সুধাকন্ঠ ড০ ভূপেন হাজৰিকা কায়িকভাৱে আজি আমাৰ মাজৰ পৰা হেৰাই গৈছে। কিন্তু ভূপেন দা এনে এক মহান সত্তা যি জীয়াই আছে প্ৰতিজন অসমীয়া বুকুৱে বুকুৱে। শোষণভিত্তিক সমাজ ব্যৱস্থাত অভ্যস্ত সাংস্কৃতিক ধাৰাটোত একাকাৰ নহৈ প্ৰতিষ্ঠানটিত মাতবৰসকলৰ ভ্ৰূকুটি সহ্য কৰি সংস্কৃতিৰ স্বাৰ্থত নিজকে বিলীন কৰি থৈ যোৱা এজন মহান অসমীয়া ড০ ভূপেন হাজৰিকা যোৱা ২০১১ চনৰ ৫ নৱেম্বৰৰ দিনা সমগ্ৰ অসমীয়া জাতিক কন্দুৱাই জীৱন নাটৰ সামৰণি মাৰে। তেওঁৰ জীৱন নাটৰ যৱনিকা পৰাৰ লগে লগেই যৱনিকা পৰিল এক সংগ্ৰামী ধাৰাৰ, যি ধাৰা সৃষ্টি হৈছিল ষাঠিৰ দশকৰ গণনাট্য আন্দোলনৰ জৰিয়তে। ড০ ভূপেন হাজৰিকাৰ মৃত্যুৰ লগে লগে যি শোকাৱেগে অসম জোঁকাৰি গৈছিল ইয়ে প্ৰমাণ কৰে যে জনতাৰ হৃদয়ৰ কিমান নিবিৰতম কোণলৈ বিচৰণ কৰিবলৈ সক্ষম হৈছিল তেওঁ।অসাধাৰণ ব্যক্তিত্বৰে ড০ ভূপেন হাজৰিকা সৰ্বকালৰ শ্ৰেষ্ঠ শিল্পী। তেওঁৰ সমগ্ৰ জীৱন উমাল কৰি ৰাখিছিল তেওঁ সৃষ্ট কালজয়ী গীত আৰু সুৰেৰে। লুইতৰ পাৰৰ পৰা পৃথিৱীৰ যি বাটে খোজ দিছিল তাৰ সাহিত্য-সংস্কৃতিৰ সৈতে একাত্ম হৈ নিজৰ সুৰ বিন্যাসেৰে মানুহৰ সুপ্ত চেতনাক জগাই তুলিছিল। সেয়ে তেওঁৰ গীতত বিভিন্ন জনগোষ্ঠীৰ সুন্দৰ মিলন পৰিলক্ষিত হয়। তেওঁৰ গীততে প্ৰকাশ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীৰ প্ৰতি থকা তেওঁৰ সুবিমল আন্তৰিকতা।

নানা জাতি উপজাতি

ৰহণীয়া কৃষ্টি

আঁকোৱালি লৈ হৈছিল সৃষ্টি

এই মোৰ অসম দেশ

----এই গীতৰ মাধ্যমেৰে ড০ হাজৰিকাই প্ৰকাশ কৰিছে পাহাৰে-ভৈয়ামে থকা নানা কৃষ্টি সংস্কৃতি, নানা ঐতিহ্যৰে পৰিপূৰ্ণ ভিন ভিন জনগোষ্ঠীৰ সংমিশ্ৰণতহে অসমৰ জন্ম হৈছে। ড০ ভূপেন হাজৰিকাৰ কন্ঠত বাৰেৰহণীয়া অসমৰ ভূত-বৰ্তমান আৰু ভৱিষ্যত ৰচনা হৈছিল। তেওঁৰ গীতত যি জাতীয় চেতনাৰ উন্মাদনা জাগি উঠি সেইয়ে অসমীয়া জাতিটোক একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে। তেওঁৰ কন্ঠত অসমৰ বিভিন্ন জনগোষ্ঠীৰ সাহিত্য-সংস্কৃতিৰ চিত্ৰ অংকিত হৈছে। আমি ইয়াত উল্লেখ কৰিব পাৰো মিছিং জনগোষ্ঠী :বোলো অ’ মিছিং ডেকাটি

বজালি যে পেপাটি

সুৰেৰে সজালি দেখোন

দং মুখৰ নিশাটি এই গীতৰ যোগেদি ভূপেনদাই মিছিং ভাই-ভনী সকলৰ প্ৰতি থকা তেওঁৰ অকৃত্ৰিম মৰম তথা ভালপোৱা প্ৰতিপন্ন কৰিছে। বৰলুইতৰ পাৰৰ মিছিং সমাজক কেন্দ্ৰ কৰি তেওঁ এই গীত ৰচনা কৰিছিল। মিবু গালুক চোলাটি শীৰ্ষক গীতটিৰ জৰিয়তে ড০ হাজৰিকাই মিছিং সমাজৰ সংস্কৃতি জিলিকাই তুলিলে।

বড়ো জনগোষ্ঠী :

বৰদৈচিলা নে

সৰুদৈচিলা নে

অসমৰ আকাশৰ

বৰ বৰ জিলা

এই গীতটোৰ ‘বৰদৈচিলা’ শব্দটো যে বড়োমূলীয় তাক উল্লেখ কৰি ড০ হাজৰিকাই গীতটি ৰচনা কৰিছিল। ইয়াত ‘বৰ’ শব্দৰ অৰ্থ ‘বতাহ’, ‘দৈ’ শব্দৰ অৰ্থ পানী আৰু ‘চিলা’ শব্দৰ অৰ্থ গোসাঁনীজনী। প্ৰতি ব’হাগত ব’হাগ বিহুৰ ঠিক আগে আগে অহা বৰদৈচিলাই যে অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজৰ অনৈক্যবোৰ আঁতৰাই একতাৰে বান্ধি ৰাখিছে সেই কথা প্ৰকাশ কৰিবলৈ তেওঁ গীতটি ৰচনা কৰিছে।

অৰুণাচলৰ জনগোষ্ঠী : লোক জীৱনৰ বৰ্ণাঢ্য সাংস্কৃতিক ঐতিহ্যৰে অৰুণাচলৰ জনজাতিসকলক লৈ ড০ ভূপেন হাজৰিকাদেৱে বহু গীত ৰচনা কৰি থৈ গৈছে।

গালং, লুইতৰে খামটি

টিৰাপৰে ৱাংচুৱে মোক কিয় মাতিলে‍

মনপা ককাইটি ধৰিলো সাৱটি

আথে বেথে নিলে মোক ভিতৰলৈ মাতি

১৯৬১ চনত অৰুণাচলৰ আলং অঞ্চলত ৰচনা কৰা এই গীতটিত গালং, খামটি, মনপা, অকা আদি জনজাতিৰ এখন পৰিষ্কাৰ চিত্ৰ অংকন কৰিছে।

চাহ জনগোষ্ঠী : অসমৰ চিৰসেউজ চাহগৰ মাজতে অসম জিলিকি আছে। এই সেউজী পাতৰ মাজত জীৱন নিৰ্বাহ কৰা চাহ জনগোষ্ঠী ভাই-ভনী সকলক লৈ ড০ হাজৰিকাদেৱে বহুতো গীত ৰচনা কৰিছিল।

অসম দেশৰ বাগিছাৰে‍ ছোৱালী

ঝুমুৰ ঝুমুৰ নাচি কৰো ধেমালি

অ’ চম্পা নহয় মোৰে নাম চামেলী

এই গীতত অসমৰ চাহ জনগোষ্ঠীৰ সংস্কৃতি, তেওঁলোকৰ ঝুমুৰ নৃত্যৰ উল্লেখ আছে। ধম ধমাধম জীৱন মাদল বাজে শীৰ্ষক গীতৰ মাজতো চাহ জনগোষ্ঠীৰ প্ৰতি থকা তেওঁৰ প্ৰেম, আন্তৰিকতাৰ প্ৰকাশ পাইছে।

খাচি জনগোষ্ঠী :

হে হে ঢোলে ডগৰে

হে হে হিয়াৰ উমেৰে

নেদেখা এনাজৰীৰে

এবান্ধো আমি পাহাৰ শিখৰতে

মহান চিয়েমক পাহাৰ-ভৈয়ামক লৈ ৰচনা কৰা এক সুন্দৰ গীত। এই গীতটিৰ মাজতে পাহাৰ-ভৈয়ামৰ সম্পৰ্ক, খাচি সকলৰ জীৱন শৈলী, তেওঁলোকৰ ঈশ্বৰ বিশ্বাস, খাচি সকলৰ সংস্কৃতিৰ পৰিচয় দাঙি ধৰিছে।

কাৰ্বি জনগোষ্ঠী : ১৯৮২ চনত ৰচনা কৰা ‘ডিফু হ’ল তোমাৰ নাম’ শীৰ্ষক গীতটিত ড০ হাজৰিকাদেৱে কাৰ্বিসকলৰ চমাংকান নৃত্য, কাৰ্বি লোক গাথা হাঈমু কাহিনীৰ বিষয়ে সুন্দৰভাৱে প্ৰকাশ কৰিছে।গঙ্গা আমাৰ মা, পদ্মা আমাৰ মা এই গীতটোৰ যোগেদি ড০ ভূপেন হাজৰিকাৰ সম্প্ৰীতি চেতনা প্ৰকাশ পাই উঠিছে। বাংলাদেশ আৰু ভাৰত যে চুবুৰীয়া দেশ, ফলত দুয়ো দেশৰ মাজত বহু সম্পৰ্ক আছে, ড০ ভূপেন হাজৰিকাৰ গানতেই এই কথা প্ৰকাশ পাইছে।

নেপালী জনগোষ্ঠী :

ফুট গধুলিতে কপিলী খুটিত / কোন গুৰ্খালী

গাভৰুৰে গাইজনী হেৰায় / কাঞ্চীয়ে ৰিঙিয়ায় /

অ’ বগী গাই, অ’ লমী গাই / তুমি দেখোন নাহিলে ব্যৱসায়ো নাই /

সেই মিঠা চিঞৰে কপিলী কঁপায়

এই গীতত নেপালী সকলৰ প্ৰতিছবি হৃদয় চুই যোৱাকৈ প্ৰকাশ পাইছে। অমৃতৰ অকণমানেই যথেষ্ট। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীসকলৰ বাবে বহু বেছি গীত ৰচনা কৰা নাছিল যদিও যিকেইটা কালজয়ী গীত ৰচনা কৰি থৈ গৈ সেইয়ে এখন ঐক্যবদ্ধ অসম গঢ়াৰ বাবে যথেষ্ট অনুঘটক ৰূপে কাম কৰিছে। অসমীয়া আৰু নগাসকলৰ মৰমৰ এনাজৰীডাল ধ্বংস কৰিবলৈ বিচৰা দুষ্কৃতিকাৰীৰ প্ৰতিবাদ কৰি তেওঁ লিখিছিল

মই ক’হিমাৰে আধুনিক ডালিমী

মই গদাপানী আধুনিক ভৈয়ামৰ

ড০ ভূপেন হাজৰিকাৰ হৃদয়ত চিৰদিন এই জনগোষ্ঠীসমূহৰ প্ৰতি আন্তৰিকতা আছিল। যিহেতু তেওঁ অসমক ভাল পাইছিল, অসম মাতৃক শ্ৰদ্ধা কৰিছিল, আজি তেওঁ আমাৰ মাজত নাই। কিন্তু তেওঁৰ গীতবোৰ, তেওঁৰ কথাবোৰ, তেওঁৰ জীৱনাদৰ্শ প্ৰতিজন অসমীয়াই অন্তৰত উপলব্ধি কৰে। তেওঁ সোণৰ অসম ৰচাৰ অলেখ সপোন দেখিছিল। তেওঁৰ সপোন তেতিয়াহে বাস্তৱ হ’ব যেতিয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনগণৰ মাজৰ একতাৰ এনাজৰীডাল সুদৃঢ় হ’ব। তাহানিৰ সোণালী সুদিনবোৰ ঘূৰাই আনিব পৰা যাব। ড০ ভূপেন হাজৰিকাই গালে‍

অসম আমাৰ ৰূপহী / গুণৰো নাই শেষ / ভাৰতৰে পূৰ্ব দিশত / সূৰ্য উঠা দেশ / গোটেই জীৱন বিচাৰিলেও / অলেখ দিৱস ৰাতি / অসম দেশৰ দৰে নাপাওঁ /ইমান ৰসাল মাটি

সহায়ক গ্ৰন্থপঞ্জী :

১। দিলীপ পাটগিৰি, দীপ শৰ্মা : জনজাতিৰ বুকুৰ মানুহ ভূপেন হাজৰিকা, আমাৰ অসম পূৰ্বাচল, ৮ প্তেম্বৰ, ২০১৩, পৃষ্ঠা - ৮

২৷ অঞ্জুলা ভূঞা বৰা : গীতেৰে সুৰেৰে ড০ ভূপেন হাজৰিকাৰ জনগোষ্ঠী প্ৰীতি, আমাৰ অসম পূৰ্বাচল, ৮ প্তেম্বৰ, ২০১৩, পৃষ্ঠা - ১০