ভাল ল’ৰা

পাঠকে ছোৱালীজনীৰ বাবে বহুদিনৰ পৰাই ভাল ল’ৰা এটা বিচাৰি আছে৷ ছোৱালী কম্পিউটাৰ ইঞ্জিনিয়াৰ৷ নাম থকা কোম্পানীত কাম কৰে৷ ভাল নাচে, গানো গায়৷ দেখিবলৈও চিনেমাৰ অভিনেত্ৰীৰ দৰেই৷ স্বভাৱে-চৰিত্ৰই সতী-সাৱিত্ৰীতকৈ কোনো গুণে কম নহ’ব যেন লাগে৷ যি ঘৰলৈকে বোৱাৰী হৈ যাব সেই ঘৰেই ভাগ্যবান বুলি ভাবিব লাগিব৷ পঢ়ি থকা অৱস্থাতে আন বহুতৰ নিচিনাকৈ ল’ৰা এটা যোগাৰ কৰি ল’ব নোৱাৰিলে তাই৷ হয়তো দেউতাক বিয়া-বাৰুৰ ক্ষেত্ৰত খুব কাঢ়া বুলি ভাবিয়েই তাই সাবধানে দিনবোৰ পাৰ কৰিলে৷ কিন্তু এতিয়া দৰা বিচাৰি হায়ৰাণ হৈছে দেউতাক পাঠক৷

পাঠক মোৰ বাল্যবন্ধু৷ ইঞ্জিনিয়াৰিং কলেজতো একেলগে পঢ়া দুয়ো৷ পাছ কৰি তেওঁ ৰিফাইনাৰিৰ চাকৰিত সোমাল, মই সোমালোঁ কলেজতে শিক্ষকতাৰ কামত৷ বিয়াও একে সময়তে পাতিছিলো দুয়ো৷ প্ৰায়েই অহা-যোৱা চলিছিল দুয়ো ঘৰৰ মাজত৷ এতিয়া অৱসৰ পাই ওচৰা-ওচৰিকৈ ফ্লেট কিনি প্ৰায় একেলগে আছোঁহি৷

প্ৰথমতে ছোৱালীজনীৰ বাবে দৰাৰ কথা ভাবি বেছি মূৰ ঘমোৱা নাছিল পাঠকে৷ ইমান ভাল ছোৱালী যেতিয়া অতি সহজে দৰা পাবই বুলি নিশ্চিন্তে বহি আছিল৷ প্ৰথমতে তাই পঢ়ি-শুনি থিতাপি লওঁক, তাৰপাছত বিয়া-বাৰুৰ কথা লাহে-ধীৰে ভাবিব লাগিব৷ কেতিয়াবা কথা-প্ৰসঙ্গত পাঠকে কৈছিল৷ ছোৱালীৰ পঢ়া-শুনাৰ প্ৰতিয়েই ইমান দিনে মনোযোগ দি আহিল পাঠকে৷ তাইও দেউতাকক নিৰাশ নকৰি খুব ভালদৰেই পাছ কৰি গ’ল সকলো পৰীক্ষা৷ কিন্তু ছোৱালীৰ বিয়াৰ চিন্তা মনলৈ অহাৰ পাছৰে পৰা দৰা বিচাৰি পাঠক ভাগৰি পৰিছে৷ দৰাৰ ক্ষেত্ৰত পাঠকৰ চৰ্ত বহুত৷ ল’ৰা ইঞ্জিনিয়াৰ হ’ব লাগিব৷ ভাল চাকৰি কৰা হ’ব লাগিব৷ দেখোতো ভাল হ’ব লাগিব৷ ভাল পৰিয়ালৰ হ’ব লাগিব৷ স্বভাৱ-চৰিত্ৰ ভাল হ’ব লাগিব৷ কেৱল অসমীয়া হ’লেই নহ’ব, পাৰিলে তেওঁৰ নিজৰ অঞ্চলৰ মূল বাসিন্দা হ’ব লাগিব৷ সেইবোৰ ঠিকে থাকিলেও নহ’ব পঞ্জিকা মতেও ৰাহি-যোৰাও মিলিব লাগিব৷ এবাৰ খুব ভাল ল’ৰা এজনৰ খবৰ পাই পাঠকক জনাইছিলো৷ পাঠকে পঞ্জিকা চাই নাকচ কৰি পেলালে৷ তাৰপাছত কিছুদিন বিয়াৰ কথা তল পৰি আছিল৷ আজি হঠাতে ৰাতিপুৱাতে পাঠকৰ ফোন পালোঁ৷

: “আবেলি এপাক ঘৰলৈ আহিবাচোন৷”

: “কিয়? কিবা পাতিছা নেকি?”

: “নাই৷ ল’ৰা এজন ফুৰিবলৈ আহিব৷ তোমাক চিনাকি কৰাই দিম বুলি ভাবিছো৷ সোনকালে আহিবা” অৱসৰ পোৱা মানুহ৷ হাতত সময় অপৰ্যাপ্ত৷ ভাত-পানী খাই সোনকালেই পাঠকৰ ঘৰ পালোঁগৈ৷ পাঠকেই কথাটো উলিয়ালে৷

: “ভাল ল’ৰা এজনৰ খবৰ পালোঁ৷ ইঞ্জিনিয়াৰ, পুণেত থাকে৷ পঞ্জিকা মতেও মিলাই চাইছো৷ মিলিছে৷ মাজনীক ইতিমধ্যে পুণেত দেখি পচন্দও কৰিছে৷”

: “খুব ভাল কথা৷ সোনকালে সকলো ঠিক কৰি দিয়া তেনেহলে৷” মই অতি উৎসাহেৰে ক’লো৷

: “ল’ৰাজন দুদিনমানৰ কাৰণে ঘৰলৈ আহিছে৷ খবৰটো পাই আজি ঘৰলৈ মাতিছো৷ তোমাৰ কলেজৰ পৰাই পাছ কৰা ল’ৰা৷ তুমি চিনি পাব পাৰা৷ সেইকাৰণে তোমাৰ মত এটাও লৈ ল’ব খুজিছো৷”

: “ল’ৰাজন কি ইঞ্জিনিয়াৰ? চিভিল যদি ভালদৰে চিনি পাম৷”

: “নহয়, ইলেক্ট্ৰিকেল৷ তথাপি তুমি চিনি পাবও পাৰা৷ হোষ্টেলত আছিলতো৷ অলপ কথা-বতৰা পাতি চাবা৷”

মইও হয়ভৰ দি ৰৈ থাকিলোঁ ল’ৰাজনৰ বাবে৷ ভালো লাগিল মোৰ মতামতকো পাঠকে ইমান গুৰুত্ব দিব খোজা দেখি৷ দুয়ো ইটো-সিটো কথা পাতি কিছু সময় পাৰ কৰিলোঁ৷ বেছি সময় বাট চাব লগা নহ’ল৷ ল’ৰাজন আহি ওলাল৷ মুখখন চিনাকি চিনাকি লাগিল৷ পাঠকনীয়ে আথে-বেথে বহুৱালে৷ পাঠকে মোক চিনাকি কৰি দিলে৷ আশাকৰা ধৰণেই ল’ৰাজন মোৰ চিনাকি পোৱাৰ পাছত অলপ নাৰ্ভাচ হোৱা যেন লাগিল৷ দুই-এটা কথাৰ আদান-প্ৰদান হোৱাৰ পাছত পাঠকনী পাকঘৰত সোমাল৷ পাঠকো ভিতৰলৈ গ’ল ল’ৰাজনৰ লগত মোক অকলে এৰি দি৷ মই কথা আৰম্ভ কৰিলো৷ কথা মানে যেন মৌখিক পৰীক্ষাহে৷ নাম কি? এতিয়া কি কৰি আছা? কোন চনত পাছ কৰিছিলা? কোন হোষ্টেলত আছিলা? ইত্যাদি ইত্যাদি৷

ল’ৰাজনে উত্তৰ দি গ’ল মোৰ প্ৰশ্নবোৰৰ এটা এটাকৈ৷ চন আৰু হোষ্টেলৰ কথা জনাৰ লগে লগেই ফট-ফটকৈ বহুতো কথা মনত পৰি গ’ল মোৰ৷ পাঠক সোমাই আহিল৷ পাঠকনীয়ে চাহ-জলপান দি গ’ল৷ কিছুসময় কথা-বতৰা চলিল৷ তাৰপাছত ল’ৰাজন বিদায় লৈ গ’লগৈ৷

: “চিনি পালানে ল’ৰাজন?” আশাকৰা মতেই পাঠকৰ প্ৰথম প্ৰশ্ন৷

: “পাইছো৷ মই অধীক্ষক হৈ থকা হোষ্টলতে আছিল৷” উত্তৰ দিলোঁ৷ কিন্তু মোৰ মনটোত সমান্তৰাল ভাবে বেলেগ এটা চিন্তা চলি আছিল বুলি পাঠকে সহজে অনুমান কৰি আকৌ পোনে-পোনে সুধিলে,

: “কেনেকুৱা ল’ৰা? ভালনে? তোমাৰ মতামত কি?”

এইবাৰহে দোমোজাত পৰিলো৷ ল’ৰাজনক চিনি পোৱাৰ পাছত ল’ৰাজনৰ বিষয়ে যিমানখিনি কথা মনত পৰিছে গোটেইখিনি জনাই দিয়া উচিত হ’বনে নাই মনতে ঠাৱৰ কৰিব নোৱাৰি উত্তৰ দিলোঁ,

: “নাই, মই চিনি পাইছো যদিও মাত্ৰ এদিনহে লগ পাইছিলো৷ গতিকে কেনেকুৱা ল’ৰা সেই বিষয়ে মতামত নিদিয়াই ভাল হ’ব৷”

: “মাত্ৰ এদিন? সেইটো আকৌ কেনেকুৱা কথা? তুমি অধীক্ষক হৈ থকা হোষ্টেলতে আছিল হেনো ল’ৰাজন?” - পাঠকৰ স্বাভাৱিক প্ৰশ্ন৷

: “মই তিনিবছৰ বাহিৰত আছিলো উচ্চ শিক্ষাৰ বাবে৷ উভতি আহি হোষ্টেলৰ অধীক্ষকৰ দায়িত্ব লৈছিলো৷ ইতিমধ্যে ল’ৰাজনে ফাইনেল পৰীক্ষা দি সেই হোষ্টেল এৰি গৈছিল মাত্ৰ৷ ফাইনেলৰ ৰিজাল্ট দিয়াৰ পাছত হোষ্টেলৰ ক্লিয়াৰেঞ্চ ল’বলৈ, মানে হোষ্টেলত একো দিবলগীয়া নাই বুলি চাৰ্টিফিকেট ল’বলৈহে মোৰ ওচৰলৈ আহিছিল৷ এদিনৰ চিনাকি মাত্ৰ৷”

: “মাত্ৰ এদিন লগ পালা৷ তাকো ইমান বছৰ আগতে৷ তথাপি ল’ৰাজন চিনি পালানে?” পাঠকৰ পৰা এইটো প্ৰশ্নও আহিব পাৰে বুলি মই ভয় কৰি আছিলো৷ সকলো কথা কৈ দিয়াই ভাল হ’ব বুলি ভাবি উত্তৰ দিলোঁ,

: “কেতিয়াবা মনত থাকি যায়৷ ল’ৰাজনৰ আচলতে অলপ টকা দিবলৈ বাকী আছিল৷ বেছি নহয় এশ টকামান আছিল বোধকৰো৷ এটকাও বাকী থাকিলে ক্লিয়াৰেঞ্চ মই নিদিওঁ কাৰণ কলেজৰ পৰা একেবাৰে ওলাই যোৱাৰ পাছত আৰু সেই টকা পোৱাৰ কোনো আশা নাথাকে৷ গতিকে পাছত ময়েই ভৰিবলগীয়া হ’ব৷” পাঠক নিজেও ইঞ্জিনিয়াৰিং কলেজৰ হোষ্টেলত থাকি অহা৷ সকলো জানেই বুলি জানিও অলপ ব্যাখ্যা কৰি ক’লো৷

: “ল’ৰাজনক ক্লিয়াৰেঞ্চ দিয়া নাছিলা নেকি তুমি?” পাঠকে জেৰা কৰাৰ দৰেই সুধিলে৷ ক্ষন্তেক ৰৈ উত্তৰ দিলো,

: “এদিন ৰাতিপুৱাতে আহি ওলাইছিল ল’ৰাজন ক্লিয়াৰেঞ্চ ল’বলৈ৷ মই টকা দিবলৈ বাকী থকা ল’ৰাবোৰৰ তালিকাখন চালো৷ ল’ৰাজনৰ নামটো প্ৰায় ওপৰতে আছিল৷ তেওঁক জনাই দিলো তেওঁৰ অলপ দিবলগা থকা কথাটো৷ ল’ৰাজনে অনুৰোধ কৰি কৈছিল,

: “ছাৰ, মই দূৰৰ পৰা আহিছো৷ লগত বেছি টকা নাই৷ ক্লিয়াৰেঞ্চটো দি দিয়ক৷ মোৰ মাহীৰ ঘৰ ইয়াতে৷ অফিচৰ কামখিনি কৰি আবেলি মাহীৰ ঘৰৰ পৰা টকাখিনি আনি আপোনাক দি থৈ যামহি৷ আপোনাক কথা দিছো৷ মোক বিশ্বাস কৰক৷” - ল’ৰাজনৰ কথাত পতিয়ন গৈ ক্লিয়াৰেঞ্চৰ ফৰ্মখনত চহী কৰি দিলো৷ ল’ৰাজন গ’লগৈ৷ সেইদিনা আবেলি নাহিল৷ পিছদিনাও নাহিল৷ বছৰ পাৰ হৈ গ’ল৷ কোনোদিনেই নাহিল৷ আজিহে ইমান দিনৰ মূৰত আকৌ মুখা-মুখি হৈছোঁ৷ মূখখন অলপ অলপ চিনিব পাৰিছিলো৷ নামটো কোৱাত গোটেই ঘটনাটো মনত পৰি গ’ল৷ ল’ৰাজনৰ বিষয়ে অৱশ্যে মই আৰু একো নাজানো” কথাখিনি কৈ শেষ কৰি পাঠকৰ পিনে চালো৷ মোৰ বুকুৰ পৰা বোজা এটা আঁতৰি যোৱা যেন লাগিল৷ পাঠক কিছু সময় মনে মনে থাকিল৷ তাৰপছত লাহেকৈ মাত দিলে,

: “ভুল তোমাৰেই৷ তুমি ইমান সহজে সকলোকে বিশ্বাস কৰি লোৱা৷ ল’ৰাজন বুধিয়ক৷ আজিৰ যুগৰ লগত খাপ খাই চলিব পৰা ল’ৰা৷ সেইটো একো ডাঙৰ দোষ বা দ্ৰবেক বুলি ক’ব নোৱাৰি৷” - মই পাঠকৰ কথাখিনি শলাগি থলোঁ৷ বিদায় লৈ ঘৰ পালোঁহি৷ দুদিনমান পাছত বিয়াৰ নিমন্ত্ৰণী পত্ৰখন পাম বুলি প্ৰায় নিশ্চিত হ’লো৷