ব্যংগ



অতীত কালৰে পৰা মানুহৰ মাজত ভাত্বত্ববোধৰ মনোভাব সৃষ্টি কৰাত এক অনবদ্য অৱদান আগবঢ়াই আহিছে। আজিৰ যুগত বিশেষকৈ অসমত মাদক দ্ৰব্য সেৱন নকৰা লোক এপাচি শাকত এটা জালুকৰ দৰে। এয়া সচাকৈয়ে গৌৰৱৰ বিষয়। ইয়াৰ কাৰণে আজি অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চল কেন্সাৰকে ধৰি নানান দূৰাৰোগ্য ৰোগৰ ৰোগীৰে ভৰি পৰিছে। বৰ্তমান সময়ত যিসকল লোকে মাদক দ্ৰব্য সেৱন নকৰে(পুৰুষৰ ক্ষেত্ৰত) তেওঁলোকক পুৰুষৰ শাৰীত ধৰাই নহয় আৰু তেওঁলোকৰ বন্ধু বান্ধৱীৰ সংখ্যাও কম। সেয়েহে আজিৰ সময়ত এই সমস্যাৰ প্ৰতি দৃষ্টি ৰাখি দেশৰ ভৱিষ্যৎ যুৱপ্ৰজন্মই বিপুল মাত্ৰাত যমপুৰীৰ চৰ্টকাৰ্ট স্বৰূপ মাদক দ্ৰব্য সেৱন কৰি নিজৰ পুৰুষত্ব প্ৰমান কৰিব বিচাৰে। এতিয়া মূল কথালৈ অহা যাওঁক। নিসন্দেহে বিভিন্ন প্ৰকাৰৰ মাদকদ্ৰব্যই মানুহৰ মাজত ভাতৃত্ববোধ স্বষ্টি কৰাত বিশেষভাৱে অৰিহণা আগবঢ়াই আহিছে। প্ৰথমেই অহা যাওঁক সুৰাৰ প্ৰসংগলৈ। সুৰা বৰ্তমান পঞ্চামৃতৰ এবিধ হৈ পৰিছে। ৰাতিপুৱাৰ পৰা গধুলিলৈকে সুৰাৰ নদীত উটি ভাহি যাবলৈ ভাল পায় আজিৰ কিশোৰ কিশোৰীয়ে।এখন দেশৰ প্ৰগতিৰ বাবে ইয়াতকৈ অধিক আৰু একো নালাগে। সুৰাৰ জৰিয়তে কেনেকৈ ভাতৃত্ববোধৰ সৃষ্টি হয় সেয়া আমাৰ সকলোৰে জ্ঞাত। সুৰা পিয়াসী লোকসকলে যেতিয়া সুৰাৰ গ্লাচ মিহিকৈ ঘঁহনি খুৱাই চিয়েৰ্ছ বুলি কৈ গলত বাকে তেতিয়া তেওঁলোকে পাহৰি যায় জাতি,ধৰ্ম,বৰ্ণ বয়স সকলো।তেওঁলোক সকলো একেখন বিলৰে মাছ বুলি ধৰি লয়। াই চি, হাৱিলদাৰ, ইঞ্জিনীয়াৰ,মিস্ত্ৰী সকলো যেন এক হৈ পৰে এই সুৰাৰ নদীত। সঁচাকৈয়ে কি এই অপূৰ্ব সৃষ্টি। ভগৱানে যেন এই সকলোবোৰ ভাবি চিন্তিয়েই এই সুস্বাদু বিহবিধ আৱিস্কাৰ কৰিছিল। অৱশ্যে কেতিয়াবা সুৰাৰ ৰাগীত মতলীয়া কোনো উটনুৱা ডেকা গাভৰু অথবা কোনো মুখা পিন্ধা ভদ্ৰলোক ৰঙা ঘৰৰ আলহীও হ’ব লগীয়া হৈছে আৰু কোনো কোনো টি ভি চেনেলৰ বাতৰিৰ শিৰোণামো দখল কৰিছে। পিছে এইয়া একো ডাঙৰ কথা নহয়। কাৰণ হিন্দীত এষাৰ কথা আছেঃ ‘বড়ে বড়ে চহৰো মে এইচে ছুটে ছুটে বাত হোটে ৰেহতে হে’

এতিয়া অহা যাওঁক ভাঙৰ প্ৰসংগলৈ, ভাং এনে এবিধ সুস্বাদু মাৰাত্মক বিহ যি মানুহক খুলি খুলি খায় আৰু এখাপ এখাপকৈ মৃত্যুৰ পথলৈ আগবঢ়াই নিয়ে। বৰ্তমান বহুল ভাৱে সমাজত সমদৃত এই সুস্বাদু বহু কণ্ঠ শিল্পীয়ে গীতৰ মাধ্যমেৰে বৃদ্ধি কৰিছে এনেদৰেঃ

বাবা খোৱা,উৰি যোৱা।।বম ভোলে বম ভোলে।। শিৱ বাবা বম বম।।

মানুহৰ সমাজত ভাতৃত্ববোধৰ মনোভাব সৃষ্টি কৰাত ভাঙৰ ভূমিকা কোনোপধ্যে নুই কৰিব নোৱাৰি। ভাংপ্ৰেমী ৰাইজে ডাঙৰ চিলিমটোত হোপা মাৰি এজনে আনজনক চিলিমটো যিদৰে ভক্তিভাৱে আগবঢ়াই দিয়ে দেখিলেই সকলোৰে মূৰ আপুনা আপুনি দো খাই যায়, যেন এক পৱিত্ৰ কৰ্মহে সাধন হৈছে। ই তেওঁলোকৰ মাজত নিঃসন্দেহে একতা আৰু ভাতৃত্ববোধৰ সৃষ্তি কৰে। শিৱৰাত্ৰিৰ দিনা শিৱৰ আৰ্শীবাদ প্ৰাপ্তিৰ বাবে এইবিধ সুস্বাদু দ্ৰব্যৰ ওপৰত সকলোৰে হেতা উপৰা লাগে। অৱশ্যে কেতিয়াবা ভাঙৰ নিচাত কোনো কোনোৱে অবান্তৰ ঘটনাও ঘটাব পাৰে। পিছে এয়া একো ডাঙৰ কথা নহয় কিয়নো হিন্দীত এষাৰ কথা আছেঃ‘বড়ে বড়ে চহৰো মে এইচে ছুটে ছুটে বাত হোটে ৰেহতে হে’

মানুহৰ মাজত ভাতৃত্ববোধ জগাই তোলাত বিড়ি চিগাৰেটো পিছ পৰি ৰোৱা নাই। কোনো পণ্ডিতে কৈছিলঃ চিগাৰেটৰ এটা মূৰে জুই থাকে আৰু আনটো মূৰে থাকে একোটা মূৰ্খ। কিন্তু বহু জ্ঞানী লোকে এই বৰবিহ বিধ সেৱন কৰি এই কথাষাৰ অসত্য বুলি প্ৰমাণ কৰি আহিছে। চিগাৰেট বা বিড়িৰ জৰিয়তে যি ভাতৃত্ববোধ গঢ়ি উঠে সেয়া অন্য মাদকদ্ৰব্যৰ ক্ষেত্ৰত দেখা পোৱা নাযায়। এজনে হোপা চিগাৰেট আনজনে অতি আদৰেৰে হুপিব পাৰে। ইয়াতকৈ ভাতৃত্ববোধ গঢ়ি উঠাৰ দৃষ্টান্ত আৰু দেখা নাযায়। কাৰণ ই একেখন কাঁহীত ভাত খোৱাৰ দৰে। ইয়াৰ দ্বাৰা এজনৰ বেমাৰ আজাৰ আনজনলৈ বিড়ি বা চিগাৰেটৰ মাধ্যমেৰে অতি সহজে বিয়পিব পাৰে। বিড়ি চিগাৰেট সেৱন কৰা লোকৰ যিকোনো ঠাইতে বন্ধু বান্ধৱীৰ সৃষ্টি হয়। পৃথিৱীৰ যি ঠাইলৈকে নাযাওঁক কিয় তেওঁলোকে বিড়ি বা চিগাৰেটৰ দ্বাৰা যিকোনো লোকৰ লগতে বন্ধুত্বৰ সম্পৰ্ক গঢ়ি তুলিব পাৰে। জনপ্ৰিয় ভাষাত ক’বলৈ গ’লে পাৰ্টনাৰ বা দোস্ত। এইষাৰ কথা সকলোৱে স্বীকাৰ কৰিব লাগিব যে সঁচাকৈয়ে ভাতৃত্ববোধৰ মনোভাৱ সৃষ্টিত চিগাৰেট এক বলিষ্ঠ মাধ্যম।কাৰণ ই নামানে জাতি,ধৰ্ম,বৰ্ণ,বয়সৰ সীমা। এইবাৰ আহো চাদাৰ প্ৰসংগলৈ। প্ৰবাদ প্ৰচলিত আছে বোলেঃ ‘যি খায় চাদা সি সৰস্বতীৰ আধা,যি নাখায় চাদা সি গৰুতকৈয়ো গাধা।’

ওপৰত উল্লিখিত এই অমূল্য প্ৰবাদটি শিৰোধাৰ্য কৰি আজিৰ যুগত কি বুঢ়া,কি ডেকা,কি কিশোৰ,কি বালক প্ৰায় সকলেই এই সুস্বাদু মাৰাত্মক বৰবিহ বিধ সেৱন কৰে। চাদাৰ প্ৰস্তুতকৰণ প্ৰণালীও চকুত লগা বিধৰ। চাদা হৈছে ধপাত আৰু চূণৰ এক সুন্দৰ সংমিশ্ৰণ। যি মানুহৰ এখন হাতৰ তলুৱাত ইখন হাতৰ বুঢ়া আঙুলিৰ পৰশত প্ৰকৃত ৰূপ ধাৰণ কৰে। ই মানুহৰ মুখৰ কেন্সাৰকে ধৰি নানা দূৰাৰোগ্য বেমাৰৰ বাহক। ইয়াক স্ল’ পয়জন বুলিও ক’ব পাৰি। কাৰণ ই লাহে লাহে মানুহৰ মুখৰ ভিতৰভাগ ধ্বংস কৰি যায়। এই বিধ সুস্বাদু দ্ৰব্যই মানুহৰ মাজত ভাতৃত্ববোধ সৃষ্টিত বিশেষভাৱে অৰিহণা আগবঢ়াই আহিছে। খেল পথাৰতে হওঁক বা মেল মিটিঙতে হওক বা বিদ্যালয়ৰ কোনো গোপন কক্ষতে হওক এইবিধ দ্ৰব্য ইশ্বৰৰ প্ৰসাদ স্বৰূপে ভক্তগণে অতি আনন্দৰে গ্ৰহণ কৰে।

মুঠ কথাত, এখন সমাজ তথা এটা জাতিৰ লোকসকলক ভাতৃত্ববোধৰ এনাজৰীৰে বান্ধি ৰাখিবৰ বাবে মাদক দ্ৰব্যৰ সেৱন বৰ্তমান অপৰিহাৰ্য হৈ পৰিছে। বৰ্তমান মাদক দ্ৰব্য সেৱন কৰাসকলৰ স্বৰ্গযাত্ৰাৰ যি দীঘলীয়া লানি পাতিছে সেই লানি অক্ষুন্ন ৰাখিবৰ বাবে বৰ্তমান মানুহৰ মাজত বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত মাদক দ্ৰব্য সেৱনৰ মাত্ৰা বাঢ়িব ধৰিছে। বহু পথ দূৰ্ঘটনা সংঘটিত হোৱাতো মাদক দ্ৰব্যৰ ভূমিকা নুই কৰিব নোৱাৰি। বৰ্তমান পৰিস্থিতিত প্ৰায় সকলো লোকেই নিয়মিত মাত্ৰাত মাদকদ্ৰব্য সেৱন কৰিব ধৰিছে যি তেওঁলোকৰ জীৱণ ধ্বংসৰ মুখলৈ আগবঢ়াই নিছে আৰু ধ্বংস কৰিছে সমাজ তথা জাতিটোক। অৱশেষত জয়ন্ত হাজৰিকাদেৱৰ ভাষাৰেঃ সুৰাত মগত ভয়াল ৰাতি/ মৌন কোলাহল/ মই যেন এক ৰ’দৰ বিলাপ/ শব্দৰ সমদল।

article 2

(১)

ডিচেম্বৰৰ শেষত আহিছে ইংৰাজী নিউ ইয়েৰ

ডেকা বুঢ়া সকলোৰে গাত লাগিছে ফিফ্ট গিয়েৰ ,

মাইকত বজাই বেবী ড'ল,

সকলোৱে পিকনিকলৈ ব'ল,

লেট আচ এনজয় অল দিচ পিকনিক

উইথ গাহৰি পুৰা এন্দ বিয়েৰ ।

(২)

ল'ৰা ছোৱালী সকলোবোৰ হব খুজিছে বেগী,

বাইক স্কুটিৰ সময় এইয়া চাইকেল হল এলাগী,

লৈ হাতেহাতে স্মাৰ্ট ফোন,

বনাই তিনি চাৰিটা দেহা সোণ,

ভাত বনোৱাৰ এলাহতে এওঁলোকে

খাই দুই মিনিটৰ মেগী । ।

(৩)

ফেচবুকত হেনো ছোৱালী জনীৰ আছে

বিজিনেচমেন ফ্ৰেণ্ড,

তাকে লৈ মাকৰ যশ জীয়কে গোটাব কোটি পতি

হাজবেন্দ,

বাপেকৰ লগত কাজিয়া কৰি,

মাক জীয়েক গ'ল ল'ৰাটো বিচাৰি,

দুয়ো বেহুচ গম পাই বোলে জোঁৱায়েকে চলাই

হেনো ৰিক্সা তাকো চেকেন্দ হেন্দ ।

(৪)

মেধা ভিত্তিত নিযুক্তি দিলে পৰীক্ষাৰ নাম টেট,

পানী বোকা গচকি চাকৰি কৰে পুৰাবলৈ পৰিয়ালৰ

পেট,

ঘৰৰ পৰা আতৰি,

কৰে ঠিকা ভিত্তিক চাকৰি ,

মেধাৰ পুৰস্কাৰ কিস্তিত দৰমহা দি কয় চৰকাৰে

এপইন্ট মেন্ট অৱ টেট টিচাৰচ আৰ ৰিয়েলি গ্ৰেট।

--প্ৰাণজিৎ বৰুৱা

শিতান সমূহ