প্ৰকৃতি আৰু মানুহৰ সম্পৰ্ক কৌটিকলীয়া। মানৱ সমাজৰ বিকাশত প্ৰকৃতিৰ অৱদানৰ কথা অস্বীকাৰ কৰিব নোৱাৰি। বিভিন্ন ধৰণে প্ৰকৃতিয়ে আমাক সহায় কৰি আহিছে। প্ৰকৃতিৰ অৱদান অবিহনে জীৱকুল বৰ্তী থকাই সম্ভৱ নহয়। বিভিন্ন সময়ত যেনেকৈ প্ৰকৃতিয়ে সহায় কৰি আহিছে ঠিক তেনেকৈয়ে কোনো কোনো সময়ত প্ৰকৃতিৰ ৰোষত পৰিব লগীয়া হৈছে মানুহকে ধৰি সমগ্ৰ জীৱকুল। কেতিয়াবা যদি ভূমিকম্প আন কেতিয়াবা ধুমুহা-বৰষুণ, কেতিয়াবা যদি ভূমিস্খলন কেতিয়াবা আকৌ বানপানী।আমি সকলোৱে জানো যে অসম এখন নদীমাতৃক ৰাজ্য হোৱাৰ লগতে এক বৃষ্টিপ্ৰধান অঞ্চলো। ব’হাগ মাহ মানৰ পৰা অসমত প্ৰৱল বৃষ্টিপাত আৰম্ভ হয় আৰু অসমৰ প্ৰায় সকলো নদীয়েই বানপানীৰ সৃষ্টি কৰে। ইয়াৰ মূল কাৰণ হৈছে এই নদীবোৰে খুব কম সময়ৰ ভিতৰতে যথেষ্ট ডাঙৰ বৰষুণৰ পানী বহন কৰিবলগীয়া হয়। আনহাতে অসমৰ নদীবোৰে যথেষ্ট ক্ষয় কাৰ্য সংঘটিত কৰি গৰাখহনীয়াৰো সৃষ্টি কৰে। ক্ষয়ীভূত পদাৰ্থবোৰ পানীৰ তলত জমা হৈ নদী তৰাং কৰি তোলাৰ ফলত নদীবোৰে বাৰিষা বৰষুণৰ যথেষ্ট পানী ধৰি ৰাখিব নোৱাৰা হয়। এই জলভাগে কাষৰীয়া অঞ্চলত বানপানীৰ সৃষ্টি কৰে। কাৰ্বি-আংলং আৰু ডিমা হাচাও জিলাৰ উচ্চ ভূমিৰ বাহিৰে অসমৰ প্ৰায়বোৰ জিলাতে কম বেছি পৰিমাণে বান পানী হয়। অসমৰ বান অধ্যুষিত প্ৰধান জিলা কেইখন হ’ল ধেমাজি, লখিমপুৰ, মৰিগাঁও, নলবাৰী, নগাঁও, বৰপেটা, যোৰহাট, মাজুলী, আৰু ডিব্ৰুগড় ইত্যাদি।পূৰ্বতে অৱশ্যে অসমত এনে ভয়ংকৰ ৰূপত বানপানী হোৱাৰ কথা জনা নাযায়। যোৱা কেইটামান দশকৰ পৰাহে বানপানীৰ সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইয়াৰ বিভিন্ন কাৰণ আছে। বছৰ বছৰ ধৰি পৰ্বত-পাহাৰৰ ওপৰৰ পৰা বৈ অহা পানীয়ে লগত লৈ অনা মাটি ভাগ নদীৰ বুকুতে ৰৈ যায়। তদুপৰি জনবিস্ফোৰণৰ ফলতে ভূ-ভাগত প্ৰৱল হেঁচা পৰিছে। বৰ্ধিত আবাসিক এলেকাৰ পৰা ওলোৱা আৱৰ্জনাৰ দমবোৰ নদীৰ পাৰত বা পানী ভাগতে পেলাই দিয়া দেখা যায়। ফলত নদীৰ পানী প্ৰদূষিত হোৱাৰ লগতে নদীপৃষ্ঠ বাম হৈ পৰিছে। স্বাভাৱিকতে এনেদৰে দিনে দিনে অসমত বানপানীৰ প্ৰকোপ বৃদ্ধি হৈ আহিছে।বানপানী সৃষ্টি হোৱাৰ আন কিছুমান কাৰণো বৰ্তমান দেখিবলৈ পোৱা গৈছে। ইবিলাকৰ ভিতৰত অৰুণাচলৰ নিপকো সৃষ্ট বানৰ কথা ক’ব পাৰি। বিজুলী উৎপাদনৰ বাবে সংৰক্ষণ কৰি ৰখা পানীৰ পৰিমাণ অতিপাত বৰষুণৰ ফলত বাঢ়ি যায়। সেয়েহে যি হাৰত পানী এৰিব লাগে তাতোতকৈ বেছি পৰিমাণে পানী এৰি দিয়াৰ বাবে নদীবোৰে পানীৰ বোজা ব’ব নোৱাৰা হৈ পৰে আৰু স্বাভাৱিকতে ওফন্দি উঠে। ফলত এনে অতিৰিক্ত পানীয়ে নদীৰ মথাউৰিত প্ৰৱল ভাৱে খুন্দা মাৰে আৰু মথাউৰিৰ দুৰ্বল অংশ ভাঙি নিয়ে। সাম্প্ৰতিক সময়ত অসমৰ প্ৰেক্ষাপটত এটা গুৰুত্বপূৰ্ণ সমস্যা হৈছে বানপানীৰ সমস্যা। উল্লেখযোগ্য যে বানপানী এক প্ৰাকৃতিক দুৰ্যোগ। ই বহু সময়ত আকস্মিকভাৱে হয়। হোৱাতো স্বাভাৱিক। গতিকে এনেবোৰ পৰিস্থিতিৰ কাৰণে বানপানীৰ সম্ভাৱনা থকা এলেকাৰ মানুহবোৰ সদা সচেতন হৈ থকাৰ প্ৰয়োজন। বানপানীৰ ফলত সকলো অঞ্চল প্লাৱিত হোৱাৰ ফলত প্ৰথমেই প্ৰয়োজন হয় এডোখৰ ওখ ঠাইৰ। গতিকে এনে অঞ্চলবিলাকত কিছুমান ওখ ঠাইৰ আগতিয়াকৈ স্থায়ী ভাৱে নিৰ্মাণ কৰি থ’ব লাগে যাতে পশুধনৰ পৰা আৰম্ভ কৰি মানুহলৈকে সকলো তাত নিৰাপদ ভাৱে আশ্ৰয় ল’ব পাৰে। এনে অঞ্চলৰ লোকসকলে আগতিয়াকৈ একো একোখন নাও প্ৰস্তুত কৰি ৰাখিব পাৰিলে বেছি সুবিধা হয়। কিয়নো তেনে সময়ত জলপথেই একমাত্ৰ পথ হৈ পৰে। গতিকে এনে ক্ষেত্ৰত নাওখনে কণাৰ লাখুতিৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। ব্যক্তিগত ভাৱে সম্ভৱ নহলেও কেইঘৰমান লগ হৈ বা একো একেটা চুবুৰি লগ হৈয়ো এনে পদক্ষেপ ল’ব পাৰে। বানপানীৰ সম্ভাৱনাপূৰ্ণ দিন কেইটাত সকলো প্ৰকাৰে আগতিয়াকৈ সাজু হৈ থাকিব লাগে। বিশেষকৈ দুৰ্বল মথাউৰিৰ আশে পাশে থকা অঞ্চলৰ লোকসকল বেছি ক্ষতিৰ সন্মুখীন হ’ব লগা হয়। কিয়নো যোতিয়া মথাউৰি ভাঙে তেতিয়া তীব্ৰ গতিৰে সেই ভগা অংশইদি পানী সোমাই অহাৰ ফলত গছ-গছনিকে ধৰি ঘৰ-দুৱাৰ সকলো পানীয়ে উতুৱাই নিয়ে। মথাউৰিটোকে আশ্ৰয় হিচাপে লৈ থকাৰ বাবে এনে অঞ্চলৰ লোকসকলৰ কোনো আগতিয়া প্ৰস্তুতিও নাথাকে। গতিকে অধিক জটিল পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হয়। যোৱা ৯ জুলাই তাৰিখে ৰঙানদীৰ পানীয়ে বগলীজানৰ মথাউৰি চিঙাৰ ফলত সমগ্ৰ লখিমপুৰবাসী তেনে এক পৰিস্থতিৰ সন্মূখীন হ’ব লগা হয়। এনে ক্ষেত্ৰত মথাউৰিক প্ৰতিৰক্ষা দিব পৰাকৈ কম সময়ৰ ভিতৰতে সহজে ডাঙৰ হ’ব পৰা গছ আদি মথাউৰিৰ কাষত ৰোৱাৰ ব্যৱস্থা কৰিব লাগে। গছৰ শিপাই যথেষ্ট পৰিমাণৰ মাটিক সহজে খহি যোৱাত বাধাৰ প্ৰদান কৰিব পাৰে।বানপানীৰ সময়ত বৈদ্যুতিক তাঁৰ আদিৰ পৰা সদায় দূৰত অৱস্থান কৰিব লাগে। কিয়নো পানীৰ লগত সংযোগ হোৱাৰ লগে লগে কাষৰ অংশ বিদ্যুৎ প্ৰৱাহিত হৈ থাকে। এনে ক্ষেত্ৰত সম্ভৱ হ’লে বিদ্যুৎ বিভাগৰ লগত যোগাযোগ কৰি বিদ্যুৎ সংযোগ কৰ্তনৰ ব্যৱস্থা কৰিব লাগে। উল্লেখযোগ্য যে চলিত বৰ্ষত বানপানীৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ ২৫ জন লোকৰ মৃত্যু হৈছে। সকলোতে পানীয়ে বুৰাই পেলোৱাৰ সময়ত বেছিকৈ ইফালে সিফালে ঘূৰি ফুৰাৰ পৰা বিৰত থকাটো ভাল। কিয়নো কোন অংশ দ’ বা কোন অংশ বাম সেয়া সহজে গম পোৱা নাযায়। গতিকে দ’ খাৱৈত সোমাই পৰাৰ সম্ভাৱনাও থাকে। সেয়ে নিৰ্দিষ্ট ঠাইত থাকি ওখ চাং আদি তাৎক্ষণিকভাৱে নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু সহায় পাব পৰা ব্যক্তি বা অনুষ্ঠানৰ লগত যোগাযোগৰ ব্যৱস্থা কৰিব লাগে। পানীত ভূঁৰ এক নিৰাপদ আশ্ৰয়। কেইবাডালো কলগছ সংযোগ কৰি ভূঁৰ সাজি ল’ব পাৰি। এনে ভূঁৰৰ ব্যৱস্থা তাৎক্ষণিক ভাৱে কৰি ল’ব লাগে। তেতিয়া অন্ততঃ উদ্ধাৰ কাৰী দল অহাৰ লৈকে পানীত ডুব যোৱাৰ পৰা হাত সাৰি থাকিব পাৰি। সকলো প্ৰকাৰৰ যাৱতীয় সামগ্ৰী যেনে দা, কটাৰি, ৰছী, বাঁহ, দিয়াচলাই, টৰ্ছ লাইট আদি লগত ৰাখিব লাগে। আজিৰ কেইবছৰমান আগৰ পৰা অসমৰ নগৰ চহৰবোৰত কৃত্ৰিম বানৰ প্ৰকোপ বৃদ্ধি পাবলৈ ধৰিছে। অলপ বৰষুণ হ’লেই চহৰ তল যোৱাকৈ পানী বাঢ়ি আহে। ইয়াৰ মূল কাৰণ হৈছে পানী ওলাই যোৱাৰ পথবোৰ ক্রমাৎ কমি আহিছে। চহৰৰ পোত যোৱা নলা-নৰ্দমাবোৰৰ বাবে চহৰবাসীয়েই মূলত দায়ী। ৰাস্তা-ঘাট ঠেক কৰি হ’লেও নিজৰ সুবিধাৰ বাবে নলাবোৰ পুতি নিজৰ সীমাৰ ভিতৰ কৰি পেলাইছে। পানী ওলাই যোৱা চহৰৰ ঘাই ঘাই নলাবোৰো মানুহে নিজ হাতেৰেই জাবৰ পেলাই পেলাই পুতি পেলোৱা আমি দেখিবলৈ পাওঁ। এতিয়াও চহৰৰ দ’ ঠাইবোৰ পুতি পুতি কল্পনা কৰিব নোৱাৰাকৈ বিয়াগোম বিয়াগোম চৰকাৰী বে-চৰকাৰী হাউচিং কমপ্লেক্সৰ নিৰ্মাণ হৈয়ে আছে। পানী ওলাই যোৱা কোনো ব্যৱস্থা ক’তো নাই আৰু চৰকাৰৰো যেন একে কৰিবলগীয়া নাই। ফলত প্ৰতি বছৰে বাৰিষা ৰাজধানী চহৰ গুৱাহাটীকে ধৰি প্ৰাইকেইখন চহৰেই দুৰ্গন্ধময় গেলা নৰ্দমাৰ পানীৰ তলত বুৰ গৈ থাকে। এনে অবৰ্ণনীয় দুৰৱস্থাৰ কাৰণ আৰু কাৰক নিশ্চিতভাৱে কেৱল চৰকাৰী অৱহেলাই নহয়, চহৰবাসী নাগৰিকৰ অদূৰদৰ্শী ক্রিয়া কলাপে সৃষ্টি কৰা নিজা অৱহেলাও ইয়াৰ অন্যতম কাৰণ। এনে ক্ষেত্ৰত আমি প্ৰত্যেকেই সচেতন হোৱাৰ প্ৰয়োজন আছে। অন্ততঃ পানী ওলাই যোৱা নলা কেইটাত জাবৰ-জোথৰ নেপেলাই নিকা আৰু পানী যাব পৰাকৈ সুচল কৰি ৰাখিব লাগে। তদুপৰি চৰকাৰে চৰজমিন তদন্ত কৰি উন্নত মানৰ পানী যোৱা নলাৰ ব্যৱস্থা কৰিলে নিশ্চিতভাৱে এনে কৃত্ৰিম বান নিৰাময় হোৱাৰ সম্ভাৱনা আছে। কৃত্ৰিম বান বা প্ৰাকৃতিক বান যিয়েই নহওঁক বানপানীৰ সময়ত বিভিন্ন ধৰণৰ সংকটে দেখা দিয়ে। ইবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ সংকট হৈছে বিশুদ্ধ খোৱা পানীৰ সংকট। খোৱা পানীৰ পৰা সহজে বিভিন্ন বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকে। সেয়ে এনে সময়ত পৰা পক্ষত পানী গৰম কৰি খোৱাহে অধিক স্বাস্থ্য সন্মত। তদুপৰি চৰকাৰী কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি খোৱা পানীকে ধৰি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত যুৱ সমাজে অগ্ৰণী ভূমিকা লোৱাৰ প্ৰয়োজন। অসমীয়াত এষাৰ কথা আছে ল’ৰাই কান্দিলেহে কল পায়। গতিকে আমি চৰকাৰী কৰ্তৃপক্ষই বা অন্যান্য সংগঠন বা বান সহাৰ্যকাৰী দল, এন. জি. অ’. আদিৰ লগত যোগাযোগ কৰি যিমান সম্ভৱ হয় সঠিক তথ্য দি উপযুক্ত পৰিমানৰ খ্যদ্যসামগ্ৰীৰ ব্যৱস্থা কৰি ল’ব লাগে। এই ক্ষেত্ৰত যুৱ সমাজে উদ্যোগ ল’ব পাৰে। বানপানীৰ সময়ত পশুধনৰ খাদ্য সংকটে দেখা দিয়ে। পানী শুকুৱাৰ পিছতে পানীয়ে ঘাঁহ আদি মাৰি নিয়াৰ ফলত বহু দিন ধৰি এই সংকট অব্যাহত থাকে। এনে ক্ষেত্ৰত ঘাঁহ, খেৰ আদিৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন। সমান্তৰালভাৱে পশু চিকিৎসকৰ জড়িয়তে প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিব লাগে। বানপানীৰ সময়ছোৱা হৈছে বিশেষকৈ খেতি কৰা সময়। এনে সময়ত কৃষকে কঠিয়া পাৰি থয় বা বহুতে ৰুৱে। বানপানীৰ ফলত স্বাভাৱিকতে এনে খেতি পথাৰ নষ্ট হয়। চৰকাৰৰ কৃষি বিভাগে এনে ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। উল্লেখযোগ্য যে কিমান পৰিমাণৰ কৃষিভূমিবা কিমান পৰিমাণে কৃষিপথাৰ নষ্ট হৈছে তাৰ সঠিক তথ্য যোগান ধৰিব লাগে। চৰকাৰৰ তৰফৰ পৰাও উন্নত মানৰ কঠিয়া যোগান ধৰিব লাগে যাতে কৃষকে ন্যূনতম শস্যখিনি হলেও পাবলৈ সক্ষম হয়।বানপানীৰ সময়তহে যে কেৱল সমস্যা থাকে তেনেকুৱাও নহয়। পানী শুকুৱাৰ পিছত বিভিন্ন সমস্যাই দেখা দিয়ে। বিভিন্ন ধৰণৰ বেমাৰৰ বীজানুৱে সহজে আক্রমণ কৰিব পাৰে। সেয়েহে এনে সময়ত মহ-ডাহ আদিৰ পৰা সাৱধান হোৱাৰ প্ৰয়োজন। সমান্তৰালভাৱে চৰকাৰৰ তৰফৰ পৰা কিছুমান স্বাস্থ্য শিবিৰৰ ব্যৱস্থা কৰাতো অতি জৰুৰী। প্ৰাথমিক চিকিৎসাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আঁঠুৱা তৰিহে শুব লাগে। আঁঠুৱাবোৰ ঔষধযুক্ত পানীত ধুই লোৱাৰো প্ৰয়োজন। এনে সময়ত সহজে হ’ব পৰা বেমাৰবোৰ হৈছে জ্বৰ, পেটৰ অসুখ ইত্যাদি। এনে বেমাৰৰ ঔষধ হাতত মজুত ৰাখিব যাতে প্ৰাথমিক সমস্যা সমাধান কৰিব পাৰে। বৃহৎ নদী বান্ধক কেন্দ্ৰ কৰি অসমৰ বানপানীৰ ক্ষেত্ৰত আন এক সম্ভাৱনাৰ সৃষ্টি হৈছে। নামনি সোৱণশিৰীত হ’ব লগীয়া ২০০০ মেগা ৱাটৰ বৃহৎ নদী বান্ধে আন এক আশংকা কঢ়িয়াইছে। ৫০০ মেগা ৱাটৰ ৰাঙানদী বান্ধৰ পানী এৰোঁতেই যেতিয়া সমগ্ৰ লখিমপুৰ পানীৰ তলত ককবকাই থাকিব লগীয়া হৈছে আৰু ৫৩ জনৰো অধিক লোকে মৃত্যুবৰণ কৰিবলগীয়া হৈছে; তেনে স্থলত ২০০০ মেগাৱাটৰ বান্ধৰ পানী এৰিলে কি অৱস্থা হ’ব সেয়া কল্পনাই কৰিব নোৱাৰি। গতিকে ইয়াৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ খনন আৰু তাৰ সমান্তৰালভাৱে অসমৰ সকলো নৈ-উপনৈৰ মথাউৰি উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰি ল’ব লাগিব। তাব বাবে প্ৰয়োজন হ’ব এক সঠিক আৰু বিজ্ঞানসন্মত পদ্ধতিৰে প্ৰস্তুত কৰা এক দীৰ্ঘম্যাদী আঁচনিৰ। ইয়াৰ বিপৰীতে যদি বৃহৎ নদীবান্ধ নিৰ্মাণ হয় তেতিয়া ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰ লগতে সমগ্ৰ উজনি অসম বা সমগ্ৰ অসমেই পানীত ডুব যোৱাৰ আশংকা নুই কৰিব নোৱাৰি।