সংস্কৃত পণ্ডিত ড০ বিশ্বনাৰায়ণ শাস্ত্ৰী ১৯১৭ চনত নাৰায়ণপুৰৰ পানবাৰী গাঁৱৰ এটা সাত্ত্বিক গোসাঁই পৰিয়ালত জন্ম। বিজ্ঞানসন্মত আধুনিক দৃষ্টিভংগীৰে সকলো কাম কৰা এই সংস্কৃত পণ্ডিতজন কেৱল লক্ষীমপুৰ অঞ্চলতে খ্যাত নহয়। অসম ভাৰত তথা বিশ্বদৰবাৰত খলকনি তুলিবলৈ সক্ষম হয় তেওঁৰ বিশাল পাণ্ডিত্য আৰু গভীৰ অধ্যৱসায়ৰ জৰিয়তে। ড০ বিশ্বনাৰায়ণ শাস্ত্ৰী এক বিৰল ব্যক্তিৰ সম্পন্ন গৱেষক। চৌৰাশী বছৰ, পৰমায়ু লাভ কৰা এই বৰ্ষীয়ান সংস্কৃত পণ্ডিতগৰাকী আছিল একেৰাহে বিশিষ্ট শিক্ষাবিদ, বৰেণ্য সাহিত্যিক, দক্ষ প্ৰশাসক, যশস্বী সাংসদ আৰু জনপ্ৰিয় ৰাজনীতিবিদ। ড০ মুকুন্দ মাধৱ শৰ্মাৰ মতে, ‘পণ্ডিতৰূপে শাস্ত্ৰীদেৱ কেৱল অসমৰে নহয়, কেৱল ভাৰতৰ নহয় বৰং সমগ্ৰ পৃথিৱীৰ এক উল্লেখযোগ্য পণ্ডিত। ড০ বিশ্বনাৰায়ণ শাস্ত্ৰী যিহেতু সংস্কৃত ভাষাত অগাধ পণ্ডিত সেয়ে তেওঁৰ পাণ্ডিত্য কেৱল লক্ষীমপুৰ, অসম বা ভাৰতবৰ্ষতে সীমাবদ্ধ কৰি ৰখাটো অযুক্তিকৰ কাৰণ অসমীয়া যেনেদৰে অসমৰ ভাষা, বাংলা যেনেদৰে বংগদেশৰ ভাষা ঠিক তেনেদৰে সংস্কৃত ভাষাক লক্ষীমপুৰ, অসম বা ভাৰতবৰ্ষৰ ভিতৰতে সীমাৱদ্ধ ভাষা বুলিব নোৱাৰি ই সমগ্ৰ বিশ্বৰে ভাষা। কাৰণ পৃথিৱীৰ সৰহভাগ ভাষাৰে (গ্ৰীক, লেটিন) আদিমূল সংস্কৃত ভাষা। এই দিশৰপৰা চাবলৈ গ’লে শাস্ত্ৰীদেৱ এজন বিশ্ব বৰেণ্য ব্যক্তি।বিদ্যালয়-মহাবিদ্যালয়ৰ ছাঁটোকে নেদেখাকৈ (প্ৰাইভেটকৈ) সকলো পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ তেওঁ বিৰল পাণ্ডিত্যৰ পৰিচয় দি যায়। ১৯৫৪ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা এম. এ. পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰে। ১৯৮৩ চনত ‘সমবায় ফাউণ্ডেছন অৱ ন্যায় বৈশোয়িক ফিল’ছফী’ থেচিচৰ বাবে বৰ্ধমান বিশ্ববিদ্যালয়ে সন্মানীয় ডি, লিট ডিগ্ৰী প্ৰদান কৰে। ড০ শাস্ত্ৰীয়ে দহ বছৰ কাল (১৯৬৭-৭৭) লক্ষীমপুৰ সংসদীয় সমষ্টিৰ সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰে। ড০ শাস্ত্ৰীয়ে সংসদত সংস্কৃততে বক্তৃতা প্ৰদান কৰি অভিলেখ ৰচনা কৰি থৈ গৈছে। ১৯৫৭ চনৰ পৰা আজি ২০১৫ চনলৈ এইজনেই প্ৰথম ব্যক্তি যিজনে সংসদত সম্পূৰ্ণ সংস্কৃত ভাষাত বক্তৃতা প্ৰদান কৰি এক আলোড়ণ সৃষ্টি কৰিছিল।বৈষ্ণৱ কবি-সাহিত্যিকসকলৰ সংস্কৃত ভাষা চৰ্চাৰ বৌদ্ধিক ঐতিহ্যৰে এসময়ত মহিমামণ্ডিত নাৰায়ণপুৰত তিনি চাৰি শতিকামানৰ পাছত এনে এগৰাকী বিদগ্ধ সংস্কৃত পণ্ডিতে আত্মপ্ৰকাশ কৰিলে, যিগৰাকী পণ্ডিত সাহিত্যিকৰ সুসংহত কাৰ্যসূচী আৰু পাণ্ডিত্যই অকল নাৰায়ণপুৰ, অসম বা ভাৰতৰ বৌদ্ধিক আকাশকে উদ্ভাসিত কৰা নাছিল, সংস্কৃত চৰ্চাৰ বিশ্বদৰবাৰকো চুই যাবলৈ সমৰ্থ হৈছিল। এই বিশ্ববৰেণ্য সংস্কৃত পণ্ডিত গৰাকীয়ে সংস্কৃত ভাষাত ‘অচিনাকি’ নামৰ উপন্যাস ৰচনা কৰি সাহিত্য অকাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।উল্লেখ কৰা হৈছে যে ড০ বিশ্বনাৰায়ণ শাস্ত্ৰী আছিল এগৰাকী স্বাধীনতা সংগ্ৰামী। শাস্ত্ৰীৰ বিয়াল্লিছৰ ভাৰত ত্যাগ আন্দোলনত ভূমিকা আছিল গুৰুত্বপূৰ্ণ। এই সন্দৰ্ভত তেওঁ কেইবাবছৰো কাৰাবাস কৰিবলগীয়া হৈছিল। ড০ শাস্ত্ৰীয়ে স্বাধীনোত্তৰ কালত লক্ষীমপুৰ জিলা কংগ্ৰেছ কমিটীৰ সম্পাদক, অসম প্ৰদেশ কংগ্ৰেছ কমিটী আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।ড০ শাস্ত্ৰীয়ে জীৱনকালত পঞ্চাশখনতকৈয়ো অধিক গ্ৰন্থ ৰচনা কৰি সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যায়। সংস্কৃত ভাষাৰ লগতে অসমীয়া, ইংৰাজী, হিন্দী ভাষাতো তেখেতৰ পাণ্ডিত্য অতুলনীয়। ‘কালিকা পুৰাণ’ৰ সম্পাদনা শাস্ত্ৰীদেৱৰ এক উল্লেখযোগ্য কৃতিত্ব। ইংৰাজী ভাষালৈ অনুবাদ কৰা গ্ৰন্থখন ১৯৯২ চনত নাগ প্ৰকাশনে প্ৰকাশ কৰে। খ্ৰীষ্টীয় নৱম শতিকাতে সংস্কৃত ভাষাত ৰচিত এই তান্ত্ৰিক গ্ৰন্থখনৰ ইংৰাজী অনুবাদ গ্ৰন্থ প্ৰকাশিত সংকলনটো বিশ্ব সাহিত্যতে এক অভিনৱ সংযোজন। ইয়াৰ আগতে ১৯৮৪ চনতে শাস্ত্ৰীদেৱে যোগিনী তন্ত্ৰ সম্পাদনা কৰে। এই গ্ৰন্থখন সম্পাদনা কৰোতে ঠায়ে ঠায়ে শাস্ত্ৰীদেৱৰ মৌলিকতাৰ পৰশ পৰিছে। শাস্ত্ৰীদেৱে তান্ত্ৰিক দৰ্শনৰ এক সুন্দৰ আহি ভৱিষ্যৎ প্ৰজন্মক দান কৰি যায়। ষাঠিৰ দশকতে ড০ শাস্ত্ৰীয়ে বিশ্বনাথ কবিৰাজ ৰচিত ‘সাহিত্য দৰ্পন নামৰ গ্ৰন্থখন সাহিত্য দৰ্পন নাম দিয়েই অসমীয়ালৈ অনুবাদ কৰে। ই ভৱিষ্যৎ নৱ প্ৰজন্মৰ বাবে এক উল্লেখযোগ্য দান।শাস্ত্ৰীদেৱ এম. এ. পাছ কৰাৰ পাছত বৰ্তমান লক্ষীমপুৰ তথা অসমৰ উল্লেখযোগ্য শিক্ষা প্ৰতিষ্ঠান উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে যোগদান কৰে। এই পদত তেওঁ ১৯৫৮ চন পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰে। ই সমগ্ৰ লক্ষীমপুৰবাসীৰ কাৰণে এক গৌৰৱৰ কথা কাৰণ এই ব্যক্তিগৰাকীয়ে সমগ্ৰ বিশ্বত এটা সময়ত খলকনি তুলিবলৈ সক্ষম হৈছিল তেওঁৰ অগাধ পাণ্ডিত্যৰ দ্বাৰা। অধ্যক্ষ হৈ থাকোতেই শাস্ত্ৰীয়ে অসম চৰকাৰৰ বিষয়া হিচাপে নিযুক্তি পায় আৰু ১৯৫৮ চনত অসম প্ৰকাশন পৰিষদৰ সচীব নিযুক্ত হয়।শাস্ত্ৰীদেৱে বাৰখন শিশু উপযোগী গ্ৰন্থ ৰচনা কৰি ভাৰত চৰকাৰৰ শিশু সাহিত্য বঁটা লাভ কৰে। ইয়াৰ উপৰি সংস্কৃত সাহিত্যত যোগোৱা বৰঙণিৰ বাবে ‘ৰাষ্ট্ৰপতিৰ সন্মানীয় চাৰ্টিফিকেট’, ‘বানভট্ট বঁটা’, ‘এবিলাক বঁটা’ আদি বিভিন্ন বঁটাৰে ড০ শাস্ত্ৰীক তেওঁৰ সৃষ্টিশীল প্ৰতিভাৰ বাবে সন্মান জনোৱা হৈছে। কামৰূপ সংস্কৃত সঞ্জীৱনী সভাই প্ৰাচ্য বিদ্যা বিষাৰদ আৰু দেৰগাঁও সংস্কৃত সঞ্জীৱনী সভাই ড০ শাস্ত্ৰীক ‘দৰ্শন কেশৰী’ উপাধিৰে বিভূষিত কৰে। আনহাতে নতুন দিল্লীৰ সাহিত্য একাডেমীৰ কাৰ্যবাহী কমিটীৰ সদস্যৰূপে তেওঁ দহ বছৰ কাৰ্যনিৰ্বাহ কৰিছিল। নেছনেল বুক ট্ৰাষ্টৰ বিশেষজ্ঞ সমিতিৰ সদস্য, ৰাষ্ট্ৰীয় সংস্কৃ-ত সংস্থানৰ কাৰ্যবাহী সদস্য, কামৰূপ অনুসন্ধান সমিতিৰ সভাপতি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য আদি পদত অধিষ্ঠিত সংস্কৃত পণ্ডিতগৰাকীৰ পাণ্ডিত্য প্ৰশংসনীয়। স্মৰ্তব্য যে, শিশু সাহিত্য সম্পৰ্কীয় প্ৰতিযোগিতাত ড০ শাস্ত্ৰীয়ে দুবাৰকৈ ভাৰত চৰকাৰৰ পৰা শ্ৰেষ্ঠতাৰ বঁটা অৰ্জন কৰে।অসমীয়া কথা সাহিত্যৰ বুৰঞ্জীত আপোন প্ৰতিভাৰে নিজৰ নাম যুগমীয়া কৰা পণ্ডিতসকলৰ ভিতৰত বিশ্বনাৰায়ণ শাস্ত্ৰী অন্যতম। যদিও কোনো এটা পুৰস্কাৰৰ দ্বাৰা এগৰাকী পণ্ডিতৰ প্ৰতিভাক জুখিব খোজাটো সমীচিন নহয়, তথাপি ক’ব লাগিব এই পুৰস্কাৰে তেখেতৰ প্ৰতিভাক পূৰ্ণ স্বীকৃতি দি গ’ল। এই বিদগ্ধ সংস্কৃত পণ্ডিতগৰাকীৰ সাহিত্য বা জীৱন সম্পৰ্কীয় বিশেষ চৰ্চা এতিয়ালৈকে হোৱা নাই। ই লক্ষীমপুৰ, অসম, ভাৰত তথা সমগ্ৰ বিশ্ববাসীৰ বাবে অতি পৰিতাপৰ বিষয়।এটা কথা আগতে উল্লেখ কৰা হৈছে যে এগৰাকী পণ্ডিতৰ বাবে প্ৰতিষ্ঠানিক সন্মান বৰ ডাঙৰ কথা নহয়। ডাঙৰ কথা তেওঁৰ ৰচনাই পাঠক সমাজৰ হৃদয় ঘৰত কিমানখিনি স্থান দখল কৰি ৰাখিছে। এইক্ষেত্ৰত যি লোকে শাস্ত্ৰীদেৱৰ যিকোনো সাহিত্যত এবাৰ চকু ফুৱাইছে তেনেলোকৰ হৃদয়ৰ সোঁমাজত শাস্ত্ৰীদেৱ অৱস্থিত। অসমীয়া সমাজখনক সন্ত্ৰাসমুক্ত কৰি এক স্থায়ী শান্তিৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত শাস্ত্ৰীদেৱৰ বলিষ্ঠ পদক্ষেপ চিৰকাল অসমবাসীৰ বাবে প্ৰাতঃস্মৰণীয় হৈ ৰ’ব।