গ্ৰন্থৰ খবৰ

article 5

অসমৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান নৰ্থ লখিমপুৰ কলেজৰ প্ৰকাশন সমিতিয়ে ইতিমধ্যে কিছুমান ব্যতিক্রম আৰু ইতিবাচক পদক্ষেপেৰে অসমৰ বৌদ্ধিক জগতৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰকাশন সমিতিৰ জৰিয়তে কলেজখনে অসমৰ গ্ৰন্থ জগতখনকো সমৃদ্ধ কৰাত অৰিহণা আগবঢ়াইছে। নৰ্থ লখিমপুৰ কলেজ প্ৰকাশনৰ গ্ৰন্থসমূহৰ এক সংক্ষিপ্ত আলোচনাৰে এই প্ৰতিবেদনখন প্ৰস্তুত কৰিছে জ্যোতিষ্মান দাসে৷

সাহিত্য সমালোচনা তত্ত্ব (২০০১) :

২০০১ চনত গঠন হোৱা প্ৰকাশন সমিতিৰ তদানীন্তন সমন্বয়ক ড অঞ্জন কুমাৰ ওজাই সমন্বয়কৰ দায়িত্ব গ্ৰহণ কৰিয়ে সেই বছৰতে নিজা সম্পাদনাত সাহিত্য সমালোচনা তত্ত্ব নামৰ গ্ৰন্থখন প্ৰকাশ কৰে। ড অশোক কুমাৰ গোস্বামী, ড নগেন শইকীয়া, ৰঞ্জিত কুমাৰ দেৱগোস্বামী, ড মদন শৰ্মা, ড আনন্দ বৰমুদৈ, ড অৰ্পণা মহন্ত, ড নীৰাঞ্জনা মহন্ত বেজবৰুৱা আদি অসমৰ কৃতবিদ্য সমালোচকৰ প্ৰবন্ধ সন্নিৱিষ্ট হোৱা গ্ৰন্থখন ইতিমধ্যে অসমৰ শৈক্ষিক জগতত বহুলভাৱে সমাদৃত হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্রমত প্ৰসংগপুথি হিচাপেও গ্ৰন্থখনে স্বীকৃতি লাভ কৰিছে। গ্ৰন্থখনৰ পৰিৱৰ্ধিত দ্বিতীয় সংস্কৰণটোও মহাবিদ্যালয় প্ৰকাশন সমিতিৰ উদ্যোগত ২০১৩ চনত প্ৰকাশ হৈছে। মূল্য : ১৬০

স্বৰ্ণৰেখা (২০০২) :

অঞ্জন কুমাৰ ওজাৰ সম্পাদনাৰে ২০০২ চনত চুটিগপ্ল সংকলন স্বৰ্ণৰেখা প্ৰকাশ হয়। মহাবিদ্যালয়ৰ স্বৰ্ণজয়ন্তীৰ সৈতে সংগতি ৰাখি প্ৰকাশ হোৱা গপ্ল সংকলনখনত নিৰুপমা বৰগোহাঞি, আলি হাইদৰ আদি প্ৰথিতযশা সাহিত্যিকৰ গপ্ল সংকলিত হোৱাৰ লগতে মহাবিদ্যালয়ৰ কেইবাজনো অধ্যাপক-অধ্যাপিকা আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ গপ্ল সন্নিৱিষ্ট হৈছে। মূল্য : ৭০

সোণালী চিন্তা (২০০২) :

সোণালী চিন্তা ড অঞ্জন কুমাৰ ওজাৰ সম্পাদনাত প্ৰকাশ পোৱা এখন প্ৰবন্ধ সংকলন স্বৰ্ণৰেখা ৰ দৰে মহাবিদ্যালয় প্ৰতিষ্ঠাৰ স্বৰ্ণজয়ন্তীৰ সৈতে সংগতি ৰাখি গ্ৰন্থখন প্ৰকাশ পাইছিল। অসমৰ কেইবাজনো চিন্তাবিদৰ লগতে মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীৰ চিন্তাশীল প্ৰবন্ধ সংকলনটোত সন্নিবিষ্ট হৈছে। মূল্য : ৯০

সোণোৱালী দিনবোৰ যেন (২০০২) :

সোণোৱালী দিনবোৰ যেন শীৰ্ষক কবিতা সংকলনখনো স্বৰ্ণজয়ন্তীৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা হৈছিল। গ্ৰন্থখনৰ সম্পাদনা ড অঞ্জন কুমাৰ ওজাৰ। বৰ্তমান অসমৰ কবিতাৰ জগতৰ কেইবাজনো প্ৰতিষ্ঠিত কবি তথা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰ কবিতা সংকলনটোত সংকলিত হৈছে। তাৰ ভিতৰত সৌৰভ শইকীয়া, যোগেন টাইদ, কুশল দত্ত আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য। মূল্য : ৪০

সমাজ, সাহিত্য, সংস্কৃতি (২০১১) :

এক সাময়িক স্থবিৰতাৰ অন্তত ড সুৰেশ দত্ত, ড লক্ষীনাথ পেগু আৰু মহাবিদ্যালয় প্ৰকাশন সমিতিৰ নৱনিযুক্ত সমন্বয়ক অৰবিন্দ ৰাজখোৱাৰ সম্পাদনাৰে ২০১১ চনত সমাজ, সাহিত্য, সংস্কৃতি শীৰ্ষক এখন অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক গ্ৰন্থ প্ৰকাশ হয়। অসম তথা উত্তৰ-পূবাৰ্ঞ্চলৰ সমাজ, সাহিত্য আৰু সংস্কৃতি সম্পৰ্কীয় ঊনৈশটা প্ৰবন্ধ গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে। প্ৰতিষ্ঠিত লেখক-গৱেষকৰ লগতে কেইবাজনো নবীন চিন্তাশীল লেখকৰ প্ৰবন্ধ সংকলনটোত সংকলিত হৈছে। সাহিত্য সম্পৰ্কীয় দহটা প্ৰবন্ধ, সংস্কৃতি সম্পৰ্কীয় ছটা গুৰুত্বপূৰ্ণ প্ৰবন্ধৰ লগতে সমাজৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশৰ ওপৰত ভিত্তি কৰি লিখা চাৰিটা সমাজ বিষয়ক প্ৰবন্ধ গ্ৰন্থখনত সন্নিবিষ্ট হৈছে। প্ৰতিটো প্ৰবন্ধতে সংশিষ্ট বিষয়ৰ সুক্ষ্ম অধ্যয়নৰ স্বাক্ষৰ ৰক্ষিত হৈছে। গৱেষণাধৰ্মী চিন্তাচৰ্চাৰে সমৃদ্ধ গ্ৰন্থখনৰ লেখকসকল হ’ল ড চন্দ্ৰধৰ চমুৱা, আলি হাইদৰ, হেমেন্দ্ৰ কুমাৰ গগৈ, প্ৰফুল্ল গগৈ, ড অজন্তা ওজা, অৰবিন্দ ৰাজখোৱা, ইছমাইল হুছেইন, ড অপূৰ্ব বৰা, হেমন্ত শৰ্মা, ড শৰৎ কুমাৰ ফুকন, ড সুপ্ৰীতি ফুকন, সৌমদ্বীপ দত্ত, পেইম থি গোহাঁই, পূৰ্ণকান্ত চিন্তে, চিত্ৰজিৎ শইকীয়া, ড বসন্ত কুমাৰ দলে, ড অমিয়া ৰাজবংশী, মৃদুল শৰ্মা, ড অন্নজ্যোতি গগৈ আৰু দীপকজ্যোতি মহন্ত। মূল্য : ২৫০

মহাত্মা গান্ধী : জীৱন আৰু দৰ্শন (২০১২) :

মহাত্মা গান্ধীৰ জীৱন, কৰ্ম আৰু দৰ্শন সম্পৰ্কত এলানি গুৰুত্বপূৰ্ণ প্ৰবন্ধৰ সংকলন প্ৰদত্ত গ্ৰন্থখন চাও চন্দ্ৰ মান্চেৰ সম্পাদনাত ২০১২ চনত প্ৰকাশ হয়। তেইশটা গুৰুত্বপূৰ্ণ প্ৰবন্ধ সন্নিৱিষ্ট হোৱা গ্ৰন্থখনৰ লেখকসকল হ’ল নলিনীধৰ ভট্টাচাৰ্য, ধীৰেন্দ্ৰনাথ চক্রৱৰ্তী, বিশ্ব বৰুৱা, ড মুকুন্দ ৰাজবংশী, ড অমিয়া ৰাজবংশী, ড জয়কান্ত শৰ্মা, দীপিকা বৰগোহাঁই, লক্ষ্মী ফুকন, ড নমিতা দত্ত বৰুৱা, ড গোলোক চন্দ্ৰ দত্ত, প্ৰকপ্লৰঞ্জন ভাগৱতী, চাও চন্দ্ৰ মান্চে, অৰবিন্দ ৰাজখোৱা, শকুন্তলা চৌধাৰী, ৰূপাঞ্জলি মৰাং, সঞ্জীৱ বৰা, অচিন্ত কুমাৰ শইকীয়া, বৰ্ণালী বৰা, ইস্মিৰেখা সন্দিকৈ কোঁৱৰ, বিনয় কুমাৰ পাটগিৰি, ভূবন চন্দ্ৰ শইকীয়া, বিউতি বৰা। প্ৰতিটো প্ৰবন্ধতে গান্ধীৰ দৰ্শনক সূক্ষ্মভাৱে মূল্যায়ণ কৰা হৈছে। মূল্য : ১০০

গোলাপ শৰ্মা (২০১২) :

মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিশিষ্ট ছাত্ৰনেতা গোলাপ শৰ্মাৰ জীৱন আৰু কৰ্মৰ সম্বন্ধে ড বিনীতা ভাগৱতীৰ সম্পাদনাত প্ৰকাশ পোৱা গ্ৰন্থখনত ছাত্ৰনেতাজনৰ বিষয়ে কেইবাটাও গুৰুত্বপূৰ্ণ লেখা প্ৰকাশ হৈছে। কম বয়সতে মৃত্যুমুখত পৰা প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ছাত্ৰনেতাজনৰ জীৱনক প্ৰতিনিধিত্ব কৰা গ্ৰন্থখন নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ। মূল্য : বিনামূলীয়া বিতৰণ।

অসমীয়া চুটিগপ্লৰ গতি-প্ৰকৃতি (পৰিৱৰ্ধিত দ্বিতীয় সংস্কৰণ-২০১৩) :

দত্ত প্ৰকাশনৰ সহযোগত মহাবিদ্যালয় প্ৰকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখনৰ সম্পাদনা ড অৰবিন্দ ৰাজখোৱাৰ। অসমীয়া চুটিগপ্লৰ ইতিহাসক গ্ৰন্থখনত উপস্থাপন কৰা হৈছে। যাৰ জৰিয়তে অসমীয়া চুটিগপ্লৰ কেউটা যুগৰে সম্যক পৰিচয় পোৱা যাব। অসমৰ বিশিষ্ট সমালোচকসকলে লিখা প্ৰবন্ধৰাজিৰ যোগেদি সংক্ষিপ্ত ৰূপত অসমীয়া চুটিগপ্লৰ ইতিহাস ইয়াত প্ৰকাশ পাইছে। কেইটামান প্ৰতিনিধিত্বমূলক গপ্লৰ আলোচনা গ্ৰন্থখনৰ উল্লেখযোগ্য সংযোজন। গ্ৰন্থখনৰ লেখকসকল হ’ল - ড নগেন শইকীয়া, ড প্ৰহ্লাদ কুমাৰ বৰুৱা, ড হেম বৰুৱা, উপেন্দ্ৰনাথ শৰ্মা, তোষেশ্বৰ চেতিয়া, ড আনন্দ বৰমুদৈ, ড কৃষ কুমাৰ মিশ্ৰ, ড ৰামচন্দ্ৰ ডেকা, ড নমিতা ডেকা, ড যমুনা শৰ্মা চৌধুৰী, হৃদয়ানন্দ গগৈ, ড অৰুণা গগৈ বৰুৱা, ড মৌচুমী চেতিয়া, অৰিন্দম বৰকটকী, মৃদুল শৰ্মা, ৰাজীৱ বৰা, ড অৰবিন্দ ৰাজখোৱা, ড ধৰণী লাহন, ড চিত্ৰজিৎ শইকীয়া, সিদ্ধাৰ্থ গোস্বামী, বিমল বসুমতাৰী, কৌস্তভমণি নাথ, ব্ৰজেন শৰ্মা আৰু মহাশ্বেতা দেৱী। মূল্য : ২০০

মানৱ অধিকাৰ (২০১৩) :

মানৱ অধিকাৰ গ্ৰন্থখনত সন্নিবিষ্ট হৈছে মানৱ অধিকাৰ সম্বন্ধে বিভিন্ন দৃষ্টিভংগীৰে লিখা এমুঠি প্ৰবন্ধ। সমাজৰ বিভিন্ন স্তৰত মানৱ অধিকাৰৰ প্ৰয়োজনীয়তা বিচাৰ কৰি লিখা গুৰুত্বপূৰ্ণ নিবন্ধৰ সংকলন এই গ্ৰন্থখনৰ সম্পাদনা কৰিছে বাণীকান্ত কোঁৱৰে। প্ৰবন্ধসমূহৰ লেখকসকল হ’ল - দিব্যজ্যোতি ফুকন, ড নমিতা দত্ত বৰুৱা, সৰ্বেশ্বৰ দত্ত, ড গোলোক চন্দ্ৰ দত্ত, বীনু হাজৰিকা, বেদৱতী গোহাঁই, দিগন্ত হাতীবৰুৱা, মামণি বৰুৱা, দিপাক্ষী বৰুৱা, ড মুকুন্দ ৰাজবংশী, মৃনাল গোস্বামী, ৰিতা গগৈ, ড বিনীতা ভাগৱতী, লিলি চেলেং, ৰুণুমা দত্ত বুঢ়াগোহাঁই, নিকুঞ্জমোহন ফুকন, ৰেখা ফুকন, ৰূপাঞ্জলি মৰাং, মুনলীমা ফুকন, বাণীকান্ত কোঁৱৰ, বৰ্ণালী বৰা, ৰিণ্টু সন্দিকৈ, ইস্মিৰেখা সন্দিকৈ কোঁৱৰ, প্ৰণিতা ৰাজখোৱা, ড বেদকুমাৰ চলিহা, তুলসী ৰাজখোৱা, মিণ্টু নেওগ, দেৱৰাজ দত্ত, পুলিন ভৰালী, গীতাঞ্জলি বৰুৱা, সঞ্জীৱনী হাজৰিকা, ড দীপা ফুকন বৰুৱা, বিনয় পাটগিৰি, নিজৰা গগৈ, দুলুমণি গগৈ, ধৰ্মেন্দ্ৰ উপাধ্যায়, পৰশ গোস্বামী আৰু তিলক বৰুৱা। মূল্য : ১৫০

নতুনৰ কবিতা (২০১৩) :

নতুনৰ কবিতা শীৰ্ষক কবিতা সংকলনটোৰ সম্পাদনা ড অৰবিন্দ ৰাজখোৱাৰ। সংকলনটোৱে নৰ্থ লখিমপুৰ কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৃজনীশীল কাব্যচৰ্চাক প্ৰতিনিধিত্ব কৰিছে। মহাবিদ্যালয়ৰ চল্লিশগৰাকী ছাত্ৰ-ছাত্ৰীৰ কাব্যচৰ্চাৰ ফচল সংকলনটোত সন্নিবিষ্ট হৈছে সাতষষ্ঠিটা কবিতা। কবিতাৰ আত্মা আৰু শৰীৰ সম্পৰ্কীয় মৃদুল শৰ্মাৰ এটা সুক্ষ্ম বিশেষণসমৃদ্ধ সুদীৰ্ঘ প্ৰবন্ধ সংকলনটোত অন্তৰ্ভুক্ত হৈছে। বিশিষ্ট কবি অনুভৱ তুলসীৰ কবি হিচাপে মই কি কৰো আৰু কুশল দত্তৰ কাব্য আৰু অন্যান্য শীৰ্ষক দুটা বিশেষ লেখা সন্নিবিষ্ট হৈছে। মূল্য : ১০০

Germination of Seed of Entrepreneurship among College Students (২০১৩):

নমিতা দত্তৰ এই গৱেষণামূলক গ্ৰন্থখন প্ৰকাশন সমিতিৰ সৌহাদ্য গ্ৰন্থ-২ হিচাপে প্ৰকাশ হয়। ছাত্ৰ-ছাত্ৰীসকলক মানৱ সম্পদ হিচাপে কেনেদৰে গঢ়ি তুলিব পৰা যায় - সেই সম্পৰ্কত গৱেষণালব্ধ আলোচনাসম্পন্ন প্ৰদত্ত গ্ৰন্থখন এখন গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক গ্ৰন্থ। গ্ৰন্থখন প্ৰকাশনৰ প্ৰথমখন ইংৰাজী ভাষাৰ গ্ৰন্থ। মূল্য : ৯০

কাৰাবন্দীৰ এন্ধাৰ কুঠৰীৰ এজাক পোহৰ (২০১৩):

সংগ্ৰামী লেখক কমল গগৈৰ বিচিত্ৰ জীৱন আৰু অভিজ্ঞতাৰ প্ৰকাশ ঘটা গ্ৰন্থখনত গ্ৰাম্য শ্ৰমজীৱী জনতাৰ আশা-নিৰাশাৰ ক্লাচিক ছবি সংৰক্ষিত হৈছে। গ্ৰন্থখনত আত্মজীৱনীমূলক কেইবাটাও লেখা প্ৰকাশ পোৱাৰ লগতে কেইবাটাও গপ্ল আৰু প্ৰাসংগিক নিবন্ধ সন্নিবিষ্ট হৈছে। ইতিমধ্যে গ্ৰন্থখনৰ দুটা সংস্কৰণ প্ৰকাশ হৈছে। মূল্য: ৯০

বিশ্বাস, অবিশ্বাস, অন্ধবিশ্বাস (২০১৪) :

বিশিষ্ট লেখিকা দিপীকা বৰগোহাঁইৰ এমুঠি যুক্তিপূৰ্ণ প্ৰবন্ধ গ্ৰন্থখনত সংকলিত হৈছে। জীৱন, জগত, সমাজ আদিৰ সম্পৰ্কত মৌলিক দৃষ্টিভংগীৰে আলোকপাত কৰা গ্ৰন্থখনৰ প্ৰবন্ধসমূহৰ পঠনে নিঃসন্দেহে সকলোৰে চেতনাত আলোড়ন সৃষ্টি কৰিব। সামাজিক দায়বদ্ধতা গ্ৰন্থখনৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট। ধৰ্ম আৰু ঈশ্বৰ সম্পৰ্কত তেওঁ পৰম্পৰাগত ধাৰণাৰ অনুগত নহয়। যিবোৰ পৰম্পৰাই সমাজৰ সামগ্ৰিক বিকাশৰ পথত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে, তেনে পৰম্পৰাৰ সংশোধনৰ বাবে তেখেতৰ কলমে সজোৰে আহ্বান জনাইছে। মূল্য : ১৫০

সময়ৰ সংশেষ (২০১৪):

সমসাময়িক সমাজৰ বিভিন্ন ঘটনা-পৰিঘটনাৰ সম্পৰ্কত ড স্বালী গগৈৰ প্ৰতিক্রিয়া গ্ৰন্থখনত সন্নিবিষ্ট প্ৰবন্ধসমূহৰ মাজেৰে প্ৰকাশ পাইছে। প্ৰবন্ধ সংকলনটোত লেখিকাৰ ছয়ত্ৰিশটা প্ৰবন্ধ সংকলিত হৈছে। কিছুমান লেখা তত্বগৰ্ভ আৰু বিষয়সৰ্বস্ব হোৱাৰ বিপৰীতে কিছুমানত তেখেতৰ ব্যক্তিগত অনুভৱে স্থান পাইছে। লখিমপুৰ জিলা সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰবন্ধ প্ৰকাশ পোৱাটো গ্ৰন্থখনৰ এটা ইতিবাচক দিশ। মূল্য: ১০০

অসমীয়া সাহিত্যৰ চানেকি: পাঠ আৰু আলোচনা (২০১৫):

স্বায়ত্তশাসিত কলেজখনৰ নিজা পাঠ্যক্রমৰ সৈতে সংগতি ৰাখি স্নাতক চতুৰ্থ ষাাসিকত অধ্যয়ন কৰিব লগা বাধ্যতামূলক অসমীয়া বিষয়ৰ কাকতখনৰ বাবে প্ৰস্তুত কৰা প্ৰদত্ত কিতাপখনত কিছুমান নিৰ্বাচিত পাঠৰ জৰিয়তে অসমীয়া সাহিত্যৰ বিভিন্ন যুগৰ আভাস দিয়াৰ চেষ্টা কৰা হৈছে। বিদ্যায়তনিক দৃষ্টিভংগীৰে লিখা কিতাপখনৰ সম্পাদনা ড অৰবিন্দ ৰাজখোৱাৰ। মূল্য : ১৩০

উত্তৰণত নাৰী (২০১৫) :

লিলি চেলেঙৰ সম্পাদনাৰে উত্তৰণত নাৰী গ্ৰন্থখনত সমাজত নাৰীৰ ভূমিকা, অৱদান ইত্যাদি বিষয়ক বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰবন্ধ সংকলিত হোৱাৰ লগতে নাৰীয়ে কেনেদৰে চিন্তন আৰু মননৰ যোগেদি নিজকে উত্তৰণ ঘটাইছে, সেই সম্পৰ্কীয় নিবন্ধ সন্নিবিষ্ট হৈছে। বৃহৎ কলেৱৰৰ গ্ৰন্থখনত শিক্ষা, অৰ্থনীতি, বিজ্ঞান, সমাজ, আইন, সাহিত্য ইত্যাদি বিভিন্ন ক্ষেত্ৰৰ সৈতে নাৰীৰ সম্পৰ্কক মূল্যায়ন কৰা হৈছে। ড অনিমা গুহ, ড উপেন ৰাভা হাকাচাম, ড সুখ বৰুৱা আদিকে প্ৰমুখ্যে কৰি মুঠ বাষষ্ঠীগৰাকী লেখক, গৱেষক, অধ্যাপকৰ নাৰী সম্পৰ্কীয় লেখা গ্ৰন্থখনত সন্নিবিষ্ট হৈছে। মূল্য : ৩৫০

মহাবিদ্যালয় প্ৰকাশনৰ এই গতিশীল কৰ্মৰাজিৰ নেপথ্যত আছে মহাবিদ্যালয়ৰ অধ্যক্ষ ড বিমান চন্দ্ৰ চেতিয়া আৰু প্ৰকাশন সমিতিৰ সমন্বয়ক ড অৰবিন্দ ৰাজখোৱা। প্ৰকাশন সমিতিয়ে কেইবাখনো নতুন গ্ৰন্থৰ পৰিকপ্লনা কৰিছে আৰু কেইবাখনো গ্ৰন্থ ইতিমধ্যে যন্ত্ৰস্থ অৱস্থাত আছে। যোৱা একৈশ ফেব্ৰুৱাৰীত অনুষ্ঠিত প্ৰকাশন সমিতিৰ এখন বৈঠকত লখিমপুৰ জিলাৰ ইতিহাসক ভিত্তি কৰি ইংৰাজী ভাষাত এখন গ্ৰন্থ প্ৰণয়নৰ পৰিকপ্লনা কৰা হৈছে। নিঃসন্দেহে নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন সমিতিৰ এনে প্ৰচেষ্টাসমূহ অসমৰ অন্যান্য কলেজসমূহৰ বাবে আদৰ্শ। এখন মহাবিদ্যালয়ে একোটা জাতি আৰু এখন সমাজক বৌদ্ধিক দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত তথা সঠিক পথৰ নিৰ্দেশ কৰাৰ ক্ষেত্ৰত যে এটা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব পাৰে, তাৰ উজ্জ্বল দৃষ্টান্ত হৈছে নৰ্থ লখিমপুৰ কলেজ।

শিতান সমূহ