জীৱন বীমাৰ প'লিচি এখন মেচিউৰড্ হোৱাৰ দিনাই টকা পোন্ধৰ হেজাৰ খৰচ কৰি চহৰৰ 'পেট হাউচ'ৰপৰা লেব্ৰাড'ৰ এটা কিনি ঘৰলৈ আনিলোঁ। যোৱা কিছুদিন ধৰি আমাৰ ঘৰলৈ কুকুৰ এটা পুহিবলৈ আনিম নে নানিম তাকে লৈ তীব্ৰ বিতৰ্ক চলি আছিল, ঠিক 'দীনদয়াল উপাধ্যায়'ৰ নামেৰে কলেজ খুলিব লাগে নে নালাগে ধৰণৰ বিতৰ্ক।

'আমি মধ্যবিত্ত পৰিয়ালৰ মানুহে কুকুৰ পুহিলে কিবা ভাল নালাগিব দেখোন'- মই বুজাবলৈ চেষ্টা কৰোঁ।

'আজিকালি সকলোৰে ঘৰে ঘৰে কুকুৰ আছে। চোৰ-ডকাইতৰ পৰাও হাত সাৰিব পাৰিব নহয় কুকুৰ এটা ঘৰত থাকিলে' -সেয়া মোৰ সৰুজনী জীয়াৰী।

'আমাৰ লগৰ আটাইকেইজনীয়ে ৰাতিপুৱা ড'গকেইটাৰ লগত জ'গিং কৰে। আমিহে অকলে অকলে যাওঁ। ৰাস্তাবোৰ ইমান খালী থাকে। ভয়েই লাগে...ইফালে মোৰ এইম হ'ল জিৰো ফিগাৰ!' -হায়াৰ-ছেকেণ্ডাৰীত পঢ়া মোৰ ডাঙৰজনী জীয়াৰীৰ যুক্তি। 

ক'বলৈ মন যায় - 'কিমান আৰু জ'গিং কৰ? লেৰেলা জিকাটোৰ দৰে খীন হৈ কুঁজা পৰি আহিছ দেখোন। আৰু এই যে কৈ থাক -'জিৰো ফিগাৰ', মানে কি'। কিন্তু নোৱাৰোঁ। অৱশেষত শ্ৰীমতী আৰু ছোৱালী দুজনীৰ লগত যুক্তি-তৰ্কত হাৰ মানিলোঁ। 

কুকৰটোৰ অহাৰ পিছত ঘৰখনৰ পৰিৱেশেই সলনি হৈ গ'ল। এওঁলোকে কুকুৰটোৰ নামকৰণ কৰিলে-'টাইগাৰ', মাজে মাজে মৰমতে 'টাইগু' বুলিও মাতে। মই 'কুকুৰটো ক'ত গ'ল হে' বুলি চিঞৰিলে খং কৰে। মাক-জীয়েক তাৰ লগতে ব্যস্ত পুৱা-গধুলি। নতুনকৈ গজা দাঁতেৰে সিদিনা সি মোৰ জোতাযোৰ কামুৰি আধা নোহোৱা কৰি দিলে। অ'ফিচৰ বৰ'বাবুৰ জীয়েকৰ বিয়া বুলি হাজাৰ টকাৰে কিনা 'বাটা'ৰ জোতাযোৰ! খঙতে ইহঁতকে গালি পাৰিলোঁ কুকুৰটোক ভালকৈ বান্ধি নোথোৱা কাৰণে।

'ইছ্ বেচেৰাটোৱে নাজানি হে কামুৰিছে। আৰু তুমি টাইগুক মনেৰে বেয়া পোৱা। সিও জানে। তোমাক বেয়া পায় সেই বাবেই। আমাৰ ছেণ্ডেলবোৰতো নাকামোৰে'- শ্ৰীমতীয়ে কুকুৰটোৰ হৈ ওকালতি কৰে। এইবাৰ ফুটপাথৰ দোকানৰ পৰা আন এযোৰ আনিছোঁ। সস্তীয়া। অ'ফিচৰপৰা অহাৰ পিছত খুলি আলমাৰি এটাৰ ওপৰত থৈ দিও। পুৱা-সন্ধিয়া মল-মূত্ৰ ত্যাগ কৰাবলৈ তাক বাহিৰলৈ লৈ যায় ইহঁতে। কিন্তু ঘৰৰ ভিতৰতে কামফেৰা কৰিলে মইয়েই আগবাঢ়ি গৈ চাফা কৰিব লাগে।

শেষত ওচৰৰ চলিহাহঁতৰ পৰামৰ্শমতে মাহে পাঁচ হেজাৰ টকাত 'ডগ ট্ৰেইনাৰ' এজন ঠিক কৰা হ'ল। তেওঁ সপ্তাহত দুদিন ঘৰলৈ আহি 'টাইগাৰ'ক কেনেকৈ বহিব লাগে, হেণ্ডশ্বেক কৰিব লাগে, শুব লাগে, প্ৰকৃতিৰ আহ্বান গিৰিহঁতক কেনেকৈ বুজাব লাগে ইত্যাদিবোৰ শিকায়। লগতে তাক কেনেকৈ এটা 'ৱেল মেনাৰ্ড ডগ' কৰি তুলিব পাৰোঁ, সেই বিষয়ে আমাকো শিকায়। প্ৰতি বিশদিনৰ মূৰে মূৰে 'টাইগাৰ'ক চেক-আপ'ৰ কাৰণে চহৰৰ 'ভেটেৰিনেৰি চেন্টাৰ' এটালৈ নিব লাগে। ছোৱালীহঁতে সেই কামটো কৰি ভাল পায়।প্ৰতিবাৰে চেক-আপত পাঁচশৰ পৰা হাজাৰ টকালৈ দিব লাগে। সিদিনা চেক-আপলৈ নিয়াৰ আগতে ডাঙৰজনীয়ে ক'লে-'দেউতা, টাইগুক অ'টোৰে লৈ গ'লে গোটেই ৰাস্তা ভূকি ভূকি যায়। বেয়া পায়। চলিহা অংকলহঁতৰ 'টমি'ক গাড়ীৰে লৈ যোৱা দেখে টাইগুৱে। সেই বাবে চাগে ইয়াৰ খং! আমি কেতিয়ালৈ গাড়ী কিনিম বাৰু?'

খঙে মোৰ মূৰৰ চুলিৰ আগ পাইগৈ। সদ্যহতে সমস্যাটোৰ সমাধানৰ বাবে তাৰ চেক-আপৰ দিনা ওচৰৰে টেক্সি-ষ্টেণ্ডটোৰপৰা গাড়ী এখন ভাড়া কৰোঁ। এতিয়া গাড়ীৰ পিছৰ ছীটত বহি খিৰিকীৰে মূৰটো বাহিৰ কৰি জিভা উলিয়াই মহা আনন্দেৰে অহা-যোৱা কৰে সি।

নাজানোঁ কোনে শিকালে কিন্তু টাইগাৰে আজিকালি মাছ-মঙহ নহ'লে একোকেই মুখত নিদিয়ে। কিঞ্চিৎ পানী মিহলোৱা হ'লেও গাখীৰ নাখায়। আমাক গাখীৰ দিয়া ৰামু বাহাদুৰে দুখত সমভাগী হৈ  টাইগাৰৰ কাৰণে একেবাৰে পানী নঢলাকৈ গাখীৰ দিয়ে। সি মহাসুখে পান কৰে। 

দুদিনমান আগৰে পৰা তাৰ গা অসুখ। কিবা খালেই বমি কৰি দিয়ে। শ্ৰীমতীয়ে বজাৰৰপৰা লোকেল মাছ আনি খুৱালে, নাখায়। চিকেনৰ ডাঙৰ ঠেং দুটামান ফ্ৰাই কৰি দিলে, অলপ খায়েই উলিয়াই দিলে। লৈ গ'লোঁ ভেটেৰিনেৰি চেন্টাৰটোলৈ। তাত চাই ক'লে দুদিন ৰাখিব লাগিব চেন্টাৰটোতে। ভয় খাব নালাগে। ৰাতি কোনো থাকিব নালাগে, খোৱাবস্তুও ঘৰৰপৰা নিব নালাগে। সকলো দায়িত্ব তেওঁলোকৰ। মই ভালেই পালোঁ। শ্ৰীমতীহঁত দিনটো তাতেই বহি থাকে। ঘৰলৈ আহিও মাতবোল নকৰে। ডাঙৰজনী ছোৱালীৰ কান্দি কান্দি চকু-গাল ফুলি উঠিছে, ৰুমৰপৰা ওলোৱা নাই। টাইগাৰ'ৰ অসুখ বুলি শুনি খবৰ লোৱা মানুহেৰে ঘৰ ভৰি পৰিছে। এইকেইদিন ময়েই পাকঘৰত ব্যস্ত থাকিবলগীয়া হৈছে। খবৰ লোৱা মানুহক আপ্যায়ন কৰিবলৈ চিংৰা-জিলাপী আৰু ক'ল্ড ড্ৰিংকছ আনি থৈছোঁ। 

অলপ আগতে চেন্টাৰৰ এজনে ফোন কৰি কাইলৈ টাইগাৰক ৰিলিজ দিব বুলি জনালে। বিলৰ কথা সুধোতে আনুমানিক বিশহাজাৰমান হ'ব বুলি ক'লে। ঠিক তেতিয়াৰেপৰা মোৰ বুকুখনত বিষ, ঘামি আছোঁ। মোৰ হাই-প্ৰেছাৰ আছে। চিনাকি ডাক্তৰ এগৰাকীক ফোন কৰিলোঁ।

'লাষ্ট কেতিয়া চেক কৰিছিল প্ৰেছাৰ আদি?'- সুধিলে তেওঁ।

'বেছ কিছুদিন হ'ল চাগে। আজিকালি নিজৰ স্বাস্থ্যটোৰ কথা চিন্তা কৰিবলৈ পাহৰিলোঁৱে নহয়' - মই ক'লোঁ।

'ইছ, কাইলৈয়ে কৰিব গৈ চেক-আপ। নেগলেক্ট নকৰিব। এতিয়া টেবলেট এটাৰ নাম মেছেজত দি দিম, লৈ আনি খাব'। - তেওঁ টেবলেট এটাৰ নাম লিখি দিলে। 

ৰাতি দহমান বজাত শ্ৰীমতীয়ে আহি ক'লে-'হেৰা, বলাচোন এবাৰ চেন্টাৰলৈ যাওঁ, টাইগুক এবাৰ চাই আহোঁ'

'মোৰ গা'টো কিবা ভাল লগা নাই হে, বুকুখন বিষাই আছে। কুকুৰটো কাইলৈ দেখোন ঘৰলৈ আহিবই...'

'বাদ দিয়াচোন তোমাৰ বিষ। তাক এতিয়া এবাৰ নেদেখিলে আমাৰ ৰাতি টোপনি নাহিব...'

অ'টো এখন মাতিলোঁ। আটাইকেইজন অ'টোত বহিছে। মই গেটখনত তলাটো মাৰোঁ বুলি লওতেই সৰুজনীয়ে চিঞৰিলে-'দেউতা, বোৰ্ডখন তুলি থোৱা না, বতাহত পৰি গ'ল যেন পাওঁ।' মই মাটিত পৰি থকা ফলকখন তুলি গে'টত আঁৰি দিলোঁ। তাত ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছিল-'কুকুৰৰ পৰা সাৱধান'!