ক্লাছ শেষ হোৱাৰ লগে লগে ওলাই আহিলোঁ। বাহিৰত ফাগুণৰ বতাহজাক। অলস আবেলিটো অকলে এৰি ৰূমলৈ যাবলৈ মন নগ'ল। চাইকেলখন লৈ ইউনিভাৰ্ছিটীৰ গেইটৰ বাহিৰ পালোগৈ। আৰু ধূলিয়ৰি পথটিৰে কিছুমান অচিনাকী মানুহৰ মাজলৈ আগবাঢ়িলোঁ।

মই প্ৰায়েই এনেদৰে ওলাই যাওঁ। ইউনিভাৰ্ছিটী জীৱনৰ ধামখুমীয়াৰ পৰা কিছুসময়ৰ বাবে আঁতৰি আহি উশাহ পোৱা যেন লাগে। হোষ্টেলৰ কণমানি কোঠাটোত বহুসময় সোমাই থাকি মই আমনি পাওঁ আৰু আমনি লাগে সদায় একেবোৰ মানুহৰ মাজত থাকিও। সেয়েহে অলপ নতুনত্ব বিচাৰি মই গেইটৰ বাহিৰত থকা গাঁৱৰ মাজলৈ গৈ অকলে অকলে সময় কটাওঁ।

আজিও চাইকেল চলাই মই দলংখন পালোগৈ। ইতিমধ্যে সূৰ্য্য ডুবাৰ সময় হৈছিল। মই দলঙৰ দাঁতিত থকা পকী খুঁটা এটাত বহিলোঁ। পথৰুৱা বতাহজাকে আহি গালে মুখে কোবাইছিলহি। ঘৰমুৱা বেলিটো বোকোচাত বান্ধি গৰু-ছাগলীজাক ঘৰলৈ উভটিছিল। নাম নজনা এজাক চৰাই কিচিৰ মিচিৰ কৰি মোৰ মূৰৰ ওপৰেৰে উৰি গ'ল। পশ্চিমত এতিয়া বিদায়ৰ আয়োজন। দিগন্তত বেলিটোৱে অলেখ ৰং চটিয়াই দিলেহি। আৰু খন্তেক পিছতে আকাশখন ৰঙীণ কৰি বেলিটো হেৰাই গ'ল। মই একেথিৰে সেইফালে চাই ৰ'লোঁ। কিবা এক বুজাব নোৱাৰা দুখে মোক হেঁচি ধৰিলেহি। ঠিক যেন দুখ নহয়-গভীৰ একাকীত্ব। সূৰ্যাস্তৰ পিছৰ উদং আকাশখনৰ নিচিনা আমি প্ৰত্যেকজন মানুহেই যেন শূণ্য। মানুহৰ মাজত থাকিও আমি যেন নিঃসংগ। 

হঠাৎ পাৰ হৈ যোৱা গাড়ী এখনৰ হৰ্ণৰ শব্দই মোৰ তন্ময়তা ভাঙিলে। মোৰ কাষেৰে কেইটামান সৰু ল'ৰা ছোৱালী দুপদুপাই দৌৰি গ'ল। দুটামানে অকণ ৰৈ মোৰফালে চকু ডাঙৰ ডাঙৰ কৰি চালে-হয়তু সিহঁতৰ প্ৰাত্যাহিকতাত মই অচিনাকী। এটাই আকৌ মিচিকিয়াই হাঁহি হাত জোকাৰিলে। মইও প্ৰত্যুত্তৰত হাত জোকাৰিলোঁ। চল পাই সিহঁতে মোৰ ওচৰত আহি বহিলহি। হাতত থকা মবাইলটো আৰু য়েৰফ'নডাললৈ বাৰে বাৰে চাই থকাত মই বুজিলোঁ সিহঁতৰ আকৰ্ষণৰ উৎস কি? গান এটা লগালোঁ। সিহঁতে কি বুজিলে নাজানো কিন্তু মোৰ লগত সিহঁতেও departure songs শুনি তাত বহুত সময় বহি ৰ'ল।

আকাশখনৰ ৰংবোৰ নাইকিা হৈছিল। তাৰ ঠাই লৈছিল কজলা আন্ধাৰবোৰে। মোৰ উভতাৰ সময় হৈছিল। বহি থকাৰ পৰা উঠিলোঁ। কাষতে বহি থকাকেইটাৰ মাজৰে এজনীয়ে লাহেকৈ সুধিলে- "দিদি, তুমি ইউনিভাৰ্ছিটীত থাকা?" মই মূৰ দুপিয়ালোঁ। বেলেগ এটাই সুধিলে-"আকৌ কেতিয়া আহিবি?" উত্তৰত মই হাঁহি মাৰি ক'লো--"যেতিয়া সময় পাওঁ" বেগটো খুচৰি পোৱা চকলেটকেইটা সিহঁতলৈ আগবঢ়ালো, হাত পাতি ল'লে। মই চাইকেলত উঠিব লওঁতেই এটাই ওচৰলৈ আহি হাতত ধৰি ক'লে,"জলদি  আহিবি।"

ক'ব নোৱাৰাকৈয়ে মোৰ চকু চলচলীয়া হ'ল। মাত্ৰ কেইটিমান মূহুৰ্তৰ চিনাকি অথচ কিমান অকৃত্ৰিম আমন্ত্ৰণ সেয়া। আৰু যাক আমি চিনাকি, আপোন বুলি ভাবো তেওঁলোকেই আমাৰ বাবে কিমান দূৰৈৰ। হঠাৎ মনলৈ এটা ভাৱ আহিল-মই কেম্পাছৰ বাহিৰলৈ অহা কিমান দেৰিয়েই যে হ'ল, অথচ ইমান দেৰি মোৰ কথা কাৰোবাৰ মনলৈ আহিলনে! আনকি যাক মই নিজৰ ভাল বন্ধু বুললি গণ্য কৰোঁ অথবা যিয়ে নিজকে মোৰ বন্ধু বুলি কয়, তেওঁলোকেও ভাবিলেনে এবাৰলৈ এই মূহুৰ্ত্তত মই আছো ক'ত? বৰ্তমানৰ এই অসহায় অৱস্থাত মোৰ নিজৰ ওপৰতে হাঁহি উঠিল আৰু পুতৌ জন্মিল কৃত্ৰিম সম্পৰ্কবোৰৰ কাৰণেও। 

আন্ধাৰ ভালকৈয়ে নামিছিল। দলঙৰ তলত জাকে জাকে জোনাকী পৰুৱাই আন্ধাৰ আঁতৰ কৰাৰ বৃথা চেষ্টাত ব্ৰতী হৈছিল। ঘূৰি যাবৰ মন নাথাকিলেও উপায় নাছিল। এবাৰ মুকলি বতাহজাকত জোৰকৈ উশাহ ল'লোঁ। দূৰত শাৰী শাৰীকৈ জ্বলি উঠা লাইটবোৰলৈ চাই চাই চাইকেল চলাব ধৰিলোঁ।কাষেৰে এনেতে অইন কেইখনমান গাড়ীৰ লগতে ইউনিভাৰ্ছিটীৰ বাছখনো পাৰ হৈ গ'ল। আন্ধাৰৰ মাজত নিজকে বৰ অকলশৰীয়া অনুভৱ কৰি চাইকেলৰ গতি বঢ়ালোঁ। কিছুসময়ৰ পাছত আহি যেতিয়া কেম্পাছৰ হুলস্থুলৰ মাজত সোমালোহি, তেতিয়া মই অনুভৱ কৰিলোঁ কোনো কবিয়ে ঠিকেই লিখি গৈছিল,"চহৰীয়া স্ব-নিৰ্বাসনত আমি মানুহবোৰ সঁচাই বৰ অসুখী।