গল্প

article 2


দিনটোৰ অন্তিমটো টিউশ্বন কৰে মানে বিনয় মাষ্টৰৰ অৱস্থা কাহিল হৈ পৰিল। যেনে তেনে অংককেইটাৰ উত্তৰ উলিয়াই তেওঁ মানুহঘৰৰ গোহালিৰ খুটাত আওঁজাই থোৱা চাইকেলখনৰ ওচৰলৈ দৌৰি অহাদি আহিল। এপাক মাৰিয়েই চকাটো গধুৰ পাই মাষ্টৰে বুজিলে, আজি তেওঁৰ দিনটো ভালকৈয়ে বেয়া। "আজিহে এইখনৰ চকা ফুটিবলৈ পালেনে ! পইচা হাতত নথকাৰ দিনা চাৰিওফালৰ পৰা খৰছে পালি পোখা মেলি আহে।" ভোৰভোৰাই চাইকেল থেলি থেলি বিনয় মাষ্টৰ আগবাঢ়িল। তিনিমাহৰ দৰমহা নোপোৱাৰ খং, ল'ৰা ছোৱালীয়ে অংক নোৱাৰাৰ খং, চাইকেল ঠেলাৰ ভাগৰ--আটাইবোৰৰ সংমিশ্ৰিত প্ৰতিক্ৰিয়া এ্টা মুখত লৈ মাষ্টৰ যেনে তেনে ঘৰ পালেগৈ।

বাৰান্দাৰ বেতৰ চকীখনত ব হি গাটো এৰি দিয়াত হে তেওঁৰ উশাহটো ঘূৰি আহিল। তেওঁৰ ভৰি দুটা তলে ফালৰ পৰা অৱশ হৈ আহিল। চকীখনতে মূৰটো থৈ তেওঁ চকু দুটা জপাই দিলে।

বিননয় হাজৰিকা টেঙানি গাঁৱৰ এল পি স্কুলখনৰ শিক্ষক। প্ৰথমাৱস্থাত তাকৰীয়া দৰমহাকেইটাই অকলশৰীয়া জীৱনটো চলাই নিবলৈ যথেষ্ট আছিল। তেওঁৰ হাজাৰ আপত্তি সত্বেও মাক দেউতাকৰ নেৰা-নেপেৰা আব্দাৰত বিয়া কৰাবলৈ সন্মতি দিছিল। লাহে লাহে পৰিয়াল বাঢ়িল, অভাৱো বাঢ়ি আহিল। কাষৰ গাওঁখনৰ গাঁওবুঢ়াৰ ছোৱালী বাসন্তীয়ে বিনয় মাষ্টৰৰ সংসাৰলৈ আহি তিতা পাবলৈ ধৰিলে। টেটুৰ গুৰিলৈকে ধাৰ, পাঁচোটাকৈ খাঁওতা, খেতি-খোলাৰ কষ্ট আদিয়ে মানুহজনীৰ মুখখন লাওপাত কচুপাত হেন কৰি পেলালে। দুবছৰতে সহজ সৰল বাসন্তী দাংকাচী হৈ পৰিল। মাষ্টৰৰ ভায়েক দুটা পঢ়া শুনাত ভালেই আছিল যদিও সং গদোষত পৰি কিতাপ-পত্ৰ এৰিলে। মাষ্টৰে দেউতাক ঢুকুৱাৰ পাছত মুখিয়ালৰ দায়িত্ব লৈ সিহঁতক খেতিৰ মাটি ভাগ কৰি দিলে। এদিন বৌৱেকৰ কেটেৰা জেঙেৰা মোৰ শুনি থাকি অশান্তি পোৱাত সিঁহতে বেলেগ পাকঘৰ সাজি মাককো সিঁহতৰ ফাললৈ লৈ গ'ল। বাসন্তীয়ে ভালেই পালে। তেতিয়াৰ পৰা সিঁহতৰ এখন ঘৰত দুটা পাকঘৰৰ ব্যৱস্থাটো চলি আহিছে। মাষ্টৰে বাসন্তীৰ কথাৰ ওপৰত মাত মাতিব নোৱাৰে। অথচ মাকৰ হাতৰ এসাঁজ ভাত খাবলৈ তেওঁৰ মনে হাহাকাৰ কৰি থাকে। মাছে মঙহে ভাঁতসাজ মুখলৈ নিয়াৰ আগত সদায় তেওঁৰ মাকলৈ মনত পৰে। কিন্তু ঘৰখনৰ সুখ শান্তি ভং গৰ আশংকাত মনৰ কষ্ট মনতে সামৰি ৰাখে।

হঠাৎ কাৰোবাৰ খোজৰ শব্দত তেওঁ উচপ খাই উঠিল। পানী গিলাচ দিবলৈ অহা মাষ্টৰৰ পৰিবাৰ বাসন্তীয়ে তেওঁক গুজুংকৈ কিবা এটা ক'লে। একে উশাহতে পানী গিলাছ পি মাষ্টৰে লাহকৈ সুধিলে- " কিবা কৈছিলা ?" বাসন্তীৰ মুখখন দেখিয়ে মাষ্টৰে বুজি পালে যে তেওঁ এই "কিবা কৈছিলা" টোৰ উত্তৰ ইমান সহজে নাপায়। খালী গিলাছটো লৈ শোৱা কোঠালৈ সো সোৱাই গতি কৰা বাসন্তীৰ পিছে পিছে মাষ্টৰো ভিতৰ সোমাল।

খন্তেকীয়া মৰমৰ পৰ্বটো শেষ হোৱাৰ পাছত মাষ্টৰে ছেগ চাই বাসন্তীক সুধিলে-- " হেৰি নহয়, কি কৈছিলা তুমি?"

» একেখন ঘৰতে বেলেগ হৈ নাথাকো বুলি তোমাক আগতেই কৈছিলা। বেলেগকৈ ঘৰ এখন সাজিবলৈ কৈ কৈ ভাগৰি গৈছো। এতিয়া চোৱা কেৰামতালী।

মাষ্টৰে আচৰিত হৈ সুধিলে--" কাৰ কেৰামতালী? কি হ'ল?"

বাহিৰৰ ৰ'দৰ পৰা আনি বিছনাত পেলাই থোৱা কাপোৰবোৰ আলনাডালত জাপি জাপি বাসন্তীয়ে আক্ষেপেৰে ক'লে-- " তোমাৰ মাৰাই কেতিয়াবাই আহি পাকঘৰত সোমাই কিবা কিবি খুচৰি ফুৰিছেহি।"

» কি লাগে সোধাচোন মাক।

» ইহ চেনেহকণ চোৱা। এনেই দেখোন বুঢ়ীয়ে সৰু পুতেকক হে চিনি পায়। তুমি কিবা ক'লে কোৱা দেই নহ'লে এতিয়া মহাভাৰত ৰামায়ণ হ'ব, কৈ দিছোঁ।

মাষ্টৰৰ খঙটো টিঙিচকৈ উঠিল। দিনৰ দিনটো পৃথিৱীৰ সমস্যাবোৰত মূৰ মাৰি ঘূৰি ফুৰিছে, এতিয়া ঘৰলৈ আহিও ৰক্ষা পোৱা নাই। ঘৈণীয়েকক কিবা কোৱা মানে কদো বাহত জুই দিয়া। হেন জানি পাকঘৰত থকা মাকৰ ওচৰ পালেগৈ।

» মা তোক কিমানবাৰ ক'ব লাগে অ' আমাৰ পাকঘৰত নোসোমাবি বুলি।

» চেনি অকনমান বিছাৰিছোঁ অ', আমাৰ নাই। - হাতত মগ এটা লৈ থকা মাকে চেনীৰ বটল বিছাৰি থকাৰ পৰাই ক'লে। মাষ্টৰৰ মাকে কথাবোৰ এটা এটাকৈ কয়। বয়স হৈছে বাবে কথাত জোৰ দিব নোৱাৰে।

» তঁহতৰ চেনী নাই মই কি কৰিব লাগে? দুটা পেটকে পুহিব পৰা নাই,গোটেইমখাকে নোৱাৰো দেই। চাওঁ পাকঘৰৰ পৰা ওলাই দে।" - মাকে সেমেনা সেমেনিকৈ তাৰফালে মগটো আগবঢ়াই দি ক'লে--"তেনেহ'লে ল'। চেনী অকনমান তয়ে দি ল'বি। নিমখ দিয়াই আছে। তই গৰমত অহা দেখি মনটোৱে নশিলে অ'। তোলৈকে নেমু চৰবত অলপ বনাব খুজিছিলোঁ।"

মুখত জোৰকৈ হাঁহি এটা আনি মাক আঁতৰি গ'ল।

শিলপৰা কপৌৰ দৰে ৰৈ থকা মাষ্টৰে লাহে লাহে আঁতৰি যোৱা মাকলৈ চালে। মাকৰ চাদৰখন কেইবা ঠাইতো ফাটিছে।

article 2


আজি কনকা বুঢ়ী ঢুকাল। ফাগুণৰ পছোৱাজাকে বহাগক আদৰিবলৈ সাজু হোৱাৰ সময়তে বুঢ়ী গলগৈ। ঘৰখনত এটা যুগৰ অন্ত হ'ল। ফাগুনীয়া চঞ্চল আবেলিটোও ক্ষন্তেকৰ বাবে স্থবিৰঝৈ যেন সমবেদনা জ্ঞাপন কৰিলে। আৰু বুকুত এমা ডিমা ছোৱালীকণক সাৱটি পাৰ ভঙা কান্দোনৰ সাগৰত বুৰ গ'ল নিৰলা - বুঢ়ীৰ বোৱাৰীয়েক। নিৰলা স্বাভাৱিকতেই অকলশৰীয়া হৈ পৰিল। বুঢ়ী নিৰলাৰ বাবে কেৱল শাহুৱেকেই নাছিল,আছিল সৰ্বক্ষণৰ লগৰী। তাইৰ সাহসৰ মূল। ধৰ্মেশ্বৰ নোহোৱা হোৱাৰে পৰাই প্ৰতিটো দিন ৰাতি বুঢ়ীয়ে তাইক আৱৰি ৰাখিছে, তাইৰ কাষত থিয় দিছে, চৰাইয়ে বুকুৰ উম দি পোৱালী ডাঙৰ কৰাদি নিৰলাৰ মাজতে নতুন এজনী নিৰলাৰ কন্ম দিছে। কিন্তু সেইজনী নিৰলা কিশোৰি হৈ থাকোতেই বুঢ়ীয়ে বিদায় ল'লে,পাটগাভৰু কৰিবলৈ নৰ'ল। আৰু নিৰলাৰি বুঢ়ীৰ প্ৰতি অভিমান ঠিক সেইখিনিতেই।

কিন্তু বুঢ়ীয়েনো কেনেকৈ চাই থাকে পাটগাভৰুজনীক। পাটগাভৰু ছোৱালীলৈ বুঢ়ীৰ বৰ ভয়, সিঁহত হেনো একুৰা জুই। পাৰোতেনো বুঢ়ীৰ আজলী ছোৱালীজনীক ৰখাব নোৱাৰিলেনে! বুঢ়ীৰ সাহসটো কম নহয়, সেই কথা নিৰলাই নালাগে এই বকুলগুৰি গাঁৱৰ সমগ্ৰ ৰাইজে ক'ব। হৌ কোনোবা কাহানিতে মনেশ্বৰ ভগৱানৰ আপোন হৈছিল তেতিয়া কনকা গাভৰু। মাত্ৰ দুদিনৰ জ্বৰতে সেইহেন মদগজ মানুহটো শেতা পৰি গৈছিল আৰু দুটা দিন কেৱল পানীকে আহাৰ কৰি নিশালৈ তাই কোলাতে নিথৰ হৈ গৈছিল। সেই তেতিয়াৰে পৰাই কনকাই সাহসেৰে যুঁজ কৰি গৈছে। সোঁৱে বাঁৱে ধৰ্মেশ্বৰ আৰু সূৱৰ্ণক লৈ বুঢ়ী আগবাঢ়ি গৈছে। সোণহেন উজ্জ্বল ছোৱালীজনী ডাঙৰ হৈ অহাৰ লগে লগে বুঢ়ীৰ এটাই চিন্তা-তাইক কাৰোবাক গতাব লাগে। পাইছিলো তেনেলৈ লায়েকৰ ল'ৰা, একেবাৰে চৰকাৰী অফিচৰ কেৰাণী। কিন্তু তামোল পাণ পেলাবৰ দিনা সিদ্ধান্ত হোৱাৰ পাছদিনাই বাৰীৰ চুকৰ ছজিনাজোপাত তাইৰ ওলমি থকা দেহাটো বুঢ়ীয়ে নিজেই দেখিছিল। হায়, বুঢ়ীৰ আজলী ছোৱালীজনী, মুখ ফুটাই কবৰো সাহস নহল তাই যে কাৰোবাক মন দি থৈছিল।

তথাপি বুঢ়ী নৰ'ল। বুকুত দাউদাউকৈ জ্বলা জুইকুৰাক ঢাকোন মাৰি থলে। আগৰ দৰেই তামোলৰ সেলেঙী বোৱাই ইঘৰ সিঘৰ কৰিলে-বিহুটোৱে প্ৰতি ধান বঢ়ালে। আৰু তেনেকুৱা কোনোবা এটা বিহুৰ ঢৌ মাৰ নৌ যাওঁতেই দ হজনীৰ মাজৰ পৰা বাচি বাচি নিৰলাক আদৰি আনিলে। মাউৰা হ'ল কি হ'ল! দদায়েক খুৰীয়েকেটো পাকৈত কৰি থৈছে, আৰুনো কোন হ'ব পাৰে বুঢ়ীৰ গুণী পুতেকৰ কাৰণে। বুঢ়ীয়ে ক্ৰমাৎ সপোন দেখিবলৈ আৰম্ভ কৰিলে-এটি দেৱশিশুৱে কলকলাব বুঢ়ীৰ চোতালত, বুঢ়ীৰ কোলাত মূৰ থৈ টোপনি যা গোপাম ভাৱৰীয়াৰ সাধু শুনি। কিন্তু কণমানিয়ে পিয়াহ এৰিবলৈ নৌপাওতেই গছ কাটিবলৈ যোৱা ধৰ্মেশ্বৰক গছে হেচি মাটিৰ সমান কৰি পেলালে-হতভাগিনী নিৰলা। কোনোবা দুৰ্বাসাৰ শাপগ্ৰস্তা। এতিয়া জানো নিৰলাই পাৰিব বুঢ়ীৰ অবিহনে থাকিব, পাৰিবনে বাধা দিব চৌপাশৰ ধাৰাল হাতোৰাবোৰক, তাইৰ শৰীৰত পলস পেলাবলৈ অহা সিংহবোৰক,,,নে ছোৱালীজনীৰ কাৰণে-নিজৰ বুকুৰ জুইকুৰাৰ কাৰণে নিৰলাই এটা ছাঁৰ সন্ধান কৰিব?? যি ঠিক বুঢ়ীৰ দৰে.........নহয়......কোনোবাখিনিত তাইৰ ধৰ্মেশ্বৰৰ দৰেই.......

article 2



মই বিছাৰো কি?
ধ্বংস! নহয়
হিংসা! ওহোঁ নহয়
মৰম! সেইটোও নহয়
তেনেহ'লে কি?
ফৰকাল আকাশ এখন
য'ত আছে এধানি শান্তি

মা দেউতাৰ মৰমৰ আকলুৱা কণমানি চৰাইজনী। অহৰহ মৰমৰ সঁজাটোত সোমাই থাকে। অত্যাধিক বিলাসী জীৱনৰ বাসিন্দা নহয়, অত্যাৱশ্যকীয় প্ৰয়োজনতেই সীমাবদ্ধ আছিল জীৱন। ব হু কিবাকিবি বিছৰাও নাছিলো। কাৰণ, জীয়াই থাকিবলৈ মৌলিক প্ৰয়োজন কেইটাৰ বাদেও আৰু ব হুতো উপাদানৰ প্ৰয়োজন। চাক্ষুষ দৃষ্টিৰে নহয় যাক অনুভৱ কৰিব পাৰি মনঃসমীক্ষাৰে।

ক্ৰমাৎ পাখি গজিছিল কণমাণি চৰাইজনীৰ। লাহে লাহে তাই উৰিবলৈ শিকিলে। পৰিভ্ৰমণ কৰিলে দিগন্তৰ ইপাৰ সিপাৰ। মন গ'লেই ডেউকা মেলি তাই পায়গৈ সুদূৰৰ নীলা আকাশ, নীলিম সাগৰ আৰু । এই আকাশ আৰু সাগৰ তাৰ মাজতেই তাই বিছাৰি পায় এখন বিশাল হৃদয়। বিশালতাৰ লগে লগে নীলা ৰঙটোৱে তাইক অহৰহ হাত বাউল দি থাকে। সময়ে সময়ে দুৰ্বল কৰি তোলে তাইক। নীলা-- বিষাদৰ প্ৰতীক। বুজাই দিয়া হৈছিল তাইক। সেয়ে হয়ূ তাই বিছাৰি পায় আকাশৰ সু-বিস্তৃত নীলাত গভীৰ প্ৰশান্তিৰ মাজতো এবুকু বিষাদ। ত থাপি তাইৰ সপোনবোৰ নীলা। -তাইৰ ঘৰটো নীলা, পুখুতীটোৰ পানীখিনি নীলা, তামোলজোপাত থকা চৰাই দুটা নীলা। আহ্ কিমান যে ধুনীয়া। চৰাইজনীৰ মাকৰ দাবী- "নীলাটো ভাল ৰং নহয়, কি আছে নীলাত?" চৰাইজনী নিৰ্বিকাৰ। তাই যাত্ৰা আৰম্ভ কৰিলে জীৱনৰ সন্ধানত। জীৱন যাত্ৰাৰ নিৰ্দিষ্ট ছন্দত হঠাতে যেন ছন্দপতন ঘটিছিল। অনাকাংক্ষিতভাৱেই কৰ্ণপাত হৈছিল সেই দুঃখবৰ- এটা ভয়াব হ পথ দুৰ্ঘটনাত নুমাই গৈছিল মাক-দেউতাকৰ জীৱন বন্তি। অপ্ৰত্যাশিত ছলনা যেন জীৱনৰ লগত। ত থাপিও ভাল লাগে নীলা।

ঠিক তেনে এক সময়তেই তাই আকোঁৱালি লৈছিল তাইৰ নতুন ঠিকনা- "মুক্তি অনাথালয়"। অচিনাকি মুখসমূহে ক্ৰমাৎ চিনাকি ৰূপ লৈছিল। তাতেই তাইক শিকাইছিল শূন্যৰ লগত খেল। আন ব হুতৰে লগত তাই শিকিছিল শূন্যৰ খেল। ই যে এটা যাদুসংখ্যা! হিঃ হিঃ হিঃ

শূন্য+শূন্য = শূন্য
শূন্য-শূন্য= শূন্য
শূন্য*শূন্য= শূন্য
শূন্য%শূন্য= শূন্য

তাৰমানে শূন্যটো এটা যাদুসংখ্যা! হিঃ হিঃ হিঃ।

"শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ, হৰণ যিয়েই নকৰা কিয় উত্তৰ সদায় শূন্যই হয়।"

"আৰু শূন্যৰ লগত যদি শূন্যক কৰা হয়?" টপৰাই সুধিছিল তাই।

"তেতিয়াও শূন্যই হ'ব"

আকৌ হাঁহিছিল তাই - হিঃ হিঃ হিঃ ।

তাইৰ মনত আকৌ হেন্দোলনি তুলিছিল কথাবোৰে।

হয়তো তেতিয়াই তাই ভাল পাবলৈ শিকিছিল শূন্যক। শূন্যৰ সৈতে খেলিছিল। ই যে এটা যাদুসংখ্যা।

বহুতো অচিনাকি মুখৰ মাজত এখন চিনাকি মুখে তাইক বৰ মৰম কৰিছিল, যিজনক তাই খুৰা মাতিছিল। মাজে মাজে তাইক প্ৰয়োজনতকৈ বেছি মৰম কৰিছিল। এদিন এই মৰমেই চূড়ান্ত পৰ্যায় পাইছিল। সেইদিনা ৰাতিলৈ তাই সমগ্ৰ শৰীৰত অনুভৱ কৰিছিল খুড়াকৰ মৰমৰ বিষ। একো কব পৰা নাছিল তাই। তাই নিজেই বুজি পোৱ নাছিল খুড়াকে ইমান ধুখ পোৱাকৈ মৰম কিয় কৰিলে। মেমবোৰ তাইৰ অস হ্য হৈ উঠিছিল। পিছদিনা খুড়াকৰ মৰমৰ আতিশয্যৰ সন্মুখীন হব নোৱাৰাকৈ সলনি কৰাৰ সিদ্ধান্ত লৈছিল। ছেগ বুজি গেট পাৰ হৈ তাই দৌৰিছিল। এই যে, দৌৰি গৈ থাকিল, ব হু নিলগত এৰি থৈ আহিল তাইৰ প্ৰথম ঠিকনা।

খটক..প্ৰচণ্ড খুন্দাত তাইৰ গতি স্তব্ধ হ'ল। চাৰিওফালে আন্ধাৰ কেৱল আন্ধাৰ। আন্ধাৰত ডুবি ৰ'ল তাই। চকু মেলি দেখিলে তাই পোহৰ। কেইখনমান অচিনাকি মখৰ মাজত তাই নিজকে আৱিষ্কাৰ কৰিলে। ক'ত আছে, কি হ'ল তাই একোৰে ভূ নাপালে। যেতিয়া তাই চেতনা ঘূৰাই পালে অচিনাকি মুখকেইখনৰ বয়সীয়াল মুখখনেই তাইক ইয়ালৈ লৈ আহিল। তেওঁৰ গাড়ীৰ খুন্দাতেই তাই আন্ধাৰ দেখিছিল।

অচিনাকি মুখকেইখনে চিনাকিৰ ৰূপ লপিছিল আৰু তাইৰ নতুন ঠিকনতা পৰিণত হৈছিল ধুনীয়া ঘৰটো। ধুনিয়া ঘৰটোৰ কণমানি কোঠালিটো তাই নিজৰ হিচাপে পাইছিল। ৰাতিপুৱাৰে পৰা শোৱালৈকে তাই ইখনৰ পাছত সিখন কামেই কৰি গৈছিল। দৈনিক ৰুটিনখনত কেৱল এটা শব্দতেই সীমাবদ্ধ হ'ল- কাম। কণমানি শৰীৰটোৱে আৰু স হ্য কৰিব নোৱাৰা হৈ আহিল। ত থাপি তাই ডাঙৰ ডাঙৰ চকুকেইটালৈ ভয় কৰিয়েই ভিজা মেকুৰীৰ দৰে আচৰণ কৰে। এদিন তাইলৈ বয়সীয়াল মুখখনে, যাক তাই ছাৰ বুলি মাৰে, এটা ফ্ৰক লৈ আহিল। শেঁতা হাঁহিটোৰে তাই আঁকোৱালি লৈছিল নতুন চোলাটোক। ইতিমধ্যে আগৰ চোলাটোও ইঠাইত সিঠাইত ফিচিকি এৰাইছিল। তাইৰ উঠন গাটোৱেও বাধা নমনা হৈছিল। চিলনি এৰোৱা চোলাটোৰে তাইৰ উঠন গাটো হয়তো ছাৰৰ চকুতো ধৰা দিছিল। সেয়ে য়তো নতুন চোলাটো। সেইদিনা কোনো নাছিল ঘৰত। ছাৰে তাইক মৰমত মাতিছিল। তাই আচৰিত হয়, কোনো নথকাৰ দিনা ছাৰে তাইক বেছিকৈ মৰম কৰে। সেইদিনাও মৰমৰ প্ৰকোপ বেছিকৈ বাঢ়িছিল। সেই পুৰণা বিষটো তাই শৰীৰত সেইদিনা পুনৰ অনুভৱ কৰিছিল। সমগ্ৰ শৰীৰৰ বিষৰ জ্বালা লৈ তাই দৌৰিছিল পিছলৈ নোচোৱাকৈ। মাথো দৌৰিছিল লক্ষ্যহীনভাৱে। পুনৰ তাই এৰি অন্য এক ঠিকনা-- সেই ধুনীয়া ঘৰটো। ইটোৰ পিহত সিটোকৈ তাইৰ ঠিকনা সলনি হৈছিল।

দৌৰি দৌৰি অৱশেষত তাই এখন নদীৰ পাৰত উপস্থিত হ'লহি। কণমানি শৰীৰত অনুভূত বিষসমূহ পাতলাবলৈ তাই ডাঙৰ শিল এচটাত শৰীৰৰ ভৰটো এৰি দিলে। গাটো অলপ পাতল পাতল লাগিল।
মই বিছাৰো কি?
ধ্বংস! নহয়
হিংসা! নহয়
মৰম! সেইটোও নহয়

অন্ততঃ ইয়াত তাইক মৰম কৰিবলৈ কোনো নথাকিব। মৰম বুটলি ফুৰা বয়সত তাই নিজকে মৰমৰ পৰা পলুৱাই আনিছে। তাই ভাবিছে পৰৱৰ্তী ঠিকনাৰ বিষয়ে।

শূন্য+শূন্য=শূন্য

হঠাৎ তাইৰ মনলৈ আহিল শূন্যৰ লগত খেলিবলৈ আৰম্ভ কৰা দিনবোৰৰ কথা। ই যে এটা যাদুসংখ্যা। হিঃ হিঃ হিঃ

হাঁহিটো প্ৰতিধ্বনিত হৈ তাইৰ ওচৰত পুনৰ ধৰা দিলে। হঠাৎ যেন তাইৰ শৰীৰত অজান কম্পনৰ ঢৌ উঠিল। তাইৰ গাটো গৰম হৈ আহিল। এটা সময়ত তাই অনুভৱ কৰিলে, গৰম ভাৱটো তাইৰ অন্তৰ্বাস ভেদি প্ৰবাহিত হৈছে। তাৰ পাছতেই ফ্ৰকটো ৰঙা হৈ যোৱা তাই দেখিছিল।

সুদীৰ্ঘ তেৰটা বসন্তত তাই খেলা শূন্যাসমূহৰ লগত আৰু এটা শূন্য যোগ দিয়াৰ সময় আহিছিল। তাই গাভৰু হৈছিল।

article 2


কতিৰ খঙটো বৰ চোকা । বাপেকে ঘোঁৰা গাড়ী চলাইছিল। সি কামটো শিকাৰ পাছতেই খঙটো থাকি গ’ল। এতিয়াও আছে। নিশা এঘাৰ বাজি সাতাৱন্ন মিনিট যোৱাৰ পাছটো সেয়েহে সি শোৱা নাই। নোশোৱও। ট্ৰেইনত আহিলে এনেও বহুতে শুব নোৱাৰে। মইও নোৱাৰো। ম’বাইলটো অথবা পকেটৰ পইচাখিনিকে কোনোৱাই মুখত সোপা দি লৈ যায় বা আজি মইও শোৱা নাই। নিনিয়ে। কতিয়েহে জলকা মাৰি আছে। এবাৰ কৈছিল, দূৰ্বল লাগিছে হেনু তাৰ। তাৰ বোলে মুৰটোৰ লগতে কাণ দুখনো গৰম হৈ আছে। মোৰ ওচৰতে বহিছে সি। মইও গম পালো সি ছিৰিয়াছ হৈ আছে। বাৰুকৈ ভয় খাইছে। কিন্তু মোৰ টোপনি আহিছে। বাচি যাব সি। মই মুৰ নঘমালেও হ’ব।

আমি অহা ট্ৰেইনখন অবাধ গতিত ঢৰঢৰাই শব্দ কৰি চলিয়েই আছে। এৰাক্কনম পাইছোহি। বহু দুৰত থাকি গ’ল। খৰগ্পুৰ পালোহি। বহুত চিঞৰ-বাখৰ। তাৰ পাছত সৰু-বৰ বহু ষ্টেচন পাৰ হৈ হাওৰা পালোহি। ৰাতিপুৱা সাত বাজিছে। চাৰিওফালে অসংখ্য কলা-বগা, ওখ-চাপৰ মানুহ ষ্টেচনটোত পিটপিটাই ঘুৰি ফুৰিছে। সম্ভৱতঃ বেছিভাগেই বনুৱাজাতীয়। দুজন মানুহ দেখিলো সাংঘাটিক লেতেৰা। চোলাবোৰ কিজানি ধুৱাই নাই। তেলী ছাইৰ নিচিনা পাতলীয়া ৰং লাগি আছে। এনাক্কুলামত এনেকুৱা মানুহ বহুত আছে। ঘৈণীয়েক অথবা নিশকটীয়া পুতেকবোৰক কাপোৰ কিনি দিবলৈ সিহঁতে নাৰিকল বেচে। কিন্তু ইহঁত সিহঁততকৈও লেতেৰা। কালাৰবোৰো কলা। এজনী বুঢ়ী ষ্টেচনৰ গৰাটোৰ কাষতে বহি আছে। ইমান ওচৰতে আছে। তাই কেনেবাকৈ ট্ৰেইনৰ ছিৰিটোতে পৰি গ’লে পিঠিৰ ওপৰেদি ট্ৰেইনখন গুচি যাব। পিঠিটোও বৰ বহল। দুচৰীয়ামান তেজ ওলাব। মোক পানী লাগে। বটলটো লৈ ওচৰৰে হোটেলখনত সোমালো। মজলীয়া আকাৰৰ বহুত মাখি উৰি আছিল। হোটেলতে অলপ পানী খাই এবটল টুমটুমিয়াকৈ ভৰাই ল’লো। উভতোতে মুকলি ছিৰি এখনতে চকু পৰিল। শুকান আদাৰ নিচিনা দুচপৰা গু ট্ৰেইনৰ ছিৰিতে লাগি শুকাই আছে। মোৰ চকু তালৈকেহে গ’ল। এৰা, মুদ্ৰাদোষ। চকু যাবই। এনাক্কুলামৰ আনাৰসৰ বাগানতো কেতিয়াবা দেখো।

আমি অহা ট্ৰেইনখন আকৌ চলিল। আগতকৈ যেন দুগুন বেগেৰে চলিল। ট্ৰেইনবোৰক ভগৱানে চলি থাকিবলৈকে দিছে। চলক। সুদুৰৰপৰা সদুৰলৈ অনন্ত কাললৈকে চলিব। ইঞ্জিনবোৰ ক্ষয় গৈ শেষ নোহোৱালৈকে চলিব অথবা কোনো দূৰ্ঘটনাত দহটকীয়া ব্ৰেডৰ আকাৰৰ দবাবোৰ মোটোৰা নোহোৱালৈকে চলিব। চলক। চলক। মই কতিৰ ওচৰতে গাভিনী গাইজনীৰ নিচিনাকৈ আকৌ বহি পৰিলো। কিন্তু সি বিষাদত এতিয়াও নীলাটো হৈয়েই আছে। সি মোৰপৰা পানী অকণমান খালে। আ কৰোঁতে দাঁতকেইটা ওলাই পৰিছিল। দাঁতত আধা ইঞ্চিমান ডাঠ মলি লাগি আছে। কিছুমানৰ হালধীয়া হয়। তাৰ নহয়। বয়ল আলুৰ নিচিনা। মই তাক আকৌ সুধিলো, কিয় কৰিলিনো এইসৱ? পইচা লাগিছিল যদি ভালকৈ থাকিব লাগিছিল।

কতি মানুহটো অঁকৰা। কথাবোৰ ভালকৈ শুনাৰ পাছতো ‘হাঁ’ কৰি উঠে। সি নুশুনাৰ নিচিনা। তাতে আকৌ নিৰ্ভেজালকৈ কয়। সকলোৱে জানে, সি সচাঁয়ে অঁকৰা। তাৰ বল আছে। কামত খটুৱাব পৰা যাব। সি ক’লে, মই নিজেই নাজানো কেনেকে সৱ হ’ল। খং উঠিছিল। মাৰি পেলাম বুলি ভাবিছিলো। সাত(টা) বজালৈকে কফি খুন্দিব লাগে। বাৰ ঘণ্টা মোৰ ডিউটি। তিনিদিনৰ পইচা মোক দিয়াই নাই। গমেশ্বৰক দিছিল বোলে। তাক কিমান দিছিল সি মোক ভালকে নকয়। মালিকে মোৰ লগত কথা নাপাতে। কলা-মলা মালিকটো। মোৰ জাতটোকে দেখিব মন নাযায়। দিম কেতিয়াবা।

তাৰ পিছত কি হ’ল? মালিকে ল’ৰাটোক ওচৰতে ইংলিছ মিডিয়ামত পঢ়োৱায়। মই এদিন বাটতে কিবা এষাৰ ক’ম বুলি ভাবিছিলো। সি আমাতকৈও হিন্দী নাজানে। কিন্তু সি মোক নাচালেও। ঘৰ ওচৰতে কাৰণে কেতিয়াবা আমি তাৰ ঘৰত তক্তা দাঙি দিছিলো। এদিন মই তাৰ ঘৰলৈকে গ’লো। ল’ৰাটো আছিল। মোক দেখি সি লোৰ গেটখন জপাই দিলে। সি ইমান শকত সৰুতেও। নিপোটল ক’লা মেকুৰীটোৰ নিচিনা। মই তাক মাতিলো। নেওলটোৰ নিচিনাকৈ আহিল। হিন্দীতে ক’লো, বাপেৰে ক’ত? নামাতিলে। আকৌ সুধিলো, ক’ত আছে। কিন্তু সি মোৰ চকুলৈহে চাই আছিল। খঙতে হাতখন গেটৰ ফাঁকেৰে ভৰাই তাৰ হাতখন টানি আনিলো। মাটোক কৰি মাত দি উঠিল। সি মৰা যেনকৈ চিঞৰি দিলে। মই ভয়তে কম্পেনীৰ পশ্চিমফালে থকা ৰাস্তাটোৰ ফালে পলাই দিলো। অ’, সেইটো ৰাস্তাইদি মইও গৈছো। কতিক মই ক’লো।

মই ম’বাইলটো লাহেকৈ পকেটৰ আঁৰতে চালো। দহ বাজি সাতচল্লিচ মিনিট পাৰ হৈ গৈছে। কতি কিবা চিন্তাত গধুৰ হৈ আছে। তাক কিজানি হাঁড়ে-মঙহে ঘটনাটোৰ বিষে হালিছে। মই ঘটনাটোৰ কথা আকৌ নুসুধিলো। এতিয়া গাঁৱতেই পলাই থাকিব লাগিব- সি নিজেই ক’লে। মই তাৰ মনটো অলপ পাতলাবলৈ বেলেগ কথা এষাৰ সুধিলো। আৰু তাত কি কি কৰিছিলি? এনেতে আমাৰ দবাৰ কাষতে ঘুটুংকৈ শব্দ এটা দিলে। আমাৰ সুখতে বহি থকা অকণমান ল’ৰাটোৱে বাপেকক ক’লে,বাদাম আনিছে। সি বেছ কায়দাৰে হিন্দীত কথাষাৰ কৈছিল। মই তালৈ লাহেকৈ চালো। সুন্দৰ ল’ৰা। ছালখনো ৰঙচুৱা। ফুৱেণ্টছিলিঙৰ বিয়েৰৰ দোকানীবোৰৰ ল’ৰাবোৰ এনেকুৱা হয়। প্লাষ্টিকৰ বস্ক এটাত বেপাৰীটোৱে বাদাম আনিছিল। মটিয়া বৰণৰ মানুহটো। মই তাৰ চকুলৈ ভালদৰে চালো। কতিয়ে কৈ উঠিল -ৰমা দাইৰ নিচিনা। চেলাউৰিত একেবাৰেই মিল আছে।

কতিয়ে ক’লে, কেতিয়াবা গমেশ্বৰহঁতৰ লগতে ফিলিম চাইছিলো। পঞ্চাছ টকাৰ টিকট। খুব ভাল লাগিছিল। অৱশ্যে কেতিয়াবা আমি ওচৰৰে বিলত কাছও ধৰিছিলো। সিহঁতে ৰূমত চুৰকৈ খায়। কিন্তু সিহঁত বহুত বেয়া। হোটেল যায়। মই ক’লো, কিয়? কতিয়ে মলি লগা দাঁতকেইটা মোৰ কাণৰ কাষতে লগাও যেনকৈ ক’লে - ‘ৰেন্দি’। ৰেন্দিৰ ওচৰলৈ যায়। ছেহঃ। কতিয়েও মোৰ সুখতে সিহঁতক গালি দিলে। সি আকৌ ক’বলৈ ধৰিলে, অসমীয়া ল’ৰা বহুত যায়। মই ক’লো, হ’ব। কেতিয়াবা কবি। চবেই শুনিব এতিয়া। পাছত মই ভালকে শুনিলে বেলেগকো ক’ব পাৰিম।

মই অলপ পানী খালো। বাদামৰ পাকেটত থকা কলা নিমখৰ সৰু টেমাটো উলিয়ালো। কতিক অকণমান দিলো। মইও খালো। আকৌ কতিক সুধিলো, তই পিছে? হাঁহিলো মই। কতিয়ে মোক ক’লে, মোকো ভাবনে তই? নাভাবো। এনেয়ে ক’লো। কতিৰ চোলাটো লেতেৰা। নিমখ খোৱা হাতখন তাৰ গাতে ধেমালিতে মোহাৰি দিলো।

ৰাতি বহুত হ’ল। সাউৎ সাউৎকৈ শব্দ কৰি ট্ৰেইনখন গৈয়েই আছে। টোপনিয়েও ধৰিছে মোক। এডিডাছৰ বেগটো মোৰ কাষতে আছে। মুৰটো তাতে বঢ়িয়াকৈ পেলাই দিলো। আস, আৰাম।

কতিৰ কথাষাৰ শুনি কিছুমান ঘন ঘন কথাই মোৰ মনত খুন্দিয়ালেহি। আনাৰসৰ কম্পেনীটো অসমৰ বহুত ল’ৰা আছে। সিহঁতৰ চৰিত্ৰৰ কথা মইও জানো। অৱশ্যে কট্টমৰ কেইবাটাও কম্পেনীত মোৰ দুজনমান বেছ ভাল বন্ধও আছে। প্ৰবীণ এবাৰ চাকিগাচিত আছিল। বিস্কুটৰ কম্পেনীত। গধুৰ কাম কৰিব নোৱাৰা চেৰেলা ল’ৰাৰ কাহিনী সি আমাক কয়। ক’লকাতাৰ বেশ্যাৰ কাহিনীও সি আমাক কৈছিল, নিশা ৰামী খেলোতে। তাৰ কথা শুনিলে সবেই হাঁহে। মইও হাঁহো। কথাৰ মাজতে সি ইমান বেয়া কথা কয়। এবাৰ তাক মই ধেমালিতে সুধিছিলো, বাৰু কোৱাচোন, তুমি লগ পোৱা বেশ্যাৰ লগত ইউৰোপীয়ান যুৱতীৰ পাৰ্থক্যটো কি? ইহঁতে কৰঙনলৈকে মাথো মোজা নিপিন্ধে। অৱশ্যে ইহঁতবোৰ নিকেল কালাৰৰ সি টপৰাই কৈছিল। তেতিয়া তাৰ কথাবোৰত মইও হাঁহিছিলো। সি মোতকৈ এহাতমান ওখ। সমীহ কৰি চলিছিলো। তাৰ ম’বাইলত কেতিয়াবা মই নে’ট চলাইছিলো। মাইক্র’মেস্ক ম’বাইল। বৰ দামী, ওঠৰ হাজাৰমান হ’ব। ঘৰত থকা হ’লে সি হয়তো ল’ব নোৱাৰিলেহেঁতেন। এতিয়া সিও নে’ট চলায়। ময়েই শিকাই দিছো। এতিয়া সি অপেৰামিনিত ছেভ পেজ্ বনাবও জানে। এবাৰ দেখিছিলো, সব পৰ্ণ ছাইট।

আঁচলতে অসমীয়া ল’ৰাৰ বিষয়ে মই ভালদৰেই জানো। ভূটানত যেতিয়া আছিলো, ফোৱেণ্টচিলিঙৰ ষ্টিল কম্পেনীত অসমৰ ল’ৰাই বেছি। সিহঁত বৰ সাহসী। গৰম লোৰ লাভাৰ পাঁচহাতমান আঁতৰতে বঢ়িয়াকৈ কাম চলাই যাব পাৰে। লোৰ লাভা ভৰ্তি আগ্নেয়গিৰি যেন বিশাল পুখুৰিটোত সিহঁতে একৰকম কায়দাৰে ইমান সুন্দৰকৈ কাম কৰে, এনে লাগে, যেন কোনো গ্ৰীক বীৰে জুইৰ ফিৰিঙতি ছটিওৱা দাইনিৰ লগতহে অনায়াসে যুঁজ দিছে। আমি পাহাৰৰ মজলীয়া টিলাত থকা ৰূমত আছিলো। য’ত পশ্চিম অসমৰ ল’ৰাই সাংঘাতিক বেছি। সিহঁতেও পাহাৰৰ সুবিধাজনক ঠাইত থকা বাৰলৈ যায়। এদিন নিশা সিহঁতে পাতি থকা শুনিছিলো - পইচা দিলে নিশা ভূটিয়া ছোৱালীৰ সৈতে ডেন্স কৰিবলৈও পায়। মই অনুমান কৰিছিলো, সম্ভৱতঃ সেইবোৰো নিকেলৰঙী বেশ্যাই হ’ব।

কিন্তু দাদাহঁতৰ কথাবোৰ মোৰ বিশ্বাস নহয়। এদিন সচাঁকৈয়ে পাহাৰৰ সেই ঠাইলৈ গ’লো। অকলেই। বাহঃ। বেছ সুন্দৰ। কাঠেৰে তৈয়াৰী ঘৰ। মটীয়া ৰঙৰ সুন্দৰ ঘৰটোৰ ভিতৰত অৰ্ধনাঙঠ পশ্চিমীয়া যুৱতীৰ বিৰাট বিৰাট ফটো....। ৰূমত আহি যেতিয়া দাদাহঁতৰ মুখবোৰ দেখো ভাব এটা আহি যায়- ইহঁতে ভাল এনজয় কৰিছে। আৰে, ডেকা ল’ৰা। বাধা নোপোৱা বলধ। ৰখায় সিহঁতক কোনে? নোৱাৰে ৰখাব কোনেও। আমি মাত্ৰ দুজনহে সৰু আছিলো। মোৰ চেহেৰা আছিল সাইলাখ ভাঙৰ চিলিমৰ দৰে। যিবোৰ চিলিম অনায়াসতে গঢ়ি পেলায় সস্তিয়া মদ খোৱা মানুহবোৰে। গতিকে মই দাদাহঁতক সমীহ কৰি চলো। চলিবই লাগিব। কম্পেনীত বিহাৰী অথবা বঙালী কেৰাণীবোৰে বুকু ফুটা কৰি যোৱা গালি দিলে সিহঁতেই মিটমাট কৰে। মই চেৰেলা ল’ৰা। মেঙ্গানিজৰ পঞ্চাছ কিলোৰ বস্তাটোও জুইৰ পুখুৰীত দলিয়াই পেলাব নোৱাৰো।

গমেশ্বৰৰ ঘৰ ক’ত অ’? সি বোলে বহুত পঢ়া? ধেমাজিতে। আমাৰ ঘৰৰপৰা বেছি দুৰত নহয়। তাক মই চাই ল’ম। ছাল্লা, বি.এ পাছ। দুটা চৰ দিলেই মুটিব। মই ক’লো, লাহে লাহে ক। সবে শুনিব এতিয়া। কতি মনে মনে থাকিল। জলকা মাৰিয়েই আছে। তইও মনে মনে থাক। - কতিয়ে মোকো ক’লে। ঘৰৰপৰা আহিবৰ সময়ত তাক মাকেও কৈছিল-ট্ৰেইনত কথা নাপাতিবি। সি পাহৰিছিল। মোক এইমাত্ৰহে ক’লে। তাক ঘৈণীয়েকেও কৈছিল। কতি বিয়া পতা মানুহ। ঘোঁৰাগাড়ী চলোৱাৰ পাছতহে সি প্ৰেমত পৰিছে। বিয়াও পাতিছে সোনকালে। দুজনী ছোৱালীও আছে। সোধোতে ক’লে- সৰুজনীৰ নাম, কেতেকী ডাঙৰজনীৰ বন্তী। মই ক’লো, ভাল নাম দেই।

আমি আহি থকা ত্ৰিবান্দ্ৰম এস্কপ্ৰেছ গুৱাহাটী পালেহি। খ্ৰাং খ্ৰাংকৈ হোৱা দীঘলীয়া শব্দ এটাত মোৰ চিলমিল টোপনি ভাগিল। হাওৰাতকৈও গুৱাহাটীত মানুহৰ ভিৰ যেন লাগিল। বহুত ভিৰ। বেছিভাগেই অসমীয়া মানুহ। কতিয়ে কেইবাদিনো শান্তি পোৱা নাছিল। অসমীয়া মানুহ দেখি সি হয়তো অলপ ভাল পালে। মই ক’লো, গুৱাহাটী পালোহি। ‘ওঁ’। সি মুৰ জোকাৰিলে। ক’লে, এতিয়া নামিম। ছপাৰতে যাব লাগিব, মইও ক’লো।

তিনিদিন আমি ট্ৰেইনত আহিছো। আমাৰ টোপনি খতি। কতিৰ ভয়ৰ যন্ত্ৰণা। সি ভয়ত পেপুৱা লাগিছে। সি মোক কৈছিল, মোক যেনেতেনে ঘৰ পাবগৈ লাগে। অঁকৰা পালোৱান মানুহ সি। বুদ্ধি নাই। মোৰ লগ পাই সি ভয়ৰ যন্ত্ৰণাৰ উপশম ঘটাইছে। মোৰ ঘৰ য’তেই নহওঁক, সিও হেনু মোৰ লগতেই যাব। মই গম পাই গলো, তাৰ ভাড়া দিবলৈকো পইচা নাই।

দুপৰীয়াৰ ৰ’দ। সেইদিনা গুৱাহাটীত মানুহৰ টিকা ফাটিছে। মই বেগটো মুৰতে ল’লো। কতিৰ ডাঙৰ বেগ নাই। এটা আহোতেহে কিনি লৈছে। মোৰ এডিডাছৰ ডাঙৰ বেগটো সি জোৰকৈ ল’ব খুজিলে। দি দিলো। সি বেগটো বঢ়িয়া ভঙ্গিত মুৰত লৈ ল’লে আৰু মুখমণ্ডল অকণমান ঢাক খাই গ’ল। হয়তো সি ভালেই পালে। মই তাক হোটেললৈ ললৈ গ’লো। মোৰো একাপ চাহ খাবৰ বাৰুকৈয়ে মন গৈ আছে।

হোটেলত চাহৰ টেবুলত বহুতেই মনটো অলপ পাতল লাগি গ’ল। মই বহা চকিৰপৰাই হোটেলৰ আগফালে চাই পঠিয়ালো। মিঠাই থোৱা ৰেকটোৰ গ্লাচখনৰ মাজেৰেই দেখা পালো, গুৱাহাটীৰ বৃহৎ বৃহৎ আট্টালিকাবোৰ। দুটামানৰ মিহি ৱালত লাগি আছিল সেউজীয়া ৰঙৰ শেলুৱৈ। তেনেকুৱা শেলুৱৈ এবাৰ মই দেখিছিলো বেছ জনপ্ৰিয় নোহোৱা কাকত এখনৰ প্ৰথম পৃষ্ঠাৰ সাতোটামান ৰিঙৰ ছবিত। যিবোৰ ৰিঙত অনায়াসে শুই কটাই দিব পাৰে কামিহাড় ওলোৱা বাংলাদেশী ধূৰ্ত কিশোৰবোৰ আৰু সিহঁতৰ দূৰ্ভগীয়া মাকবোৰে। যিবোৰ মা’ই হয়তো কাহানিও চুহি পোৱা নাই হালধীয়া মছলা লগা কুকুৰাৰ ঠেং অথবা পিন্ধি পোৱা নাই মখমলজাতীয় দামী ছুৱেটাৰ। এনেতে হোটেলৰ বয়টোৱে খুৰমা এটা উলিয়ালে। কতিয়ে খায়। ৰেকটোৰ খিৰিকিখন বেকাঁ হৈ থাকিল। মই কতিৰ মুখলৈকে চালো। কতিক ক’লো, তই মোৰ লগত যাব নালাগে। ঘৰলৈকে যা। একো নহয়।

হোটেলৰপৰা আহি আমি গুৱাহাটিৰ ৰাজপথত ভৰি থলোহি। মই ছুপাৰৰ টিকটৰ বাবে কাউণ্টাৰলৈ যাব লাগে। কতিকো তাতে টিকট কাটি দিম। আহোতে ৰাজপথৰ ভিৰৰ মাজতে মই দেখা পালো দুজন কেৰেলিয়ান টাইপৰ ঘৰ্মাক্ত মুখৰ মানুহ। পিচে পিচে উখহা গালৰপুলিচ এজনো তলমোৰ কৰি গৈ আছে। যেন তাৰ ঘৈণীয়েকে দামী চেইন ল’ব নোৱাৰাৰ বাবে যোৱা ৰাতিৰপৰা পেচহে পাতিছে, এনে ভাবত। কতিয়েও সিহঁতক দেখিছিল। সি মোক ক’লে- সৌ দুটা চা। পাখণ্ডবোৰ অসমতো আছে। মই ক’লো, পুলিচ কিজানি বা। সি উচপিচাই উঠিল। ল’ৰাটো মৰি যোৱা নাইতো? মৰিলে ইয়ালৈকো পুলিচ আহিব। অসমৰ পুলিচকো খবৰ দিব। তোক নধৰালৈকে নেৰিব। সি ছিৰিয়াছ হ’ব বুলি জানিও মই ধেমালিতে কথাষাৰ কৈছিলো। হ’ল। এতিয়া কি হ’ব? কতিয়ে মোক জোৰেৰে ক’লে। হয়তো তাৰ বুকুত ভয়টোৱে ঢপলা ঢপলকৈ সুমাই আহিছিল। একো নহয় ব’ল। গৈ থাক।

কতিক যেতিয়া মই মোৰপৰা বিদায় দিবলৈ লৈছো, ভাবিছো ভৰিত লাগি থকা হাতী জোকটো কেনেবাকৈ এৰাল। ভালেই হ’ল। কেইবাদিনিয়া যাত্ৰাৰ সহযোগীৰ বিদায়ত কিছুমান মানুহ কাতৰ হয়। কিন্তু মই নহওঁ, বিশেষকৈ কতিহতঁৰ নিচিনা মানুহবোৰৰ বাবে। যদিও ট্ৰেইনত তাৰ সৈতে অসংখ্য কথা পাতিলো, তথাপি তাৰ প্ৰতি মোৰ বিতৃষাৰ ভাব এটা উপজিল। তাৰো ছোৱালী আছে। সিও বাৰু বস্তিৰ হোটেললৈ যাব লাগেনে। ছেহ। তই কুকুৰ। কথাৰ পাকতহে সাংঘাতিক কথাটো মই গম পাইছো। ট্ৰেইনতেই তাক মই চৰ আৰু গালি দিলোহেঁতেন। কিন্তু নিদিও সিহঁতক। খঙৰ ভমকত সি যদি মোকে বাহিৰলৈ গতা মাৰি দিয়ে, মোৰ মুৰটো দুফাল হৈ পোৰপোৰকৈ গৰম ঘিউ ওলাই আহিলহেঁতেন। অৱশ্যে যোৱাৰ পৰত সি মোক ধন্যবাদেৰে দুটামান মূল্যহীন কথা কৈ থৈ গ’ল। তাক ভয়টোৱে খেদিয়েই ফুৰিছিল। মোৰ হাতখনত ধৰোঁতে অকণমান কঁপিলে। মই তাৰ পিঠিত ঢকা এটা মাৰিলো। তাৰ বাছৰ ভাড়াও নাই। অসমীয়া মানুহ । ময়েই দি দিছো। ছ’পাৰলৈ যাবৰ পৰত মই তাক ক’লো, তোক বিচাৰিবলৈ পুলিচ নিশ্চয় আহিব, চাবি। পুলিচ দেখিলেই সাৱধান। যিকোনো উপায়েৰে পলাবি।

মই যেতিয়া ঘৰলৈ আহি আছো কতিৰ কথাও মনৰপৰা যোৱা নাই। ভাগৰত খুব অৱশো হৈছো। হমেই, কট্টমৰ আনাৰসৰ কম্পেনীৰপৰা অসমৰ বাঁহতলৰ নাহৰণিলৈ আহিছো। হাজাৰ মাইলৰ বাট। চকু দুটা মই মুদি দিলো। হঠাতে কতিৰ কথা কিহবাকৈ মনত পৰি গ’ল। বেচেৰা মানুহটো যথেষ্ট শকতেই। হাঁহিলে চকুৰ কোণতে একধৰণৰ কোচ ওলাই পৰে। চুলিবোৰ চুটি যদিও তাক ক’লকাতাৰ কিতাপ দোকানৰ শান্ত আৰু সৰল মালিকৰ দৰেই লাগে। পিচে খঙটোহে বৰ চোকা। কিন্তু সি যোৱাৰ পৰত তাক ভয় খুৱাব নালাগিছিল মই। ছেহ। ক’লা মানুহ দুটাও একেখন বাছতে টিকট কাটিছে। পুলিচটোও যাব কিজানি। ওচৰতে আছিল। এহ, যাওক। মই এতিয়া মুৰ নঘমাও। সিওটো হোটেল যোৱা মানুহ । খিৰিকিৰ ফাঁকেৰে ফিৰফিৰিয়া বতাহ সোমাই আহিছে, মই খিৰিকিখন জপাই দিলো।

শিতান সমূহ