'আখৰ'ৰ বিষয়ে

'আখৰ'ৰ প্ৰথম পৰিচয় হৈছে 'আখৰ' এখন অসমীয়া ই-আলোচনী। 'আখৰ'ৰ জন্মৰ অন্তৰালত আছে অসমীয়া ভাষা-সাহিত্যৰ ই-বিপ্লৱৰ অৱদান আৰু অনুপ্ৰেৰণা। অসমীয়া ভাষা সাহিত্যক ইন্টাৰনেটত সৱল ভাবে প্ৰতিষ্ঠা কৰাৰ নিমিত্তে যি ই-বিপ্লৱৰ সুচনা হৈছে তাৰ প্ৰতি সঁহাৰি জনায়ে 'আখৰ'ৰ জন্ম হৈছে। 'আখৰ' অসমীয়া আখৰ, অসমীয়া ভাষা আৰু অসমীয়া সাহিত্যক ইন্টাৰনেটত প্ৰতিনিধিত্ব কৰাৰ এক বিনম্ৰ প্ৰয়াস। বিভিন্ন প্ৰকল্পৰ মাধ্যমেৰে অসমীয়া ভাষা সাহিত্যক ইন্টাৰনেটত প্ৰতিষ্ঠাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি যাবলৈ 'আখৰ' বদ্ধপৰিকৰ। 'আখৰ'এ ইয়াৰ পৰিসীমাত অসমীয়া সাহিত্যৰ লগতে অসমীয়া সমাজ-সংস্কৃতিৰ সৈতে জড়িত বিভিন্ন দিশক সামৰি লৈছে আৰু এইক্ষেত্ৰত আখৰৰ এক স্বকীয় বৌদ্ধিক আৰু শিল্প দৃষ্টিভংগী আছে।

(সংযোজন : 'আখৰ'ক লৈ 'আখৰ'ৰ পৰিয়ালৰ বহুত পৰিকল্পনা আছে। সেই পৰিকল্পনাবোৰ বাস্তৱায়িত কৰাৰ বাবে আমাক প্ৰয়োজন আপোনালোকৰ সহযোগিতা,যি আমাৰ প্ৰতিটো পদক্ষেপক উৎসাহিত কৰিব। আমি আশাবাদী,আপোনালোকৰ সহযোগিতাত 'আখৰ'এ এক নতুন মাত্ৰা লাভ কৰিব।)

ইস্তাহাৰ

১) আখৰ ডট্ ইন- ইণ্টাৰনেটত অসমীয়া ভাষা সাহিত্যক প্ৰতিষ্ঠা কৰি বিশ্ববাসীৰ সন্মুখত অসম আৰু অসমীয়া ভাষা সাহিত্যক পৰিচয় কৰাই দিয়া ন-বিপ্লৱত অৰিহণা যোগাব বিচৰা কেইজনমান কলেজীয়া ছাত্ৰৰ দ্বাৰা পৰিচালিত এখন অসমীয়া ই-আলোচনী(Unicoded)।

২) লক্ষ্য-

ক) ইউনিকোডৰ দ্বাৰা অসমীয়া ভাষা আৰু অসমীয়া সাহিত্যক ইণ্টাৰনেটত প্ৰতিষ্ঠা কৰাৰ যি বিপ্লৱ, তাত কিঞ্চিত পৰিমাণে হ'লেও অৰিহণা যোগোৱা।

খ) ন-প্ৰজন্মৰ চিন্তা ধাৰা ন-ৰূপত দাঙি ধৰা ।

গ) ন-চিন্তা, সূস্থ চিন্তাক অগ্ৰাধিকাৰ । শাণিত কিন্তু স্বাস্থ্যকৰ বিতৰ্কৰ বাবেও 'আখৰ'ৰ মঞ্চ খোলা থাকিব । অৱশ্যে বিতৰ্কৰ নামত অশালীন, অশোভন শব্দৰ ব্যৱহাৰ, ব্যক্তিগত আক্ৰমণ, সমাজৰ কোনো স্তৰৰ লোকক মানসিক আঘাট সনা আদি ৰচনাবোৰ পৰিহাৰ কৰি চলা হব।

৩) 'আখৰ'-ৰ জন্মৰ আঁৰত দুখন ই-আলোচনীৰ অৰিহনা সৰ্বাধিক - এনাজৰী ডট্ কম আৰু সাহিত্য ডট্ অৰ্গ।

৪) ব্যাকৰণ তথা আখৰ-জোঁটনিৰ বাবে ব্যৱহাৰ কৰা গ্ৰন্থ যথাক্ৰমে নিকা অসমীয়া ভাষা(মহেশ্বৰ নেওগ), অসমীয়া আখৰ জোঁটনি(শিৱনাথ বৰ্মন) আৰু হেমকোষ

৫) 'আখৰ'ক কৰা সমালোচনাৰ উত্তৰ প্ৰয়োজনসাপেক্ষে 'আখৰ'ৰ পৃষ্ঠাত প্ৰকাশ কৰাৰ লগতে অন্য প্ৰচাৰ মাধ্যমৰো সহায় লোৱা হব। সুস্থ সমালোচনা আদৰণীয়।

শিতান সমূহ