চলচ্চিত্ৰ

অহেতুক

২০১৫ বৰ্ষৰ প্ৰথমাৰ্ধত মুক্তিপ্ৰাপ্ত যশস্বী পৰিচালক বানী দাসৰ ‘অহেতুক’ এখন উপভোগ্য ছবি। অমৃতা গগৈ আৰু গুঞ্জন ভৰদ্বাজে অভিনয় কৰা ছবিখনৰ কাহিনী,চিত্ৰনাট্য আৰু সংলাপ বানী দাসৰ। মহাৰথী, মন ,কাদম্বৰীৰ দৰে ৰসাল কাহিনীৰ ছবি উপহাৰ দিয়া বানী দাসৰ ‘অহেতুক’ এখন অন্যতম ব্যতিক্ৰমৰ্ধমী ছবি। ছবিখনৰ মূল কাহিনীভাগ দুজন সাংবাদিকক কেন্দ্ৰ কৰি আগবাঢ়িছে। এক গোপন ৰহস্য উদঘাটন কৰিবলৈ গৈ তেঁওলোকে গম পালে যে কোনো তৃতীয় পক্ষই আচলতে তেঁওলোকক ব্যৱহাৰ কৰি আছে। অসমৰ তদানীন্তন সমাজৰ বিভিন্ন দিশক ছবিখনে সৱল ৰূপত প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। বিশেসকৈ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত শিপাই থকা দূৰ্নীতিক অতি বলিষ্ঠভাৱে উপস্থাপন কৰাটো ছবিখনৰ আন এটা ইতিবাচক দিশ। অভিনয়ৰ ক্ষেত্ৰত নৱাগতা অমৃতাৰ অভিনয় প্ৰসংশনীয়, গুঞ্জন ভৰদ্বাজেও ভাল অভিনয় কৰিছে। কাহিনীৰ নিৰ্বাচন সময়োপযোগী কিন্তু শেষৰ ফালে দুৰ্বলতা পৰিলক্ষিত হৈছে, বিশেষকৈ নাটকৰ নায়কে সকলো দুৰ্নীতিগ্ৰস্ত বিষয়া,ৰাজনৈতিক ব্যক্তিক হত্যা কৰাৰ দৃশ্যটো। মানৱ জীৱনৰ শূন্যতাৰ কথাটো পৰিচালকে অহেতুক ছবিখনত সুন্দৰভাৱে উপস্হাপন কৰিছে।

জাহ্নু বৰুৱাৰ কথাছবি ‘অজেয়’

১৯৯৭ চনৰ সাহিত্য অকাডেমী বটাপ্ৰাপ্ত লেখক অৰুণ শৰ্মাৰ উপন্যাস ‘আশীৰ্বাদ ৰং’ ৰ আধাৰত ভ্ৰাম্যমান নাট, একাংকিকা নাট ইতিমধ্যে ৰচিত হৈছে। জাহ্নু বৰুৱাৰ দ্বাৰা নিৰ্মিত ‘অজেয়’ নামৰ অসমীয়া ভাষাৰ ছবিখন এই উপন্যাসখনৰে অভিযোজন। জুপিতৰা ভূঞা,ৰূপম চেতিয়াই মুখ্য চৰিত্ৰত অভিনয় কৰা এই ছবিখন মুক্তি পায় যোৱা ৩ জানুৱাৰী,২০১৪ ত সমগ্ৰ অসমজুৰি। অসমৰ স্বদেশী আন্দোলনৰ অন্যতম মুখ্য নেতা গজেন কেওটৰ জীৱনক আধাৰ হিচাপে লৈয়ে ছবিখন নিৰ্মিত হৈছে। ছবিখন ২০১৪ বষৰ প্ৰাগ চিনে এ্ৰৱাৰ্ড অনুস্থানত শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান অৰ্জন কৰাৰ লগতে ৬১ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান বুটলিবলৈ সক্ষম হয়।অজেয় ছবিখনৰ সংগীত ধ্ৰুৱজোতি ফুকনৰ আৰু চিনেমেট্টগ্ৰাফী কৰিছে সুমন দুৱৰাই। অজেয় ছবিখনৰ কাহিনীভাগ ১৯৪৬ চনৰ প্ৰাক স্বাধীনতা কালৰ ভাৰত বাংলাদেশ সীমান্তৰ এখন অতি ভিতৰুৱা গাঁওৰ। গজেন সেই গাঁওখনৰে এজন বিদ্ৰোহী তথা খঙাল যুৱক ,সি পঢ়া শুনা আধাতে সামৰি সেই অঞ্চলৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলক টিউচন কৰিছিল।গজেন এজন গান্ধীবাদী নেতা আছিল আৰু বিশ্বাস কৰিছিল যে ,দেশ স্বাধীন হলে সামাজিক অসমতা ,বৰ্ণবৈষম্য,বাল্যবিবাহ এইবোৰ দূৰ হব। মনোৰম কাহিনীৰ আৰু সুন্দৰ চিত্ৰনাট্যৰে অজেয় অসমীয়া ছবিজগতত এক সুন্দৰতম সংযোজন।

আমেৰিকান স্নাইপাৰ

যুদ্ধৰ সজীৱ বিৱৰণে দৰ্শকৰ মন শিহৰিত আৰু ৰোমাঞ্চিত কৰি তোলাৰ লগতে যুদ্ধৰ ভয়াৱহতাৰ কথা দৰ্শকে গম পায়। বৰ্তমান সময়ত পৃথিৱীৰ সৰ্ববৃহত চিত্ৰনিৰ্মান কেন্দ্ৰ হলিউদত যুদ্ধসম্বন্ধীয় ছবি নিৰ্মাণকাৰ্যৰ এক জোৱাৰ উঠিছে। এই ছবিসমূহ বাণিজ্যিক ভাৱে সফল হোৱাৰ লগতে বিভিন্ন সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।‘দ্যা হাৰ্ট লকাৰ’ নামৰ ফিল্মখনৰ বিষয়ে আমি সকলোয়ে অৱগত,ইৰাকৰ যুদ্ধভুমিৰ ওপৰত নিৰ্মিত এই ছবিখনে কেবাটাও অস্কাৰ পাবলৈ সক্ষম হৈছিল।আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰসিদ্ধ চিত্ৰনিৰ্মাতা ক্লিন্ট এষ্টৱাৰ্দৰ দ্বাৰা পৰিচালিত ২০১৫চনৰ ১১নৱেম্বৰত মুক্তিপ্ৰাপ্ত ‘আমেৰিকান স্নাইপাৰ’ হ’ল এখন ইউ এছ সেনাৰ জীৱনভিত্তিক যুদ্ধসম্বন্ধীয় চলচ্চিত্ৰ। ১৩২ মিনিট দৈৰ্ঘ্যৰ এই ছবিখন ২০১৪ চনৰ ১১ নৱেম্বৰত আমেৰিকান ফিল্ম ইন্সটিটিউত মহোৎসৱত মুকলি কৰা হয় যদিও ১৬জানুৱাৰী ২০১৫ত হে সমগ্ৰ পৃথিৱীজুৰি মুক্তি প্ৰদান কৰা হয়।প্ৰায় $৫৮,৮ মিলিয়ন খৰচ কৰি নিৰ্মান কৰা ছবিখনে $৫৩৫,২ মিলিয়নৰ ব্যৱসায় কৰি এক বৃহৎ লাভ অৰ্জন কৰিবলৈ সক্ষম হয়।

খিচ্ কাইল আমেৰিকাৰ ইতিহাসত আটাইতকৈ জনপ্ৰিয় তথা প্ৰসিদ্ধ এজন সৈনিক আছিল।খিচ্ কাইলৰ ‘American sniper: The Autobiography of the most lethal sniper in U.S military history’ নামৰ আত্মজীৱনীখনৰ ভিত্তিতেই এই ছবিখন নিৰ্মান কৰা হৈছে।এই ছবিখনে ২০১৫ চনৰ একাডেমী এৱাৰ্ডলৈ সৰ্বমুঠ ৬ টা শাখাত মনোনয়ন লাভ কৰিছিল,আৰু শ্ৰেষ্ঠ শব্দ সংযোজন শাখাত অস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বে্দলী কুপাৰ(খিচ কাইল), চাইনা মিলাৰ, জেক মেকডৰমান আদিয়ে।

টেস্কাচ্ প্ৰদেশত জন্ম লাভ কৰা কাইলে সৰুতে দেউতাকৰ পৰা বন্দুকেৰে হৰিনা চিকাৰ কৰা কায়দা শিকিছিল।ডেকা হোৱাত কাইল এজন তথাকথিত আমেৰিকান কাউবই(একধৰনৰ ব্যক্তি যি হিংস অৱস্হাত থকা ষাঁড়গৰুৰ পিঠিত উঠি দুঃসাহসিক ক্ৰীড়া দেখুৱাই)।এদিন কাইলে টি ভি ৰ বাতৰিত ইৰাকত থকা আমেৰিকা দূতাবাসত সন্ত্ৰাসবাদীৰ বোমাবৰ্ষণৰ দৃশ্য দেখি তেওঁ জীৱনত নিজকে এজন আমেৰিকান নাভেল সদশ্যৰূপে সৃষ্ঠি কৰিব বিছাৰিল।কিছুদিন পিছতে কাইল এজন আমেৰিকান ছিল্ৰ সদস্য হ’ল। ছেপ্তেম্বৰ ১১, ২০০১ৰ সন্ত্ৰাসবাদী আক্ৰমনৰ পিছত কাইলক ইৰাকৰ এটা সেনা চাউনীলৈ পঠোৱা হয়।ইৰাকলৈ যোৱাৰ কিছুদিন পূৰ্বে কাইলৰ স্হানীয় বাৰ এখনত লগ পোৱা টায়া ৰেনি নামৰ যুৱতী গৰাকীৰ সৈতে বিবাহ হয়।ইৰাকৰ যুদ্ধভূমিলৈ কাইল সৰ্বমুঠ ৪ বাৰ পৃথক পৃথক অভিযানত যাব লগাত পৰে।কাইল এজন সুদক্ষ স্নাইপাৰ আছিল, তেওঁ অতি দূৰৰ পৰা লক্ষ্যবস্তু ভেদ কৰিব পাৰিছিল। ছবিখনত ইছলামিক সন্তাসবাদীসকলে কিদৰে সাধাৰণ জনতাৰ ওপৰত নিৰ্মম আৰু বৰ্বৰভাৱে আক্ৰমন কৰে তাক পৰিচালকে সুন্দৰৰূপত প্ৰকাশ কৰিছে। আত্মঘাতীসকলৰ মানসিক অৱস্হা দৰ্শকে এটা দৃশ্যত সুন্দৰভাৱে দেখা পাব। দৃশ্যটো এনেকুৱা ধৰণৰঃ এজাক আমেৰিকান জোৱান এটা শূণ্য পথেৰে আগবাঢ়ি গৈ আছে, লগত এখন সুবৃহত বাৰুদ নিক্ষেপন কৰা টেংকাৰ, তেঁওলোকক বহুমহলীয়া ঘৰ এটাৰ পৰা কেইজনমান স্নাইপাৰে নিৰীক্ষণ কৰি আছে যাতে যিকোনো মুহূৰ্ততে আক্ৰমন প্ৰতিহত কৰিব পাৰে, এনেতে এগৰাকী মহিলাসহ এটা ৭ বছৰীয়া শিশু জোৱানজাকৰ ফালে আহিব ধৰিছে, শিশুটিৰ হাতত এটা গ্ৰেনেদ তুলি দিছে মহিলাগৰাকীয়ে, লক্ষ্য সেনাজাকৰপিনে,এনেতে ওপৰৰ পৰা অহা বুলেটে ভেদি যায় কনমানি শিশুটিৰ, ছিটিকি পৰে হাতৰ গ্ৰেনেদ’ ঠিক লগে লগে ৰুদ্ৰমূৰ্তি ধাৰণ কৰি গ্ৰেনেদ্ তুলি দৌৰিব ধৰিছে জোৱানজাকৰ পিনে , ঠিক একে সময়তে বুলেটে বগৰাই পেলাই মহিলাগৰাকীক ঠিক শিশুটিৰ দৰে।ওপৰৰ পৰা বুলেট নিক্ষেপন কৰি সেনাৰ দলটোক বচোৱা স্নাইপাৰজনেই হ’ল খিচ্ কাইল, যি দীৰ্ঘ দুৰত্বৰ লক্ষ্য ভেদ কৰাৰ কাৰণে বিখ্যাত। ১৯০০ মিটাৰ দৈৰ্ঘৰ পৰা লক্ষ্য ভেদ কৰাৰ ক্ষমতাৰে এই সৈণ্যজনে দীৰ্ঘতম দূৰত্ব ভেদ কৰাৰ তালিকাৰ অষ্টম স্থানত আছে।

দ্যা লাঞ্চবক্স

ৰিটেশ ভট্টৰ দ্বাৰা পৰিচালিত আৰু লিখিত দ্যা ‘লাঞ্চবক্স’ নামৰ ছবিখন এইবাৰ বিশেষ চৰ্চা লাভ কৰিছে। ২০১৩ বৰ্ষৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত মহুৰত হোৱা এই ছবিখনত অভিনয় কৰিছে ৰাষ্ট্ৰীয় নাটক একাডেমীত প্ৰশিক্ষণপ্ৰাপ্ত নৱাজুদ্দিন ছিদ্দিকি, ইৰফান খান আৰু নিৰ্মত কৌৰে। ছবিখন ভাৰতবৰ্ষৰ লগতে জাৰ্মানীৰ ROH ফিল্ম আৰু ফ্ৰান্সৰ ASAP ফিল্ম এই দুই প্ৰতিষ্ঠানৰ যৌথ প্ৰযোজনাত নিৰ্মিত হৈছে। ১০ কোটি টকা বাজেটেৰে নিৰ্মিত ছবিখনে বক্স অফিচত ৮৫ কোটি টকা উপাৰ্জনেৰে এক বৃহৎ সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। এই ছবিখন ব্ৰিটিছ অকাডেমী ফিল্ম এৰ্ৱাড ২০১৪ৰ বিদেশী ভাষাৰ ছবি( অনা ইংৰাজী) শিতানত মনোনীত হৈছে। চাকৰিৰ পৰা অৱসৰৰ সময়ত উপস্হিত হোৱা ছাজন এজন পত্নীহীন কেৰানী। অন্যহাতে ইলা এগৰাকী সধৱা যিয়ে স্বামীৰ চৰম অৱহেলাৰ পৰিপ্ৰেক্ষিতত আগৰ ৰমনীয়তা ঘূৰাই আনিবলৈ অশেষ চেষ্টা কৰে, কিন্ত তাই সফল হব নোৱাৰে। ইলা তাইৰ স্বামীৰ সৈতে চহৰৰ উপকন্ঠ অঞ্চলত বাস কৰে, তাই স্বামীৰ সৈতে সৰ্ম্পক সুস্হিৰ কৰিবলৈ অশেস চেষ্টা কৰে। তেওঁলোকৰ ওপৰৰ ফ্লেটটোত থকা মহিলা এগৰাকীৰ পৰা ইলাই জুটিলগা খাদ্য ৰন্ধন প্ৰণালী শিকে যাতে স্বামীয়ে সিবিলাক ভাল পায়। চলচ্চিত্ৰখনত ভাৰতৰ কিছুমান নগৰ অঞ্চলত দাদাৱালসকলে অফিচৰ কৰ্মচাৰীসকলক কিদৰে দুপৰীয়া আহাৰ যোগান ধৰে তাক সুন্দৰ ৰূপত উপস্হাপন কৰিছে। দাদাৱাল একধৰনৰ ব্যক্তি যি ঘৰে ঘৰে গৈ টিফিনবক্সসমূহ গোটাই অফিচত কাম কৰা ব্যক্তিসকলক যোগান ধৰে। ইয়াৰ বাবে অৱশ্যে উক্ত লোকজনৰ পৰা পাৰিশ্ৰমিক লাভ কৰে। ইলাই এই দাদাৱাল জনৰদ্বাৰা তাইৰ স্বামীলৈ জুতিলগা খাদ্য পঠিয়াই কিন্ত সিবিলাক ভুলক্ৰমে গৈ ছাজনৰ হাতত পৰেগৈ। ছাজনে ইলাৰ জুটিলগা খাদ্যৰ বাবে সদায় আগ্ৰহেৰে বাট চাই ৰয়। অৱশেষত ইলাই গম পালে যে, তাইৰ পঠোৱা টিফিনবক্স অন্য কোনোৱেহে লাভ কৰিছে, এই কথাৰ উত্তৰ উলিয়াবলৈ ইলাই এদিন টিফিনটোৰ সৈতে এখন চিঠি দি পথাই ,উক্ত চিঠিৰ উত্তৰ আহে । সেই টিফিনবক্সৰ চিঠিৰ যোগেদিয়ে তেওঁলোকৰ মনৰ ভাষাৰ বতৰা আদান প্ৰদান হয়।

অস্কাৰ ২০১৫

১) শ্ৰেষ্ঠ ছবি —বাৰ্ডমেন (পৰিচালক — এলজেণ্ড জি ইনৰেট)

২) শ্ৰেষ্ঠ অভিনেতা — ইদি ৰেডমেনি (ছবি — দ্যা থিয়ৰি অৱ এভ্ৰিথিং)

৩) শ্ৰেষ্ঠ সহ অভিনেতা — জে কে চাইমন (ছবি — হুইপপ্লাচ)

৪) শ্ৰেষ্ঠ অভিনেত্ৰী — জুলিয়ান ম’ৰ (ছবি — ষ্টিল এলাইচ)

৫) শ্ৰেষ্ঠ সহ অভিনেত্ৰী — প্ৰেট্ৰিকা আৰকুৱেট্ৰী (ছবি — বইহুদ)

৬) শ্ৰেষ্ঠ সাজ সজ্জা — দ্যা গ্ৰেণ্ড বুধাপেষ্ট হোটেল

৭) শ্ৰেষ্ঠ শব্দ সংযোজন — আমেৰিকান স্নাইপাৰ

৮) শ্ৰেষ্ঠ সংগীত — দ্যা গ্ৰেণ্ড বুধাপেষ্ট হোটেল

৯) শ্ৰেষ্ঠ বিদেশীভাষাৰ ছবি — ইদা(পোলেণ্ড)

১০) শ্ৰেষ্ঠ চুটি দৈৰ্ঘ্যৰ ছবি(লাইফ একচন) — দ্যা ফ’নকল

শিতান সমূহ