এদিন হঠাৎ মূখ্য মন্ত্ৰীয়ে ঘোষণা কৰিলে যিমান ঘোচখোৰ  লোক আছে সকলোকে ৰাজহুৱাকৈ বিজুলী বাতিৰ খুটাত ফাঁচি দিয়া হব । পিচদিনা পুৱা  সাধাৰণ ৰাইজ বিজুলীৰ খুটাৰ তলত জমা হ'ল। খুটাবোৰত তিলক ল'গালে, পূজা কৰিলে, খুটাবোৰৰ আৰতি কৰিলে। মুঠতে খুটাবোৰ মানুহৰ কাৰণে দুৰ্নীতিৰ নাশ কৰা ভগৱান যেন হ'ল। 

পুৱাৰ পৰা ৰাতিলৈ মানুহে অপেক্ষা কৰি থাকিল দুৰ্নীতিখোৰ সকলক এই ফাঁচি দিব, এই ফাঁচি দিব, কিন্তু কাকো ফাঁচি দিয়া নহ'ল। 
    
ৰাগে খঙে মানুহবোৰে প্ৰতিবাদী সমদল লৈ মন্ত্ৰীৰ ওচৰলৈ গ'ল আৰু ক'লে।" আপুনিতো কৈছিল যে ঘোচখোৰ সকলোকে বিজুলীৰ খুটাত ওলোমাই ৰাজহুৱাকৈ ফাঁচি দিব কিন্তু খুটাবোৰ দেখোন খালী আৰু দুৰ্নীতি পৰায়ণ সকলেও মহা আৰামতে ঘূৰি ফুৰি আছে। 

মন্ত্ৰীয়ে ক'লে," কৈছো যিহেতু নিশ্চয় তেওঁলোকক ফাঁচি দিম। অলপ সময় লাগিব। ফাঁচি দিবলৈ ৰছী লাগিব নহয় । মই ফাঁচি ৰছী বনাবলৈ আজি অৰ্ডাৰ দি দিলো। সেইখিনি পোৱাৰ লগে লগে সকলো ধুৰ্ত দুৰ্নীতিগ্ৰস্থ লোকক বিজুলীৰ খুটাত ওলোমাম। "

সমদলৰ ভীৰৰ পৰা কোনোবা এজনে ক'লে," কিন্তু ফাঁচিৰ ৰছী বনোৱাৰ ঠিকাওতো কোনোবা এজন তেনেকুৱা মানুহেই পাইছে বোধহয়।"

মন্ত্ৰীয়ে ক'লে," তাতে কি হ'ল? তেওঁক তেওঁৰ ৰছীতে ফাঁচি দিয়া হ'ব।" 

তেতিয়া আন এজনে চিঞৰি উঠিল," কিন্তু তেওঁলোকেতো কৈ আছে ফাঁচিত ওলোমোৱা ঠিকাটোও তেওঁলোকেই পাব ।"

মন্ত্ৰীয়ে উত্তৰ দিলে," নাই নাই, তেনেকুৱা হ'ব নোৱাৰে। ফাঁচি দিয়া কামটোৰ এতিয়া প্ৰাইভেইটাইজেচন হোৱা নাই , মিছা কথা ।"

মানুহবোৰে সুধিলে," তেন্তে কেতিয়ালৈ ওলোমাব ?"

মন্ত্ৰীয়ে ক'লে," আজিৰ পৰা পুৰা  ষোল্ল দিন পিচত তেওঁলোক বিজুলীৰ খুটাত ওলমি থকা দেখা পাব। "

মানুহবোৰে দিন গণিবলৈ আৰম্ভ কৰিলে। 

ষোল্ল দিনৰ দিনা ৰাতিপুৱা বিচনাৰ পৰা উঠিয়েই মানুহবোৰে দেখিলে যে বিজুলীৰ খুটাবোৰ উভালি পৰি আছে সকলোতে। মানুহবোৰ আচৰিত হ'ল, না ধুমুহা না ভুমিকম্প, খুটাবোৰ কেনেকৈ উভালি পৰিল । ৰাইজে খুটাবোৰৰ ওচৰত এজন মজদুৰ পালে থিয় হৈ থকা দেখিলে। সন্দেহবশত সোধা পোছা কৰাত মজদুৰজনে ক'লে যে ৰাতি মানুহ লগাই সকলো খুটা উভালি পেলোৱা হ'ল হঠাৎ । ৰাইজে মজদুৰজনক ধৰি মন্ত্ৰীৰ ওচৰলৈ লৈ গ'ল। 

ৰাইজে অভিযোগ দিলে," আপুনি সকলো দুৰ্নীতিপৰায়ণ লোকক বিজুলীৰ খুটাত ওলোমোৱা কথা আছিল, কিন্তু ৰাতি সকলো খুটা উভালি পেলালে। আমি এই মজদুৰজনক ধৰি লৈ আহিছো। ই কৈছে যে ৰাতি গোটেইবোৰ খুটা উভালি পেলোৱা হ'ল। "

মন্ত্ৰীয়ে মজদুৰজনক সুধিলে," কি ঐ, কাৰ হুকুমত তহঁতে খুটাবোৰ উভালি পেলালি?"

মজদুৰজনে ক'লে, " চৰকাৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ ছাৰে হুকুম দিছিল ।"

লগে লগে জুনিয়ৰ ইঞ্জিনিয়াৰক মাতি পঠিওৱা হ'ল। 

তেওঁক মন্ত্ৰীয়ে আহি পোৱাৰ লগে লগে সুধিলে, " আপুনি কি নেজানে , আজি মই সকলো দুৰ্নীতিগ্ৰস্থ লোককে বিজুলীৰ খুটাত ফাঁচিত ওলোমোৱা কথা আছিল ?"

"জানিছিলোঁ ছাৰ। " তেওঁ উত্তৰ দিলে। 

"তেতিয়াহ'লে ৰাতিৰ ভিতৰতে খুটাবোৰ কিয় উঠাই পেলালে ?"

“ছাৰ, ইঞ্জিনিয়াৰ ছাৰে কালি গধুলি হুকুম দিছিল যে ৰাতিৰ ভিতৰতে সকলো খুটা উঠাই পেলাব লাগে। "

 তেতিয়া ইঞ্জিনিয়াৰক মতা হ'ল। ইঞ্জিনিয়াৰে ক'লে যে তেওঁক ৰাতিৰ ভিতৰতে খুটাবোৰ উঠাবলৈ ছিফ ইঞ্জিনিয়াৰে হুকুম দিছিল। 

ছিফ ইঞ্জিনিয়াৰক যেতিয়া সোধা হ'ল তেওঁ হাতযোৰ কৰি ক'লে, " চেক্ৰেটাৰী চাহাবৰ পৰা হুকুম পাইছিলোঁ ।"

বিভাগীয় চেক্ৰেটাৰীক মাতি মন্ত্ৰীয়ে সুধিলে," খুটা উভালিবলৈ হুকুম আপুনি দিছিল?"

চেক্ৰেটাৰীয়ে উত্তৰ দিলে , "হয় ছাৰ !"

মন্ত্ৰীয়ে খঙেৰে ক'লে, " মই আজি এই খুটাবোৰত ঘোচখোৰ সকলক ফাঁচি দিম বুলি জনাৰ পিচতো আপুনি এই হুকুম দিবলৈ দুঃসাহস ক'ত পালে ?"

চেক্ৰেটাৰীয়ে ক'লে, " ছাৰ গোটেই চহৰখনৰ সুৰক্ষাৰ কথা আছিল। যদি ৰাতি গোটেই খুটাবোৰ উঠাই নিদিলোহেতেঁন আজি গোটেই চহৰ ধ্বংশ হৈ গ'লহেতেঁন। " 

মন্ত্ৰীয়ে সুধিলে, " আপুনি কেনেকৈ জানিলে ? কোনে ক'লে আপোনাক? "

চেক্ৰেটাৰীয়ে ক'লে , "মোক বিশেষজ্ঞ সকলে  কৈছিল যে যদি চহৰখন বচাব বিচাৰো তেন্তে ৰাতিপুৱাৰ আগেয়ে গোটেই বিজুলীৰ খুটাবোৰ উঠাই পেলাব লাগিব।"

মন্ত্ৰীয়ে ক'লে," কোন এই বিশেষজ্ঞ ?,ভৰসা কৰিব পৰা বিধৰ হয়তো? "


চেক্ৰেটাৰীয়ে ক'লে, " ভৰষা কৰিব পৰা মানুহ ছাৰ। মোৰ ঘৰৰে মানুহ। মোৰ সম্বন্ধত খুলশালীয়ে হয়। মই তেওঁক আপোনাৰ ওচৰলৈ লৈয়ে আনো ।" 

বিশেষজ্ঞ জনে ক'লে," মই বিশেষজ্ঞ আৰু মাটি তথা বাতাবৰণৰ হালচালৰ বিশেষ অধ্যয়ন কৰো। মোৰ পৰীক্ষাত ধৰা পৰিছে যে মাটিৰ তলেৰে এক ভয়ংকৰ প্ৰবাহ ঘূৰি আছে। মই এইটোও জানিছিলো যে আজি এই ভয়ংকৰ প্ৰবাহ আমাৰ চহৰৰ তলেৰে বৈ যাব। আপুনি ধৰিব পৰা নাই কিন্তু মই জানো এই মুহুৰ্তত আমাৰ তলেৰে ভয়ংকৰ বিজুলী প্ৰবাহিত হৈ আছে। যদি আমাৰ বিজুলীৰ খুটাবোৰ মাটিত পোতা থাকিলহেতেঁন তেন্তে তাৰ সহায়ত কাৰেণ্ট উপৰলৈ আহি গ'লহেতেঁন আৰু সেই প্ৰবাহৰ লগত পাৱাৰহাউছৰ প্ৰবাহৰ সংঘৰ্ষ হৈ ভয়ংকৰ বিস্ফোৰণ হ'লেহেতেঁন। চহৰত এটাও প্ৰাণী জীয়াই নাথাকিলহেতেঁন, এটাও ঘৰ থিয় হৈ নাথাকিলহেতেঁন। মই ততাতয়াকৈ চেক্ৰেটাৰীক  খবৰ দিলো আৰু তেখেতে সঠিক সময়ত উচিত সিদ্ধান্ত লৈ গোটেই চহৰখন ৰক্ষা কৰিলে ।

মানুহবোৰ বহু দেৰিলৈকে আতংকত স্তব্ধ হৈ থাকিল। তেওঁলোকে ঘোচখোৰৰ কথা পাহৰি গ'ল। মানুহবোৰে সেই সংকটটোৰ পৰা মুক্ত হোৱাৰ আনন্দত অভিভূত হৈ থাকিল যাৰ কল্পনা তেওঁলোকক দিয়া হ'ল। সকলোৱে নিশ্চিত মৃত্যুৰ পৰা বাচি যোৱাৰ অনুভূতিত মূক হৈ আনন্দৰে ঘৰলৈ উভতিল। 

সেই সপ্তাহতে বেংকত চেক্ৰেটাৰী, ইঞ্জিনিয়াৰ, বিশেষজ্ঞ সকলোৰে পত্নীৰ নামত ভাল এমাউণ্ট একোটা সোমাল।