প্ৰবন্ধ

article 2


অসমীয়া সমাজৰ বিৱৰ্তনৰ লগতে সংস্কৃতিয়েও নতুন নতুন ৰূপ পৰিগ্ৰহণ কৰিছে। অসমীয়া সংস্কৃতিৰ উল্লেখযোগ্য উপাদান ৰঙালী বিহুৱেও অনেক পৰিৱৰ্তন বৰণ কৰিছে। স্বাধীন অসমৰ দ্ৰুত পৰিৱৰ্তিত সমাজৰ লগতে খাপ খাবলৈ ৰঙালী বিহুৱে নানান এৰা ধৰা কৰিব লগা হৈছে। এই এৰা ধৰাৰ মাজেৰে স্বাধীনতাৰ পাছৰ আঢ়ৈকুৰিৰো অধিক কালজোৰা পথ অতিক্রম কৰি ৰঙালী বিহুটো বৰ্তমান যি অৱস্থাত উপনীত হৈছেহি সেয়া ভালেমান দিশৰ পৰা তাৎপৰ্যপূৰ্ণ। ৰঙালী বিহুৰ পৰিৱৰ্তনে আন যি কৰক যি নকৰক, বিহুটোক এক বৃহৎ ব্যৱসায়ৰ কেন্দ্ৰলৈ পৰিগণিত কৰিলে। সাম্প্ৰতিক সময়ৰ ৰঙালী বিহুৰ প্ৰত্যেকটো দিশৰ লগত জৰিত হৈ পৰিছে নানা তৰহৰ ব্যৱসায়।ৰঙালী বিহুৰ পৰিৱৰ্তন সম্পৰ্কত বুদ্ধিজীৱীসকলে যথেষ্ট বিতৰ্কৰ অৱতাৰণা কৰিছে কিন্তু পৰিৱৰ্তনবোৰক বাধা দিব পৰা হোৱা নাই। সাম্প্ৰতিক সময়ত বিহুৰ সমস্ত পুলি পোখা মঞ্চলৈ উঠিছে। বিহুৰ মঞ্চযাত্ৰাৰ বিপক্ষে অসমীয়া সংস্কৃতিৰ একাংশ গৱেষক সময়ে সময়ে সৰৱো হৈছে। পিচে ব’হাগৰ পহিলা তাৰিখৰ পৰা অহাৰ-শাওন মাহলৈকে অসমৰ চুকে কোণে হাজাৰ বিজাৰ বিহুমেলা অনুষ্ঠিত হৈয়ে আছে। এই বিহুমেলাবোৰ এক বিৰাট ব্যৱসায়ৰ কেন্দ্ৰলৈ পৰিগণিত হৈছে। শুনিবলৈ ভাল নালাগিলেও এটা কথা সচাঁ যে এনে সৰহ সংখ্যক বিহুমেলাৰ উদ্যোক্তাসকল হ’ল সংস্কৃতিৰ ভূ ভটং বুজি নোপোৱা স্থল ৰুচিবোধৰ লোক। তথাকথিত নিৱনুৱাৰ সংখ্যাই তাত বেছি। তেওঁলোকে যে দিনেই নিশাই শ্ৰম কৰি বিহুমেলাখন অনুষ্ঠিত কৰে সেয়া সংস্কৃতিপ্ৰেমত উদ্বুদ্ধ হৈ নহয়, তেওঁলোকৰ হাতলৈ সেই সুবাদতে কিছু ধন আহিব লাগিব। তাৰবাবে সকলো প্ৰকাৰৰ সৎ আৰু অসৎ পন্থা তেওঁলোকে অৱলম্বন কৰে। ঠিক চ’ত মাহৰ মাজভাগৰ পৰা অসমৰ সকলো ঠাইতে হাতত চান্দাৰ কুপন লোৱা ডেকা ল’ৰাৰ ত্ৰাস পৰিলক্ষিত হয়। প্ৰয়োজনত মানুহৰ ঘৰত দাবী ধমকিৰেও চান্দা তোলা এনে ডেকাই ৰাস্তাত গাড়ী ভেটি যি চান্দা ত্ৰাসৰ সৃষ্টি কৰে সেয়া এবাৰ ভুগি যোৱা বিহাৰী ট্ৰাক ড্ৰাইভাৰ বিহুৰ সময়ত অসমলৈ দুনাই ট্ৰাক লৈ নাহে । বিহুমেলাৰ মঞ্চ, পেণ্ডেল আদিৰ যোগাৰ বহুসময়ত দাবী হুমকিৰেও হয়। বিহু ৰাণী, বিহু সম্ৰাজ্ঞী আদি প্ৰতিয়োগিতাৰ বিজেতাসকলৰ পুৰস্কাৰ স্থানীয় এম এল এ, নামী ব্যৱসায়ী অথবা যিকোনো বিত্তৱান লোকৰপৰা খুজি অনা হয়। ফলত চান্দাৰ দ্বাৰা সংগৃহীত সৰহ ভাগ ধনেই ৰক্ষা পৰে। অৱশ্যে বিহুমেলাৰ শেষৰ দিনাৰ নিশা গীত গাবলৈ নামী গায়ক মাতিলে কিছু টকা খহে। আজিকালি বিহু কুঁৱৰী, বিহু সাম্ৰাজ্ঞী আদি প্ৰতিয়োগিতাসমূহত উপঢৌকনৰ কাৰবাৰো চলিবলৈ ধৰিছে। ইয়ো বহুতৰ বাবে এক লাভ জনক, গোপন ব্যৱসায়। বিহুগীতৰ ব্যৱসায় অসমৰ মানুহৰ বাবে এটা স্বাভাৱিক বিস্ময় হৈ পৰিছে। আজিকালি বিহুগীতৰ স্বকীয়তা অথবা গুণগত বিশিষ্টতা ৰক্ষাৰ ওপৰত গুৰুত্ব দিবলৈ কাৰো আহৰি নাই। বিগত জীৱনত দহটা শাৰীৰ কবিতা এটা লিখি নোপোৱাজনো বিহুগীতৰ নামী দামী গীতিকাৰ হৈ পৰিছে ব্যৱসায়ৰ ধাণ্ডাত। গায়ক-গায়িকাৰো সীমা সংখ্যা নাই। বৰ্তমান অসমত এটা বছৰত কমেও ৫০টা বিহুগীতৰ কেছেট ওলায়। প্ৰতিটো কেছেটত আঠটাকৈ ধৰিলেও বছৰটোত মুঠ বিহুগীত ৰচিত হয় চাৰিশটা। কিন্তু দুৰ্ভাগ্যজনকভাৱে স্বকীয়তা ৰক্ষিত হয় এমুঠিমান গীততহে। বাকীসকলৰ এইসৱ স্বকীয়তা তকীয়তাৰ কথা নাই ,ব্যৱসায় কৰিব লাগে ,লাভ হ’ব লাগে। এই লাভৰ বাবে চাউলত যদি শিলগুটি মিহলাব লাগে মিহলাই দিছে। অতি সম্প্ৰতি বিহুগীত আৰু নৃত্যৰ এক নতুন ব্যৱসায় আৰম্ভ হৈছে ভিচিডি নিৰ্মাণৰ যোগেদি। দুই এখন ভিচিডিত কিছু পৰিমাণে সংস্কৃতিৰ গোন্ধ ৰক্ষিত নোহোৱাকৈ থকা নাই। কিন্তু সৰহ ভাগতেই স্থূল ৰুচিৰ বিকৃত উপস্থাপন। তেনেকৈয়ে চলিছে এক ব্যতিক্রমী ব্যৱসায়।কৃষিৰ লগত অসমীয়া সমাজৰ সৰহভাগ মানুহৰে সম্পৰ্ক নোহোৱা হৈ অহাৰ লগে লগে অসমীয়া সংস্কৃতিৰ স্বৰূপো চুকুত লগাকৈ সলনি হ’ল। অসমীয়া মানুহৰ স্ব-নিৰ্ভৰশীলতা কমিল। ফলত অসমীয়া সমাজৰ পৰম্পৰাগত সামগ্ৰী কিছুমানৰ ব্যৱসায় আৰম্ভ কৰিছে ভাৰতবৰ্ষৰ অন্য প্ৰদেশৰ চতুৰ ব্যৱসায়ীয়ে। বিহুৰ ভালেমান উপাদান তেনে ব্যৱসায়ৰ ভিতৰুৱা হ’ল। বিহু মাৰিবৰ বাবে পুৰুষে পিন্ধা চুৰিয়া আজিকালি পঞ্জাৱৰ মিলৰপৰা আহে। গামোচাও আহে তাৰেপৰাই। আনকি টঙালি আৰু বিহুৱাৰ চোলাও বাহিৰৰপৰা আমদানি হ’বলৈ ধৰিছে। পুৰণি অসমত গৰুৰ চালেৰে ঢোল চাব জনাটো গৌৰৱৰ কাম বুলি বিবেচিত হৈছিল। কিন্তু শ্ৰম বিভাজনৰ উন্নাসিতাই গ্ৰাস কৰা অসমৰ মানুহে আজিকালি ঢোল চোৱাটো হৰিজন মানুহৰ কাম বুলি ভাবে। এই সুবিধাটো গ্ৰহণ কৰি ভালেমান অনা-অসমীয়া লাভৱান হৈছে। আনকি পেঁপা, বাঁহী, গগণা, সুতুলি আদিও এখন চকুত লগা বজাৰ সৃষ্টি হৈছে।বিহুকেন্দ্ৰিক ব্যৱসায় কিছুমানৰ শুভ দিশো অৱশ্যে নোহোৱা নহয় । গৰু বিহুৰ দিনা গৰুক গা-ধুওৱাৰ পৰম্পৰা অসমীয়া মানুহে যিমানদূৰ সম্ভৱ ৰাখিছে। নহ’লেও চাট এখনকে ঘৰলৈ যিকোনো প্ৰকাৰে আনে। কিন্তু আজিকালি দীঘলতি, মাখিয়তী, থেকেৰা আদি বহু অঞ্চলত পাবলৈ নোহোৱা হ’ল। ফলত সেইবোৰৰ ব্যৱসায় আৰম্ভ হৈছে। বহু ঠাইত তিনিডলীয়া চাট পৰ্যন্ত বনাই বিক্রী কৰা হৈছে। একেদৰে জেতুকা পাতৰ ব্যৱসায় চলিছে। লক্ষ্যনীয়ভাৱে আজিকালি অসমীয়া পৰম্পৰাগত পিঠা, লাৰু আৰু জলপানৰ এক ব্যাপক বজাৰ আৰম্ভ হৈছে। অসমৰ প্ৰায়বোৰ নগৰতে তেনে পিঠা, লাৰু আৰু জলপানৰ পেকেট কিনিবলৈ পোৱা যায়। জল নিষ্কাশন পদ্ধতিৰে সংৰক্ষণযোগ্য কৰি তোলা এই বস্তুবোৰে থলুৱা সংস্কৃতিৰ স্বকীয়তা ৰক্ষাত যথেষ্ট অৱদান যোগায়।অতি দুৰ্ভাগ্যজনকভাৱে ৰঙালি বিহুৰ ঘাই উপাদান হুঁচৰিক সম্প্ৰতি ব্যৱসায়লৈ ৰূপান্তৰ কৰা হৈছে। হুঁচৰি হ’ল এক মাংগলিক আচাৰ। মানুহ বিহুৰ দিনা গাঁৱৰ হুঁচৰি দলে গাঁৱত প্ৰতিঘৰৰ চোতলত হুঁচৰি গাই বছৰটোৰ বাবে মংগল কামনা কৰে। তেনে হুঁচৰি দলক গৃহস্থই সামান্য মাননি আৰু গুৱা-পানেৰে সেৱা জনায়। এতিয়া কিন্তু হুঁচৰিৰ সকলো পূৰ্ব পৰম্পৰা লোপ হৈ সেই ‘মাননিটোহে গুৰুত্বপূৰ্ণ হৈ পৰিল। পূৰ্ব-পৰম্পৰা সম্পৰ্কত বিশিষ্ট অভিনেতা ইন্দ্ৰ বনিয়াই লিখিছে নতুন গেঞ্জী চোলা পিন্ধি মানুহ হুঁচৰি গাই উঠি বিহু মাৰিবলৈ ঘৰৰ গৃহস্থৰ অনুমতি লৈছিল। মাননিৰ দাবী কেৱল বিহুগীতৰ ফাঁকিবোৰৰ মাজতহে আবদ্ধ আছিল। গৃহস্থই যি দিছিল সেয়াই গ্ৰহণ কৰিছিল। পিছত সেই মাননিৰ ধন সামাজিক উন্নয়নৰ কামত ব্যৱহৃত হৈছিল।(‘নতুন সময়’, বিহু বিশেষ সংখ্যা, ২০০০চন) এতিয়া আৰু সেই ৰীতি নাই। এতিয়া হুঁচৰি হ’ল চান্দা তোলাৰ এক অভিনৱ মাধ্যম। এই প্ৰসঙ্গত ডিম্বেশ্বৰ গগৈয়ে লিখিছে হুঁচৰি দল বিলাকে কোনো নীতি-নিয়ম নমনা হ’ল। ধন সংগ্ৰহৰ বাবে ডেকাহঁতে হুঁচৰি দল গঠন কৰে। তদুপৰি ধন সংগ্ৰহৰ উদ্দেশ্যে ধনী, অৱস্থাপন্ন তথা মন্ত্ৰী বিধায়ক আদিৰ ঘৰতো বিশেষ উৎসাহেৰে হুঁচৰি গোৱা দেখা যায়। অতি পৰিতাপৰ কথা যে হুঁচৰিক মান সৎকাৰ কৰিব নজনা অনা অসমীয়া ধনী ব্যৱসায়ী বা বিষয়া আদিৰ ঘৰতো হুঁচৰি গোৱা দেখা যায়। উদেশ্যে ধন সংগ্ৰহ। এয়া অসমীয়া বিহু সংস্কৃতিৰ প্ৰতি কৰা চৰম মৰ্যদা হানিকৰ কাৰ্য। হুঁচৰি ব্যৱসায়ৰ আহিলাৰূপে ব্যৱহাৰ কৰাতো হুঁচৰিৰ প্ৰতি কৰা চৰম অৱামাননাৰ পৰিচায়ক। (‘তিনিদিনীয়া অগ্ৰদূত’, বিহু বিশেষ সংখ্যা , ১৯৯৯)। এনে অৰ্থ লুভি হুঁচৰিৰ দলে গাঁৱৰ দুখীয়া মানুহৰ ঘৰত হুঁচৰি গাবলৈ সংকোচ কৰে। ফলত সমাজত এক আচহুৱা ভেদ-ভাৱৰ সৃষ্টি হোৱাৰ সম্ভাৱনাও প্ৰৱল। আৰু অনেক বস্তুৰ ব্যৱসায় বিহুক কেন্দ্ৰ কৰি আৰম্ভ হৈছে। কিছুমান বস্তুৰ বিক্রীৰ মাত্ৰা আকৌ বিহুৰ কেইদিনতে অভাৱনীভাৱে বৃদ্ধি পায়। সেই বস্তুৰ তালিকাত নিচাযুক্ত পানীয়কো ধৰিব পাৰি। সেইবোৰ অন্য এক আলোচনা বিষয় হ’ব পাৰে। বিহুৰ মূল বস্তুবোৰক লৈ আৰম্ভ হোৱা নিন্দনীয় আৰু আদৰণীয় ব্যৱসায়সমূহৰ বিষয়ে ওপৰত থূলমূলকৈ আলোচনা কৰা হ’ল। এই ব্যৱসায় সমূহৰ অবাধ গতিয়ে এদিন যে বিহুৰ ইতিহাস সলনি কৰি পেলাব সেয়া নিশ্চিত। অসমীয়া মানুহে প্ৰকৃত সংস্কৃতি প্ৰেমত উদ্বুদ্ধ হৈ এইসমূহ নিয়ন্ত্ৰণ নকৰিলে বিহুৱে বিকৃত ৰূপ ধাৰণ কৰাৰ সম্ভাৱনাই অধিক।

article 2


অসমীয়া কাব্য সাহিত্যই জোনাকী আলোচনীৰ জড়িয়তে লাভ কৰা আধুনিক চিন্তা-ধাৰণা সময়ৰ পৰিবৰ্তনৰ লগে লগে বিকশিত হ’বলৈ আৰম্ভ কৰিলে। প্ৰাচীন ধ্ৰুপদী সাহিত্যৰ পৰম্পৰাৰপৰা আঁতৰি আহি অসমীয়া কবিতাই এক নতুন পৰিমণ্ডলত প্ৰবেশ কৰিবলৈ সক্ষম হ’ল। জোনাকীৰ যোগেদি প্ৰবেশ কৰা অসমীয়া কবিতাক ৰোমাণ্টিক কবিতা বুলি জনা যায়। এই ৰোমাণ্টিক কবিতা আছিল প্ৰেম, প্ৰকৃতি, আবেগ, কপ্লনা আদি বিভিন্ন দিশৰ সমাহাৰেৰে পৰিপূৰ্ণ। অসমীয়া পাঠক সমাজে এইশ্ৰেণীৰ কবিতাৰ মাজত নতুন কাব্যস্বাদ লাভ কৰিবলৈ সক্ষম হৈছিল আৰু সেইবোৰ অন্তঃকৰণেৰে আকোঁৱালি লৈছিল। ঊনবিংশ শতিকাৰ শেষৰ ফালে আৰম্ভ হৈ বিংশ শতিকাৰ চতুৰ্থ দশকলৈকে অসমীয়া সাহিত্যৰ ৰোমাণ্টিক যুগটো অধিক প্ৰভাৱশালী হৈ উঠিছিল। জোনাকীৰ লগতে ঊষা, বিজুলী, বাঁহী, আবাহন আদি আলোচনীয়ে এই সময়ছোৱাত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। দৰাচলতে অসমীয়া সাহিত্যৰ আধুনিক যুগৰ বুনিয়াদ ৰচনা কৰাৰ ক্ষেত্ৰত আলোচনীসমূহে বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। সময়ৰ পৰিবৰ্তনৰ লগে লগে মানুহৰ চিন্তাধাৰালৈও পৰিবৰ্তন আহিবলৈ আৰম্ভ কৰে। এইক্ষেত্ৰত সমাজ-জীৱনলৈ অহা বিভিন্ন পৰিবৰ্তনে সাৰ-পানী যোগান ধৰে। অসমীয়া কবিতাই জোনাকীৰ জড়িয়তে যি ৰোমাণ্টিকতাৰ সাজ পৰিধান কৰিলে সেই সাজ লাহে লাহে পুৰণি হৈ আহিবলৈ ধৰিলে। দুখনকৈ বিশ্বযুদ্ধ, বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ নিত্য-নতুন আবিস্কাৰ, ভাৰতৰ স্বাধীনতা আন্দোলন আদিয়ে এইক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিলে। মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা অহিংসা আন্দোলনে জনজগণৰ মাজলৈ স্বাধীনতাৰ আকাংক্ষা বোৱাই আনিলে, বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ নিত্য-নতুন আবিস্কাৰে মানুহৰ চিন্তাধাৰাক অধিক বাস্তৱমুখী কৰিবলৈ আৰম্ভ কৰিলে, দুখনকৈ বিশ্বযুদ্ধৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱে মানুহৰ মন আৰু মানসিকতাৰ মাজত পৰিবৰ্তনৰ বতাহ বোৱাই আনিলে। ফলস্বৰূপে মূল্যবোধৰ ৰূপান্তৰ ঘটিল। ইয়াৰ লগতে সমান্তৰালভাৱে অসমীয়া সাহিত্যলৈ ৰোমাণ্টিক আন্দোলনৰ ঢল বোৱাই অনা কবিসকলৰো ভালেকেইজনৰ মৃত্যু ঘটিল। লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা প্ৰভৃতি কবি-সাহিত্যিকসকলৰ বিংশ শতিকাৰ চতুৰ্থ দশকতে দেহাৱসান ঘটে। ওপৰৰ বিভিন্ন কাৰকৰ ফলশ্ৰুতিত অসমীয়া কবিতাই পূৰ্বৰ ৰোমাণ্টিক পৰিমণ্ডলৰ পৰা আঁতৰি আহিবলৈ আৰম্ভ কৰিলে। মানুহে আবেগৰ পৰিবৰ্তে বাস্তৱ আৰু যুক্তিক অগ্ৰাধিকাৰ দিবলৈ আৰম্ভ কৰিলে। এই সময়ছোৱাতে নতুনৰ দুৱাৰ মুকলি কৰিবলৈ জয়ন্তী, পছোৱা আৰু তাৰপিছত ৰামধেনু আলোচনীৰ প্ৰকাশ ঘটিল। বিংশ শতিকাৰ পঞ্চাশৰ দশকৰ আৰম্ভণিতে প্ৰকাশ লাভ কৰা ৰামধেনু আলোচনীখনে অসমীয়া সাহিত্যলৈ এক বৈপ্লৱিক পৰিবৰ্তন কঢ়িয়াই আনিবলৈ সক্ষম হ’ল। ইয়াতে অসমীয়া কবিতায়ো এক নতুন সুঁতিৰে যাত্ৰাৰ পাতনি মেলিলে।

ৰামধেনুৰ কবিসকল :

ৰামধেনুৰ পাতত কাব্যচৰ্চা কৰা কবিসকল সম্পূৰ্ণৰূপে আধুনিক ধ্যান-ধাৰণাৰে পৰিপুষ্ট আছিল। তেওঁলোকে পূৰ্বৰ ৰোমাণ্টিক কবিসকলৰ প্ৰতি প্ৰচণ্ড অভিমান কঢ়িয়াই ফুৰিছিল। এই কবিসকল সমাজৰ বিভিন্ন দিশৰ প্ৰতি অত্যন্ত সচেতন আছিল। সমাজ জীৱনৰ উপৰিও ব্যক্তিজীৱনৰ বিভিন্ন দিশৰ প্ৰতিও বহুপৰিমাণে সচেতন আছিল। ৰামধেনুৰ কবিসকলৰ ভিতৰত প্ৰতিনিধিত্বমূলক কেইজনমান কবি হ’ল হোমেন বৰগোহাঞি, মহেন্দ্ৰ বৰা, নৱকান্ত বৰুৱা, হেম বৰুৱা, নীলমণি ফুকন, নলিনীধৰ ভট্টাচাৰ্য, মেদিনী চৌধুৰী, দিনেশ গোস্বামী, যাদৱ বৰদলৈ, হৰি বৰকাকতী, বীৰেণ বৰকটকী, বীৰেশ্বৰ বৰুৱা, ৰাম গগৈ, নিৰ্মলপ্ৰভা বৰদলৈ, হীৰেন গোহাঁই, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, চৈয়দ আব্দুল মালিক আদি। এইসকল কবিৰ কাব্যচেতনা বিভিন্ন শাখা-প্ৰশাখাত বিভক্ত।

ৰামধেনুৰ কবিতাত সমাজ-চেতনা :

সাহিত্যক সমাজৰ দাপোণ বুলি বিভিন্ন সময়ত বিভিন্নজন পণ্ডিতে মতামত আগবঢ়াই আহিছে। সমাজত সংঘটিত হোৱা বিভিন্ন পৰিঘটনাই সমকালীন সাহিত্যত প্ৰকাশ লাভ কৰে। ৰামধেনু প্ৰকাশৰ সময়ছোৱা আছিল অসমীয়া জাতীয় জীৱনৰ বাবে বিভিন্ন দিশৰ পৰা গুৰুত্বপূৰ্ণ সময়। এই সময়ছোৱাতে দেশে স্বাধীনতা লাভৰ পথত অগ্ৰসৰ হৈছিল। ন ন শিক্ষাৰে শিক্ষিত নতুন চাম কবিৰ চেতনাত এই সময়ছোৱা অভিনৱ ৰূপত ধৰা দিছিল। দেশে স্বাধীনতা লাভ কৰিলে; বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰ ঘটিল; সমাজত ধনী আৰু দুখীয়া এই দুই শ্ৰেণীৰ লোকৰ আবিৰ্ভাৱ ঘটিল। ধনী শ্ৰেণীটোৱে দুখীয়া শ্ৰেণীৰ ওপৰত নানা ধৰণেৰে শোষণ কৰিবলৈ আৰম্ভ কৰিলে। ধনী শ্ৰেণীটো ক্রমাৎ ধনী হৈ গৈ থাকিল আৰু দুখীয়া শ্ৰেণীটো দুখীয়া হৈ গৈ থাকিল। মানুহৰ জীৱনত আবেগৰ পৰিবৰ্তে অন্ন, বস্ত্ৰ, বাসস্থান, সংগ্ৰাম আদি বিভিন্ন দিশে অধিক গুৰুত্ব লাভ কৰিবলৈ ধৰিলে। এনেবোৰ বিভিন্ন কাৰকৰ প্ৰভাৱত অসমীয়া কাব্যজগতত সমাজ-চেতনাৰ প্ৰতিফলন ঘটিবলৈ ধৰিলে।ৰামধেনুৰ পাতত নতুনকৈ জন্ম লোৱা সমাজ-সচেতন ধাৰাটোৰ অন্তৰ্গত কবিতাসমূহৰ ভিতৰত প্ৰথমভাগত প্ৰকাশিত কবিতাসমূহত প্ৰগতিবাদী ধাৰাটো জনপ্ৰিয় হৈ উঠা পৰিলক্ষিত হ’ল। জয়ন্তীৰ পাততে প্ৰথমবাৰৰ বাবে এই প্ৰগতিবাদী ধাৰাটোৱে জন্মলাভ কৰিছিল। অমূল্য বৰুৱা, ভবানন্দ দত্ত, হেম বৰুৱা আদি কবিসকলৰ কবিতাত এই প্ৰগতিবাদে প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হ’ল। ৰামধেনুত এই প্ৰগতিবাদে কিছুপৰিমাণে পৰিশীলিত ৰূপ লাভ কৰিলে। সমাজৰ মানুহৰ দুখ-যন্ত্ৰণাক ৰামধেনুৰ কবিসকলে সহৃদয়তাৰে উপলব্ধি কৰিছিল। পঞ্চম বছৰ দশম সংখ্যাত প্ৰকাশিত ৰুদ্ৰ গোস্বামীৰ সাধাৰণ মানুহৰ কবিতা কবিতাটোৰ জয়ন্তীৰ পাতত জন্ম লোৱা প্ৰগতিবাদৰ মিশ্ৰিত গোন্ধ লক্ষ্য কৰা যায়। সমাজত বাস কৰা সাধাৰণ মানুহবোৰৰ জীৱনৰ হীনতা, হতাশা, কাৰুণ্য আদিৰ ছবি কবিতাটোত প্ৰতিফলিত হৈছে। এহাতে জীয়াই থকাৰ তাড়নাত মানুহবোৰে কদৰ্য আৰু যন্ত্ৰণাময় জীৱনক আকোঁৱালি লৈছে। আনহাতে সমাজৰ মুখাপিন্ধা ভদ্ৰলোকসকলে সততাৰ ঢাকঢোল বজাই সাধাৰণ মানুহৰ ওপৰত নিজৰ আধিপত্য বজাই ৰাখিছে। এনেবোৰ দিশৰ কবিতাটোত প্ৰতিফলন ঘটিছে। প্ৰকৃতাৰ্থত অসমীয়া কবিতালৈ প্ৰগতিবাদী ধাৰাটোৰ যোগেদিয়েই পৰৱৰ্তী সময়ত সমাজ-চেতনাৰ ঢল নামি আহিল বুলি ভাবিব পাৰি। তলৰ আলোচনাত ৰামধেনুৰ কেইজনমান প্ৰভাৱশালী কবিৰ কবিতাত সমাজ-চেতনাৰ এক আভাস দিয়াৰ প্ৰয়াস কৰা হ’ল।

যাদৱ বৰদলৈ :

ৰামধেনুৰ পঞ্চম বছৰৰ প্ৰথম সংখ্যাতে যাদৱ বৰদলৈৰ নিত্য বৰ্তমান কবিতাটোতো ৰুদ্ৰ গোস্বামীৰ কবিতাৰ দৰেই একেধৰণৰ চেতনাৰ আভাস পোৱা যায়। তেওঁৰ স্ব-ভঙ্গ নামৰ কবিতাটোত (পঞ্চম বছৰ তৃতীয় সংখ্যা) ভোগবাদে চানি ধৰা সমাজত মানুহৰ সপোন ভাগিছে। সমাজ চেতনাৰ ইংগিত বহন কৰা তেওঁৰ আন এটা কবিতা হৈছে সেতুবন্ধন (পঞ্চম বছৰ একাদশ সংখ্যা)। যাদৱ বৰদলৈৰ যৌৱন পৃথক দৃষ্টিভংগীৰে ৰচিত সমাজ চেতনাৰ প্ৰতিফলন ঘটা আন এটা উল্লেখযোগ্য কবিতা। সমাজৰ ভৱিষ্যতৰ আশাৰ আশাৰ প্ৰতিনিধিস্বৰূপ নতুন প্ৰজন্মৰ যৌৱনোদীপ্ত যুৱক চামৰ এক সমাজমুখী চিন্তাৰ উল্লেখনেৰে তেওঁ কবিতাটো ৰচনা কৰিছে। ষষ্ঠ বছৰ একাদশ সংখ্যাত প্ৰকাশিত তেওঁৰ অহল্যা কবিতাটো কংস, ৰাৱন আদি মহাকাব্যিক চৰিত্ৰৰ পটভূমিত আধুনিক জীৱনৰ নেতিবাচক চৰিত্ৰই কলুষিত কৰাৰ এক সজীৱ বৰ্ণনাৰ আধাৰত ৰচিত। ৰাতিৰ মৃত্যু- ৰাজ্যত কবি সাৰে আছে। এই মৃত্যুৰ ৰাজ্য হ’ল দুৰ্নীতি, অৰাজকতা, মানৱতাৰ অপমৃত্যু আদিৰে পৰিপূৰ্ণ সমকালীন সমাজ-ব্যৱস্থাৰ এক প্ৰতীকি প্ৰকাশ। তীব্ৰভাৱে সমাজ-চেতনাৰ প্ৰতিফলন ঘটা যাদৱ বৰদলৈৰ মেঘমল্লাৰ (সপ্তম বছৰ সপ্তম সংখ্যা) কবিতাটোত কবিয়ে নিজকে যুগৰ জাৰজ সন্তান বুলি আত্মবিশ্লেষণ কৰিছে। জীৱনৰ আৰু শান্তিৰ প্ৰয়োজনত তেওঁ হাজাৰ শানিত বাঘনখৰ দৰে অস্ত্ৰৰে নিজকে সুসজ্জিত কৰি প্ৰত্যাহ্বানৰ বাবে সাজু হৈছে।

হেম বৰুৱা :

পঞ্চম বছৰৰ দ্বিতীয় সংখ্যাত প্ৰকাশিত হেম বৰুৱাৰ যাত্ৰাৰ শেষ নাই এই শ্ৰেণীৰ আন এটা উল্লেখযোগ্য কবিতা। কবিতাটোত মানুহে নিজৰ প্ৰাপ্যৰ বাবে যে বিদ্ৰোহ, বিপ্লৱ আদিৰ আশ্ৰয় ল’ব লগাত পৰিছে তাৰ এক আভাস পোৱা যায়। হেম বৰুৱা আছিল এজন সমাজ-সচেতন কবি। তেওঁৰ ৰামধেনুত প্ৰকাশিত প্ৰায়বোৰ কবিতাতে সমাজৰ নিপীড়িত মানুহৰ প্ৰতি এক সহমৰ্মিতাৰ দৃষ্টি বোলাই যোৱা দেখা যায়। তেওঁ বালিচন্দা (পঞ্চম বছৰ পঞ্চম সংখ্যা) কবিতাত অসমীয়া সভ্যতা-সংস্কৃতিৰ বাহকস্বৰূপ ব্ৰহ্মপুত্ৰ নদীখনক তোষামোদৰ জড়িয়তে বালিচন্দাৰ দৰে অৱহেলিত মানৱ জীৱনৰ ছবি অংকন কৰিছে। পঞ্চম বছৰ অষ্টম সংখ্যাত প্ৰকাশিত মোৰ প্ৰেম কবিতাটোত জীৱন, বাস্তৱ, হিচাপ আদিৰ জটিলতাই কবিৰ প্ৰেমত আউল লগাইছে।সমাজ-চেতনাৰ প্ৰতিফলন ঘটা হেম বৰুৱাৰ উৎকৃষ্ট কবিতাসমূহৰ ভিতৰত জাৰৰ দিনৰ সপোন অন্যতম (পঞ্চম বছৰ দশম সংখ্যা)। কবিতাটোত অসমীয়া প্ৰগতিবাদী কবিতাৰ এক গুঞ্জন শুনিবলৈ পোৱা যায়। সমাজৰ শোষক শ্ৰেণীটোক তেজপিয়াৰ লগত তুলনা কৰিছে। অসমীয়া লোক কবিতাৰ আৰ্হি মাজে মাজে ব্যৱহাৰ কৰা এই কবিতাটোত আশাবাদৰ সুৰ ধ্বনিত হৈছে। সপ্তম বছৰ তৃতীয় সংখ্যাত প্ৰকাশিত তেওঁৰ মমতাৰ চিঠি কবিতাটোত এগৰাকী বিধ্বা নাৰীৰ মৰ্মবেদনাৰ প্ৰাণময় ছবি অংকিত হৈছে। ইতিহাস-চেতনাৰ যোগেদি সমাজ চেতনাৰ প্ৰকাশ ঘটা ছাইমুম (সপ্তম বছৰ নৱম সংখ্যা) কবিতাটোত আশাবাদ, বিপ্লৱ আদিৰ প্ৰতিফলন ঘটিছে। সমাজৰ শোষক শ্ৰেণীয়ে গাঁৱৰ মাধৈমালতীৰ দৰে নানা জীয়ৰীৰ সৰলতাক নিমিষতে কাঢ়ি নিয়ে। তেওঁলোক হৈ পৰে নিঃস্ব আৰু নিসহায়। এইধৰণৰ চিন্তাৰ প্ৰতিফলন ঘটাই হেম বৰুৱাই ৰামধেনুৰ অষ্টম বছৰ চতুৰ্থ সংখ্যাত ইত্যাদি নামৰ এটা কবিতা ৰচনা কৰে। অষ্টম বছৰ একাদশ সংখ্যাত প্ৰকাশিত নতুন পোহৰ কবিতাটোত যুগৰ আহ্বানত মৃত্যুনাশী জীৱনৰ অভিযানে আশাৰ ৰেঙণি কঢ়িয়াই আনিবলৈ অভিযান আৰম্ভ কৰিছে। ইয়াতো আশাবাদৰ সুৰ স্পষ্ট। নৱম বছৰ দ্বিতীয় সংখ্যাত প্ৰকাশিত তেওঁৰ উপকণ্ঠ কবিতাত শ্ৰমজীৱী সাধাৰণ মানুহৰ জীৱন ফুটি উঠিছে। আধুনিক মানুহৰ অজ্ঞতাক ইতিকিং কৰি ৰচিত এটা সাপ (নৱম বছৰ পঞ্চম সংখ্যা) প্ৰখৰ সমাজ-চেতনাযুক্ত কবিতা।সময় সলনি হৈছে। সলনি হৈছে মানুহৰ মন আৰু মানসিকতাৰ। প্ৰকৃতিৰ স্নিগ্ধতা উপভোগ কৰাৰ মানসিকতাও কঠোৰ বাস্তৱে হেৰুৱাই পেলাইছে। কবিৰ অনুভূতিত জোনবাই হৈ পৰিছে ‘‘কোনো এক নিৰুদ্দেশ অতীতৰ মলঙা পোহৰ’’। (লক্ষ্মী পূৰ্ণিমা দশম বছৰ সপ্তম সংখ্যা)।

নৱকান্ত বৰুৱা :

ৰামধেনু যুগৰ প্ৰভাৱশালী কবিসকলৰ ভিতৰত নৱকান্ত বৰুৱাৰ নাম বিশেষভাৱে উল্লেখযোগ্য। প্ৰখৰ সমাজ চেতনাৰ অধিকাৰী এইজনা কবিৰ প্ৰায়সংখ্যক কবিতাতেই সমাজ-সচেতন দৃষ্টিভংগী অতি স্পষ্টৰূপত প্ৰতিফলিত হৈছে। আধুনিক পতনমুখী সমাজ ব্যৱস্থাৰ প্ৰতি থকা তীব্ৰ বিষোদগাৰক তেওঁৰ কবিতাৰ প্ৰধান আধাৰ বুলি ক’ব পাৰি। ৰামধেনুৰ পঞ্চম বছৰৰ প্ৰথম সংখ্যাত প্ৰকাশিত তেওঁৰ মহাকাব্যৰ পাণ্ডুলিপি কবিতাটোত সমাজ-চেতনাৰ লগতে বিভিন্ন দিশৰ প্ৰতিফলন ঘটিছে। ইতিহাস-চেতনা, মৃত্যু-চেতনা, জীৱনৰ মূল্যায়ন, আশাবাদ আদি বিভিন্ন চিন্তাৰ সমাহাৰেৰে এই কবিতাটোৱে অসমীয়া কাব্যসাহিত্যক এক বিশেষ মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে। পঞ্চম বছৰৰ অষ্টম সংখ্যাত প্ৰকাশিত নিদান সম্পূৰ্ণৰূপত সমাজ-চেতনাৰে ভৰা এটা সাৰ্থক কবিতা। খ্ৰীষ্টমাছৰ দিনটোৰ পটভূমিত ৰচিত তেওঁৰ পঁচিশ ডিচেম্বৰ (পঞ্চম বছৰ নৱম সংখ্যা) কবিতাটোতো সমাজ-চেতনাৰ প্ৰতিফলন দেখা পোৱা যায়। he Earth That is Sufficient নামৰ কবিতা (ষষ্ঠ বছৰ চতুৰ্থ সংখ্যা)ৰ যোগেদি কবিয়ে পৃথিৱীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছে; কাৰণ তেওঁ পৃথিৱীক ভালপোৱা দিব পৰা নাই। তেওঁ অপাৰগ। বাস্তৱৰ জটিলতাৰ বাবে প্ৰেমৰ জাহ্নৱী আহি জীৱন ধুৱালেও তেওঁ মনৰ ক্লেদ গুচাব পৰা নাই। কাৰণ সমাজৰ বিভিন্ন দিশত ঘটি থকা অমানৱীয় কাৰ্যকলাপে তেওঁক হতাশ কৰিছে। সপ্তম বছৰ সপ্তম সংখ্যাত প্ৰকাশিত বোধিধ্ৰুমৰ খৰি কবিতাত কবিয়ে উপলব্ধি কৰিছে যে পোহৰতো মানৱ সমাজে শান্তি লাভ কৰিব পৰা নাই; অথবা অগ্নিৰ পৰাও উপযুক্ত আশ্ৰয় লাভ কৰিব পৰা নাই। মানুহৰ জীৱনৰ, মানুহৰ সপোনৰ মূল্য ক্রমাৎ নাইকিয়া হ’বলৈ আৰম্ভ কৰিছে। ভৱিষ্যতৰ সোণালী সপোন কঢ়িয়াই ফুৰা শিশুৰ মুখৰ হঁহিবোৰ অভাৱ নামৰ দস্যুটোৱে কাঢ়ি নিবৰ উপক্রম হৈছে। কবিয়ে উপলব্ধি কৰিছে যে বাস্তৱৰ যান্ত্ৰিকতাই তেওঁৰ দৰে মানুহক হতাশ কৰিছে। সেয়েহে তেওঁ প্ৰকৃত সুখ আৰু শান্তিৰ আধাৰ হিচাপে সমাজৰ সাধাৰণ শ্ৰেণীৰ মানুহক বাছি লৈছে; যিসকলে জীৱনৰ প্ৰতিটো ক্ষণতেই শিশুৰ দৰে মহামূঢ় স্বভাৱটো কঢ়িয়াই লৈ ফুৰে তেওঁলোকৰ মাজতে বিচাৰি পাইছে। ৰামধেনুৰ অষ্টম বছৰ একাদশ সংখ্যাত নৱকান্ত বৰুৱাই আধাডজন কবিতা নামেৰে চুটি চুটি কিছুমান কবিতা ৰচনা কৰিছিল। এই কবিতাসমূহৰ মাজত সমাজ-চেতনা প্ৰতিফলিত হোৱা দেখা যায়। মাছ, মাছ ধৰা মানুহ, মেকুৰী, নদী, শস্য আদি বিভিন্ন প্ৰতীকৰ মাধ্যমেৰে সমাজৰ মানুহ, মানুহৰ জীৱন আদিক অংকন কৰাৰ প্ৰয়াস কৰিছে। আইলৈ চিঠি নৰকৰ পৰা (দশম বছৰ সপ্তম সংখ্যা) তেওঁৰ এক নতুন আংগিকৰ কবিতা। কবিয়ে ব্যভিচাৰেৰে ভৰা পৃথিৱীখনক নৰকৰ লগত তুলনা কৰিছে। কবিতাটোত পৃথিৱীৰ দুৰ্বিসহ জীৱনৰ বৰ্ণনাৰে প্ৰয়াত মাতৃলৈ এখন চিঠি লিখিছে।

মহেন্দ্ৰ বৰা :

মহেন্দ্ৰ বৰা ৰামধেনু যুগৰ আন এজন প্ৰভাৱশালী সমাজ-সচেতন কবি। কপৌ আৰু শগুণ (পঞ্চম বছৰ দ্বিতীয় সংখ্যা) কবিতাটোত তেওঁ সমাজৰ অস্থিৰতাক কপৌ আৰু শগুণৰ উপমাৰে প্ৰতিফলিত কৰাৰ প্ৰয়াস কৰিছে। কপৌ শান্তিৰ প্ৰতীক হোৱাৰ বিপৰীতে শগুণ হৈছে ধ্বংসৰ প্ৰতীক। এই দুই প্ৰতীকৰ মাধ্যমেৰে তেওঁ পংগু মানৱতাৰ সভ্যতাক অতি উচ্চস্তৰত নিন্দা কৰিছে। তেওঁৰ দেৱদাসী (পঞ্চম বছৰ নৱম সংখ্যা) নামৰ কবিতাত স্খলিত সমাজৰ প্ৰসঙ্গ উত্থাপিত হৈছে। ষষ্ঠ বছৰ দ্বিতীয় সংখ্যাত প্ৰকাশিত তেওঁৰ কেৰাণী শ্যেলীৰ চিঠি কবিতাত এজন কেৰাণীৰ জীৱন গাঁথা ৰূপায়ণ কৰাৰ প্ৰয়াস কৰিছে। সামান্য পাৰিতোষিক লাভ কৰা কেৰাণী শ্ৰেণীৰ মানুহৰ জীৱন নানা সমস্যাৰে ভাৰাক্রান্ত। ৰেশ্যন কাৰ্ড, পে’-স্কেল আদি বিভিন্ন প্ৰসঙ্গই তেওঁলোকৰ জীৱন উত্তাল কৰি ৰাখে। কবিয়ে এই কেৰাণী শ্ৰেণীটোৰ জীৱনক সহমৰ্মিতাৰে কবিতাটোত প্ৰতিফলিত কৰাৰ প্ৰয়াস কৰিছে। নতুন সমাজে সময়, অতীত, ইতিহাস আদিক উচিতভাৱে মূল্যায়ণ কৰিব পৰা নাই। ফলত কবিৰ মন আৰু বাস্তৱৰ মাজত এখন ৰণ সংঘটিত হৈছে। আসন্ন মৰণৰ প্ৰতীক্ষাত কবিৰ সত্ত্বাই উপনিষদৰ পানী পান কৰে। নতুন সমাজৰ হাতৰ শিলৰ টুকুৰা পৰি সমাজৰ পুখুৰীৰ পানী ঘোলা হয়। এনেবোৰ প্ৰসঙ্গৰ উপস্থাপনেৰে মহেন্দ্ৰ বৰাই ৰচনা কৰা শিলালিপি (ষষ্ঠ বছৰ নৱম সংখ্যা) কবিতাটিৰ মাজত সমাজ-চেতনা প্ৰতিফলিত হৈছে। ৰামধেনুৰ সপ্তম বছৰ তৃতীয় সংখ্যাত প্ৰকাশিত তেওঁৰ বিদায় নিশাৰ এপিটাফ কবিতাত চৌদিশৰ আতংকময় পৰিবেশে কঢ়িয়াই অনা অনিশ্চয়তাই মানৱ জীৱনক কেনেদৰে ব্যতিব্যস্ত কৰি তুলিছে সেয়া প্ৰতিফলন ঘটিছে। নতুন পুৱাৰ প্ৰতীক স্বৰূপ অনাগত সুখৰ দিনবোৰৰ আশাত কবিয়ে আতংকৰ প্ৰতীকস্বৰূপ এটা দুখৰ ৰাতিক বিদায় জনাব খুজিছে। নতুন আৰু পুৰণি মানুহৰ মূল্যবোধ আৰু চিন্তাধাৰাৰ দ্বদ্বক ৰামধেনু যুগৰ সাহিত্যৰ এক সামগ্ৰিক বিশেষত্ব বুলিব পাৰি। কবিৰ এনে চিন্তা দেখা পোৱা যায় পুৰণি মানুহ (সপ্তম বছৰ দ্বাদশ সংখ্যা) কবিতাত।

ৰাম গগৈ :

অসমীয়া কাব্য সাহিত্যত পথাৰ কবি হিচাপে খ্যাত ৰাম গগৈৰ কবিতাত সমাজৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ জীৱন অতি সাৰ্থকভাৱে ৰূপায়িত হৈছে। ৰামধেনুৰ পাতত প্ৰকাশিত তেওঁৰ কবিতাত সমাজ-চেতনা অতি স্পষ্টৰূপত প্ৰতিফলিত হোৱা দেখা যায়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই সমাজৰ হিত সাধন কৰাৰ লগতে সমান্তৰালভাৱে সমাজক ধ্বংসৰ গৰাহলৈও ঠেলি দিছে। বিজ্ঞানৰ এক অসাধাৰণ সৃষ্টি এটম বোমাক পৃথিৱীৰ জাৰজ সন্তান বুলি অভিহিত কৰি ৰাম গগৈয়ে ৰচনা কৰা এটম বোম (ষষ্ঠ বছৰ তৃতীয় সংখ্যা) কবিতাত বিশ্বৰ কৰুণতম ইতিহাসৰ সাক্ষী হিৰোশ্চিমা আৰু নাগাচাকিৰ সাধাৰণ মানুহৰ হাঁহাকাৰৰ ছবি অংকিত হৈছে। তেওঁৰ আশা (অষ্টম বছৰ অষ্টম সংখ্যা) নামৰ কবিতাত মানুহৰ আশা আৰু নিৰাশাৰ দ্বদ্বৰ প্ৰতিফলন ঘটিছে। দিনান্তত (নৱম বছৰ দ্বিতীয় সংখ্যা), জিজ্ঞাসা (নৱম বছৰ চতুৰ্থ সংখ্যা), এখন চিঠিৰ উত্তৰত (নৱম বছৰ সপ্তম সংখ্যা) ইত্যাদি কবিতা হাতাশা, বিষাদ আদিক আধাৰ হিচাপে লৈ ৰচিত।যান্ত্ৰিক হৈ পৰা আধুনিক সমাজৰ জটিলতাই মানৱতাক পংগু কৰি তোলাত কবি হতাশ হৈছে। এই জটিলতাৰ পৰা মুক্তি আহ্বান কৰি তেওঁ টিপলিং (দশম বছৰ দশম সংখ্যা), মুক্তি (একাদশ বছৰ প্ৰথম সংখ্যা) আদি কবিতা ৰচনা কৰিছিল।

হোমেন বৰগোহাঞি :

বিশেষভাৱে গদ্য সাহিত্যৰ ক্ষেত্ৰতখনত বিগত কেইবাদশক জুৰি আধিপত্য বিস্তাৰ কৰি অহা হোমেন বৰগোহাঞিয়ে ৰামধেনুত ভালেসংখ্যক কবিতা ৰচনা কৰি অসমীয়া কাব্য সাহিত্যতো নিজৰ এক পৰিচিতি ৰাখি যাবলৈ সক্ষম হয়। সৃষ্টিশীল সাহিত্যত সমাজ-সচেতনতাৰ পৰিচয় দিয়া বৰগোহাঞিৰ ভালেসংখ্যক কবিতা এই চেতনাৰে সমৃদ্ধ। ৰামধেনুৰ ষষ্ঠ বছৰ তৃতীয় সংখ্যাত প্ৰকাশিত মহানগৰ এই ধাৰাৰ এক উচ্চস্তৰৰ কবিতা। মহানগৰ আধুনিক যান্ত্ৰিক সভ্যতাৰ প্ৰতীকস্বৰূপ। এই মহানগৰৰ যান্ত্ৰিকতাত বিলীন হৈ গৈছে মানৱতাৰ আৰু সভ্যতাৰ ছবি। ৰাজপথ তেজেৰে ৰাঙলী হৈছে; প্ৰৌঢ়া গণিকাৰ এন্ধাৰ গৰ্ভত নতুন সৃষ্টিৰ ভ্ৰূণ জন্ম হৈছে; মানুহ হৈ পৰিছে যাযাবৰ; গণিকা পৃথিৱীত আপোন বুলি কোনেও কাকো ভাবিব নোৱাৰা হৈ পৰিছে। সমাজৰ এনেবোৰ ছবি অংকন কৰি কবিয়ে বাস্তৱৰ এক ভয়াবহ ৰূপ দাঙি ধৰিবলৈ সক্ষম হৈছে।সৰ্পিল গতি, সাপ, জীৱন এই সকলোবোৰৰ মিশ্ৰণত সমাজৰ এক প্ৰতীকি প্ৰকাশ দেখা গৈছে বৰগোহাঞিৰ সাপ (ষষ্ঠ বছৰ চতুৰ্থ সংখ্যা) কবিতাত। কবিৰ দৃষ্টিত ৰাতিও একপ্ৰকাৰৰ সাপলৈ ৰূপান্তৰ হৈছে। সপ্তম বছৰ দ্বিতীয় সংখ্যাত প্ৰকাশিত তেওঁৰ মধুচন্দ্ৰিকা কবিতাত যৌৱনৰ উগ্ৰতাৰ সময়ত মনৰ চঞ্চলতা, পথভ্ৰষ্টতা আদিৰ এক ছবি প্ৰতিফলিত হৈছে।

বীৰেন বৰকটকী :

অসমীয়া কাব্যজগতত বীৰেন বৰকটকীৰ কবিতাৰ সংখ্যা তুলনামূলকভাৱে কম যদিও ৰামধেনুত প্ৰকাশিত কবিতাকেইটাৰ মাজেদি সমাজ-চেতনা প্ৰতিফলিত হোৱা দেখা যায়। এইক্ষেত্ৰত অহল্যাৰ পৃথিৱী (পঞ্চম বছৰৰ তৃতীয় সংখ্যা) কবিতাটোৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি। কবিৰ দৃষ্টিত পৃথিৱী আৰু পৃথিৱীৰ মানুহবোৰ অহল্যাৰ দৰেই নিৰ্জীৱ শিলা হৈ পৰিবলৈ আৰম্ভ কৰিছে। কিন্তু সংস্কাৰমুখী চিন্তাৰে পৰিপুষ্ট নৱতম চিন্তাৰ অধিকাৰী নতুন প্ৰজন্মৰ সবল উত্তৰণৰ উত্তাপত শত অহল্যাৰ দৰে শিলাবোৰ প্ৰাণময় হৈ পৰে।

হৰি বৰকাকতি :

ৰামধেনু যুগত সমাজ-সচেতন কবিসকলৰ অন্যতম কবি হ’ল হৰি বৰকাকতি। তেওঁৰ দৃষ্টিপাত (পঞ্চম বছৰ সপ্তম সংখ্যা) নামৰ কবিতাত দুষ্মন্ত-শকুন্তলাৰ প্ৰসঙ্গৰে সমাজ-সমালোচনাত্মক দৃষ্টিভঙ্গী প্ৰতিফলিত হৈছে। আধুনিক যান্ত্ৰিক জীৱনত প্ৰেম দিশহাৰা হৈ পৰিছে। জীৱনৰ জটিলতাই মনবোৰ জটিল কৰি তুলিছে। এনেধৰণৰ চিন্তাৰ প্ৰয়োগেৰে তেওঁ মন্দাক্রান্তা (পঞ্চম বছৰ নৱম সংখ্যা) কবিতাটো ৰচনা কৰিছিল। বিবৰ্তন (পঞ্চম বছৰ একাদশ সংখ্যা) হৰি বৰকাকতিৰ এক উল্লেখযোগ্য সমাজ-সচেতনামূলক কবিতা। কবিৰ দৃষ্টিত সমাজৰ নেতিবাচক চিন্তাবোৰ নতুন নহয়। মাত্ৰ বিবৰ্তনৰ লগে লগে সমান্তৰালভাবে ই ৰূপ সলাই গৈ থাকে। ঠিক তেনেদৰে অনুৰ্বৰা (ষষ্ঠ বছৰ পঞ্চম সংখ্যা) নামৰ কবিতাত কবিয়ে ক্ষোভ প্ৰকাশ কৰি গৈছে যে সময়ৰ পৰিবৰ্তনৰ লগে লগে মানুহৰ মন আৰু মস্তিষ্ক অনুৰ্বৰ হৈ পৰিছে।

উপসংহাৰ :

মুঠৰ ওপৰত ৰামধেনুৰ কবিতাই অসমীয়া কাব্য সাহিত্যলৈ এক পৰিপুষ্ট অৱস্থা কঢ়িয়াই আনিবলৈ সক্ষম হ’ল। বিষয়বস্তুৰ গভীৰতা, চিন্তাৰ গাঢ়তা, প্ৰতীক আৰু চিত্ৰকপ্লৰ প্ৰয়োগ আদি বিভিন্ন দিশেৰে আধুনিক অসমীয়া কবিতাৰ এক সবল যাত্ৰাৰ আৰম্ভণি ঘটিল। ৰামধেনুৰ কবিসকলে অসমীয়া সাহিত্যক ইমানেই পৰিপক্কতা প্ৰদান কৰিলে যে ইয়াৰ পিছৰ প্ৰজন্মৰ কবিসকলৰ বাবে যেন কৰিবলগা একো নাথাকিল এনে অনুভৱ হয়।

article 2


অসম তথা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল সাংস্কৃতিকভাবে বৈচিত্ৰপূৰ্ণ। বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি এই অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰে নিজা নিজা সাংস্কৃতিক পৰিচয় আছে। প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে তেওঁলোকৰ নিজা নিজা সাংস্কৃতিক পৰিচয় পৰম্পৰাগতভাৱে কঢ়িয়াই লৈ ফুৰিছে। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল এই সংস্কৃতিক পৰিচয়ৰ পৰাই এটা জাতিৰ বিষয়ে সম্যক ধাৰণা পাব পাৰি।ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসম নামৰ এই নিৰ্দিষ্ট ভূ-খণ্ডত বসবাস কৰা লোকসকলৰ সাংস্কৃতিক পৰিচয় বুলি ক’লে পোনতে বিহুৰ কথাই মনলৈ আহে। এই বিহুৱে আন্তৰাষ্ট্ৰীয় পৰ্যায়টো সমাদৰ বুটলিবলৈ সক্ষম হৈছে। এই বিহুৰ পৰম্পৰা কৌটিকলীয়া। কেতিয়াৰপৰা ই আৰম্ভ হৈছে সেয়া থিৰাংকৈ কৈ দিব নোৱাৰি। কোৱা বাহুল্য যে অসমীয়াই পালন কৰা এই বিহু তিনিটা। ৰঙালী, কঙালী আৰু ভোগালী। এই প্ৰতিটো বিহুৰ লগত জড়িত হৈ আছে অসমীয়াৰ আৱেগ-অনুভুতি, ৰীতি-নীতি, লোকাচাৰ-লোকবিশ্বাস।এই বিশ্বাসৰ ওপৰত ভিত্তি কৰিয়েই প্ৰতিজন অসমীয়াই বিহু পালন কৰি আহিছে। কিন্তু বৰ্তমান গোলকীকৰণৰ প্ৰভাৱত অসমীয়াৰ হিয়াৰ আমঠু বাপতিসাহোন বিহুয়ে যেন প্ৰকৃত পৰিচয় হেৰুৱাৰ উপক্রম কৰিছে। বিশ্বায়নে আনি দিয়া যান্ত্ৰিকতাময় পৰিৱেশত বিহুৱে ঐতিহ্য ৰক্ষা কৰিব পৰা নাই। আজি বছেৰেকৰ বিহুৰ দিনা সকলো ঘৰলৈ অহাৰ পৰম্পৰা পৰম্পৰাহৈ থকা নাই। বিশ্বায়নৰ লগে লগে মানুহো হৈ পৰিল যান্ত্ৰিক। কেৱল সেয়াই নহয় বিশ্বায়নে আসমীয়াৰ ধৰ্ম সৰ্ম্পকীয় বিশ্বাসৰ ভেতিটো খহনীয়াৰ সৃষ্টি কৰিছে। ফলত বিহুৰ লগত জড়িত বিভিন্ন লোক-বিশ্বসো দিনক দিনে কমি আহিছে। তদুপৰি গোলকীকৰণে আনি দিয়া বজাৰকেন্দ্ৰিকতাই বিহুকো চুই গৈছে।অসমৰ সাংস্কৃতিক পৰিচয় বুলি কোৱাৰ মাত্ৰকেই সততে আমাৰ মনলৈ যিটো ধাৰণা আহে সেয়াই হৈছে বিহু। হয়, বিহুৱে অতীজৰেপৰাই অসম তথা অসমীয়াৰ এক সুকীয়া পৰিচয় দি আহিছে। কৈ ভাল লাগে এই বিহুৱে আন্তঃৰাষ্ট্ৰীয় সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰত্যেক সংস্কৃতিৰে এক সুকীয়া ৰীতি আদৰ্শ থাকে আৰু বিহুও তাৰ ব্যতিক্রম নহয়। অতীজৰে পৰা ই কিছুমান ৰীতি-পৰম্পৰাৰ বুকুচাত উঠি ডাঙৰ-দীঘল হৈছে। অৱশ্যে সংস্কৃতিয়ে পৰিৱৰ্তন স্বীকাৰ কৰে। কোৱা হয় স্থৱিৰ সংস্কৃতি কেতিয়াও জীয়াই নাথাকে, ই মৃত হৈ যায়। অসমীয়া সংস্কৃতিয়েও বিভিন্ন সময়ত নিজকে পৰিৱৰ্তন কৰি সমাজৰ লগত খোজ মিলাই আহিছে। বৰ্তমান গোলকীকৰণে সমগ্ৰ পৃথিৱীকে স্পৰ্শ কৰিছে। বিহুও ইয়াৰ পৰা হাত সাৰিব পৰা নাই। গোলকীকৰণৰ চাকনৈয়াত বিহুৱে এক সুকীয়া পৰিচয় লাভ কৰিছে। সংস্কৃতি সমাজ তথা পৰিৱেশৰ পৰিশিলিত ৰূপৰ পৰিচায়ক। সংস্কৃতিয়ে পৰিৱেশৰ লগত নিজকে একাকাৰ কৰিবৰ বাৱে বিভিন্ন সময়ত ন ন সাজ পৰিধান কৰি আহিছে। অসমীয়া সংস্কৃতিৰ মূল পৰিচায়ক বিহু আগৰ দৰে হৈ থকা নাই। বিশ্বায়নে আনি দিয়া যান্ত্ৰিকতাময় পৰিৱেশত বিহুৱে ঐতিহ্য হেৰুৱাৰ উপক্রম কৰিছে। গোলকীকৰণে সমাজলৈ কিছুমান বিশেষ সুবিধা কঢ়িয়াই আনিছে। ফলত কিছুমান সামগ্ৰী বজাৰত সহজলভ্য হৈ উঠিছে। ইবিলাকৰ ফলত অসমীয়া বিহুত ব্যৱহাৰ হোৱা কিছুমান মূল সামগ্ৰীৰ পৰিৱৰ্তে কৃতিম সামগ্ৰী ব্যৱহাৰ হ’বলৈ লৈছে। এই সকলোবোৰ দিশৰ আলোচনা কৰাৰ প্ৰয়োজন নিশ্চয় আছে। তদুপৰি ইবিলাকৰ বিষয়ে এতিয়াৰলৈকে বৰ বিশেষ আলোচনা হোৱা নাই। যি দুই-একে আলোচনা কৰাৰ প্ৰয়াস কৰিছে তাটো সকলো দিশ সামৰিব পৰা নাই। আমাৰ এই আলোচনাৰ জৰিয়তে গোলকীকৰণৰ প্ৰভাৱ বিহুত কেনেদৰে পৰিছে টাৰ পুংখানুপুংখ আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে। গোলকীকৰণৰ চাকনৈয়াত বিহু শীৰ্ষক বিষয়টো আলোচনাৰ এক নিৰ্দিষ্ট পৰিসৰ নিদ্ধাৰণ কৰি লোৱা হৈছে। আমাৰ আলোচনাত তিনিতা বিহুৰ ভিতৰত কেৱল ৰঙালী বিহুত গোলকীকৰণৰ কেনে প্ৰভাৱ পৰিছে সেই বিষয়ত অধিক গুৰুত্ত্ব দি আলোচনা কৰা হ’ব। অবশ্যে প্ৰসংগক্রমে কাতি বিহু আৰু মাঘ বিহু সম্প্ৰকীয় কিছু কথাও আহিব পাৰে।বিহু অসমৰ জাতীয় উৎসৱ। অসমৰ জাতীয় উৎসৱ ৰূপে পৰিচিত এই বিহু তিনিতা - ৰঙালী, কঙালী আৰু ভোগালী আৰু প্ৰতিটো বিহুৱেই কৃষি-কৰ্মৰ সৈতে জড়িত। ব’হাগ মাহত পালন কৰা ব’হাগ বিহু বা ৰঙালী বিহু মূলতঃ ধান খেতি নিৰোৱা, প্ৰকৃতিক আদৰা, গৰু-ম’হক ন পঘা পিন্ধোৱা অসমীয়া নতুন বছৰটোত ডাঙৰক সন্মান জনোৱা, সমনীয়া বা বন্ধ-বান্ধৱীক শুভেছা জনোৱা, ইঘৰে-সিঘৰে গৈ পিঠ-পনা, জা-জপ্লান আদি খোৱা, প্ৰিয়জনক বিহুৱান উপহাৰ দিয়া, সখিপতা আদি কৃষ্টি-পৰম্পৰাৰ লগত জড়িত। ব’হাগ বিহুৰ দৰে মাঘ বিহুও কৃষি-কৰ্মৰ লগত জড়িত। মাঘ মাহত অনুষ্ঠিত হোৱা এই বিহুত ধান চপোৱাৰ পিছত ন-দানৰ চিৰা পিঠা আদি প্ৰস্তুৰ কৰি ইঘৰি-সিঘৰে বা আত্মীয় কোটুম্বই ইজনেসিজনক আমন্ত্ৰণ কৰি খোৱায়। সোয় মাঘ মাহৰ এই বিহু ভোগালি বিহু ৰূপেও পৰিচিত। কাতি বিহু অনুষ্টিত হয় কাতি মাহত। এই সময়ত সাধাৰণতে গৃহিস্থৰ ঘৰত খাদ্যৰ নাটনি হয়, ক’ৰবাত আকালেও দেখা দিয়ে। সেয়ে খাদ্য সংকট, আকাল, মাৰি মৰক আৰু সংকট আঁতৰাবলৈ এই বিহুৰ দিনা তুলসিতলত আৰু পথাৰৰত চাকি জ্বলাই বিভিন্ন আনুষ্ঠানিক পৰম্পৰা পালন কৰা হয়।

বিহু অসমীয়া সংস্কৃতিৰ প্ৰথম পৰিচয়।বিহু বুলি কলে আমাৰ পোনতেই ৰঙালী বিহুৰ ছবিখনেই মানস পটত ভাঁহি আহে। এই বিহু কেতিয়া আৰম্ভ হৈ পৰম্পৰা হিচাপে চলি আহিবলৈ ল’লে সেয়া কোনেও সঠিককে কৈ দিব পৰা নাই আৰু কোৱাৰ সম্ভবো নহয়। ই লোকমনৰ লোক-বিশ্বাসৰ ভিত্তিত জন্ম। বিশেষকৈ কৃষিপম্পৰ্কীয় লোকবিশ্বাসৰ ফলশ্ৰুতিত জন্মা এই বিহু আনন্দৰো উৎসৱ হৈ পৰিল। ফলস্বৰূপে বিহুনামৰো জন্ম। সি যি কি নহওঁক আমাৰ এই কৌটিকলীয়া পৰম্পৰা বৰ্তমান গোলকীকৰণৰ ধামখুমিয়াত পৰি বহু পৰিমানে সলনি হৈছে। এতিয়া সেই পৰিবৰ্তন বিলাক বিশ্লেষণ কৰি চোৱাৰ প্ৰয়াস কৰা যাওঁক। প্ৰাচীনতে মানুহে পথাৰত অধিক শস্য উৎপাদন হ’ৰ বাবে খেতি-পথাৰত নৃত্য কৰিছিল। জনবিশ্বস অনুসৰি এনে কৰিলে নাচনীৰ ভৰীৰ গীৰিপনীত শস্য পথাৰ উৰ্বৰা হৈ উঠে আৰু অধিক শস্য উৎপাদন হয়। সেই সময়ৰ মানুহক দুটাই আধিক প্ৰয়োজন হৈছিল - এক শস্য আৰু আনটো সন্তান। কাৰণ অধিক শস্য পাবলৈ আধিৰ পৰিমানে খেতি কৰিব লগা হৈছিল আৰু অধিক খেতি কৰিবলৈ আজিৰ দৰে উন্নত মানৰ সঁজুলি নাছিল। সেয়েহে অধিক মানুহৰ প্ৰয়োজন হৈছিল। কিন্তু পৰবৰ্তী সময়ত বিহুৱে ৰাজ সমাদৰ লাভ কৰি ৰংঘৰৰ বাকৰিলৈ আহিল আৰু তেতিয়াৰে পৰাই চোতাল বিহুৰো প্ৰচলন হ’ল বুলি ভবাৰ অৱকাশ আছে। বিহুৰ বাবে ১৯৫২ চনটো বিশেষ তাৎপৰ্যপূৰ্ণ। কাৰণ এই চনতে গোৱাহাটীৰ লতাশীল খেলপথাৰৰ জৰিয়তে পোন প্ৰথম বাৰৰ বাবে বিহু মঞ্চলৈ আহিল। মঞ্চলৈ অহাৰ লগে গগে বিহুৱে পৰিৱেশ্য কলাৰ ৰূপ লাভ কৰিলে। পৰিৱেশ্য কলাৰ ৰূপ পৰিগ্ৰহ কৰাৰ লগে লগে বিহু কিছুপৰিমানে বিকৃত হৈ পৰিল। অথাৎ বিহুৱে যেন প্ৰকৃৰ লোক ৰূপটো হেৰুৱাবৰ উপক্রম কৰিলে। বৰ্তমান সময়ত বিহুৱে প্ৰতিযোগিতাৰ ৰূপ পৰিগহ কৰিলে। ফলস্বৰূপে বিহু নিৰ্দিষ্ট গণ্ডিৰ ভিতৰত আৱদ্ধ হৈ পৰিল। নিদ্ধাৰিত সময়ৰ ভিতৰত বিহু সামৰিৱ লগা হ’ল। আজিকালি হুঁচৰি গোৱা ৰাইজৰ সংখ্যা কমি গ’ল। কেৱল ব্যৱসায়ী আৰু কেৱল প্ৰতিযোগিতামুখী হুচৰি দলৰ সংখ্যা বাহিল। এইবোৰ দলে পৰম্পৰা নাৰাখে, ভাঙেহে। এতিয়াৰ বিহুৰ এই দলবোৰ ‘পৰিচালক’ৰ হাতৰ পুতলা হৈ পৰিছে। বিহুৰ লগত জৰিত কেতবোৰ সামগ্ৰী যিবোৰত গোলকীকৰণৰ প্ৰভাৱ স্পষ্ট সেইবোৰৰ একাংশ তলত বিশ্লেষণ কৰি চোৱাৰ প্ৰয়াস কৰা হ’ল-

জেতুকা :

জেতুকা বিহুত নাচনীসকলে ব্যৱহাৰ কৰা প্ৰসাধন জাতীয় এবিধ সামগ্ৰী। ইয়াক পতাত পিচি হাতত বোলাই লোৱা হয়। ইয়াৰ পৰা বিশেষ ধৰণৰ ৰঙা ৰঙ এটা ধৰে। ইয়াৰ ঔষধী গুণো আছে। কিন্তু বৰ্তমান গোলকীকৰণে আনি দিয়া বজাৰত সহজলভ্য মেহেন্দিৰ ব্যৱহাৰে প্ৰাধান্য লাভ কৰিছে । আজিকালি কোনেও পতাত পিচি জেতুকা নলয় বুলি কলেও বঢ়ায় কোৱা নহয়।

কপৌফুল :

লোকসমাজত কপৌফুল যৌৱনৰ প্ৰতীক। বিহুত নাচনীসকলে খোপাত পিন্ধে । কপৌফুলৰ উল্লেখ থকা বহুতো বিহু গীতো পোৱা যায়। বৰ্তমান দুৰ্লভ এই কপৌফুলৰ পৰিৱৰ্তে গোলকীকৰণে আনি দিয়া বজাৰত সহজলভ্য প্লাষ্টিকৰ কপৌফুল পৰিধান কৰি বিহু নচা পৰিলক্ষিত হয়।

বৰ্হমথুৰি :

ই বিশেষ ধৰণৰ এবিধ গছৰ গুটী। ইয়াৰ পৰাও জেতুকা পাতৰ দৰে এবিধ ৰঙা ৰঙ ওলায়। এই ৰং নাচনবিলাকে নাচিবৰ সময়ত ওঠত বোলায় লয়। ই এবিধ বিহুৰ প্ৰসাধন সামগ্ৰী। বিহুগীতত ইয়াৰ উল্লেখ এনেদৰে পোৱা যায়- ব্ৰহ্মপুত্ৰৰ কানতে/ বৰ্হমথুৰি এজুপি/ অমি খৰি লোৱা ঠাই/ উটুৱাই নিনিবা / ব্ৰহ্মপুত্ৰ দেৱতা/ তামোল দি মাতোতা নাই।---বিশেষকৈ ওঠত ব্যৱহাৰ কৰা এই বিধ সামগ্ৰীৰ পৰিৱৰ্তে আজিকালি বজাৰত সহজলভা বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰীহে ব্যৱহাৰ কৰে।

গামখাৰু :

ই বিহুত পৰিধান কৰা এবিধ আলংকাৰ। অৱশ্যে আগতে বিভিন্ন আনুষ্ঠানতো গামখাৰু পিন্ধিছিল বুলি জনা যায়। এই গামখাৰু ৰূপেৰে গঢ়াই লৈছিল। কিন্তু বৰ্তমান সময়ত ৰূপেৰে গঢ়োৱা গামখাৰু কোনেও নিপিন্ধে বুলিব পাৰি। বজাৰত সহজলভ্য গামখৰুহে পৰিধান কৰা দেখা যায়।

ঔপন্যাসিকাৰ প্ৰথম উপন্যাস ‘চেনাবৰ সোঁত’ৰ সৈতে এই উপন্যাসখনৰ সাদৃশ্য বিচাৰি পোৱা যায়। এই উপন্যাসখনত মধ্যপ্ৰদেশৰ অহিৰণ নদীৰ আ্যকোয়িডাক্ট নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত বনুৱাসকলৰ শোষিত,বঞ্চিত আৰু ব্যথিত জীৱনৰ কাহিনী অনুপম কৌশলেৰে লেখিকাই প্ৰকাশ কৰিছে । ঔপন্যাসিকাৰ সমাজ সচেতনতা আৰু সমাজ-সংসংস্কাৰমূলক দৃষ্টিভংগীৰ প্ৰকাশ এই উপন্যাসখনতো হৈছে।

গামোচা :

গামোচা অসমীয়াৰ এক বিশেষ বস্ত্ৰ। ই অসমীয়া মানুহৰ পৰম্পৰাগত সাজপাৰৰো পৰিচায়ক। ইয়াক অসমীয়া শিপিনীয়ে ঘৰতে বৈ প্ৰস্তুত কৰে। বিহুৰ লগত এই বস্ত্ৰখনি বিশেষভাৱে জড়িত। অৱশ্যে গোলকীকৰণৰ ফলত গঢ়ি উঠা বজাৰত বিভিন্ন ধৰণৰ গামোচাৰ প্ৰয়োভৰ দেখা গৈছে আৰু ইয়াৰ ব্যৱহাৰো বৃদ্ধি পাৱ ধৰিছে। অজি বিহুৰ দিনা চেনেহীয়ে চেনাইধনক বিহুৱান উপহাৰ দিয়া পৰম্পৰা এক প্ৰকাৰে বিলুপ্তি ঘটিল। ভিন্নজন মান্য ব্যক্তিক সন্মান যচাৰ সময়তো সেই বিদেশত উৎপাদিত গামোচাৰেহে আদৰা হয়।

গগনা :

ই বাঁহেৰে নিৰ্মিত এবিধ বাদ্য। বিহুত চেনেহীয়ে চেনাইধনে গগনা সাজি অনি দিৱ বুলি ৰৈ থকাৰ বিভিন্ন উদাহৰণ পোৱা যায়। - ধনে সাজি দিয়া/ লাহৰি গগনা/ বহি বড়ৰ তলত বাওঁ/ ধনো নাহিলে/ গগনা ফাটিলে/ খৰিকাত মংগল চাওঁ। ----- চেনাইধনে নিজে সাজি দিয়া গগনা বৰ্তমান সময়ত কেইজনী চেনেহীয়ে পাবলৈ সক্ষম হৈছে সি সন্দেহৰ বিষয়। কাৰণ গোলকীকৰণে আনিদিয়া বজাৰত আজি ই সহজলভ্য।ইবিলাকৰ উপৰিও গোলকীকৰণৰ প্ৰভাৱ বিহুত বিভিন্ন ধৰণে পৰা দেখা যায়। আজি বিহুৰ দিনা ঘৰত পিঠা-পনা নকৰিলেও বজাৰত সহজেই পাৱ পাৰি। আজিকলি আৰু ঢেকীত চিৰা কৰি খোৱা মানুহ নাই বুলিবই পাৰি। তদুপৰি বৰ্তমান মানুহ ইমানেই অৰ্থকেন্দ্ৰিক হৈ পৰিল যে বিহুতোকো অৰ্থ উপাৰ্জনৰ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ ল’লে। আজি বিহু কৰিবৰ বাবে বিহুৱা, ঢুলিয়া, পেপোঁৱা আদি ভাড়ালৈ আনিব লগা পৰিস্থিতিও হৈছে। সময় গতিশীল। সময়ৰ সোঁতত সমাজ আৰু সংস্কৃতিৰ পৰিৱৰ্তন সাধিত হয়। অসমীয়াৰ জাতীয় উৎসৱটোও এই সময় তথা পৰিৱেশ পৰিস্থিতিৰ তাগিদাত পৰি সলনি হৈছে। গোলকীকৰনে আমাৰ বিহুত বিভিন্ন ধৰণে প্ৰভাৱ বিস্তাৰ কৰা দেখা গৈছে। ইয়াৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই আছে। বজাৰ আৰ্থনীতিৰ ফলত আমাৰ জাতীয় সাজপাৰ বিশ্ব বজাৰলৈ যোৱাৰ সুবিধা লাভ কৰিছে। বজাৰত কিছুমান সামগ্ৰী সহজলভ্য হৈ উঠাৰ কাৰণে মানুহৰ সময় আৰু খৰচৰ পৰিমান কিছু পৰিমানে হলেও কমিছে। বিহুৰ সময়ত পিঠা-পনা বিক্রি কৰি এচাম মানুহ স্বাবলম্বী হোৱাও দেখা গৈছে।

প্ৰসংগসূত্ৰ নিৰ্দেশ :

১ ইছমাইল হোছেইন, ৰঙলী বিহুৰ ঐতিহ্য বিচাৰ, পৃষ্ঠা- ০১

২ জয়কান্ত গন্ধীয়া, ‘ৰঙালী বিহুৰ ব্যৱহাৰিক দিশৰ পৰম্পৰা ৰাখিবৰ উপায়’ শীৰ্ষক প্ৰৱন্ধ, প্ৰান্তিক ৩৩ বছৰ ৯ম সংখ্যা, ১-১৫ এপ্ৰিল ২০১৪

৩ নকুল চন্দ্ৰ ভূঞা, বহাগী, পৃষ্ঠা- ১৫

৪ লীলা গগৈ, অসমীয়া লোক-সাহিত্যৰ ৰূপৰিখা, পৃষ্ঠা - ১২৯

গ্ৰন্থপঞ্জী :

গগৈ, লীলা : অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা, বনলতা, ডিব্ৰুগড়-১, পুনৰ মুদ্ৰণ : ২০১১ চন

গগৈ, লীলা : বিহুগীত আৰু বনঘোষা, বন লতা, ডিব্ৰুগড়-১, বনলতা সংস্কৰণ : নৱেম্বৰ, ২০০৮

বৰদলৈ, নেৰ্মলপ্ৰভা : অসমৰৰ লোক সংস্কৃতি, বীণা লাইব্ৰেৰী,গুৱহাটী : অসম, পুনৰ মুদ্ৰণ : আগষ্ট, ২০১১

বৰুৱা, হেমন্ত কুমাৰ : বিহুৰ উৎস, ঐতিহ্য আৰু পৰম্পৰা, এছ. এইছ. শৈক্ষিক ন্যাস, চন্দ্ৰকান্ত হাজৰিকা পথ, তৰুণ নগৰ, গুৱীহাটী-৭৮১০০৫, প্ৰথম প্ৰকাশ : ২০১৩

ভূঞা, নকুল চন্দ্ৰ : বহাগী, লয়াৰ্ছ বুক ষ্টল, পানবজাৰ, গুৱাহাটী, অষ্টম সংস্কৰণ : ২০০১

নেওগ, প্ৰদীপ : বিহু বিনন্দীয়া, জ্যোতি প্ৰকাশণ, পানবজাৰ, গুৱাহাটী-৭৮১০০১, দ্বিতীয় সংস্কৰণ : ডিচেম্বৰ, ২০০৯

শৰ্মা, হেমন্তকুমাৰ : অসমীয়া সাহিত্যত দৃষ্টিপাত, বীণা লাইব্ৰেৰী, গুৱাহাটী : অসম, দ্বাদশ সংস্কৰণ : আগষ্ট, ২০১১

হোছেইন, ইছমাইল : ৰঙালী বিহুৰ ঐতিহ্য বিচাৰ, জ্যোতি প্ৰকাশণ, পানবজাৰ, গুৱাহাটী-৭৮১০০১, প্ৰথম প্ৰকাশ : ডিচেম্বৰ, ২০০৬

আলোচনী :

বৰুৱা, প্ৰদিপ(সম্পা) : প্ৰান্তিক, ৩৩ বছৰ ৯ম আৰু ১০ম সংখ্যা সংখ্যা, ১-১৫ এপ্ৰিল ২০১৪

article 2


Scientific reasearch is not itself a science, it's still an art or craft- W.H George এলবাৰ্ট আইনষ্টাইন, আইজাক নিউটন, গেলিলঅ' গেলিলি, টমাছ আলভা এডিছন, হেনৰি জইংকাৰ-- এওঁলোক প্ৰতি গৰাকীয়ে বিখ্যাত বিজ্ঞানী। এওঁলোকৰ পিছে লক্ষ্য এনে নতুন সত্যৰ সম্ভেদ দিয়া।

ফৰাচী দেশৰ বিখ্যাত বিজ্ঞানী ক্লাউড বাৰ্নাৰ্ডৰ মতে- "বিজ্ঞানৰ বাবে অত্যাৱশ্যকীয় আৱিষ্কাৰ প্ৰতিভা দুৰ্বল পদ্ধতিৰে নিঃশেষ কৰিব পাৰি। আনহাতে উত্তম পদ্ধতিৰে ইয়াৰ উন্নতি সাধিব পাৰিব । " বিজ্ঞানৰ গৱেষণাই সকলো শ্ৰেণীৰ লোকক আকৃষ্ট কৰিব নোৱাৰে- ই নিঃসন্দেহে সঁচা। শুদ্ধ পদ্ধতিৰ বিষয়ে আগতীয়া জ্ঞান থাকিলে হয়তো বেছি ফলপ্ৰসূ হব পাৰে।

অৱশ্যে কেইগৰাকীমান বিজ্ঞানীয়ে অভিমত দিছে যে এনে অধ্যয়নে নতুন আৱিষ্কাৰৰ পথত হেঙাৰূপে থিয় দিয়ে। ইংৰাজ ৰোমাণ্টিক কবি বাইৰনৰ মতে "To be perfectly original, one should thhink much and read little, and this is impossible, for one must have read before one has learnt to think." দৰাচলতে ইয়াৰ মূল কথাটো সঁচা। দেখা যায় যে যদি কোনো এটা বিষয়ৰ ভিতৰত নিৰ্দিষ্ট সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা চলোৱা হয় ৎিয়া বিষয়টোৰ বিশেষজ্ঞ এগৰাকীয়েহে ইয়াৰ সমাধান উলিয়ায়। কিন্তু সমস্যাটোৰ সমাধানৰ বাবে যদিহে বৈপ্লৱিক চিন্তাধাৰাৰ আৱশ্যক হয়, তেতিয়া সাধাৰণতে বিশেষজ্ঞৰ সলনি বহিৰাগতৰ পৰাহে সমাধানৰ সূত্ৰ বিচাৰি পোৱা যায়।

বৈজ্ঞানিক গৱেষণাৰ পদ্ধতি কিনো?

ন-বিজ্ঞানী এজনে প্ৰথমে গৱেষণাৰ বাবে বিষয়বস্তু এটা বাছি লয়। পৰীক্ষা নিৰীক্ষাৰ স হায়ত বিজ্ঞানী গৰাকীয়ে ইয়াৰ সমাধানৰ বাবে প্ৰচেষ্টা চলায়।

গৱেষণাগাৰত পৰীক্ষা চলাই সত্য উদ্ভাৱন কৰা দৰাচলতে এক কষ্টসাধ্য কাম। স্কটলেণ্ডত জন্মা বিখ্যাত লেখক থমাচ কাৰ্লাইলৰ উক্তি-" Genius is an infinte capacity to take pains" বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰতো প্ৰযোজ্য।

১৮২২ চনত পদাৰ্থ বিজ্ঞানী ৱৰষ্টেডে বিদ্যুৎ আৰু চুম্বকৰ সম্পৰ্কেও আকস্মিকভাৱে আৱিষ্কাৰ কৰিছিল। অৱশ্যে আকস্মিক ঘটনাক ভাগ্য বুলি নামকৰণ কৰিলে ই গৱেষণাগাৰত বিজ্ঞানীৰ সন্মুখথে ধৰা দিয়ে। ৰসায়নবিদ লুই পেষ্টিওৰৰ ভাষাত in the filed of observation, chance favours only the prepared mind"

বাহিৰৰ ৰ'দৰ পৰা আনি বিছনাত পেলাই থোৱা কাপোৰবোৰ আলনাডালত জাপি জাপি বাসন্তীয়ে আক্ষেপেৰে ক'লে-- " তোমাৰ মাৰাই কেতিয়াবাই আহি পাকঘৰত সোমাই কিবা কিবি খুচৰি ফুৰিছেহি । "

বৈজ্ঞানিক গৱেষণাৰ আন এটা দিশ হ'ল hypothesis বা প্ৰকল্প। কোনো পৰীক্ষা এটাৰ ফলাফলসমূহৰ বা্খ্যাৰ বাবে প্ৰকল্পৰ আৱশ্যক হয়। কেতিয়াবা পৰীক্ষা এটাৰ ফলাফলসমূহ ইমান আলোড়নকাৰী হৈ পৰে যে বৈপ্লৱিক প্ৰকল্পৰ সহায়তে ইয়াৰ বাখ্যা সম্ভৱ হয়। উদাহৰণস্বৰূপে কোৱাণ্টাম প্ৰকল্পৰ কথাকেই উনুকিয়াব পাৰি।

আৱিষ্কাৰত কল্পনায়ো যথেষ্ট সহায় কৰে। সৃষ্টিশীল বা চিন্তাশীল ব্যক্তি ব হু ক্ষেত্ৰতে সপোনবিলাসী। আয়াৰলেণ্ডৰ পদাৰ্থবিজ্ঞানী টিণ্ডলৰ মতে- "নিউটনৰ আপেলৰ পতনৰ পৰা চন্দ্ৰ্ৰৰ পিঠিলৈ গতি কৰাটো হ'ল পৰিকল্পিত কল্পনাৰ উল্লেখনীয় উদাহৰণ । "

কল্পনাই যে বাস্তৱৰ সত্য উদঘাটন কৰাত ইন্ধন যোগায় ইয়াৰ বিষয়ে প্ৰায়বোৰ বিজ্ঞানী একমত। পদাৰ্থবিজ্ঞানী মাইকেল ফাৰাডেৰ ভাষাত "গৱেষক এগৰাকীৰ মনত কিমান ধৰণৰ ধ্যান ধাৰণা যে ভুমুকি মাৰেহি, বিশ্বৰ আন কোনোৱে তাৰ গমকে নাপায়। পিছে এনে ধ্যান ধাৰণা আৰু ত ত্ত্বৰ ব হুখিনিকে বিজ্ঞানীৰ চোকা সমালোচনা আৰু প্ৰতিকুল পৰীক্ষাৰ দ্বাৰা নীৰৱে আৰু গোপনে নিঃশেষ কৰা হয়। ইয়াৰ মাথোন দ হ ভাগ সত্য বুলি প্ৰমাণিত হয় । "

কাল্পনিক প্ৰকল্পৰ এনেদৰে সালসলনি ঘটিহে প্ৰকৃত সত্যৰ আৱিষ্কাৰ হয়। জীৱবিজ্ঞানী হাক্সলিয়ে কৈছিল, "বিজ্ঞানৰ আটাইতকৈ শোকাৱহ ট্ৰেজেদি হ'ল- সুন্দৰ কাল্পনিক প্ৰকল্পৰ আপচু পৰীক্ষাত্মক ঘটনাসমূহ নিঃশেষ কৰাটো । " এইটোও নিঃসন্দেহে সঁচা যে নিৰ্ভূলভাৱে প্ৰকাল্প এটা আদিৰে পৰা অনুমান কৰা দৰাচলতে টান কাম।

বৈজ্ঞানিক আৱিষ্কাৰৰ আন এটা উপাদান হ'ল স্বাভাৱিক জ্ঞান বা intuituion. আইনষ্টাইনৰ নিজৰ ভাষাত "The really valuable factor is intuiton"

কোনো এটা বৈজ্ঞানিক সমস্যাৰ সমাধান যিকোনো সময়ত বা যিকোনো অৱস্থানত পোৱাটো সম্ভৱ। কেৱল গৱেষণাগাৰৰ বেৰৰ ভিতৰত এনে সমাধান নোলাবও পাৰে।

কেনেকৈ এগৰাকী সুপ্ৰতিষ্ঠিত বিজ্ঞানী হব পাৰি , তাৰ ধৰা বন্ধা নীতি নাই । এই ক্ষেত্ৰত ডঃ হোমি ভাবাৰ উক্তি আমি মনত পেলাওঁ " অসীম ধৈৰ্য, অপৰিসীম উৎসাহ আৰু নিজৰ ওপৰত বিশ্বাস- এই তিনিটা গুণ যিগৰাকী ব্যক্তিৰ আছে, তেওঁৰ বাবে বিজ্ঞানৰ কৃতী ছাত্ৰ হোৱাটো সম্ভৱ। অকল প্ৰতিভাৰ বলতে বিজ্ঞানী হোৱা অসম্ভৱ । "

article 2


বৈজ্ঞানিক মানসিকতা এখন যুক্তিপূৰ্ণ সমাজ গঠনৰ বাবে অপৰিহাৰ্য। আজিৰ সমাজখন আগবাঢ়ি যোৱাৰ সমান্তৰালভাৱে কিন্তু সমাজখনৰ পৰা অন্ধ বিশ্বাস,কু সংস্কাৰ ইত্যাদিবোৰ আঁতৰি যোৱা নাই। বৰঞ্চ প্ৰগতিশীল সমাজখনত দিনক দিনে অসূয়া অপ্ৰীতিবোৰ বাঢ়ি গৈছে। ডাইনী সজাই নিৰীহক হত্যা কৰাৰ ঘটনা আমাৰ সমাজত বিৰল নহয়। প্ৰসংগক্ৰমে মই ব্যক্তিগত জীৱনৰ কেতবোৰ অভিজ্ঞতা ব্যক্ত কৰিব বিচাৰো । মই নাওবৈছা সমষ্টিৰ অন্তৰ্গত সান্ধখোৱাৰ ছোৱালী। গণতান্ত্ৰিক ৰাষ্ট্ৰখনত আমাৰ সমষ্টিটোৱে বৰ্তমানো পৰ্যাপ্ত সুবিধা লাভ কৰা নাই। বানপানীয়ে প্ৰায়ে আমাৰ ওচৰ-চুবুৰীয়া খেতি-মাটি নষ্ট কৰি থৈ যায়। আমাৰ ওচৰ চুবুৰীয়া গাওঁবোৰত বানে সন্ত্ৰাসৰ সৃষ্টি কৰে। অৰ্থনৈতিক ভাৱে দূৰ্বল এই শ্ৰেণীটোৰ শেষ আশ্ৰয় স্থল হৈ পৰে ভগৱান । বিজ্ঞান মানসিকতাৰ অভাৱতে এইসকল লোকে প্ৰাচীন ৰীতি নীতি বোৰৰে পুনৰাবৃত্তি কৰে। ইয়াৰ বাবে পৰোক্ষভাৱে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থাটোও দায়ী । যিহেতু আমাৰ সমষ্টিৰ বিধায়কগৰাকী চিৰনিদ্ৰাত। কিন্তু সেইগৰাকী বিধায়কক আদৰিবলৈকে আমাৰ ওচৰ চুবুৰীয়াই ঘৰৰ সন্মুখত কলপুলি পুতি,মংগলময় উৰুলি ধ্বনিৰ আয়োজন কৰে । সামান্য আৰ্থিক সাহাৰ্যৰ বাবে আমাৰ মনবোৰ ইমান তলললৈ নামিছে।

এতিয়াও আঁঠুৱা কম্বলৰ আশাত আমাৰ সমাজখনে নিজস্বতা ত্যাগ কৰে। যাৰ বাবে আমাৰ সমাজখন বৰ্তমানো কু-সংস্কাৰ মুক্ত হ’ব পৰা নাই। আজিও আমি ছাত্ৰীসকলে বিশেষ ক্ষেত্ৰত কিছুমান অসুবিধাৰ সন্মুখীন হওঁ,যিবোৰ সমস্যা লাজ বা সংকোচবোধৰ বাবে আনৰ আগত ব্যক্ত কৰিব নোৱাৰি। সেয়েহে কেতবোৰ সমস্যাৰ উত্তৰ বিচাৰি ব্যক্তিগতভাৱে বৰ জেদী হৈ পৰো। শৈশৱৰ পৰা সন্মুখীন হোৱা এটা শব্দ ‘ নাপায়,নকৰিবা’। নৈতিকতাৰ ক্ষেত্ৰত কিছুমান কামৰ পৰা আঁতৰি থকাটো ভাল,কিন্তু সকলো বিষয়তে ‘নাপায়,নকৰিবা’ৰ মাজত জীৱনটোক আবদ্ধ কৰাটো ব্যক্তিগতভাৱে সমৰ্থন কৰিব নিবিচাৰো। সেয়েহে, আজিকালি নিজৰ আত্মীয় স্বজন,মা-দেউতা, ওচৰ-চুবুৰীয়া নাইবা শুভাকাংক্ষীসকলকবুজাব বিচাৰো। তেওঁলোকৰ সঁহাৰি নাইবা সংগ বিচাৰি ব্যাকুল হৈ পৰোঁ। এইক্ষেত্ৰত মোৰ ব্যক্তিগত আকাংক্ষা নাই,মাত্ৰ সমাজখনৰ সংস্কাৰ আন্তৰিকতাৰে কামনা কৰো। ডাইনী হত্যা, বলাৎকাৰ,ধৰ্ষণ ইত্যাদি ঘটনা প্ৰত্যক্ষ কৰি মানৱ মনৰ সংকীৰ্ণতা দেখি আচৰিত হওঁ। এজন নামঘৰীয়াৰ জঘণ্যতাৰ বলী হোৱা দেৱযানী বৰাৰ বক্তব্য শুনি মই নাৰী হোৱাৰ বিড়ম্বনা প্ৰথমবাৰৰ বাবে অনুভৱ কৰিছিলো। কিন্তু আজিৰ বিজ্ঞান দিৱসৰ পৱিত্ৰ ক্ষণত সকলো সংকল্পবদ্ধ হওঁক,নিজৰ সমাজখনলৈ পৰিৱৰ্তন আনিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখক । (নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আয়োজিত বিজ্ঞান দিৱসৰ বিশেষ আলোচনা সত্ৰত ছাত্ৰীগৰাকীয়ে ব্যক্ত কৰা অনুভৱৰ লিখিত ৰূপ।)

article 2


মামণি ৰয়ছম গোস্বামী নিঃসন্দেহে আধুনিক অসমীয়া উপন্যাসৰ এক বলিষ্ঠ সত্তা । কষ্টসহিষ্ণু লেখিকাগৰাকীয়ে অসমীয়া গদ্যসাহিত্যক বিশেষভাৱে সমৃদ্ধ কৰি থৈ গৈছে। তেখেতৰ দুঃসাহস,স্পষ্টবাদীতা আৰু নিৰ্ভীকতা বিস্ময়কৰ । ‘মোৰ লেখাৰ আঁৰৰ কাহিনী’ত তেওঁ কৈছে- ‘মোৰ ব্যক্তিগত বাস্তৱ দৰ্শনৰ অভিজ্ঞতা আৰু ইয়াৰ স্পৰ্শ মোৰ গোটেইবোৰ লিখনিতে বিদ্যমান । ’ নিজৰ জীৱনৰ অভিজ্ঞতাক ভিত্তি হিচাপে লৈ তেখেতে ৰচনা কৰা প্ৰতিখন উপন্যাসেই অসমীয়া তথা ভাৰতীয় সাহিত্যৰ অমূল্য সম্পদ। মানৱতাবাদী লেখিকাগৰাকীৰ উপন্যাসমূহত নিষ্পেষিত,নিপীড়িতসকলৰ মৰ্মবেদনাই স্থান লাভ কৰিছে। স্পষ্টবাদী গদ্য লেখিকা গৰাকীৰ উপন্যাসসমূহত সমাজ-সংস্কাৰকামী এক চেতনা অতি সক্ৰিয় ৰূপত প্ৰৱাহিত হৈ থকা পৰিলক্ষিত হয় । তেখেতৰ ‘নীলকণ্ঠী ব্ৰজ’ উপন্যাসখনো ইয়াৰ ব্যতিক্ৰম নহয়। সংক্ষিপ্তভাৱে এই উপন্যাসখনৰ বিশেষ উল্লেষণৰ মাধ্যমেৰে ঔপন্যাসিকাগৰাকীৰ উপন্যাসৰ সমাজ সংস্কাৰমূলক চেতনাৰ বিষয়ে আলোকপাত কৰাৰ চেষ্টা ইয়াত কৰা হৈছে।

বিংশ শতিকাৰ সত্তৰ দশকৰ পৰা নব্বৈ দশক পৰ্যন্ত নিৰৱছিন্ন ভাৱে অসমীয়া উপন্যাস সাহিত্যক বিশেষভাৱে সমৃদ্ধ কৰি যোৱা মামণি ৰয়ছম গোস্বামীৰ প্ৰথমখন উপন্যাস-চেনাবৰ সোঁত(১৯৭২) । পৰৱৰ্তী সময়ছোৱাত তেওঁ ৰচনা কৰা অন্যান্য উপন্যাসসমূহ হ’ল-নীলকণ্ঠীব্ৰজ(১৯৭৬), অহিৰণ(১৯৮০), মামৰে ধৰা তৰোৱাল(১৯৮০), বুদ্ধসাগৰ ধুসৰ গইসা আৰু মহম্মদ মুছা(মামৰে ধৰা তৰোৱাল গ্ৰন্থৰ অন্তৰ্ভূক্ত,১৯৮০),দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা(১৯৮৮), আধা লেখা দস্তাবেজ(আত্মজীৱনীমূলক,১৯৮৮),সংস্কাৰ উদয়ভানুৰ চৰিত্ৰ ইত্যাদি(তিনিখন উপন্যাস সংগ্ৰহ,১৯৮৯),জখমী যাত্ৰী(১৯৯০),তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা(চাৰিখন উপন্যাস আৰু দুটা গল্পৰ সংগ্ৰহ,১৯৯৪),খাম ফ্ৰাখী তহচিলদাৰৰ ৰূপৰ তৰোৱাল আদি। উল্লেখযোগ্য যে তেখেতে মালয়ালম উপন্যাস Ananazhikaneram, ‘আধা ঘন্টা সময়’ নামেৰে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ।

মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত সমাজ-সংস্কাৰমূলক চেতনাঃ

মামণি ৰয়ছম গোস্বামীৰ জীৱনটো সংঘাতপূৰ্ণ আৰু বৈচিত্ৰপূৰ্ণ। তেওঁ আধালেখা দস্তাবেজত লিখিছে যে একপ্ৰকাৰৰ নৈৰাশ্যবোধ আৰু দুঃখবোধ অনবৰতে তেওঁৰ লগত আছিল আৰু অসমীয়া সাহিত্যৰ এই বলিষ্ঠ ঔপন্যাসিকাগৰাকীয়ে সেই নৈৰাশ্য আৰু দুঃখবোধকে আশ্ৰয় কৰি কিছুমান কালজয়ী উপন্যাস ৰচনা কৰি গ’ল । বাস্তৱ জীৱনৰ পৰা লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত তেওঁ লিখি যোৱা উপন্যাসসমূহে তেওঁক আধুনিক ভাৰতীয় সাহিত্যৰ এগৰাকী বিস্ময়কৰ প্ৰতিভা হিচাপে পৰিগণিত কৰালে । আধুনিকতাবাদী আৰু বাস্তৱবাদী এই ঔপন্যাসিকাগৰাকীৰ উপন্যাসৰ আলোচনা ইতিমধ্যে বিভিন্ন লেখক-সমালোচকে কৰিছে। বহু সমালোচকে তেখেতৰ উপন্যাসত নাৰীবাদৰ উপস্থিতিৰ সন্দৰ্ভত মন্তব্য আগবঢ়াইছে আৰু তেখেতক এগৰাকী নাৰীবাদী লেখিকা বুলি ক’ব খুজিছে । সমাজ-সচেতন লেখিকাগৰাকীৰ উপন্যাসসমূহত মানৱতাবাদী দৃষ্টিভংগীও স্পষ্টৰূপত প্ৰকট হৈছে। অধিবাস্তৱবাদ আৰু অতিবাস্তৱবাদী দৃষ্টিকোণৰ পৰাও আলোচনা হৈছে। সি যি কি নহওক এটা কথা নিঃসন্দেহে ক’ব পাৰি যে মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত সমাজ-সংস্কামূলক চেতনা অতি গভীৰ ভাৱে প্ৰবাহিত হৈ আছে আৰু এইক্ষেত্ৰত ঔপন্যাসিকাই প্ৰতিবাদক আশ্ৰয় কৰি লৈছে। মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত অন্তৰ্নিহিত হৈ থকা সমাজ-সংস্কাৰমূলক চেতনাৰ এক সম্যক প্ৰতিনিধিত্বমূলক আভাস তেখেতৰ কেইখনমান উপন্যাসৰ কাহিনীৰ উল্লেখেৰে তলত দিয়া হ’লঃ

চেনাবৰ সোঁতঃ

এই উপন্যাসখন শোষিত শ্ৰমিকৰ দুখ-দুদৰ্শা আৰু আৰ্তনাদৰ কাহিনী । উপন্যাসখনৰ মাজেৰে লেখিকাৰ সমাজ-সচেতনতা প্ৰকাশ পাইছে । শ্ৰমিকৰ শোষণ, দুদৰ্শা,আশা,হতাশা,যৌনতা আদিৰ এখন চিৰশ্বাশ্বত ছবি অংকিত হোৱা উপন্যাসখনত কোম্পানীৰ ভয়াবহ শোষণ প্ৰকট হৈছে। শ্ৰমিকৰ মাজত সৃষ্টি হোৱা প্ৰতিবাদৰ মাধ্যমেৰে প্ৰচলিত সমাজখন সংস্কাৰৰ প্ৰয়োজনীয়তা ঔপন্যাসিকাই দেখুৱাইছে,য’ত শ্ৰমৰ মূল্য দিয়া নহয়।

নীলকণ্ঠী ব্ৰজঃ

এই উপন্যাসখন এখন সামাজিক আৰু অপৰম্পৰাবাদী উপন্যাস। উপন্যাসখনত লেখিকাৰ সমাজ-সংস্কাৰমূলক চেতনা অধিক স্পষ্টৰূপত পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত ‘সৌদামিনী চৰিত্ৰটো বিশেষভাৱে উল্লেখযোগ্য। এই সম্পৰ্কত তলত বিষদভাৱে আলোচনা কৰা হৈছে।

অহিৰণঃ

ঔপন্যাসিকাৰ প্ৰথম উপন্যাস ‘চেনাবৰ সোঁত’ৰ সৈতে এই উপন্যাসখনৰ সাদৃশ্য বিচাৰি পোৱা যায়। এই উপন্যাসখনত মধ্যপ্ৰদেশৰ অহিৰণ নদীৰ আ্যকোয়িডাক্ট নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত বনুৱাসকলৰ শোষিত,বঞ্চিত আৰু ব্যথিত জীৱনৰ কাহিনী অনুপম কৌশলেৰে লেখিকাই প্ৰকাশ কৰিছে । ঔপন্যাসিকাৰ সমাজ সচেতনতা আৰু সমাজ-সংসংস্কাৰমূলক দৃষ্টিভংগীৰ প্ৰকাশ এই উপন্যাসখনতো হৈছে।

মামৰে ধৰা তৰোৱালঃ

উপন্যাসখনৰ সন্দৰ্ভত বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যই কৈছে- ‘মামণি ৰয়ছম গোস্বামীৰ ‘মামৰে ধৰা তৰোৱাল’ পঢ়ি অঁতাই মই স্পষ্টকৈ বাস্তণৰ নিৰ্মম সুৰ শুনা পাইছোঁ। এই সুৰে মোৰো কৰ্ণপট ভাবিব নোৱাৰা ধৰণে কঁপাই তুলিছে। বাস্তৱৰ এনে বলিষ্ঠ আৰু নিভাজ প্ৰকাশ উপন্যাসখনত দাঙি ধৰিব পৰাটো অতিশয় তাৎপৰ্যপূৰ্ণ শ্ৰেষ্ঠ সৃষ্টি । ’ এশবছৰ স্বীকৃত শ্ৰমিক সংঘবোৰৰ আশ্ৰয়ত নথকা অসংগঠিত ঠিকাদাৰৰ বনুৱা এদলৰ নিদাৰুণ জীৱন সংগ্ৰাম ইয়াৰ বিষয়বস্তু। হৰিজন বৰ্ণৰ এই বনুৱাবিলাকৰ নিষ্পেষিত আৰু শোষিত জীৱনৰ অন্তহীন বিড়ম্বনা,তেওঁলোকৰ জীৱন গ্ৰাস কৰিব খোজা ছলনা আৰু প্ৰতাৰণাৰ নিৰৱচ্ছিন্ন অভিশাপ আৰু তেওঁকলোকৰ দাৰিদ্ৰ,অপমান,বঞ্চনাৰ কাহিনীক প্ৰতিনিধিত্ব কৰা উপন্যাসখনৰ মাজতো সমাজ-সংস্কাৰমূলক চেতনা প্ৰকাশ হৈছে ।

দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাঃ

এখন বৈষ্ণৱ সত্ৰৰ সত্ৰাধিকাৰৰ ঘৰৰ ৰক্ষণশীলতা,স্বাধীনতা আন্দোলন আৰু কানি নিবাৰণ আন্দোলনৰ পটভূমিত ৰচিত এই উপন্যাসখনত সমাজ সংস্কাৰকামী চেতনা অধিক সক্ৰিয়ৰূপত দেখা গৈছে । সামন্তবাদী ব্যৱস্থাৰ অন্যতম লাইখঁটা হৈছে পুৰুষতন্ত্ৰ। যিখন সমাজত স্বামীগৃহত আলাই আথানিৰ পাত্ৰ হৈ সকলো কামনা বাসনা কঠোৰ নিগ্ৰহেৰে দমন কৰা বিধৱাৰ কোনো মানুহ হিচাপে জীৱন যাপন কৰাৰ অধিকাৰ নাই। এনে এগৰাকী দূৰ্ভগীয়া বিধৱা হ’ল দূৰ্গা, এনে প্ৰেক্ষাপটত পৰম্পৰাৰ বিৰূদ্ধে প্ৰতিবাদী হৈ পৰিছে বিধৱা গিৰিবালা আৰু ৰক্ষণশীল সমাজ ব্যৱস্থাৰ বিৰোধিতাৰে শেষত আত্মজাহৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব লগা হৈছে। প্ৰচলিত ৰক্ষণশীল পৰম্পৰাৰ প্ৰতি সোচ্চাৰ প্ৰতিবাদ পৰিলক্ষিত হোৱা এই উপন্যাসখনৰ সমাজ-সংস্কাৰমূলক চেতনা অতি স্পষ্ট আৰু গুৰুত্বপূৰ্ণ।

উল্লিখিত উপন্যাসকেইখনৰ দৰে ঔপন্যাসিকাৰ অন্যান্য উপন্যাসসমূহতো সমাজ-সংস্কাৰমূলক চেতনা অতি স্পষ্টৰূপত প্ৰকাশিত হৈছে ।

মামণি ৰয়ছম গোস্বামীৰ উপন্যাস ‘নীলকণ্ঠী ব্ৰজ’ত সমাজ সংস্কাৰমূলক চেতনাঃ

ভাৰতবৰ্ষৰ সংস্কৃত সাহিত্যৰ এক বিদুষী ব্যক্তিত্ব কমলা ৰত্নম(বি দ্ৰঃএক মহিয়সী জীৱন বৃত্তান্ত নামৰ জীৱনীমুলক উপন্যাসখন লেখিকাই কমলা ৰত্নমৰ জীৱনৰ ভিত্তিত লিখিছিল)এ প্ৰদত্ত উপন্যাসখনৰ সন্দৰ্ভত কৈছে- ‘নীলকণ্ঠী ব্ৰজ নামৰ নাতিদীৰ্ঘ উপন্যাসখন বৃন্দাবন আৰু অন্যান্য পৱিত্ৰ ধামত তেওঁৰ পৰ্যবেক্ষন আৰু আৰ্জিত অভিজ্ঞতাৰ ফচল । এই উপন্যাসখনে বিষদ ভাৱে বৰ্ণনা কৰিছে মৃত্যু আৰু অৱমাননাৰ আপেক্ষাত,গাৰ ফটা কঁথাৰ আচলত আপোন শৱৰ সৎকাৰৰ বাবে কেইটিমান মাত্ৰ পইচা গাঁথি এই পবিত্ৰ ধামসমূহত পৰি ৰোৱা শ শ যুৱতী বিধৱাৰ দুঃসহ পৰিশ্ৰম আৰু অপমান,আৰু হেৰাই যোৱা আত্মাভিমানৰ কাহিনী। এই কাহিনী অবিশ্বাস্যধৰণে ভয়াবহ,কিন্তু সঁচা। এইফালৰ পৰা লেখিকাৰ ৰচনা এক নিষ্ঠুৰ আত্মাহীন সমাজৰ হাতত নাৰীৰ দুঃখ-যাতনাৰ বিৰুদ্ধে এক অন্তহীন ধৰ্মযুদ্ধৰ সূচনা কৰা বাল্মীকিৰ ৰচনাৰ সমগোত্ৰীয় । ’

নিঃসন্দেহে মামণি ৰয়ছম গোস্বামীৰ ‘নীলকণ্ঠী ব্ৰজ’ উপন্যাসখন বিভিন্ন দৃষ্টিকোণৰ পৰা তাৎপৰ্যপূৰ্ণ তথা গুৰুত্বপূৰ্ণ । উপন্যাসখনৰ পটভূমি বৃন্দাবন । সমগ্ৰ ভাৰতবাসীৰ মনত পবিত্ৰ ধাম হিচাপে বন্দিত হৈ অহা বৃন্দাবনৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহি তাৰ বিচিত্ৰ জীৱন পৰিক্ৰমা স্ব-চক্ষুৰে দেখি লেখিকা বিস্মিত হয় আৰু ৰামায়নী সাহিত্যৰ গৱেষণাৰ উদ্দেশ্যে তাত অতিবাহিত কৰা সময়ছোৱাতে উপন্যাসখনৰ পৰিকল্পনা কৰে। উপন্যাসখনত অতি স্পষ্ট ৰূপত বৃন্দাবনৰ প্ৰচলিত সমাজখনৰ প্ৰতি লেখিকাৰ এক সংস্কাৰমূলক দৃষ্টিভংগীৰ প্ৰকাশ হৈছে আৰু লেখিকাৰ এই প্ৰতিক্ৰিয়া কেৱল ব্ৰজধামতে আবদ্ধ নাথাকি সমগ্ৰ ভাৰতবৰ্ষৰ সামাজিক পৰিমণ্ডলতে গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰিব পৰা যায়। বৃন্দাবনৰ পবিত্ৰ হিচাপে জনমানসত পৰিচিত মন্দিৰসমূহক কেন্দ্ৰ কৰিয়েই উপন্যাসখনত বৰ্ণিত সমাজখন গঢ় লৈ উঠিছে। সেই সমাজখনৰ এক অন্যতম অংগ ৰাধেস্বামীসকল(বৃন্দাবনৰ ধামত জীৱন অতিবাহিত কৰা উচ্চ বৰ্ণৰ হিন্দু বিধৱা) আৰু তেওঁলোকৰ জীৱন যাত্ৰাক সূক্ষ্মৰূপত ঔপন্যাসিকাই কৰা পৰ্যবেক্ষণৰেই ফচল ‘নীলকণ্ঠী ব্ৰজ’। বাস্তৱবাদী ঔপন্যাসিকাগৰাকীয়ে তথাকথিত পবিত্ৰ ব্ৰজধামৰ নগ্ন তথা কদৰ্য ৰূপটোক কৰা চিত্ৰায়নে তেখেতৰ সামাজিক দায়বদ্ধতাক প্ৰতিনিধিত্ব কৰিছে। সমাজৰ বিভিন্ন নেতিবাচক দিশৰ প্ৰতি বিদ্ৰোহ উপন্যাসখনৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য। এইক্ষেত্ৰত উপন্যাসখনৰ ‘সৌদামিনী’ চৰিত্ৰটো বিশেষভাৱে উল্লেখ কৰিব লাগিব । পৰম্পৰাগত সমাজৰ প্ৰতি বিদ্ৰোহ আৰু ক্ষোভ এই চৰিত্ৰটোৰ মাজেৰেই প্ৰকাশ পাইছে। আচলতে প্ৰচলিত সমাজখনৰ বিভিন্ন দিশৰ প্ৰতি এই চৰিত্ৰটোৰ প্ৰতিক্ৰিয়াৰ মাজেৰেই ঔপন্যাসখনৰ সমাজ-সংস্কাৰমূলক দৃষ্টিভংগীৰ আভাস লাভ কৰিব পাৰি ।

তদানীন্তন সমাজখন বহু দিশৰ পৰা ৰক্ষণশীল আছিল । দূৰ্ভাগ্যজনকভাৱে সাম্প্ৰতিক সমাজখনো এনে কিছুমান ৰক্ষণশীলতাৰ পৰা মুক্ত নহয়। সমাজৰ এনে ৰক্ষণশীলতাৰ প্ৰতি নীলকণ্ঠী ব্ৰজ এক বলিষ্ঠ বিদ্ৰোহ। এটা উচ্চ হিন্দু পৰিয়ালৰ সন্তান সৌদামিনী অকালতে বিধবা হ’ব লগা হৈছে । চৰিত্ৰটোৰ বিকাশ উপন্যাসখনৰ এটা মনকৰিবলগীয়া দিশ। অকালতে বৈধৱ্যক সাৱটি লোবা সৌদামিনীৰ বাবে দ্বিতীয় বিবাহৰ পথ সম্পূৰ্ণৰূপে বন্ধ । আইনগত ভাৱে বিধৱা বিবাহ সম্ভৱপৰ যদিও সামাজিক প্ৰথাই নাৰীক বৈধৱ্যৰ কঠোৰ জীৱন যাপন কৰিবলৈ বাধ্য কৰায়। কিন্তু আধুনিক শিক্ষাৰ অধিকাৰী সৌদামিনীয়ে এই অযুক্তিকৰ সামাজিক নীতিক সহজে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। সৌদামিনীয়ে এই পৰম্পৰাগত সমাজ ব্যৱস্থাৰ বিৰোধিতা কৰি উপন্যাসখনত এটা নাৰীবাদী চৰিত্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে । এগৰাকী উচ্ছল যৌৱনা গাভৰু হিচাপে সৌদামিনীয়ে বিচাৰে জৈৱিক জীৱনৰ পূৰ্ণতা। তেজ মঙহৰ মানুহ সৌদামিনী প্ৰেমত পৰিছে এজন খ্ৰীষ্টান যুৱকৰ। ধৰ্মীয় সংকীৰ্ণতাকৈ প্ৰেম উৰ্ধত- এই কথাক ই প্ৰতিপন্ন কৰিছে। সমাজৰ এই জাতি ধৰ্মৰ বাদ বিচাৰৰ প্ৰতি চৰিত্ৰটোৱে সোচ্চাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰেমিক যুৱকজনৰ বাহুবন্ধনৰ মাজত সাহসেৰে নিজক সমৰ্পন কৰি সৌদামিনিয়ে কৈছে- মানুহে কয় তুমি খ্ৰীষ্টান । তুমি খ্ৰীষ্টান । অথচ এয়া,মোৰ বুকুত তোমাৰ দেহৰ উম একেই- বিশ্বাস কৰা সুব্ৰত,মোৰ মৰমৰ স্বামীৰ দেহৰ সৈতে একেই- একেই!!একেবাৰে একেই!!

সৌদামিনীৰ পৰম্পৰাগত সমাজৰ প্ৰতি থকা ক্ষোভ সম্ভৱত প্ৰশমিত হ’লহেঁতেন যদিহে ব্ৰজধামত তাই মানসিক শান্তি আৰু নিৰাপত্তাৰ বাবে এটা অনুকুল পৰিৱেশ লাভ কৰিলহেঁতেন। কিন্তু ব্ৰজধামৰ পৰিবেশ তাৰ সম্পূৰ্ণ বিপৰীত আছিল । ব্ৰজধামত বিধৱাসকলক আধ্যাত্মিক মুক্তি লাভৰ আশাত বন্দী কৰা হয় । কিন্তু তেওঁলোকে তাত জীয়াই থকাৰ ন্যূনতম সুবিধাকণকে নাপায়। তেওঁলোকৰ অপমানৰ দুখ বাদেই,পেটৰ ক্ষুধা নিবাৰণকে নহয় । ব্ৰজধামৰ প্ৰতি থকা মানুহৰ ধাৰণাক সম্পূৰ্ণ ভুল প্ৰমাণিত কৰি সৌদামিনীৰ সন্মুখত ব্ৰজধাম এক পৃথক ৰূপত ধৰা দিছে আৰু ব্ৰজধামৰ এই প্ৰকৃত স্বৰূপৰ সৈতে পৰিচিত হৈ চৰিত্ৰটোৰ মনত প্ৰতিবাদী মানসিকতাৰ উৎপত্তি হৈছে । ব্ৰজধামৰ প্ৰাচীন অট্টালিকাৰ ভগ্ন খুপৰিবোৰত ধৱল কুষ্ঠৰোগাক্ৰান্ত প্ৰেতাত্মাসদৃশ ৰাধেশ্যামীসকলৰ জীৱন-যাত্ৰাৰ বিৱৰণ,যুগল উপাসনাৰ নামত অবাধ যৌনাচাৰ,পুৰোহিতে সমাজৰ চকুত ধুলি দি যুৱতী ৰাধেশ্যামীক ৰক্ষিতা কৰা,ৰাধেশ্যামী বিধৱা যুৱতীৰ ব্যৱসায় কৰা তথা ধৰ্মৰ নামত কৰা অবৰ্ণনীয় অত্যাচাৰৰ বৰ্ণনাৰে ঔপন্যাসিকাই ব্ৰজধামৰ স্বৰূপ সাহসিকতাৰে উদঙাই দিছে । শান্তি বিচাৰি অহা সৌদামিনীয়ে ব্ৰজধামত দেখিছে এই ব্যাভিচাৰ আৰু নৰক-সদৃশ পৰিৱেশ। সৌদামিনীৰ প্ৰতিবাদী মনটোৱে এই ব্যভিচাৰৰ বিৰোধিতা কৰিছে। হাড়াবাৰীৰ পিনে মুখ কৰি থকা ৰহস্যময় গলিটিৰ সংসাৰ চাবলৈ গৈ সৌদামিনীয়ে দেখিবলৈ পালে ৰাধেশ্যামীসকলৰ কৰ্দয আৰু দুৰ্দশাগ্ৰস্ত ৰূপ । ‘সৌদামিনীৰ চকুত পৰিল কিছুমান ভগ্ন খুপৰি । পাৰৰ বাহৰ দৰে খুপৰি এইবোৰ। এজাক বিধৱা ৰাধেসশ্যামীয়ে এই খুপৰি বিলাকত বাস কৰে । ইহঁতৰ অস্থি,চৰ্মসাৰ দেহ,গাত বিবৰ্ণ মলিয়ন ধুতি। কিন্তু কপালত সিঁহতৰ ডগমগাই আছে বিভূতি আৰু গোপীচন্দনৰ ৰেখাৰ সমাৰোহ । ’ ৰাধেশ্যামীসকলৰ এনে ৰূপ স্ব-চক্ষুৰে দেখি সৌদামিনী বিব্ৰত হৈ পৰিছে। অন্তৰত উদ্ৰেগ হৈছে চৰম বিতৃষ্ণা। ব্ৰজধামত তাই দেখিলে ধৰ্মৰ নামত যৌন ব্যাভিচাৰ,পেটৰ ক্ষুধা লৈ কৃষ্ণৰ নাম লোৱা প্ৰেতাত্মাসদৃশ বুভুক্ষ ৰাধেশ্যামীৰ দল । তাই দেখিলে জীৱনৰ তুচ্ছতা য’ত চতুৰ্দিশে কেৱল মানৱতাৰ অৱক্ষয়ৰ কদৰ্য পৰিৱেশ। এনেধৰণৰ অপ্ৰত্যাশিত পৰিস্থিতিৰে পৰিচিত হৈ তাইৰ মনত সৃষ্টি হোৱা প্ৰতিবাদী সত্তাৰ মূৰ্ত প্ৰকাশ ঘটিছে তাইৰ মাকৰ আগত প্ৰকাশ কৰা মন্তব্যৰ মাধ্যমেৰে। নিজৰ অসহায় অৱস্থাটোও অতি স্পষ্ট ৰূপত তাইৰ কথাৰ মাজেদি প্ৰকাশ হৈছে- মোৰ গোটেই জীৱনটো মই আনৰ দয়াৰ পৰবশ হৈ কটাব নোৱাৰো। মই মহিয়সী নাৰী নহয় যে তোমালোকৰ দৰে জনকল্যানমূলক কাম কৰি মই মোৰ গোটেই জীৱন অতিবাহিত কৰিব পাৰিম। মই স্বাধীন । মই কাকো ভয় নকৰোঁ…তোমালোকে যদি মই সলনি হোৱা বুলি ভাৱিছা তেতিয়াহ’লে ……..ৰায়চৌধুৰীলৈ আঙুলি টোৱাই তাই চিঞৰি উঠিল, ‘তোমালোক ভণ্ড!! তোমালোকক মই কচাইৰ লগত ৰিজাব পাৰোঁ…’

সৌদামিনীৰ মাক আৰু দেউতাক দুয়ো পৰম্পৰাগত ৰক্ষণশীল সমাজৰ একো একোজন প্ৰতিনিধি। চৰিত্ৰদুটাৰ বিকাশ উপন্যাসখনত পৰিলক্ষিত হোৱা নাই । অৰ্থাৎ এই চৰিত্ৰদুটা সমতলীয় চৰিত্ৰ(flat character)। এই চৰিত্ৰদুটাৰ প্ৰতি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰি সৌদামিনী চৰিত্ৰটোৱে প্ৰচলিত সমাজব্যৱস্থাৰ প্ৰতিয়ে প্ৰতিবাদ প্ৰদৰ্শন কৰিছে । এনেবোৰ বৈশিষ্ট্যৰ জৰিয়তে চৰিত্ৰটো এটা চক্ৰাকাৰ চৰিত্ৰ(round character) হিচাপে ধৰা দিছে। সৌদামিনী চৰিত্ৰটোক এটা নাৰীবাদী চৰিত্ৰ হিচাপে বিচাৰ কৰি চোৱাৰ অৱকাশো আছে। চৰিত্ৰটোৱে বহু সময়ত নাৰীৰ অধিকাৰৰ প্ৰতি সচেতনতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। এই দৃষ্টিকোণৰ পৰাও চৰিত্ৰটোৰ মাজেৰে সমাজ সংস্কাৰমূকলক আদৰ্শ প্ৰকাশ হৈছে। সচেতন নাৰী হিচাপে,শিক্ষিত নাৰী হিচাপে ব্ৰজধামত থিয় হৈ ধৰ্মীয় মতান্ধতাৰ স্বৰূপ উদঙাই দি নাৰীৰ অধিকাৰ সাব্যস্ত কৰাৰ এক দুৰ্বাৰ আকাংক্ষা সৌদামিনীৰ মাজত দেখা গৈছে। সৌদামিনীয়ে ৰক্ষণশীল উচ্চ হিন্দু সমাজৰ বিৰুদ্ধে উচ্চস্বৰে বিদ্ৰোহ ঘোষণা কৰিছে । ‘ মই স্বাধীন। মই কাকো ভয় নকৰো’ – এইকেইষাৰ কথাই তাই বিধৱা নাৰীৰো যে ব্যক্তি স্বাতন্ত্ৰ আছে,তাকেই সাব্যস্ত কৰিলে। পৰম্পৰাগত সমাজৰ প্ৰতি এয়া যেন সৌদামিনীৰ এক প্ৰত্যাহ্বান। তাইৰ কণ্ঠৰ এই প্ৰতিবাদী সুৰে ঔপন্যাসিকাৰ নাৰীবাদী চিন্তা-চৰ্চাৰ উমান দিয়ে। আচলতে শান্তিৰ সন্ধানতেই মাক-দেউতাকৰ পৰামৰ্শক সাৰোগত কৰি সৌদামিনী ব্ৰজধামলৈ আহিছিল। কিন্তু ব্ৰজধামৰ কদৰ্য পৰিৱেশে তাইক বেছি বিদ্ৰোহী কৰিহে তুলিলে । এজন পুৰুষে স্ত্ৰীৰ মৃত্যুৰ পিচত দ্বিতীয় বিবাহ কৰিব পাৰে,তেনেস্থলত নাৰী এগৰাকীয়ে স্বামীৰ মৃত্যুৰ পিচত দ্বিতীয় বিবাহ কৰিব নোৱাৰা কাৰণ কি? সৌদামিনীয়ে এই অন্ধ নিয়মৰ বিৰোধিতা কৰিছে। যিবোৰ নিয়মৰ ফলশ্ৰুতিত সৌদামিনীৰ দৰে ভাৰতবৰ্ষৰ হাজাৰ হাজাৰ উচ্চ হিন্দু বিধৱাই ধৰ্মীয় ৰক্ষণশীলতাৰ চিকাৰ হৈ এক দুৰ্বিসহ জীৱন যাপন কৰিবলগা হৈছে। ব্ৰজধামৰ বিষাক্ত পৰিবেশত জীৱন সম্পৰ্কে এক অনাসক্তি আৰু মৃত্যু চেতনাই সৌদামিনীৰ অন্তৰত অলক্ষিতে বাহ লৈছিল। ৭বুৰঞ্জী উপন্যাসখনৰ শেষত সৌদামিনীয়ে আত্মহত্যাৰ মাজেৰে প্ৰচলিত ক্ষয়িষ্ণু সমাজখনৰ ৰক্ষণশীলতাৰ বিৰুদ্ধে এক তীব্ৰ প্ৰতিবাদেই সাব্যস্ত কৰিছে। কিন্তু এইখিনিতেই চৰিত্ৰটোৰ পূৰ্বৰ বলিষ্ঠ পদক্ষেপ পিচলৈ দুৰ্বল হৈ পৰা যেন অনুভৱ হয়। কিন্তু সামগ্ৰিক বিচাৰত সৌদামিনী চৰিত্ৰটো এটা বলিষ্ঠ প্ৰতিবাদী এগৰাকী বিধৱাৰ অন্তৰ্বেদনা,মানসিক দ্বন্দ্ব, স্বাভাৱিক জৈৱিক ক্ষুধা আৰু পৰম্পৰাগত সমাজ ব্যৱস্থাৰ বিৰুদ্ধে ক্ষোভ আৰু প্ৰতিবাদ সৌদামিনী চৰিত্ৰৰ মাজেৰে বাস্তৱ ৰূপত দাঙি ধৰিছে। আৰু এই চৰিত্ৰটোৱে ঔপন্যাসিকাৰ সমাজ-সংস্কাৰমূলক দৃষ্টিভংগীকো স্পষ্টৰূপত প্ৰতিনিধিত্ব কৰাত সফল হৈছে। অন্যহাতে ডাঃ ৰায়চৌধুৰী চৰিত্ৰটোৰ জনকল্যানমূলক কৰ্মসূচীৰ মাজতো আমি উপন্যাসখনৰ মাজত থকা সমাজ সংস্কাৰমূলক চেতনা সংপৃক্ত হৈ থকা দেখা পাওঁ। একমাত্ৰ জীয়েকৰ মানসিক পৰিৱৰ্তনৰ আশাত ব্ৰজধামলৈ যোৱা ৰায়চৌধুৰীয়ে তাত থকা আজোককাকৰ ভগ্নপ্ৰায় চিকিৎসালয়খন পুনৰ উজ্জীৱিত কৰি দিনে ৰাতিয়ে আৰ্ত জনৰ সেৱা কৰিছিল । নীলকণ্ঠী ব্ৰজ উপন্যাসখনৰ মাধ্যমেৰে ঔপন্যাসিকা গোস্বামীয়ে কেৱল ৰাধেশ্যামীসকলৰ জীৱনকেই আলোকপাত কৰিছে বুলি কলে ভুল হ’ব,লেখিকাই ব্ৰজৰ সামগ্ৰিক পৰিৱেশটোক অতি স্পষ্ট ৰূপত বৰ্ণনা কৰিছে আৰু তাৰ নেতিবাচক দিশসমুহক উদঙাই দিছে । এই সন্দৰ্ভত সমালোচক ড০ অৰবিন্দ ৰাজখোৱাই কৈছে- নিপীড়িত জনতাৰ সমাজখনত কেইটামান বিশেষ চৰিত্ৰ উপস্থাপন কৰি ঔপন্যাসিকে সমগ্ৰ সমাজখনক বিশ্লেষণ কৰিছে। সমাজতাত্ত্বিক দৃষ্টিভংগীৰে লিখা এটা দীৰ্ঘাতয়ন প্ৰবন্ধতকৈ নীলকণ্ঠী ব্ৰজ উপন্যাসখনে সেই সমাজখনৰ ছবি কোনোগুণেই কম মাত্ৰাত তুলি ধৰা নাই। ব্ৰজধামৰ প্ৰতি বাহিৰৰ মানুহে পোষণ কৰি ৰখা ধ্যান ধাৰণাৰ প্ৰতি ই যেন প্ৰৱল প্ৰত্যাহ্বান । কাহিনী আৰু চৰিত্ৰৰ সবল উপস্থাপনৰ লগে লগে ব্ৰজধামৰ সমাজখনৰ নিৰ্ভেজাল ছবি তুলি ধৰি নীলকণ্ঠী ব্ৰজ উপন্যাসৰ জৰিয়তে মামণি ৰয়ছম গোস্বামীয়ে নিজৰ অনন্য প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিলে। উপৰোক্ত সংক্ষিপ্ত অৱলোকনৰ পৰা ‘নীলকণ্ঠী ব্ৰজ’ উপন্যাসৰ মাজত সংপৃক্ত হৈ থকা সমাজ-সংস্কাৰমূলক চেতনাৰ এক পৰিচয় লাভ কৰিব পাৰি। এই সংস্কাৰমূলক চেতনাক অধিক শক্তিশালী ৰূপত প্ৰতিনিধিত্ব কৰিছে সৌদামিনী চৰিত্ৰটোৰ কাৰ্য-ক্ৰমে । উপন্যাসখনৰ সমাজ সংস্কাৰমূলক চেতনাই সমাজৰ বিভিন্ন দিশক সামৰি লৈছে। হিন্দু ৰক্ষণশীল সমাজখনৰ বিৰুদ্ধে প্ৰতিবাদ,বিধৱা বিবাহৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী,নাৰীৰ অধিকাৰ প্ৰতি সচেতনতা,অশুভ পৰম্পৰাৰ বিৰোধিতা,ধৰ্মত নামত ভাৰতীয় সমাজখনত চলি থকা ব্যাভিচাৰৰ প্ৰতিবাদ,আৰ্তজনৰ প্ৰতি সেৱাৰ মানসিকতা,সৃক্ষ্ম পৰ্যবেক্ষণৰ মাধ্যমেৰে ব্ৰজধামৰ প্ৰকৃত স্বৰূপৰ উন্মোচন- আদি দিশবোৰে সমাজ সংস্কাৰমূলক চেতনাক প্ৰতিনিধিত্ব কৰিছে ।

উপসংহাৰঃ

আলোচনাৰ পৰা ঔপন্যাসিকাগৰাকীৰ উপন্যাসৰ সমাজ-সংস্কাৰমূলক চেতনাৰ এক পৰিচয়মূলক আভাস লাভ কৰিব পাৰি। এইক্ষেত্ৰত ঔপন্যাসিকাৰ ‘নীলকণ্ঠী ব্ৰজ’ উপন্যাসখন বিশেষভাৱে উল্লেখযোগ্য। পৰম্পৰাগত সমাজখনৰ ৰক্ষণশীলতাৰ বিৰুদ্ধে উপন্যাসখনৰ চৰিত্ৰ ‘সৌদামিনীৰ’ৰ প্ৰতিবাদৰ মাজেৰে যি সমাজ-সংস্কাৰৰ শক্তিশালী চেতনাৰ বহিঃপ্ৰকাশ ঘটিছে সেয়া অসমীয়া উপন্যাসসাহিত্যত বিৰল । অন্যান্য উপন্যাসসমুহতো এই চেতনা বলিষ্ঠৰূপত সংপৃক্ত হৈ আছে। ৰয়ছম গোস্বামীৰ উপন্যাসৰ এই সমাজ সংস্কাৰমূলক চেতনা সম্পৰ্কে অধিক চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আছে যাৰ জৰিয়তে সমাজ-সচেতন লেখিকাগৰাকীৰ সঠিক মূল্যায়ন হ’ব ।

article 2


ফৰেনচিক বিজ্ঞানত তেজৰ ভূমিকা- উক্ত বিষয়টোত আলোকপাত কৰাৰ আগতে "তেজ" আৰু "ফৰেনচিক বিজ্ঞান" ৰ বিষয়ে কিছু থূলমূল ধাৰণা আগবঢ়োৱা হ'ল।

তেজ হৈছে প্ৰাণিদেহৰ প্ৰধান পৰিভণ মাধ্যম। তেজৰ জৰিয়তে বিভিন্ন কাৰ্য সম্পন্ন হয়। নিম্ন শ্ৰেণীৰ প্ৰাণীৰ ক্ষেত্ৰত ই বৰ জটিল আৰু ইয়াক এক প্ৰকাৰৰ কলা বুলি কোৱা হয়। সেয়ে তেজৰ আন এটি নাম হ'ল "পনীয়া কলা"। তেজত প্লাজমা, প্লেটলেট আদি বিভিন্ন পদাৰ্থ থাকে। এম্ফিঅক্সাছ আৰু লেপ্ট'ছেফালাছৰ বাহিৰে বাকী আটাইবোৰ মেৰুদণ্ডী প্ৰাণীৰে তেজৰ ৰং ৰঙা। মানুহৰ ক্ষেত্ৰতো তেজৰ ৰং ৰঙা আৰু ই মুখ্য পৰিভণ মাধ্যম হিচাপে সিৰা আৰু ধমনীৰে গঠিত তন্ত্ৰটোৰে চলাচল কৰে।

ফৰেনচিক বিজ্ঞান হৈছে বৰ্তমান সময়ত অতি প্ৰয়োজনীয় অপৰাধ অনুসন্ধান বিভাগসমূহৰ অতি দৰকাৰী অংগস্বৰূপ এক বিজ্ঞান।

অপৰাধ আৰু অপৰাধীৰ মাজত যথাযথভাৱে সম্বন্ধ স্থাপন কৰি অপৰাধী চিনাক্ত কৰাৰ বাবে যি বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰা যায়, তাকে ফৰেনচিক বিজ্ঞান বোলে। আঙুলিৰ চাপ, ভৰিৰ খোজ, কটাৰীৰ ঘাঁ, তেজৰ চেকা, মাতৰ লেখ, ছীৰ লক্ষণ, আখৰৰ চৰিত্ৰ ইত্যাদি বিভিন্ন কথা, নান বৈজ্ঞানিক যন্ত্ৰপাতি ত থা ৰাসায়নিক পদাৰ্থৰ স হায়ত অধ্যয়ন কৰি ফৰেনচিক বিজ্ঞানীয়ে অপৰাধৰ সাক্ষ্য উলিয়াবলৈ নাইবা অপৰাধৰ যোগ সূত্ৰ স্থাপন কৰিবলৈ যত্ন কৰে। ফৰেনচিক বিজ্ঞানত তেজৰ চেকাৰ এক বিশেষ ভূমিকা আছে। তেজৰ চেকা অধ্যয়ণ কৰিও অপৰাধীক চিনাক্ত কৰিব পাৰি।

আমি জানো যে তেজৰ চেকাবোৰ সাধাৰণতে ৰঙা হয়। এতিয়া প্ৰশ্ন হ'ল আটাইবোৰ ৰঙা দাগেই জানো তেজৰ? দাগটো প্ৰকৃত তে তেজৰ হয় নে নহয় সেইটো প্ৰথমতেই পৰীক্ষা কৰাৰ দৰকাৰ। পৰীক্ষাটো কৰিবলৈ প্ৰথমতে সন্দেহজনক দাগটোৰ ওপৰত এখন পৰিষ্কাৰ ফিল্টাৰ কাগজ ৰাখি তাৰ ওপৰত এখন এটোপাল "বেনজেডাইন" পেলাই দিয়া হয়। ইয়াৰ পিছত তাত এটোপাল হাইড্ৰজেন পেৰক্সাইড পেলাই দিলে প্ৰকৃত তে দাগটো তেজৰ হয়নে নহয় হেইটো চিনাক্ত কৰিব পৰা যায়। যদিহে দাগটো তেজৰ হয় তেন্তে ত ৎক্ষণাত ই গাঢ় নীলা হৈ উঠিব। পৰীক্ষাটো ইমানেই সক্ৰিয় যে একলাখ ভাগ পানীৰ লগত এটোপাল তেজ মিহলালেও তেজৰ অস্তিত্ব প্ৰমাণ কৰিব পৰা যায়। গতিকে তেজ লাগি থকা কাপোৰ এখন সাধাৰণতে ধূই দিয়াৰ পাছতো তাত থকা তেৰ অস্তিত্বৰ কথা প্ৰমাণ কৰিব পৰা যায়। দাগটো বাৰু তেজৰ বুলি চিনাক্তকৰণ কৰা হ'ল, এতিয়া ইয়াৰ পৰা অপৰাধীক কেনেকৈনো চিনাক্ত কৰিব পৰা যায়? এইবাৰ সেই দাগটোত থকা তেজ খিনিৰ গ্ৰুপ, অন্যান্য বৈশিষ্ট্য ত থা Rh উপাদান পৰীক্ষা কৰা আৱশ্যক। এইখিনি পৰিক্ষাৰ পাছত ঘটনাস্থলত পোৱা তেজখিনি অপৰাধীৰ নে মৃত বা আহত ব্যক্তিৰ তাক অনুসন্ধান কৰা আৱশ্যক। ধৰা হল, ঘটনাস্থলত পোৱা তেজৰ দাগটো অপৰাধীৰৰ। এইবাৰ পৰীক্ষা কৰা আৱশ্যক অপৰাধী বুলি সন্দেহ কৰা ব্যক্তিৰ তেজৰ বিশ্লেষণ। এই বিশ্লেষণত যদি ঘটনাস্থলীত পোৱা তেজৰ দাগ আৰু সন্ধেহ কৰা অপৰাধীৰ তেজ একে নহয় তেন্তে আমি এনেকুৱা এটা সিদ্ধান্তত উপনীত হব পাৰোঁ যে সন্দেহকাৰী ব্যক্তি অপৰাধী নহয় নাইবা সেই ব্যক্তিৰ লগত অইন কোনো তৃতীয় এজন অপৰাধী জড়িত হৈ আছে। মুঠতে এনেধৰণৰ ব হুতো প্ৰশ্নৰ সমাধান ইয়াৰ জৰিয়তে পোৱা সম্ভৱ হৈছে।

এইবাৰ ফৰেনছিক বিজ্ঞানৰ জৰিয়তে অন্য এটা প্ৰশ্নৰ সমাধান বিছৰা যাওক। ধৰা হল, অবৈধ সন্তান এটিৰ পিতৃৰ পৰিচয় উলিয়াবলগীয়া হ'ল। এইক্ষেত্ৰত সন্দেহজনক পিতৃ মাতৃৰ তেজৰ গ্ৰুপ আৰু সন্তানৰ তেজৰ গ্ৰুপ বিশ্লেষণ কৰি চোৱাৰ আৱশ্যক । ১৯০৮ চনত গুটেনবাৰ্গ আৰু ইপষ্টেইন নামৰ দুগৰাকী বিজ্ঞানীয়ে প্ৰমাণ কৰে যে পিতৃ মাতৃৰ তেজৰ গ্ৰুপ অনুসাৰেহে সন্তানৰ তেজৰ গ্ৰুপ নিৰ্ধাৰিত হয়। উদাহৰণস্বৰূপে পিতৃৰ তেজৰ গ্ৰুপ যদি O হয় আৰু মাতৃৰ A হয়, তেতিয়া সন্তানৰ তেজৰ গ্ৰুপ হব O বা A । ইয়াৰ বাহিৰে অইন একো গ্ৰুপ হব নোৱাৰে। পিতৃ মাতৃৰ তেজৰ গ্ৰুপ কি কি হলে সন্তানৰ তেজৰ গ্ৰুপ কি কি হ'ব পাৰে এই সম্পৰ্কে বিজ্ঞানীসকলে তালিকা এখন প্ৰস্তুত কৰিছে। "পিতৃ মাতৃৰ আৰু সন্তানৰ তেজৰ গ্ৰুপ জানিব পাৰিলে তালিকাৰ পৰা কোনো এজন লোক এটা সন্তানৰ পিতৃ হয় বুলি ঠিৰাং কৰিব পাৰি। কিন্তু এই পিতৃত্ব অস্বীকাৰ কৰা লোক এজনক সন্তানৰ পিতৃ হয়েই বুলি ঠিৰাংকৈ ক'ব পৰা নাযায়।

শিতান সমূহ