শেষ কলম

আকাশবাণী

-প্ৰতি সম্পাদক



সৰুতে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি ভাত খোৱাৰ পৰলৈকে যদি কিবা এটা বস্তু একেৰাহে আমাৰ লগত লাগিয়ে থাকে বুলি কবলৈ যাওঁ, নিশ্চয়কৈ তাৰ ভিতৰত ৰেডিঅ'ৰ নামটোও সংলগ্ন কৰিব লাগিব। আমাৰ অঞ্চলত গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ অনুষ্ঠানসমূহ সম্প্ৰচাৰিত হোৱাত অসুবিধা হৈছিল(দূৰত্বৰ বাবে) আৰু আমাৰ ৰাতিপুৱাবোৰ আৰম্ভ হৈছিল ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত ৰাতিপুৱাৰ অনুষ্ঠানসমূহৰ জৰিয়তে। আনকি সময় চাবলৈকো আমি ৰেডিঅ'ত কি অনুষ্ঠান চলি আছে, তাৰ জৰিয়তেই নিশ্চিত হৈছিলোঁ, ঘড়ী নোচোৱাকৈয়ে। বিভিন্নধৰণৰ অনুষ্ঠানসমুহৰ কেৱল মাতষাৰ শুনি শুনিয়ে আমি বুৰ গৈছিলো ভাৱসাগৰত, মনতে আঁকি লৈছিলোঁ এই ঘোষকজন বা ঘোষিকাগৰাকী দেখিবলৈ কেনেকুৱা হ'ব, জীৱনত এবাৰ হ'লেও লগ পালে কিমান ভাল লাগিব! ব্যক্তিগতভাৱে সৰুৰে পৰা মই ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰচাৰিত হোৱা লোহিত ডেকা পৰিচালিত আজিৰ দিনটো অনুষ্ঠানটো শুনি খুব ভাল পাইছিলো আৰু লোহিত ডেকাৰ কণ্ঠৰ যাদুৱে মোক সন্মোহিত ৰাখিছিল। তাৰোপৰি ধাৰাবাহিক নাট, যুৱবাণী, অকণিৰ মেলা,বিজ্ঞান জেউতি, সুৰৰ পানচৈ, আপোনাৰ গান আদি অনুষ্ঠানসমূহৰ কথা শ্ৰোতাৰ মাজত বিশেষ জনপ্ৰিয় আছিল। ২০০৪ চনত মই পঢ়া বিদ্যালয়খনৰ পৰা এটা দলে অকণিৰ মেলা অনুষ্ঠানটিত ভাগ লবলৈ সুবিধা পাইছিল, য'ত ময়ো এটি সৰু অংশ আছিলোঁ।

ঠিক কেইদিনমানৰ আগতে পুনৰ আকাশবাণী কেন্দ্ৰলৈ যোৱাৰ সুবিধা পাইছিলোঁ। আমাৰ মহাবিদ্যালয়ৰে জ্যোতিষ্মান দাস আৰু চয়নিকা বৰাৰ লগতে ময়ো যুৱবাণী অনুষ্ঠানৰ এটি আলোচনা চক্ৰৰ বাবে নিৰ্বাচিত হৈছিলোঁ। আলোচনাখনিৰ বিষয় আছিল "অসমীয়া কবিতাৰ গতি বৈচিত্ৰ্য" আৰু পৰিকল্পনা আছিল কেন্দ্ৰৰে বৰষা কোঁৱৰ বাইদেউ আৰু সহযোগত কৌস্তুভমণি নাথ দাদা। যাৱতীয় কাম কাজসমূহ ঠিক কৰি লৈ আমি ৰেকৰ্ডিঙৰ আগদিনাই ডিব্ৰুগড়লৈ ৰাওনা হৈছিলোঁ। নাইট চুপাৰত গৈ থাকোতে মনটো সাংঘাটিকধৰণেৰে ৰোমাঞ্চিত হৈ পৰিছিল, কি হব কি নহব এইবোৰ ভাবি ভাবি যেন শেষেই নহব। অৱশেষত ৰাতিপুৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ওচৰতে বাছৰ পৰা নামি, বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসতে কিছু জিৰণি লৈ আমি দিনটোৰ বাবে সাজু হ'লো। কৌস্তুভমণি দা আৰম্ভণিৰে পৰা আমাৰ গাইড তথা অভিভাৱকৰ দৰে অনবৰতে ছাঁৰ দৰে আছিল আৰু আমি যাতে অকণো কষ্ট অনুভৱ নকৰোঁ, তাৰ কাৰণে কাঢ়া নজৰ ৰাখিছিল। দিনৰ ১১ বজাত আমি তাত উপস্থিত হলোগৈ আৰু লগে লগেই আমাৰ ৰেকৰ্ডিং আৰম্ভ কৰা হ'ল। ৰেকৰ্ডিং আৰম্ভ কৰাৰ আগেয়ে বৰষা কোঁৱৰ বাইদেউ আহি আমাক স্বাগতম আৰু আমন্ত্ৰণ ৰক্ষা কৰাৰ কাৰণে ধন্যবাদ জনালে। প্ৰায় এঘণ্টামানৰ পাছতে আমাৰ ৰেকৰ্ডিং তথা অন্যান্য কামসমূহ(formalities) সম্পন্ন হ'ল। তাৰ মাজতে আমি লগ পালোঁ লোহিত ডেকা ছাৰ আৰু ৰূপজ্যোতি দুৱৰাক, যাৰ কণ্ঠ তথা উচ্চাৰণে আমাক সৰুৰে পৰাই আকৰ্ষিত কৰি আহিছিল।

লাহে লাহে বিভিন্ন কাৰণত ৰেডিঅ'ৰ জনপ্ৰিয়তা হ্ৰাস পাই আহিছে - মানুহে ৰেডিঅ' নুশুনা হ'ল বুলি এটা অভিযোগে গা কৰি উঠি আহিছে। বেলেগ বিভিন্নধৰণৰ মাধ্যমসমুহৰ প্ৰসাৰ ইয়াৰ মূল কাৰণ বুলি বিবেচনা কৰা হৈছে। অৱশ্য সময়ৰ লগে লগে ৰুচিবোধৰ যি দ্ৰুত সলনি, তাৰ কাৰণে আমি কাকো জগৰীয়া কৰিব নোৱাৰো-কৰিলেও কোনোপক্ষৰে লাভ লোকচান একো নহব। তদুপৰি আজিকালি মানুহৰ ব্যস্ততাৰ কাৰণেও যেন বহু পুৰণি অভ্যাস সলনি হৈছে, তেনেকুৱা কিবা কাৰণতে পুৰণি ৰেডিঅ'টোও হয়তু ধোঁৱাছাঙত উঠিছে- সেয়াও কিছু কিছু ক্ষেত্ৰত নুই কৰিব নোৱাৰি। কিন্তু তাৰ মাজতো আমি আশাৰ ৰেঙণি দেখিবলৈ পাইছিলোঁ। ৰেকৰ্ডিং শেষ কৰাৰ পাছতে আমি কিছুসময় তাতে বহি থাকোতে কেন্দ্ৰৰ লেণ্ডফোনটোত বাৰে বাৰে ফোন আহিছিল অনুষ্ঠান আকৌ কেতিয়াৰ পৰা সম্প্ৰচাৰিত হ'ব; কাৰণ কাৰিকৰী বিজুতিৰ বাবে কেইদিনমান সম্প্ৰচাৰণ বন্ধ হৈ আছিল। ফোনকলকেইটাই সকলোকে উৎসাহিত কৰা দেখা গৈছিল আৰু আমিও ৰেডিঅ' শুনা নুশুনাক লৈ থকা আমাৰ কিছুমান ধাৰণা সলনি কৰি লৈছিলোঁ।

শিতান সমূহ