‘বাহিৰত অতিপাত বৰষুণ। ছাইৰঙী মেঘৰ চপৰাবোৰত লুকাই থকা আকাশখনে যেন কাৰোবাৰ ওপৰত ক্রোধিত হৈ ক্ষণিকৰ বাবে হ’লেও শান্ত হ’বলৈ খোজা নাই। মূষলধাৰ বৰষুণজাকৰ তীব্ৰতাৰ প্ৰাবল্যত উপেক্ষিত হৈছে--কাণ তাল মৰা বিজুলী ঢেৰেকণিৰ গৰ্জন স্তব্ধিত হৈ পৰিছে প্ৰত্যেকটো প্ৰাণীৰ গতি। তথাপি কিন্তু প্ৰকৃতিৰ এনে তাণ্ডৱ ৰূপে সেই মহিলাগৰাকীৰ বিৰামহীন গতিপথত বাধাৰ প্ৰাচীৰ ৰূপে থিয় দিব পৰা নাই। তমসাচ্ছন্ন ৰাতিটোত ওখ ওখ শিমলুকেইজোপাৰ প্ৰকাণ্ড ধেনুভিৰীয়া ডালকইটাত খুন্দা খাই চোঁচা মাৰি অহা বা মাৰলি জাকে তেনেই বেয়াকৈ তিয়াই পেলাইছে...মহিলাগৰাকীৰ ধোঁৱাবৰণীয়া চাদৰৰ আঁচল। এধানি কোমল উত্তাপ বিচাৰি বিকট চিঞৰ মাৰি জঠৰ হোৱা নৱ জাতকটিৰ আৰ্তনাদবোৰক আওকাণ কৰি গতানুগতিকভাৱে তেওঁ মাথোঁ আগবাঢ়িছে অতি বেগেৰে। প্ৰচণ্ড শীতক নেওচি তৎমুহূৰ্ততে এজনী পাগলীয়ে সেই মহিলাগৰাকীৰ পিছে পিছে হাত মেলি দৌৰিছে। সম্ভৱতঃ কেঁচুৱাটোৰ প্ৰাণ ৰক্ষাৰ স্বাৰ্থত। তাই যেন খুউব কাতৰভাৱে চিঞৰিছে...অ’ আইতী...নাই নামাৰিবি অ’ তাইক...। অৱশ্যে সেই পাগলীজনীৰ অনুৰোধতে নে কিয় নাজানো..., মহিলাগৰাকী ক্রমাৎ অগ্ৰসৰ হৈছে...বিজুলীৰ চাট্‌মৰা পোহৰত জিলিকি উঠা ‘আকাংক্ষা’ৰ দিশে...‘আকাংক্ষা অনাথ আশ্ৰম’।

অন্তৰৰ কোনোবা এঠাইত শীতল আঘাত দি উক্‌মুকাই থকা কৰুণতম এই বিষয়বস্তুক সাৰমৰ্ম হিচাপে লৈ অংকন কৰা ছবিখনৰ দ্বাৰা মহাবিদ্যালয় চিত্ৰাংকন প্ৰতিযোগিতাত অভিলাষাই আজি প্ৰথম স্থান পাবলৈ সক্ষম হৈছে আৰু সেয়েহে বুকুৰ কোণত নিবিড়ভাৱে খোদিত থকা এই চিত্ৰখনকে এতিয়া দুপৰ নিশা তাই পুনৰ কেনভাছত জীৱন্ত ৰূপ দিয়াৰ প্ৰয়াস কৰিছে। আধামেলা ‘ভেণ্টিলেটৰ’খনেদি বাগৰি অহা কুঁৱলীমিশ্ৰিত জোনাকৰ বিচ্ছুৰিত পোহৰ এধানিয়ে অন্ধকাৰত ডুব যাব খোজা তাইৰ গোটেই কোঠালিটো এক অনন্য ৰূপত সজাই তুলিলে।অভিলাষাই অতি একান্তমনে ক’লা-বগা ৰঙৰ মিশ্ৰণ ঘটাই আন্ধাৰঘন উচুপনিবোৰত চটিয়াই দিলে। ক’লাছাতিৰ তলৰ ধোঁৱা বৰণীয়া চাদৰ পৰিহিত মহিলাগৰাকীৰ চৰিত্ৰক তাই অলপ জটিল ভংগীমাৰে সজাব খুজিছে। বিজুলীৰ ঘন পোহৰে অধিক গাঢ় কৰি তোলা ‘আকাংক্ষা অনাথ আশ্ৰম’ শব্দ তিনিটা বেঙুণীয়া আৰু ৰঙা ৰঙৰ সমাহাৰেৰে বেছ আকৰ্ষণীয় হৈ পৰিছে।পিছমুহূৰ্ততে সোঁহাতৰ সৰু গাঁথিটো অলপ বিষোৱা যেন অনুভৱ কৰিলে তাই। ক’ব নোৱাৰাকৈয়ে হাতৰ ঘৰ্মাক্ত তলুৱা দুখনেদি মজিয়াত খহি পৰা তুলিকাডাল তুলি আনি পুনৰ ৰং প্লেটখনতে গোজা দি ৰাখিলে। বুকুখনত হাত দি চালে অভিলাষাই-দ্ৰুততৰ স্পন্দন। অনামি এক শোকত বুৰ গৈ তাই আজি বৰ অকলশৰীয়া অনুভৱ কৰিছে। মাকৰ অনুপস্থিতিত ৰুগ্ন হৈ পৰা তাইৰ দেহৰ ভাগৰুৱা সন্ধিবোৰে যেন প্ৰতিপল ক্ষণ গণিছে...মাথোঁ মাকৰ আগমনৰ।মা...(?) মোৰ মা আছে। হঠাতে কৌতূহলী হৈ ফেঁকুৰিবলৈ ধৰা অভিলাষাৰ দুচকুত তপত শোণিত বিৰিঙি উঠিল। মনলৈ অহা ক্ষন্তেকীয়া স্মৃতি এজাকে নজনাকৈয়ে তাইৰ দুগালত এটা পাতলীয়া হাঁহি বিলাই থৈ গ’ল...।‘আকাংক্ষা অনাথ আশ্ৰম’... আত্মীয়তাৰ এনাজৰীৰে এটোপ-দুটোপকৈ জ্ঞানমৌ আহৰণ কৰি প্ৰজ্ঞাৰ দিকচৌ বাটত খোজ দিবলৈ শিকোৱা এইখনিয়ে জানো অভিলাষাৰ নিগাজী ঘৰ নহয়? তাইৰ অপৰিপক্ক দেহৰ কোমলাস্থিত সেউজীয়াৰ সুবাস ঢালি দুচকুত মিঠা সপোনৰ কাৰেংঘৰ সাজিবলৈ এই জ্ঞান মন্দিৰৰ বাকৰিয়ে জানো শিকোৱা নাই। নাই...এই কথা তাই অস্বীকাৰ কৰিব নোৱাৰে। এই মন্দিৰৰ সুবিশাল বাকৰি অভিলাষাৰ বাবে সংস্কাৰময় জীৱনৰ দুৱাৰডলি, কঠোৰ শাসন, নীতি জ্ঞানৰ বন্তি আৰু মিনু মাহী... আশ্ৰমৰ হাজাৰ হাজাৰ পিতৃ-মাতৃহীন দেৱশিশুৰ দৰে তাইৰো অতি মৰমৰ মা...।নিসংগতাত দুলি ৰোৱা ক্ষণিকৰ সময়কণত সেয়ে আজি তাই গৰকি অহা ওঠৰটা বসন্তৰ অব্যক্ত স্মৃতিক সজোৰে আঁকোৱালি লৈ মাকৰ সৈতে এক নিবিড় আলাপত মগ্ন হৈ পৰিব বিচাৰিছে। টেবুলতে পৰি থকা বগা উকা কাগজখনত কলমৰ নিপেৰে তাই আঁক বহুৱালে...

পূজনীয়া মা,মৰম আৰু শ্ৰদ্ধা গ্ৰহণ কৰিবা। মোৰ দুহাতত তোমালৈ এখন আলসুৱা পৃথিৱীৰ নিমন্ত্ৰণ। আকুলতাৰে চুমিলে পাবা মৌ সনা অনুভূতিৰ আলিংগন, ৰ’দবুলীয়া সপোনৰ সন্মিলন।আইৰ সমাননো হ’ব কোন? মা...তুমি আন্ধাৰভেদি উদ্ভাসিত হোৱা সোণালী কিৰণৰ এখনি সেন্দুৰীয়া প্ৰতিচ্ছবি। তোমাৰ পনিয়লী ওঁঠৰ গানেৰেই ৰংচঙীয়া হয় হৃদয়ৰ হেঙুলীয়া চিত্ৰশালা। তোমাৰ ভৰুণ দেহৰ উন্মাদনাপূৰ্ণ কোমল এধানি উত্তাপতে হয়তো এদিন মই কোচ্‌মোচ্‌কৈ বুটলিছিলোঁ মৰম। সেইকণ সোৱাদৰ দুষ্টালিৰ বিষয়ে ক’বলৈতো তুমি মোৰ ওচৰত তেতিয়া নাছিলা...আৰু আজিও...।সোঁৱৰণীৰ ক্ষণবোৰ মোৰ বাবে বৰ ৰসাল মা...। সময়ে বাগৰ সলালে। হৃদয়ৰ এমুঠি নীলাভ চুম ‘মইজনী’ হৈ পৰিলোঁ মিনুমাহীৰ ৰংচঙীয়া বুলবুল। বুকুৰ থুনুকা কুটীৰত ‘আকাংক্ষা অনাথ আশ্ৰম’ৰ বাকৰিকে স্বীকৃতি দিলোঁ আপোনঘৰৰ, কিয়নো মই যে তোমাৰ অস্বীকৃত সন্তান।মিনুমাহী..., মোৰ উৰুখা পঁজাৰ আটাইকেইখন চিনাকি মুখৰ সবাতোকৈ মৰম আৰু আদৰ্শৰ ব্যক্তি। জানা মা, তোমাৰ অৱহেলিত বুলবুল...মিনুমাহীৰ গৌৰৱৰ সোণপাহি। কেঁচেলুৱা এবুকু মৰমী পৰশ সানি মাহীয়ে নিতৌ আওৰাই দিছিল মোৰ ওঁঠত অনুচ্ছাৰিত শব্দ ‘সূৰ্যমুখী’। দুচকুত সেউজীয়া সপোনৰ ৰেঙণি বুলাই শিথিল কৰি তুলিছিল মোৰ অসন্তুলিত আঙুলি। অভিমান ভৰা উচুপনিবোৰক নিচুকাবৰ বাবে মাহীয়ে মোলৈ কঢ়িয়াইছিল এজাৰ ৰঙী ফ্ৰকৰ মৰমলগা উপহাৰ। কিমান যে স্ফূৰ্তিকৰ দিন আছিল সেয়া। মিনুমাহীৰ স্নেহভৰা আদৰ্শক আঁজুৰিয়ে আমি আওৰাইছিলোঁ জ্ঞানৰ মালিতা। ব্ৰতী হৈছিলোঁ প্ৰজ্ঞাৰ সাধনাত। আত্মীয়তা, একাত্মতা, ভালপোৱাৰ সংজ্ঞাৰে সাৰোগত কৰিছিলোঁ মানৱীয়তাৰ আদিপাঠ। আমি উপভোগ কৰিবলৈ শিকিছিলোঁ আলসুৱা জীৱনৰ বাংময় ছন্দবোৰক।‘সম্পৰ্কবোৰ আৱেগ আৰু মৰমৰ সুগভীৰ নৈ...অন্তহীন আকুলতাৰে সংপৃক্ত বুকুজুৰি বিয়পাই থকা মৌ মিঠা গান...’ এয়াই মিনুমাহীৰ আদৰ্শ।পৰিৱৰ্তিত সময়ৰ তাগিদাত ওঠৰটা বসন্ত গৰকি আজি ‘মইজনী’য়ে উশাহ সলালো। সলনি হ’ল পশ্চিমাকাশৰ পানচৈত ওলমি ৰোৱা ভাগৰুৱা সূৰুযৰ সন্ধ্যাৰাগ। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত এইবাৰ মই উত্তীৰ্ণ হ’ম। ছবি অঁকাত মোৰ বিৰাট ৰাপ। তুমি জানানে...মহাবিদ্যালয় চিত্ৰাংকন প্ৰতিযোগিতাত আজি মই প্ৰথম হ’লোঁ, তথাপি সুখী হৈয়ো যেন মই অসুখী।জানা মা... আৰু এখন চিনাকি মুখৰ সৈতে পৰিচয় কৰাই নিদিলে মোৰ জীৱনৰ প্ৰতিটো খোজ আধৰুৱা হৈ পৰিব। সৰাপাতৰ দৰেই তেওঁ মোৰ জীৱনত এদিন ভুমূকি মাৰিছিল। মনত পৰে তেওঁ আমাৰ আশ্ৰমত মোৰ সৈতে সময় অতিবাহিত কৰিবলৈ বৰ ভাল পাইছিল। কিন্তু বাহ্যিকতাত পাগলী যেন অনুভৱ হোৱা বাবে তাইক মোৰ মুঠেই ভাল নালাগিছিল। মিনুমাহীয়ে তেতিয়া বুজাইছিল মোক..., ঠিকনাবিহীন ই পাগলীজনী আগৰেপৰা আশ্ৰমলৈ আহে যদিও মই যেতিয়া কেঁচুৱা আছিলোঁ তেতিয়াৰে পৰা মোৰ সৈতে তেখেতৰ ঘনিষ্ঠতা বোলে অলপ বেলেগ আছিল। মাহীৰ অনুমতি মৰ্মে আনকি মাজে-সময়ে তাই মোক নিচুকাবলৈ আহিছিল।মাহীয়ে তেনেকৈ কোৱাত পাগলীজনীৰ প্ৰতি অনুকম্পা জাগিল। আমাৰ আত্মীয়তা ক্রমাৎ বাঢ়ি আহিবলৈ ধৰিছিল। তাই প্ৰায়ে ব্ৰেডৰ টুকুৰা বিচাৰি মোৰ কাষ চাপে...আমি দুয়োজনী বাৰাণ্ডাতে বহি ঢেৰ ধেমেলীয়া কথা পাতোঁ। মই অৱশ্যে তাইক ‘তই’ বুলিহে সম্বোধন কৰিছিলোঁ। কিবা আপোন আপোন লাগে। তাই আকৌ মোৰ কোনো কথাতে বেয়া নাপায়। মোৰ প্ৰতি গঢ়ি উঠা তাইৰ তীব্ৰ আকৰ্ষণ প্ৰকৃততে মৰম নে মোহ মই বুজি নাপাওঁ। কিন্তু মলিয়ন এখন মেখেলা বুকুত বান্ধি তাৰ ওপৰত লোৱা ফটা গৰম কাপোৰখন দেখি মেৰা বৰ বেয়া লাগে বাবে এদিন বাদামী ৰঙৰ এখন ‘শ্বল’ তাইৰ দুহাতত তুলি দি ভৰি স্পৰ্শ কৰিছিলোঁ। অনামী এক আনন্দৰ বন্যাই সিদিনা তাইৰ দুচকু ভিৰ কৰা দেখা পাইছিলোঁ মই।সময়ে সুঁতি সলালে। গতিশীল সময়ৰ বুকুছাত প্ৰাপ্তি-অপ্ৰাপ্তিৰ এঙেৰুৱা ক্ষণবোৰক বুজিব পৰাকৈ মানসিকভাৱে কম-বেছি পৰিমাণে প্ৰস্তুত হ’লোঁ। পাগলীজনীৰ জীৰ্ণ শৰীৰ এতিয়া বেছি নহ’লেও পঞ্চাশৰ ওচৰ চাপিল। পিছে বহুদিন তাইৰ লগত দেখা দেখি হোৱাই নাই।আজি এসপ্তাহৰ আগতে তাই আহিছিল, অবুজ চাৱনি এটাৰে মোৰ সৈতে ভাৱ বিনিময় কৰাৰ অৰ্থে...‘তাই মোৰহে আই..., আজি প্ৰায় ওঠৰ-বিশ বছৰৰ আগতে তই মোৰ পৰা হেৰাই গ’লি। বহন কৰিব নোৱাৰা বস্তুবোৰৰ দুগুণ ভাৰে জঠৰ কৰি পেলোৱা মোৰ দেহাটোত সতিনীয়ে এচাৰিৰে কোবাইছিল। এদিন তাই মোক খেদি দিলে জান। তোক সেই ভূতুনী জনীৰ লগতে এৰি থৈ আহিব লগা হ’ল। বহুত বৰষুণ দিছিল সেই ৰাতি। আঁহত জোপাৰ তলত বহি থাকোতে মই দেখিলোঁ...তাই তোক ক’ৰবালৈ নিছে। মই বহুত চিঞৰিলোঁ তোক নামাৰিবলৈ। তাইৰ পিছে পিছে যোৱাত দেখা পালোঁতাই এইখন আশ্ৰমৰ বাৰাণ্ডাত তোক পেলাই থৈ গ’ল...।’এক তীব্ৰ শিহৰণে মোৰ সৰ্বশৰীৰ কঁপাই তুলিলে। চকু দুটাত কিবা এটা শক্তিয়ে এনেকুৱাকৈ আঘাট কৰিলে যে মোৰ লুণীয়া চকুলো দুচকুতে মাৰ গ’ল।তাৰ পিছত দীৰ্ঘ ছয়দিন তাইক মই ক’তো দেখা নাই। তাইৰ চিনাকি নৈখনৰ পাৰতো দেখা পোৱা নগ’ল।মা...আজি আবেলি নৈৰ পাৰত এক বৃহৎ জনসমাগমে বৰ হুলস্থূল পৰিৱেশৰ সৃষ্টি কৰিছিল। ময়ো সোমাই গৈছিলোঁ...ভিৰ ফালি। পানীতে উপঙি থকা নিথৰ দেহ এটাক মানুহবোৰে উঠাই আনিবলৈ চেষ্টা কৰা দেখিছিলোঁ। মাটিত ঢলি পৰিছিল বুকুত মলিয়ন মেখেলাৰে বন্ধা আমাৰ চিনাকি পাগলীজনীৰ প্ৰশান্তিৰে ভৰা মুখাৱয়ব। শান্তিত বুৰ যোৱা তাইৰ কায়াক জোকাৰি জোকাৰি মই মাথোঁ অভিমান কৰিলোঁ...আকাশ ফালি।‘অ’...তাই যে মোৰ মা...’জোনাকবোৰক গোগ্ৰাসে গিলিব ধৰা কুঁৱলিজাকে তেতিয়াও ৰাতিপুৱাৰ ক্ষণ গণিছিল।