বুলি জনা গৈছিল৷ সেইবাবেই ৰাগবীক কলা মানুহ বিলাকে ঘৃণাৰ চকুৰে চাইছিল৷ কিন্তু সেই ঘৃণাক একতাৰ দোলেৰে বান্ধি পেলাইছিল মেণ্ডেলাই ১৯৯৫ চনত ৷ দক্ষিণ আফ্ৰিকাৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি হোৱাৰ কেইদিনমান পাচতেই ৰাগবীৰ জাতীয় দলৰ জাৰ্চী পিন্ধি নিজহাতে ৰাগবী বিশ্বকাপৰ ট্ৰফী তুলি দিছিল দক্ষিণ আফ্ৰিকাৰ ৰাগবী জাতীয় দলটোক আৰু লগে লগেই সমগ্ৰ দক্ষিণ আফ্ৰিকাৰ জনগণে সমস্ৰৰে চিঞৰি উঠিছিল- নেলছন, নেলছন…. মদিবা , মদিবা বুলি৷ সেইদিনাই হয়তো সংখ্যালঘু বগা আফ্ৰিকান খিনিয়ে মাণ্ডেলাৰ মাজত এক বিশ্বাস আৰু কলা আফ্ৰিকান খিনিয়ে যেন বিচাৰি পালে এক সাহস ৷

তাৰ পাছত সেইদিনা অকনমান সময় অফিচৰ বাহিৰত সৰু চহৰখনত কি হৈছে বুলি চাবলৈ গৈ অতি বিৰল দৃশ্য দেখিলো ৷ ঠায়ে ঠায়ে বগা, কলা ,ভাৰতীয় মূলৰ মানুহবোৰে মেণ্ডেলাৰ ফটোত ফুল দিছে অথবা মম জ্বলাইছে আৰু একো একোটা দল বান্ধি নাচ গান কৰিছে ৷ মানুহ বোৰে নাচ গান কৰা দেখি অকনমান আচৰিত হৈ তাৰে এজনক কথাটো কি সোধাত এজনে কলে- আমি মেণ্ডেলাৰ জীৱন উৎসৱ পালন কৰিছো আৰু তেওঁ আমাক যিখিনি দি গ’ল তাৰ কাৰণে তেওক আনন্দেৰে সম্ভাষণ জনাইছো ৷ তেওঁ আমাক আৰু নতুন প্ৰজন্মক যিখিনি দি গ’ল যাক সাৰথি কৰি আমি বগা, কলা সকলোৱে মিলি এখন সৰ্বাংগ সুন্দৰ আফ্ৰিকা গঢ়িবলৈ সাহস দি গ’ল তাৰ কাৰণে ধন্যবাদ দিছো এই মাণ্ডেলাৰ জীৱন উৎসৱ পালন কৰি ৷

সচাকৈয়ে এই মহামানৱজনলৈ ইয়াতকৈ কি ডাঙৰ শ্ৰদ্ধা তৰ্পণ হ’ব পাৰে৷ এনেকৈয়ে হয়তো মেণ্ডেলাৰ সপোনৰ Rainbow Nation খন গঢ় লৈ উঠিব ধৰিছে লাহে লাহে অথচ দৃঢ়তাৰে ৷ অথচ মেণ্ডেলাৰ প্ৰেৰনাৰ উৎস মহাত্মা গান্ধীৰ সপোনৰ দেশখনক চোন জাতি ধৰ্ম্ম ভাষাৰ নামত ভাগ ভাগ কৰাত আমিবোৰ ব্যস্ত ৷

তাৰ পাছত আকৌ মোৰ আচৰিত হোৱাৰেই পাল৷ মেণ্ডেলাক এইখন দেশত সম্ভৱ ভগৱানৰ লগতেই তুলনা কৰা হয় ৷ মেণ্ডেলাৰ মৃত্যুৰ পৰা অন্তিম সৎকাৰৰ দিনটোলৈ ১০ দিন ৰাষ্ট্ৰীয় মৰ্যাদাৰে সকলোৰে দৰ্শনৰ বাবেও ৰখা হ’ল ৷ কিন্তু আচৰিত ভাবে এটা কথা মন কৰিলো, এই দহ দিনত সমগ্ৰ দেশৰ লাখ লাখ কোটি কোটি মানুহে মেণ্ডেলাক শ্ৰদ্ধা জ্ঞাপন কৰিলে, কিন্তু দক্ষিণ আফ্ৰিকাৰ সকলো কাম কাজ নিয়মীয়া ৰূপতেই চলি থাকিল ৷ কোনো এটা দিনেই বন্ধ ঘোষণা কৰা নহ’ল৷ মানুহে ৰাস্তাই ঘাটে, বজাৰে সমাৰে সকলোতে মেণ্ডেলাৰ ৰাখি থোৱা ফটোত ফুল দি অথবা মম জ্বলাই এখন্তেক শ্ৰদ্ধা জনালে, কিন্তু দক্ষিণ আফ্ৰিকা স্তব্ধ হৈ নগ’ল ৷ বন্ধ দেশৰ পৰা অহা মানুহ বুলি এনেধৰণৰ কাৰ্য্য আমাৰ প্ৰথমে একেবাৰে সহ্য হোৱা নাছিল, মনে মনে ভাবিছিলো বন্ধই যদি দিয়া নাই কিহৰ সন্মান আকৌ দিয়া হ’ল ? পিছত লাহে লাহে অনুভৱ কৰিলো যিজন মানুহে এইখন দেশ আৰু এই জাতিক আগুৱাই নিবলৈ গোটেই জীৱনটো উচৰ্গা কৰিলে সেই মানুহজনৰ মৃত্যুত হয়তো দেশখন স্তব্ধ হৈ গ’লে সেই মহামানৱ জনকে জানো অপমান কৰা নহ’ব৷ এনে বোৰ কথা জানো আমাৰ দৰে দেশ এখনৰ কাৰণে অনুপ্ৰেৰণা হ’ব নোৱাৰে ?