সম্পাদকীয়

এখন দেশৰ সামগ্ৰিক বিকাশৰ বাবে সংশ্লিষ্ট দেশখনৰ মানৱ সম্পদৰ উন্নয়নৰ প্ৰয়োজন। এখন উন্নয়নশীল দেশ হিচাপে ভাৰতবৰ্ষৰ বাবে মানৱ সম্পদৰ উন্নয়ন সাম্প্ৰতিক সময়ত এক প্ৰত্যাহ্বান।এই প্ৰত্যাহ্বানক অতিক্ৰম কৰি দেশখনৰ সামগ্ৰিক বিকাশ সম্ভৱপৰ কৰি তুলিবলৈ বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে যদিও দেশখনে এইক্ষেত্ৰত সফলতা লাভ কৰিবলৈ এতিয়াও বহুত বাকী।সি যি কি নহওক দেশ এখনৰ মানৱ সম্পদৰ বিকাশত উচ্চ-শিক্ষাৰ ভূমিকাক অস্বীকাৰ কৰিব নোৱাৰি। উচ্চ শিক্ষাই উন্নত কাৰিকৰী জ্ঞান সম্পন্ন লোক,পৰিচালনা দক্ষতাৰ অধিকাৰী ব্যক্তি,উচ্চ পৰ্যায়ৰ গৱেষক,বিজ্ঞানী আদিৰ সৃষ্টি কৰে আৰু মানৱ সম্পদৰ বিকাশ বাস্তবায়িত কৰে।কিন্তু কিমানদূৰ অসমৰ উচ্চ শিক্ষাই অসমৰ মানৱ সম্পদৰ বিকাশ সাধন কৰিছে সেয়া সন্দেহজনক। অপ্ৰিয় সত্য যে অসমৰ তত্ত্বসৰ্বস্ব শিক্ষা ব্যৱস্থাই মানৱ সম্পদৰ বিকাশ সাধন কৰাতকৈ মানৱ সম্পদৰ অপচয় সাধন কৰা পৰিলক্ষিত হৈছে। ফলত আমি শিক্ষিত নিবনুৱা নামৰ এচাম মানৱ সম্পদ(?) লাভ কৰিছো।ইয়াৰ অন্তৰালত বহুতো সমস্যা আছে যিবোৰে অসমৰ পটভূমিত উচ্চ শিক্ষা প্ৰকৃত লক্ষ্যত উপনীত হোৱাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। অসমৰ নিবনুৱা সমস্যা ইতিমধ্যে অসমৰ এটা অত্যন্ত ভয়াবহ আৰু জ্জ্বলন্ত সমস্যা হিচাপে পৰিগণিত হৈছে।অত্যন্ত দূৰ্ভাগ্যজনক ভাৱে বিশ্ববিদ্যালয়ৰ ডিগ্ৰীলৈও এচাম যুৱক যুৱতী তথাকথিত শিক্ষিত নিৱনুৱাৰ তালিকাখন শুৱনি কৰিব লগা হৈছে।ইয়াৰ মূল কাৰণ হ’ল অসমৰ শিক্ষাব্যৱস্থাত প্ৰায়োগিক শিক্ষাৰ পাঠ্যক্ৰমৰ অভাৱ। প্ৰায়োগিক শিক্ষাৰ পাঠ্যক্ৰমৰ এই অনুপস্থিতিক অসমৰ শিক্ষা ব্যবস্থাৰ চৰম দূৰ্বলতা তথা নেতিবাচক দিশ বুলি অভিহিত কৰিব পাৰি।দূৰ্ভাগ্যজনকভাৱে তত্ত্বসৰ্বস্ব অসমৰ শিক্ষাব্যৱস্থাত ভাল ফলাফল লাভ কৰিবলৈ এক প্ৰকাৰৰ যুদ্ধত অৱত্তীৰ্ণ হৈ সংগ্ৰাম কৰি থাকোতে ছাত্ৰ-ছাত্ৰীসকলে বাস্তৱ পৃথিৱীখনৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হয়। কিছুমান কামৰ কৰ্মপদ্ধতি আৰু কৌশল শিকি নোথোৱাৰ বাবে বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে স্ব-নিয়োজনৰ প্ৰচুৰ সম্ভাৱনা থকা সহজলভ্য ক্ষেত্ৰ একোখনো হেৰুৱাই পেলায়। অৱধাৰিতভাৱে অসমৰ শিক্ষা ব্যৱস্থাৰ ফচল হিচাপে আমি লাখ লাখ কৰ্মসংস্থানহীন শিক্ষিত যুৱক-যুৱতীক লাভ কৰো।অৰ্থাৎ নিবনুৱা সমস্যাৰ সৃষ্টিৰ ক্ষেত্ৰত আমাৰ দেশ তথা আমাৰ ৰাজ্যৰ শিক্ষা নীতি বহু পৰিমাণে দায়ী।আমাৰ দেশে স্বাধীনতাৰ ষাঠীবছৰ পাছতো এক সুদঢ় জাতীয় শিক্ষানীতি গ্ৰহণ কৰিব পৰা নাই।ফলশ্ৰুতিত নিবনুৱা সমস্যা সাম্প্ৰতিক অসমৰ অন্যতম ভয়াবহ সমস্যা হিচাপে ধৰা দিছে যি অসমৰ বিপুল সম্ভাৱনাৰ অপমৃত্যু ঘটাইছে।এই নিবনুৱাসকলৰ এক বৃহত অংশ হ’ল শিক্ষিত নিবনুৱা। চৰকাৰী তথ্য অনুসৰি অসমৰ মুঠ ৩১২ লাখ জনসংখ্যাৰ ভিতৰত প্ৰায় ২৪ লাখেই শিক্ষিত নিবনুৱা।নিয়োগ বিনিময় কেন্দ্ৰৰ ২০১০ চনৰ এক তথ্য অনুসৰি অসমৰ মুঠ চাকৰি প্ৰত্যাশীৰ( job seekers) ৭৫% হ’ল শিক্ষিত নিবনুৱা। মুঠ ১৪,৩৩,২১৮ গৰাকী শিক্ষিত নিবনুৱাৰ ভিতৰত ২,৮৩,৪৭১ গৰাকী হ’ল স্নাতক(মুঠ শিক্ষিত নিবনুৱাৰ ২০%),২১,৩৫২ গৰাকী হ’ল স্নাতকোত্তৰ ডিগ্ৰীৰ অধিকাৰী আৰু ২,৮৩৯ জন হ’ল ইঞ্জিনিয়াৰিং ডিগ্ৰীৰ অধিকাৰী।কিন্তু এই সংখ্যাই চৰকাৰী নিয়োগ বিনিময় কেন্দ্ৰত নামভৰ্ত্তি কৰা নিবনুৱাসকলকহে প্ৰতিনিধিত্ব কৰিছে। তদুপৰি যথেষ্ট সংখ্যক নিবনুৱা আছে যিসকলে নিয়োগ বিনিময় কেন্দ্ৰত নামভৰ্ত্তি কৰা নাই। সঠিক শিক্ষা হৈছে এজন মানুহৰ এনে এটা অপৰিহাৰ্য অংগ যি তেওঁক বিচাৰ-বিবেচনা আৰু কাৰ্যক্ষমতাৰে সৎ পথত আগবঢ়াই নিয়াত সহায় কৰে। আমাৰ সমাজৰ নামমাত্ৰ এটা অংশৰ বাহিৰে প্ৰায় সকলো স্তৰ অৰ্থনৈতিক অসমতা,জনসংখ্যাৰ বিষ্ফোৰণ,নিবনুৱা সমস্যা আদিৰে ভাৰাক্ৰান্ত।ইয়াৰ মূলত হৈছে প্ৰকৃত শিক্ষাৰ অভাৱ।অসমৰ শিক্ষাব্যৱস্থাই যে নিবনুৱা সমস্যা সৃষ্টিত অৰিহনা আগবঢ়াইছে সেইটো ওপৰত কৰি অহা আলোচনাৰ পৰা স্পষ্ট হয়। এই দিশৰ পৰা অসমৰ নিবনুৱা সমস্যা নিৰ্মূলৰ বাবে সমগ্ৰ শিক্ষা ব্যৱস্থাটোৰ এক আমূল পৰিবৰ্তনৰ প্ৰয়োজন হ’ব। অসমৰ উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত প্ৰায়োগিক শিক্ষাৰ পাঠ্যক্ৰমৰ সংযোজন কৰিব লাগিব।পৰীক্ষা ব্যৱস্থাৰো আমূল পৰিবৰ্তনৰ প্ৰয়োজন। আচলতে শিক্ষা ব্যৱস্থাটো শিক্ষাৰ্থীৰ মানসিক আৰু বৌদ্ধিক প্ৰৱণতা অনুসৰি হ’ব লাগে।কাৰিকৰী শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে কিছুমান বিশেষ পদক্ষেপ ল’ব লাগিব।কাৰিকৰী শিক্ষাৰ এটা বিশেষ গুণ যে কোনো চাকৰিত নিয়োজিত নোহোৱাকৈয়ে এজন মানুহে এনে শিক্ষাৰ জৰিয়তে নিজৰ বৃত্তিৰ সহায়ত স্বাধীনভাৱে উপাৰ্জন কৰিবলৈ সক্ষম হয়।কাৰিকৰী শিক্ষা লাভৰ বাবে এটা উপযুক্ত পৰিবেশ অসমত গঢ়ি তুলিবলৈ হ’লে প্ৰথমে অসমত বিভিন্ন কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান স্থাপন কৰিব লাগিব।এইক্ষেত্ৰত চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব।সমগ্ৰ শৈক্ষিক ব্যৱস্থাটোক বৃত্তিমূখী,বাস্তৱ আৰু বিজ্ঞানসন্মত কৰি গঢ়ি তোলাৰ স্বাৰ্থত দেশৰ শিক্ষানীতিৰ সংস্কাৰ সাধনৰ বাবে বিশেষ শিক্ষা আয়োগ গঠনৰ ব্যৱস্থা চৰকাৰে ল’ব লাগিব।তৃতীয় বিভাগত উত্তীৰ্ণ আৰু অনুত্তীৰ্ণসকলৰ বাবেও সঠিক যুৱনীতিৰ প্ৰয়োজন। শিক্ষাখণ্ডত এনেধৰণৰ সংস্কাৰৰ বাবে যদিও বিভিন্ন পদক্ষেপ মাজেসময়ে লোৱা পৰিলক্ষিত হয় কিন্তু সুস্থ নীতিৰ অভাৱে এইবোৰক বিফল কৰি আহিছে। সি যি কি নহওক অসমৰ শিক্ষাব্যৱস্থাত এনেধৰণৰ এক সংস্কাৰ সাধন আৰু যথেষ্ট পৰিমাণৰ কাৰিকৰী শিক্ষানুষ্ঠান স্থাপন হ’ব এক দীৰ্ঘম্যাদী প্ৰক্ৰিয়া আৰু ইয়াৰ সুফল ভৱিষ্যত প্ৰজন্মইহে লাভ কৰিব।কিন্তু যিসকলে ইতিমধ্যে এই শিক্ষাব্যৱস্থাটোৰ মাজেৰে অধ্যয়ণ কৰি আছে তেওঁলোকৰ মাজৰ খুউব কম সংখ্যকেহে সংস্থাপন লাভ কৰিব আৰু বাকীসকল শিক্ষিত নিবনুৱা শাৰীত অন্তৰ্ভূক্ত হ’ব লাগিব। এনে প্ৰেক্ষাপটত কিছুমান বিকল্পৰ প্ৰয়োজন।অসমত চাকৰিৰ ক্ষেত্ৰখন যিহেতু অতি সীমিত গতিকে কৃষি,উদ্যোগ,ব্যৱসায়-বাণিজ্যৰ ওপৰত ভিত্তি কৰি স্বনিয়োজিত হোৱাৰ বাহিৰে আন বিকল্প দূৰ্লভ।অসমৰ প্ৰাকৃতিক সম্পদসমূহক ভিত্তি কৰি সৰু বৰ উদ্যোগ স্থাপন আৰু ব্যৱসায় স্ব-নিয়োজনৰ এক সম্ভাৱণাপূৰ্ণ পথ।বিভিন্ন সেৱাভিত্তিক উদ্যোগ যেনে- বিউটি পাৰ্লাৰ,ম’বাইল মেৰামতিৰ দোকান,কম্পিউটাৰ বা আই আই টি ভিত্তিক দোকান, কেটাৰিং ছাৰ্ভিছ,কাৰ ছাৰ্ভিছিং,টি ভি ছাৰ্ভিছিং,হোটেল,ৰেষ্টোৰাঁ আদি আৰম্ভ কৰি স্বাৱলম্বী হ’ব পাৰি।অসম পৰ্যটন উদ্যোগৰো এক প্ৰচূৰ সম্ভাৱণাপূৰ্ণ অঞ্চল। কিন্তু আচল কথাটো হ’ল অসমৰ শিক্ষিত নিবনুৱাসকলৰ স্বনিয়োজনৰ পৰিৱৰ্তে চাকৰিৰ প্ৰতি আগ্ৰহ বেছি। অসমৰ শিক্ষিত যুৱক-যুৱতীৰ চাকৰিমুখী স্বভাৱৰ বাৰে অন্যান্য ক্ষেত্ৰসমূহ ক্ৰমাৎ বহিৰাগতই দখল কৰিছেহি। অসমৰ যুৱক-যুৱতীয়ে সংস্থাপনৰ আশাত বহি:ৰাজ্যলৈ কৰা প্ৰব্ৰজন সাম্প্ৰতিক অসমৰ এক প্ৰধান আৰ্থ-সামাজিক সমস্যা হিচাপে চিহ্নিত হৈছে। যদিও নিবনুৱাৰ উৎপত্তিৰ বাবে বহু পৰিমানে অসমৰ শিক্ষা ব্যৱস্থাটো দায়ী কিন্তু তাৰ সমান্তৰালভাৱে শিক্ষিত নিবনুৱাসকলৰো দোষ আছে।স্থুল ৰুচি আৰু বিলাসিতাৰ পিছত দৌৰা আজিৰ সৰহভাগ যুৱক যুৱতীৰে জীৱনবোধ অগভীৰ।পৰিশ্ৰমবিমুখিতা, ধৈৰ্যহীনতা,অসহনশীলতা আদি যুৱক যুৱতীসকলৰ সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্য।অৰ্থসৰ্বস্ব জীৱন এটাৰ কামনা কৰা এইসকল যুৱক-যুৱতীয়ে খেতি নকৰে,ব্যৱসায় নকৰে।ফলত অসমৰ আৰ্থ সামাজিক অৱস্থাত ইয়াৰ নেতিবাচক প্ৰভাৱ গভীৰ ভাৱে পৰিছে।মুঠ কথাত অসমৰ নিবনুৱা সমস্যা সমাধানৰ বাবে অসমত এক কৰ্ম সংস্কৃতিৰ প্ৰয়োজন আৰু এই কৰ্ম সংস্কৃতি গঢ়ি তোলাত নতুন প্ৰজন্মই হাত উজান দিব লাগিব।অসমত চাৰি বছৰৰ পৰা ছয় বছৰ বয়সতেই এটা শিশুৱে শিক্ষানুষ্ঠানৰ চৌহদ গৰকিবলৈ আৰম্ভ কৰে।কিছুমান ব্যক্তিগত মাধ্যমৰ শিক্ষানুষ্ঠান এইক্ষেত্ৰত এখাপ চৰা। তাৰপাছত আৰম্ভ হয় এক বিৰতিহীন যাত্ৰাৰ যাৰ কোনো নিকট সমাপ্তি নাই। কিছুসংখ্যকে উচ্চ মাধ্যমিক,উচচতৰ মাধ্যমিকৰ পাছত বৃত্তিমুখী,কাৰিকৰী পাঠ্যক্ৰমত অধ্যয়ন কৰে আৰু খুউব কম সংখ্যকে অন্যান্য আত্মসংস্থাপনৰ পথ বাচি লয়। কিন্তু গৰিষ্ঠসংখ্যকে স্নাতক,স্নাতকোত্তৰ পৰ্যায় অতিক্ৰম কৰিও সংস্থাপনহীন হৈ ৰয়।পৰীক্ষাৰ মেৰপেচত আবদ্ধ এক দীঘলীয়া প্ৰতিযোগিতাৰ অন্তত এক অনিশ্চিত ভৱিষ্যত।এক অসহায় অৱস্থা। উচ্চ শিক্ষা লাভ কৰিও অসমৰ এক বৃহৎ সংখ্যক যুৱক-যুৱতীৰ এনে অৱস্থা হয়।যদিও ইয়াৰ বাবে আমাৰ শিক্ষা ব্যৱস্থাটো বহুত পৰিমানে দায়ী কিন্তু আমাৰ ছাত্ৰ-ছাত্ৰীসকলকো আমি একাষাৰে দোষমুক্ত বুলি কব নোৱাৰো।এই সম্পৰ্কত ওপৰত আলোচনা কৰি অহা হৈছে। ছাত্ৰ ছাত্ৰীসকলো এই বিষয়ত সজাগ আৰু সচেতন হোৱা উচিত। অসমৰ উচ্চ শিক্ষাত বৰ্তমান ডিগ্ৰীটো কেৱল এটা স্বীকৃতিহে।তাৰ সমান্তৰালভাৱে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজকে অন্য কিছুমান দিশতো পাৰ্গত কৰি তোলাৰ প্ৰয়োজন যাতে বৰ্তমানৰ প্ৰতিযোগিতাৰ পৃথিৱীখনত প্ৰতিষ্ঠা লাভ কৰিব পাৰে।আমাক এক কৰ্ম-সংস্কৃতিৰ প্ৰয়োজন। সি যি কি নহওক শিক্ষিত নিবনুৱাৰ সমস্যা সমাধানৰ বাবে অতি সোনকালে অসম তথা ভাৰতবৰ্ষৰ শৈক্ষিক ব্যৱস্থাটোৰ এক সংস্কাৰ সাধনৰ প্ৰয়োজন।যাতে যি হাৰত শিক্ষা ব্যৱস্থাটোৱে মানৱ সম্পদৰ অপচয় সাধন কৰি আহিছে সেই অপচয় বিকাশলৈ পৰিবৰ্তিত হৈ দেশ তথা ৰাজ্যখনৰ সামগ্ৰিক বিকাশ সম্ভৱপৰ হৈ উঠে।

article 2


অসমীয়া সমাজৰ বিৱৰ্তনৰ লগতে সংস্কৃতিয়েও নতুন নতুন ৰূপ পৰিগ্ৰহণ কৰিছে। অসমীয়া সংস্কৃতিৰ উল্লেখযোগ্য উপাদান ৰঙালী বিহুৱেও অনেক পৰিৱৰ্তন বৰণ কৰিছে। স্বাধীন অসমৰ দ্ৰুত পৰিৱৰ্তিত সমাজৰ লগতে খাপ খাবলৈ ৰঙালী বিহুৱে নানান এৰা ধৰা কৰিব লগা হৈছে। এই এৰা ধৰাৰ মাজেৰে স্বাধীনতাৰ পাছৰ আঢ়ৈকুৰিৰো অধিক কালজোৰা পথ অতিক্রম কৰি ৰঙালী বিহুটো বৰ্তমান যি অৱস্থাত উপনীত হৈছেহি সেয়া ভালেমান দিশৰ পৰা তাৎপৰ্যপূৰ্ণ। ৰঙালী বিহুৰ পৰিৱৰ্তৰ্নে আন যি কৰক যি নকৰক, বিহুটোক এক বৃহৎ ব্যৱসায়ৰ কেন্দ্ৰলৈ পৰিগণিত কৰিলে। সাম্প্ৰতিক সময়ৰ ৰঙালী বিহুৰ প্ৰত্যেকটো দিশৰ লগত জৰিত হৈ পৰিছে নানা তৰহৰ ব্যৱসায়।ৰঙালী বিহুৰ পৰিৱৰ্তন সম্পৰ্কত বুদ্ধিজীৱীসকলে যথেষ্ট বিতৰ্কৰ অৱতাৰণা কৰিছে পৰিৱৰ্তনবোৰক বাধা দিব পৰা হোৱা নাই। সাম্প্ৰতিক সময়ত বিহুৰ সমস্ত পুলি পোখা মঞ্চলৈ উঠিছে। বিহুৰ মঞ্চযাত্ৰাৰ বিপক্ষে অসমীয়া সংস্কৃতিৰ একাংশ গৱেষক সময়ে সময়ে সৰৱো হৈছে। পিচে ব’হাগৰ পহিলা তাৰিখৰ পৰা অহাৰ-শাওন মাহলৈকে অসমৰ চুকে কোণে হাজাৰ বিজাৰ বিহুমেলা অনুষ্ঠিত হৈয়ে আছে। এই বিহুমেলাবোৰ এক বিৰাট ব্যৱসায়ৰ কেন্দ্ৰলৈ পৰিগণিত হৈছে। শুনিবলৈ ভাল নালাগিলেও এটা কথা সচাঁ যে এনে সৰহ সংখ্যক বিহুমেলাৰ উদ্যোক্তাসকল হ’ল সংস্কৃতিৰ ভূ ভটং বুজি নোপোৱা স্থল ৰুচিবোধৰ লোক। তথাকথিত নিৱনুৱাৰ সংখ্যাই তাত বেছি। তেওঁলোকে যে দিনেই নিশাই শ্ৰম কৰি বিহুমেলাখন অনুষ্ঠিত কৰে সেয়া সংস্কৃতিপ্ৰেমত উদ্বুদ্ধ হৈ নহয়, তেওঁলোকৰ হাতলৈ সেই সুবাদতে কিছু ধন আহিব লাগিব। তাৰবাবে সকলো প্ৰকাৰৰ সৎ আৰু অসৎ পন্থা তেওঁলোকে অৱলম্বন কৰে। ঠিক চ’ত মাহৰ মাজভাগৰ পৰা অসমৰ সকলো ঠাইতে হাতত চান্দাৰ কুপন লোৱা ডেকা ল’ৰাৰ ত্ৰাস পৰিলক্ষিত হয়। প্ৰয়োজনত মানুহৰ ঘৰত দাবী ধমকিৰেও চান্দা তোলা এনে ডেকাই ৰাস্তাত গাড়ী ভেটি যি চান্দা ত্ৰাসৰ সৃষ্টি কৰে সেয়া এবাৰ ভুগি যোৱা বিহাৰী ট্ৰাক ড্ৰাইভাৰ বিহুৰ সময়ত অসমলৈ দুনাই ট্ৰাক লৈ নাহে । বিহুমেলাৰ মঞ্চ, পেণ্ডেল আদিৰ যোগাৰ বহুসময়ত দাবী হুমকিৰেও হয়। বিহু ৰাণী, বিহু সম্ৰাজ্ঞী আদি প্ৰতিয়োগিতাৰ বিজেতাসকলৰ পুৰস্কাৰ স্থানীয় এম এল এ, নামী ব্যৱসায়ী অথবা যিকোনো বিত্তৱান লোকৰপৰা খুজি অনা হয়। ফলত চান্দাৰ দ্বাৰা সংগৃহীত সৰহ ভাগ ধনেই ৰক্ষা পৰে। অৱশ্যে বিহুমেলাৰ শেষৰ দিনাৰ নিশা গীত গাবলৈ নামী গায়ক মাতিলে কিছু টকা খহে। আজিকালি বিহু কুঁৱৰী, বিহু সাম্ৰাজ্ঞী আদি প্ৰতিয়োগিতাসমূহত উপঢৌকনৰ কাৰবাৰো চলিবলৈ ধৰিছে। ইয়ো বহুতৰ বাবে এক লাভ জনক, গোপন ব্যৱসায়। বিহুগীতৰ ব্যৱসায় অসমৰ মানুহৰ বাবে এটা স্বাভাৱিক বিস্ময় হৈ পৰিছে। আজিকালি বিহুগীতৰ স্বকীয়তা অথবা গুণগত বিশিষ্টতা ৰক্ষাৰ ওপৰত গুৰুত্ব দিবলৈ কাৰো আহৰি নাই। বিগত জীৱনত দহটা শাৰীৰ কবিতা এটা লিখি নোপোৱাজনো বিহুগীতৰ নামী দামী গীতিকাৰ হৈ পৰিছে ব্যৱসায়ৰ ধাণ্ডাত। গায়ক-গায়িকাৰো সীমা সংখ্যা নাই। বৰ্তমান অসমত এটা বছৰত কমেও ৫০টা বিহুগীতৰ কেছেট ওলায়। প্ৰতিটো কেছেটত আঠটাকৈ ধৰিলেও বছৰটোত মুঠ বিহুগীত ৰচিত হয় চাৰিশটা। কিন্তু দুভৰ্াগ্যজনকভাৱে স্বকীয়তা ৰক্ষিত হয় এমুঠিমান গীততহে। বাকীসকলৰ এইসৱ স্বকীয়তা তকীয়তাৰ কথা নাইব্যৱসায় কৰিব লাগে লাভ হ’ব লাগে। এই লাভৰ বাবে চাউলত যদি শিলগুটি মিহলাব লাগে মিহলাই দিছে। অতি সম্প্ৰতি বিহুগীত আৰু নৃত্যৰ এক নতুন ব্যৱসায় আৰম্ভ হৈছে ভিচিডি নিমৰ্াণৰ যোগেদি। দুই এখন ভিচিডিত কিছু পৰিমাণে সংস্কৃতিৰ গোন্ধ ৰক্ষিত নোহোৱাকৈ থকা নাই। কিন্তু সৰহ ভাগতেই স্থূল ৰুচিৰ বিকৃত উপস্থাপন। তেনেকৈয়ে চলিছে এক ব্যতিক্রমী ব্যৱসায়।কৃষিৰ লগত অসমীয়া সমাজৰ সৰহভাগ মানুহৰে সম্পৰ্ক নোহোৱা হৈ অহাৰ লগে লগে অসমীয়া সংস্কৃতিৰ স্বৰূপো চুকুত লগাকৈ সলনি হ’ল। অসমীয়া মানুহৰ স্ব-নিৰ্ভৰশীলতা কমিল। ফলত অসমীয়া সমাজৰ পৰম্পৰাগত সামগ্ৰী কিছুমানৰ ব্যৱসায় আৰম্ভ কৰিছে ভাৰতবৰ্ষৰ অন্য প্ৰদেশৰ চতুৰ ব্যৱসায়ীয়ে। বিহুৰ ভালেমান উপাদান তেনে ব্যৱসায়ৰ ভিতৰুৱা হ’ল। বিহু মাৰিবৰ বাৰে পুৰুষে পিন্ধা চুৰিয়া আজিকালি পঞ্জাৱৰ মিলৰপৰা আহে। গামোচাও আহে তাৰেপৰাই। আনকি টঙালি আৰু বিহুৱাৰ চোলাও বাহিৰৰপৰা আমদানি হ’বলৈ ধৰিছে। পুৰণি অসমত গৰুৰ চালেৰে ঢোল চাব জনাটো গৌৰৱৰ কাম বুলি বিবেচিত হৈছিল। কিন্তু শ্ৰম বিভাজনৰ উন্নাসিতাই গ্ৰাস কৰা অসমৰ মানুহে আজিকালি ঢোল চোৱাটো হৰিজন মানুহৰ কাম বুলি ভাবে। এই সুবিধাটো গ্ৰহণ কৰি ভালেমান অনা-অসমীয়া লাভৱান হৈছে। আনকি পেঁপা, বাঁহী, গগণা, সুতুলি আদিও এখন চকুত লগা বজাৰ সৃষ্টি হৈছে।বিহুকেন্দ্ৰিক ব্যৱসায় কিছুমানৰ শুভ দিশো অৱশ্যে নোহোৱা নহয় । গৰু বিহুৰ দিনা গৰুক গা-ধুওৱাৰ পৰম্পৰা অসমীয়া মানুহে যিমানদূৰ সম্ভৱ ৰাখিছে। নহ’লেও চাট এখনকে ঘৰলৈ যিকোনো প্ৰকাৰে আনে। কিন্তু আজিকালি দীঘলতি, মাখিয়তী, থেকেৰা আদি বহু অঞ্চলত পাবলৈ নোহোৱা হ’ল। ফলত সেইবোৰৰ ব্যৱসায় আৰম্ভ হৈছে। বহু ঠাইত তিনিডলীয়া চাট পৰ্যন্ত বনাই বিক্রী কৰা হৈছে। একেদৰে জেতুকা পাতৰ ব্যৱসায় চলিছে। লক্ষ্যনীয়ভাৱে আজিকালি অসমীয়া পৰম্পৰাগত পিঠা, লাৰু আৰু জলপানৰ এক ব্যাপক বজাৰ আৰম্ভ হৈছে। অসমৰ প্ৰায়বোৰ নগৰতে তেনে পিঠা, লাৰু আৰু জলপানৰ পেকেট কিনিবলৈ পোৱা যায়। জল নিষ্কাশন পদ্ধতিৰে সংৰক্ষণযোগ্য কৰি তোলা এই বস্তুবোৰে থলুৱা সংস্কৃতিৰ স্বকীয়তা ৰক্ষাত যথেষ্ট অৱদান যোগায়।অতি দুভৰ্াগ্যজনকভাৱে ৰঙালি বিহুৰ ঘাই উপাদান হুঁচৰিক সম্প্ৰতি ব্যৱসায়লৈ ৰূপান্তৰ কৰা হৈছে। হুঁচৰি হ’ল এক মা!লিক আচাৰ। মানুহ বিহুৰ দিনা গাঁৱৰ হুঁচৰি দলে গাঁৱত প্ৰতিঘৰৰ চোতলত হুঁচৰি গাই বছৰটোৰ বাবে ম!ল কামনা কৰে। তেনে হুঁচৰি দলক গৃহস্থই সামান্য মাননি আৰু গুৱা-পানেৰে সেৱা জনায়। এতিয়া কিন্তু হুঁচৰিৰ সকলো পূৰ্ব পৰম্পৰা লোপ হৈ সেই ‘মাননিটোহে গুৰুত্বপূৰ্ণ হৈ পৰিল। পূৰ্ব-পৰম্পৰা সম্পৰ্কত বিশিষ্ট অভিনেতা ইন্দ্ৰ বনিয়াই লিখিছে নতুন গেঞ্জী চোলা পিন্ধি মানুহ হুঁচৰি গাই উঠি বিহু মাৰিবলৈ ঘৰৰ গৃহস্থৰ অনুমতি লৈছিল। মাননিৰ দাবী কেৱল বিহুগীতৰ ফাঁকিবোৰৰ মাজতহে আবদ্ধ আছিল। গৃহস্থই যি দিছিল সেয়াই গ্ৰহণ কৰিছিল। পিছত সেই মাননিৰ ধন সামাজিক উন্নয়নৰ কামত ব্যৱহৃত হৈছিল।(‘নতুন সময়’, বিহু বিশেষ সংখ্যা, ২০০০চন) এতিয়া আৰু সেই ৰীতি নাই। এতিয়া হুঁচৰি হ’ল চান্দা তোলাৰ এক অভিনৱ মাধ্যম। এই প্ৰসঙ্গত ডিম্বেশ্বৰ গগৈয়ে লিখিছে হুঁচৰি দল বিলাকে কোনো নীতি-নিয়ম নমনা হ’ল। ধন সংগ্ৰহৰ বাবে ডেকাহঁতে হুঁচৰি দল গঠন কৰে। তদুপৰি ধন সংগ্ৰহৰ উদ্দেশ্যে ধনী, অৱস্থাপন্ন তথা মন্ত্ৰী বিধায়ক আদিৰ ঘৰতো বিশেষ উৎসাহেৰে হুঁচৰি গোৱা দেখা যায়। অতি পৰিতাপৰ কথা যে হুঁচৰিক মান সৎকাৰ কৰিব নজনা অনা অসমীয়া ধনী ব্যৱসায়ী বা বিষয়া আদিৰ ঘৰতো হুঁচৰি গোৱা দেখা যায়। উদেশ্যে ধন সংগ্ৰহ। এয়া অসমীয়া বিহু সংস্কৃতিৰ প্ৰতি কৰা চৰম মৰ্যদা হানিকৰ কাৰ্য। হুঁচৰি ব্যৱসায়ৰ আহিলাৰূপে ব্যৱহাৰ কৰাতো হুঁচৰিৰ প্ৰতি কৰা চৰম অৱামাননাৰ পৰিচায়ক। (‘তিনিদিনীয়া অগ্ৰদূত’, বিহু বিশেষ সংখ্যা , ১৯৯৯)। এনে অৰ্থ লুি হুঁচৰিৰ দলে গাঁৱৰ দুখীয়া মানুহৰ ঘৰত হুঁচৰি গাবলৈ সংকোচ কৰে। ফলত সমাজত এক আচহুৱা ভেদ-ভাৱৰ সৃষ্টি হোৱাৰ সম্ভাৱনাও প্ৰৱল। আৰু অনেক বস্তুৰ ব্যৱসায় বিহুক কেন্দ্ৰ কৰি আৰম্ভ হৈছে। কিছুমান বস্তুৰ বিক্রীৰ মাত্ৰাআকৌ বিহুৰ কেইদিনতে অভাৱনীভাৱে বৃদ্ধি পায়। সেই বস্তুৰ তালিকাত নিচাযুক্ত পানীয়কো ধৰিব পাৰি। সেইবোৰ অন্য এক আলোচনা বিষয় হ’ব পাৰে। বিহুৰ মূল বস্তুবোৰক লৈ আৰম্ভ হোৱা নিন্দনীয় আৰু আদৰণীয় ব্যৱসায়সমূহৰ বিষয়ে ওপৰত থূলমূলকৈ আলোচনা কৰা হ’ল। এই ব্যৱসায় সমূহৰ অবাধ গতিয়ে এদিন যে বিহুৰ ইতিহাস সলনি কৰি পেলাব সেয়া নিশ্চিত। অসমীয়া মানুহে প্ৰকৃত সংস্কৃতি প্ৰেমত উদ্বুদ্ধ হৈ এইসমূহ নিয়ন্ত্ৰণ নকৰিলে বিহুৱে বিকৃত ৰূপ ধাৰণ কৰাৰ সম্ভাৱনাই অধিক।

article 2


অসম তথা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল সাংস্কৃতিকভাবে বৈচিত্ৰপূৰ্ণ। বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি এই অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰে নিজা নিজা সাংস্কৃতিক পৰিচয় আছে। প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে তেওঁলোকৰ নিজা নিজা সাংস্কৃতিক পৰিচয় পৰম্পৰাগতভাৱে কঢ়িয়াই লৈ ফুৰিছে। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল এই সংস্কৃতিক পৰিচয়ৰ পৰাই এটা জাতিৰ বিষয়ে সম্যক ধাৰণা পাব পাৰি।ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসম নামৰ এই নিৰ্দিষ্ট ভূ-খণ্ডত বসবাস কৰা লোকসকলৰ সাংস্কৃতিক পৰিচয় বুলি ক’লে পোনতে বিহুৰ কথাই মনলৈ আহে। এই বিহুৱে আন্তৰাষ্ট্ৰীয় পৰ্যয়টো সমাদৰ বুটলিবলৈ সক্ষম হৈছে। এই বিহুৰ পৰম্পৰা কৌটিকলীয়া। কেতিয়াৰপৰা ই আৰম্ভ হৈছে সেয়া থিৰাংকৈ কৈ দিব নোৱাৰি। কোৱা বাহুল্য যে অসমীয়াই পালন কৰা এই বিহু তিনিটা। ৰঙালী, কঙালী আৰু ভোগালী। এই প্ৰতিটো বিহুৰ লগত জড়িত হৈ আছে অসমীয়াৰ আৱেগ-অনুভুতি, ৰীতি-নীতি, লোকাচাৰ-লোকবিশ্বাস।এই বিশ্বাসৰ ওপৰত ভিত্তি কৰিয়েই প্ৰতিজন অসমীয়াই বিহু পালন কৰি আহিছে। কিন্তু বৰ্তমান গোলকীকৰণৰ প্ৰভাৱত অসমীয়াৰ হিয়াৰ আমঠু বাপতিসাহোন বিহুয়ে যেন প্ৰকৃত পৰিচয় হেৰুৱাৰ উপক্রম কৰিছে। বিশ্বায়নে আনি দিয়া যান্ত্ৰিকতাময় পৰিৱেশত বিহুৱে ঐতিহ্য ৰক্ষা কৰিব পৰা নাই। আজি বছেৰেকৰ বিহুৰ দিনা সকলো ঘৰলৈ অহাৰ পৰম্পৰা পৰম্পৰাহৈ থকা নাই। বিশ্বায়নৰ লগে লগে মানুহো হৈ পৰিল যান্ত্ৰিক। কেৱল সেয়াই নহয় বিশ্বায়নে আসমীয়াৰ ধৰ্ম সৰ্ম্পকীয় বিশ্বাসৰ ভেতিটো খহনীয়াৰ সৃষ্টি কৰিছে। ফলত বিহুৰ লগত জড়িত বিভিন্ন লোক-বিশ্বসো দিনক দিনে কমি আহিছে। তদুপৰি গোলকীকৰণে আনি দিয়া বজাৰকেন্দ্ৰিকতাই বিহুকো চুই গৈছে।অসমৰ সাংস্কৃতিক পৰিচয় বুলি কোৱাৰ মাত্ৰকেই সততে আমাৰ মনলৈ যিটো ধাৰণা আহে সেয়াই হৈছে বিহু। হয়, বিহুৱে অতীজৰেপৰাই অসম তথা অসমীয়াৰ এক সুকীয়া পৰিচয় দি আহিছে। কৈ ভাল লাগে এই বিহুৱে আন্তঃৰাষ্ট্ৰীয় সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰত্যেক সংস্কৃতিৰে এক সুকীয়া ৰীতি আদৰ্শ থাকে আৰু বিহুও তাৰ ব্যতিক্রম নহয়। অতীজৰে পৰা ই কিছুমান ৰীতি-পৰম্পৰাৰ বুকুচাত উঠি ডাঙৰ-দীঘল হৈছে। অৱশ্যে সংস্কৃতিয়ে পৰিৱৰ্তন স্বীকাৰ কৰে। কোৱা হয় স্থৱিৰ সংস্কৃতি কেতিয়াও জীয়াই নাথাকে, ই মৃত হৈ যায়। অসমীয়া সংস্কৃতিয়েও বিভিন্ন সময়ত নিজকে পৰিৱৰ্তন কৰি সমাজৰ লগত খোজ মিলাই আহিছে। বৰ্তমান গোলকীকৰণে সমগ্ৰ পৃথিৱীকে স্পৰ্শ কৰিছে। বিহুও ইয়াৰ পৰা হাত সাৰিব পৰা নাই। গোলকীকৰণৰ চাকনৈয়াত বিহুৱে এক সুকীয়া পৰিচয় লাভ কৰিছে। সংস্কৃতি সমাজ তথা পৰিৱেশৰ পৰিশিলিত ৰূপৰ পৰিচায়ক। সংস্কৃতিয়ে পৰিৱেশৰ লগত নিজকে একাকাৰ কৰিবৰ বাৱে বিভিন্ন সময়ত ন ন সাজ পৰিধান কৰি আহিছে। অসমীয়া সংস্কৃতিৰ মূল পৰিচায়ক বিহু আগৰ দৰে হৈ থকা নাই। বিশ্বায়নে আনি দিয়া যান্ত্ৰিকতাময় পৰিৱেশত বিহুৱে ঐতিহ্য হেৰুৱাৰ উপক্রম কৰিছে। গোলকীকৰণে সমাজলৈ কিছুমান বিশেষ সুবিধা কঢ়িয়াই আনিছে। ফলত কিছুমান সামগ্ৰী বজাৰত সহজলভ্য হৈ উঠিছে। ইবিলাকৰ ফলত অসমীয়া বিহুত ব্যৱহাৰ হোৱা কিছুমান মূল সামগ্ৰীৰ পৰিৱৰ্তে কৃতিম সামগ্ৰী ব্যৱহাৰ হ’বলৈ লৈছে। এই সকলোবোৰ দিশৰ আলোচনা কৰাৰ প্ৰয়োজন নিশ্চয় আছে। তদুপৰি ইবিলাকৰ বিষয়ে এতিয়াৰলৈকে বৰ বিশেষ আলোচনা হোৱা নাই। যি দুই-একে আলোচনা কৰাৰ প্ৰয়াস কৰিছে তাটো সকলো দিশ সামৰিব পৰা নাই। আমাৰ এই আলোচনাৰ জৰিয়তে গোলকীকৰণৰ প্ৰভাৱ বিহুত কেনেদৰে পৰিছে টাৰ পুংখানুপুংখ আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে। গোলকীকৰণৰ চাকনৈয়াত বিহু শীৰ্ষক বিষয়টো আলোচনাৰ এক নিৰ্দিষ্ট পৰিসৰ নিদ্ধাৰণ কৰি লোৱা হৈছে। আমাৰ আলোচনাত তিনিতা বিহুৰ ভিতৰত কেৱল ৰঙালী বিহুত গোলকীকৰণৰ কেনে প্ৰভাৱ পৰিছে সেই বিষয়ত অধিক গুৰুত্ত্ব দি আলোচনা কৰা হ’ব। অবশ্যে প্ৰসংগক্রমে কাতি বিহু আৰু মাঘ বিহু সম্প্ৰকীয় কিছু কথাও আহিব পাৰে।বিহু অসমৰ জাতীয় উৎসৱ। অসমৰ জাতীয় উৎসৱ ৰূপে পৰিচিত এই বিহু তিনিতা - ৰঙালী, কঙালী আৰু ভোগালী আৰু প্ৰতিটো বিহুৱেই কৃষি-কৰ্মৰ সৈতে জড়িত। ব’হাগ মাহত পালন কৰা ব’হাগ বিহু বা ৰঙালী বিহু মূলতঃ ধান খেতি নিৰোৱা, প্ৰকৃতিক আদৰা, গৰু-ম’হক ন পঘা পিন্ধোৱা অসমীয়া নতুন বছৰটোত ডাঙৰক সন্মান জনোৱা, সমনীয়া বা বন্ধ-বান্ধৱীক শুভেছা জনোৱা, ইঘৰে-সিঘৰে গৈ পিঠ-পনা, জা-জপ্লান আদি খোৱা, প্ৰিয়জনক বিহুৱান উপহাৰ দিয়া, সখিপতা আদি কৃষ্টি-পৰম্পৰাৰ লগত জড়িত। ব’হাগ বিহুৰ দৰে মাঘ বিহুও কৃষি-কৰ্মৰ লগত জড়িত। মাঘ মাহত অনুষ্ঠিত হোৱা এই বিহুত ধান চপোৱাৰ পিছত ন-দানৰ চিৰা পিঠা আদি প্ৰস্তুৰ কৰি ইঘৰি-সিঘৰে বা আত্মীয় কোটুম্বই ইজনেসিজনক আমন্ত্ৰণ কৰি খোৱায়। সোয় মাঘ মাহৰ এই বিহু ভোগালি বিহু ৰূপেও পৰিচিত। কাতি বিহু অনুষ্টিত হয় কাতি মাহত। এই সময়ত সাধাৰণতে গৃহিস্থৰ ঘৰত খাদ্যৰ নাটনি হয়, ক’ৰবাত আকালেও দেখা দিয়ে। সেয়ে খাদ্য সংকট, আকাল, মাৰি মৰক আৰু সংকট আঁতৰাবলৈ এই বিহুৰ দিনা তুলসিতলত আৰু পথাৰৰত চাকি জ্বলাই বিভিন্ন আনুষ্ঠানিক পৰম্পৰা পালন কৰা হয়।

বিহু অসমীয়া সংস্কৃতিৰ প্ৰথম পৰিচয়।বিহু বোলি কলে আমাৰ পোনতেই ৰঙালী বিহুৰ ছবিখনেই মানস পটত ভাঁহি আহে। এই বিহু কেতিয়া আৰম্ভ হৈ পৰম্পৰা হিচাপে চলি আহিবলৈ ল’লে সেয়া কোনেও সঠিককে কৈ দিব পৰা নাই আৰু কোৱাৰ সম্ভবো নহয়। ই লোকমনৰ লোক-বিশ্বাসৰ ভিত্তিত জন্ম। বিশেষকৈ কৃষিপম্পৰ্কীয় লোকবিশ্বাসৰ ফলশ্ৰুতিত জন্মা এই বিহু আনন্দৰো উৎসৱ হৈ পৰিল। ফলস্বৰূলে বিহুনামৰো জন্ম। সি যি কি নহওঁক আমাৰ এই কৌটিকলীয়া পৰম্পৰা বৰ্তমান গোলকীকৰণৰ ধামখুমিয়াত পৰি বহু পৰিমানে সলনি হৈছে। এতিয়া সেই পৰিবৰ্তন বিলাক বিশ্লেষণ কৰি চোৱাৰ প্ৰয়াস কৰা যাওঁক। প্ৰাচীনতে মানুহে পথাৰত অধিক শস্য উৎপাদন হ’ৰ বাবে খেতি-পথাৰত নৃত্য কৰিছিল। জনবিশ্বস অনুসৰি এনে কৰিলে নাচনীৰ ভৰীৰ গীৰিপনীত শস্য পথাৰ উৰ্বৰা হৈ উঠে আৰু অধিক শস্য উৎপাদন হয়। সেই সময়ৰ মানুহক দুটাই আধিক প্ৰয়োজন হৈছিল - এক শস্য আৰু আনটো সন্তান। কাৰণ অধিক শস্য পাবলৈ আধিৰ পৰিমানে খেতি কৰিব লগা হৈছিল আৰু অধিক খেতি কৰিবলৈ আজিৰ দৰে উন্নত মানৰ সঁজুলি নাছিল। সেয়েহে অধিক মানুহৰ প্ৰয়োজন হৈছিল। কিন্তু পৰবৰ্তী সময়ত বিহুৱে ৰাজ সমাদৰ লাভ কৰি ৰংঘৰৰ বাকৰিলৈ আহিল আৰু তেতিয়াৰে পৰাই চোতাল বিহুৰো প্ৰচলন হ’ল বুলি ভবাৰ অৱকাশ আছে। বিহুৰ বাবে ১৯৫২ চনটো বিশেষ তাৎপৰ্যপূৰ্ণ। কাৰণ এই চনতে গোৱাহাটীৰ লতাশীল খেলপথাৰৰ জৰিয়তে পোন প্ৰথম বাৰৰ বাবে বিহু মঞ্চলৈ আহিল। মঞ্চলৈ অহাৰ লগে গগে বিহুৱে পৰিৱেশ্য কলাৰ ৰূপ লাভ কৰিলে। পৰিৱেশ্য কলাৰ ৰূপ পৰিগ্ৰহ কৰাৰ লগে লগে বিহু কিছুপৰিমানে বিকৃত হৈ পৰিল। অথাৎ বিহুৱে যেন প্ৰকৃৰ লোক (Filk) ৰূপটো হেৰুৱাবৰ উপক্রম কৰিলে। বৰ্তমান সময়ত বিহুৱে প্ৰতিযোগিতাৰ ৰূপ পৰিগহ কৰিলে। ফলস্বৰূপে বিহু নিৰ্দিষ্ট গণ্ডিৰ ভিতৰত আৱদ্ধ হৈ পৰিল। নিদ্ধাৰিত সময়ৰ ভিতৰত বিহু সামৰিৱ লগা হ’ল। আজিকালি হুঁচৰি গোৱা ৰাইজৰ সংখ্যা কমি গ’ল। কেৱল ব্যৱসায়ী আৰু কেৱল প্ৰতিযোগিতামুখী হুচৰি দলৰ সংখ্যা বাহিল। এইবোৰ দলে পৰম্পৰা নাৰাখে, ভাঙেহে। এতিয়াৰ বিহুৰ এই দলবোৰ ‘পৰিচালক’ৰ হাতৰ পুতলা হৈ পৰিছে। বিহুৰ লগত জৰিত কেতবোৰ সামগ্ৰি যিবেৰত গোলকীকৰণৰ প্ৰভাৱ স্পষ্ট সেইবোৰৰ একাংশ তলত বিশ্লেষণ কৰি চোৱাৰ প্ৰয়াস কৰা হ’ল-

জেতুকা :

জেতুকা বিহুত নাচনীসকলে ব্যৱহাৰ কৰা প্ৰসাধন জাতীয় এবিধ সামগ্ৰী। ইয়াক পতাত পিচি হাতত বোলাই লোৱা হয়। ইয়াৰ পৰা বিশেষ ধপণৰ ৰঙা ৰঙ এটা ধৰে। ইয়াৰ ঔষধী গুণো আছে। কিন্তু বৰ্তমান গোলকীকৰণে আনি দিয়া বজাৰত সহজলভ্য মেহেন্দিৰ ব্যৱবাৰে প্ৰাধান্য লাভ কৰিছে । আজিকালি কোনেও পতাত পিচি জেতুকা নলয় বুলি কলেও বঢ়ায় কোৱা নহয়।

কপৌফুল :

লোকসমাজত কপৌফুল যৌৱনৰ প্ৰতিক। বিহুত নাচনীসকলে খোপাত পিন্ধে । কপৌফুলৰ উল্লেখ থকা বহুতো বিহু গীতো পোৱা যায়। বৰ্তমান দুৰ্লভ এই কপৌফুলৰ পৰিৱৰ্তে গোলকীকৰণে আনি দিয়া বজাৰত সহজলভ্য প্লাষ্টিকৰ কপৌফুল পৰিধান কৰি বিহু নচা পৰিলক্ষিত হয়।

বৰ্হমথুৰি :

ই বিশেষ ধৰণৰ এবিধ গছৰ গুটী। ইয়াৰ পৰাও জেতুকা পাতৰ দৰে এবিধ ৰঙা ৰঙ ওলায়। এই ৰং নাচনবিলাকে নাচিবৰ সময়ত ওঠত বোলায় লয়। ই এবিধ বিহুৰ প্ৰসাধন সামগ্ৰী। বিহুগীতত ইয়াৰ উল্লেখ এনেদৰে পোৱা যায়- ব্ৰহ্মপুত্ৰৰ কানতে/ বৰ্হমথুৰি এজুপি/ অমি খৰি লোৱা ঠাই/ উটুৱাই নিনিবা / ব্ৰহ্মপুত্ৰ দেৱতা/ তামোল দি মাতোতা নাই।---বিশেষকৈ ওঠত ব্যৱহাৰ কৰা এই বিধ সামগ্ৰীৰ পৰিৱৰ্তে আজিকালি বজাৰত সহজলভা বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰীহে ব্যৱহাৰ কৰে।

গামখাৰু :

ই বিহুত পৰিধান কৰা এবিধ আলংকাৰ। অৱশ্যে আগতে বিভিন্ন আনুষ্ঠানতো গামখাৰু পিন্ধিছিল বুলি জনা যায়। এই গামখাৰু ৰূপেৰে গঢ়াই লৈছিল। কিন্তু বৰ্তমান সময়ত ৰূপেৰে গঢ়োৱা গামখাৰু কোনেও নিপিন্ধে বুলিব পাৰি। বজাৰত সহজলভ্য গামখৰুহে পৰিধান কৰা দেখা যায়।

ঔপন্যাসিকাৰ প্ৰথম উপন্যাস ‘চেনাবৰ সোঁত’ৰ সৈতে এই উপন্যাসখনৰ সাদৃশ্য বিচাৰি পোৱা যায়। এই উপন্যাসখনত মধ্যপ্ৰদেশৰ অহিৰণ নদীৰ আ্যকোয়িডাক্ট নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত বনুৱাসকলৰ শোষিত,বঞ্চিত আৰু ব্যথিত জীৱনৰ কাহিনী অনুপম কৌশলেৰে লেখিকাই প্ৰকাশ কৰিছে । ঔপন্যাসিকাৰ সমাজ সচেতনতা আৰু সমাজ-সংসংস্কাৰমূলক দৃষ্টিভংগীৰ প্ৰকাশ এই উপন্যাসখনতো হৈছে।

গামোচা :

গামোচা অসমীয়াৰ এক বিশেষ বস্ত্ৰ। ই অসমীয়া মানুহৰ পৰম্পৰাগত সাজপাৰৰো পৰিচায়ক। ইয়াক অসমীয়া শিপিনীয়ে ঘৰতে বৈ প্ৰস্তুত কৰে। বিহুৰ লগত এই বস্ত্ৰখনি বিশেষভাৱে জড়িত। অৱশ্যে গোলকীকৰণৰ ফলত গঢ়ি উঠা বজাৰত বিভিন্ন ধৰণৰ গামোচাৰ প্ৰয়োভৰ দেখা গৈছে আৰু ইয়াৰ ব্যৱহাৰো বৃদ্ধি পাৱ ধৰিছে। অজি বিহুৰ দিনা চেনেহীয়ে চেনাইধনক বিহুৱান উপহাৰ দিয়া পৰম্পৰা এক প্ৰকাৰে বিলুপ্তি ঘটিল। ভিন্নজন মান্য ব্যক্তিক সন্মান যচাৰ সময়তো সেই বিদেশত উৎপাদিত গামোচাৰেহে আদৰা হয়।

গগনা :

ই বাঁহেৰে নিৰ্মিত এবিধ বাদ্য। বিহুত চেনেহীয়ে চেনাইধনে গগনা সাজি অনি দিৱ বুলি ৰৈ থকাৰ বিভিন্ন উদাহৰণ পোৱা যায়। - ধনে সাজি দিয়া/ লাহৰি গগনা/ বহি বড়ৰ তলত বাওঁ/ ধনো নাহিলে/ গগনা ফাটিলে/ খৰিকাত মংগল চাওঁ। ----- চেনাইধনে নিজে সাজি দিয়া গগনা বৰ্তমান সময়ত কেইজনী চেনেহীয়ে পাবলৈ সক্ষম হৈছে সি সন্দেহৰ বিষয়। কাৰণ গোলকীকৰণে আনিদিয়া বজাৰত আজি ই সহজলভ্য।ইবিলাকৰ উপৰিও গোলকীকৰণৰ প্ৰভাৱ বিহুত বিভিন্ন ধৰণে পৰা দেখা যায়। আজি বিহুৰ দিনা ঘৰত পিঠা-পনা নকৰিলেও বজাৰত সহজেই পাৱ পাৰি। আজিকলি আৰু ঢেকীত চিৰা কৰি খোৱা মানুহ নাই বুলিবই পাৰি। তদুপৰি বৰ্তমান মানুহ ইমানেই অৰ্থকেন্দ্ৰিক হৈ পৰিল যে বিহুতোকো অৰ্থ উপাৰ্জনৰ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ ল’লে। আজি বিহু কৰিবৰ বাবে বিহুৱা, ঢুলিয়া, পেপোঁৱা আদি ভাড়ালৈ আনিব লগা পৰিস্থিতিও হৈছে। সময় গতিশীল। সময়ৰ সোঁতত সমাজ আৰু সংস্কৃতিৰ পৰিৱৰ্তন সাধিত হয়। অসমীয়াৰ জাতীয় উৎসৱটোও এই সময় তথা পৰিৱেশ পৰিস্থিতিৰ তাগিদাত পৰি সলনি হৈছে। গোলকীকৰনে আমাৰ বিহুত বিভিন্ন ধৰণে প্ৰভাৱ বিস্তাৰ কৰা দেখা গৈছে। ইয়াৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই আছে। বজাৰ আৰ্থনীতিৰ ফলত আমাৰ জাতীয় সাজপাৰ বিশ্ব বজাৰলৈ যোৱাৰ সুবিধা লাভ কৰিছে। বজাৰত কিছুমান সামগ্ৰী সহজলভ্য হৈ উঠাৰ কাৰণে মানুহৰ সময় আৰু খৰচৰ পৰিমান কিছু পৰিমানে হলেও কমিছে। বিহুৰ সময়ত পিঠা-পনা বিক্রি কৰি এচাম মানুহ স্বাবলম্বী হোৱাও দেখা গৈছে।

প্ৰসংগসূত্ৰ নিৰ্দেশ :

১ ইছমাইল হোছেইন, ৰঙলী বিহুৰ ঐতিহ্য বিচাৰ, পৃষ্ঠা- ০১

২ জয়কান্ত গন্ধীয়া, ‘ৰঙালী বিহুৰ ব্যৱহাৰিক দিশৰ পৰম্পৰা ৰাখিবৰ উপায়’ শীৰ্ষক প্ৰৱন্ধ, প্ৰান্তিক ৩৩ বছৰ ৯ম সংখ্যা, ১-১৫ এপ্ৰিল ২০১৪

৩ নকুল চন্দ্ৰ ভূঞা, বহাগী, পৃষ্ঠা- ১৫

৪ লীলা গগৈ, অসমীয়া লোক-সাহিত্যৰ ৰূপৰিখা, পৃষ্ঠা - ১২৯

গ্ৰন্থপঞ্জী :

গগৈ, লীলা : অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা, বনলতা, ডিব্ৰুগড়-১, পুনৰ মুদ্ৰণ : ২০১১ চন

গগৈ, লীলা : বিহুগীত আৰু বনঘোষা, বন লতা, ডিব্ৰুগড়-১, বনলতা সংস্কৰণ : নৱেম্বৰ, ২০০৮

বৰদলৈ, নেৰ্মলপ্ৰভা : অসমৰৰ লোক সংস্কৃতি, বীণা লাইব্ৰেৰী,গুৱহাটী : অসম, পুনৰ মুদ্ৰণ : আগষ্ট, ২০১১

বৰুৱা, হেমন্ত কুমাৰ : বিহুৰ উৎস, ঐতিহ্য আৰু পৰম্পৰা, এছ. এইছ. শৈক্ষিক ন্যাস, চন্দ্ৰকান্ত হাজৰিকা পথ, তৰুণ নগৰ, গুৱীহাটী-৭৮১০০৫, প্ৰথম প্ৰকাশ : ২০১৩

ভূঞা, নকুল চন্দ্ৰ : বহাগী, লয়াৰ্ছ বুক ষ্টল, পানবজাৰ, গুৱাহাটী, অষ্টম সংস্কৰণ : ২০০১

নেওগ, প্ৰদীপ : বিহু বিনন্দীয়া, জ্যোতি প্ৰকাশণ, পানবজাৰ, গুৱাহাটী-৭৮১০০১, দ্বিতীয় সংস্কৰণ : ডিচেম্বৰ, ২০০৯

শৰ্মা, হেমন্তকুমাৰ : অসমীয়া সাহিত্যত দৃষ্টিপাত, বীণা লাইব্ৰেৰী, গুৱাহাটী : অসম, দ্বাদশ সংস্কৰণ : আগষ্ট, ২০১১

হোছেইন, ইছমাইল : ৰঙালী বিহুৰ ঐতিহ্য বিচাৰ, জ্যোতি প্ৰকাশণ, পানবজাৰ, গুৱাহাটী-৭৮১০০১, প্ৰথম প্ৰকাশ : ডিচেম্বৰ, ২০০৬

আলোচনী :

বৰুৱা, প্ৰদিপ(সম্পা) : প্ৰান্তিক, ৩৩ বছৰ ৯ম আৰু ১০ম সংখ্যা সংখ্যা, ১-১৫ এপ্ৰিল ২০১৪



যিহেতু আখৰ মূলতঃ নৰ্থ লখিমপুৰ কলেজৰ কেইজনমান ছাত্ৰৰ এক বিনম্ৰ প্ৰয়াস গতিকে এই শিতানটোৰ জৰিয়তে আমি অসমৰ প্ৰথম আৰু একমাত্ৰ স্বায়ত্বশাসিত মহাবিদ্যালয়খনৰ বিভিন্ন গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিছো৷


» নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন সমিতিৰ উদ্যোগত 'কেম্পাছ' শিৰোনামেৰে এখন ‘Occasional News Paper’ প্ৰকাশ কৰা হৈছে। প্ৰকাশন সমিতিৰ সমন্বয়ক ড০ অৰবিন্দ ৰাজখোৱাৰ সম্পাদনাত প্ৰকাশ পোৱা বাতৰিকাকতখনৰ চাৰিটা সংখ্যা ইতিমধ্যে প্ৰকাশ হৈছে। নৰ্থ লখিমপুৰ কলেজত অনুষ্ঠিত হৈ যোৱা যুৱ মহোৎসৱৰ সৈতে সংগতি ৰাখি প্ৰথম তিনিটা সংখ্যা প্ৰকাশ পোৱা কাকতখনৰ চতুৰ্থ সংখ্যাটো প্ৰকাশন সমিতি বিশেষ সংখ্যা হিচাপে যোৱা মে মাহত প্ৰকাশ হৈছে। প্ৰকাশন সমিতিৰ এই উদ্যোগে ইতিমধ্যে অসমৰ সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

» নৰ্থ লখিমপুৰ কলেজ আলোচনীখনৰ সমান্তৰালভাৱে কলেজখনৰ বিভিন্ন বিভাগ-আবাসসমূহৰ পৰা প্ৰকাশ হোৱা আলোচনীসমূহে কলেজখনত এক বৌদ্ধিক চিন্তা চৰ্চাৰ পৰিৱেশ সৃষ্টিত অৰিহণা যোগাই আহিছে। এনেধৰণৰ আলোচনীসমূহৰ ভিতৰত নৱছাত্ৰাবাসৰ স্মৃতিতীৰ্থ,অসমীয়া বিভাগৰ স্মৃতিৰ সঁফুৰা, প্ৰাণীবিজ্ঞান বিভাগৰ ৰেটিনা, উদ্ভিদ বিজ্ঞান বিভাগৰ লেমিনা, পুৰণি ছাত্ৰীনিবাসৰ নষ্টালজিয়া, নৱছাত্ৰীনিবাসৰ অভিজ্ঞান আদি অন্যতম। যোৱা ৭ এপ্ৰিল,১৫ তাৰিখে ভাস্বতী বৰুৱাৰ সম্পাদনাত নষ্টালজিয়াৰ ৬ষ্ঠ সংখ্যাটো প্ৰকাশ হৈছে আৰু যোৱা ১১ এপ্ৰিল তাৰিখে জ্যোতিষ্মান দাসৰ সম্পাদনাত স্মৃতিৰ সঁফুৰাৰ ১০ম সংখ্যাটো প্ৰকাশ হৈছে।

» Tools and techniques of molecular biology and bioinformatics বিষয়ত যোৱা ২৭ আৰু ২৮ মাৰ্চ তাৰিখে মহাবিদ্যালয়ৰ Institutional Biotech hub ৰ উদ্যোগত এখন ৰাষ্টীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয় আৰু মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ উদ্যোগত যোৱা ৯ আৰু ১০ এপ্ৰিল তাৰিখে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা-সত্ৰ অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানদুটাত অসম তথা উত্তৰ পূব ভাৰতৰ বিভিন্ন স্থানৰ শৈক্ষিক ক্ষেত্ৰৰ লগত জড়িত বিশিষ্ট ব্যক্তি,শিক্ষক,গৱেষক,ছাত্ৰ আদি উপস্থিত থাকে।

» যোৱা ২৮ মাৰ্চ তাৰিখৰ পৰা নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ শাৰিৰীক শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা আন্তঃ বিভাগ ফুটবল প্ৰতিযোগিতাখনৰ যোৱা ৮ এপ্ৰিল তাৰিখে সফলভাৱে সমাপ্ত হয়। উক্ত প্ৰতিযোগিতাত ভূগোল বিভাগে বিজয়ীৰ খিতাপ অৰ্জন কৰাৰ বিপৰীতে গণিত বিভাগে বিজিতৰ সন্মান লাভ কৰে। প্ৰতিযোগিতাখনত মহাবিদ্যালয় পৰিয়ালৰ উৎসাহজনক সহযোগিতা আছিল।


অসমীয়া কবিতাৰ গতি-বৈচিত্ৰ্যঃ এক বিশ্লেষণ

যোৱা ৯ ফেব্ৰুৱাৰী,২০১৫ তাৰিখে ‘অসমীয়া কবিতাৰ গতি-বৈচিত্ৰ্যঃ এক বিশ্লেষণ’ শীৰ্ষক এক আলোচনা আকাশবানী ডিব্ৰুগড় কেন্দ্ৰৰ যুৱবাণী অনুষ্ঠানত সম্প্ৰচাৰ হৈছিল। আলোচনাত ‘আখৰ’ৰ সম্পাদক জ্যোতিষ্মান দাস,প্ৰতি সম্পাদক প্ৰাণকৃষ্ণ বৰগোহাঞি আৰু নৰ্থ লখিমপুৰ কলেজৰ ছাত্ৰী চয়নিকা বৰাই আলোচক হিচাপে অংশগ্ৰহণ কৰিছিল। ‘আখৰ’ৰ সম্পাদক জ্যোতিষ্মান দাসৰ সম্পাদনাৰে আলোচনাটো লিখিতৰূপত ‘আখৰ’ৰ পঢ়ুৱৈসকললৈ আগবঢ়োৱা হ’ল।

অনুষ্ঠানটোৰ নেপথ্যতঃ


প্ৰযোজনাঃ বৰষা কোঁৱৰ।
সম্পাদনাঃ কৌস্তুভমণি নাথ।
এংকৰঃ উৰ্বশী হাজৰিকা ।
অংশগ্ৰহনকাৰীঃ জ্যোতিষ্মান দাস, চয়নিকা বৰা, প্ৰানকৃষ্ণ বৰগোহাঞি

জ্যোতিষ্মান-

নমস্কাৰ, আজি আমি অসমীয়া কবিতাৰ গতি বৈচিত্ৰ্য সন্দৰ্ভত আলোচনাৰ বাবে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ মজিয়াত সমৱেত হৈছোঁ। অসমীয়া কবিতাৰ গতি বৈচিত্ৰ্য সম্পৰ্কত আলোকপাত কৰিবলৈ যাওঁতে আমাৰ বাবে সহজতম পন্থাটো হ’ল অসমীয়া কবিতাৰ ইতিহাসক আঠটা স্তৰত ভাগ কৰি আলোচনা কৰাটো। এই স্তৰ বিভাজনত কোনো কোনোৰ দ্বিমত থাকিলেও অসমীয়া কবিতাৰ ইতিহাসৰ আলোচনাৰ বাবে ইয়েই আটাইতকৈ সৰল ব্যৱস্থা। অসমীয়া কবিতাই আঠটা স্তৰৰ মাজেদি এহেজাৰ বছৰ গৰকি বিভিন্ন দিশত বিৱৰ্তনৰ মাধ্যমেৰে সাম্প্ৰতিক প্ৰেক্ষাপটত উপনীত হৈছেহি।অসমীয়া কবিতাৰ এহেজাৰ বছৰৰ পৰিক্ৰমাৰ প্ৰথমটো স্তৰক প্ৰত্ন বা আদি যুগ বুলি অভিহিত কৰা হয় যি ৯৫০-১৩০০ খীষ্ট্ৰাব্দ সময়ছোৱাক সামৰি লৈছে। এই সময়ছোৱাত অসমীয়া কবিতাৰ প্ৰকৃতি, স্বৰূপ সন্দৰ্ভত সংক্ষিপ্তভাৱে কবলৈ আমি চয়নিকা বৰাক অনুৰোধ জনাইছোঁ।
চয়নিকা-

হয়, ধন্যবাদ জ্যোতিষ্মান, প্ৰত্ন বা আদি যুগ বুলি অসমীয়া কবিতাৰ ইতিহাসৰ যি ছোৱা সময়ক অভিহিত কৰিছোঁ, সেই সময়ছোৱাতেই অসমীয়া কবিতাৰ ভেঁটি স্থাপন হৈছিল বুলি ক’ব পাৰি। প্ৰথম অসমীয়া ভাষাত লিখা কবিতাৰ নিদৰ্শন হিচাপে যদিও আমি চতুৰ্দশ শতিকাৰ হেম সৰস্বতীৰ ‘প্ৰহলাদ চৰিত’ক অভিহিত কৰোঁ।
জ্যোতিষ্মান-

নিশ্চয়। প্ৰহ্লাদ চৰিত হৈছে অসমীয়া ভাষাত লিখা প্ৰথম কাব্য। কিন্তু অসমীয়া ভাষাই নিজস্ব ৰূপ পৰিগ্ৰহণ কৰাৰ আগৰ স্তৰৰ সাহিত্যিক নিদৰ্শনো আমাৰ হাতত যথেষ্ট পৰিমাণে আছে।কিন্তু এই সাহিত্যসমূহক অসমীয়া সাহিত্য বুলি অভিহিত কৰটো এটা বিবাদমান বিষয়।
চয়নিকা-

দশম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচনা কৰা বুলি অনুমান কৰা চৰ্যাপদ, শ্ৰীকৃষ্ণ কীৰ্ত্তন, শূণ্য পুৰাণ আদিৰ কথা এই প্ৰসংগত উল্লেখ কৰিব পাৰো।এইসমূহ সাহিত্যকে অসমীয়া কবিতাৰ ইতিহাসৰ আদি বা প্ৰত্ন যুগটোৱে প্ৰতিনিধিত্ব কৰিছে। কাব্যিক গুণ নিহিত হৈ থকা অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শণ তথা প্ৰথম পদ্য সাহিত্য চৰ্যাপদক চৰ্যাগীত , বৌদ্ধগান বা দোহা বুলিও জনা যায়। চৰ্যাপদসমূহ বৌদ্ধধৰ্মী তান্ত্ৰিক সহজজান পন্থাৰ ধৰ্মীয় সাধন তন্ত্ৰৰ গীত। বডু চণ্ডী দাসৰ শ্ৰীকৃষ্ণ কীৰ্ত্তন আৰু ৰমাই পণ্ডিতৰ শূণ্য পুৰাণ এই সময়ছোৱাৰ অসমীয়া কাব্য সাহিত্যৰ নিদৰ্শণ। এই সময়ছোৱাত অসমত বৌদ্ধধৰ্মৰ প্ৰভাৱ সাহিত্যৰ মাজেৰে পৰিলক্ষিত হৈছে।
জ্যোতিষ্মান-

কিন্তু অসমীয়া কবিতাৰ প্ৰত্নযুগ এটা বিবাদমান বিষয় কিয়নো এই সাহিত্যসমূহক অসমীয়া বঙালী, উৰিয়া আদি ভাষাৰ সাহিত্যইও তেওঁলোকৰ সাহিত্যৰ অন্তৰ্ভূক্ত বুলি দাবী কৰে। ইয়াক কেন্দ্ৰ কৰিয়ে মই ইতিমধ্যে উল্লেখ কৰি যোৱা বিবাদৰ সূত্ৰপাত হয়।
চয়নিকা-

আচলতে অসমীয়া ভাষাটো এটা পৃথক ভাষাত পৰিণত হোৱাৰ পূৰ্বেই লিখা এই সাহিত্যসমূহক অসমীয়া, বাংলা, উৰিয়া আদি নব্য ভাৰতীয় ভাষাসমূহৰ উমৈহতীয়া সাহিত্য বুলি অভিহিত কৰিব পাৰি। অথচ বহু আলোচনা বিলোচনাই এই কথা পোহৰলৈ আনে যে ব্যাকৰণগত দিশৰ পৰা উপৰোক্ত ভাষাসমূহৰ উমৈহতীয়া নিদৰ্শন এই সাহিত্যসমূহৰ ক্ষেত্ৰত অন্যান্য প্ৰান্তীয় ভাষাসমূহতকৈ অসমীয়া ভাষাই বেছি দাবীদাৰ।
জ্যোতিষ্মান-

বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ । এইখিনিতে এটা বেলেগ প্ৰসংগ আলোচনা কৰাটো প্ৰয়োজনীয়। অসমৰ লোকজীৱনৰ সাস্কৃতিক চেতনাৰ আধাৰত অসমীয়া কাব্যই নানা ৰূপ-ৰীতি,বিষয় আৰু পৰম্পৰাৰে সমৃদ্ধ হৈ পৰিবৰ্তন আৰু ক্ৰমবিকাশৰ পথেদি আহি আধুনিকতাৰ স্পৰ্শ লাভ কৰি সাম্প্ৰতিক স্থিতি লাভ কৰিছে। এই ঘাই সূঁতিটোৱে কঢ়িয়াই আনিছে অসমীয়া মানুহৰ দীৰ্ঘকালীন ভাৱ-অনুভূতি চিন্তা চেতনা সৃষ্টি চেতনা আৰু কল্পনাৰ বহুৰঙী সম্ভাৰ।অসমীয়া লোকসাহিত্যৰ মাজতে অগনন অনাখৰী কবি-গীতিকাৰৰ শৈল্পিক প্ৰতিভা,মানৱীয় আৱেগ-অনুভূতি সাৰ্বজনীন প্ৰকাশ সমাজ-সাংস্কৃতিক প্ৰমূল্য সমূহ বিচিত্ৰ প্ৰকাশভংগীৰে প্ৰকটিত হৈছে।এইসমূহৰ আলোচনা অবিহনে কবিতাৰ ইতিহাসৰ আলোচনা সম্পূৰ্ণ নহয়।
চয়নিকা-

মুঠৰ ওপৰত অসমীয়া কবিতাৰ বুনিয়াদ ৰচনাৰ ক্ষেত্ৰত অসমৰ লোকগীত আৰু লোক কবিতাৰ ভূমিকা অনস্বীকাৰ্য।এই সমূহৰ ভেটিতেই অসমীয়া কবিতাই ন ন ৰূপ লাভ কৰি বৰ্তমানৰ পৰ্যায় পাইছেহি।অসমীয়া কবিতাৰ ইতিহাসৰ প্ৰাথমিক স্তৰ হিচাপে এই যুগটোৰ গুৰুত্ব যথেষ্ট পৰিমাণে আছে।
জ্যোতিষ্মান-

ধন্যবাদ চয়নিকা বৰা, নিশ্চিতভাৱে অসমীয়া কবিতাৰ ইতিহাসত প্ৰত্নযুগটোৰ গুৰুত্ব যথেষ্ট পৰিমাণে আছে আৰু ই পৰবৰ্তী সময়ৰ অসমীয়া কবিতাৰ বহু পৰিমাণে অনুপ্ৰাণিত কৰিছে বুলি আমি ক’ব পাৰোঁ।এতিয়া যদি আমি অসমীয়া কবিতাৰ ইতিহাসৰ মধ্য যুগলৈ আহোঁ তেন্তে এটা কথা প্ৰথমতেই স্পষ্টভাৱে উল্লেখ কৰা প্ৰয়োজন যে এজন নিৰ্দিষ্ট ব্যক্তিক ভিত্তি হিচাপে লৈ মধ্য যুগটো বিভাজন কৰা হৈছে।
চয়নিকা-

নিশ্চিতভাৱে সেইগৰাকী শংকৰদেৱ। জ-শংকৰদেৱৰ প্ৰসিদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি এই সময়ছোৱাক তিনিটা স্তৰত বিভক্ত কৰা হৈছে, আৰু সেইকেইটা হ’লঃ প্ৰাকশংকৰী যুগ, শংকৰী যুগ আৰু শংকৰোত্তৰ যুগ। প্ৰাকশংকৰী যুগৰ সময় নিৰ্দ্ধাৰণ কৰা হয় ১৩০০-১৪৯০ খ্ৰীঃ এই সময়ছোৱা আছিল অসমীয়া সাহিত্যৰ ভেঁটি প্ৰতিষ্ঠাৰ সময়। মূলত পাঁচ গৰাকী কবিয়ে কাব্য সাধনাৰে এই যুগটোক সমৃদ্ধ কৰিছে।
প্ৰাণকৃষ্ণ-

তেওঁলোক হ’ল ক্ৰমে হেম সৰস্বতী, কবি ৰত্ন সৰস্বতী , ৰুদ্ৰ কন্দলী , মাধৱ কন্দলী আৰু হৰিবৰ বিপ্ৰ। নিঃসন্দেহে তেওঁলোকৰ কবিতাৰ আশ্ৰয় স্থল আছিল ধৰ্ম। উল্লেখযোগ্য যে প্ৰতিগৰাকী কবিয়ে ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল।
চয়নিকা-

সেই পাঁচজন কবিৰ কাব্য চৰ্চাৰ ভিত্তিতে সেই যুগটোৰ সৃষ্টি হৈছিল। উল্লেখযোগ্য সাহিত্যকৰ্মৰ কথা কবলৈ গলে আমি হেম সৰস্বতী ৰ প্ৰহলাদ চৰিত,হৰগৌৰী সংবাদ;কবিৰত্ন সৰস্বতীৰ জয়দ্ৰথ বধ; ৰুদ্ৰ কন্দলীৰ সাত্যকিৰ প্ৰৱেশ।
জ্যোতিষ্মান-

এইক্ষেত্ৰত মাধৱ কন্দলীৰ নামটো বিশেষভাৱে উল্লেখ কৰাৰ প্ৰয়োজন।
চয়নিকা-

তেওঁকেই প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি বুলি কোৱা হয়।তেওঁক শংকৰদেৱে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল।
প্ৰাণকৃষ্ণ-

অপ্ৰমাদী কবি মাধৱ কন্দলীয়ে সাৱলীল ছন্দেৰে এই সময়ছোৱাতে অসমীয়া কবিতাৰ এক সুমধুৰ জাগৰণৰ সৃষ্টি কৰে। কাব্যিক উৎসৰ পৰা ভাৰতীয় মহাকাব্য দুখন আৰু বিষয়বস্তুৰ দিশৰ পৰা ইতিহাস প্ৰীতি এই সময়ছোৱাৰ কবিতাৰ অন্যতম বৈশিষ্ট্য। মাধৱ কন্দলীৰ ৰামায়ণে অসমীয়া কবিতা সাহিত্যক বিশেষভাৱে সমৃদ্ধ কৰিছিল।
জ্যোতিষ্মান-

ইয়াৰ পৰৱৰ্তী সময়ছোৱাক শংকৰীযুগ বুলি অভিহিত কৰা হয় আৰু শংকৰী যুগ বুলিলেই আমি শংকৰদেৱৰ নামটো বিশেভাৱে উল্লেখ কৰিব লাগিব।পৰৱৰ্তী সময়ত মাধৱদেৱকে প্ৰমূখ্য কৰি অন্যান্য কবিসকলে এই যুগটোলৈ অৱদান আগবঢ়াইছে।এই যুগটোৰ সম্বন্ধে প্ৰাণমকৃষ্ণই দু-আষাৰ ক’ব।
প্ৰাণকৃষ্ণ-

ধন্যবাদ, শংকৰী যুগৰ অসমীয়া সাহিত্যক বিশেষভাৱে প্ৰভাৱিত কৰা সাহিত্যিকজন হ’ল শংকৰদেৱ। শংকৰদেৱৰ প্ৰসিদ্ধিৰ ওপৰত ভিত্তি কৰি অসমীয়া কবিতাৰ ইতিহাসৰ যি বিভাজনৰ আশ্ৰয় কৰি আমি অসমীয়া কবিতাৰ আলোচনা কৰি আছোঁ, সেয়া সম্পূৰ্ণৰূপে বিজ্ঞানসন্মত ।প্ৰথমে যদি আমি শংকৰদেৱৰ কবিতাৰ মাজলৈ যাওঁ, তেন্তে আমি দেখোঁ তেওঁ সমস্ত কবিতাৰাজি কাব্যিক সৌন্দৰ্যৰে পৰিপূৰ্ণ। কীৰ্তন ঘোষা হ’ল আখ্যানমূলক ভক্তি কাব্য। প্ৰত্যেক আখ্যানতে তেওঁ শ্ৰীকৃষ্ণৰ অপাৰ্থিৱ মহিমাৰ বৰ্ণনা দি ভক্ত শ্ৰোতা সকলক অনাবিল আনন্দ প্ৰদান কৰিছে। হৰমোহন, শ্যামন্ত হৰণ আদিত কথাষাৰ অধিক প্ৰযোজ্য। শংকৰী যুগৰ অন্যান্য কবি সকলৰ ভিতৰত মাধৱদেৱ , ৰামসৰস্বতী, অনন্ত কন্দলী সাৰ্বভৌম ভট্টাচাৰ্য, শ্ৰীধৰ কন্দলী , ৰত্নাকৰ কন্দলী আদিৰ নাম উল্লেখযোগ্য। বিভিন্ন কাব্যপুথিৰে তেওঁলোকে যুগটোক সমৃদ্ধ কৰিছে। ৰহস্যবাদী কবিতাৰ মৃদু আনন্দ প্ৰদান কৰাত মাধৱদেৱৰ নামঘোষা কিমান সফল সেই কথা দোহাৰিবৰ আৱশ্যক নাই। শংকৰী যুগৰ কবিতা তথা সাহিত্যৰ বৈশিষ্ট্যসমূহ বিচাৰ কৰি এই যুগৰ সাহিত্য সন্দৰ্ভত আমি কিছুমান সিদ্ধান্তত উপনীত হ’ব পাৰোঁ ।
চয়নিকা-

মূলত: সাহিত্যৰাজি আছিল বৈষ্ণৱ ভাৱাদৰ্শ প্ৰকাশক। অৰ্থাৎ উদ্দেশ্যধৰ্মী।সমাজৰ বিভিন্ন দিশতকৈ ধৰ্মীয় দিশটোৱে সাহিত্যত অধিক প্ৰাধান্য লাভ কৰিছিল।
জ্যোতিষ্মান-

শংকৰী যুগৰ আলোচনা পাঁচালী কবি সকলৰ কবিতাৰ আলোচনা অবিহনে অসম্পূৰ্ণ। পাঁচালী কবিসকলে শংকৰী যুগৰ সময়ছোৱাতো বৈষ্ণব ভাৱাদৰ্শৰ দ্বাৰা প্ৰভাৱিত নোহোৱা এটা সাহিত্যিক ধাৰাৰ জন্ম দিছিল।
চয়নিকা-

পাঁচালী কবি বুলিলে আমি পিতাম্বৰ, দূৰ্গাবৰ, মনকৰ আৰু সুকবি নাৰায়ণদেৱক বুজো।
প্ৰাণকৃষ্ণ-

পাঁচালী সাহিত্যৰ দুটাভাগ দেখা যায় এটা ভাগত মনসা দেৱীৰ মাহাত্ম্য আৰু আনটো ভাগত ৰামায়ণ মহাভাৰত আদিৰ কাহিনী প্ৰকাশ হৈছে।
চয়নিকা-

এটা কথা উল্লেখ কৰা প্ৰয়োজন যে শংকৰ মাধৱৰ পিছৰ সময়য়ছোৱাত অসমীয়া কবিতাৰ জ্যোতি বহু পৰিমাণে স্তিমিত হৈ পৰা পৰিলক্ষিত হয়।
জ্যোতিষ্মান-

ইয়াৰ কাৰণ আছিল মৌলিক সৃষ্টিৰ অভাৱ আৰু শংকৰদেৱক অনুকৰণ তথা অনুকৰণ। সেয়েহে আমি আজি মত পোষণ কৰিছো যে শংকৰ মাধৱৰ পাছৰ সময়ছোৱাত অসমীয়া কবিতাৰ জ্যোতি বহু পৰিমাণে ম্লান হৈছে। এই প্ৰসংগক ভিত্তি কৰি শংকৰোত্তৰ যুগৰ কবিতাৰ সন্দৰ্ভত ক'বলৈ মই চয়নিকা বৰাক অনুৰোধ জনালোঁ।
চয়নিকা-

- শংকৰ মাধৱৰ পাছত বিশেষ প্ৰতিভাৱান আৰু একনিষ্ঠ কবি নথকাৰ বাবে দুই এখন ভাল কাব্য পোৱা গৈছে যদিও কবিতাৰ ইতিহাসত এই সময়খিনি বিশেষ সৌন্দৰ্যপূৰ্ণ বুলি অভিহিত কৰিব নোৱাৰি।শংকৰোত্তৰ যুগ বুলিলে সপ্তদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ প্ৰথম চতুৰ্থাংশলৈকে ধৰা হয়। এই যুগৰ কাব্য চৰ্চাৰ প্ৰধান অৱলম্বন আছিল ঘাইকৈ সত্ৰসমূহ। লগতে আছিল ৰাজকীয় পৃষ্ঠপোষকতা আৰু উদগনি। এই সময়ছোৱাৰ কবিসকলে শংকৰদেৱৰ সাহিত্যিক আদৰ্শকে সাৰোগত কৰি কাব্যচৰ্চ্চা কৰিছিল। সেয়েহে বিশেষ নতুনত্বৰ নিদৰ্শন এই সময়ছোৱাৰ কবিতাত অনুপস্থিত। কবিসকলৰ ভিতৰত গোপল মিশ্ৰ , গোপীনাথ পাঠক, কবিৰাজ চক্ৰৱৰ্তী, দ্বিজৰাম আদি অন্যতম।
জ্যোতিষ্মান-

এই যুগতে আদি ৰসাত্মক প্ৰণয় কাব্য ৰচনা হোৱাটো গুৰুত্বপূৰ্ণ পৰিঘটনা। লগতে শাক্ত আৰু শৈৱ সাহিত্যৰ পাদুৰ্ভাৱ উল্লেখযোগ্য কৃতি। এইক্ষেত্ৰত আনন্দ লহৰী আৰু মাৰ্কণ্ডেয় চণ্ডীৰ নাম উল্লেখযোগ্য। ইতিমধ্যে আমি অসমীয়া কবিতাৰ ইতিহাসৰ মধ্যযুগটোৰ সন্দৰ্ভত সংক্ষিপ্তভাৱে আলোচনা কৰিছোঁ। এতিয়া আমি আধুনিক যুগটোৰ প্ৰেক্ষাপটলৈ যাব খুজিছোঁ।
চয়নিকা-

অসমীয়া কবিতাত আধুনিক যুগৰ সূচনাত ইউৰোপীয় কাব্য দৰ্শনৰ প্ৰভাৱক আমি স্বীকাৰ কৰিব লাগিব। সি যি কি নহওক, আধুনিক যুগটোক আমি চাৰিটা স্তৰত বিভক্ত কৰিব পাৰোঁ। ১৮২৬ চনৰ পৰা ১৮৮৮ চন পৰ্যন্ত সময়ছোৱাক অসমীয়া কবিতাৰ প্ৰাক- ৰোমাণ্টিক স্তৰ বুলি অভিহিত কৰিব পাৰি। অসমীয়া কবিতাৰ গতিপথৰ ইতিহাস বিচিত্ৰ। নানা পৰিস্থিতি, পৰম্পৰা আৰু প্ৰভাৱৰ ফলত এই গতিপথে ৰূপ লৈছে। প্ৰাক ৰোমাণ্টিক স্তৰৰ অসমীয়া কবিতাত অমিত্ৰাক্ষৰ ছন্দৰ প্ৰয়োগ, গীতি কবিতাৰ উন্মেষ ইত্যাদি আছিল উল্লেখযোগ্য বৈশিষ্ট্য। লগতে দেশাত্মবোধক কবিতাৰ এটা বলিষ্ঠ যাত্ৰাৰ সূচনা হৈছিল। সংখ্যাত বৰ সৰহ নহলেও প্ৰাক ৰোমাণ্টিক স্তৰত কেইবাজনো প্ৰসিদ্ধ কবি জন্ম হয়।
জ্যোতিষ্মান-

সেইসকলৰ ভিতৰত ৰমাকান্ত চৌধুৰী, ভোলানাথ দাস, কমলাকান্ত ভট্টাচাৰ্য, ৰত্নেশ্বৰ মহন্ত আদিৰ নাম উল্লেখযোগ্য। প্ৰাক ৰোমান্টিক স্তৰ বুলি কওঁতে যদিও আমি পৰোক্ষভাৱে এইসময়ছোবাৰ কবিতাৰ ৰোমাণ্টিকতাৰ উপস্থিতিক অস্বীকাৰ কৰিছোঁ কিন্তু ই সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয়। ভোলানাথ দাসৰ মেঘ কবিতাটোত যি ৰোমাণ্টিক আবেদন, প্ৰকৃতি প্ৰীতি পৰিলক্ষিত হৈছে সি কোনোগুণে ৰঘূনাথ চৌধাৰীৰ কবিতাতকৈ কম নহয়।
চয়নিকা-

নিশ্চয়। আচলতে এই সময়ছোৱাক আমি ৰোমাণ্টিকতাৰ উকমুকনিৰ সময় বুলি অভিহিত কৰিব পাৰোঁ। এই সময়ছোৱাতে অৰুণোদয় প্ৰকাশ হৈছিল যদিও অৰুণোদয়ৰ কবিতাত প্ৰাণৰ অভাৱ সুস্পষ্ট । ক্ষীণকৈ এই সময়ত বংগীয় আৰু পাশ্চাত্য সাহিত্যৰ প্ৰভাৱ পৰিছিল।
জ্যোতিষ্মান-

সি যি কি নহওক, পৰৱৰ্তী সময়ৰ ৰোমাণ্টিক যুগে অসমীয়া কাব্য সাহিত্যলৈ এক নতুন জোৱাৰ আনিছিল।পাশ্বাত্যৰ কাব্য দৰ্শনৰ দ্বাৰা এই যুগটো প্ৰভাৱিত হৈছে। সেই সন্দৰ্ভত প্ৰানকৃষ্ণব ৰগোহাঞিয়ে ক'ব।
প্ৰাণকৃষ্ণ-

- হয়,ইতিহাসৰ আবৰ্তন বিৱৰ্তনৰ মাজেদি সাহিত্যই ন আংগিক ন কলাকৌশলেৰে ন সাহিত্যিক ৰূপ লৈ সৃষ্টিকৰে একোটা নতুন যুগ। সভ্যতাৰ স্তৰ পৰিৱৰ্তনৰ লগে লগে সাহিত্যৰো ভাৱগত আৰু প্ৰকাশগত ভংগী পৰিৱৰ্তন ঘটে। উনবিংশ শতিকাত ইউৰোপীয় সভ্যতা সংস্কৃতি সাহিত্যৰ লগত সম্বন্ধ স্থাপিত হোৱা অসমীয়া সাহিত্যত, বিশেষকৈ কবিতাত এক আমূল পৰিৱৰ্তনৰ সূচনা হ'ল। এক নতুন আয়তন আৰু পূৰ্বে অনাস্বাদিত স্বাদ অসমীয়া কবিতালৈ আহিল। আমি সকলোৱে জানো এই ক্ষেত্ৰত জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অৱদান বিশেষভাৱে আছে। ওৱৰ্ডওৱৰ্থ আৰু কলেৰিজৰ যৌথ প্ৰচেষ্টাত প্ৰকাশ পোৱা লিৰিকেল বেলাডছ ৰ যোগেদি ইংৰাজী সাহিত্যত ৰোমাণ্টিক ধাৰাৰ সৃষ্টি হোৱাৰ দৰে অসমীয়া সাহিত্যত জোনাকীৰ জন্ম অসমীয়া ৰোমাণ্টিক প্ৰৱাহৰ ধাৰক।
চয়নিকা-

এই সময়ছোৱাৰ কবিতাত প্ৰকৃতিৰ প্ৰেম, স্বদেশ প্ৰেম, অতীত প্ৰীতি, কল্পনা বিলাস বিশেষ পৰিলক্ষিত হয় ।লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, মফিচুদ্দিন আহমদ হাজৰিকা, পদ্মনাথ গোহাঞি বৰুৱা আদিৰ কবিতাই জোনাকী যুগৰ অসমীয়া কবিতাক সমৃদ্ধ কৰে। উত্তৰ জোনাকী যুগত অসমীয়া কবিতাত ৰোমাণ্টিক চেতনাৰ যি বীজ ইতিমধ্যে ৰোপিত হৈছিল, সি পল্লৱীত হৈ উঠিল, প্ৰকৃতি প্ৰীতি, ৰহস্যবাদ, অতীত বুৰঞ্জীৰ প্ৰতি সন্মোহন আদি ভাৱে বিস্তাৰ ঘটিল। কবিতাৰ ছন্দ প্ৰয়োগো বৈশিষ্ট্য পূৰ্ণ ৰূপত দুই এজনৰ কবিতাত ধৰা পৰে। কাব্য গ্ৰন্থ ৰচনাৰ প্ৰৱণতাও আগতকৈ বৃদ্ধি পায়।
জ্যোতিষ্মান-

উল্লেখ কৰা নামবোৰৰ লগত আৰু কেইটামান নাম সংযোজন কৰিব লাগিব। যেনে-চন্দ্ৰধৰ বৰুৱা, হিতেশ্বৰ বৰবৰুৱা, ৰঘূনাথ চৌধাৰী, অম্বিকাগিৰী ৰায়চৌধুৰী , দূৰ্গেশ্বৰ শৰ্মা আদিৰ কবিতাই উত্তৰ জোনাকী যুগক এক নতুন মাত্ৰা প্ৰদান কৰে।
চয়নিকা-

এই সময়ছোৱাত আলোচনীবোৰ এক বিশেষ ভূমিকা লৈছিল।
জ্যোতিষ্মান-

বাঁহী আৰু তাৰ সমসাময়িক কিছুসংখ্যক আলোচনীয়ে এচাম তৰুণ কবিক আগবঢ়াই আনিছিল। এইক্ষেত্ৰত যতীন্দ্ৰ নাথ দুৱৰা, সূৰ্যকুমাৰ ভূঞা, পদ্মধৰ চলিহা, নীলমণি ফুকন, শৈলধৰ ৰাজখোৱা, ধৰ্মেশ্বৰী দেৱী বৰুৱানী, নলিনী বালা দেৱী আৰু পৰৱৰ্তী পৰ্যায়ৰ অতুলচন্দ্ৰ হাজৰিকা, বিনন্দ চন্দ্ৰ বৰুৱা, আদিৰ নাম উল্লেখযোগ্য। চন্দ্ৰকুমাৰ আগৰৱালাৰ বনকুঁৱৰীৰ জৰিয়তে আৰম্ভ হয় অসমীয়া ৰোমাণ্টিক কবিতাৰ জয়যাত্ৰা। ৰোমাণ্টিক কবিতাৰ ধাৰাটো প্ৰথমে কোবাল ৰূপত আহি পাছত বহু ধাৰাত বিভক্ত হৈ পৰিল।১৯৪০ দশক পৰ্যন্ত এই যুগৰ আভাস কবিতাত পৰিলক্ষিত হৈছিল যদিও পাছলৈ ই স্থবিৰ হৈ পৰিছিল।
চয়নিকা-

এই প্ৰসংগত মই সত্যেন্দ্ৰনাথ শৰ্মাৰ এষাৰ কথা উল্লেখ কৰাৰ প্ৰয়োজনবোধ কৰিছো।তেখেতে কৈছিল যে- ১৯৩০-৪০ এই কালছোৱা অনুৰ্বৰ আৰু ১৯৪০-৪৭ চনলৈকে এইছোৱা সময়ক বন্ধ্যা যুগ বুলিব পাৰি। ১৯৩৯ চনত অহা বিশ্বযুদ্ধই অসমত এক ৰাজনৈতিক অস্থিৰতা,অৰ্থনৈতিক বিপৰ্যয়ৰ সূচনা কৰি সাহিত্যৰ ক্ষেত্ৰখনকো প্ৰভাৱিত কৰিছিল।
জ্যোতিষ্মান-

১৯৪০-৫০ দশকটোত উল্লেখযোগ্য নিৰ্মান কম হলেও ইতিপূৰ্বে যিসকলে অসমীয়া কবিতাৰ জগতলৈ অৰিহণা যোগাইছিল সেইসকলৰ ভিতৰত কেইবাজনেও কবিতাৰ চৰ্চা এই জটিল সন্ধিক্ষণতো অব্যাহত ৰাখিছিল।মিত্ৰশক্তিৰ সমৰ-সজ্জা,আনহাতে বিয়াল্লিচ্ছৰ বিপ্লৱ-এই দুটা পৰিঘটনাৰ প্ৰেক্ষাপটতত এহাতে যেনেকৈ আৰ্থ সামাজিক দিশত মধ্যবিত্তৰ জীৱন সংকটাপন্ন,অস্থিৰ আৰু ভীতিগ্ৰস্ত হৈছিল,সাংস্কৃতিক জগতখনো দিকভান্ত্ৰ হৈছিল।এই সময়ত ঘাইকৈ জ্যোতিপ্ৰসাদৰ কবিতাত সাম্ৰাজ্যবাদীৰ নিৰ্মমতাৰ বিৰুদ্ধে প্ৰতিবাদ ধ্বনিত হয়।অৱক্ষয় থাকিলেও কবিতাৰ মৃত্যু নাই। এই কথা প্ৰমাণ কৰিলে জয়ন্তীয়ে।
চয়নিকা-

জয়ন্তী আলোচনীৰ ভূমিকা আছিল প্ৰগতিশীল আৰু যুদ্ধোত্তৰ যুগৰ কবিতাত বাস্তৱবাদে ঠাই পাইছিল।
প্ৰাণকৃষ্ণ-

সেয়ে পূৰ্বৰ ৰোমান্টিক ভাবাদৰ্শ ইয়াৰ বলিষ্ঠ প্ৰতিবাদ স্বৰূপ হৈ পৰিল। কোনো কোনোৱে এলিয়টী নৈৰ্ব্যক্তিকতাকো আদৰণি জনালে।এই সময়ছোৱাত অসমীয়া কবিতাত এহাতে মাৰ্ক্সীয় বিশ্ববীক্ষা আৰু সম্পূৰ্ণ এলিয়টী নহলেও এটি বুদ্ধিজাত সংশয় বেদনাৰ ইংগিত দেখা গৈছিল।পৰৱৰ্তী সময়ৰ ৰামধেনু যুগত তাৰ বিস্তৃতি অনুভৱ কৰিব পাৰি।জয়ন্তীৰ এই ভূমিকা নিসন্দেহে প্ৰশংসনীয় কিয়নো অসমৰ সংস্কৃতিয়ে যি পৰিবৰ্তন বিচাৰিছিল তাৰেই প্ৰতিভূৰূপে জয়ন্তীয়ে অসমীয়া কবিতাৰ দিক-পৰিবৰ্তনত অৰিহণা যোগালে।যুদ্ধোত্তৰ যুগৰ এই সময়ছোৱাতে অসমীয়া কবিতাত আধুনিকতাৰ বীজ ৰোপিত হ’ল।আধুনিক জীৱনৰ সংশয়-বেদনা,গ্ৰাম্য জীৱনতকৈ নগৰীয়া জিৱনৰ দৈন্য,ধৰ্ম-প্ৰেম আদি প্ৰমূল্যত সংশয়,ক্লান্তিবোধ,মননশীলতা,বিশ্বৰ বিভিন্ন সাহিত্যিক ঐশ্বৰ্যৰ সতে পৰিচয়ৰ আকাংক্ষা আৰু লগতে আংগিকৰ ক্ষেত্ৰত কবি-প্ৰসিদ্ধি বৰ্জন এই নতুন ধাৰাৰ কবিতাৰ বৈশিষ্ট হৈ পৰিল।দুই একে ফ্ৰয়েডীয় মনস্তত্বকো আশ্ৰয় কৰি ললে।মূলত: আত্মকেন্দ্ৰিক এই ধাৰাৰ বিপৰীতে সমাজ-সচেতন ধাৰা এটাও চলি থাকিল যাৰ মূল হ;ল মাক্সীয় দ্বান্দ্বিক বস্তুবাদ।
জ্যোতিষ্মান-

- যুদ্ধোত্তৰ যুগৰ সময়ছোৱাত অসমীয়া আধুনিক কবিতাৰ সৃষ্টিৰ অন্তৰালৰ প্ৰেৰণা,কবিতাৰ নতুন ধাৰাৰ স্বৰূপ,প্ৰকৃতি সন্দৰ্ভত খুউব স্পষ্টভাৱে এক ধাৰণা লাভ কৰিছোঁ।ৰোমাণ্টিক কবিতা আৰু আধুনিক কবিতাৰ মাজত যোগসূত্ৰ স্থাপন কৰা কবিজন হ’ল নিঃসন্দেহে দোমোজাৰ কবি দেৱকান্ত বৰুৱা। তেখেতৰ কবিতাত যি নাটকীয় স্বৰ্গতোক্তি অসমীয়া কবিতাৰ এটা ব্যতিক্ৰম এটা প্ৰকাশভংগী আছে। যদিও আমি দেৱকান্ত বৰুৱাকে আমি প্ৰথম অসমীয়া আধুনিক কবি বুলি অভিহিত কৰোঁ কিন্তু বলিষ্ঠ ৰূপত অসমীয়া কবিতাৰ আধুনিক যুগৰ সূচনা হৈছিল হেম বৰুবা , নৱকান্ত বৰুৱা , অমূল্য বৰুৱা, ভবানন্দ দত্ত আদি কবি সকলৰ কবিতাৰ মাজেদি।
চয়নিকা-

জীৱনৰ গোপন গহবৰত প্ৰৱেশ কৰি জীৱনৰ মোহময় সত্যৰ অনুসন্ধানৰ দিশত বাটকটীয়া কবি হেম বৰুৱা । হেম বৰুৱাৰ কবিতাত জীৱনৰ এক কৰুণতম সত্য অনুভূত হয়। “ঘোলা কণীৰে সেকা / অমলেটৰ দৰে / ৰদে পোৰা নগ্ন এই পৃথিৱীৰ গোন্ধ । ( জীৱনৰ ৰং)
জ্যোতিষ্মান-

এলিয়টধৰ্মী আত্মকদৰ্থনাও হেম বৰুৱাৰ কবিতাত নোহোৱা নহয়। নাটকীয় ভংগীটো এলিয়টৰ প্ৰভাৱ পৰিলক্ষিত হয়। হেম বৰুৱাৰ কবিতাৰ জীৱনৰ মৰ্মন্তুদ উপলব্ধিৰ দৰেই নৱকান্ত বৰুৱাৰ কবিতাটো জীৱনৰ কৰুণতম সত্য উপলব্ধি হয়। "স্নায়ুৱে স্নায়ুৱে মোৰ বাজি উঠেকত মৰা সভ্যতাৰ / কংকালৰ হাড়ৰ / কড় ড়ৎ মৰি যোৱা শতাব্দীৰ দেহ / উঠি আহে / সময়ৰ কবৰৰ পৰা ( এন্ধাৰ ৰাতিৰ ইলিজি)
চয়নিকা-

প্ৰাচীন কালৰে পৰা ধৰ্ম আৰু ঈশ্বৰ বিশ্বাসে সমাজ পৰিচালিত কৰি আছিল, প্ৰকৃতাৰ্থত সমাজ কল্যাণৰ বাবে এজন নতুন ঈশ্বৰৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি নীলমণি ফুকনে ঘোষণা কৰিলে আজি মোক এটা ঈশ্বৰ লাগে। "আজি মোক এটা ঈশ্বৰ লাগে / ৰণৰক্ত ৰণাহুতৰ / ক্ষত বিক্ষত / আত্মাৰ সীমাহীন / নৈশনীল শূন্যতাৰ / শ্ৰান্তি আৰু যন্ত্ৰণাৰ বাবে / আজি মোক এটা ঈশ্বৰ লাগে"
জ্যোতিষ্মান-

নৱকান্ত বৰুৱাৰ কথা কওঁতে এটা কথা ক’ব লাগিব যে তেওঁৰ ‘হে অৰণ্য হে মহানগৰ’ কাব্যপুথিখনেই প্ৰথম অসমীয়া কবিতাপুথি।দেৱকান্ত বৰুৱাৰ আমি দুৱাৰ মুকলি কৰোঁ নামৰ কবিতাৰ দ্বাৰাই অসমীয়া কবিতাৰ আধুনিক যুগৰ দুৱাৰ মুকলি হৈছিল। সমসাময়িক অন্যান্য কবিৰ কবিতাটো আধুনিকতাবাদী চেতনা প্ৰৱাহ পৰিলক্ষিত হয়। চয়নিকা - নিশ্চিতভাৱে প্ৰচলিত কবিতাৰ ধাৰাটোৱে এটা আমূল পৰিৱৰ্তনৰ সূচনা কৰি যি আধুনিকতাৰ উন্মেষ ঘটিছিলে সেই আধুনিক চেতনাই পৰৱৰ্তী সময়ছোৱাত অধিক বিস্তাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। কিছুসংখ্যক কবিয়ে কবিতাৰ জগতখনত একো একোটা পৃথক ধাৰাৰ সৃষ্টি কৰিছিল। কিছুসংখ্যকে আৰম্ভ কৰিছিল নতুন পৰীক্ষা সম্পৰীক্ষা, যি অসমীয়া সাম্প্ৰতিক যুগৰ কবিতাক সমৃদ্ধ কৰিছে। যোৱা শতিকাৰ চল্লিছৰ দশকৰ পৰা কাব্য চৰ্চা কৰি অহা নৱকান্ত বৰুৱাৰ স্বীকৃতি এজন অগ্ৰণি আধুনিক কবি হিচাপে সময়ৰ কষটি শিলত সংশয়াতীত ।
জ্যোতিষ্মান-

সাম্প্ৰতিক কবিসকলৰ ভিতৰত হীৰেণ ভট্টাচাৰ্যৰ প্ৰথমে ল’ব লাগিব।তেওঁ কবিতাক মানুহৰ মাজলৈ লৈ গৈছিল। জনপ্ৰিয় কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতা মানুহৰ প্ৰতি গভীৰ প্ৰেমেৰে আৰ্দ্ৰ।
চয়নিকা-

হীৰেণ ভট্টাচাৰ্যৰ কবিতাসমূহত থকা প্ৰত্যয় উত্তৰ পুৰুষৰ বাবেও প্ৰেৰণাদায়ক। সেয়া প্ৰকাশ পাইছে ব্যক্তি নিষ্ঠতাৰে।
জ্যোতিষ্মান-

যেনে-আহি আছে মোৰ ইন্তেকাল/ সামধিত নিদিবা ফুলৰ মালা, নাসাজিবা স্মৃতি সৌধ / মাথোঁ ফলকত লিখি থবা ইয়াত শুই আছে এটি সত্তা / যাৰ দুখৰ ভাটিয়ালীত মিলি যাব খুজিছিল / পৃথিৱীৰ সহস্ৰ চকুলো । ( উত্তৰ পুৰুষলৈ)
চয়নিকা-

সাম্প্ৰতিক কালৰ অন্য এগৰাকী কবি কেশৱ মহন্তৰ কবিতাসমূহত আমি দেখা পাওঁ সমাজ বাস্তৱতাক আন্তৰিকতাৰে উপলব্ধি কৰাৰ আভাস, পুৰা কাহিনী, লোক কাহিনী আদিৰে বৰ্তমানৰ অশান্তজৰ্জৰ হিংস্ৰ বাস্তৱতাক তুলি ধৰাৰ প্ৰয়াস।
প্ৰাণকৃষ্ণ-

আধুনিক অসমীয়া কবিতাক সমৃদ্ধ কৰা বিভিন্ন উপাদানসমূহৰ ভিতৰত চিত্ৰ কল্পবাদ, প্ৰতীকবাদ, আংগিকৰ নতুনত্ব উল্লেখযোগ্য। এই উপাদানসমূহ অসমীয়া কবিতালৈ মূলত ইউৰোপীয় মূলৰ পৰা আহিছে আৰু ইউৰোপত এই চেতনাৰ উন্মেষ ঘটাইছিল এজৰা পাউণ্ডকে ধৰি বহু কেইগৰাকী সমসাময়িক পাশ্চাত্য কবি। আধুনিক যুগত এই সমূহ উপাদানৰ সফল প্ৰয়োগ হৈছে নৱকান্ত বৰুৱা,নীলমণি ফুকন, হীৰেণ ভট্টাচাৰ্য, ভৱেন বৰুৱা আদিৰ কবিতাত।
চয়নিকা-

সাম্প্ৰতিক কালৰ আন এগৰাকী জনপ্ৰিয় কবি অনন্ত তাঁতীৰ কবিতাত প্ৰেমতৃষ্ণা আৰু জীৱনৰ ক্ষুধা একাকাৰ হৈ পৰিছে। ই ৰোমণ্টিক প্ৰেম আৰু ৰোমাণ্টিক বিষাদবোধৰ আধুনিক বুদ্ধিনিষ্ঠ ৰূপ। সাম্প্ৰতিক কালৰ আন এগৰাকী কবি সমীৰ তাঁতিৰ কবিতাটো একেই সুৰ প্ৰতিফলিত হৈছে। সাম্প্ৰতিক যুগৰ এগৰাকী সাৰ্থক কবি জীৱন নৰহৰ কবিতা মানেই যেন এক সুৰ, জীৱন নহৰ কবিতাত মানুহৰ আনুভূতিক জীৱন এটাই যেন সুৰ হৈ বিয়পি পৰে আৰু কবিতা হৈ ধৰা দিয়ে।
জ্যোতিষ্মান-

সম্প্ৰতি জনপ্ৰিয়তাৰ শিখৰত উঠা কবি অনুপমা বসুমতাৰী,গংগামোহন মিলি,জ্যোতিৰেখা হাজৰিকাৰ কবিতাত সাম্প্ৰতিক কালৰ আচহুৱা দণ্ড আৰু বহুধৰণৰ সমস্যা কাব্যময় ৰূপত প্ৰকাশ কৰিবলৈ সক্ষম হয়।
চয়নিকা-

তৰুণ প্ৰজন্মৰ শক্তিশালী কবি সমীৰ তাঁতী বিষয় আৰু আংগিক নতুনকৈ চোৱাৰ ক্ষেত্ৰত সপ্ৰতীভ।সকলো প্ৰকাৰৰ শোষণ নিষ্পেষণৰ প্ৰতি প্ৰতিবাদ সমীৰ তাঁতীৰ কবি সত্বাৰ সৈতে নিবিড় ভাৱে যুক্ত হৈ আছে তাৰ উদাহৰণ আমি পাও কথোপকথন কবিতাটিত: ভোকত কাতৰ শব্দ,/ অত্যাচাৰৰ পংগু শব্দ,/ যন্ত্ৰণাত যথৰ শব্দ,/ কাঠগৰাত থিয় হোৱা শব্দ,/ সন্ত্ৰাসত বোবা শব্দ,নিৰ্বাসিত শব্দবোৰে মাতি আছে।
জ্যোতিষ্মান-

আবেগক বোধলৈ ৰূপান্তৰিত কৰি তৰুণ প্ৰজন্মৰ শীৰ্ষস্থানীয় কবি অনুভৱ তুলসীয়ে অসমীয়া আধুনিকতাবাদী কবিতাক এক অন্য মাত্ৰা প্ৰদান কৰিছে ।
চয়নিকা-

সময় দূৰত্ব আুৰু মনৰ কেতবোৰ অভিব্যক্তি অনুভব তুলসীয়ে কিছু কবিতাত সীমিত শব্দৰে প্ৰকাশ কৰিছে ।প্ৰকৃতিৰ এটি অনুষংগ,পানীকাউৰীৰ সম্বোধনত আধুনিক জীৱনৰ কেতবোৰ দিশ উন্মোচিত হৈছে।
জ্যোতিষ্মান-

অভিনৱ বিষয়বস্তু আৰু ৰূপকীয় ভাষাই তিনিটা দশকজুৰি অসমীয়া কবিতাত সমৃদ্ধ কৰিছে বিশিষ্ট কবিু নীলিম কুমাৰে।
চয়নিকা-

নীলিম কুমাৰৰ কবিতাত অতীত ৰূপায়িত হয় মানুহৰ অসীম শূণ্যতা হিচাপে,কেতবোৰ কাৰুণ্যজনিত ঘটনা অন্তৰ্দৃষ্টিৰে মেদ হীন ভাষাৰে গাঠি দি কবিতাক প্ৰদান কৰে বহুমাত্ৰিকতা । এই ক্ষেত্ৰত তেওঁৰ জেকেট,প্ৰত্নতাত্ত্বিক,বতাহ,ৰ'দ,নৰকাসুৰ আদি কবিতা উল্লেখযোগ্য আদি।
জ্যোতিষ্মান-

ইয়াৰ পাছতে তৰুণ কবি সকলৰ মাজৰ অন্যতম প্ৰতিশ্ৰুতিসম্পন্ন কবি মেগন কছাৰী,বিজয় শংকৰ বৰ্মণ,সৌৰভ শইকীয়া আদিয়ে সাম্প্ৰতিক অসমীয়া কবিতাক এক নতুন মাত্ৰা প্ৰদান কৰিছে।
চয়নিকা-

অসমীয়া সাম্প্ৰতিক কবিতাত এক ব্যতিক্ৰম পৰীক্ষা নীৰিক্ষাৰ দৃষ্টান্ত যুৱ কবি প্ৰণৱ কুমাৰ বৰ্মণ, উজ্জ্বল পাওগাম আদিৰ কবিতাত দেখা যায়।আধুনিক অসমীয়া কবিতা দূৰ্বোধ্য বুলি যিটো অভিযোগ সততে শুনাযায় সেইসম্পৰ্কত আপোনালোকৰ অভিমত কি?
প্ৰাণকৃষ্ণ-

মনত ৰাখিবলগীয়া কথাটো হল আধুনিকতা আৰু দুৰ্বোধ্যতা সলনাসলনিকৈ ব্যৱহাৰ কৰিব পৰা শব্দ নহয়। প্ৰেমৰ আধুনিকতাৰ পৰাহে দুৰ্বোধ্যতাৰ জন্ম বুলি আৰু সকলো দুৰ্বোধ্যতাৰ বাবে কবিতাৰ আধুনিক গুণাগুণেই জগৰীয়া বুলি ধৰিল ল'লে ভুল হ'ব।
চয়নিকা-

কবিতাৰ সৈতে জীৱনৰ আৰু পঢ়ুৱৈৰ মানসিক আৰু সামাজিক কৰ্মৰ বিসংযোগ দুৰ্বোধ্যতাৰ মূল কাৰণ।
জ্যোতিষ্মান-

আধুনিক জীৱন কৃষ্টিৰ যিহেতু এটা বিচ্ছিন্ন আধুনিক মানসিকতা সেই মানসিকতাৰ প্ৰেৰণাত জন্মা কবিতা দুৰ্বোধ্য হোৱাটো আচৰিত কথা নহয়। বিভিন্ন কাৰণত দুৰ্ভাগ্যজনক ভাৱে অসমীয়া কবিতাৰ সৈতে সাক্ষৰ লোকৰ সংখ্যাও কমি আহিছে। পঢ়ুৱৈৰ অনুনশীলিত আৰু অমনোযোগী দৃষ্টিৰ অস্বচ্ছতাই কবিতাক দুৰ্বোধ্য কৰি তুলিছে বুলি কলেও ভুল নহ'ব। চয়নিকা—মুঠ কথাত,অসমীয়া কবিতাৰ এটা এহেজাৰ বছৰীয়া দীৰ্ঘ পৰিক্ৰমা আছে, এই পৰিক্ৰমাত বিভিন্ন সময়ত কবিতাই বিভিন্ন ৰূপ লাভ কৰিছে।
জ্যোতিষ্মান-

অসমীয়া কবিতাৰ এই বিশাল ইতিহাসক ইমান কম সময়ৰ ভিতৰত আলোকপাত কৰাটো অসম্ভৱ। তথাপিও আমি আলোচনাৰ মাধ্যমেৰে অসমীয়া কবিতাৰ বিৱৰ্তনৰ ইতিহাসক থূলমূলকৈ দাঙি ধৰাৰ এক প্ৰয়াস কৰিলোঁ, আলোচনাৰ সফলতা শ্ৰোতাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু আলোচক হিচাপে থকা সকলোলৈকে ধন্যবাদ জ্ঞাপনেৰে অসমীয়া কবিতাৰ গতি বৈচিত্ৰ সম্পৰ্কীয় আমাৰ আলোচনা সামৰিছোঁ।


লেখক/লেখিকা/শিল্পী পৰিচিতি

অৰবিন্দ ৰজখোৱা : সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, নৰ্থ লখিমপুৰ মহাবিদ্যালয়

হেমন্ত শৰ্মা : সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, নৰ্থ লখিমপুৰ মহাবিদ্যালয়

পৰেশ খনিকৰ : ছাত্ৰ, নৰ্থ লখিমপুৰ মহাবিদ্যালয়

জ্যোতিষ্মান দাস : ছাত্ৰ, নৰ্থ লখিমপুৰ মহাবিদ্যালয়

সমুজ্জ্বল শইকীয়া : ছাত্ৰ, নৰ্থ লখিমপুৰ মহাবিদ্যালয়

দিবাকৰ দত্ত : ছাত্ৰ, নৰ্থ লখিমপুৰ মহাবিদ্যালয়

সংগীতা শইকীয়া : সদস্য, ইনফিনিটি চাইন্স ক্লাৱ,লখিমপুৰ

জুলি বৰা : ছাত্ৰী, জগন্নাথ বৰুৱা মহাবিদ্যালয়

সূৰজ দত্ত : ছাত্ৰ, নৰ্থ লখিমপুৰ মহাবিদ্যালয়

জ্যোতিমালা বৰা : ছাত্ৰী, নৰ্থ লখিমপুৰ মহাবিদ্যালয়

চয়নিকা বৰা : ছাত্ৰী, নৰ্থ লখিমপুৰ মহাবিদ্যালয়

ৰাণীমণি হাজৰিকা : ছাত্ৰী, নৰ্থ লখিমপুৰ মহাবিদ্যালয়

জিন্টু হাজৰিকা : ছাত্ৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়

লখিমী কলিতা : ছাত্ৰী, ঢকুৱাখনা মহাবিদ্যালয়

ৰাজদীক্ষিত গগৈ : ছাত্ৰ, নৰ্থ লখিমপুৰ মহাবিদ্যালয়

টিংকু শইকীয়া : ছাত্ৰ, সোৱনশিৰি মহাবিদ্যালয়

শিৱ প্ৰসাদ হাজৰিকা : প্ৰাক্তন ছাত্ৰ, নৰ্থ লখিমপুৰ মহাবিদ্যালয়

সঞ্জীৱ তালুকদাৰ : বৰপেটা, ফোন ৮৮৭৬৬৮৬৭৫৬

বিজু হাজং : ছাত্ৰ, নৰ্থ লখিমপুৰ মহাবিদ্যালয়

কেটন কৌশিক : ছাত্ৰ, ৰঞ্জিত শৰ্মা একাডেমী, মঙ্গলদৈ

মুনমী শইকীয়া : ছাত্ৰী, নৰ্থ লখিমপুৰ মহাবিদ্যালয়

অৰূপ কোঁৱৰ : নৰ্থ লখিমপুৰ

মণিকংকনা কোঁৱৰ : ছাত্ৰী, নৰ্থ লখিমপুৰ মহাবিদ্যালয়

অভিলাস দাস : ছাত্ৰ, জি আই এম টি তেজপুৰ

মানস প্ৰতিম দাস : ছাত্ৰ, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়

তুলিকা হাজৰিকা : ছাত্ৰী, নৰ্থ লখিমপুৰ মহাবিদ্যালয়


শিতানসমূহৰ বিষয়ে

গ্ৰন্থৰ খবৰ

গ্ৰন্থৰ খবৰ ‘আখৰ’ৰ এটা নিয়মীয়া শিতান । শিতানটোৰ জৰিয়তে আমি বিভিন্ন কিতাপৰ বিষয়ে আলোকপাত কৰাৰ প্ৰয়াস কৰিব খুজিছো। শিতানটোৱে ইয়াৰ আলোচনাৰ পৰিসীমাত অসমীয়া কিতাপৰ লগতে ভাৰতীয় সাহিত্য আৰু বিদেশী সাহিত্যৰ গুৰত্বপূ্ৰ্ণ কিতাপৰ আলোচনাকো সামৰি ল'ব। গ্ৰন্থ অনুৰাগী লেখক আৰু পাঠকসকলে তেওঁলোকে পঢ়া কিতাপসমূহৰ বিষয়ে এই শিতানলৈ প্ৰেৰণ কৰিব পাৰিব। আলোচনা/সমালোচনাসমূহ প্ৰকাশৰ উপযোগী হ'লে এই শিতানত প্ৰকাশ হ'ব।

চিত্ৰশিল্প

'চিত্ৰশিল্প' শীৰ্ষক এই শিতানটোৰ জৰিয়তে নতুন প্ৰজন্মৰ চিত্ৰশিল্পীসকলক এখন মঞ্চ প্ৰদান কৰাৰ চেষ্টা কৰা হৈছে। ইচ্ছুক শিল্পীসকলে তেওঁলোকৰ শিল্পকৰ্মসমূহ আমালৈ প্ৰেৰণ কৰিব পাৰিব। এইক্ষেত্ৰত কমেও দুখন ছবি পঠিয়াব লাগিব। ফ'টো আকাৰে প্ৰেৰণ কৰা ছবিও গ্ৰহণযোগ্য হ'ব।

ফটোগ্ৰাফী

ফটোগ্ৰাফী শিতানটোৰ মাধ্যমেৰে নতুন প্ৰজন্মৰ ফটোগ্ৰাফাৰসকলক এখন মঞ্চ ‘আখৰ’ৰ জৰিয়তে প্ৰদান কৰাৰ প্ৰয়াস কৰা হৈছে৷

অনুবীক্ষণ

অনুবীক্ষণ শিতানটোৰ জৰিয়তে আমি কিছুমান নিৰ্দিষ্ট বিষয়ক সূক্ষ্ম দৃষ্টিৰে পৰ্যালোচনা কৰাৰ প্ৰয়াস কৰিব খুজিছো৷ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ কিছুমান বিষয়বস্তুক উন্মোচিত কৰাটো শিতানটোৰ অন্য এক প্ৰধান উদেশ্য৷ সাধাৰণ কিন্ত গুৰুত্বপূৰ্ণ বিষয়সমূহক আলোচনাই সামৰি ল’ব৷ লেখক সকলে এনেধৰণৰ বিষয়ৰ লেখা শিতানটোলৈ প্ৰেৰণ কৰিব পাৰিব ৷

চলচ্চিত্ৰ

বোলছবি হ’ল ‘আখৰ’ৰ এটা নিয়মীয়া শিতান৷ শিতানটোত সদ্য মুক্তিপ্ৰাপ্ত বিভিন্ন চলচ্চিত্ৰ সমন্ধীয় পৰিচয়মূলক আলোচনা তথা বোলছবি জগতৰ সৈতে জড়িত বিভিন্ন খবৰ আৰু তথ্য অন্তভূক্ত কৰা হ’ব৷ আলোচনাৰ পৰিসৰে অসমীয়া বোলছবিৰ লগতে বলিউড, হলীউদ আদিৰ ছবিকো সামৰি ল’ব৷ লেখকসকলে বোলছবিৰ সৈতে জড়িত বিভিন্ন লেখা এই শিতানটোলৈ প্ৰেৰণ কৰিব পাৰিব ৷

  • এখন দেশৰ সামগ্ৰিক বিকাশৰ বাবে সংশ্লিষ্ট দেশখনৰ মানৱ সম্পদৰ উন্নয়নৰ প্ৰয়োজন। এখন উন্নয়নশীল দেশ হিচাপে ভাৰতবৰ্ষৰ বাবে মানৱ সম্পদৰ উন্নয়ন সাম্প্ৰতিক সময়ত এক প্ৰত্যাহ্বান।এই প্ৰত্যাহ্বানক অতিক্ৰম কৰি দেশখনৰ সামগ্ৰিক বিকাশ সম্ভৱপৰ কৰি তুলিবলৈ বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে যদিও দেশখনে এইক্ষেত্ৰত সফলতা লাভ কৰিবলৈ এতিয়াও বহুত বাকী।সি যি কি নহওক দেশ এখনৰ মানৱ সম্পদৰ...



  • এই সংখ্যাত আছেঃ

    অৰবিন্দ ৰাজখোৱাৰ গুৰুত্বপূৰ্ণ নিবন্ধ 'ৰঙালী বিহু আৰু ব্যৱসায়'/ পৰেশ খনিকৰৰ 'গোলকীকৰণৰ চাকনৈয়াত বিহু'/ ৰামধেনুৰ কবিতাৰ সূক্ষ্ম আলোকপাতেৰে হেমন্ত শৰ্মাৰ 'ৰামধেনুৰ কবিতাত প্ৰতিফলিত সমাজ চেতনা'/ জ্যোতিষ্মান দাসৰ 'নীলকণ্ঠী ব্ৰজ উপন্যাসৰ সমাজ সংস্কাৰমূলক চেতনা'/ সংগীতা শইকীয়া আৰু সুৰজ দত্তৰ বিজ্ঞান বিষয়ক প্ৰবন্ধৰ লগতে চাৰিটা গল্প আৰু দহটা কবিতা, দিবাকৰ দত্তৰ ব্যংগ আৰু নিয়মীয়া প্ৰতিটো শিতান৷

  • আপোনাৰ যদি ই-আলোচনীখন পঢ়াত নতুবা আখৰসমূহ দেখাত অসুবিধা হৈছে তেন্তে "কালপুৰুষ" ফণ্টতো ডাৱনল'ড কৰক৷

শিতানসমূহ