অনুবীক্ষণ

অসমৰ জনগোষ্ঠীয় সাজসজ্জাৰ এক চমু পৰিচয়

অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে। অতীজৰে পৰা বয়ন শিল্পত অসমে এক বিশেষ স্থান দখল কৰি আহিছে। বৃন্দাবনি বস্ত্ৰৰ পৰা আদি কৰি শুৱালকুছিৰ পাটলৈকে যি বৰ্ণিল প্ৰতিচ্ছবি তাতে ইয়াৰ সত্তাক উপলব্ধি কৰিব পাৰি। অসম সাজ সজ্জা, ইয়াৰ উচিত অলংকৰন, প্ৰকৰণত অতি ছহকী। কপাহী ,পাট, মূগা, ৰেচম,ঊল ইত্যদিৰ বিভিন্ন কাপোৰ তৈয়াৰ কৰা হয়। ঘৰুৱা ব্যৱহাৰ্য কাপোৰৰ পৰা আদি কৰি আভিজাত্যৰ সকলো বস্ত্ৰলৈকে অসমীয়াই প্ৰস্তুত কৰি লৈছিল। পৰম্পৰাগত, ধৰ্মীয় এনেধৰনৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি সাজপাৰৰো ভিন্নতা দেখিবলৈ পোৱা যায়। অসমত দেখা পোৱা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজতো নিজস্বতা অনুসৰি সাজপাৰৰ ব্যৱস্থাৰ আছে। তলত এই সম্পৰ্কে এক চমু বিবৃত্তি আগবঢ়োৱা হ’ল -

অসমীয়া-

১) গামোচা-

অসমীয়াৰ অতিকৈ আদৰৰ বস্ত্ৰখন হৈছে গামোচা। অসমীয়া গ্ৰাম্য সমাজখনৰ প্ৰতি মূহুৰ্ততে ই অতিকৈ প্ৰয়োজনীয়। উৎসৱ পাৰ্বন, বিয়া বাৰু, সভা সমিতিত সভ্ৰমৰ প্ৰতীক হৈছে গামোচাখন। ইয়াক কপাহীসূতা, পাট, ঊল, এনে ধৰণৰ কাপোৰেৰে প্ৰস্তুত কৰা হয়। বিভিন্ন বুটা,ফুল চাৰিওকাষে বিশেষকৈ ৰঙা আচুৰে গামোচাখনক সজোৱা হয়।

২) চুৰিয়া-

গামোচাৰ লগত বিশেষ ভাবে জড়িত অৰ্থাৎ সংগতি যুক্ত পুৰুষৰ পোচাক হ’ল চুৰিয়া। ককাঁলৰ পৰা তললৈ পিন্ধা আৱৰণ বিশেষ। এখন দীঘল আৰু ভৰিলৈকে পৰা বস্ত্ৰ। দুয়োফালে পোন্ধ মাৰি ইয়াক পিন্ধা হয়। বিহু, ধৰ্মীয় উৎসৱ, অনুষ্ঠান আদিৰ লগতে গ্ৰাম্য অসমীয়া সমাজত ইয়াৰ যথেষ্ঠ আদৰ আছে।

৩) চেলেং-

পুৰুষ,মহিলা উভয়ৰে ব্যৱহিত পোচাক হ’ল চেলেং। চেলেং বিশেষকৈ ধৰ্মীয় কাৰণত ব্যৱহাৰ কৰা হয়। বগা ৰঙৰ গাত লোৱা কাপোৰ বিশেষ। নাম প্ৰসংগ, মৃতকৰ শ্ৰাদ্ধ কৰ্ম ইত্যাদিত ব্যৱহাৰ কৰা হয়।

৪) চাদৰ-

ই মহিলাই পিন্ধা বস্ত্ৰ বিশেষ। ককাঁলৰ পৰা বুকু হৈ পিঠিয়েদি ই আৱৰি থাকে। পাট,মুগা,এৰী,কপাহী আদিৰ সমাদৰ অসমীয়া সমাজত বহুল ভাৱে দেখা যায়। আহোমযুগৰে পৰা বিশেষকৈ বিবাহিত মহিলাৰ কাৰণে পৰম্পৰাগত বাধ্যতামূলক সাজপাৰ হিচাপে প্ৰচলিত হৈ আহিছে।

৫) মেখেলা-

ইয়ো এক মহিলাৰ সাজ বিশেষ। ককাঁলৰ পৰা তললৈকে পৰা চাৰিওকাষে আৱৰা আভৰণ। চাদৰৰ লগত পিন্ধা এইবিধ সাজো পাট,মুগা,কপাহী বিভিন্ন ৰূপত পোৱা যায়।

৬) ৰিহা-

ৰিহাই মহিলাৰ বস্ত্ৰ বিশেষ। চাদৰতকৈ অলপ ঠেক পোচাক। বিবাহ,ধৰ্মীয় অনুস্থান আদিত চাদৰৰ তলত ৰিহা পিন্ধা হয়। বিহুতো নচাৰ সময়ত পিন্ধা হয়। পাট,মুগাৰ ৰিহা সমূহ পোৱা যায়।

৭) টঙালী-

টঙালী বিশেষকৈ ব’হাগ বিহুৰ সময়ত ব্যৱহাৰ হয়। বিহুৰ নাচৰ সময়ত ককাঁলত ইয়াক পিন্ধা হয়। বিশেষকৈ ৰঙা ৰঙৰ পাট,কপাহী আদি সূতাৰে প্ৰস্তুত কৰা হয়।

৮) পাগুৰি-

কিছু ধৰ্মীয় ক্ষেত্ৰত পাগুৰীৰ ব্যৱহাৰ হোৱা দেখা যায়। বিশেষত: গায়ন-বায়ন,ভাওঁনাৰ সূত্ৰধাৰ,আদিত ব্যৱহাৰ কৰা হয়।

মিছিং জনগোষ্ঠীৰ সাজ পাৰ-

পৰম্পৰাগত হস্তশিল্পজাত বয়ণশিল্পত মিছিং সকল যথেষ্ট ছহকী। বিশেষকৈ মিছিং মহিলা সকলে তেওঁলোকৰ প্ৰয়োজনীয় বেছিভাগ সাজপাৰ নিজে প্ৰস্তুত কৰি লয়। এইসমুহ সম্পৰ্কে তলত উল্লেখ কৰা হ’ল।

১) ৰিহবি গাচেং(rihbi gaseng)-

শৰীৰৰ তলৰ অংশত পিন্ধা এবিধ ৰঙীণ বস্ত্ৰ বিশেষ।

২) গেৰো(gero)-

বুকুৰ পৰা আঁঠুলৈকে পৰা মেখেলাৰ দৰে চাৰিওকাষে আৱৰা আভৰণ।

৩) চেলেং গাচৰ(seleng gasor)-

পাতল কপাহী কাপোৰৰ কেতিয়াবা ৰিহবি গাচেংৰ পৰিবৰ্তে ব্যৱহাৰ কৰা কাপোৰ।

৪) ৰিয়া(riya)-

দীঘল,তুলনামূলক ভাবে ঠেক,বক্ষৰ ওপৰত আঁট খাই লাগি থকাকৈ পিন্ধা বস্ত্ৰ।

৫) সেগৰেক(segrek)-

ই এবিধ বহল কাপোৰ, বিবাহিত মহিলাই ককাঁলৰ পৰা আঁঠুলৈকে পিন্ধে। ৬) পহতুব(pohtub)-

ৰ’দ বা ধুলিৰ পৰা হাত সাৰিবলৈ মূৰত লোৱা কাপোৰ বিশেষ।

৭) নিসেক(nisek)-

কেচুৱা লবলৈ ব্যৱহাৰ কৰা কাপোৰ।

৮) গাদু(gadu)-

পৰম্পৰাগত কম্বল। শিপিনী সকলে ঘৰতে এইসমুহ প্ৰস্তুত কৰে। অধিক কষ্টকৰ কাৰণে ইয়াৰ প্ৰচলন তুলনামুলক ভাৱে কম।

৯) মিবু গালুক-

মিছিং সকলৰ এক ঐতিয্যপূৰ্ণ পোচাক হৈছে মিবু গালুক। লিগাং,প:ৰাগ আদিৰ লগতে বিভিন্ন অনুষ্ঠানত এই মিবু গালুক নামৰ চোলাটো পৰিধান কৰা দেখা যায়। বিশেষকৈ ৰঙা, ক’লা ৰঙৰ বুটাবছা এই চোলাটো অতি আদৰৰ।

দেউৰী জনগোষ্ঠীৰ সাজ পাৰ-

অসমৰ প্ৰত্যেক জনগোষ্ঠীৰ দৰে দেউৰীসকলৰো সামাজিক পৰম্পৰাযুক্ত বেশ ভূষাৰ পৰিচয় পোৱা যায়। দেউৰী জনগোষ্ঠীয়ো এই ক্ষেত্ৰত যথেষ্ট ছহকী। পুৰুষ মহিলা উভয়েৰে বিভিন্ন সাজ সজ্জা আছে। দেউৰী দম্পতীৰ পুৰুষসকলে ককালত চুৰিয়াৰ দৰে কিন্তু অলপ চুতিকৈ পিন্ধা লখুন(lkhoon)বোলা হয়। সাধাৰণতে তেওঁলোক যেতিয়া ঘৰত থাকে ইয়াক চাৰ্ট আৰু স্পৰ্টিংৰ লগত পিন্ধে। যেতিয়া তেওঁলোক ঘৰৰ পৰা বাহিৰলৈ যায় তেতিয়া ট্ৰাওজাৰ আৰু চাৰ্টৰ লগত লখুন পিন্ধে। তেওঁলোকে সাধাৰণতে বগা আৰু ৰঙা ৰঙৰ সাজপাৰ পিন্ধে। বগাসাজৰ লগত কন্ঠমণি নামৰ হাৰ ডিঙিত পিন্ধে যেতিয়া তেওঁলোক উৎসৱ আদিত ভাগ লয়। দেউৰী মহিলাসকলে স্কাৰ্টৰ দৰে মেৰিয়াই লোৱা আলোৱান আছে,যাক উজাডুবা লগোন(ujaduba lgoon)বোলা হয়। জকাছিবা(jokachhiba) নামৰ বুকুৰ পৰা ককাঁললৈকে পৰা চাদৰৰ সৈতে ই সংযুক্ত হৈ থাকে। যি কি নহওঁক দেউৰী মহিলা সকলে কিছুসময়ত পৰম্পৰাগত ৰিহা(riha)পৰিধান কৰে,যাক টেগিৰা(tegihra)বোলা হয়। বিশেষকৈ দেউৰী মহিলাসকলে মূৰত ঢাকখোৱাকৈ গামোচা জাতীয় সামগ্ৰী ব্যৱহাৰ কৰে,ইয়াক গাথিকি(gathiki) বোলা হয়। এনে ধৰণৰ পোচাক পৰিচ্ছদৰ উপৰিও অসম,নাগালেণ্ড,অৰুণাচলত পোৱা দেউৰী জনগোষ্ঠীৰ লোক সকলে অসমীয়াৰ কিছু সাজপাৰো পিন্ধা দেখা যায়। ইয়াৰোপৰি পৰম্পৰাগত আঙুঠি,বাজু,ডিঙিত হাৰ আদি পিন্ধা দেখা যায়। এইসমুহক গেমা, উছোন, লী, জোনবিৰি, ডুগডুগী, আদি পৰিধান কৰা দেখা যায়।

খামতি জনগোষ্ঠীৰ সাজপাৰ-

অসম আৰু অৰুণাচল প্ৰদেশৰ কিছু অংশত দেখা পোৱা খামতি গোষ্ঠীৰ মাজতো সম্প্ৰদায় ভিত্তিত সাজজ্জাৰ চৌখিনতা আছে। খামতিসকলৰো নিজস্ব সাজসজ্জা আছে। এইসমুহ এনে ধৰনৰ --খামতিসকলে সাধৰণতে পুৰুষসকলে সম্পূৰ্ণ হাতৰ কপাহী চাৰ্ট পিন্ধে। ইয়াক চিউ পাছাই(siu pachai) বোলা হয়। লগতে বিভিন্ন ৰঙৰ লুঙী পিন্ধে,ইয়াক ফানই(phanoi)বোলা হয়। মহিলাসকলে পিন্ধা সাজত ব্লাউজ(ইয়াক siu pasao),ডাঠ ৰঙৰ চিন(sinn)নামৰ কপাহী আৰুৰেচমৰ স্কাৰ্ট,আৰু ফামাই(famai) নামৰ ৰেচমী শ্বাল ব্যৱহাৰ বিবাহিত মহিলাই অৱস্থা অনুসৰি বিভিন্ন পোচাক পৰিধান কৰে। তেওঁলোকে চিন(স্কাৰ্ট)ৰ ওপৰত ক’লা আৰু ৰঙা, দীঘল,আৱৰণ পিন্ধা দেখা যায়।

বড়ো জনগোষ্ঠীৰ সাজপাৰ-

বড়ো সকলৰ সাজসজ্জাই তেওঁলোকৰ পৰম্পৰা আৰু সংস্কৃতিৰ চানেকি বহন কৰে। প্ৰাচীন কালত বড়ো থলুৱা লোক সকলে এৰী আৰু মুগাৰ কাপোৰ সমূহ ব্যৱহাৰ কৰিছিল। বড়ো মহিলা সকলে এৰী আৰু মূগা পলুবোৰ পুহিছিল আৰু তাৰ পৰা কাপোৰ প্ৰস্তুত কৰিছিল। তেওঁলোকৰ কাপোৰসমূহৰ বিভিন্ন আছে। এই সমূহ এনেধৰণৰ – বড়ো মহিলাসকলে গোটেই গা আৱৰাকৈ বুকুৰ পৰা ভৰিৰ সৰু গাঁঠিলৈকে “দখনা” পৰিধান কৰে। “জুমগ্ৰা”ই বড়ো জনগোষ্ঠীত চাদৰ বা ওৰণাক বুজায়। দেহৰ তলৰ অংশত বা কোনোসময়ত গা ধুবলৈ “গামোচা” পৰিধান কৰে। ৰুমালৰ কামসমূৰ সমাধা কৰা বস্ত্ৰক কোৱা হয় “ফালি”। ঠাণ্ডা দিনত কম্বলৰ দৰে ব্যৱহাৰ কৰা বহল, ডাঙৰ কাপোৰ হৈছে “ছিমা”। বড়ো বয়ষ্ক লোক সকলে ভৰিত কাঠৰ খৰম পৰিধান কৰে। বৰ্তমান বড়ো মহিলাসকলে বুকুৰ ওপৰ অংশ ঢাকিবলৈ জুমগ্ৰাৰ লগত ব্লাউজ পৰিধান কৰে। দেহৰ ওপৰ অংশত পৰিধান কৰা জুমগ্ৰাবোৰ বিভিন্ন ৰঙৰ দেখা যায় আৰু তাত হাতেৰে ডিজাইন কৰা বিভিন্ন চানেকি দেখা যায়। এই বোৰক “এগৰ” বোলা হয়। বিভিন্ন ধৰণৰ এগৰ সমূহ এনেধৰণৰ—ফাৰিঅ’ নাগন, ডাওৰাই মোখৰেব, ফুল মবলা, মাওজি আগন, ডাওখি আগন ইত্যাদি।

এনেধৰনে অসমৰ বিভিন্ন জনগোষ্ঠীসমূহৰ মাজত নিজৰ পৰম্পৰা আৰু সংস্কৃতি অনুযায়ী বিভিন্ন সাজসজ্জাৰ প্ৰচলন আছে। সময়ৰ লগে লগে সজপাৰ বোৰৰো পৰিবৰ্তনে দেখা দিছে। আধুনিক আৰু পাশ্চাত্যই গ্ৰাস কৰি সাজসজ্জাৰ যথেষ্ট পৰিবৰ্তন আনিছে। নতুন প্ৰজন্মৰ বহুতেই যি সমুহ জন্মগতভাবেই সেই নিদিৰ্ষ্ট জনগোষ্ঠীৰ কিন্তু তেওঁলোকৰ নিজস্ব সাজপাৰ সম্বন্ধে অজ্ঞ। ই অতিকৈ পৰিতাপৰ বিষয় হৈ পৰিছে। নতুনক গ্ৰহণ কৰা বুলিয়েই যে নিজস্বতাক হেৰুৱাব লাগিব সেইটো নহয়। বৰঞ্চ তাৰ সমন্বয় সাধন হে পাথেয় হোৱা উচিত।

শিতান সমূহ