ফেঁচাটোৰ নিউ নিউ মাতত সাৰ পাই গলো । ঘড়ীটোলৈ চাই দেখোঁ তিনি বাজি পঞ্চলিশ মিনিট হৈছে । পোহৰ হবলৈ এতিয়াও বহু সময় বাকী । টোপনি যাবলৈ চেষ্টা কৰিলো । নাই টোপনি নাহিল । তাতে অচিনাকী ঠাই । মানে যোৱা কালি বন্ধু এজনৰ ঘৰলৈ আহিলো । এইসময়ত টোপনিৰ পৰা সাৰ পালে পুনৰ টোপনি যোৱা সম্ভৱ নহয় । বিশেষকৈ মোৰ ক্ষেত্ৰত । সেয়ে বেয়া পালেও কাষতে নাক ঘূৰ-ঘূৰাই শুই থকা বন্ধুজনক টোপনিৰ পৰা জগাই দিলো প্ৰাত:ভ্ৰমণলৈকে যাওঁ বুলি । কথামতেই সি যাবলৈ বুলি শুৱাৰ পৰা উঠিল ।

দুয়োটা খোজকাঢ়িয়ে কথা পাতি-পাতি ৰাস্তালৈ ওলাই গলো । কুঁৱলী পৰিছে । ঠাইডোখৰ কাৰোবাৰ ঘৰৰপৰা অহা শেৱালিৰ গোন্ধই আমোল-মোলাই আছে । আকাশত কৰবাত কৰবাত দুই-এটি তৰা এতিয়াও ওলাইয়ে আছে । অলপ অলপকৈ শেষ নিশাৰ জোনৰ পোহৰ পৰি আছে । তথাপিও কুঁৱলীৰ পৰা কেইগজমান আঁতৰলৈকেহে দেখি । হঠাৎ , এইয়া কি দেখিছো ? অলপ আঁতৰত কুঁৱলীকো ভেদি প্ৰায় দহ-এঘাৰ ফুটমান ওখত মানুহ এটা । কিন্তু, ভৰি নাই ,পেট নাই । কেৱল বুকুখন , মুৰটো আৰু আধাচিগা দুখন হাত । বগলিৰ দৰে জপং-জপংকৈ আমাৰ ফালেই দেখোন আহি আছে । দুয়োটা ৰৈ গলো । ইমান ওখ মানুহ মই জীৱনত নাই দেখা । তাতে এইটো শূন্যত ওপঙি আছে । কিবা অজান ভয়ে দুয়োৰে ডিঙিৰ কন্ঠ শুকোৱাই পেলালে । এবাৰ ইটোৱে সিটোৰ মুখলৈ চাই ঘৰলৈ দৌৰ দিলো । একেলেথাৰিয়ে দৌৰিছো যদিও পাওঁতে আধা ঘন্টা মানেই লাগিল । কিয়নো খোজ কাঢ়ি গৈ থাকোতে আমি বহুদূৰ পাইছিলোগৈ ।পদূলি পাওঁতেই সম্পূৰ্ণকৈ পোহৰ হৈ পৰিল । পাছলৈ চাই দেখো সেই বস্তুটো নাই । তথাপিওঁ, দুয়োটাৰ মনত ভয় ভাৱ এটা ৰৈ গল ।

ঘৰলৈ আহি মুখ-হাত ধুই চাহ-জলপান খালো । তাৰপাছত, দুয়োটাই সেই বস্তুটোৰ কথা পাতিব ধৰিলো । কি হব পাৰে সেইটো ? ভূতেই নেকি ? আমাৰটো একো ভ্ৰম নহয় , কাৰণ সেইটোক দুয়োটাই দেখিলো । এইবোৰেই পাতি পাতি দুয়োটা আকৌ ৰাস্তা পালোহি । ৰাস্তা পায়ে দুয়োটা আচৰিত হলো । যিটো বস্তু আমি অলপ আগতে দেখি ভয়ত দৌৰি দৌৰি ঘৰলৈ আহিছিলো সেই বস্তুটো এতিয়া আহি আহি এইখিনি পাইছেহি । দুয়োটাই পাৰো মানে নিজৰ মাজতেই হাঁহিলো । কিয়নো, সেইটো আছিল এটা হাতী । যাক কুঁৱলীৰ পৰা আমি দেখা নাছিলো । দেখিছিলো কেৱল পিঠিত বহি অহা মাউত জনক ।.