(১)

ভীমবাৰৰ গোন্ধ পালে মোৰ তোমালৈ মনত পৰে । ক্ষণিক মৌন হৃদয়ত শিঁহৰিত হয় নষ্টালজিয়াৰ দলিচা ।

"হাঁহি এটি পিন্ধি লোৱা

অনেক হাঁহি বিয়পিব

ভাঙি পাতি খুলি কোৱা

মনৰ দ্বিধা আঁতৰিব "

বেয়া পাওঁ কুলিৰ মিঠা মাত । বেয়া পাওঁ আন্ধাৰৰ এচুকৰ মৰম , বেয়া পাওঁ পঞ্চ তাৰকা হোটেলৰ বিলাসী খানা । কাৰণ কিয় জানা ? তোমাৰ মাত সকলোতকৈ মিঠা , মৰমবোৰ নিৰ্ভেজাল প্ৰশান্তি আৰু তোমাৰ হাতৰ ৰন্ধা স্বৰ্গৰ অমৃততকৈ অনুপম ।

সঁচাকৈ হেমাংগই ঠিকেই কৈছিল পিছে ,

"…শেষত সোঁৱৰো আপুনি মই সকলোৱে ৰাতি ৩ বজাত ধৰি গীটাৰৰ ষ্ট্ৰিংত হাত………"

( কবিতা -প্ৰেম সকলোতে )

হোষ্টেলৰ বন্ধবেৰত প্ৰথম নিশাবোৰ উজাগৰী হৈ পৰে । দিনৰ পাছত দিন অপেক্ষা সেই নিৰ্দিষ্ট সাপ্তাহিক সময়কণলৈ। ন'কিয়া ১২০০ ম'ডেলৰ সেই ভ্ৰাম্যভাষা টোৰেই নিৰ্ধায্য এক ঘন্টাত দুটা মিছকল । এনেদৰেই আৰম্ভণি । পাছলৈ তথাকথিত secret phone ৰে প্ৰতিদিন এবাৰকৈ বাৰ্তালাপ । সেয়াই যেন আছিল অযুত প্ৰেৰণা , শক্তিৰ উৎস । জীৱনটোক লৈ প্ৰতিনিয়তত সৃষ্টি হোৱা মানসিক উৎপীড়ণবোৰৰ সাময়িক দমাবলৈ সেয়াই যথেষ্ট ।

ভূপেন মামায়ো জীৱন দি পূজাৰ কথা কয় নিঃকিন জীৱনৰ পুৱাৰ ৰ'দালিয়েই যে তোমাতেই ন্যস্ত । ভাৰ্গৱে শিকাইছিল পূজাৰ মন্ত্ৰ । সেয়াই আদি ,সেয়াই অনন্ত ।

ইঞ্জিনিয়াৰ হৈ আকাশলংঘী অট্টালিকা সজাৰ সপোন নাই । নালাগে মোক বিলাসী গাড়ীৰ মখমলীয় সুবাস । মোৰ প্ৰয়োজন মানবীয়তাৰ আজন্ম চিনাকী সেই ধাত্ৰী গৰাকীৰ। দুবেলা দু-সাজেৰে মুখত হাঁহি অহেতুক কাৰণতো বৈ থকাতে সুখ । তাতো আছে সপোন অথবা জীৱনানন্দ ।

এটা কথা কি জানা কোনো অস্পৃশ্য শক্তিয়ে ৰাখিব নোৱাৰে মোক । মোৰ কপালত আছে তোমাৰ আশীৰ্বাদেৰে গঁথা স্বাভিমান আত্মগৌৰৱ ৰহিত বিজয় তিলক ।

"মুদিম আকৌ চকু তোমাৰ

কোলাতে শুই

জীৱনৰ শেষ সন্ধিয়াত "

( উচৰ্গা - মোৰ জীৱনটোৰ পুৱাৰ ৰেঙণি তোলা আইৰ চৰণত)

(২)

' সোঁৱৰণিৰ কুঁৱলীয়ে ভেটিব পাৰে জানো বাট'

সৌ সিদিনাৰ কথা যেন লাগিলেও চাওঁতে চাওঁতে তিনিটা বসন্তই পাৰ হ'ল। সুদীৰ্ঘ ১২ বৰ্ষ ধৰি ১ জুলাই দিনটো আছিল তাৰ অতিকে প্ৰিয় । কিয়নো তাৰ পিছতেই যে গৰমৰ বন্ধ । পৰীক্ষা শেষ হোৱাৰ স্ফূৰ্তী, অনাগত গৰমৰ বন্ধ অথবা খানা খোৱাৰ আনন্দ । অইন কেইদিনাতকৈ সি এই পুৱাটিত খুব সোনকালেই সাৰ পায় ; উদ্দেশ্য নামঘৰৰ সন্মুখৰ বকুলজোপাৰ ফুল অইনতকৈ আগতে সংগ্ৰহ কৰা - আচাৰ্যসকলক যে মালা পিন্ধাব লাগিব | পৰা নোৱাৰা, শিকা নিশিকাৰ দোমোজাত মাকে গোটাই দিয়া বেজী গুলীৰে মালা গাঁথিব লাগিব । সময় ৯ বজাৰ লগে লগে বিদ্যালয়ত আৰম্ভ হয় কাৰ্যসূচীৰ । সমনীয়াৰ দৰে সিও মালা পিন্ধাবলৈ আগবাঢ়ি যায় এখুজি দুখুজিকৈ । গৃহকাৰ্য , শুভেচ্ছাৰে অৱশেষত ঘোষিত হয় অতিকে প্ৰত্যাশিত গৰমৰ বন্ধ ।

"আজিৰ পৰা স্কুল বন্ধ

গোলাপ ফুলৰ গোন্ধ

কি যে মহা আনন্দ "

এজাক শৈশৱৰ কিৰিলিত মুখৰিত হয় চৌদিশ । কাঠৰ বেঞ্চ বোৰত প্ৰতিধ্বনিত হয় অপৈণত হাতৰ সৈনিক তালিৰ লহৰবোৰ । ঘোষিত হয় বন্ধ - সম্পূৰ্ণ এক মাহৰ ।

আজি আকৌ ১ জুলাই , ২০১৭ । সেই একেই ক্ষণ । ঘৰৰ সন্মুখতে থকা বিদ্যালয়খনিলৈ আকৌ আগমন হৈছে তাৰ শৈশৱটোৰ দৰেই সৰু সৰু পখিলাবোৰৰ । কিৰিলিত গিজগিজাই উঠিছে পুনৰ । অথচ সেই একেজাক কোৰ্হালে দলদোপ হেন্দোলদোপ লগাইছে তাৰ মন । কিন্তু সময় যে চিৰন্তন সত্য ; নিৰুপাই সি । জীৱন ৰথৰ পাকচক্ৰত বন্দী । সুন্দৰ ভৱিষ্যতৰ আশাত আজিটোৰ বাবে কাৰো ৰ'বলৈ অৱকাশ নাই । যান্ত্ৰিক হৈ পৰিছে সকলো ।

তাৰ পাছতো যেন সকলো একে আছে । নামঘৰৰ সন্মুখৰ বকুলজোপা , অনাগত গৰমৰ বন্ধ , শৈশৱবোৰৰ উৎসাহ । মাথোন সলনি হৈছে সময় । আজি তাৰ সৈতে নাই সিহঁতবোৰ । কোটিবাৰ কাকূতি কৰিলেও সি আজি নোৱাৰে ঘূৰিব । এখনি হেঁপাহৰ মুখ , আশাভৰা হৃদয় । পশ্চাতত হেন্দোলনি তুলি ভাহি আহিছে চিনাকী গানৰ যাযাবৰী সুৰ,

"নিয়ৰৰে ফুল

এপাহ ফুলিল

এপাহ সৰিল কেনি ।।"